Home Blog Page 2820

পত্নী আৰু পুত্ৰক বিচাৰি কান্দোনত ভাগি পৰিছে মন্তেশ্বৰ ৰায়। আগমনি থানাত এজাহাৰ দাখিল।

ধুবুৰী জিলাৰ আগমনি আৰক্ষী চকীৰ অন্তৰ্গত পাৱাৰছৰা গাঁওৰ বাসিন্দা মন্তেশ্বৰ ৰায়ৰ পত্নী মনিকা বালা ৰায়ৰ বিগত তিনি বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈ আৰম্ভ হৈছিল এখন সুখৰ সংসাৰ , আৰু তেওঁলোকৰ আছিল আঢ়ৈ বছৰীয়া পুত্ৰ সন্তান ,মন্তেশ্বৰ ৰায় পেচাত এজন শ্ৰমিক , প্ৰতিদিনৰ ধৰেই ২৭ ছেপ্টেম্বৰৰ দিনা নিজৰ পত্নী আৰু সন্তান টোক  ঘৰত থৈ স্বামী সন্তেশ্বৰ ৰায়ে আনৰ ঘৰত দিন হাজিৰাৰ কাম কৰাৰ বাবে ওলাই যায়  । পাছত সেই দিনাই তেওঁৰ পত্নী মনিকা বালা ৰায় নিজ শ্বামিক বিশেষ কামৰ কথা কৈ ঘৰৰ পৰা ওলাই যায় , যদিও তেওঁৰ শ্বামী আবেলি ঘৰত আহি তেওঁৰ পত্নী আৰু পুএক দেখা নাপায় । তৎক্ষনাত ওচৰ – পাজৰেৰ লগতে ধুবুৰী জিলাৰ বিভিন্ন ঠাইত বিচাৰি কোনো সং সূত্ৰ উলিয়াব পৰা নাই , ইয়াৰ পিছত শ্বামী উপায়হীন হৈ ২৭ ছেপ্টেম্বৰত আগমনী আৰক্ষী থানাত এখন এজহাৰ দাখিল কৰে , বৰ্তমান অপহৰণ হোৱা মনিকা বালা ৰায়ৰ শ্বামী মন্তেশ্বৰ ৰায় নিজ পত্নী আৰু তেওঁৰ পুত্ৰ সন্তানক বিচাৰি কান্দোনত ভাগি পৰিছে , মন্তেশ্বৰ ৰায় তেওঁৰ পত্নী লৈ কাতৰ আহ্বান তুমি যতেই থাকা সোনকালেই উভোতি আহা , তোমাক এৰি মই জিয়াই থাকিব নোৱাৰিম , তোমাৰ সকলো দোষ মই ক্ষমা কৰি দিম , এতিয়া নিজৰ পত্নীক বিচাৰি পোৱা আশাত পদে পথত এইদৰে কান্দোনত ভাগি পৰিছে মন্তেশ্বৰ ৰায় । ইতিমধ্যে এই সংক্ৰান্তত আগমনি থানাত এখন এজাহাৰ দাখিল কৰিছে।

গোৱালপাৰাৰ মাটিয়াত বন বিভাগ আৰু আগিয়া আৰক্ষী চকীৰ তৎপৰতাত অভিযান। কাঠৰ কুণ্ডা সহ মেচিন জব্দ

দেশৰ বনজ সম্পদ সুৰক্ষাৰ দায়িত্বত থকা বন বিভাগৰ কৰ্মীৰ তৎপৰতাত কিছু পৰিমাণে হ’লেও সুৰক্ষিত হৈ আছে বনজ সম্পদ সমুহ। এই কথাৰ প্ৰমাণ স্বৰূপে ৰাজ্যৰ গোৱালপাৰা জিলাৰ বন সংমণ্ডলৰ বন বিষয়া শান্তনা মেধি আৰু আগিয়া আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰীৰ সৱল নেতৃত্বত গোৱালপাৰা বন সংমণ্ডলৰ বিভিন্ন এলেকাত অবৈধ কাঠ ফলা মিল ; অবৈধ বালি আৰু চোৰাং কাঠৰ বিৰূদ্ধে প্ৰতিদিনে চলাই আহিছে মাৰাথান অভিযান। আজিও গোৱালপাৰা জিলাৰ গোৱালপাৰা বনাঞ্চলিক বন বিষয়া শান্তনা মেধিয়ে এক গোপন খৱৰৰ ভিত্তিত গোৱালপাৰা বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ কৰ্মচাৰী আৰু কৰ্মীৰ নেতৃত্বত এদল বন কৰ্মীৰ আৰু আগিয়া আৰক্ষী চকীৰ ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰী, ASI বুধি মোহন বৰ্মনৰ যৌথ অভিযানত মাটিয়াৰ সাৰাপাৰা আৰু আগিয়া অঞ্চলত চলোৱা এক অভিযানত এটা অবৈধ কাঠ ফলা মিল আৰু বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে বহু দিন ধৰি বন বিভাগৰ লোকৰ চকুত ধূলি দি মাজনিশা চৰাং কাঠ ব্যৱসায়ীসকলে অবৈধ ভাৱে মিলটো চলাই আছিল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ; জব্দ হোৱা চোৰাং কাঠ খিনিৰ মূল্য প্রায় ৩,০০০০ (তিনি লাখ) টকা হ’ব বুলি  বনাঞ্চলিক বিষয়া গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে। ইফালে বন বিভাগৰ বিষয়া কৰ্মীৰ তৎপৰতাত দিন ৰাতি একাকাৰ কৰি বন সুৰক্ষা কৰ্মীয়ে বনজ সম্পদ সুৰক্ষাৰ বাবে চলাই আছে বিনিদ্ৰ অভিযান।

ধূলাত পোষণ বাগিচাৰ শুভ উদ্বোধন

পূব মঙলদৈ সংহত উন্নয়ন প্ৰকল্পৰ ধূলা চেক্টৰৰ ১৩ নং অংগনবাদী কেন্দ্ৰত পোষণ মাহ উপলক্ষে পোষণ ভাটিকা (বাগিছা)ৰ শুভ উদ্বোধন কৰে পূব মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ভক্তিৰেখা ৰয়ে। আনহাতে দৰং পোষণ বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত উক্ত কেন্দ্ৰ খনতেই এখনি সজাগতা সভাৰ আয়োজন কৰে ৷ উক্ত সভাত আমন্ত্ৰীত ব্যক্তি হিচাপে উপস্থিত হোৱা ব্যক্তি সকলক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় পানীয়াখাট “গ” অংগনাৱাদি কেন্দ্ৰৰ কৰ্মী ৰুকিয়া বেগম আৰু পানীয়াখাট “গ” কেন্দ্ৰৰ কৰ্মী মুছলিমা আখতাৰাই।সভাত বিভিন্ন ধৰণৰ আলোচনা কৰাৰ লগতে গছপুলি ৰূপনৰ কাৰ্যসূচী গ্ৰহণ কৰে। এই আচনি খনৰ জৰিয়তে মহিলা আৰু শিশু সকল যাতে স্থানীয় ভাবে নিজ নিজ অঞ্চলত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব পাৰে আৰু পুষ্টিহীনতাৰ পৰা আৰোগ্য লাভ কৰিব পাৰে তাৰ বাবে এইবোৰ কাৰ্যসূচী গ্ৰহণ কৰে বুলি জানিব পৰা যায়। ইয়াৰ উপৰিও সমাজ কল্যান বিভাগে শিশু সকলক শিক্ষিত কৰাত ব্যস্ত থকাৰ লগতে সমাজৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। পানীয়াখাট “ক” অংগনাৱাদি কেন্দ্ৰৰ কৰ্মী মোবাৰক বেগমৰ কেন্দ্ৰ খন মডেল কেন্দ্ৰলৈ উন্নত হৈছে বুলি জানিব পৰা যায়। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে পূব মঙলদৈ উন্নয়ন প্ৰকল্প বিষয়া ভক্তিৰেখা ৰয়, জিলা সমন্বয়ক পাৰভেছ মেহেদি, চক্ৰ চুপাৰভাইজাৰ জয়শ্ৰী দাস, খণ্ড সমন্বয়ক আমিনুল হকৰ লগতে প্ৰায় অৰ্ধ শতাধিক স্থানীয় ৰাইজৰ লগতে মহিলা সকল।

কেন্দ্ৰীয় চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিৰ নাম সলনি কৰি ৰাখিছে প্ৰধানমন্ত্ৰী পোষণ যোজনা

কেন্দ্ৰীয় চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিৰ নাম সলনি কৰি প্ৰধানমন্ত্ৰী পোষণ যোজনা ৰাখিছে, যাৰ বাবে অহা 5 বছৰত 1.30 লাখ কোটি টকা ব্যয় হ’ব । কেন্দ্ৰীয় চৰকাৰে বুধবাৰে চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়সমূহত শিক্ষাৰ্থীসকলক ৰন্ধা খাদ্য যোগান ধৰিবলৈ প্ৰধানমন্ত্ৰী পোষণ যোজনা বা পিএম-পোষান যোজনা (পিএম-পোষান যোজনা) (পিএম পোষান) আৰম্ভ কৰে আৰু কয় যে অহা ৫ বছৰত ইয়াৰ বাবে ১,৩০,৭৯৫ কোটি টকা ব্যয় কৰা হ’ব। আঁচনিখন বৰ্তমানৰ মধ্যাহ্ন ভোজন আঁচনিৰ (মধ্যাহ্ন ভোজন আঁচনি) দ্বাৰা প্ৰতিস্থাপিত কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত আছে চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ প্ৰথমৰ পৰা অষ্টম শ্ৰেণীত অধ্যয়ন কৰা সকলো বিদ্যালয়ৰ শিশু।

এগৰাকী সত্ৰীয়া ট্যুৰ গাইডে জিনিলে” মাজুলী ট্যুৰিজিম এৱাৰ্ড “

পিন্ধনত ধুতি-পঞ্জাবী , চল্লিছৰ উৰ্ধৰ যুৱক নিতুল দত্তই সত্ৰীয়া নৈমিত্তিক কৰ্মৰাজী সমাপন কৰি পূৱাই খোজকাঢ়ি ওলাই যায় পৰ্যটকৰ সন্ধানত । কান্ধত এটা কাপোৰৰ বেগ ওলমাই পুৱাই সত্ৰীয়া কৰ্মখিনি সমাপন কৰি ওলাই যোৱা ট্যুৰ গাইড গৰাকীয়ে সন্ধান কৰে এগৰাকী পৰ্যটকৰ ৷ কিয়নো এজন হ’লেও পৰ্যটক পালেহে ভাতমুঠি জোগাৰ কৰিব পাৰে তেওঁ। সততে মাজুলীৰ বিভিন্ন স্থানত পৰ্যটকক লগত লৈ ঘুৰি ফুৰা সেইগৰাকী ট্যুৰ গাইড হ’ল প্ৰসিদ্ধ আউনীআটী সত্ৰৰ যুৱ ভকত , সত্ৰৰ উত্তৰ হাটীৰ নিবাসী নিতুল দত্ত। সেইগৰাকী ভকত ট্যুৰ গাইডে        ”   মাজুলী ট্যুৰিজিম এৱাৰ্ড ২০২১ “‘  জিনি প্ৰমাণ কৰিছে সততাৰ স্বীকৃতি দেৰিকৈ হ’লেও পোৱা যায় । মাজুলীৰ ইমূৰৰ পৰা সিমূৰলৈ , সত্ৰৰ মজিয়াৰ পৰা জনজাতিৰ চাংঘৰলৈ , বান -বিধ্বস্ত অঞ্চললৈকে সকলো নখ দৰ্পণত তেওঁৰ । ইংৰাজী আৰু হিন্দী ভাষা সলসলীয়াকৈ ক’ব পৰা ট্যুৰ গাইড মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনৰ আইকন স্বৰূপ।  আৰ্থিক ভাৱে অতি নিস্ব নিতুল দত্তৰ পৰ্যটকক সংগ দিবলৈ গাড়ী , মটৰ চাইকেল বাদেই এখন বাই চাইকেলৰো অভাৱ। সেয়ে খোজেৰেই আৰম্ভ হয় তেওঁৰ যাত্ৰা। উদাসীন সত্ৰৰ চাৰিবেৰৰ এগৰাকী সত্ৰীয়াই কেৱল মাজুলীৰে নহয় অসমৰ পৰ্যটন ক্ষেত্ৰখনত সত্ৰৰ চানেকি স্বৰূপ  হৈ জিলিকি উঠিছে। এইগৰাকী সত্ৰীয়া ট্যুৰ গাইডক ” ট্যুৰ এম্বেচাদৰ” ৰূপে নিযুক্তি দি মাজুলীৰ “সত্ৰ পৰ্যটন” ক বিশ্বৰ আগত দাঙি ধৰিবলৈ “মাজুলীৰ সাহিত্য” গোষ্ঠীয়ে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।  সত্ৰৰ চাৰিবেৰৰ মাজত থাকি সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা ৰক্ষা কৰি নীৰৱে পৰ্যটন ক্ষেত্ৰখনত সেৱা আগবঢ়াই অহা দত্তক স্বীকৃতি দি মাজুলী ট্যুৰিজিমে  ২০২১ বৰ্ষৰ ট্যুৰিজিম এৱাৰ্ড আগবঢ়োৱাৰ বাবে স্বেচ্ছাসেৱী সংগঠনটোলৈ ” মাজুলীৰ সাহিত্য” গোষ্ঠীয়ে ধন্যবাদ জ্ঞাপন কৰিছে। তথাকথিত ৰজাঘৰৰ এনে সৎ আৰু নীৰৱ কৰ্মীক চকুত নপৰে , মাজুলী ট্যুৰিজিমে প্ৰকৃত জনক স্বীকৃতি দিছে , আমি আদৰণি জনাইছোঁ,গোষ্ঠীৰ এক বাৰ্তাত এইদৰে প্ৰকাশ । মহামাৰী ক’ৰণাত বিধ্বস্ত ট্যুৰিজিম  খণ্ডত যোৱা দুটা বছৰত অতি বেয়াকৈ প্ৰভাৱ পৰা এইসকল সাধাৰণ লোকৰ সাহাৰ্যৰ বাবে চৰকাৰে শেহতীয়াকৈ যি ঘোষণা  কৰিছে সেয়া অতিকে আদৰণীয় , মাথো তেনে আঁচনিৰ পৰা নিতুল দত্তৰ দৰে নীৰৱ কৰ্মী বিলাক যাতে বঞ্চিত নহয়। উল্লেখযোগ্য , বিশ্ব পৰ্যটন দিৱসত অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই অসমৰ ১৪২জন ট্যুৰ অপাৰেটৰক দুইলাখ কৈ আৰু ট্যুৰ গাইড সকলক ২৫হাজাৰকৈ সাহাৰ্য দিব বুলি ঘোষণা কৰিছিল।

ধূলাত পোষণ বাগিচাৰ শুভ উদ্বোধন

পূব মঙলদৈ সংহত উন্নয়ন প্ৰকল্পৰ ধূলা চেক্টৰৰ ১৩ নং অংগনবাদী কেন্দ্ৰত পোষণ মাহ উপলক্ষে পোষণ বাগিছাৰ শুভ উদ্বোধন কৰে পূব মঙলদৈ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ভক্তিৰেখা ৰয়ে। আনহাতে দৰং পোষণ বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত উক্ত কেন্দ্ৰ খনতেই এখনি সজাগতা সভাৰ আয়োজন কৰে ৷ উক্ত সভাত আমন্ত্ৰীত ব্যক্তি হিচাপে উপস্থিত হোৱা ব্যক্তি সকলক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় পানীয়াখাট “গ” অংগনাৱাদি কেন্দ্ৰৰ কৰ্মী ৰুকিয়া বেগম আৰু পানীয়াখাট “গ” কেন্দ্ৰৰ কৰ্মী মুছলিমা আখতাৰাই।সভাত বিভিন্ন ধৰণৰ আলোচনা কৰাৰ লগতে গছপুলি ৰূপনৰ কাৰ্যসূচী গ্ৰহণ কৰে। এই আচনি খনৰ জৰিয়তে মহিলা আৰু শিশু সকল যাতে স্থানীয় ভাবে নিজ নিজ অঞ্চলত পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব পাৰে আৰু পুষ্টিহীনতাৰ পৰা আৰোগ্য লাভ কৰিব পাৰে তাৰ বাবে এইবোৰ কাৰ্যসূচী গ্ৰহণ কৰে বুলি জানিব পৰা যায়। ইয়াৰ উপৰিও সমাজ কল্যান বিভাগে শিশু সকলক শিক্ষিত কৰাত ব্যস্ত থকাৰ লগতে সমাজৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। পানীয়াখাট “ক” অংগনাৱাদি কেন্দ্ৰৰ কৰ্মী মোবাৰক বেগমৰ কেন্দ্ৰ খন মডেল কেন্দ্ৰলৈ উন্নত হৈছে বুলি জানিব পৰা যায়। আজিৰ কাৰ্যসূচীত উপস্থিত থাকে পূব মঙলদৈ উন্নয়ন প্ৰকল্প বিষয়া ভক্তিৰেখা ৰয়, জিলা সমন্বয়ক পাৰভেছ মেহেদি, চক্ৰ চুপাৰভাইজাৰ জয়শ্ৰী দাস, খণ্ড সমন্বয়ক আমিনুল হকৰ লগতে প্ৰায় অৰ্ধ শতাধিক স্থানীয় ৰাইজৰ লগতে মহিলা সকল।

সাজু হৈছে সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদল

কৰোনাতাংকৰ মাজতে কভিড প্ৰটোকলৰ মাজেৰে  পূৰ্ণ গতিত আখৰা কৰিছে সমুদ্র তালুদাৰৰৰ প্ৰযোজিত সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদলে। যোৱা দুটা বৰ্ষৰ অভূতপূর্ব সফলতাৰ পিছত নাট্যপ্ৰেমী ৰাইজৰ মৰম আৰু আশীর্বাদ বিচাৰি সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদলে  এই বৰ্ষত নিবেদন কৰিব হাঁহি কান্দোনেৰে ভৰপূৰ এখনি মননশীল নাটক নাট্যকাৰ প্ৰদীপ শৰ্মাৰ “নিয়ৰৰ চকুলো” তাৰোপৰি সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদলৰ আন দুখন উল্লেখযোগ্য নাটক হল যোৱাটো বৰ্ষৰ এখনি উল্লেখযোগ্য জনপ্রিয় নাট অনিল তালুকদাৰৰ “মানুহ খোৱা মানুহ” আৰু হিৰক দাসৰ “শান্তিপুৰৰ শান্তি”। ইতিমধ্যে আখৰা কৰি সম্পূর্ণ ৰূপে সাজু হোৱা সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদলৰ সমূহ শিল্পী কলাকুশলী বিচাৰিছে চৰকাৰ আৰু নাট্যপ্ৰেমী ৰাইজৰ সহাৰি। এইবাৰ সন্ধ্যাতৰাৰ মঞ্চত অভিনয় কৰিব ক্ৰমে সমুদ্র তালুকদাৰ, সৌৰভ তালুকদাৰ, প্ৰশান্ত কলিতা, মানবেন্দ্র তালুকদাৰ, হিৰক দাস, কুলেশ্বৰ ডেকা, জয়ন্ত হালৈ,ধ্ৰুৱজ্যোতি (পাপু), জয়ন্ত শৰ্মা, ৰূপালী কলিতা, চুমি হালৈ, নীলাক্ষী দাস, ডিম্পী আৰু মিছ লভিতাই। নাট্যদলটোৰ সংগীত সীমান্ত বেজবৰুৱা আৰু উমেশ বেজবৰুৱাৰ আনহাতে নৃত্য নিৰ্দেশনা আকাশদ্বীপৰ। সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদলৰ মূখ্য কাৰ্য্যবাহী পৃষ্ঠপোষক শ্রীযুত বিপিন তালুকদাৰ আৰু দলপতি উমেশ বেজবৰুৱা তদুপৰি সাংগঠনিক সম্পাদক হিৰক দাস আনহাতে নাট্যদলটোৰ পোহৰ অৰুপ কলিতাৰ আৰু শব্দ পাপুৰ। অপেক্ষা মাথো চৰকাৰৰ সহাৰিলৈ।

ওদালগুৰিৰ শিৱপুৰত নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকৰ উদ্যোগত বৈদ্যুতিক বেংকিং সজাগতা সভা

ওদালগুৰি জিলাৰ অন্তৰ্গত শিৱপুৰ ডিচিডিচিৰ কাৰ্যালয়ত শিৱপুৰ,লাউদং আৰু বালিচন্দা অঞ্চল সামৰি নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংক,ওদালগুৰি শাখাৰ উদ্যোগত ২৯ ছেপ্তেম্বৰত  এখনি বৈদ্যুতিক বেংকিং সজাগতা সভা আৰু প্ৰশিক্ষন অনুষ্ঠিত হৈ যায়।ওদালগুৰি শাখাৰ প্ৰধান মনোজ শৰ্মাই আঁতধৰা উক্ত সজাগতা সম্পৰ্কীয়  প্ৰশিক্ষন কাৰ্যসূচী উদ্বোধন কৰে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সহকাৰী আয়ুক্ত এ চি এছ সুপ্ৰিয়া বাউলাৰীয়ে।প্ৰশিক্ষনত উপস্থিত থাকি নৰ্থ-ইষ্টৰ মুখ্য চি এছ আৰ চাহেল হকে কয়- বৰ্তমান সময়ত এচাম হেকাৰ তথা প্ৰৱঞ্চকে বেংকৰ গ্ৰাহক সকলৰ একাউন্ট অথবা এটিএমৰ জৰিয়তে বৈদ্যুতিক অথবা অনলাইন যোগে ধন হৰলুকি কৰি এক হাহাকাৰৰ অৱস্থাৰ সৃষ্টি কৰি আহিছে।সেয়ে এই ক্ষেত্ৰত গ্ৰাহক সকলে নিজৰ জমাধন কিদৰে হৰলুকি নোহোৱাকৈ সুৰক্ষিত কৰি ৰাখিব পৰা যায় সেই সন্দৰ্ভত  ২৯ছেপ্তেম্বৰত বিশেষ প্ৰশিক্ষনৰ ব্যৱস্থা কৰা হৈছে।সেয়ে গ্ৰাহক সকলক তেওঁলোকৰ নিজা বেংক একাউন্ট,এটিএমৰ পিন নম্বৰ অথবা বেকৰ গোপনীয়তা কোনো তথ্য আনৰ ওচৰত প্ৰকাশ নকৰিবলৈ আহ্বান জনায়।উক্ত প্ৰশিক্ষনত ৰিজাৰ্ভ বেংকৰ অফিচাৰ কিষন কুমাৰে স্ক্ৰীন প্ৰজেক্ট ব্যৱহাৰ কৰি নিজৰ ধন সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত গ্ৰাহক সকলক সজাগ হবলৈ প্ৰশিক্ষন দিয়ে আৰু প্ৰৱঞ্চনাৰ পৰা ৰক্ষা পাবলৈ প্ৰৱঞ্চক সকলৰ পৰা সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।২৯ছেপ্তেম্বৰৰ  এই প্ৰশিক্ষন কাৰ্যসূচীত সংখ্যালঘু অধূষ্যিত অঞ্চলটোৰ শতাধিক পুৰুষ-মহিলা,যুৱক-যুৱতী সকলৰ লগতে নৰ্থ-ইষ্ট স্মল ফাইনেন্স বেংকৰ আন বিষয়া,কৰ্মচাৰী সকল উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

বিটিআৰ চৰকাৰৰ জৰিয়তে ওদালগুৰিত ৫৭৩১গৰাকী ছাত্ৰলৈ বিনামূলীয়া চাইকেল বিতৰণ

ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ওদালগুৰি বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ উদ্যোগত আৰু জিলা অধিবিদ্যা পৰিষদৰ সহযোগত নৱম আৰু দশম শ্ৰেণীৰ ৫৭৩১ গৰাকী দৰিদ্ৰ সীমা ৰেখাৰ তলৰ দুখীয়া ছাত্ৰলৈ চাইকেল বিতৰণ কৰা হয়।ওদালগুৰি জিলা বিদ্যালয়ৰসমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত চাইকেল বিতৰণ অনুষ্ঠানত উপস্থিত থাকি বিটিচিৰ উপ মুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে কয়- ছাত্ৰ ছাত্ৰী সকলে অধ্যয়নৰ জৰিয়তে চৰকাৰী সা সুবিধাও গ্ৰহন কৰিব লাগিব।উক্ত অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি হৰিশিঙা সমষ্টিৰ এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰীয়েও বক্তব্য ৰাখে।ওদালগুৰি জিলাৰ ৮১খন বিদ্যালয়ৰ সামৰি মুঠ ৫৭৩১ খন চাইকেল বিতৰণ কৰা অনুষ্ঠানত ৫খন বিদ্যালয়ৰ ৫গৰাকীকৈ ছাত্ৰক প্ৰতীকি হিচাপে ২৫খন বিনামূলীয়া চাইকেল আনুষ্ঠানিকভাবে বিতৰণ কৰা হয়।ওদালগুৰি জিলা অধিবিদ্যা পৰিষদৰ সহকাৰী সম্পাদক গায়ত্ৰী ভট্টৰায়ে আঁঁতধৰা  বিটিআৰ চৰকাৰৰ জৰিয়তে বিতৰণ কৰা উক্ত অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ এম চি এল এ সঞ্জয় স্বৰ্গীয়াৰী,এম চি এল এ দীপক মৌৰ, ওদালগুৰি জিলা বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শকৰ লগতে বিভিন্ন বিদ্যালয়ৰ অধ্যক্ষ,অধ্যক্ষা,প্ৰধান শিক্ষক সকল উপস্থিত থকাৰ উপৰিও ছাত্ৰ-ছাত্ৰী সকল উপস্থিত আছিল।

ওদালগুৰিত বিজেপিৰ কাৰ্যকৰ্তা সভা

২৯ছেপ্তেম্বৰ  বৃহস্পতি বাৰে ওদালগুৰি জিলাৰ অন্তৰ্গত ভেৰগাঁও মণ্ডলৰ বৰংগাজুলি সত্ৰ প্ৰাঙ্গণত বিজেপি দলৰ এখনি  “কাৰ্যকৰ্তা সভা” অনুষ্ঠিত হৈ যায় । উক্ত সভাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙ্গলদৈ লোকসভা সমষ্টিৰ যুৱ সাংসদ দিলীপ শইকীয়াৰ লগতে  ওদালগুৰি জিলা বিজেপি সভাপতি  সুনীল বসুমতাৰীও উপস্থিত থাকে । ওদালগুৰি জিলা সভাপতি সুনীল বসুমতাৰীয়ে সভাপতিত্ব কৰা  উক্ত বিজেপিৰ কাৰ্যকৰ্তা সভাত বিজেপি কাৰ্যকৰ্তা সকলক  দলৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত নিজ দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰিবলৈ সাংসদ দিলীপ শইকীয়াই আহ্বান জনায় ৷ ইয়াৰোপৰি, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমুখী আঁচনি সমূহ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰক পূৰ্ণ সহযোগিতা আগবঢ়াই প্ৰতিজন প্ৰকৃত হিতাধিকাৰীক উপকৃত কৰিবলৈ সাংসদ শইকীয়াই  বিশেষ ভাৱে অনুৰোধ জনায় ।আজিৰ অনুষ্ঠিত হোৱা এই সভাত ওদালগুৰি জিলা বিজেপিৰ সভাপতি সুনীল বসুমতাৰীয়েও তেওঁৰ ভাষণ প্ৰসংগত ওদালগুৰি জিলা বিজেপিৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ওদালগুৰি জিলা  বিজেপিৰ নবীন প্ৰবীণ সকলো বিজেপি দলীয় কাৰ্যকৰ্তা সকলক লগত লৈ ওদালগুৰি জিলা বিজেপিৰ সাংগঠনিক ভেটি সক্ৰিয় কৰাত অধিক গুৰুত্ব প্ৰদান কৰাৰ কথা ব্যক্ত কৰে । লগতে জিলা সভাপতি বসুমতাৰীয়ে অনাগত দিনত ওদালগুৰি জিলা বিজেপিৰ  সাংগঠনিক ভেটি অধিক শক্তিশালী হব বুলি পোষকতা কৰে  আৰু এই ক্ষেত্ৰত সকলো দলীয় কাৰ্যকৰ্তা সকলৰ যথেষ্ট সহায় সহযোগিতাৰ  কামনা কৰে ।সভাত উপস্থিত থাকি ওদালগুৰি জিলা প্ৰভাৰী  প্ৰাণ কুমাৰ দাসেও দলৰ সাংগঠনিক দিশত আলোকপাত কৰে ।  এই সভাত বিটিচি EM  দিগন্ত বৰুৱা, EM সঞ্জীৱ তাঁতী MCLA  অৰ্পনা মেধি  প্ৰমুখ্য কৰি দলীয় ওদালগুৰি জিলা বিজেপি অফিচ বিয়াৰাৰ সকল ,ভেৰগাঁও মণ্ডলৰ সভাপতি আৰু কেইবাগৰাকী মণ্ডল সভাপতি লগতে যুৱ মৰ্চা মহিলা মৰ্চা কে ধৰি বিভিন্ন মৰ্চাৰ বিষয় ববীয়া আৰু  কাৰ্যকৰ্তা সকল উপস্থিত থাকে ৷