Home Blog Page 2821

ওদালগুৰি অসামৰিক চিকিৎসালয়ত ১৫খন বিচনাযুক্ত আইচিইউ সেৱা :মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ২৯ ছেপ্তেম্বৰত  ওদালগুৰি জিলাত বিভিন্ন চৰকাৰী আঁচনিৰ খতিয়ানৰ বুজ লয়।তেওঁ চৰকাৰী আঁচনিৰ বুজ লৈ কয় ওদালগুৰি অসামৰিক সিকিৎসালয়ত অতি শীঘ্ৰে  ১৫খন বিচনাযুক্ত আইচিইউ সেৱাৰ ব্যৱস্থা কৰা হব।চৰকাৰী ভ্ৰমণ কাৰ্যসূচীৰে ২৯ ছেপ্তেম্বৰত  ওদালগুৰিত উপস্থিত হৈ ৰাজ্যৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়েে  নিজৰ ভ্ৰমণ কালত  ওদালগুৰিৰ বিভিন্ন চৰকাৰী আঁচনিৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে এখন আদৰ্শ অংগনবাদী কেন্দ্ৰ উন্মোচন তথা জল জীৱন মিছন আঁচনি অন্তৰ্গত ঘৰে ঘৰে খোৱা পানী যোগান ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে ওদালগুৰি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ  নতুনকৈ নিৰ্মাণ কৰা আইচিইউ কক্ষ পৰিদৰ্শনৰ লগতে অক্সিজেন প্লান্ট পৰিদৰ্শন কৰি অতি কম ভিতৰত এই দুয়োটা সেৱা ৰাইজৰ বাবে মুকলি কৰা হব বুলি সাংবাদিকৰ আগত সদৰি কৰে। ইয়াৰপূৰ্বে তেওঁ ওদালগুৰিত জল জীৱন মিছন আঁচনিৰ দ্বাৰা ৰাইজ প্ৰকৃততে উপকৃত হৈছে নে তাৰ বুজ লবলৈ মনপুৰৰ কেবাজনো  লোকৰ ঘৰত সোমাই ঘৰৰ গৃহস্তৰ সৈতে কথা বাৰ্তাত মিলিত হোৱাৰ লগতে স্থানীয় বড়ো সম্প্ৰয়াদৰ লোকে নিজৰ ঘৰৰ চোলালত গঢ়ি তোলা সুন্দৰ ফুলৰ বাগিছাৰ মাজত ফুলৰ সুভাষ লোৱাৰ লগতে সুন্দৰ ফুলনি গঢ়ি তোলাৰ বাবে ঘৰৰ গৰাকীক ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে, পূৱা ১১টা বজাত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে কেবাটাও চৰকাৰী আঁচনিৰ কাম আৰু ভেকচিনেচন কেম্প পৰিদৰ্শনৰ কাৰ্যসূচীতৰ অংশ লোৱাৰ কথা আছিল যদিও আবেলি প্ৰায় তিনিটা বজাত ওদালগুৰিত উপস্থিত হোৱাত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে অনুষ্ঠিত হব লগীয়া উন্নয়নৰ খতিয়ান সম্পৰ্কীয় সভা বাতিল হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে ইয়াৰ মাজতেই মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ওদালগুৰিৰ জিলা উপায়ুক্ত ডঃ পি উদয় প্ৰবীণক লগত লৈ ওদালগুৰিৰ বিভিন্ন চৰকাৰী আঁচনিৰ কাম পৰিদৰ্শনৰ লগতে বিদ্যালয়, ভেকচিনেচন চেন্টাৰ, স্বাস্থ্য কেন্দ্ৰ সমূহ পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰে।

বঙাইগাঁৱত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ বৈঠক

কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ পাৰিষদসকলে শপত গ্ৰহণ কৰাৰ পিছত বুধবাৰে বিয়লিৰ ভাগত পৰিষদৰ এখন অনানুষ্ঠানিক বৈঠক অনুষ্ঠিত হয় ৷ বঙাইগাঁও আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত বিশেষকৈ প্ৰথম পৰ্যায়ত কি কি কাম কৰিব সেই বিষয়লৈ আলোচনা কৰে ৷ লগতে আন কিছুমান বিষয়টো প্ৰস্তাৱ লয় ৷ পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত উপাধ্যক্ষ সুকেন ৰায়,  মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনৰ লগতে আন ন গৰাকী কাৰ্যবাহী পাৰিষদ অতুল ৰায়, কৰ্মেশ্বৰ ৰায়, জীৱেশ ৰায়,  প্ৰদীপ কুমাৰ ৰায়,  সুধীৰ চন্দ্ৰ ৰায় , গোলাপ পাঠক, হিমু ৰাজবংশী, কাৰ্তিক ৰায়, পূৰবী সৰকাৰ উপস্থিত থাকে ৷ ইপিনে বৈঠকৰ পিছত আয়োজিত সংবাদ মেলত পৰিষৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে কয় যে আমি যদিওবা বৰ্তমানলৈকে চৰকাৰীভাৱে বিষয়বাব পোৱা নাই তথাপিতো অনানুষ্ঠিকভাৱে হলেও বৈঠক অনুষ্ঠিত কৰিছো ৷ বৈঠকত মূলত আমাৰ বিভিন্ন দাবীসমূহৰ লগতে আমি প্ৰথম পৰ্যায়ত কি কি কাম কৰিম , বৰ্তমান পৰিষদৰ অস্থায়ী কাৰ্যালয় স্থাপন আদি বিষয়সমূহৰ ওপৰত আলোচনা কৰা হয় ৷ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়া মতে পৰিষদৰ কাম – কাজ চলাই নিয়াৰ বাবে যিহেতু কাৰ্যালয়ৰ প্ৰয়োজন সেয়ে সদ্যহতে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰাৰ অসম চৰকাৰৰ পৰ্যটন বিভাগৰ প্ৰশান্তি ল’জটোক কিছু উন্নত কৰি অস্থায়ী কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰিবলৈ আলোচনাত প্ৰস্তাৱ লোৱা হয় ৷ দ্বিতীয়তে আক্ৰাছুই যিহেতু পৃথক কমতাপুৰ ৰাজ্য বিছাৰিছো আৰু ইয়াৰ মান্যকা প্ৰদান কৰি অসম চৰকাৰে ইতিমধ্যে কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ প্ৰদান কৰিলে, গতিকে এই কমতাপুৰ আন্দোলনৰ সময়ত যিসকল ছহিদ হৈছিল সেই ছহিদসকলৰ পৰিয়ালৰ ঘৰে ঘৰে গৈ সমবেদনা জনাম ৷ লগতে ৰাজ্য চৰকাৰে ছহিদৰ পৰিয়ালক ইতিমধ্যে ঘোষণা কৰা পাঁচ লাখকৈ টকাৰ আৰ্থিক সাহাৰ্য নবেম্বৰত চেকযোগে প্ৰদান কৰিব ৷ আনহাতে কে এ চিৰ অন্তৰ্গত চাৰিখন জিলাত যথেষ্ট জনসংখ্যা আছে আৰু কোচ ৰাজবংশী লোকো বহু আছে ৷ সেয়ে জনসংখ্যাৰ প্ৰতিলক্ষ্য ৰাখি যিহেতু বাজেট নিৰ্দ্ধাৰণ হ’ব সেয়ে ২০২১ চনৰ বাজেট হিচাপে আমি ৫০০ কোটি টকা অসম চৰকাৰৰ ওচৰত দাবী জনাম ৷ কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৰজা নৰনাৰায়ণ আৰু বীৰ চিলাৰ যি আদৰ্শ সেই আদৰ্শক আমি গুৰুত্বসহকাৰে লৈছো আৰু কে এ চিৰ বিষববীয়াসকলে আমিনগাঁৱত সংকল্প লৈছো যে আমি জাতিটোক একত্ৰিত কৰিম আৰু ঐক্যতাৰে আগবাঢ়িম ৷ তাৰ কাৰণে আমি অতিশীঘ্ৰে বঙাইগাঁৱত যিমান কোচ ৰাজবংশী দল- সংগঠন আছে সেই সংগঠনসমূহৰ লগতে বিভিন্ন সংগঠনৰ প্ৰাক্তন ব্যক্তিসকলক মাতিম ৷ কোচ ৰাজবংশী জনগোষ্ঠী একত্ৰিত হওক আৰু জনজাতিকৰণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো যাতে সকলোৱে মিলি জুলি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি আলোচনা বিলোচনাৰ জৰিয়তে শীঘ্ৰে আনিব পাৰো তথা আক্ৰাছুক যাতে  একত্ৰিত কৰিব পাৰো তাৰ বাবেও সিদ্ধান্ত লৈছো ৷ ইপিনে অসম চৰকাৰে যি এক লাখ শিক্ষিত নিবনুৱাক এইবাৰ নিযুক্তি প্ৰদানৰ ঘোষণা কৰিছে, তাৰ ভিতৰত দহ হাজাৰ শিক্ষিত কোচ ৰাজবংশী যুৱক – যুৱতীক নিযুক্তি দিবলৈ কে এ চি ৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক আহ্বান জনাব বুলি কয় ৷ সেই দৰে ভূমিৰ অধিকাৰ সন্দৰ্ভত কয় যে মূল বিষয়ে হ’ল আমাৰ ভূমি ৷ ভূমিকলৈ ইতিমধ্যে আলোচনা হৈছে আৰু সেই কাৰণে পৰিষদৰ নাম কমতাপুৰ হৈছে ৷ পৰিষদক এতিয়াও ভূমি আৰু ৰাজহ বিভাগ দিয়া নাই ৷

কিন্তু অতিশীঘ্ৰে আমাক এই ভূমি আৰু ৰাজহ বিভাগটো লাগিব ৷ এই সন্দৰ্ভত আমি মুখ্যমন্ত্ৰীক আহ্বান জনাইছো ৷ কাৰণ  কে এ চি ত কিছু প্ৰব্ৰজনকাৰী আহিছে ,সেয়ে ভূমিখিনি কি দৰে সুৰক্ষিত কৰিব পাৰি সেই বিষয়টো জড়িত হৈ আছে ৷ ইপিনে কে এ চি ৰ সীমা নিৰ্দ্ধাৰণ সন্দৰ্ভত অধ্যক্ষগৰাকীয়ে কয় যে কে এ চি  আৰু বি টি আৰ সীমামূৰীয়া ৷ সেয়ে এই  সীমামূৰীয়া অঞ্চলসমূহৰ যি সমূহ কোচ ৰাজবংশী অধ্যুষিত অঞ্চল আছে সেই অঞ্চলসমূহ বি টি আৰ এক্টমতে অন্তৰ্ভূক্ত কৰিব পৰা যায় এই সন্দৰ্ভটো আমি মুখ্যমন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিম ৷ ইতিমধ্যে সেই অঞ্চলসমূহ জৰিপ কৰা হৈছে আৰু অঞ্চলসমূহ যাতে ৰে এ চিত অন্তৰ্ভূক্ত কৰিব পৰা যায় তাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনাম ৷ আনহাতে কে এ চি ৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ বাবে ইতিমধ্যে নাম প্ৰস্তাৱ কৰি বঙাইগাঁও জিলাৰ উপায়ুক্তৰ ওচৰত দাখিল কৰা বুলি কৈ সোনকালে নিযুক্ত প্ৰদান কৰাৰ বাবেও আহ্বান জনায় ৷  ইপিনে সংবাদ মেলত কে এ চিৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনে কয় যে আমি শপত গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে অধ্যক্ষ ,উপাধ্যক্ষ আৰু কাৰ্যবাহী পাৰিষদসকলক লৈ এখন বৈঠক অনুষ্ঠিত কৰিছো ৷ বৈঠকৰ জৰিয়তে অনাগত দিনত কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যালয় আৰু কিদৰে আমি পৰিষদখনক এক নতুন ৰূপত সজাই পৰাই বিকাশ সাধন কৰিব পাৰো সেই বিষয়লৈ আলোচনা কৰিছো ৷ বৈঠকত উত্তৰ শালমাৰাৰ প্ৰশান্তি ল’জত অস্থায়ী ৰূপত কে  এ চিৰ কাৰ্যালয়ৰ স্থাপন কৰি কাম – কাজ চলাই নিয়াৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছো ৷ কিন্তু পৰৱৰ্তী সময়ত জনগোষ্ঠীটোৰ সংগঠন, বুদ্ধিজীৱিৰ সৈতে আলোচনা কৰি স্থায়ী কাৰ্যালয়ৰ স্থান নিৰ্দ্ধাৰণ কৰিম ৷ আনহাতে আক্ৰাছুৰ আন্দোলনৰ সময়ত যিসকল ছহিদ হৈছিল সেই ছহিদ পৰিয়ালক ৰাজ্য চৰকাৰৰ তদানীন্তন বিত্তমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই পাঁচ লাখকৈ টকা আৰু এটা চৰকাৰী চাকৰি প্ৰদানৰ যি প্ৰতিশ্ৰুতি দিছিল ,সেই প্ৰতিশ্ৰুতি হিচাপে প্ৰথম পৰ্যায়ত অহা নবেম্বৰ মাহত বঙাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া অসম চৰকাৰৰ কেবিনেট বৈঠকতৰ দিনা মুখ্যমন্ত্ৰীয়ে ছদিহ পৰিয়ালক আৰ্থিক অনুদান প্ৰদান কৰিব ৷ বাকী চাকৰি প্ৰদানৰ প্ৰক্ৰিয়াটো চলি থাকিব ৷ এয়া জনগোষ্ঠীটোৰ কাৰণে সু খবৰ ৷ মুখ্য পাৰিষদগৰাকীয়ে সংবাদ মেলত সদৰি কৰা মতে কে  এ চিৰ বাবে কাৰ্যালয়ৰ ষ্টাফ ল’বলগীয়া আছে ,সেই সন্দৰ্ভত ইতিমধ্যে আমি বিভাগীয় মন্ত্ৰীৰ সৈতে যোগাযোগ কৰিছো আৰু বিভাগীয় মন্ত্ৰীয়ে জিলা উপায়ুক্তলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷ সোনকালে কাৰ্যালয়ৰ ষ্টাফ লাভ কৰিম ৷ ইয়াৰ পৰৰ্তী পৰ্যায়ত গাঁও নিৰ্ধাৰণ, সামা নিৰ্ধাৰণ আদি কাম কাজসমূহ আমি আগবঢ়াই লৈ যাম৷ সেয়ে কে এ চিৰ অন্তৰ্গত ৰাইজক পৰিষদখন শক্তিশালী ৰূপত গঢ়ি তুলি সকলোৰে বিকাশ সাধন কৰাৰ সুযোগ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ ইপিনে জনজাতিকৰণ সন্দৰ্ভত সাংবাদিকে সোধাত মুখ্য কাৰ্যবাহী পাৰিষদগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা সভাত কৈ গৈছিল যে জনজাতিকৰণৰ নব্বৈ শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ দহ শতাংশ কাম বাকী আছে আৰু সেই দহ শতাংশ কাম আমাৰ ওপৰতহে আছে ৷চৰকাৰৰ ওপৰত নাই ৷ সকলোৱে জানে যে কোচ ৰাজবংশী শংগঠনসমূহ বহুধা বিভক্ত হৈ আছে ৷ যিদিনা সংগঠনসমূহ একেখন মঞ্চত ঠিয় হ’ব তেতিয়াই অসম চৰকাৰৰ ফালৰ পৰা জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত এখন পকেটৰ পৰা ওলাই এখন পকেটত জনজাতিকৰণ কৰিব ৷ সকলোৰে লক্ষ্য যিহেতু একেটা ,সেয়ে পৰিষদৰ তৰফৰ পৰা বহুধা বিভক্ত সংগঠনসমূহ একত্ৰিত হৈ চৰকাৰৰ ওচৰত যোৱাৰ লগে লগে জনজাতিকৰণ লাভ কৰাটো নিশ্চিত ৷ সকলো একত্ৰিত হোৱাৰ পিছত বৰ্তমান মু্খ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা থকাৰ কাৰণে কোচ ৰাজবংশীসকলে আৰু চিন্তা কৰিবলগীয়া একো নাই ৷ 

ভাৰতে পাকিস্তানত সন্ত্ৰাসবাদ বিৰোধী অনুশীলনত অংশগ্ৰহণ কৰিব, এই এছচিঅ’ৰ সদস্য দেশসমূহেও অংশগ্ৰহণ কৰিব

ভাৰতে ৩ অক্টোবৰৰ পৰা পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া ছাংহাই সহযোগিতা সংস্থাৰ সন্ত্ৰাসবাদ বিৰোধী অনুশীলনতো অংশগ্ৰহণ কৰিব। ভাৰতৰ তিনিজনীয়া এটা দলে এই অনুশীলনত অংশগ্ৰহণ কৰিবলৈ পাকিস্তান ভ্ৰমণ কৰিব। পাকিস্তানৰ নওচেৰা জিলাৰ পুব্বিত ৩ অক্টোবৰৰ পৰা এছচিঅ’ আঞ্চলিক সন্ত্ৰাসবাদ বিৰোধী গাঁথনি (আৰটিএছ)ৰ নেতৃত্বত সন্ত্ৰাসবাদ বিৰোধী অনুশীলন অনুষ্ঠিত কৰা হৈছে। এই অনুশীলনৰ উদ্দেশ্য হৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এছচিঅ’ৰ সদস্য দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা। আনহাতে, ভাৰত চৰকাৰে বিশ্বাস কৰে যে এই অনুশীলনত ইয়াৰ অংশগ্ৰহণে পাকিস্তানৰ বিৰুদ্ধে সীমান্তপাৰ সন্ত্ৰাস ৰক্ষা কৰাৰ দাবীদুৰ্বল নকৰিব।ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদ সচিবালয়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰিব ।
ইংৰাজী বাতৰি কাকত দ্য টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, ভাৰত হৈছে এই অনুশীলনত অংশগ্ৰহণ নিশ্চিত কৰা অন্তিম খন দেশ আৰু ইয়াক ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদ সচিবালয়ৰ বিষয়াসকলে প্ৰতিনিধিত্ব কৰিব। এই মাহৰ আৰম্ভণিতে, প্ৰতিৰক্ষা কৰ্মচাৰীপ্ৰধান জেনেৰেল বিপিন ৰাৱাটে অৰেনবাৰ্গ অঞ্চলত বহুৰাষ্ট্ৰৰ সন্ত্ৰাসবাদ বিৰোধী অনুশীলন চাবলৈ ৰাছিয়া ভ্ৰমণ কৰিছিল। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছাংহাই সহযোগিতা সংস্থা (এছচিঅ’) সন্মিলনত ভাষণ দি উগ্ৰবাদ আৰু উগ্ৰবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবেও আহ্বান জনায়।অনুশীলনটো মাৰ্চত ঘোষণা কৰা হৈছিল । ইংৰাজী বাতৰি কাকত টাইমছ অৱ ইণ্ডিয়াৰ মতে, এই বছৰৰ মাৰ্চ মাহত তাচখন্দত এআৰটিএছৰ বৈঠকৰ পিছত এই অনুশীলনৰ কথা ঘোষণা কৰা হৈছিল। এছ.চি.ও. প্ৰটোকলৰ অধীনত, পাকিস্তানে ভাৰতকে ধৰি সকলো সদস্য দেশক এই অনুশীলনৰ বাবে আমন্ত্ৰণ জনাইছিল। অনুশীলনটোত সৈনিকজড়িত নহয় আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপক পুঁজি যোগান ধৰা চেনেলবোৰ চিনাক্ত আৰু প্ৰতিৰোধ কৰাৰ লক্ষ্য আছে।ছাংহাই সহযোগিতা সংস্থাৰ (এছচিঅ’) ভিতৰত আছে চীন, ৰাছিয়া, কাজাখস্তান, কিৰগিজস্তান, তাজিকিস্তান, উজবেকিস্তান, ভাৰত আৰু পাকিস্তান। সংগঠনটোৰ লক্ষ্য হৈছে জাতিগত আৰু ধৰ্মীয় উগ্ৰবাদৰ মোকাবিলা কৰা আৰু বাণিজ্যিক বিনিয়োগ বৃদ্ধি কৰা। এক প্ৰকাৰে, এছচিঅ’ আছিল ৰাছিয়া আৰু চীনৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধ্যুষিত নাটোৰ প্ৰতি সঁহাৰি।

বেৰেংগাবাৰীত ৰাষ্ট্ৰীয় পোচন অভিযান কাৰ্যসূচী ৰূপায়ণ

 বাক্সা জিলাৰ অন্তৰ্গত গোবৰৰ্ধনা আই, চি,ডি,এছ ৰ অধীনত বেৰেংগাবাৰীত ৰাষ্ট্ৰীয় পোচন অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই পোষণ অভিযান উপলক্ষে শিশু মংগল দিৱস শীৰ্ষক কাৰ্যসূচী ও অনুষ্ঠিত কৰা হয়  । বেৰেংগাবাৰী আংগনৱাড়ী কৰ্মী সকলে অনুষ্ঠিত কৰা এই পোষণ অভিযান কাৰ্যসূচীত অংশগ্ৰহণ কৰে আংগনৱাড়ী চুপাৰভাইচৰ ৰমনী প্ৰভা ডেকা । উক্ত অনুষ্ঠানত বক্তা হিচাপে উপস্থিত থাকে শিক্ষক শ্যামল পাল, নিৰ্মলা চৌধুৰী,   এন আই টি আই- এ ডি টি প্ৰজেক্টৰ অনুপ চৌধুৰী।  ভাষণ প্ৰসংগত বক্তা সকলে ৰাষ্ট্ৰীয় পোষণ মাহ বিষয় সন্দৰ্ভত আলোকপাত কৰে ।

বিশ্বনাথ জিলাত উপস্থিত মুখ্যমন্ত্ৰী, কেইবাটাও গুৰুত্বপুৰ্ণ বিষয় ঘোষণা

প্ৰথমে মুখ্যমন্ত্ৰী গৰাকীয়ে হেলিকপ্তাৰ যোগে বিহালী মহাবিদ্যালয় অস্থায়ী হেলীপেডত অবতৰণ কৰি বিধায়ক ৰঞ্জিত দত্তৰ ঘৰত পুৱাৰ আহাৰ গ্ৰহন কৰে৷ইয়াৰ পিছত বিহালীৰ বৰবীল চাহ বাগিচাৰ যি শ্ৰী শ্ৰী জাগ্ৰত কালি মন্দিৰত উপস্থিত হ’ব৷ ।এই কালি মন্দিৰত উপস্হিত হৈ আশীষ গ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে বিহালী সমষ্টিৰ অন্তৰ্গত চিলাহৰণ প্ৰাথমিক বিদ্যালয় উপস্হিত হৈ শিশু সকলৰ খাদ্য বিতৰণ কৰাৰ লগতে পাঠ দানতো অংশ লয় । ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে শ্ৰী শ্ৰী গাংমৌথানত   আৰ্শীষ গ্ৰহন কৰাৰ লগতে থানখনত অসম দৰ্শন আঁচনিৰ অধিনত চলি থকা নিৰ্মান কাৰ্যৰ বুজ লৈ গাংমৌ থানত এখন সম্বৰ্ধনা সভাত অংশ গ্ৰহন কৰি পুনৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিহালী সমষ্টিৰ ৰাংছালী চেণ্টাৰত সদৌ ৰাংছালী আৰ্থসামাজিক উন্নয়ণ সমিতিয়ে আদৰণি  জনৈৱাৰ পিছত  বটিয়ামাৰিৰ ব্ৰহ্মপুৰ  গড়াখহনীয়া অঞ্চলৰ পৰিৰ্দশন কৰি ভানু ৰংগমঞ্চত ৰাজহোৱা সভাত অংশ লয় কয় যে (এম ডি ৰোড )মোনাবাৰীৰ  পৰা বৰঙাবাৰী পথটি  ছহীদ কনকলতা বৰুৱা নামত ঘোষণা কৰে। তদুপৰি ভানু ৰঙ্গমঞ্চলৈ ১০ লাখ ;বটিয়ামাৰীৰ শৈশিক দিশ উত্তোৰণৰ ক্ষেত্ৰত এখন হাইস্কুলৰো ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।তাৰ পিছতে মুখ্য মন্ত্ৰী গৰাকীয়ে পোনে পোনে যাব গহপুৰত।গহপুৰত মুঠ পাঁচটা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।

১/ছিগনেচাৰ আঁচনিৰ অধীনত নিৰ্মীয়মান অৱস্থাত থকা গহপুৰৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ঘাঁহিগাঁও ষ্টেডিয়ামৰ কামৰ অগ্ৰগতিৰ বুজ ল’ব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।
২/ছিগনেচাৰ আঁচনিৰ জৰিয়তে ইতিমধ্যে নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা ঘাঁহিগাঁও চাৰিআলিৰ পৰা দক্ষিণলৈ সোমাই যোৱা ছহিদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি গড়কাপ্তানি পথৰ আনুষ্ঠানিকভাৱে দ্বাৰ মুকলি কৰিব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।
৩/ইয়াৰ পিছত ঘাঁহিগাঁৱস্থিত হেলেম সাহাৰ্য্যপ্ৰাপ্ত চিকিৎসালয়খন পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
৪/যাত্ৰাপথত তেওঁ বৰঙাবাৰীস্থিত ছহিদ কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলী অৰ্পণ কৰিব।
৫/অন্তিমটো কাৰ্য্যসূচী অনুসৰি ডিপৰাস্থিত শ্ৰীশ্ৰী মা কল্যানী দেৱালয়ত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সেৱা আগবঢ়োৱাৰ লগতে নিৰ্মীয়মান কামৰ অগ্ৰগতিৰ বুজ ল’ব।ইয়াৰ পিছতে তেওঁ ডিপৰাৰ অস্থায়ী হেলিপেডৰ পৰা ধেমাজিলৈ উৰা মাৰিব।
মুখ্যমন্ত্ৰী হোৱাৰ পিছত প্ৰথমবাৰলৈ গহপুৰলৈ আহিবলগীয়া ড: হিমন্ত বিশ্ব শৰ্মাৰ আগমনক লৈ উৎফুল্লিত হৈ পৰিছে গহপুৰ বাসী।সকলো কাৰ্য্যসূচীতে গহপুৰ বাসী ৰাইজৰ আন্তৰিক সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ লগতে বিশ্বনাথ জিলা বিজেপিৰ সাধাৰণ সম্পাদক নোমল বৰুৱা আৰু হেলেম মণ্ডল বিজেপিৰ সভাপতি নিৰণ হাজৰিকাই। বিজেপিৰ সাধাৰণ  সম্পাদক কিশোৰ উপাধ্যায় আদিয়ে অংশ লয় ।

দালালৰ ঘেৰাটোপৰ মাজত বন্দী হৈ পৰিছে ঐতিহাসিক মহামায়া মন্দিৰ

ঐতিহাসিক ২০০ বছৰৰ পুৰণি গৌৰীপুৰ ৰাজপৰিয়ালৰ মা মহামায়া মন্দিৰ বৰ্তমান ৰাজপৰিয়ালৰ অংশীদাৰৰ মাজত খোৱা কামোৰাৰ বাবে মন্দিৰত একপ্রকাৰ একপ্রকাৰ বন্দী হৈ পৰিছে একপ্রকাৰ মা মহামায়া দেবী। যাৰ বাবে ভক্ত সকলৰ মাজত তীব্র ক্ষো ভৰ সৃষ্টি হৈছে। ভক্ত সকল ৰ অভিযোগ  ঐতিহাসিক  পুৰণি  মন্দিৰটো একমাত্র অৰ্থ ৰ লোভে ৰাজপৰিয়ালৰ একাংশৰ বাবে মন্ডলে মন্দিৰৰ মাটি বিক্রি কৰাৰ চেষ্টা কৰিছে আৰু চাৰিওফালে বেৰ লগাই প্ৰবেশ পথ বন্ধ কৰি দিয়াত এতিয়া ৰাজবাৰি ৰ পৰা মন্দিৰলৈ অহা প্ৰবেশ পথ বন্ধ হৈ পৰিল। উক্ত মন্দিৰ কমিটিৰ সভাপতি জিলা উপায়ুক্ত আৰু সম্পাদক প্ৰবীৰ বৰুৱা।ভক্ত সকল ৰ অভিযোগ পুৰনি মন্দির টো মেৰামতি হোৱা নাই,। পোহৰৰ ব্যাবস্তা নাই। বিভিন্ন সমষ্যাত ভুগিছে মন্দিৰটোত সন্ধ্যা আৰতি বন্ধ হৈ পৰিছে। অসম দৰ্শন ৰ কোন আচনীৰ টকা ঢুকি পোৱা নাই। মন্দিৰৰ চাৰিওফালে বহু মাটি বেদখল হৈ পৰিছে। 


 

ইপিনে ৰাজবাৰি মাটি কেলেঙ্কাৰিৰ প্ৰতিবাদ আজিও অব্যা হত আছে। 
যোৱা ২৬ চেপ্তেম্বৰ  তাৰিখ ত  লাট   মন্ডল মাপ জোখ আৰম্ভ কৰাত কাৰোবাক একো নজনাকৈ। 
ৰাজবাৰি সংলগ্ন মা মহামায়া মন্দিৰ, ৰামকৃষ্ণ সাৰদা সংঘ, আৰু ৰাজবাৰি অহা যোৱা বাট বেলেগ নম্বৰ দাগ দি বন্ধ কৰি দিয়াত স্হানীয় ৰাইজ তীব্র প্রতিবাদ কৰে লাট মন্ডলৰ ওচৰত। মন্ডলৰ বক্তব্য ৰাজপৰিয়ালৰ অংশীদাৰৰ নিৰ্দেশ ত তেও কাম কৰিছে। 
 ইতিমধ্যে এই সম্পর্কে জিলা উপায়ুক্ত ক এই সম্পর্কে অবগত কৰা হৈছে।ৰাইজ ৰ অভিযোগ ৰাজবাৰি ৰ অহা যোৱা কৰা ৰাস্তা, মা মহামায়া মন্দিৰ ৰ আৰু ৰামকৃষ্ণ সাৰদা সংঘৰ ৰাস্তা বন্ধ কৰি দিয়া ঘটনা ৰ। উচিত তদন্ত ৰ দাবি জনাইছে ৰাইজ।দখল বেদখলৰ মাজেদি সংকুচিত হৈ অহা ৰাজ পৰিয়ালৰ মাটি এই সম্পর্কে গৌৰীপুৰ ৰাজপৰিয়ালৰ ৰাজকন্যা মৌসুমী বৰুৱা ৰয় ।

এসময়ত গৌৰীপুৰ ৰাজপৰিয়ালৰ ৩৫ একৰ বিঘা মাটি আছিল। আজি বহিৰাগত একাংশ লোকৰ বাবে আজি নিশ্চিহ্ন হোৱা ৰ পথত। যি সময়ত ঐতিহাসিক কৃতচিহ্ন মঠ, মন্দির ৰ সংৰক্ষণ ৰ বাবে চৰকাৰে বিভিন্ন আপনি লৈছে তেনে সময়ত চৰকাৰে গৌৰীপুৰৰ ৰাজবাৰি ৰ ক্ষাৰ বাবে পদক্ষেপ লব  লাগে। 

3.5 ঘণ্টাৰ যাত্ৰা 15 মিনিটত সম্পূৰ্ণ হ’ব জোজিলা টানেলত

জম্মু-কাশ্মীৰ আৰু লাডাখৰ মাজত জোজিলা সুৰংগ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ (লোকসভা নিৰ্বাচনৰ পূৰ্বে সম্পূৰ্ণ হ’ব আৰু ইমান উচ্চতাত নিৰ্মাণ হ’বলগীয়া এছিয়াৰ আটাইতকৈ দীঘল সুৰংগ হ’ব। সুৰংগটো নিৰ্মাণ কৰাৰ পিছত, শ্ৰীনগৰ আৰু লাডাখৰ মাজত সংযোগ 12 মাহৰ বাবে থাকিব, যি প্ৰচণ্ড তুষাৰপাতৰ বাবে 6 মাহৰ বাবে বন্ধ থাকে। ইয়াৰ সৈতে, জোজিলা পাছ পাৰ হ’বলৈ চাৰে 3 ঘণ্টাৰ যাত্ৰা মাত্ৰ 15 মিনিটত সম্পূৰ্ণ হ’ব।এই মুহূৰ্তত শ্ৰীনগৰ আৰু লেহ লাডাখৰ মাজত সংযোগৰ বাবে জোজিলা পাছৰ ওচৰত মাত্ৰ এটা পথ আছে, কিন্তু এই পথটো গোটেই বছৰটো খোলা নাই। শীতকালত তুষাৰপাতৰ ফলত শ্ৰীনগৰ আৰু লেহ লাডাখৰ মাজত সংযোগ ৫ৰ পৰা ৬ মাহৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ যায়। সেয়েহে জোজিলা সুৰংগ (জোজিলা টানেল) শীতকালতো শ্ৰীনগৰ আৰু লেহ লাডাখৰ মাজত সংযোগ বজাই ৰাখিব। একে সময়তে, দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ’ল শ্ৰীনগৰ আৰু লেহৰ মাজৰ দূৰত্ব কেৱল হ্ৰাস কৰাই নহয়, লগতে 3 ঘণ্টা কম সময় লাগিব। শ্ৰীনগৰ আৰু লেহৰ মাজত ১ নং ৰাষ্ট্ৰীয় ঘাইপথত জোজিলা সুৰংগ নিৰ্মাণ কাৰ্য চলি আছে। ই পাকিস্তান আৰু চীন সীমান্তলৈ সেনা আৰু প্ৰতিৰক্ষা সামগ্ৰীৰ চলাচলসহজ কৰিব। এইকাৰণেই কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে এই সুৰংগনিৰ্মাণ সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।জোজিলা সুৰংগ (জোজিলা সুৰংগ) নিৰ্মাণৰ বাবে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। সুৰংগটোত তাপ চিনাক্তকৰণ প্ৰণালী, চিচিটিভি, এলইডি স্ক্ৰীণ আৰু পোহৰ থাকিব। যদি সুৰংগটোৰ মাজত এখন গাড়ীত জুই লাগে, আধুনিক তাপ চিনাক্তকৰণ প্ৰণালীয়ে নিজকে চিনাক্ত কৰিব আৰু তাৰ পিছত জৰুৰীকালীন সঁহাৰি দলে বাহনখন উদ্ধাৰ কৰিব। হিমালয় পৰ্বতমালাত ইমান উচ্চতাত এনে সুৰংগ নিৰ্মাণ কৰাটো এটা অতি প্ৰত্যাহ্বানমূলক কাম আছিল। কেইবাখনো দেশ অধ্যয়ন কৰাৰ পিছত এই কৌশলটো বাছনি কৰা হৈছিল। এইটো চুইডেন, চুইজাৰলেণ্ড, নৰৱে আৰু বহুতো দেশৰ প্ৰযুক্তি অধ্যয়ন কৰি কৰা হৈছে ।

নাজিৰাত “প্ৰতিখন ঘৰ পুষ্টিৰ প্ৰয়োভৰ” শীৰ্ষক পোষণ সজাগতা সভা

 নাজিৰা মহকুমা অন্তৰ্গত ৰজাপুল ৰঙ্গমঞ্চত  নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত ২৮ ছেপ্টেম্বৰত “প্ৰতিখন ঘৰ পুষ্টিৰ প্ৰয়োভৰ” শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত কৰা হয়। পোষণ অভিযানৰ এই সজাগতা সভাৰ লগত সংগতি ৰাখি “আমাৰ খাদ্য আমাৰ স্বাস্থ্য” শীৰ্ষক এখনি খাদ্য মেলাৰো আয়োজন কৰা হয়। পোষণ অভিযানৰ সজাগতা সভাৰ আৰম্ভণিতে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে  বন্তি প্ৰজ্বলন কৰে আৰু তাৰ পিছতে গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃ সকলক উদ্দেশ্যি অঙ্গনবাদী কৰ্মী সকলে বিয়ানাম পৰিবেশন কৰে।শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰিনু বড়াই  সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি শিশুৰ লগতে মাতৃ সকলে কেনে ধৰণৰ পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা উচিত সেই বিষয়ে সকলোকে অৱগত কৰায়। নিজৰ ভাষণত মহকুমাধিপতি সব্যসাচী  কাশ্যপে সমাজ কল্যাণ বিভাগৰ পোষণ অভিযানৰ এই প্ৰচেষ্টাক শলাগ যাচে। তেখেতে কয় যে, “পোষণ অবিৰত ভাৱে চলি থকা এক যাত্ৰা । পুষ্টিকৰ খাদ্যৰ বিষয়ে জ্ঞান কেৱল মাতৃ সকলৰ থাকিলেই নহব, ঘৰৰ মূৰব্বী জনেও এই বিষয়ে জনাটো অত্যন্ত প্ৰয়োজনীয় ।” পোষণ অভিযানক এক গণ-আন্দোলন ৰূপে দাঙি ধৰিবলৈ তেখেতে সংশ্লিষ্ট সকলো ব্যক্তিকে আহ্বান জনায় । নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে মুখ্য অতিথি ৰূপে আসন গ্ৰহণ কৰা এই সজাগতা সভাৰ নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে তথ্য ও জনসংযোগ বিষয়া  ড° বৰ্ণালী দত্ত, চিনি স্বেচ্ছাসেৱী জিলা সমন্বয়ক আমান উল্লাহ আহমেদ, ফুলনীবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হেমপ্ৰভা সন্দিকৈ। লগতে সমল ব্যক্তি ৰূপে উপস্থিত থাকে জিলা শিশু কল্যাণ সমিতিৰ  অধ্যক্ষা তথা পুষ্টি বিশেষজ্ঞা  দীপালী স্বৰ্গীয়াৰী আৰু স্বাস্থ্য  বিভাগৰ খণ্ড সামূহিক আহ্বায়ক মৃদুপৱন পাত্ৰ। এই সজাগতা সভাখনৰ সাংস্কৃতিক কাৰ্যসূচী স্বৰূপে বিহু নৃত্য প্ৰদৰ্শন কৰে তৃষ্ণা শইকীয়া আৰু সংগী বৃন্দই, বিয়া নাম সুৰমাই হাতীমূৰিয়া আৰু সংগী বৃন্দই আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰে লক্ষ্মী চাওৰা আৰু সংগী বৃন্দই। শিশু উন্নয়ন প্ৰকল্পৰ পৰ্যৱেক্ষিকা নীলাক্ষী বৰুৱাই আঁত ধৰা এই সজাগতা সভাত পোষণ সমন্বয়ক অভিনৱ গগৈও  উপস্থিত থাকে ।

জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাৰ স্থান ল’ব ফুমিও কিছিদাই

জাপানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী ফুমিও কিছিদাই বুধবাৰে জাপানত ক্ষমতাসীন লিবাৰেল ডেমক্ৰেটিক পাৰ্টিৰ (এডিপি) নেতৃত্বৰ নিৰ্বাচনত জয়ী হৈছে। ইয়াৰ সৈতে, ফুমিও কিছিদা জাপানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ’বলৈ সাজু হৈছে। তেওঁ বৰ্তমানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাৰ স্থান ল’ব।জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগা, সাধাৰণ নিৰ্বাচনৰ পূৰ্বে তেওঁৰ সমৰ্থন ৰেটিং বোৰৰপৰা আঁতৰি যাব, তেওঁ এই মাহত পদত্যাগ কৰিব বুলি কৈছিল, অৰ্থাৎ ক্ষমতাসীন লিবাৰেল ডেমক্ৰেটিক পাৰ্টিয়ে (এলডিপি) বুধবাৰে এজন নতুন নেতা বাছনি কৰিব, যি প্ৰিমিয়াৰ হ’ব।।

ডিজিচিএয়ে আন্তৰ্জাতিক যাত্ৰীবাহী বিমানৰ ওপৰত নিষেধাজ্ঞা ৩১ অক্টোবৰলৈ বৃদ্ধি কৰিছে

অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰীবাহী বিমানৰ ওপৰত নিষেধাজ্ঞা এমাহ অৰ্থাৎ বৃদ্ধি কৰে। ২০২০ চনৰ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমানৰ ওপৰত নিষেধাজ্ঞা বলবৎ হৈ আছে। অৱশ্যে, এই নিষেধাজ্ঞা আন্তৰ্জাতিক কাৰ্গো বিমান আৰু বিশেষকৈ বিমান নিয়ন্ত্ৰকৰ দ্বাৰা অনুমোদিত বিমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।বিজ্ঞপ্তিখনত কোৱা হৈছে, “এই নিষেধাজ্ঞা আন্তৰ্জাতিক সৰ্ব-কাৰ্গো কাৰ্যকলাপ আৰু ডিজিচিএ-ৰ দ্বাৰা বিশেষভাৱে অনুমোদিত বিমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। অৱশ্যে, সক্ষম কৰ্তৃপক্ষৰ দ্বাৰা নিৰ্বাচিত পথত আন্তৰ্জাতিক অনুসূচীত বিমানৰ অনুমতি দিব পাৰি। ‘যোৱা মাহত, ডিজিচিএ-য়ে অনুসূচীত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক যাত্ৰীবাহী বিমানৰ নিলম্বন 30 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছিল। ভাৰতে আমেৰিকা যুক্তৰাজ্য, ইউকে, ইউ.এ.ই., কেনিয়া, ভূটান আৰু ফ্ৰান্সকে ধৰি 27 খন দেশৰ সৈতে বায়ু বুদবুদ চুক্তি স্বাক্ষৰ কৰিছে। দুয়োখন দেশৰ মাজত হোৱা এয়াৰ বাবল চুক্তিৰ অধীনত, তেওঁলোকৰ বিমান সেৱাৰ দ্বাৰা তেওঁলোকৰ অঞ্চলবোৰৰ মাজত বিশেষ আন্তঃৰাষ্ট্ৰীয় বিমান পৰিচালনা কৰিব পাৰি ইয়াৰ অধীনত বিমান ভ্ৰমণৰ বাবে দুখন দেশৰ মাজত এক চুক্তি স্বাক্ষৰিত হৈছে। যেতিয়া দ্বিপাক্ষিক চুক্তি তৈয়াৰ কৰি দুখন দেশৰ দ্বাৰা এক বিশেষ বিমান কৰিডৰ নিৰ্মাণ কৰা হয়, ইয়াক বায়ুবুদ বুলি কোৱা হয় যাতে বিমান ভ্ৰমণত কোনো অসুবিধা নহয়।