Breaking

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকাত ‘লেণ্ডমাৰ্ক ভিজিট’

0 3,039

জ’ বাইডেনে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দায়িত্ব লোৱাৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণ কাৰ্যসূচী। নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ পিছত দেওবাৰে নিজ দেশলৈ উভতি আহে। এই ভ্ৰমণকালত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় ৬৫ ঘন্টাত ২০ খন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্রহণ কৰে। নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতেও বিভিন্ন আন্তৰাষ্ট্ৰীয় বিষয়ত আলোচনাত মিলিত হয়। ইয়াৰ লগতে আমেৰিকান উপৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতেও বৈঠকত মিলিত হয়। ২৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন সহ দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ইয়াৰোপৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে গৰাকীয়ে কোৱাড সন্মিলনতো ভাগ লয়।

Leave A Reply