Home Blog Page 2825

অসমৰ অপেছাদাৰী শিল্পীৰ অন্য এক সাফল্য

বাংগালোৰৰ আই এফ এইচ ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতালৈ “অনীহা”ৰ ৯ টা শিতানত মনোনয়ন লাভ । অসমৰ অপেছাদাৰী শিল্পীৰ অন্য এক সাফল্যদক্ষিণ যোৰহাট, ০১ অক্টোবৰ : বাংগালোৰত আয়োজিত ইণ্ডিয়ান ফিল্ম হাউছ ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত যোৰহাটৰ এন জে প্ৰডাকচনৰ নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি “অনীহা”ই মুঠ ২৩টা শিতানৰ ভিতৰত নটা শিতানত মনোনয়ন লাভ কৰিছে। শিতান সমূহ হৈছে শ্ৰেষ্ঠ সমাজ সজাগতা ছবি, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ, শ্ৰেষ্ঠ সম্পাদনা, শ্ৰেষ্ঠ আই এফ এইচ ছবি (সামাজিক শাখা), শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ সহ: মহিলা চৰিত্ৰ, শ্ৰেষ্ঠ চিনেমা। প্ৰযোজক নয়ন জ্যোতি শৰ্মাই জনোৱা মতে অহা ৬,৭ আৰু ৮ নৱেম্বৰত বাংগালোৰত অনুষ্ঠিত হ’ব লগীয়া মহোৎসৱৰ ৭ নৱেম্বৰত চৌদিয়াহ মেম’ৰিয়েল হলত  ৰেড কাৰ্পেটৰ মূল এৱাৰ্ড অনুষ্ঠান অনুষ্ঠিত হ’ব। অংশগ্ৰহণৰ বাবে প্ৰযোজকে ইতিমধ্যে বিশেষ  নিমন্ত্ৰণ লাভ কৰিছে আৰু ৰাওনাৰ প্ৰস্তুতি চলাইছে।। মুঠ ২৩খন ৰাজ্যৰ ১০টা ভাষাৰ ১০০০ খন চুটি ছবিৰ পৰা শ্ৰেষ্ঠ ২৫০ খন ছবি বিচাৰকসকলে নিৰ্বাচিত কৰিছে।  “অনীহা”ই ইতিমধ্যে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সন্মান বুটলিবলৈ সক্ষম হৈছে। পৰিবেশ দিৱসত মুক্তি পোৱা ছবিখনৰ কাহিনী আৰু পৰিচালনা যোৰহাট স্পীঙ ডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু সংস্কৃতি অনুৰাগী মৃগাংক মাইনা। চিনেমেটোগ্ৰাফাৰ আৰু ড্ৰণ পৰিচালনা পূৰৱৰ আৰু সম্পাদনা মৃগাংকৰ। সংগীত মুম্বাইৰ সপোন শইকীয়াৰ। সহযোগী পায়েল শৰ্মা। নামত থাকি কামত বাগৰ মৰা বৰ্তমানৰ এক মানসিকতা আৰু পৰিৱেশ সজাগতাৰ বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত চুটি ছবিখনৰ অভিনয়ত আছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মা। উল্লেখ্য যে, অভিনয়ত জড়িত শিল্পীসকল যোৰহাটৰ অপেছাদাৰী নাট্যগোষ্ঠী সূৰুয ড্ৰামা প্ৰডাকচন ৱৰ্কচৰ সদস্য। অন্যহাতে সকলো কলা-কুশলীয়েই এই দিশত নৱাগত। এনে সুপ্ত প্ৰতিভা বিকশিতই ছবি জগতলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

ধুবুৰীৰ নিউ পানবাৰীত লোমহৰ্ষক হত্যাকাণ্ড।

এগৰাকী প্ৰধান শিক্ষকক হত্যা কৰি ঘাইপথৰ দাতিত পেলাই থৈ গল নৰপিচাসে । অপৰাধীক গ্ৰেপ্তাৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । শেহতীয়াকৈ বিটিআৰৰ পৰ্বতঝোৰা শিক্ষা খণ্ডৰ এগৰাকী প্ৰধান শিক্ষকক অপহৰণ কৰি নি হত্যা।উল্লেখ্যযে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নিউ পানবাৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত পূৱা উদ্ধাৰ হয় শিক্ষক গৰাকীৰ মৃত দেহ। বিটিআৰৰ কাজিগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ তৃতীয় খণ্ড গাৱৰ বাসিন্দা তথা আলমগঞ্জ তৃতীয় খণ্ড এলপি স্কুলৰ শিক্ষক আছিল ছফিয়ৰ ৰহমান তালুকদাৰ(৪৬) ।উল্লেখ্য যে, যোৱা কালি বিয়লি ৪ বজাৰ পৰা সন্ধানহীন হৈ আছিল ছফিয়ৰ তালুকদাৰ।শিক্ষক ৰহমানক পৰিকল্পিত ভাবে হত্যা কৰি কোনো দুৰ্বৃৰ্তৰ দলে ৰাষ্ট্ৰীয় পথৰ এই ঠাইডোখৰত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষী আৰু ৰাইজে।আজি পূৱা ৬বজাত ঘটনা স্থলীত সহস্ৰাধিক লোক উপস্থিত হৈ এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে।ঘটনাস্থলীত আমছু,এবিএমছু ৰ নেতৃত্বত প্ৰায় দুই শতাধিক লোকে ছফিয়ৰ হত্যাকাণ্ডৰ লগত জড়িত অপৰাধীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ দাবীতপ্ৰায় দুই ঘণ্টা জুৰি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে। ইয়াৰ পাছত ঘটনা স্থলীত উপস্থিত ধুবুৰী চক্ৰ বিষয়া তথা জিলা দণ্ডাধীশ অভিজিত গগৈ, পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া ৰিতুৰাজ দলে উপস্থিত হৈ প্ৰতিবাদী ৰাইজক বুজনি দিয়াৰ পাছতহে ঘাইপথ মুকলি কৰি দিয়ে উত্তেজিত জনতাই।ইয়াৰ পাছত ছফিয়ৰৰ মৃত দেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ক্ষেত্ৰত ধুবুৰী আৰু পৰ্বতঝোৰা আৰক্ষী প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষ্যনীয় বিষয়।

মৰিগাঁও আৰক্ষীৰ জালত চাইবাৰ অপৰাধী

মৰিগাঁও আৰক্ষীৰ জালত পৰিছে এটা চাইবাৰ অপৰাধী । ঝাৰখাণ্ডৰ জামতাৰাৰ পৰা আৰক্ষীয়ে আটক কৰা চাইবাৰ অপৰাধীটোৰ নাম গৌৰ দাস (৩৪) । ধৃত প্ৰবঞ্চকটোবে   ভূৰাগাঁৱৰ  দেবজিৎ ভড়ালি নামৰ এজন শিক্ষকৰ নামত থকা মৰিগাঁও এছ বি আই ৰ একাউণ্ট হেকিং কৰি ৬৪০০০ টকা লুট  কৰিছিল । ঘটনা সন্দৰ্ভত ভুক্তভোগী শিক্ষক জনে ভূৰাগাঁও থানাত এটা গোচৰ ৰুজু কৰিছিল । আৰক্ষীয়ে ধৃত চাইবাৰ  অপৰাধীটোৰ পৰা ৫ টা ম’বাইল , ৭ খন বিভিন্ন বেংকৰ এটিএম কাৰ্ড উদ্ধাৰ কৰিছে ।

এটিএম, পেঞ্চন আৰু চিলিণ্ডাৰৰ পৰা চেকবুকলৈ, এই ৯টা ডাঙৰ নিয়ম আজিৰ পৰা সলনি হৈছে।

ক্ৰেডিট আৰু ডেবিট কাৰ্ড পৰিশোধ সম্পৰ্কীয় নিয়মসমূহ ১ অক্টোবৰৰ পৰা সলনি হ’ব। নতুন অটো ডেবিট নিয়মটো আপোনাৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডৰ পৰা কাৰ্যকৰী হৈছে। ইয়াৰ অধীনত, বেঙ্কবোৰে গ্ৰাহকৰ অজ্ঞাতে আপোনাৰ একাউণ্টৰ পৰা ধন কৰ্তন কৰিব নোৱাৰিব। বেঙ্কে ইয়াৰ বাবে আপোনাক আগতীয়া তথ্য প্ৰদান কৰিব আৰু আপোনাৰ সন্মতিৰ পিছত একাউণ্টৰ পৰা পৰিশোধ কৰ্তন কৰা হ’ব।অৰিয়েণ্টেল বেংক অফ কমাৰ্চ অৰ্থাৎ অ’বিচি বেংক, ইউনাইটেড বেংক অফ ইণ্ডিয়া আৰু এলাহাবাদ বেংকৰ পুৰণি চেক বহীবৈধ নহ’ব। এই বেংকবোৰ আন বেংকৰ সৈতে একত্ৰিত হৈছে। ইয়াৰ পিছত, একাউণ্ট ধাৰকৰ একাউণ্ট নম্বৰ, চেক বহী,আইএফএছচি কোড সলনি কৰা হৈছে। ১ অক্টোবৰৰ আগতে পুৰণি চেকবুক ব্যৱহাৰ কৰিব নোৱাৰি। ডিজিটেল জীৱনৰ প্ৰমাণপত্ৰসম্পৰ্কীয় নিয়মসমূহো ১ অক্টোবৰৰ পৰা সলনি হ’ব।এতিয়া ৮০ বছৰ বা তাতকৈ অধিক বয়সৰ পেঞ্চনাৰসকলে দেশৰ সকলো মুখ্য ডাকঘৰত তেওঁলোকৰ জীৱনপ্ৰমাণপত্ৰত ডিজিটেল জীৱনপ্ৰমাণপত্ৰ দাখিল কৰিব পাৰে। ছেবিয়ে মিউচুৱেল ফাণ্ড বিনিয়োগৰ নিয়মো সলনি কৰিছে।মিউচুৱেল ফাণ্ড হাউচত কাম কৰা কনিষ্ঠ কৰ্মচাৰীসকলৰ বাবে নতুন নিয়ম অনুসৰি আণ্ডাৰ-প্ৰপাৰ্টি মেনেজমেণ্ট প্ৰযোজ্য হ’ব। এমএছচি কোম্পানীৰ কনিষ্ঠ কৰ্মচাৰীসকলে তেওঁলোকৰ দৰমহাৰ ১০ শতাংশ মিউচুৱেল ফাণ্ড ইউনিটত বিনিয়োগ কৰিব লাগিব।এলপিজি গেছ চিলিণ্ডাৰ নিয়মআজি১ অক্টোবৰৰ পৰা এলপিজি চিলিণ্ডাৰৰ মূল্যও সলনি হ’ব। ঘৰুৱা এলপিজি আৰু বাণিজ্যিক চিলিণ্ডাৰৰ নতুন মূল্য প্ৰতি মাহৰ 1 তাৰিখে ঘোষণাকৰা হয়। যোৱা মাহত গেছ চিলিণ্ডাৰৰ মূল্য ২৫ টকা বৃদ্ধি কৰা হৈছিল। অক্টোবৰ মাহত গেছ চিলিণ্ডাৰৰ মূল্য পুনৰ বৃদ্ধি হ’ব পাৰে।

.

.

.

প্ৰায় এমাহ ধৰি বিকল ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এক্সৰে মেচিন

ওদালগুৰি জিলাৰ অন্যতম স্বাস্থ্য কেন্দ্ৰ হিচাপে পৰিচিত ওৰাং  খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ  কৰ্ম কাণ্ডই ৰাইজৰ চকু কপালত তুলিছে । দীৰ্ঘদিন ধৰি চিকিৎসক সকলৰ নিজ দায়িত্ব পালন নকৰা আদিৰ দৰে নানান ধৰণৰ অসুবিধা সন্মুখীন হৈ অহা ওৰাং অঞ্চলৰ ৰাইজে এতিয়া এক্সৰে কৰিবলৈকো ১৫ কিলোমিটাৰ দূৰত ঢেকীয়াজুলি লৈ যাব লগাৰ পৰিবেশৰ সৃষ্টি হৈছে । জানিব পৰা মতে ওৰাং চিকিৎসালয়ত থকা এক্সৰে মেচিন যোৱা  ৮ ছেপ্তেম্বৰৰ  পৰাই এই  চিকিৎসালয়ত থকা একমাত্ৰ এক্সৰে মেচিন বিকল হোৱা সত্বেও কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে ওৰাং চিকিৎসালয়ৰ পৰিচালনা কামিটিৰো নাই কোনো দায়িত্ব জ্ঞান । উক্ত চিকিৎসালয়ৰ পৰিচালনাৰ দায়িত্বত থকা সকলৰ সকলো ক্ষেত্ৰতেই নীৰৱ,কুম্ভকৰ্ণৰ গভীৰ নিন্দ্ৰাৰ  ভূমিকা পালন কৰাত অত্যন্ত দুখ প্ৰকাশ কৰিছে ৰোগীৰ লগতে ওৰাং বাসী ৰাইজে । বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দি অহা সময়ত ওৰাং সামুহিক  চিকিৎসালয়ৰ সেৱাই চিন্তিত কৰি তুলিছে সচেতন মহলক ।

ঠেঙাল স্বায়ত্ব-শাসিত পৰিষদত ব্যাপক দুৰ্নীতিৰ অভিযোগ ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ I

ঠেঙাল স্বায়ত্ব-শাসিতপৰিষদৰ 21 নং ৰূপহীগড় সমষ্টিত ব্যাপক দুৰ্নীতিৰ অভিযোগ তুলে ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি কেশব নেওগ ঠেঙালে I ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ এটা সজাতি দলে জোনাই মহকুমাৰ ঠেঙাল বসতি অঞ্চল ভ্ৰমন কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত ঠেঙাল স্বায়ত্ব-শাসিত পৰিষদৰ 21 নং ৰূপহীগড় সমষ্টিত কোটি কোটি টকা দুৰ্নীতিৰ অভিযোগ কৰে I21 নং ৰূপহীগড় সমষ্টিৰ কাৰ্যবাহী সদস্য ৰাজু শইকীয়াই কমিচনৰ অংকত ব্যাপক দুৰ্নীতি কৰি ঠেঙাল কছাৰী স্বায়ত্ব-শাসিত পৰিষদ সমষ্টিৰ ভিতৰত হব লগিয়া আঁচনি সমুহ সমষ্টিৰ বাহিৰত ৰুপায়ন কৰাৰ অভিযোগ তুলিছে সংগঠনটোয়ে I 21 নং ৰূপহীগড়ৰ কাৰ্যবাহী সদস্য ৰাজু শইকীয়াই ধনৰ অংকত জোনাইৰ চেকাই মেদেলা সংযোগী পথত অলাগতিয়াল ভাবে প্ৰায় তিনিশ মিটাৰত তিনিটাকৈ অলাগতিয়াল আৰু অতি নিম্ন মানৰ কালভাৰ্ট নিৰ্মাণ কৰিছে বুলি অভিযোগ তুলিছে সংগঠনটোয়ে I তদুপৰি সংগঠনটোৰ সভাপতিয়ে অভিযোগ কৰা মতে যি অঞ্চলত পাঁচ লাখকৈ মুঠ 15 লাখ ব্যয় সাপেক্ষ2017-18 চনত আবন্টন পোৱা কালভাৰ্ট নিৰ্মাণকৰা হৈছে সেই অঞ্চলত ঠেঙাল কছাৰীৰ বসতি শূন্য I তদুপৰি 21 নং ৰূপহীগড় সমষ্টি পৰিদৰ্শনৰ পাছতে ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতিয়ে অভিযোগ কৰে যে ঠেঙাল কছাৰী স্বায়ত্ব-শাসিত পৰিষদৰ আৱন্টিত পুজি সমষ্টিটোত ব্যাপক দুৰ্নীতি হৈছে I ৰূপহীগড় সমষ্টিৰ অন্তৰ্গত জোনাইৰ ঠেঙাল জনসাধাৰণে পৰিষদৰ আবন্টিত পুজিৰ পৰা পাবলগীয়া টিংপাত, টিউবেলকে ধৰি বিভিন্ন সামগ্ৰী সমুহ বিতৰণ নকৰাৰ অভিযোগ তুলি স্বায়ত্ব-শাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য আৰু অসম চৰকাৰক দুৰ্নীতি গ্ৰস্থ অঞ্চল পৰিদৰ্শন কৰি উচিত তদন্ত কৰিবলৈ দাবী জনায় I

ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ ঘোষণা

ডিব্ৰুগড় পৌৰসভাক পৌৰ নিগমলৈ উন্নিত কৰা হৈছে। আই এছ পৰ্যায়ৰ আয়ুক্ত নিযুক্ত হ’ব।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মুখত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত ফুট অভাৰব্ৰীজ নিৰ্মাণৰ আধাৰশিলা কৰিব।ডিব্ৰুগড়ৰ আন আন স্থানতো হব ফুট ব্ৰীজ।ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ পুঁজিৰ পৰা প্ৰায় ৫০ কোটি ব্যয় সাপেক্ষে ডিব্ৰুগড়ত কনভয় ৰোডৰ পৰা আমোলাপট্টী পৰ্যন্ত হব উৰণীয়া সেতু।মুখ্যমন্ত্ৰীয়ে আধাৰশিলা কৰি ১৮ মাহত ঠিকাদাৰক কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ।ডিব্ৰুগড়ত হ’ব বৃহৎ সভা গৃহ (কনভেনচন হল) । য’ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো বৃহৎ সভা সমিতি হব। যিমান টকা ব্যয় হয় ৰাজ্য চৰকাৰে বহন কৰিব।ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ পৰিণত হব কলাক্ষেত্ৰত।ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ চহৰৰ পৰিবৰ্তে উপকণ্ঠ অঞ্চলত নিৰ্মাণ হব।ডিব্ৰুগড় পৌৰ নিগম গুৱাহাটী পৌৰ নিগমতকৈ অধিক ক্ষমতা সম্পন্ন হব।ডিব্ৰুগড় জিলা পুথিভঁৰাল আৰু সভাগৃহটো শংকৰদেৱ কলাক্ষেত্ৰ অডিটৰিয়ামৰ দৰে গঢ়ি তুলিব

বৃক্কৰ ৰোগত আক্রান্ত টীয়কৰ স্মৃতিৰ গৃহত সাংসদ তপন গগৈ

টীয়ক চন্দ্রকমল বেজবৰুৱা মহাবিদ্যালয়ৰ মেধাৱী ছাত্রী স্মৃতি বড়া জটিল ৰোগত আক্রান্ত হোৱাৰ খবৰ সংবাদ মাধ্যমৰ যোগে জানিব পাৰি বৃহস্পতিবাৰে ছাত্ৰীগৰাকীৰ ঘৰত উপস্থিত হয় যোৰহাট সংসদীয় সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ। বৃহস্পতিবাৰে বিয়লি সাংসদ তপন কুমাৰ গগৈয়ে ছাত্ৰী গৰাকীৰ বলমা টিপমীয়া গাঁৱৰ ঘৰত উপস্থিত হৈ ছাত্ৰী গৰাকীৰ পৰিয়ালৰ পৰা ছাত্ৰী গৰাকীৰ স্বাস্থ্যৰ খবৰ লয় ।আৰ্থিকভাৱে পিছপৰা এই পৰিয়ালটিৰ এই জটিল সন্ধিক্ষণত সাংসদগৰাকীয়ে ছাত্ৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে সকলো প্ৰকাৰৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে। লগতে তেওঁ ছাত্ৰীগৰাকীৰ দ্ৰুত আৰোগ্য কামনা কৰে।উল্লেখযোগ্য যে কোনোমতে পেটে ভাতে খাই চলি থকা পৰিয়ালটিৰ জেষ্ঠ কন্যাগৰাকীৰ চিকিৎসাৰ বাবে আৰ্থিকভাৱে বিভিন্ন মাধ্যমৰ যোগেদি সহায়ৰ বাবে অনুৰোধ জনাইছিল আৰু সেই অনুৰোধমৰ্মে অসমৰ বহুজন সুহৃদয়বান লোকে আগবঢ়োৱা বৰঙণিৰে ছাত্ৰীগৰাকীক যোৱা ২৯ ছেপ্তেম্বৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।জটিল ৰোগত আক্ৰান্ত ছাত্ৰীগৰাকীৰ ইতিমধ্যে চিকিৎসা আৰম্ভ হৈছে বুলি জানিব পৰা গৈছে।সাংসদ গৰাকীয়েও জি এম চি এইছৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি সকলো সা সুবিধাৰ ব্যৱস্থা কৰি দিছে।

চাহ শ্ৰমিকসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতি।

-দেশৰ মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিয়ে আধুনিক প্ৰযুক্তি বিদ্যাৰ যুগত উন্নত প্ৰযুক্তি ব্যৱহাৰ নকৰি তেল খনন আৰু উৎপাদনৰ নামত অসমৰ আন এটা লাভজনক উদ্যোগ চাহ বাগিচা অঞ্চলত দীৰ্ঘদিন ধৰি চাহ গছ উচ্ছেদ কৰি উদ্যোগটোক ধ্বংসৰ মূখলৈ ঠেলি দিয়া আৰু চাহ শ্ৰমিকসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতি।উল্লেখ্য যে অ’ এন জি চি অসম সম্পদে বহু বছৰ ধৰি সীমান্তবৰ্তী গেলেকীকে ধৰি শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত চাহ বাগিচাসমূহত লাখ লাখ চাহ গছ উচ্ছেদ কৰি উক্ত স্হানসমূহত তৈল ক্ষেত্ৰ স্হাপন কৰি তেল আৰু প্ৰাকৃতিক গেছ আহৰণ কৰি আহিছে।যাৰবাবে চাহ অধ্যুষিত চাহ বাগিচা অঞ্চললৈ চৰম ভাবুকি কঢ়িয়াই আনিছে।অ’ এন জি চিৰ এনে চাহ বাগিচা উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে নাজিৰা আঞ্চলিক,ডিমৌ আঞ্চলিক আৰু আমগুৰি আঞ্চলিক সমিতিৰ সহযোগত অ এন জি চি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৩ঘন্টীয়া এক অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।সংগঠনটোৱে কাৰ্যসূচী ৰ সময়ত অ’ এন জি চি অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকক ১১ দফীয়া এক দাবী চনদ প্ৰদান কৰে।উক্ত দাবী চনদত সংগঠনটোৱে চাহ বাগিচা ত চাহগছ উচ্ছেদ বন্ধ কৰাহ লগতে আদিবাসী চাহ শ্ৰমিকৰ যুৱ-যুৱতীক উচ্চ পৰ্যায়ৰ আৰু চতুৰ্থ পৰ্যায়ত নিযুক্তি প্ৰদান,চাহ বাগিচা সমূহত বিনামূলীয়া ৰন্ধন গেছৰ যোগান ধৰা,বিভিন্ন সময়ত অ’ এন জি চি খাদৰ পৰা নিৰ্গত বিষাক্ত ৰাসায়নিক পদাৰ্থ কেমিকেল বাহিৰ হৈ নৈত পৰি নৈৰ পানী প্ৰদূষিত কৰি আহিছে ।যাৰ বাবে বিশুদ্ধ খোৱা পানীৰ যোগানৰ ব্যৱস্থা কৰাকে ধৰি ১১দাবী শীঘ্ৰে পূৰণ নকৰিলে তৈলক্ষেত্ৰ স্হাপন বা খনন কাৰ্য্য বন্ধ কৰিবলৈ বাধ্য হব বুলি স্মৰাক পত্ৰখন সকীয়াই দিয়ে।

বঙাইগাঁৱত ৯ খনজিলাক সামৰি বিজেপিৰ মাণ্ডলিক পৰ্যায়ত সাংগঠনিক সভা

ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ উদ্যোগত বৃহস্পতিবাৰে দলটোৰ বঙাইগাঁও জিলা কাৰ্যালয়ত  ৯ খন সাংগঠনিক জিলাক সামৰি এখন মাণ্ডলিক পৰ্যায়ৰ সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, সাধাৰণ সম্পাদক পুলক গোঁহাইৰ উপস্থিতিত অনুষ্ঠিত এই সাংগঠনিক সভাত  বঙাইগাঁও জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰীকে ধৰি চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা,  ধুবুৰী,  পূৱ ধুবুৰী,  দক্ষিণ শালমাৰা- মানকাচাৰ, বৰপেটা আৰু বজালী সাংগঠনিক জিলাৰ সভাপতিসকল , সাধাৰণ সম্পাদকসকল ,জিলা প্ৰভাৰী,  সহ প্ৰভাৰী, ৰাজ্যিক বিষয়ববীয়া আদি উপস্থিত থাকে ৷ সাংগঠনিক সভাত মূলত দলটোৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ ওপৰত গুৰুত্বাৰোপ কৰাৰ লগতে দলটোৱে পালন কৰিবলগীয়া বিভিন্ন অনুষ্ঠান তথা কাৰ্যসূচী আদিৰ  বিষয় আদি আলোচনা কৰা হয় ৷ ইপিনে সভাৰ অন্তত প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোঁহাইয়ে সংবাদ মাধ্যমৰ আগত কয় যে এইখন এখন সাংগঠনিক বৈঠক আছিল ৷  সমগ্ৰ অসমত ভাৰতীয় জনতা পাৰ্টিৰ ৪০ খন সাংগঠনিক জিলা আছে আৰু বিভিন্ন বিষয় আলোচনা আৰু পৰ্যোলোচনা কৰিবলৈ তথা সাংগঠনিক বিষয় আৰু ভৱিষ্যযত কাৰ্যপন্থা নিৰূপণৰ বাবে সেই সাংগঠনিক জিলা কেইখনক ছয়টা জ’নত বিভক্ত কৰি লৈছিলো ৷ সেই ছয়টা জ’নৰ ভিতৰত নখন জিলাক সামৰি বৃহস্পতিবাৰে বঙাইগাঁৱত এখন মাণ্ডলিক সংগঠনিক সভা অনুষ্ঠিত হয়৷ এই সভাত আমি সংগঠনৰ বিভিন্ন বিষয় সন্দৰ্ভত অতি পুংখানুপুংখভাৱে আলোচনা কৰিলো আৰু সংগঠনটোক আগন্তুক দিনত আগুৱাই নিয়াৰ ক্ষেত্ৰত কিছু সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ আনহাতে সাংগঠনিক সভাত উপস্থিত থকা অসম প্ৰদেশ বিজেপিৰ সাংগঠনিক সম্পাগক ফনীন্দ্ৰ নাথ শৰ্মাক উপ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰাত কয় যে যি জিলাত উপ নিৰ্বাচন হ’ব ,সেই জিলাৰ কাৰ্যকৰ্তাসকলে কঁকালত টঙালি বান্ধি ওলাইছে ৷ নিৰ্বাচনত যি দলেই নহওক কিয়  অৱতীৰ্ণ হ’ব ৷ আমি প্ৰাৰ্থী দিছো ৷ সাংগঠনিক সম্পাদকগৰাকীয়ে আন কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ আগন্তুক কেবিনেট বৈঠক বঙাইগাঁৱত অনুষ্ঠিত হ’ব ৷ সেয়ে তাৰ পূৰ্বে দলে নখন সাংগঠনিক জিলাক সামৰি অনুষ্ঠিত কৰা সাংগঠনিক সভাই বিশেষ গুৰুত্ব বহন কৰিছে ৷