Breaking

সাজু হৈছে সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদল

0 2,013

কৰোনাতাংকৰ মাজতে কভিড প্ৰটোকলৰ মাজেৰে  পূৰ্ণ গতিত আখৰা কৰিছে সমুদ্র তালুদাৰৰৰ প্ৰযোজিত সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদলে। যোৱা দুটা বৰ্ষৰ অভূতপূর্ব সফলতাৰ পিছত নাট্যপ্ৰেমী ৰাইজৰ মৰম আৰু আশীর্বাদ বিচাৰি সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদলে  এই বৰ্ষত নিবেদন কৰিব হাঁহি কান্দোনেৰে ভৰপূৰ এখনি মননশীল নাটক নাট্যকাৰ প্ৰদীপ শৰ্মাৰ “নিয়ৰৰ চকুলো” তাৰোপৰি সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদলৰ আন দুখন উল্লেখযোগ্য নাটক হল যোৱাটো বৰ্ষৰ এখনি উল্লেখযোগ্য জনপ্রিয় নাট অনিল তালুকদাৰৰ “মানুহ খোৱা মানুহ” আৰু হিৰক দাসৰ “শান্তিপুৰৰ শান্তি”। ইতিমধ্যে আখৰা কৰি সম্পূর্ণ ৰূপে সাজু হোৱা সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদলৰ সমূহ শিল্পী কলাকুশলী বিচাৰিছে চৰকাৰ আৰু নাট্যপ্ৰেমী ৰাইজৰ সহাৰি। এইবাৰ সন্ধ্যাতৰাৰ মঞ্চত অভিনয় কৰিব ক্ৰমে সমুদ্র তালুকদাৰ, সৌৰভ তালুকদাৰ, প্ৰশান্ত কলিতা, মানবেন্দ্র তালুকদাৰ, হিৰক দাস, কুলেশ্বৰ ডেকা, জয়ন্ত হালৈ,ধ্ৰুৱজ্যোতি (পাপু), জয়ন্ত শৰ্মা, ৰূপালী কলিতা, চুমি হালৈ, নীলাক্ষী দাস, ডিম্পী আৰু মিছ লভিতাই। নাট্যদলটোৰ সংগীত সীমান্ত বেজবৰুৱা আৰু উমেশ বেজবৰুৱাৰ আনহাতে নৃত্য নিৰ্দেশনা আকাশদ্বীপৰ। সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্যদলৰ মূখ্য কাৰ্য্যবাহী পৃষ্ঠপোষক শ্রীযুত বিপিন তালুকদাৰ আৰু দলপতি উমেশ বেজবৰুৱা তদুপৰি সাংগঠনিক সম্পাদক হিৰক দাস আনহাতে নাট্যদলটোৰ পোহৰ অৰুপ কলিতাৰ আৰু শব্দ পাপুৰ। অপেক্ষা মাথো চৰকাৰৰ সহাৰিলৈ।

Leave A Reply