Home Blog Page 2836

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ দয়াল দাস পাণিকাৰ স্মৃতি যুগমীয়াৰ্থে

অসমত বসবাস কৰা এশৰো অধিক চাহ জনগোষ্ঠীৰ আদিবাসী সম্প্রদায় বিভিন্ন জাতি উপজাতি সকলক লৈ ৰাজ্যিক ভিত্তিত। অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা নামেৰে এটি সংগঠনে  ২০০৩ চনৰ ৬ এপ্রিল তাৰিখে  গঠন হৈছিল  ৷ ওদালগুৰিতো এই সংগঠনটোৰ  জিলা সমিতিয়ে চাহ জনগোষ্ঠী ৰাইজৰ হকে কাম কৰি আছে।  চাহ  জনগোষ্ঠী জাতীয় মহাসভা ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা অসমৰ শ্ৰম মন্ত্ৰীক ১৯৪২ চনৰ ২০ চেপ্তেম্বৰ তাৰিখে ঢেকীয়াজুলি আৰক্ষী থানাত ব্ৰিটিছৰ  পতাকা নমাই ভাৰতীয় পতাকা উত্তোলন কৰিব গৈ ব্ৰিটিছৰ গুণী বুকু পাতি যোৱা ১৩ গৰাকী বীৰ শ্বহীদৰ এগৰাকী অন্যতম হল দয়াল দাম পাণিকা ৷এই বীৰ শ্বহীদ গৰাকীৰ  বংশ পৰিয়াল বর্তমান ওদালগুৰি জিলাৰ মাজৰাট ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌতা গাওঁত বসবাস কৰি আছে।এইজন বীৰ শ্বহীদ দয়াল দাস পাণিকাৰ  যুগমীয়াৰ কৰিবৰ বাবে চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ ওদালগুৰি জিলা সমিতিৰ ৫ টা দাবী সমূহ  শ্ৰম মন্ত্ৰীক  জ্ঞাতাৰ্থে আৰু সমাধানৰ আশাৰে  দৃষ্টিগোচৰ কৰা হ’ল,আমাৰ দাবী সমূহ ক্ৰমে -যিহেতু এই শ্বহীদ পৰিয়ালটি মাজবাটতে বসবাস কৰি আছে সেয়ে  শ্বহীদ গৰাকীৰ নাম যুগমীয়া কৰি ৰাখিবলৈ ইতিমধ্যে নির্মাণ কৰা মাজবাট মহলীয়াপাৰা আদর্শ চিকিৎসালয় নামটো শ্বহীদ দয়াল দাস পাণিকাৰ আদর্শচিকিৎসালয়ৰ নামাকৰণ হব লাগে, মাজবাটত শ্বহীদ দয়াল দাম পাণিকাৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ লগভে এহেজাৰ আসনযুক্ত প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে দাবী, যোৱা  ২০১৭ চনৰ ১৯ আগষ্ট তাৰিখে বলিদান দিৱসৰ দিনা অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী  সর্বানন্দ সোনোৱাল দেৱৰ উপস্থিত ঢেকীয়াজুলী স্বহীদ বাকৰিত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত শ্বহীদ পৰিমাণ বৰ্গক  একালীন ৫ লাখ  টকাৰ আর্থিক সাহায্য দিয়াৰ ঘোষনা কৰিছিল ৷যদিও আজি চাৰি বছৰে এই পৰিয়ালটো কোনো ধৰণৰ  সাহায্য নাপালে। গতিকে বিভাগীয় কর্তৃপক্ষৰ পৰা শ্বহীদ পৰিয়ালটি আর্থিক সাহায্য   লগতে পৰিয়ালটির এজন সদস্য কর্ম সংস্থাপন দিয়াৰ ব্যৱস্থা শীঘ্ৰে কৰিবলৈ দাবী জনোৱা হ’ল। গতিকে  ভাৰত ভ্যাগ আন্দোলন এগৰাকী অগ্রণী শ্বহীদ দয়াল দাস  পাণিকাৰ বিষয়টো সহানুভুতিৰে বিবেচা কৰি সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰি কৃতার্থ কৰিবলৈ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা ওদালগুৰি জিলা সমিতিৰ সভাপতি ৰামকৰণ গোড় আৰু সম্পাদক লাধু লোহাৰৰ স্বাক্ষৰিত স্মাৰক পত্ৰখন ২১ছেপ্তেম্বৰত প্ৰদান কৰে ৷

ইউ এল বিৰ জন্মৰ আঁৰত জড়িত ৰাজনৈতিক চক্ৰ : গোবিন্দ বসুমতাৰী

বৰ্তমান সময়ত ইউ এল বিৰ কোনো প্ৰয়োজন নাই।বিটিচিত এতিয়া তেওঁলোকক কোনেও গ্ৰহন নকৰে।ইউ  এল বিৰ জন্মৰ আঁৰত ৰাজনৈতিক চক্ৰ জড়িত আছে।এই বিস্ফোৰক মন্তব্য বিটিচিৰ উপ মুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ।তেওঁ লগতে উল্লেখ কৰি কয়- বড়ো ভূমিত এতিয়া  সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজন নাই। ৰাজনৈতিক মুনাফাৰ বাবে কোনো ৰাজনৈতিক শক্তিৰ প্ৰৰোচনাতহে  গঠন হৈছে ইউ এল বি  সংগঠনৰ ।বি টি এ ডিৰ কোনো সমাজে ,কোনো লোকে গ্ৰহণ নকৰে ।ৰঞ্জন দৈমাৰীৰ মুক্তিৰ বাবে কোনো সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজন নাই বুলিও মন্তব্য কৰে । শেহতীয়াকৈ ইউ এল বি সংগঠন গঠন হোৱা আৰু তাৰপিছতেই দুজনক আৰক্ষীয়ে গুলিয়াই হত্যা কৰাৰ পিছত অশান্ত হৈ পৰিছে আৰু হত্যাৰ প্ৰতিবাদত প্ৰতিবাদ আৰম্ভ হৈছে। তেনে সময়তে এসময়ৰ  এন ডি এফ বিৰ নেতা বৰ্তমানৰ বিধায়ক তথা বিটি চিৰ উপ মূখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰা মন্তব্য তাৎপৰ্যপূৰ্ণ।আজি ওদালগুৰি জিলাৰ ৰেচম বিভাগৰ কাৰ্য্যালয়ত তেওঁ সাংবাদিকক নৱ গঠিত ইউ এল বি   সংগঠনটোৰ ওপৰত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই  তেওঁ আওপকীয়াকৈ নিজে গাদী দখল কৰাৰ পিছত ৰঞ্জন দৈমাৰীৰ দৰে নেতাৰ মুকলি সন্দৰ্ভত নিৰ্লিপ্ত ভূমিকা লোৱা নাই বুলি মন্তব্য কৰি অঞ্জলি দৈমাৰীকো সমালোচনা কৰে। আনফালে কোনোবা ৰাজনৈতিক নেতাৰ প্ৰৰোচনাতে নিৰীহ দুজন যুৱকৰ প্ৰাণ হানি হ’ল বুলি মন্তব্য কৰি এই হত্যাৰ তদন্ত হোৱা উচিত বুলি মন্তব্য কৰে। ওদালগুৰিত সাংবাদিকৰে হোৱা বাৰ্তালাপত বসুমতাৰীয়ে লগতে কয়- বিটিচিত সম্প্ৰতি সকলো জাতি জনগোষ্ঠীয়ে সম উন্নয়ন,সম অধিকাৰ লাভ কৰি থকাৰ সময়তে সশস্ত্ৰ সংগ্ৰাম দুৰ্ভাগ্যজনক।কাৰণ তেওঁলোকে সশস্ত্ৰ সংগ্ৰামৰ মাজেৰে ওলাই অহা নাই।ৰাজনৈতিক লাভালাভৰ বাবেই গঠন কৰা হৈছে।এনকাউন্টাৰযোগে দুজনকৈ নিৰীহ যুৱক নিহত হোৱাৰ ঘটনা কোনেও সমৰ্থন নকৰে।এনে ঘটনাৰ তদন্তৰ বাবে তদন্ত আয়োগ গঠন কৰা হৈছে।এই তদন্তৰ জৰিয়তে প্ৰকৃত ঘটনাৰ  তদন্ত হব বুলি তেওঁ লগতে উল্লেখ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে পুৱা ৱাশ্বিংটন ডিচিত তেওঁৰ তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ বাবে উপস্থিত হয়। প্ৰধানমন্ত্ৰী মোডীয়ে বৃহস্পতিবাৰে পুৱা ৩.৩০ বজাত (ভাৰতীয় সময়মতে) ৱাশ্বিংটন ডিচিৰ জয়েন্ট বেছ এণ্ড্ৰুজ এয়াৰবেচত অৱতৰণ কৰে।প্ৰধানমন্ত্ৰী মোডীক আমেৰিকাত বাস কৰা ভাৰতীয়সকলে ভাৰতীয় পতাকা উৰুৱাই আদৰণি জনাইছিল। প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰবাসী ভাৰতীয়সকলক উষ্ম আদৰণি জনোৱাৰ বাবে ধন্যবাদ জনায় ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা ভ্ৰমণৰ প্ৰথম দিনা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতত বিনিয়োগৰ সুযোগৰ ওপৰত আলোকপাত কৰিবলৈ আৰু ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্পৰ্ক গঢ়ি তোলাৰ উপায় অন্বেষণ কৰিবলৈ কোৱালকম, এডোব, প্ৰথম সৌৰ, সাধাৰণ পাৰমাণৱিক আৰু ব্লেকষ্টোনৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এটাৰ পিছত এটা বৈঠক তৈয়াৰ কৰে। শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে বৈঠক, অষ্ট্ৰেলিয়া আৰু জাপানৰ সৈতে দ্বিপাক্ষিক বৈঠক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ সৈতে তেওঁৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন আৰু জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাক প্ৰথমবাৰৰ বাবে ব্যক্তিগত ভাৱে অনুষ্ঠিত হোৱা কোৱাড বৈঠকত আতিথ্য দিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা সাক্ষাতৰ সময়ত সন্ত্ৰাসবাদৰ ক্ষেত্ৰত পাকিস্তানক কোণঠাসা কৰি ৰাখিছে।

‘দিঠকত হেৰাল সপোন’ৰ পৰিচালক পংকজ পল্লব শৰ্মালৈ ‘ইণ্ডিয়ান গ্ল’ৰী এৱাৰ্ড’ ২০২১

অসমীয়া গ্ৰাম্য  সমাজৰ জীৱনক লৈ নিৰ্মান কৰা “দিঠকত হেৰাল সপোন” কথাছবিখন পৰিচালনা কৰি সংস্কৃতিৰ পূজাৰী খ্যাত পঙ্কজ পল্লৱ শৰ্মাই লাভ কৰিছে ইণ্ডিয়ান গ্ল’ৰী এৱাৰ্ড ২০২১। পাঞ্জাৱ লুধিয়ানাৰ কাইটচ প্ৰডাকচনে আগবঢ়াইছে এই বিশেষ বটা।  বটা প্ৰাপ্ত পৰিচালক পঙ্কজ পল্লৱ শৰ্মাক দক্ষিণ ৰঙিয়া প্ৰেছ ক্লাৱত উষ্ণ আদৰণি জনোৱা হয়। সাংবাদিক অজন্তা চৌধুুৰীয়ে পৰিচালনা কৰা আদৰণি অনুষ্ঠানত  পৰিচালক গৰাকীক ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় কামৰূপ জিলা সাংবাদিক সংস্থাৰ সম্পাদক তৰণী চৰন কলিতা, জয়ন্ত কুমাৰ শৰ্মা আৰু ধ্ৰুব জ্যোতি ডেকাই। নিজৰ ভাষনত তৰণী চৰন কলিতাই পঙ্কজ পল্লৱ শৰ্মাক স্বাগতম জনাই ন ন কাম কৰি যাবলৈ শুভেচ্ছা জনায়। ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা পঙ্কজ পল্লৱ শৰ্মাক  ৰঙিয়াৰ গৌৰৱ আখ্যা দি সাংবাদিক জয়ন্ত কুমাৰ শৰ্মাই মুক্তি পাবলগীয়া পঙ্কজ পল্লৱ শৰ্মাৰ  পৰিচালনাৰ আৰু অজিত বৰ্মন  প্ৰযোজিত    “দিঠকত হেৰাল সপোন” ছবিখন উপভোগ কৰিবলৈ আহ্বান জনায়।  সম্বৰ্ধনা গ্ৰহণ কৰি পৰিচালকগৰাকীয়ে কয় “বঁটা- বাহনে নিজ কৰ্মক্ষেত্ৰত নতুন উদ্যমেৰে কাম কৰাৰ বাবে উৎসাহ যোগায়।” প্ৰসঙ্গক্ৰমে “সমতা সাহিত্য একাডেমী আগবঢ়োৱা কলা-নাট্য ৰাষ্ট্ৰীয় বঁটা২০১২, মুনলাইট মিডিয়া পৰিচালক পঙ্কজ পল্লৱ শৰ্মাই। লকডাউনৰ সময়চোৱাত  বিভিন্ন সমস্যাৰ আঁত ধৰি ইংৰাজী, অসমীয়া , হিন্দী ভাষাত প্ৰায় ষোল্লখনৰো অধিক  চুটি ছবি নিৰ্মাণ কৰি এক অভিলেখ সৃষ্টি কৰিছে । সুদক্ষ পৰিচালক পংকজ পল্লব শৰ্মাৰ প্ৰতিখন চুটি ছবি দৰ্শকে আকোঁৱালি লোৱা পৰিলক্ষিত হৈছে । তাৰে ভিতৰত অভিনেতা পৰিচালক পংকজ পল্লব শৰ্মাৰ কাহিনী, চিত্ৰনাট্য,সংলাপ আৰু পৰিচালনাৰে অক্টোপাছ (হিন্দী) , ভেঞ্চাৰ শিক্ষকৰ বিলৈ, ৰান্ধনীৰ বিলৈ, অধ্যয়ন কৰো আহক, কৰ’না, নলবৰীয়া ফুলাম জাপি ( ইংৰাজী) , বেলশৰ দেৱালয় (ইংৰাজী ), বালিসত্র দা টুৰিজিম স্পট অব আসাম  (ইংৰাজী ),  চাইলেন্ট কিলাৰ, ,  প্ৰাইভেট শিক্ষা, বাৰিষা, ধৰ্ষীতা ভনী অন্যতম। এই ছবি সমূহৰ জৰিয়তে সমাজৰ বিভিন্ন স্তৰৰ সমস্যা ৰাইজৰ আগত উপস্থাপন কৰা দেখা গৈছে । তাৰোপৰি পংকজ পল্লব শৰ্মাই চিত্ৰনাট্য,  সংলাপ আৰু পৰিচালনা কৰা   অন্য চুটিছবি কেইখন হৈছে ৰজী ভট্টৰ “পতি ধৰ্ম” , তিলক বৈশ্যৰ “ইচ্ছামৃত্যু কিমান গ্ৰহনযোগ্য”, ৰুদ্ৰকান্ত শৰ্মাৰ “অভিশপ্ত বাৰ্থডে”,  আৰু এম মহিবুৰ ৰহমানৰ কাহিনীৰে “চাৰপ্ৰাইজ”। অভিনয় শিক্ষাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান সংগীত স্কুল অৱ ড্ৰামাৰ নিবেদন আৰু জয়ন্তজিত কলিতাৰ প্ৰযোজনাত নিৰ্মিত প্ৰতিখন ছবি ইতিমধ্যে দৰ্শকৰ  মাজত আলোড়ন সৃষ্টি কৰিছে  আনহাতে বহুচৰ্চিত চুটিছবি  অক্টোপাছে ৰাষ্টীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে । এই চুটিছবি সমূহৰ জড়িয়তে অভিনেতা পৰিচালক পংকজ পল্লব শৰ্মাই অসমৰ বিভিন্ন ঠাইৰ প্ৰতিভাসম্পন্ন  যুবক যুৱতীক এখন মঞ্চ দিবলৈ চেষ্টা কৰিছে তাৰোপৰি কম সময়ৰ ভিতৰত ইমান কেইখন জনপ্ৰিয় চুটিছবি ৰাইজক উপহাৰ দিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি “দি চাইলেন্ট কিলাৰ” নামৰ ৱেব চিৰিজ এখন পৰিচালনা কৰি ড্ৰাগছৰ বিৰুদ্ধে  সাংস্কৃতিক প্ৰতিবাদ কৰি আছে।

বৰপেটা চহৰৰ মাটিৰ দালালৰ বাসগৃহত আৰক্ষীৰ অভিযান

বৰপেটা সদৰ থানাৰ আৰক্ষীয়ে  বৰপেটা চহৰৰ তিনিজনকৈ মাটিৰ দালালৰ বাসগৃহত  তালাচী অভিযান  চলায়।  বৰপেটা চহৰৰ ধৃত ৰমেন দাস, ধ্ৰুৱ  দাস আৰু গোবিন্দ দাসৰ বাসগৃহত আৰক্ষীয়ে  অভিযান চলায় ৷ বৰপেটাৰ উপ আৰক্ষী অধীক্ষক সমুদ্ৰ দপ্তৰ বৰুৱাৰ নেতৃত্বত চলোৱা তালাচীৰ সময়ত ৰমেন দাসৰ ঘৰৰ পৰা মাটিৰ দলিলকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ নথি পত্ৰ জব্দ কৰিবলৈ শৈক্ষম হয় আৰক্ষীয়ে ৷ ইপিনে বৰপেটা চহৰত মাটিৰ দালালৰ বাসগৃহত চলা তালাচী সম্পৰ্কত আৰক্ষীয়ে সাংবাদিকক কোনো তথ্য প্ৰদান নকৰিলে ৷উল্লেখ্য যে বৰপেটাত গ্ৰেপ্তাৰ হোৱা ৪৩ জনকৈ মাটিৰ দালালৰ ভিতৰত ৯ জনক ৭ দিনৰ আৰক্ষী জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে

দুলীয়াজানত আটাছুৰ উত্তাল প্ৰতিবাদ : জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ২ ঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী

 ভাৰত চৰকাৰ আৰু অসম চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক  জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু কেন্দ্ৰীয় চৰকাৰে শাসনৰ গাদীত বহিয়েই নিৰ্বাচনী প্ৰতিশ্ৰুতি পাহৰি ছয় জনগোষ্ঠীক চৰম বিশ্বাসঘাটকতা কৰিছে । কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কোনো কাৰণতে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব পৰা নাযাব বুলি যি ভাষ্য প্ৰদান কৰে ইয়ে প্ৰমাণ কৰিলে বি জে পি দল আৰু চৰকাৰৰ ছয় জনগোষ্ঠীৰ প্ৰতি থকা প্ৰকৃত মনোভাৱ প্ৰকাশ পাইছে বুলি মন্তব্য কৰে আটাছুয়ে । এই দৰে বাৰম্বাৰ অসমৰ ছয় জনগোষ্ঠীক প্ৰতিশ্ৰুতি প্ৰদান কৰি চৰকাৰে চৰম প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি অহাৰ প্ৰতিবাদত আটাছু ডিব্ৰুগড় জিলা সমিতিৰ আহ্বানৰ্মমে আজি পুৱা ১০.৩০ বজাৰ পৰা দুলীয়াজান আঞ্চলিক তাই আহোম ছাত্ৰ সন্থাই দুলীয়াজান পিপলতল তিনিআলিত ২ ঘণ্টীয়া প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি চৰকাৰক সকীয়াই দিয়ে যে জনজাতিকৰণ বিষয়টো লৈ কেন্দ্ৰ ৰাজ্য কোনো এখন চৰকাৰে ভেকুভাওনা নকৰি সদিচ্ছাৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনায় । অন্যথা আটাছু আৰু  ছয় জনগোষ্ঠীৰ ৰাইজে কোনো কাৰণতে ক্ষান্ত নহৈ  যেতিয়া লৈকে চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নকৰিব তেতিয়ালৈকে গণতান্তিক ভাৱে আটাছুয়ে সৰ্বত্ৰে প্ৰতিবাদ কৰি যাব বুলি সকীৰণি দিয়ে ।

প্ৰধানমন্ত্ৰী মোডীৰ ৭১সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

দুটা দশকজুৰি দেশৰ হকে সেৱা আগবঢ়ায় অহা ভাৰতৰ জনপ্ৰিয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭১ সংখ্যক জন্ম দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যিক BJP য়ে “সেৱা আৰু সমাৰ্পন” নামেৰে ২০ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে পালন কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নেশ্যনেল মেডিক’জ অৰ্গেনাইজেশ্বন চমুকৈ NMO সহযোগত ২২,২৩,২৪ ছেপ্টেম্বৰ অৰ্থাৎ জাগীৰোড, মৰিগাঁও, লাহৰিঘাটত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰিছে। উক্ত চিকিৎসা শিবিৰত চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক সকল হৈছে ক্ৰমে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অহা ডাঃৰক্তিম তামুলী,ডাঃ মৃণাল হালৈ,ডাঃ চিৰঞ্জীৱ কৈৰালা আৰু বঘৰা ৰাজ্যিক চিকিৎসালয়ৰ ডাঃ অমৰজ্যোতি ডেকাই।

তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে আমেৰিকাত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত হোৱা এই চতুৰ্থাংশ বৈঠক আৰু ভাষণকে ধৰি কেইবাটাও দ্বিপাক্ষিক আৰু বহুপাক্ষিক কাৰ্যসূচীৰ পূৰ্বে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হয়।দুবছৰৰ ভিতৰত প্ৰধানমন্ত্ৰী মোডীৰ এইটো প্ৰথম আমেৰিকা ভ্ৰমণ, য’ত দেশখনত শাসনৰ পৰিৱৰ্তনও দেখা গৈছে। প্ৰধানমন্ত্ৰী মোডীয়ে শুকুৰবাৰে হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে প্ৰথমব্যক্তিগত দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত কৰিব আৰু তাৰ পিছত কোৱাড নেতাসকলৰ সন্মিলন অনুষ্ঠিত হ’ব।বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে পাঁচটা মুখ্য কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক সাক্ষাৎ কৰিব– কোৱালকম, এডোব, প্ৰথম সৌৰ, সাধাৰণ পাৰমাণৱিক আৰু ব্লেকষ্টোন। তাৰ পিছত তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনক উইলাৰ্ড হোটেলত লগ কৰিব।ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ কৰিবলৈ আইজেনহাৱাৰ কাৰ্যবাহী কাৰ্যালয় ভৱনলৈ ৰাওনা হ’ব।ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে শনিবাৰে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ (ইউএনজিএ) ৭৬ তম অধিৱেশনত ভাষণ দিব। নিউয়ৰ্ক ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোডীয়ে ম্যানহাটানৰ লোটে নিউয়ৰ্ক পেলেচ হোটেলত থাকিব।

স্বচ্ছ ভাৰত গঢ় দিয়াৰ দিশত Dr. JKSH Medical Collegeৰ ছাত্ৰ একতা সভাৰ সদস্যসকল

Dr. JKSH Medical College ছাত্ৰ একতা সভাৰ সদস্য সদস্যা সকলে স্বচ্ছতাৰ‌ দিশত মহাবিদ্যালয়ৰ সকলোকে অনুপ্ৰাণিত কৰিবৰ বাবে মহাবিদ্যালয়ৰ বহি চিকিৎসা বিভাগ অংশটো পৰিস্কাৰ কৰে । ছাত্ৰ একতা সভাৰ সদস্য সদস্যা সকলে ২ অক্টোবৰ “গান্ধী জয়ন্তী” প্ৰৰ্যন্ত ছাত্ৰ একতা সভাই স্বচ্ছ ভাৰত গঢ় দিয়াৰ দিশত হাতত লোৱা বিভিন্ন কাৰ্যসূচী সমূহত মহাবিদ্যালয়ৰ সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান‌ জনায় ।

নাজিৰাত মুখ্যমন্ত্ৰীৰ দূৰ্নীতি বিৰোধী পদক্ষেপক বুঢ়া আঙুলি

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অব্যাহত থকা দূৰ্নীতি বিৰোধী অভিযানকো কেৰেপ নকৰি তথা মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপক বুঢ়া আঙুলি দেখুৱাই একাংশ চৰকাৰী বিভাগৰ বিষয়া – কৰ্মচাৰী আৰু ঠিকাদাৰে মিলি অবাধ দূৰ্নীতি – অনিয়মৰ জৰিয়তে লুণ্ঠন ৰাজ অব্যাহত ৰাখিছে । শেহতীয়াকৈ  ৰাজ‍্যিক লোক নিৰ্মাণ বিভাগৰ অধীনস্থ তথা নাজিৰা মহকুমাৰ অন‍্যতম গুৰুত্বপূৰ্ণ  ঐতিহাসিক মাদুৰি গোহাঁই আলি নিৰ্মাণত ব‍্যাপক অনিয়ম হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰি ইয়াৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে স্থানীয় ৰাইজ । লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্ম‌চাৰীৰ চুড়ান্ত অৱহেলা,  অমনোযোগিতাত  ঠিকাদাৰ পক্ষই নিজ খেয়াল খুচি মতে পথ নিৰ্মাণ কৰাত পথটো নিৰ্মাণ কালতেই ফাট মেলাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ তথা দল সংগঠন । বিভাগীয় বিষয়া-কৰ্মচাৰীৰ দায়িত্বহীনতাৰ বাবেই  ঠিকাদাৰে  এনেদৰে অনিযমৰ মাজেৰে চলাই যোৱা   পথটোৰ নিৰ্মাণ কাৰ্য্য আজি স্থানীয় ৰাইজে বন্ধ কৰি দিবলৈ বাধ‍্য হয় ।  স্থানীয় ৰাইজ তথা দল সংগঠনে কৰা অভিযোগ অনুসৰি  স্থানীয় ৰাইজৰ দীৰ্ঘ দিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত  নাজিৰা নগৰৰ বৰতলাৰ পৰা মেছাগড় তিনিআলি সংযোগী এই পথটো দুটা খণ্ডত বিভক্ত কৰি লোক নিৰ্মাণ বিভাগে বিভাগীয় ঠিকাদাৰৰ দ্বাৰা পুণৰ নিৰ্মাণ কাৰ্য্য   চলায় ।   ইয়াৰে মাদুৰি চাৰিআলি সমীপৰ পৰা মেছাগড়  তিনিআলি পৰ্য্যন্ত অংশটো  পেভাৰ ব্লকৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে যদিও পথটো আৰম্ভণিৰে পৰাই অনিয়ম  আৰু  অতি লেহেমীয়া গতিৰে নিৰ্মাণ কাৰ্য্য চলাই আহিছে । বিগত ৰ্বষৰ অক্টোবৰ মাহতেই আৰম্ভ কৰা  পথটোৰ প্ৰায় ৪ কি: মি: অংশ আজি এবছৰেও নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰাতো চৰম আশ্বৰ্য্যকৰ। তদুপৰি পথটো নিৰ্মাণতো ব‍্যাপক অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । পথটো পেভাৰ ব্লকেৰে নিৰ্মাণ কৰাৰ পুৰ্বে যাৱতীয় নীতি নিয়মেৰে  ‘ ডব্লিউ বি এম ‘প্ৰস্তুতি সম্পূৰ্ণ নকৰাৰ  উপৰি নিৰ্মাণ কাৰ্য্যত  নিম্মমানদণ্ডৰ পেভাৰ ব্লক ব‍্যৱহাৰ কৰা, পথৰ দুয়ো কাষৰ সুৰক্ষামুলক কংক্ৰিটৰ গঠঁনীৰ আকাৰ ১২’/৮ ‘ পৰিবৰ্তে  ঠাই বিশেষে  ৮’/৬’ , ৮’ / ৫’  কৰাত পথটো ফাট মেলাৰ লগতে বহু ব্লক ভাগি যোৱা পৰিলক্ষিত হৈছে । ইফালে পথটোৰ নিৰ্মাণৰ সময়ছোৱাত বিভাগীয় কৰ্মচাৰী নিয়মীয়াকৈ উপস্থিত থকাৰ উপৰি বিভাগীয় অভিযন্তাই সময় সাপেক্ষে পৰ্য্যবেশন কৰিব লাগে যদিও আজি পৰ্য্যন্ত বিভাগীয় কোনো বিষয়া কৰ্মচাৰী উপস্থিত নথকা বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে । এনে এক পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি  ঠিকাদাৰ পক্ষই নিজ খুচিমতে অনিয়মৰ মাজেৰে  পথৰ নিৰ্মাণ কাৰ্য্য চলাই যোৱাত ৰাইজ ক্ষুব্ধ হৈ পৰে আৰু এনে অনিয়মৰে চলোৱা নিৰ্মাণ বন্ধ কৰি দিয়ে । ইফালে ৰাইজে নিৰ্মাণ কাৰ্য্য বন্ধ কৰি দিয়াৰ পিছত আজি পথ নিৰ্মাণ স্থলীত উপস্থিত হয় ৰাজ‍্যিক লোক নিৰ্মাণ বিভাগৰ  এক বিষয়া – কৰ্মচাৰী দল। স্থানীয় ৰাইজ তথা দল সংগঠনৰ নেতৃবৰ্গ‌ই  বিভাগীয় দলটোক পথ নিৰ্মাণৰ অনিয়ম আঙুলিয়াই পথটো আঁচনি অনুসৰি নিৰ্মাণ কৰাৰ দাবী জনায় । সেই মৰ্মে বিভাগীয় বিষয়াই লোক নিৰ্মাণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ উপস্থিতিত ইতিমধ্যে ক্ৰুতিপুৰ্ণ ভাবে নিৰ্মাণ কৰা অংশ পুণৰ নিৰ্মাণৰ ব‍্যৱস্থা গ্ৰহণ কৰাৰ লগতে পথটোৰ বাকী অংশ সঠিকভাৱে নিৰ্মাণৰ নিৰ্দেশ দিয়ে ।