Home Blog Page 2895

অসম বুক অৱ ৰেকৰ্ডত নাম সন্নিবিষ্ট হ’ল জেবিন লাইলা আহমেদৰ

অসম বুক অৱ ৰেকৰ্ডছত জেবিন লাইলা আহমেদৰ নাম সন্নিবিষ্ট হ’ল।উদীয়মান লেখিকা জেবিন লাইলা আহমেদ”  নাৰী দৰ্পণ” শীৰ্ষক প্ৰৱন্ধ পুথিৰ বাবে অসম বুক অৱ ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে I এইখন হৈছে ৩ ছেণ্টিমিটাৰ দীঘল আৰু ২.৫ ছেণ্টিমিটাৰ পঠালিৰ মুঠ ১১টা প্ৰৱন্ধযুক্ত নাৰীৰ বাস্তৱ জীৱনৰ আধাৰিত এখন প্ৰৱন্ধ। পুথি খনৰ মূল বিষয় হ’ল নাৰী গৰ্ভৰ পৰা বৃদ্ধলৈ নিৰ্যাতন হৈয়ো জীয়াই থাকিবলৈ সাহস কৰা।এই কিতাপখন অসমৰ আটাইতকৈ সৰু কিতাপ ৰূপে অসম বুক অৱ ৰেকৰ্ড কৰ্তৃপক্ষই স্বীকৃতি প্ৰদান কৰিছে। জেবিন লাইলা আহমেদ গুৱাহাটী জ্যোতি নগৰ নিবাসী অঞ্জুমা বেগম আৰু জাকিৰ আহমেদৰ কন্যা।এই ৰেকৰ্ড সম্পৰ্কীয় সবিশেষ তথ্য ইতিমধ্যেই অসম বুক অৱ ৰেকৰ্ডৰ ৱেবছাইট www.assambookofrecords.in ত উপলব্ধ হৈছে I

স্বাধীনতা দিৱসৰ পূৰ্বে বৃহৎ কূটাঘাটৰ পৰা ৰক্ষা পৰিল অসম নগালেণ্ড সীমান্তৰ মেৰাপানী

আজি পুৱতি নিশা অসম নগালেণ্ড সীমান্তঞ্চলত ধনদাবী আৰু কূটাঘাটৰ লক্ষ্যৰে নগাপাহাৰৰ দুৰ্গম অঞ্চলত  বাহৰ পাতি থকা  এটা নগা উগ্ৰপন্থীৰ শিৱিৰ ধ্বংস কৰিবলৈ সক্ষম হয় নগালেণ্ডস্থিত ১৪নং আসাম ৰাইফলচৰ দলে।
পুৱতি নিশা অসম নগালেণ্ড সীমান্তৰ মেৰাপানীৰ তৰাণি গড়বস্তিৰ কাষৰীয়া মিকিৰাং বস্তিৰ কাষৰতে আসাম ৰাইফলচে  গোপন সূত্ৰৰ পমখেদি চলোৱা এই অভিযানত নগা উগ্ৰপন্থীৰ এটা অস্থায়ী শিৱিৰ ধ্বংস কৰাৰ লগতে বৃহৎ পৰিমাণৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰসহ চাৰিজনকৈ দুধৰ্ষ NSCN(IM) ৰ সদস্য আটক কৰিবলৈ সক্ষম হয়।
NSCN(IM) ৰ চাৰ্জেন্ট মেজৰ পৰ্যায়ৰ কেডাৰসহ মুঠ চাৰিজন দুধৰ্ষ সদস্যই নগাপাহাৰৰ দুৰ্গম অঞ্চলত অস্থায়ী শিৱিৰ স্থাপন কৰি আছিল। এই অভিযানত
নগা উগ্ৰপন্থী সদস্য কেইজনৰ জিন্মাৰ পৰা এটা AK 47, এটা AK56, M16, অত্যাধুনিক HKৰাইফল, এটা পইন্ট 32 পিষ্টল, এটা M21 পিষ্টল আৰু 449ৰাউণ্ড  সজীৱ গুলী, আঠটা মেগজিন, তিনিটা ম’বাইল ফোন, নথি-পত্ৰ, ৰেচন, বৃহৎ পৰিমাণৰ সামৰিক পোছাক আৰু বৃহৎ পৰিমাণৰ আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আসাম ৰাইফলচৰ চিশ্বামা বেটেলিয়নে। এই উগ্ৰপন্থীৰ দলটোৱে স্বাধীনতা দিৱসৰ পূৰ্বে কূটাঘাটৰ পৰিকল্পনা আৰু সীমান্তঞ্চলত ধনদাবী কৰি অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে সীমান্তঞ্চলত বাহৰ পাতি থকা বুলি সন্দেহ প্ৰকাশ কৰিছে নিৰাপত্তাৰক্ষীৰ দলটোৱে। এন এছ ছি এন(আই এম) গোটৰ স্বয়ম্ভূ চাৰ্জেন্ট মেজৰ Lightsou Kashung, আৰু আনকেইজন সদস্য ক্ৰমে Vincent, Taruba আৰু Suinyক আটক কৰে অভিযানকাৰী দলটোৱে। চাৰিজন সদস্যক আটক কৰে যদিও শিৱিৰত বহুসংখ্যক সামৰিক পোছাক উদ্ধাৰ হোৱালৈ চাই শিৱিৰটোত থকা আন সদস্যসকলে পলায়ন কৰা বুলি সন্দেহ কৰা হৈছে।
এই নগা উগ্ৰপন্থীৰ দলটোক আটক  কৰি শিৱিৰ ধ্বংস কৰাৰ ফলত অসম মিজোৰাম সীমান্তৰ দৰে কূটাঘাট অথবা সীমাকেন্দ্ৰিক উত্তেজনাৰ পৰা ৰক্ষা পৰিল অসম নগালেণ্ড সীমান্ত মেৰাপানী অঞ্চল।

লাহৰীঘাটৰ বানপীড়িত কৃষকৰ মাজত কঠিয়া বিতৰণ কৃষি বিভাগৰ

সম্প্ৰতি শাওনৰ বতৰ। পথাৰ খন সেউজীয়া কৰি তুলিবলৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কৃষিজীৱী লোক সকলৰ মাজত দেখিবলৈ পোৱা গৈছে সীমাহীন ব্যস্ততা। মৰিগাঁও জিলাৰ বানপীড়িত অঞ্চল লাহৰীঘাট ৰাজহচক্ৰৰ এলেকাধীন ১৫  বিঘা মাটিত কৃষক সকলক  উন্নত মানৰ   শালিধানৰ কঠিয়া যোগান ধৰাৰ লক্ষ্যৰে জিলা কৃষি বিভাগৰ তৰফৰ কেইবা ঠাইত পেলাইছে কঠিয়া।

আজি মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ২ নং বৰবৰিত  জিলা কৃষি বিভাগৰ দ্বাৰা উন্নত জাতৰ বাহাদুৰ শ্ৰাব নামৰ শালিধানৰ কঠিয়া বিতৰণৰ শুভাৰম্ভ কৰে বানপীড়িত কৃষকৰ মাজত। কঠিয়া বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে  কৃষি সম্প্ৰসাৰণ সহায়ক  তৰুণ নাথ। এই উন্নত মানৰ কঠিয়াৰ জৰিয়তে বিঘাই প্ৰতি ১৮/২০মোন ধান উৎপাদন হব বুলি আশাবাদী কৃষক ৰাইজ । কৃষি বিভাগৰ এনে পদক্ষেপৰ শলাগ লয় অঞ্চলটোৰ কৃষিজীৱী ৰাইজে। 

উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচন সমাগত

সমাগত উত্তৰ প্ৰদেশৰ বিধান সভা নিৰ্বাচন। সকলো ৰাজনৈতিক দলে ইতিমধ্যে আৰম্ভ কৰিছে ৰণনীতি প্ৰস্তুত কৰাত। শেহতীয়াকৈ বিজেপি দলেও আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। দলীয় কৰ্মীক মন্ত্ৰণা দিবলৈ শনিবাৰে পুৱা ১১বজাত উত্তৰ প্ৰদেশলৈ ৰাওনা হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা । দুদিনীয়া এই ভ্ৰমণসূচীত দলীয় কৰ্মীসকলৰ সৈতে কেইবাখনো বৈঠকত অংশ লব নাড্ডাই। শনিবাৰে নাড্ডাই উত্তৰ প্ৰদেশৰ সকলো মন্ত্ৰীৰ সৈতে বৈঠকত বহিব।

বোকাজানত প্ৰচণ্ড ধূলিৰ বতাহ: বিলাতী মাটি কাৰখানাৰ কৰ্ম কাণ্ডত অতিষ্ঠ বোকাজানবাসী ৰাইজ

৫ আগষ্ট আজি বিয়লি ৩ বাজি ৫৫ মিনিটত হঠাতে অহা এজাক তীব্ৰবেগী ধূলি বতাহে অতিষ্ঠ কৰি যায় সমগ্ৰ বোকাজানবাসী ৰাইজক। প্ৰায় ২০ মিনিট ধৰি চলা এই ধূলিৰ বতাহ জাকে বোকাজানৰ সমগ্ৰ পৰিবেশ ধূলিময় কৰি তোলাৰ লগতে পথেৰে খোজকাঢ়ি যোৱা পথচাৰীক আৰু ব‌্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ৰেতা-বিক্ৰেতা সকলক অতিষ্ঠ কৰাৰ লগতে পথেৰে যোৱা লোকসকলে চকু মেলিব নোৱাৰা অৱস্থাৰ সন্মুখীন হয়। এই ধূলিৰ বতাহ জাকে বোকাজানৰ বহু কেইখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বহু সংখ্যক ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠানৰ সা-সামগ্ৰী সমূহ ধূলিৰে পুতি পেলায়।

লক্ষ্যনীয় কথা যে দীৰ্ঘদিন ধৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ লগতে বোকাজান মহকুমাত বৰষুণ নোহোৱাৰ ফলত ধূলিৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগতে মহকুমাটোৰ বিভিন্ন স্থানত শালী খেতিৰ পথাৰ সমূহতো চিৰালফাঁট মেলিছে। আনহাতে  বোকাজানস্থিত বিলাতী মাটি কাৰখানাৰ পৰা অহৰহ নিৰ্গত ধূলি প্ৰদূষণে বোকাজান বাসীক হাৰাশাস্তি কৰি আহিছে যদিও আজি পৰ্যন্ত বিলাতী মাটি কাৰখানাৰ কৰ্তৃপক্ষই ধূলি প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে ধূমুহা বতাহৰ সুযোগ গ্ৰহণ কৰি অত্যধিক হাৰত বোকাজান বিলাতী মাটি কাৰখানাৰ পৰা ধূলি এৰি দি আহিছে । যাৰ ফলত বোকাজান অঞ্চলৰ বহু সংখ্যক লোকে চকু ৰোগ, হাওঁফাওঁ জনিত ৰোগ , চৰ্ম ৰোগত ভোগাৰ লগতে বহু লোকৰ ঘৰৰ টিনপাত ,আচ-বাব আদিও নষ্ট হৈ আহিছে।

ৰৌতাত ইউৰীয়া সাৰৰ অভাৱত খেতিয়কৰ হাহাঁকাৰ

ওদালগুৰি জিলাৰ ৰৌতাত ইউৰীয়া সাৰৰ অভাৱত খেতিয়কৰ হাহাকাৰ সৃষ্টি হৈ আহিছে ৷ একাংশ অসাধু  ব্যৱসায়ীয়ে চলাইছে ৰমৰমীয়া ব্যৱসায়৷প্ৰতি বস্তা ইউৰীয়া সাৰ খেতিয়কে ক্ৰয় কৰিবলগীয়া হৈছে ৪০০ৰপৰা ৭০০টকাত৷পৰিৱৰ্তনকামী চৰকাৰৰ ৰাজসাহায্য যুক্ত ইউৰিয়া সাৰৰ পৰা বঞ্চিত খেতিয়কসকল৷ সম্প্ৰতি কুম্ভকৰ্ণ নিদ্ৰাত জিলা কৃষি বিভাগ ৷কৃষি মন্ত্ৰী অতুল বৰাই সঘনাই সংবাদ মাধ্যমত কৃষি ক্ষেত্ৰত বিভিন্ন অভিলাসী আঁচনিৰ কথা ঘোষণা কৰি আহিছে যদিও প্ৰকৃতাৰ্থত ওদালগুৰি জিলাৰ কৃষকসকল এই সমূহৰ পৰা বঞ্চিত হৈ আহিছে ।

একাংশ অসাধু বীজ ভাণ্ডাৰ তথা দোকানীয়ে খেতিয়কক শোধাইছে মাধমাৰ৷উল্লেখ্য যে ওদালগুৰি জিলাৰ সংখ্যালঘু উদ্যোষিত অঞ্চলৰ ৭০শতাংশ মানুহ কৃষিজীৱী৷সমগ্ৰ দেশ মহামাৰী কৰণা ভাইৰাছৰ বাবে স্তব্ধ হোৱাৰ লগতে খেতিয়কসকল আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে তেনে সময়তে অসম চৰকাৰে খেতিয়কসকলক আৰ্থিক সকাহ দিবৰ বাবে ইউৰীয়া সাৰত ৰাজসাহায্য ঘোষণা কৰি প্ৰতি বস্তা মূল্য ২৬৬:৫০টকা নিৰ্ধাৰণ কৰাৰ পাছতো একাংশ পাইকাৰী আৰু খুচুৰা অসাধু ব্যৱসায়ীয়ে চৰকাৰ তথা কৃষিমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই প্ৰতি বস্তা ইউৰীয়া সাৰ ৪০০ৰ পৰা ৬০০টকা লোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ ভুক্তভোগী খেতিয়কে৷সেয়েহে ভুক্তভোগী খেতিয়কসকলে কৃষিমন্ত্ৰীৰ লগতে জিলা কৃষি বিষয়াক তদন্ত কৰি অসাধু বীজ ভাণ্ডাৰৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লবলৈ অনুৰোধ জনায়৷

মাজুলী প্ৰসিদ্ধ শ্ৰীশ্ৰীগড়মূৰ সত্ৰৰ ক্ষতিগ্ৰস্ত ‘পীতাম্বৰদেৱ গোস্বামী স্মৃতি ভৱন’

অসমৰ ৰজাঘৰীয়া চাৰিসত্ৰৰ অন্যতম মাজুলীৰ শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ ৰজাদিনীয়া আপুৰুগীয়া সম্পদৰাজি সংৰক্ষণ কৰি ৰখা মাজুলীৰ প্ৰথমটো দুই মহলাযুক্ত “পীতাম্বৰদেৱ গোস্বামী স্মৃতি ভৱন“ৰ বেৰ ভাঙি পৰাত স্মৃতি ভৱনটোত সযতনে ৰখা সম্পদ সমূহৰ প্ৰতি ভাবুকি আহি পৰিছে ৷ ১৯৫৬ চনত স্থাপিত হোৱা আহোম ৰজা জয়ধ্বজ সিংহৰ পৃষ্ঠপোষকতাত প্ৰতিষ্ঠা হোৱা সত্ৰখনলৈ বহু আপুৰুগীয়া সম্পদ দান দিছিল ৷ সেই সমূহ সম্পদ মানৰ আক্ৰমণকে ধৰি নানান প্ৰাকৃতিক দুৰ্যোগৰ মুখামুখি হৈয়ো সত্ৰই এই আপুৰুগীয়া সম্পদ সযতনে ৰাখিছিল ৷ প্ৰৱাদ পুৰুষ সত্ৰাধিকাৰ , বিপ্লৱী ধৰ্মগুৰু শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামীৰ পদৰেণুৰে ৰঞ্জিত সত্ৰখনত তেখেতৰ দূৰদৰ্শী চিন্তাৰ ফলত প্ৰায় ডেৰশ বছৰৰ পূৰ্বেই সত্ৰাধিকাৰ গৰাকীয়ে কাঠেৰে এটা দুই মহলা যুক্ত গৃহ নিৰ্মাণ কৰিছিল ৷ শতবৰ্ষ অতিক্ৰম কৰা গৃহটো অসম চৰকাৰৰ প্ৰত্নতাত্বিক বিভাগৰ অনুদানেৰে মেৰামতি সহ নৱীকৰণ কৰা হৈছিল আৰু উক্ত শতবৰ্ষ অতিক্ৰম কৰা গৃহটো “শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী স্মৃতি ভৱন”নামেৰে নামকৰণ কৰি ২০১২ বৰ্ষৰ ২৮ জানুৱাৰীত সেই সময়ৰ অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে উদ্ধোধন কৰিছিল ৷ প্ৰায় ন বছৰ হওঁতেই ঐতিহাসিক স্মৃতি ভৱনটোৰ সন্মুখ বেৰ খহি পৰাত সত্ৰখনত ভৱনটোত সংৰক্ষিত হৈ থকা আপুৰুগীয়া সম্পদখিনিক লৈ চিন্তিত হৈ পৰে ৷ ৫ আগষ্টৰ পূৱাৰ ভাগতে সংঘটিত এই অনাকাংক্ষিত ঘটনাটোত সত্ৰাধিকাৰ পৰমানন্দদেৱ গোস্বামী কিংকৰ্তব্যবিমূঢ় হৈ পৰে ৷ সম্পদ সমূহৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰা সত্ৰাধিকাৰ গৰাকীয়ে বৈষ্ণৱ সকলক গোটাই উন্মুক্ত হৈ পৰা গৃহৰ পৰা সম্পদ সমূহ অন্য এটা গৃহলৈ স্থানান্তৰ কৰে ৷ এই সম্পৰ্কে সত্ৰাধিকাৰ গৰাকীয়ে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক অৱগত কৰি সম্পদ সমূহ সুৰক্ষাৰ বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনায় ৷ ঘটনাৰ খবৰ পাই জিলা প্ৰশাসনৰ হৈ সদৰ মহকুমাধিপতি ধৃতিমান দাস সত্ৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ প্ৰশাসনৰ তৰফৰ পৰা সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে ৷ ইফালে গৃহ নিৰ্মাণত হোৱা বিসংগতিৰ এক তদন্ত বিচাৰি সত্ৰাধিকাৰ গৰাকীয়ে জিলা উপায়ুক্তক এখন আবেদন অৰ্পণ কৰে ৷

উল্লেখ্য যে , সত্ৰৰ সম্পদ সমূহ ৰাখিবৰ বাবে এটা যাদুঘৰ নিৰ্মাণ কৰিছিল যদিও উক্ত গৃহ আপুৰুগীয়া সম্পদ সমূহ ৰাখিবৰ বাবে উপযুক্ত নোহোৱাত স্মৃতি ভৱনতে সম্পদ সমূহ ৰাখি দৰ্শনাৰ্থীয়ে চোৱাৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু এতিয়া হঠাৎ স্মৃতি ভৱনটো ভাঙি যোৱাত সম্পদ সমূহৰ সুৰক্ষাক লৈ চিন্তিত হৈ পৰা সত্ৰাধিকাৰ সহ বৈষ্ণৱ সকলে চৰকাৰে এই ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰি অত্যাধুনিক এটা যাদুঘৰ নিৰ্মাণ কৰি দিয়াৰ লগতে প্ৰৱাদ পুৰুষ গৰাকীৰ স্মৃতি ভৱনটোও সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহবান জনাইছে ৷ উল্লেখ যে , সত্ৰৰ আপুৰুগীয়া সম্পদ সমূহৰ ভিতৰত আহোম ৰজাৰ মহামন্ত্ৰী আতন বুঢ়াগোহাঁইয়ে সত্ৰলৈ দান কৰা ৰূপৰ শৰাই , ৰূপৰ বন কৰা ভৃঙ্গাৰ , ৰূপৰ কলহ , কাৰুকাৰ্য খচিত বাচন-বৰ্তন , হাতী দাঁত আৰু ইয়াৰে বনোৱা অলংকাৰ , আহোম যুগৰ বৰটোপ , সাঁচিপতীয়া পুথিকে ধৰি বহু সংখ্যক আপুৰুগীয়া সম্পদ সত্ৰখনত সংৰক্ষিত হৈ আছে ৷

ধুবুৰী পৌৰসভাৰ উচ্ছেদ অভিযান

গুৰু তেগ বাহাদুৰ মন্দিৰৰ সন্মুখত থকা ৬খনকৈ পান-তামুল, চাহৰ দোকানবোৰ ধুবুৰী প্ৰশাসনৰ সহযোগত ধুবুৰী পৌৰসভাই উচ্ছেদ কৰা পৰিলক্ষিত হয়। জানিব পৰামতে পৌৰসভাই বহু দিনৰ পৰা জাননী দিয়াৰ পিছতো দোকানীবোৰ কোনো গুৰুত্ব প্ৰদান নকৰাত আজি জিলা প্ৰশাসনৰ সহযোগত ধুবুৰী পৌৰসভাই উচ্ছেদ অভিযান চলায়। উক্ত পান-তামুল চাহৰ দোকানীবোৰ প্ৰায় ২০বছৰৰ পৰা উক্ত ঠাইত দোকান কৰি আছে যদিও পৌৰসভাক কোনোধৰণৰ কৰ নিদিয়াকৈ অবৈধ ভাবে দোকান খুলি ব্যৱসায় কৰা বুলি আজি ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি জানিবলৈ দিয়ে। উপায়ুক্ত গৰাকীয়ে সাংবাদিকৰ আগত কয় যে, ধুবুৰীত যিমান অবৈধ দোকান পোহাৰ পৌৰসভাৰ ভূমি দখল কৰি ব্যৱসায় চলাই আছে সেই সকলোবোৰ দোকান আজিৰে পৰা উচ্ছেদ কৰা হ’ব বুলি জানিবলৈ দিয়ে। আনপিনে,আজি ধুবুৰী জিলা উপায়ুক্তই চহৰখনৰ ১ নং ৱাৰ্ডত থকা তেতুলতলাত নিজে উপস্থিত হৈ অবৈধভাবে পৌৰসভাৰ ভুমিত চাহ আৰু পান-তামুলৰ দোকানী সমুহক দিলে সাৱধান বানী। অহাকালিৰ ভিতৰত চৰকাৰী ভুমি খালি কৰি নিদিলে প্ৰশাসনৰ সহযোগত পৌৰসভাই উচ্ছেদ কৰাৰ বাধ্য হব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। জানিব পৰামতে তেতুলতলাত বিউটি আঁচনিৰ অধীনত উক্ত ঠাইখনৰ কাম চলি থকা সময়তে অবৈধ ভাবে দখল কৰা চৰকাৰী ভুমি বেদখলৰ বাবে বহুবাৰ জাননী দিয়া সত্বেও দোকানীয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাত আজি সাৱধান কৰাৰ বাধ্য হোৱা পৰিলক্ষিত হয় উপায়ুক্ত এন্বামুথন এম পি ক। আনপিনে গুৰু তেগ বাহাদুৰ মন্দিৰৰ সন্মুখতো থকা ৬খনকৈ পান-তামুল, চাহৰ দোকান ভাঙি চুৰ মাৰ কৰে বুলি জানিব পৰা গৈছে।

গনকপাৰাৰ স্থানীয় যুৱকে মেৰামতি কৰিলে ভূঞাখাটৰ বিধ্বস্ত পথ

 ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত কলাইগাঁও বিধানসভা সমষ্টিৰ ভূঞাখাট গাঁৱৰ টংলা মহলীয়াপাৰা পথৰ পৰা গনকপাৰা চুবা হৈ হাতিবান্ধা, নিজ ভূঞাখাট সংযোগী পথটি কেইবাবছৰ ধৰি বিধ্বস্ত অৱস্থাতেই আছে যাৰ ফলত বিশেষকৈ ভূঞাখাট গাঁৱৰ গনকপাৰা চুবাৰ ৰাইজে ভুগিছে যমৰ যাতনা। বাৰিষা আহাৰ লগে লগে পথটিৰে গাড়ি মতৰ দুৰৰে কথা মানুহে খোজ কাঢ়ি অহা যোৱা কৰাও তান হৈ পৰে। শুকুৰবাৰে ভূঞাখাট গাঁৱৰ গনকপাৰা চুবাৰ কেইজনমান যুৱক লগ হৈ‌ পথটিৰ কিছু পৰিমাণে মেৰামতি কৰিবলৈ ওলাই আহি পথটিৰ মেৰামতি কৰে। এনে ক্ষেত্ৰত এই গুৰুত্বপূৰ্ণ পথটিৰ মেৰামতিৰ বাবে চৰকাৰক দাবী জনাই ভূঞাখাট গাঁৱৰ গনকপাৰা চুবাৰ ৰাইজে।

প্ৰধানমন্ত্ৰী মোদীলৈ অসম প্ৰাদেশিক যোগী সন্মীলনীৰ দুই লাখ পোষ্ট কাৰ্ড

দীৰ্ঘ দিনৰ পাছত স্বাধীন  ভাৰতত উত্তৰ পূৰ্বাঞ্চলৰ  পৰা নাথ- যোগী সম্প্ৰদায়ৰ লোক ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা বঞ্চিত,  স্বাধীনতাৰ ৭৫ বছৰ অতিক্ৰমৰ শেষত উত্তৰ পূৰ্বাঞ্চলৰ ত্ৰিপুৰাৰ  পশ্চিম  ত্ৰিপুৰা লোকসভা সমষ্টিৰ পৰা ১৭ তম্ লোকসভালৈ নিৰ্বাচিত হোৱা প্ৰতিমা ভৌমিকক প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত স্হান দি ” সামাজিক ন্যায় আৰু সৱলিকৰণ” বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাবে  নিযুক্তি দিয়াত উৎফুল্লিত হৈ পৰিছে ভাৰতৰ বিভিন্ন প্ৰান্তত থকা  ‘নাথ -যোগী ‘ সকলৰ লগতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ‘নাথ- যোগী ‘সকল ।

‘অখিল  ভাৰতীয় নাথ সমাজ ‘ , অসম -বংগ  নাথ- যোগী সন্মিলনী , ত্ৰিপুৰা নাথ- যোগী সমাজ  , অসম প্ৰাদেশিক যোগী সন্মিলনীৰ লগতে অসমৰ বিভিন্ন স্হানত বসবাস কৰা প্ৰায় ৪৩ লাখ নাথ- যোগীৰ বিভিন্ন সংগঠন  , ব্যক্তি বিশেষ উৎফুল্লিত হৈ পৰিছে । এই কামৰ বাবে প্ৰধান মন্ত্ৰীক ধন্যবাদ জনাইছে । অসমৰ পৰাও দুই লাখ  পোষ্ট কাৰ্ডত প্ৰতিমা ভৌমিকক মন্ত্ৰীত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীলৈ কৃতজ্ঞতা জ্ঞাপন কৰি পত্ৰ প্ৰেৰনৰ সিদ্ধান্ত গ্ৰহন কৰিছে । অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সভাপতি ড. দিনেশ কাকতি নাথ আৰু সম্পাদক অজিত নাথে  জানিব দিয়া মতে  বৰাক- আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো জিলাত থকা নাথ- যোগী সম্প্ৰদায়ৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লৈ প্ৰায় ৭৫ হাজাৰ পোষ্টকাৰ্ড ইতিমধ্যে প্ৰেৰন কৰা হৈছে আৰু বাকী সকলো অতিসোনকালে পঠোৱা হব বুলি মন্তব্য কৰে ।

নগাওঁ জিলা যোগী সন্মিলনীৰ সভাপতি ঘনশ্যাম নাথ আৰু সম্পাদক পুস্পেন্দ্ৰ নাথে জনোৱা মতে নগাঁও জিলাত  নতুনকৈ ৩০ খন আঞ্চলিক সমিতি আৰু ১১০ প্ৰাথমিক গঠন কৰা হৈছে ।এই সমূহ সমিতিৰ জৰিয়তে দুই হাজাৰ পোষ্টকাৰ্ড প্ৰধানমন্ত্ৰী লৈ পঠোৱাৰ ব্যবস্থা কৰা হৈছে ।