বি টি আৰৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োৱে ১০ আগষ্টত ওদালগুৰি জিলা সদৌ অসম ছাত্ৰ সন্থা, অসম গোৰ্খা সন্মিলন আৰু অসম নেপালী সাহিত্য সভাৰ কাৰ্য্যলয়ত উপস্থিত হৈ সমিতিৰ বিষয়বীয়া সকলৰ লগত মিলিত হৈ গোৰ্খাসকলৰ বিভিন্ন সমস্যাৰ বুজ লয়। গোৰ্খাসকলৰ তিনিওটাই সংগঠন এক হৈ বি টি আৰ প্ৰমুখক স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ গ্ৰহন কৰি প্ৰমোদ বড়োৱে যিমান পাৰি সোনকালে আৰু এটা এটাকৈ সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। বি টি আৰ প্ৰমুখ প্ৰমোদ বড়োক অসম গোৰ্খা সন্মিলন, গোৰ্খা ছাত্র সন্থা আৰু নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিয়ে একোখনকৈ সম্বৰ্ধনা পত্ৰ, মোমেন্টো, খুকুৰী প্ৰদান কৰি সম্বৰ্ধনা জনায়। বি টি আৰ প্ৰমুখৰ লগত গোৰ্খা জনগোষ্ঠীৰ মনোনীত পাৰ্ষদ মাধৱ ছেত্ৰী, কাৰ্য্যবাহী সদস্য উইল্ছন হাজ্দা, পাৰ্ষদ সঞ্জয় স্বৰ্গীয়াৰী, ৰাকেশ ব্ৰহ্মও উপস্থিত থাকে। উক্ত অনুষ্ঠানত অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় উপ সভানেত্ৰী কল্পনা শৰ্মা, সাধাৰণ সম্পাদক লক্ষ্মী চেঢ়াই, উপদেষ্টা কুবেৰ ছেত্ৰী,সদস্য কৃষ্ণ মিজাৰ, ভীষ্ম উপাধ্যায়, বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি দিলু শৰ্মা,উপসভাপতি ঋষিৰাম পোখ্ৰেল, সদস্য কৃষ্ণ গিৰি, ওদালগুৰি জিলা সমিতিৰ সভাপতি পৱন লুইটেল, কাৰ্য্যকৰী সভাপতি ভূৱন ধমালা, উপ সভাপতি পৰ্শুৰাম ছেত্ৰী, ডিল্লিৰাম শৰ্মা, হোমনাথ পৌডেল, উপদেষ্টা ৰমেশ দাহাল, ওদালগুৰি জিলা গোৰ্খা মহিলা প্ৰকোষ্ঠৰ সভানেত্ৰী হীৰা মিশ্ৰ, কাৰ্য্যকৰী সভানেত্ৰী অঞ্জু দেৱী, উপ সভানেত্ৰী ইন্দিৰা কটুৱাল, সাধাৰণ সম্পাদিকা তমন্না শৰ্মা, প্ৰচাৰ সম্পাদিকা হীৰা দেৱী কটুৱাল, সাংস্কৃতিক সম্পাদিকা হিমা খড্কা, সদস্যা ৰঞ্জু দেৱী, ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সোমৰাজ সোনাৰ, সাধাৰণ সম্পাদক সঞ্জীৱ খতিওড়া, বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ উপ সভাপতি ৰোহিত দাহাল, সহ সম্পাদক পুৰ্ণ বিষ্ট, অসম নেপালী সাহিত্য সভা বি টি আৰ ক্ষেত্ৰীয় সমিতিৰ কাৰ্য্যকৰী সভাপতি গায়ত্ৰী ভট্টৰাই, ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰী, সাধাৰণ সম্পাদক মোহন ৰাউত, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুষ্পধৰ শৰ্মা, বিশিষ্ট সাহিত্যিক তাৰাপতি উপাধ্যায়, বিদ্যাপতি দাহাল আদি উপস্থিত থাকে।
এছ এছ বিৰ অমৃত মহোৎসৱ উদযাপন উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ন
ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে যোৱা ১০আগষ্টৰ পৰা ১২ আগষ্টলৈ লালপুৰস্থিত এছ এছ বিৰ ২৩নম্বৰ বাহিনীয়ে তিনিদিনীয়াকৈ স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা হয়।এই উপলক্ষে ফুটবল,যোগা আৰু ১২ কি:মি: দৌৰৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়।ভাৰতৰ সকলো নাগৰিক শাৰিৰীক চৰ্চাৰ জৰিয়তে যাতে এক সু-স্বাস্থ্যৰ অধিকাৰী হয় এই লক্ষ্যৰে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰা হয়।এছ এছ বিৰ কাৰ্যবাহী কমাণ্ডেন্ট কাইখ’ আঠিলোৱে সকলো বিষয়া-কৰ্মচাৰী সকলক উৎসাহ তথা অনুপ্ৰেৰণা প্ৰদান কৰাৰ লগতে নিজৰ স্বাস্থ্য আৰু শাৰিৰীক চৰ্চা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।উক্ত তিনিওদিনৰ কাৰ্যসূচীতে এছ এছ বিৰ লালপুলস্থিত অধিকাৰী সকল,বিষয়া-কৰ্মচাৰীৰ লগতে অঞ্চলটোৰ পুৰুষ-মহিলা আৰু যুৱক-যুৱতী সকলে অংশ গ্ৰহন কৰে।

লাভলীনাক অসম আৰক্ষীৰ ডি এছ পি পদ প্ৰদান মুখ্যমন্ত্ৰীৰ

টকিঅ’ অলিম্পিকত পদক লাভেৰে অসম তথা ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডি এছ পি চাকৰিত যোগদান কৰিবলৈ নিমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ।
গুৱাহাটীৰ এটা পথ লাভলীনা বৰগোহাঁইৰ নামেৰে নামকৰণ কৰা হ’ব।
এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
লাভলীনাৰ নামত সৰুপথাৰত ষ্টেডিয়াম নিৰ্মাণ কৰিব চৰকাৰে।
লাভলীনা বৰগোহাঁইৰ চাৰিগৰাকী প্ৰশিক্ষকক ১০ লাখ টকাকৈ প্ৰদান কৰিব অসম চৰকাৰে।
পেৰিছ অলিম্পিকলৈ প্ৰস্তুতি চলাবলৈ প্ৰতিমাহে লাভলীনালৈ চৰকাৰে আগবঢ়াব ১ লাখ টকাৰ বিশেষ জলপানী।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লাভলীনা বৰগোহাঁইক সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লাভলীনা বৰগোহাঁইৰ হাতত প্ৰদান কৰিলে এই ১ কোটি টকাৰ চেক।
GST সংস্কাৰ চৰকাৰৰ সাহসী সিদ্ধান্তঃ প্রধানমন্ত্রী মোদী
কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্রী, চমুকৈ চি আই আইৰ কার্যসূচী ভার্চুৱেলযোগে সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পূর্বৰ কংগ্রেছ নেতৃত্বাধীন এন ডি এ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ জি এছ টি সংস্কাৰ এন ডি এ চৰকাৰৰ সাহসী সিদ্ধান্ত বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ৰাজনৈতিক শংকাৰ বাবেই পূর্বৰ ইউ পি এ চৰকাৰে জি এছ টি সংস্কাৰত বিলম্ব কৰিছিল৷ চৰকাৰখনে সাহস গোটাব পৰা নাছিল৷
কিন্তু জি এছ টি সংস্কাৰৰ ক্ষেত্রত তেওঁৰ নেতৃত্বাধীন চৰকাৰখনে সাহসী সিদ্ধান্ত গ্রহণ কৰিলে৷ আমাৰ চৰকাৰে জি এছ টি বলৱৎ কৰাই নহয়, অভিলেখসংখ্যক জি এছ টি সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ আনপিনে, বিগত কিছু বছৰ ধৰি অর্থনৈতিক সংস্কাৰৰ বাবেই দেশত প্রত্যক্ষ বিদেশী বিনিয়োগ বৃদ্ধি পাইছে৷ মহামাৰীৰ সময়তো আনকি চৰকাৰখনে সাহসী সিদ্ধান্ত গ্রহণ কৰিছে৷ মহামাৰীৰ ফলত বিধ্বস্ত হোৱা অর্থনীতি পুনৰ উজ্জীৱিত হ’বলৈ আগবাঢ়ি গৈ আছে বুলিও প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে৷
বিশ্বনাথ চাৰিআলিৰ পৰিত্যক্ত দোকানৰ বাৰণ্ডাত বৃদ্ধ দম্পতীৰ জীৱন সংগ্ৰাম
বিশ্বনাথ চাৰিআলিৰ সৎসংগ উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষৰ এখন পুৰণি দোকানৰ বাৰণ্ডা জীৱন সংগ্ৰাম চলাই আহিছে এহাল বৃদ্ধ দম্পতীয়ে। ভিতৰৰ পৰা আকাশ দেখা এই বৃদ্ধ দম্পতীৰ বাবে যেন ৰদ বৰষুণ একোৱেই নাই। কোনোবাই মৰম কৰি কিবা এটা দিছে ,তাকেই তৃপ্তিৰে খাই জীৱনৰ কঠিন যুঁজ খন চলাই নিছে এওঁলোকে। তাৰবাবে কোনো আক্ষেপ নাই তেওঁলোকৰ। বিশ্বনাথ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰতে থকা এই এই পৰিয়ালটোৰ খবৰ লবলৈ যেন কৰোৱেই আহৰি নাই। চিনি পোৱা দুই একে কেতিয়াবা দান কৰা খাদ্য সামগ্ৰীৰে বাৰণ্ডাৰ এটা চুকত ৰান্ধি খোৱাৰ দৃশ্য হৃদয়স্পৰ্শী। বিশ্বনাথ চাৰিআলিৰ কলেজ ৰোডৰ সমীৰ ঘোষ (৬৮) নামৰ এজন ব্যক্তি ৰ কথাই উল্লেখ কৰা হৈছে এই প্ৰতিবেদনত। পূৰ্বে কলেজ ৰোডৰ এটা স্থানত আছিল তেওঁলোকৰ বাসগৃহ। ঘৰৰ অৱস্থা ও আছিল স্বচ্ছল। এইয়া ৩০/৩৫ বছৰৰ আগৰ কাহিনী।তেতিয়াৰ সফল ডেকা সমীৰে বিয়া কৰাইছিল ঢেকিয়াজুলিৰ কাজলক। নিজৰ কৰ্মৰ মাজৰে সংসাৰ চলাই যোৱা সমীৰ আৰু পত্নী কাজল ঘোষৰ জীৱনলৈ আহিছিল তিনিটি কন্যা সন্তান। সমীৰৰ সেই সংসাৰত এটা নামি আহিল দুৰ্যোগ। বিভিন্ন বেমাৰৰ বাবে নিজৰ ভেটি মাটি কোনো ধনৰ বিনিময়ত বেলেগক দি দিব লগা হল। তাৰ পিছতবিভিন্ন স্থানত ঘুৰি পকি ফুৰিবলগা হল তেওঁ। কাৰিকৰৰ কাম কৰি পেট মোকলৱা ঘোষে বিশ্বনাথ চাৰিআলি পুৰণা আদালতৰ ওচৰত চাহৰ দোকান দি পেট মোকলাইছিল । কিন্তু লাহে লাহে বয়স ৰ সৈতে হাৰ মানিলে তেওঁ। কাম কৰিব নোৱাৰা হল তেওঁ। যাৰ বাবে এতিয়া এই জৰাজীৰ্ণ বাৰণ্ডা খনেই হৈ পৰিছে তেওঁ লোকৰ আশ্ৰয় স্থল। সমীৰঘোষৰ তিনিজনী ছোৱালী বিয়াহৈ গল বিভিন্ন স্থানলৈ। তেওঁলোকো প্ৰায়েই আহি খবৰ লয় পিতৃ মাতৃৰ। ঘৰলৈ নিব খুজিলে যাবলৈ মান্তি নহয় অভিমানি ঘোষ দম্পতি। তেওঁলোকৰ আশা- আমি ভূমিহীন, চৰকাৰে আমাক মাটি দিব। আমি খিলঞ্জীয়া নহয় নেকি? এই দৰে অশ্ৰুসিক্ত নয়নৰে প্ৰশ্ন কৰিলে সমীৰ ঘোষে। লগে লগে উচাপি উঠিল কিছু পৰিমাণে হতাশ গ্ৰস্ত হৈ মানসিক ভাবে ভাঙি পৰা পৰিবাৰ কাজল ঘোষে। এৰা এইয়া জীৱনৰ বিয়লি বেলাত লোকৰ তেওঁ লোকৰ জীৱন সংগ্ৰাম।খিলঞ্জীয়াক ঘৰ, মাটি দিম বুলি শাসনলৈ অহা ড:হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনৰ বাৰু বিশ্বনাথৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ কথা ভাবিবলৈ আহৰি ওলাবনে ?
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সংবাদমেল
স্বাধীনতা ৭৫ তম বৰ্ষপুৰ্তী লগত সংগতি ৰাখি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে গ্ৰহণ কৰিবলৈ লোৱা কাৰ্যসুচী সম্পৰ্কত অখিল আৰতীয় বিদ্যাৰ্থী পৰিষদৰ তিনিচুকীয়া জিলাৰ সমিতিয়ে আজি এক সংবাদমেলত ঘোষণা কৰে | অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে জানিবলৈ দিয়া অনুসৰি অসমৰ প্ৰতিখন গাঁৱত গৈ তেওঁলোকে ৰাইজৰ সহযোগত জাতীয় পতাকা উত্তোলন কৰিব| তিনিচুকীয়া জিলাখনতো অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হব বুলি ছাত্ৰ সংগঠনটোৱে জানিবলৈ দিয়ে|ছাত্ৰ সংগঠনটোৱে জিলাখনৰ অন্তৰ্গত প্ৰতিখন গাঁৱত গৈ এই কাৰ্যসুচী ৰূপায়ণ কৰিব বুলি আজি সংবাদমেলত ঘোষণা কৰে|
বাক্সাত চিলাই মেচিন চুৰিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত কনিষ্ঠ অভিযন্তা
বাক্সাৰ জিলাৰ জালাহ খণ্ড উন্নয়ণ বিষয়াৰ কাৰ্যালয়ত চিলাই মেচিনৰ নামত সংঘটিত এক দুৰ্নীতিৰ ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ জানিব পৰামতে উন্নয়ণ খণ্ডটোৰ জয় দাস নামৰ কনিষ্ঠ অভিযন্তা গৰাকীয়ে ১০ আগষ্টত কাৰ্যালয় ছুটীৰ পিচত আবেলি গুদামঘৰৰ পৰা চাৰিটাকৈ চিলাই মেচিন চুৰি কৰিবলৈ লোৱাৰ সময়তে স্থানীয় ইউপিপিএল কৰ্মীয়ে হাতে-লোটে ধৰা পেলায় ৷ পিচত ঘটনা সম্পৰ্কত ইউপিপিএল দলে প্ৰশাসনক অৱগত কৰে ৷ চিলাই মেচিন চুৰি ঘটনাৰ ২৪ ঘন্টা নৌহওতেই বিটিচি প্ৰশাসনে কনিষ্ঠ অভিযন্তা গৰাকীক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বন কৰে আৰু কালি বিয়লিৰ ভাগত কাৰ্যালয়টোত উপস্থিত হৈ এক সভাৰ জৰিয়তে বিটিচিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই চৰকাৰৰ হৈ কাৰ্যালয় কৰ্তৃপক্ষৰ হাতত অৰ্পণ কৰে কনিষ্ঠ অভিযন্তা গৰাকীৰ নিলম্বন পত্ৰ ৷ যেতিয়ালৈকে তদন্ত শেষ নহয় তেতিয়ালৈকে অভিযুক্ত কনিষ্ট অভিযন্তা গৰাকীক নিলম্বন কৰা বুলি জানিব দিয়াৰ লগতে এক উচ্চস্তৰীয় তদন্ত প্ৰক্ৰিয়া ঘোষণা কৰা হ’ব বুলিও উল্লেখ কৰে কাৰ্যবাহী সদস্য গৰাকীয়ে । নিলম্বন পত্ৰ প্ৰদান কৰি কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ইউপিপিএল দলে কোনো কাৰণতে বিটিআৰ অঞ্চলত দুৰ্নীতি তথা অনিয়মক প্ৰশ্ৰয় দিয়া নহ’ব বুলি সকলো পক্ষক সকীয়াই দিয়ে ৷ ইফালে অভিযন্তা জয় দাসে সমস্ত ঘটনা সচাঁ বুলি স্বীকাৰ কৰিছে যদিও তেওঁ কোনো দুখীয়া লোকক সহায় কৰাৰ উদ্দেশ্যেহে তেনে কাৰ্য কৰা বুলি জানিবলৈ দিয়ে সাংবাদিকক ।
বক্সিং ৰাণীক আদৰিবলৈ সাজু ধনশিৰি বাসী
ব্ৰঞ্জৰ পদকেৰে ভাৰতবাসীলৈ বিশ্ব ইতিহাসৰ এটি বৰ্ণিল অধ্যায় আজুৰি অনা অসম কন্যা লাভলীনা বৰগোহাঁইক আদৰিবলৈ উখল মাখল হৈ পৰিছে সমগ্ৰ ধনশিৰি মহকুমা । মহকুমাটোৰ প্ৰত্যেকজন ব্যক্তি, আত্মীয়-কুটুম, গাঁও বাসী, অধ্যয়ন কৰা বিদ্যালয় কেইখনৰ শিক্ষক-শিক্ষয়িত্ৰী, প্ৰশিক্ষক, সহপাঠী, ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন, বিত্তীয় প্ৰতিষ্ঠান আদি সকলোৱে ব্যাপক তৎপৰতাৰে সাজু হৈছে বক্সাৰগৰাকীক স-সন্মানেৰে আদৰিবলৈ । মহকুমাটোৰ লগতে বৰপথাৰ নগৰৰ পৰা লাভলীনাৰ ঘৰলৈ যোৱা পথটি এতিয়া ভৰি পৰিছে লাভলীনালৈ অভিনন্দন আৰু স্বাগতম জনোৱা বেনাৰ, হৰ্ডিং আৰু তোৰণেৰে । ইফালে কেঁচা মাটিৰ গোন্ধত বোকা পানী খছকি ডাঙৰ দীঘল হোৱা বৰপথাৰৰ সেই বিশেষ গাঁও খনত চলিছে মৰমৰ লাভলীনাক আদৰাৰ অন্তহীন প্ৰস্তুতি। ওপজা গাঁও বাৰমুখীয়াৰ প্ৰত্যেকজন ব্যক্তিয়ে এতিয়া বক্সাৰগৰাকীক আদৰিবলৈ ৰৈ আছে অতি ব্যাকুলতাৰে । গাঁও খনত এতিয়া বিৰাজ কৰিছে এক অনন্য উখল মাখল পৰিৱেশে। গুনা গঁথা চলিছে বাৰমুখীয়া ৰাইজৰ মাজত, কিদৰে আদৰিলে সুখী হ’ব তাকে লৈ। কিন্তু সৰলমনা হাঁহি মুখীয়া লাভলীনাক যিদৰেই আদৰণি নজনাওক কিয় তাতেই সুখী হব । তথাপিও যেন গাঁও বাসীয়ে ক্ৰুটি ৰাখিব বিচৰা নাই । লাভলীনাৰ ঘৰখনটো প্ৰত্যেক দিনাই এতিয়া উথপ থপ পৰিবেশ । গাঁৱৰ মহিলাসকলে বিহু নাম গাই নাচি বাগি ঘৰখন কৰি তুলিছে ৰঙালী বিহুৰ দিনকেইটাৰ দৰে। লগতে লাভলীনালৈ বুলি পৰম্পৰাগত পিঠা পনা, জলপান আদি বনাই ব্যস্ত হৈ পৰিছে মহিলাসক। নিভাঁজ গাৱলীয়া খাদ্য খাই ভালপোৱা লাভলীনাৰ বাবে প্ৰিয় খাদ্যৰো যা যোগাৰ কৰিছে সকলোৱে । লাভলীনাৰ ওপজা আপোন ঘৰখন, চিনাকী পদুলিতো লগতে তামোল পানেৰে ভৰা বাৰীখনো পৰিস্কাৰ পৰিচ্ছন্ন কৰি ধুনীয়া কৰি তুলা হৈছে। আনহাতে লিচা আৰু লিমা দুই ভগ্নী ইতিমধ্যেই লাভলীনাৰ বাবেই নিজ কৰ্মস্হলীৰ পৰা ছুটী লৈ ঘৰত আহি উপস্থিত হৈছেহি। উল্লেখযোগ্য যে প্ৰায় এটা বছৰেই পৰিয়ালৰ কাৰোৰে লগত সোশৰীৰে সাক্ষাৎ হোৱা নাই লাভলীনাৰ । লগতে সৰু জীয়াৰীক চাবলৈ অতি আকুলতাৰে পদুলিলৈ বাট চাই আছে মাতৃ মামণি বৰগোহাঁই। ইপিনে টকিঅ’ৰ পৰা আহি স্বদেশত ভৰি থোৱাৰ দিনাৰে পৰা পিতৃ টিকেন বৰগোহাঁই কেইজনমান সতীৰ্থসহ ইতিমধ্যে লাভলীনাৰ কাষত আছেগৈ।

ইফালে ধনশিৰি মহকুমা বাসীয়ে লাভলীনাক পৰম্পৰাগত ভিন্ন ভিন্ন জাতীয় কৃষ্টি-সংস্কৃতিৰ বৃহৎ শোভাযাত্ৰাৰে ওপজা ঘৰখনলৈকে আদৰি আনিবলৈ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে । আনহাতেদি পথৰ দুয়োকাষে থকা হাবি বন কাটি পৰিস্কাৰ কৰাৰ লগতে দুয়োকাষে থকা গছ-গছনি, বিদ্যুতৰ খোটা আদি সকলোতে চূনৰ ৰং সানি আটক ধুনীয়া কৰি তোলা হৈছে । এনেদৰেই এক সুন্দৰ পৰিবেশৰ মাজেৰে আহি অহা 17 আগষ্ট মঙ্গলবাৰে ওপজা ঘৰখনত ভৰি দিবহি লাভলীনাই।ইপিনে আন এক গুৰুত্বপূৰ্ণ বিষয় এইখিনিতে উল্লেখ কৰিব লাগিব যে এগৰাকী অৰ্জুন বঁটা প্ৰাপ্ত খেলুৱৈৰ ঘৰলৈ যোৱা পথৰ অৱস্থা দুটামান দিনৰ আগলৈকে আছিল অতিকে শোচনীয় । বাৰিষাটো বাদেই খৰালি কালটো জৰাজীৰ্ণ হৈ থাকে এই পথটি । কিন্তু লাভলীনাৰ সফলতাৰ পাছতেই যেন সুদিন ঘুৰি আহিছে বাৰমুখীয়া গাঁও খনলৈ। বৰপথাৰৰ পাভজান তিনি আলিৰ পৰা অকণমান আগলৈ গৈ লাভলীনাৰ ঘৰলৈ সোমাই যোৱা সেই জৰাজীৰ্ণ কেচা পথটিৰ পকীকৰণৰ কাম ইতিমধ্যে নব্বৈ শতাংশই সম্পূৰ্ণ হৈছে। স্থানীয় বিধায়ক গৰাকীৰ নিজা তৎপৰতাত লোক নিৰ্মাণ বিভাগে ক্ষীপ্ৰতাৰে কাম কৰি আছে। উল্লেখ্য যে কেই মাহ মানৰ আগেয়ে গোলাঘাট জিলাৰ তদানীন্তন উপায়ুক্ত এগৰাকীয়ে উক্ত পথটি পকীকৰণ কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও মাত্ৰ কেইগাড়ী মান চেনগ্ৰভেল পেলাইয়েই কাম সামৰা দেখা গল।
মাত্ৰ তেইশটা বসন্ত গৰকি বিশ্বৰ বৃহৎ ক্ৰীড়া মহাৰণ অলিম্পিকত পোন প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিয়েই ভাৰতলৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই আনি অসমৰ 125 বছৰীয়া ইতিহাসৰ অন্তত সোনালী আখৰেৰে বিশ্ব বন্দিত হোৱা প্ৰথম গৰাকী অসমীয়া লাভলীনা বৰগোহাঁইক লৈ এতিয়া সকলো গৌৰাৱান্বিত। এইবাৰৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ সৈতে বিশেষ অনুষ্ঠানত অংশগ্ৰহন কৰাৰ পিছতেই 17 আগষ্টৰ দিনা ওপজা ভূমি বৰপথাৰ পাবহি । বক্সাৰগৰাকীয়ে স্বভূমিত প্ৰৱেশ কৰিয়েই বৰপথাৰ নগৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ কথা আৰু তাৰ পৰা বাহিৰে বাহিৰে আপোন ঘৰখনত গৈ ভৰি দিবগৈ। আৰু কিছুদিনৰ বাবে বাৰমুখীয়াৰ ঘৰখনতেই পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব বক্সিং ৰাণী লাভলীনা বৰগোহাঁইয়ে।
কুমাৰীকাটাত হাতী দাঁত সহ দুজনক আটক
তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৰ দৈমাবাৰীত সীমান্ত সুৰক্ষা বল আৰু বন বিভাগৰ লোকে অভিযান চলাই নিশা হাতীৰ দাঁতৰ এটি টুকুৰা জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে। এক গোপন সূত্ৰৰ পমখেদি ভূটান সীমান্তৰ কাউলিৰ বিহংগপুৰস্থিত এছ এছ বিৰ ২৪ নম্বৰ বাহিনী আৰু কুমাৰীকাটা বনাঞ্চলিক কাৰ্য্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সহযোগত সন্ধিয়া দৈমাবাৰী গাঁওত অভিযান চলাই এটি হাতীৰ দাঁতৰ টুকুৰা জব্দ কৰাৰ লগতে মধুৰাম মূৰ্মূ আৰু সুনীল মূৰ্মূ নামৰ দুই ভাতৃক আটক কৰে। পিছত এছ এছ বিয়ে আটাকাধীন দুই যুৱকক কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ত চমজাই দিয়ে। আটকাধীন লোক দুজন হাতীৰ দাঁতটো ভূটান পাহাৰৰ দাতিত পোৱা বুলি স্বীকাৰ কৰিছে যদিও তেওঁলোক হাতীৰ দাঁতৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ সন্দেহতবন বিভাগৰ লোকে আটকাধীন লোক দুজনক অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে।
BTR প্ৰধান প্ৰমোদ বড়ো ৰাইজৰ আশা
বিটিআৰ প্ৰধান প্ৰমোদ বড়োই জনতাৰ মৰ্মবেদনা বুজি সমস্যা সমূহ সমাধানৰ বাবে বিটিআৰৰ ই মূৰৰ পৰা সি মূৰলৈ দিনে নিশাই পৰিদৰ্শন কৰিছে৷
প্ৰমোদ বড়োই ৰাইজৰ ওচৰত গৈ দৰিদ্ৰ লোকক লগ কৰি সমস্যা সমাধানৰ হেতু কাম কৰাৰ উপৰি ৰাজহুৱা অনুষ্ঠান মঠ -মন্দিৰ, গীৰ্জা লগতে বিদ্যালয়- মহাবিদ্যালয় সমুহ পৰিদৰ্শন কৰিছে৷কেতিয়াবা যদি বাক্সা চিৰাং আৰু কেতিয়াবা ওদালগুৰি কোকৰাঝাৰ পৰিদৰ্শন কৰি ৰাইজৰ লগত বহি কাম কৰিবলৈ লৈছে ৰাইজৰ নেতা জনে৷

সমান্তৰালভাৱে কাৰ্যলয়ত বহি চৰকাৰী দায়িত্ব সমূহকো নিয়াৰকৈ পালন কৰি সূচাৰু ৰূপে কাম কৰি গৈছে প্ৰমোদ বড়োই৷
প্ৰমোদ বড়োৰ এনে সহজ সৰল মনোভাবেৰে কাম কৰাত সন্তুষ্ট হৈছে BTR বাসী৷ৰাইজৰ আস্থাভাজন হৈ পৰিছে প্ৰমোদ বড়ো৷
প্ৰমোদ বড়োৰ এনে কৰ্মদক্ষতাত ক্ৰমাৎ যে বিৰোধী শূন্য হবলৈ গৈ আছে সমগ্ৰ BTR .৷
ৰাইজৰ লগত থাকি কাম কৰি যোৱাৰ যি মানসিকতা সেয়া প্ৰমোদ বড়োৰ দায়িত্বত স্পষ্টকৈ প্ৰকাশ হৈ পৰিছে৷
NLFB ৰ মূলসুতিলৈ আগমনক ভূয়সী প্ৰসংশা কৰে BTR প্ৰধান জনে৷লগতে কাৰাৰুদ্ধ NDFB মুৰব্বী ৰঞ্জন দৈমাৰীৰ আৰু আন আন কেডাৰ সকলৰো মুক্তিৰ বাবে কাম কৰি থকাৰ কথাও প্ৰকাশ কৰে প্ৰমোদ বড়োই৷











