Breaking

স্বাধীনতা দিৱসৰ পূৰ্বে বৃহৎ কূটাঘাটৰ পৰা ৰক্ষা পৰিল অসম নগালেণ্ড সীমান্তৰ মেৰাপানী

0 1,302

আজি পুৱতি নিশা অসম নগালেণ্ড সীমান্তঞ্চলত ধনদাবী আৰু কূটাঘাটৰ লক্ষ্যৰে নগাপাহাৰৰ দুৰ্গম অঞ্চলত  বাহৰ পাতি থকা  এটা নগা উগ্ৰপন্থীৰ শিৱিৰ ধ্বংস কৰিবলৈ সক্ষম হয় নগালেণ্ডস্থিত ১৪নং আসাম ৰাইফলচৰ দলে।
পুৱতি নিশা অসম নগালেণ্ড সীমান্তৰ মেৰাপানীৰ তৰাণি গড়বস্তিৰ কাষৰীয়া মিকিৰাং বস্তিৰ কাষৰতে আসাম ৰাইফলচে  গোপন সূত্ৰৰ পমখেদি চলোৱা এই অভিযানত নগা উগ্ৰপন্থীৰ এটা অস্থায়ী শিৱিৰ ধ্বংস কৰাৰ লগতে বৃহৎ পৰিমাণৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰসহ চাৰিজনকৈ দুধৰ্ষ NSCN(IM) ৰ সদস্য আটক কৰিবলৈ সক্ষম হয়।
NSCN(IM) ৰ চাৰ্জেন্ট মেজৰ পৰ্যায়ৰ কেডাৰসহ মুঠ চাৰিজন দুধৰ্ষ সদস্যই নগাপাহাৰৰ দুৰ্গম অঞ্চলত অস্থায়ী শিৱিৰ স্থাপন কৰি আছিল। এই অভিযানত
নগা উগ্ৰপন্থী সদস্য কেইজনৰ জিন্মাৰ পৰা এটা AK 47, এটা AK56, M16, অত্যাধুনিক HKৰাইফল, এটা পইন্ট 32 পিষ্টল, এটা M21 পিষ্টল আৰু 449ৰাউণ্ড  সজীৱ গুলী, আঠটা মেগজিন, তিনিটা ম’বাইল ফোন, নথি-পত্ৰ, ৰেচন, বৃহৎ পৰিমাণৰ সামৰিক পোছাক আৰু বৃহৎ পৰিমাণৰ আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আসাম ৰাইফলচৰ চিশ্বামা বেটেলিয়নে। এই উগ্ৰপন্থীৰ দলটোৱে স্বাধীনতা দিৱসৰ পূৰ্বে কূটাঘাটৰ পৰিকল্পনা আৰু সীমান্তঞ্চলত ধনদাবী কৰি অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্যে সীমান্তঞ্চলত বাহৰ পাতি থকা বুলি সন্দেহ প্ৰকাশ কৰিছে নিৰাপত্তাৰক্ষীৰ দলটোৱে। এন এছ ছি এন(আই এম) গোটৰ স্বয়ম্ভূ চাৰ্জেন্ট মেজৰ Lightsou Kashung, আৰু আনকেইজন সদস্য ক্ৰমে Vincent, Taruba আৰু Suinyক আটক কৰে অভিযানকাৰী দলটোৱে। চাৰিজন সদস্যক আটক কৰে যদিও শিৱিৰত বহুসংখ্যক সামৰিক পোছাক উদ্ধাৰ হোৱালৈ চাই শিৱিৰটোত থকা আন সদস্যসকলে পলায়ন কৰা বুলি সন্দেহ কৰা হৈছে।
এই নগা উগ্ৰপন্থীৰ দলটোক আটক  কৰি শিৱিৰ ধ্বংস কৰাৰ ফলত অসম মিজোৰাম সীমান্তৰ দৰে কূটাঘাট অথবা সীমাকেন্দ্ৰিক উত্তেজনাৰ পৰা ৰক্ষা পৰিল অসম নগালেণ্ড সীমান্ত মেৰাপানী অঞ্চল।

Leave A Reply