Breaking

চাহ শ্ৰমিকসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতি।

0 2,018

-দেশৰ মহাৰত্ন উদ্যোগ তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চিয়ে আধুনিক প্ৰযুক্তি বিদ্যাৰ যুগত উন্নত প্ৰযুক্তি ব্যৱহাৰ নকৰি তেল খনন আৰু উৎপাদনৰ নামত অসমৰ আন এটা লাভজনক উদ্যোগ চাহ বাগিচা অঞ্চলত দীৰ্ঘদিন ধৰি চাহ গছ উচ্ছেদ কৰি উদ্যোগটোক ধ্বংসৰ মূখলৈ ঠেলি দিয়া আৰু চাহ শ্ৰমিকসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতি।উল্লেখ্য যে অ’ এন জি চি অসম সম্পদে বহু বছৰ ধৰি সীমান্তবৰ্তী গেলেকীকে ধৰি শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত চাহ বাগিচাসমূহত লাখ লাখ চাহ গছ উচ্ছেদ কৰি উক্ত স্হানসমূহত তৈল ক্ষেত্ৰ স্হাপন কৰি তেল আৰু প্ৰাকৃতিক গেছ আহৰণ কৰি আহিছে।যাৰবাবে চাহ অধ্যুষিত চাহ বাগিচা অঞ্চললৈ চৰম ভাবুকি কঢ়িয়াই আনিছে।অ’ এন জি চিৰ এনে চাহ বাগিচা উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে নাজিৰা আঞ্চলিক,ডিমৌ আঞ্চলিক আৰু আমগুৰি আঞ্চলিক সমিতিৰ সহযোগত অ এন জি চি অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ৩ঘন্টীয়া এক অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।সংগঠনটোৱে কাৰ্যসূচী ৰ সময়ত অ’ এন জি চি অসম সম্পদৰ কাৰ্যবাহী সঞ্চালকক ১১ দফীয়া এক দাবী চনদ প্ৰদান কৰে।উক্ত দাবী চনদত সংগঠনটোৱে চাহ বাগিচা ত চাহগছ উচ্ছেদ বন্ধ কৰাহ লগতে আদিবাসী চাহ শ্ৰমিকৰ যুৱ-যুৱতীক উচ্চ পৰ্যায়ৰ আৰু চতুৰ্থ পৰ্যায়ত নিযুক্তি প্ৰদান,চাহ বাগিচা সমূহত বিনামূলীয়া ৰন্ধন গেছৰ যোগান ধৰা,বিভিন্ন সময়ত অ’ এন জি চি খাদৰ পৰা নিৰ্গত বিষাক্ত ৰাসায়নিক পদাৰ্থ কেমিকেল বাহিৰ হৈ নৈত পৰি নৈৰ পানী প্ৰদূষিত কৰি আহিছে ।যাৰ বাবে বিশুদ্ধ খোৱা পানীৰ যোগানৰ ব্যৱস্থা কৰাকে ধৰি ১১দাবী শীঘ্ৰে পূৰণ নকৰিলে তৈলক্ষেত্ৰ স্হাপন বা খনন কাৰ্য্য বন্ধ কৰিবলৈ বাধ্য হব বুলি স্মৰাক পত্ৰখন সকীয়াই দিয়ে।

Leave A Reply