Home Blog Page 2893

২দিনত ৪৬জন এনএলএফবি উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰে: অসম আৰক্ষী

নৱগঠিত বিদ্ৰোহী সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বডোলেণ্ড (এনএলএফবি)ৰ মুঠ ৪৬ জন সদস্যই দুদিনৰ ভিতৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ সৈতে আত্মসমৰ্পণ কৰে, বিষয়াসকলে দেওবাৰে কয়।সংগঠনটোৰ ৩২ জন বিদ্ৰোহীয়ে দেওবাৰে অস্ত্ৰ-শস্ত্ৰ নিবাৰণ কৰিছিল, আৰু ১৪ জনে আগদিনা আত্মসমৰ্পণ কৰিছিল, তেওঁলোকে কৈছিল।এমাহৰো কম সময়ৰ ভিতৰত এনএলএফবি উগ্ৰপন্থীৰ এইটো দ্বিতীয় গণ আত্মসমৰ্পণ আছিল। সংগঠনটোৰ মুৰব্বী এম বাথাৰ লগতে আন ২২ জন বিদ্ৰোহীয়ে ২২ জুলাইত ওদালগুৰি জিলাৰ লালপানীত অস্ত্ৰ-শস্ত্ৰ নিবাৰণ কৰিছিল।

“কোকৰাঝাৰ জিলাত দুদিনত মুঠ ৪৬ জন এনএলএফবি উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰে । তেওঁলোক ঝাৰবাৰী বন পৰিসৰত একত্ৰিত হৈছিল আৰু আৰক্ষীয়ে তেওঁলোকক কোকাঝাৰলৈ লৈ আহিছিল,” এজন জ্যেষ্ঠ বিষয়াই পিটিআইক জনায়।তেওঁ কয় যে ছয়টা একে-৪৭ ৰাইফল, দুটা কাৰ্বাইন, চেল্ফ লোডিং ৰাইফল আৰু .৩০৩ ৰাইফল, এটা ৯ এম এম পিষ্টল, তিনিটা হেণ্ড গ্ৰেনেড আৰু বৃহৎ সংখ্যক কাৰ্ট্ৰিজ জব্দ কৰা হৈছে।

এনএলএফবি প্লাটুনকমাণ্ডাৰ বি হাৰফা আত্মসমৰ্পণকাৰী উগ্ৰপন্থীসকলৰ ভিতৰত আছিল, আন এজন বিষয়াই কৈছিল।উগ্ৰপন্থীসকলক গ্ৰহণ কৰাৰ পিছত, তেওঁ দাবী কৰে যে সংগঠনটোৰ বাকী বিদ্ৰোহীসকলে অহা কেইদিনমানৰ ভিতৰত আত্মসমৰ্পণ কৰিব। বাথাৰ নেতৃত্বত পূৰ্বৰ উগ্ৰপন্থী সংগঠন নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বৰোলেণ্ড (এনডিএফবি)ৰ কিছুঅসন্তুষ্ট সদস্য বনলৈ উভতি অহাৰ পিছত দলটো কঢ়িয়াই অনা হৈছিল। এনএলএফবি বেছিভাগ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বিটিআৰ)ত ধন দাবীৰ সৈতে জড়িত আছিল।কেইমাহমান আগতে সংগঠনটো গঠন হোৱাৰ পিছৰে পৰা আৰক্ষীৰ সংঘৰ্ষত সংগঠনটোৰ এজন সদস্য নিহত হৈছে আৰু আন ২৭ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

প্ৰবীণ অভিনেতা অনুপম শ্যামৰ ৬৩ বছৰ বয়সত মৃত্যু

যোৱা সপ্তাহত বৃক্কৰোগৰ বাবে মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰবীণ অভিনেতা অনুপম শ্যামৰ সোমবাৰে একাধিক অংগ বিকল হোৱাৰ ফলত মৃত্যু হয়, তেওঁৰ বন্ধু অভিনেতা যশপাল শৰ্মাই কয়।টিভি অনুষ্ঠান “মন কী আৱাজ: প্ৰতিজ্ঞা ” ত তেওঁৰ কাম আৰু “স্লামডগ মিলিয়নেয়াৰ” আৰু “বেণ্ডিট কুইন”ৰ দৰে চলচ্চিত্ৰত অভিনয়ৰ বাবে জনাজাত ৬৩ বছৰীয়া অভিনেতাজনক চাৰি দিন পূৰ্বে উপনগৰীয় গোৰেগাঁৱৰ লাইফলাইন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।শ্যামে তেওঁৰ দুই ভাতৃ অনুৰাগ আৰু কাঞ্চনৰ উপস্থিতিত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

যোৱা বছৰ, শ্যামৰ ডায়েলাইচিছ চলি আছিল আৰু ডায়েলাইচিছৰ সময়ত বাগৰি পৰাৰ পিছত তেওঁক গোৰেগাঁও চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল।অভিনেতাজনৰ পৰিয়ালেও তেওঁৰ চিকিৎসাৰ বাবে মনোৰঞ্জন উদ্যোগত তেওঁৰ বন্ধুবৰ্গৰ পৰা সহায়ৰ বাবে অনুৰোধ কৰিছিল।তেওঁ অলপতে তেওঁৰ অনুষ্ঠান “মন কি আৱাজ: প্ৰতিজ্ঞা”ৰ দ্বিতীয় চিজনৰ শ্বুটিং পুনৰ আৰম্ভ কৰিছিল।

মন্ত্ৰী অতুল বৰা ক’ভিড পজিটিভ

“মই মৃদু লক্ষণৰ সৈতে ক’ভিড-19 পজিটিভ ।যিসকলে মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকক মই অতি সোনকালে নিজকে পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছো,” মন্ত্ৰী অতুল বৰাই টুইট কৰে। ক’ভিড-19 পজিটিভ হোৱা কথা মন্ত্ৰী গৰাকীয়ে এটা টুইট যোগে সদৰি কৰে।

ড্ৰাগছ আসক্ত পিতৃয়ে বেছা সন্তানক চাইল্ড হুমলৈ প্ৰক্ষেপ আৰক্ষীৰ

 লাহৰীঘাট আৰক্ষীৰ অমানবীয় কাণ্ডৰ বলি এই গৰাকী মাতৃ। নাম ৰুক্মিনা বেগম।নিজৰ আঢ়ৈ বছৰীয়া সন্তানক বুকত নাপাই কান্দিছে মাতৃ গৰাকীয়ে। শুক্ৰবাৰে এইগৰাকী ৰুক্মিনা বেগমেই স্বামী আমিনুল হকৰ বিৰুদ্ধে  লাহৰীঘাট থানাত গোচৰ তৰিছিল। ড্ৰাগছ আসক্ত,  স্বামী আমিনুলে  আধাৰ কাৰ্ড বনাম বুলি আঢ়ৈ বছৰীয়া পুত্ৰক ৰুক্মিনাৰ পৰা আনি ৪০ হাজাৰ টকাত বিক্ৰী কৰিছিল ড্ৰাগছৰ বাবে। ৰুক্মিনাৰ এজাহাৰৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে ৰুক্মিনাৰ আঢ়ৈ বছৰীয়া পুত্ৰক উদ্ধাৰ কৰি ৰুক্মিনাক চমজাই দিছিল।কিন্তু পুণৰ উদ্ধাৰ হোৱা সন্তান টোক লাহৰীঘাট আৰক্ষীয়ে মাতৃৰ বুকুৰ পৰা আনি প্ৰক্ষেপ কৰিলে চাইল্ড হুমত। ব্যক্তিগত জামিনত মুকলি কৰি দিলে কৰায়ত্ব ড্ৰাগছ সৰবৰাহকাৰী ৰুক্মিনাৰ স্বামী আমিনুলক।ৰুক্মিনাৰ অভিযোগ মতে লাহৰীঘাট থানাৰ OC  অদিত বড়োৱে সাংবাদিকক ৰুক্মিনাই ঘটনাৰ বিষয়ে জনোৱাৰ বাবেই তাৰ খঙতে সন্তান টি চাইল্ড হুমলৈ প্ৰেৰণ কৰে। মাতৃৰ এনে অভিযোগৰ পাছত সৰ্বতে প্ৰতিক্ৰীয়া সৃষ্টি হৈছে। 

নৱোদয় বোৱা-কটা সমবায় সমিটিৰ ৰাষ্ট্ৰীয় সপ্তম হস্ততাঁত দিৱস পালন

বিহালী নাচবৰৰ বোৱা-কটা সমবায় সমিটিৰ কাৰ্যালয়ৰ প্ৰাংগণত ৰাষ্ট্ৰীয় সপ্তম হস্ততাঁত দিৱস পালন কৰে ।সম্পাদিকা তৰুলতা শৰ্মাই আতঁ ধৰা কাৰ্যসূচীত জ্যেষ্ঠ শিপিনী কবিতা হাজৰাকাই পতকা উত্তোলন কৰে ।ইয়াৰ পিছতে পুতুলী হাজৰিকাৰ সভাপতিত্ব এখন সভা অনুষ্ঠিত হয় সভাত  শিপিনী সকলে কয় যে আমাক সমিটিখনে এখন তাঁতশাল দিলে কিন্তু এই শালখন ৰাখিবলৈ এটা ঘৰৰ প্ৰয়োজন শাল প্ৰদান কৰা প্ৰতি গৰাকী শিপিনীক একোটাকৈ তাঁত শালৰ  ঘৰ  মঞ্জুৰ কৰিবলৈ চৰকাৰক  অনুৰোধ জনায় ।তদুপৰি কিবা সভা সমিটি বিহুমেলা আদি  অনুষ্ঠিত  কৰিলে  থলুৱা  শিপিনীৰ পৰা ক্ৰয় কৰাৰ বিপৰীতে  গামোচাবোৰ বাহিৰৰ দোকানৰ পৰা ক্ৰয় কৰা দেখা যায়। যাৰ বাবে থলুৱা শিপিনী সকল বিভান্ন সময়ত প্ৰতাৰিত হৈ আহিছে । এই ক্ষেত্ৰত শিপিনী সকলৰৈ অসম চৰকাৰলৈ আহ্বান  বাহিৰৰ পৰা অহা গামোচা বন্ধ কৰিলেহে থলুৱা শিপিনীয়ে পৰিত্ৰান পাব বুলি উল্লেখ কৰে ।এই সভাত সাহিত্যিক পেঞ্চনাৰ লক্ষীকান্ত শৰ্মা ,সাংবাদিক ভুবন লুইটেল, যুৱ শিল্গী কল্যাণ শৰ্মা আদি।শেষত হৰি  নামেৰে সভা খন  অন্ত পৰে ।

বিধায়ক পৰমানন্দ ৰাজবংশীৰ উদ্যোগত আৰ্থিক সাহাৰ্য্য বিতৰণ

ছিপাঝাৰত  স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীৰ উদ্যোগত আৰ্থিক সাহাৰ্য্য বিতৰণ৷ ৬৪ গৰাকী ৰোগীৰ প্ৰত্যেককে প্ৰদান কৰিলে দহ হাজাৰ টকাৰ চেক ৷ পৰ্যায় ক্ৰমে সমষ্টিটোৰ সকলো কৰ্কট আৰু কিডনী ৰোগীলৈ আগবঢ়োৱা হ’ব চিকিৎসা সাহাৰ্য্য ৷ ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ বিশেষ তৎপৰতাত সমষ্টিটোৰ কৰ্কট ৰোগীসকলৰ বাবে সু-চিকিৎসাৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ মুখ্যমন্ত্ৰীৰ আৰ্থিক সাহাৰ্য পুজিৰ জড়িয়তে ছিপাঝাৰ সমষ্টিৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীসকলক সকাহ দিয়াৰ উদ্দেশ্য বিশেষ আঁচনি গ্ৰহণ কৰি আজি প্ৰথম পৰ্যায়ত ৬৪ গৰাকী ৰোগীলৈ আগবঢ়োৱা হয় দহ হাজাৰকৈ টকাৰ চেক ৷ বিধায়ক গৰাকীয়ে জনোৱা মতে পৰ্যায়ক্ৰমে আবেদনৰ ওপৰত ভিত্তি কৰি সকলো কৰ্কট ৰোগীকে দহ হাজাৰকৈ টকা আৰু আন আনুসংগিক  চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ’ব ৷ লগতে সমষ্টিটোত কিডনীৰ ৰোগত ভুগি থকা লোক সকলকো এই আঁচনিৰ জড়িয়তে সুবিধা প্ৰদান কৰা হ’ব  ৷ ছিপাঝাৰৰ বিজেপি দলৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সভাত আজি ৰোগীসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰি এই ঘোষণা আগবঢ়ায় বিজেপিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে ৷

ইটাখোলা জলসিঞ্চন সংমণ্ডল কাৰ্যালয় হস্তান্তৰ কৰাৰ চেষ্টা

১৯৭২ চনত নদুৱাৰ অঞ্চলৰ বৃহৎৰ কৃষক ৰাইজৰ পানী যোগানৰ সুবিধাৰ্থে সেই সময়ৰ কেন্দ্ৰ চৰকাৰৰ আৱন্টনত বিশ্বনাথ জিলাৰ অসম-অৰুনাচল সীমান্তস্থিত চিজুচাত বৰদিকৰাই নদীৰ ওপৰত নিৰ্মাণ হৈছিল বৰদিকৰাই জল সিঞ্চন প্ৰকল্প। এই বৃহৎ জলসিঞ্চন প্ৰকল্পটোক কেন্দ্ৰ কৰি ইটাখোলাত ইটাখোলা জল সিঞ্চন সংমণ্ডল কাৰ্যলয়টো স্থাপন কৰে। বৰ দিকৰাই জল সিঞ্চন প্ৰকল্পটোৰ পৰা ১৭৩ কিঃমিঃ অঞ্চলৰ মুঠ ১০৪ খন গাঁৱৰ কৃষকৰ পানী যোগান ধৰি আহিছে। অলপতে উক্ত সংমণ্ডল কাৰ্যালয়টো নিঃশেষ কৰি যোৰহাট জিলাস্থিত মৰিয়নী-তিতাবৰত এই সংমণ্ডল কাৰ্যালয়টো বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা নতুনকৈ স্থাপন কৰিবলৈ বিচাৰিছে। লগতে বৰ দিকৰাই জল সিঞ্চল প্ৰকল্পটোৰ কাম-কাজসমুহ তেজপুৰস্থিত তেজপুৰ জলসিঞ্চল সংমণ্ডল কাৰ্যালয়ৰ অন্তৰ্গত কৰিব বিচৰা হৈছে বুলি জানিব পৰা গৈছে। এই খৱৰ বিয়পি পৰাৰ লগে লগে বৃহৎৰ নদুৱাৰ অঞ্চলৰ কৃষক ৰাইজ জাঙুৰ খাই উঠে। লগতে নদুৱাৰৰ কৃষক ৰাইজে এই সন্দৰ্ভত স্থানীয় বিধায়ক পদ্ম হাজৰিকাক অবগত কৰে। জানিব পৰা মতে বিধায়ক পদ্ম হাজৰিকাৰ বলিষ্ঠ পদক্ষেপত কাৰ্যালয়টোৰ হস্তান্তৰ কৰা কাৰ্য বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা স্থগিত ৰখা হৈছে।  বিভাগীয় কৰ্তৃপক্ষৰ এনে হঠকাৰী সিদ্ধান্তত নদুৱাৰ কৃষক ৰাইজে একে মূখে তীব্ৰ নিন্দা কৰিছে আৰু বিধায়ক পদ্ম হাজৰিকাক উক্ত হস্তান্তৰ কৰা কাৰ্যক স্থগিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

টীয়কত সংগীত শিল্পীক খাদ্যৰ টোপোলা প্ৰদান অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ

বিগত দুটা বছৰেই অসমত ক’ৰণা মহামাৰীৰ সংহাৰ।মাৰাত্মক ভাইৰাছ বিধৰ  সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে জনতাৰ ওপৰত বান্ধি দিলে কিছু নীতি নিৰ্দেশনা।সময়ে সময়ে কেতিয়াবা সম্পূৰ্ণ লকডাউন আন কেতিয়াবা আংশিক লক ডাউন দিবলৈ বাধ্য হল চৰকাৰ।অসম ৰাইজেও মানি ললে চৰকাৰ প্ৰশাসনৰ সকলো নীতি নিৰ্দেশনা বৰ্তমানলৈকে সম্পূৰ্ন স্বাভাৱিক হোৱা নাই অসমৰ পৰিবেশ।এই দুটা বছৰে অসমত অনুষ্ঠিত হোৱা নাই কোনো ধৰণৰ সংস্কৃতিক কাৰ্যসূচীৰ অনুষ্ঠান।ফলত আৰ্থিক ভাৱে লাহে লাহে  দুৰ্বল হোৱা দেখা গল সংস্কৃতিক ক্ষেত্ৰ খনৰ লগত জড়িত শিল্পী  সকল। সংবাদ মাধ্যমে বহুবাৰ বাতৰি প্ৰকাশ কৰিছিল এই শিল্পী সকল আৰ্থিক ভাৱে জুৰুলা হোৱাৰ।কিন্তু  শিল্পী সকলৰ এনে দুৰ্দশাৰ সময়তে কিছু সহায় কৰাৰ মানসেৰে আগ বাঢ়ি অহা দেখা গল এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংস্থাক। নাম অক্ষয় পাত্ৰ। টীয়কত অক্ষয় পাত্ৰ ফাউণ্ডেশ‍্যনে সদৌ অসম আধ্যাত্মিক শিল্পী সমাজৰ উদ্যোগত বৰ্তমান কভিড সৃষ্ট পৰিবেশত বাৰুকৈ ক্ষতিগ্ৰস্থ হোৱা টীয়কৰ নবীন প্ৰবীন প্ৰায় ৫০ জন সংগীত শিল্পীলৈ খাদ্যৰ টোপোলা বিতৰণ  কৰে।টীয়কৰ বৰা বজাৰ প্ৰাংগণত সমবেত হোৱা শিল্পী সকলৰ মনৰ ভাব বুজ লোৱা এক অনুষ্ঠানত যোৰহাট ৰটাৰী ক্লাৱৰ সভাপতি তথা অক্ষয় পাত্ৰ ফাউণ্ডেশ‍্যনৰ প্ৰতিস্থাপক সদস্য সন্তোষ ৰঞ্জন তামুলী,অক্ষয় পাত্ৰৰ সহকাৰী কাৰ্য‍্যকৰী পৰিচালক নিৰূপম মল্লিক,প্ৰাগ news ৰ উজনী অসমৰ ব্যুৰ চীফ উৎপল বৰা,টীয়কৰ জ্যেষ্ঠ সাংবাদিক ৰিজু কুমাৰ শইকীয়া,ভাওনা শিল্পী কৃষ্ণপদ কলিতাৰ লগতে বৰা বজাৰৰ স্বত্বাধিকাৰ ধ্ৰুৱ বৰা উপস্থিত থাকি শিল্পী সকলক প্ৰদান কৰে একোটাকৈ খাদ্যৰ টোপোলা।উল্লেখযোগ্য যে অক্ষয় ফাউণ্ডেশ্যনে বিগত সময়ত অসমৰ বিভিন্ন অঞ্চলত লক ডাউনৰ ফলত ক্ষতিগ্ৰস্থ হোৱা বিভিন্নজনলৈ সাধ্য অনুসৰি সহায়ৰ হাত আগবঢ়াই মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে।ইপিনে যোৰহাটত প্ৰতিদিনে প্ৰায় ৫০,০০০ ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়াকৈ মধ্যাহ্ন ভোজন যোগানৰ ব্যৱস্থা হাতত লৈছে অক্ষয় পাত্ৰই আৰু অতি সোনকালে কভিডৰ ভয়াবহ পৰিস্থিতিৰ সাম কটাৰ সমান্তৰালকৈ আৰম্ভ হ’ব বুলি জানিবলৈ দিছে সংস্থাৰ বিষয় ববীয়াই।

অলিম্পিকৰ প’ডিয়ামত প্রথম অসমীয়া লাভলীনা

বিশ্বৰ সর্ববৃহৎ ক্রীড়া সমাৰোহ অলিম্পিকৰ প’ডিয়ামত প্রথমবাৰ দেখিবলৈ পোৱা গ’ল এগৰাকী অসমৰ ক্রীড়াবিদ৷ অসমৰ ৩ কোটি ২০ লাখ জনসাধাৰণক গৌৰৱান্বিত কৰি টকিঅ’ অলিম্পিকৰ প’ডিয়ামত অসমৰ লাভলীনা বৰগোহাঁইৰ শিৰত উজলিল ব্রঞ্জৰ পদক৷ মহিলাৰ ৱেল্টাৰৱেইট শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্রঞ্জৰ পদকৰ গৰাকী হোৱা গোলাঘাটৰ প্রতিভাৱান বক্সাৰগৰাকীয়ে স্বর্ণজয়ী তুর্কীৰ বাছেনাজ ছার্মেনেলী, ৰূপ জয়ী চীনৰ গু হং আৰু ব্রঞ্জ জয়ী আনগৰাকী খেলুৱৈ আমেৰিকাৰ অ’ছাই জ’নছৰ সৈতে অলিম্পিকৰ প’ডিয়ামত থিয় হৈ পদক গ্রহণ কৰে৷ মন কৰিবলগীয়া যে ছেমিফাইনেলত পৰাস্ত হৈ লাভলীনাই ব্রঞ্জৰ পদকতে সন্তুষ্ট থাকিলেও অসমৰ বাবে তেওঁৰ এই সাফল্য ঐতিহাসিক আৰু ৰাজ্যৰ ক্রীড়া জগতৰ বাবে বৃহৎ প্রাপ্তি৷ এতিয়ালৈকে মাত্র পাঁচগৰাকী অলিম্পিয়ান সৃষ্টি কৰিবলৈ সক্ষম হোৱা অসমৰ ক্রীড়া জগতৰ বাবে লাভলীনাৰ ব্রঞ্জৰ পদক স্বর্ণতকৈও অধিক মূল্যৱান আৰু গুৰুত্বপূর্ণ৷

ইয়াৰ পূর্বে ফুটবলাৰ ডাঃ টি আও, শ্বাটলাৰ দীপাংকৰ ভট্টাচার্য, আর্চাৰ জয়ন্ত তালুকদাৰ আৰু বক্সাৰ শিৱ থাপাই বিশ্বৰ সর্ববৃহৎ ক্রীড়া সমাৰোহ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰিছিল যদিও পদকৰ কাষ চাপিব পৰা নাছিল৷ কিন্তু গোলাঘাটৰ বৰপথাৰৰ জীয়ৰীয়ে ৰাজ্যৰ ক্রীড়া ইতিহাসত সোণালী অধ্যায়ৰ সূচনা কৰি টকিঅ’ অলিম্পিকৰ পৰা দেশলৈ কঢ়িয়াই আনিলে ঐতিহাসিক ব্রঞ্জৰ পদক৷ ইফালে টকিঅ’ত ঐতিহাসিক সাফল্যৰে উজলি উঠা অসম কন্যা লাভলীনা সোমবাৰে দেশলৈ উভতিব৷ নতুন দিল্লীত কেন্দ্রীয় ক্রীড়ামন্ত্রীৰ সম্বর্ধনা গ্রহণ কৰি তেওঁ মঙলবাৰে গৃহভূমি অসমলৈ অহাৰ কথা৷ ১৫ আগষ্টত লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া দেশৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানতো অসম কন্যা উপস্থিত থাকিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টকিঅ’ অলিম্পিকত দেশক প্রতিনিধিত্ব কৰা সকলো ক্রীড়াবিদক স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ জনাইছে৷

টংলা প্ৰেছ ক্লাৱত সদৌ বৰ্মন মান্দাই ছাত্র সন্থাৰ সংবাদ মেল

শনিবাৰে সদৌ বৰ্মন মান্দাই ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পদুম বৰ্মনে টংলা প্ৰেছ ক্লাৱত এখনি সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলৰ জড়িয়তে বৰ্মন জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে অসম তথা বিটিআৰ চৰকাৰক আহ্বান জনায়। সংবাদ মেল সম্বোধন কৰি পদুম বৰ্মনে কয় যে বৰ্মন জনগোষ্ঠীৰ নথি পত্ৰৰ সমস্যাকে ধৰি দ্বিভোটাৰ আৰু অন্যান্য সমস্যা সমাধানক লৈ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক ইতিমধ্যে ষ্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। বৰ্মন জনগোষ্ঠীৰ লোক সকলক জনজাতীয় প্ৰমাণ পত্ৰ প্ৰদান কৰি অহা হৈছিল যদিও বৰ্তমান সময়ত বৰ্মন লোক সকলক এই প্ৰমাণ পত্ৰ প্ৰদান কৰা নহয়। যাৰফলত বৰ্মন জনগোষ্ঠীৰ ছাত্র-ছাত্ৰী সকল শিক্ষা অনুষ্ঠানত নামভৰ্তি আৰু চৰকাৰী জলপানি ব্যৱস্থা লাভৰ ক্ষেত্ৰত বহু সমস্যাৰ সন্মুখীন হব লগা হৈছে বুলি জানিব দিয়ে সদৌ বৰ্মন মান্দাই ছাত্র সন্থাৰ সম্পাদক পদুম বৰ্মনে। দ্বিভোটাৰ সমস্যাৰ প্ৰসংগত বৰ্মনে কয় আগতে বৰ্মন জনগোষ্ঠীৰ লোকসকলে এনেধৰণৰ দ্বিভোটাৰ সমস্যাৰ সন্মুখীন হোৱা নাছিল কিন্তু কি কাৰণত বৰ্তমান সময়ত দ্বিভোটাৰ সমস্যাৰ সন্মুখীন হব লগা হৈছে। সদৌ বৰ্মন মান্দাই ছাত্র সন্থাৰ সম্পাদক পদুম বৰ্মনে অসম চৰকাৰ তথা বিটিআৰ চৰকাৰক বৰ্মন জনগোষ্ঠীৰ বিভিন্ন সমস্যাসমূহ শীঘ্ৰে সমাধানৰ বাবে আহ্বান জনায়। আনফালে সদৌ বৰ্মন মান্দাই ছাত্র সন্থাৰ উপ সভাপতি ধনিৰাম বৰ্মনে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক বৰ্মন জনগোষ্ঠীৰ জনজাতীয় প্ৰমাণ পত্ৰৰ সমস্যা সমাধান কৰি ছাত্ৰ-ছাত্ৰী সকলক নামভৰ্তি আৰু জলপানি লাভৰ ক্ষেত্ৰত সহায় কৰিবৰ বাবে আহ্বান জনায়।