Breaking

ইউ এল বিৰ জন্মৰ আঁৰত জড়িত ৰাজনৈতিক চক্ৰ : গোবিন্দ বসুমতাৰী

0 2,095

বৰ্তমান সময়ত ইউ এল বিৰ কোনো প্ৰয়োজন নাই।বিটিচিত এতিয়া তেওঁলোকক কোনেও গ্ৰহন নকৰে।ইউ  এল বিৰ জন্মৰ আঁৰত ৰাজনৈতিক চক্ৰ জড়িত আছে।এই বিস্ফোৰক মন্তব্য বিটিচিৰ উপ মুখ্য কাৰ্যবাহী তথা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ।তেওঁ লগতে উল্লেখ কৰি কয়- বড়ো ভূমিত এতিয়া  সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজন নাই। ৰাজনৈতিক মুনাফাৰ বাবে কোনো ৰাজনৈতিক শক্তিৰ প্ৰৰোচনাতহে  গঠন হৈছে ইউ এল বি  সংগঠনৰ ।বি টি এ ডিৰ কোনো সমাজে ,কোনো লোকে গ্ৰহণ নকৰে ।ৰঞ্জন দৈমাৰীৰ মুক্তিৰ বাবে কোনো সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজন নাই বুলিও মন্তব্য কৰে । শেহতীয়াকৈ ইউ এল বি সংগঠন গঠন হোৱা আৰু তাৰপিছতেই দুজনক আৰক্ষীয়ে গুলিয়াই হত্যা কৰাৰ পিছত অশান্ত হৈ পৰিছে আৰু হত্যাৰ প্ৰতিবাদত প্ৰতিবাদ আৰম্ভ হৈছে। তেনে সময়তে এসময়ৰ  এন ডি এফ বিৰ নেতা বৰ্তমানৰ বিধায়ক তথা বিটি চিৰ উপ মূখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে সশস্ত্ৰ সংগ্ৰামৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰা মন্তব্য তাৎপৰ্যপূৰ্ণ।আজি ওদালগুৰি জিলাৰ ৰেচম বিভাগৰ কাৰ্য্যালয়ত তেওঁ সাংবাদিকক নৱ গঠিত ইউ এল বি   সংগঠনটোৰ ওপৰত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই  তেওঁ আওপকীয়াকৈ নিজে গাদী দখল কৰাৰ পিছত ৰঞ্জন দৈমাৰীৰ দৰে নেতাৰ মুকলি সন্দৰ্ভত নিৰ্লিপ্ত ভূমিকা লোৱা নাই বুলি মন্তব্য কৰি অঞ্জলি দৈমাৰীকো সমালোচনা কৰে। আনফালে কোনোবা ৰাজনৈতিক নেতাৰ প্ৰৰোচনাতে নিৰীহ দুজন যুৱকৰ প্ৰাণ হানি হ’ল বুলি মন্তব্য কৰি এই হত্যাৰ তদন্ত হোৱা উচিত বুলি মন্তব্য কৰে। ওদালগুৰিত সাংবাদিকৰে হোৱা বাৰ্তালাপত বসুমতাৰীয়ে লগতে কয়- বিটিচিত সম্প্ৰতি সকলো জাতি জনগোষ্ঠীয়ে সম উন্নয়ন,সম অধিকাৰ লাভ কৰি থকাৰ সময়তে সশস্ত্ৰ সংগ্ৰাম দুৰ্ভাগ্যজনক।কাৰণ তেওঁলোকে সশস্ত্ৰ সংগ্ৰামৰ মাজেৰে ওলাই অহা নাই।ৰাজনৈতিক লাভালাভৰ বাবেই গঠন কৰা হৈছে।এনকাউন্টাৰযোগে দুজনকৈ নিৰীহ যুৱক নিহত হোৱাৰ ঘটনা কোনেও সমৰ্থন নকৰে।এনে ঘটনাৰ তদন্তৰ বাবে তদন্ত আয়োগ গঠন কৰা হৈছে।এই তদন্তৰ জৰিয়তে প্ৰকৃত ঘটনাৰ  তদন্ত হব বুলি তেওঁ লগতে উল্লেখ কৰে।

Leave A Reply