Home Blog Page 295

25th Convocation of AAU:অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫সংখ্যক সমাৱৰ্তন

25th Convocation of AAU:অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫সংখ্যক সমাৱৰ্তন
25th Convocation of AAU:অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫সংখ্যক সমাৱৰ্তন

যোৰহাট, ৯ এপ্ৰিল: জলবায়ু পৰিৱৰ্তন কৃষিৰ বাবে এক গুৰুতৰ সমস্যা।বৰ্ধিত উষ্ণতা, অস্বাভাৱিক বৰষুণ(Unusual rainfall), খৰাং, বানপানী আৰু ধুমুহাই আমাৰ কৃষি ব্যৱস্থাত ব্যাঘাত জন্মায়।(25th Convocation of AAU) ইয়াৰ ফলত খাদ্য সুৰক্ষাই প্ৰভাৱিত হোৱাই নহয়, কৃষিৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ লোকৰ জীৱিকাৰ ওপৰতো প্ৰভাৱ পৰিছে।

সেয়ে ভৱিষ্যতে কৃষিৰ উৎকৰ্ষ সাধনৰ বাবে কৃষি শিক্ষাৰ জ্ঞানক বহনক্ষম কৃষিৰ দিশত কেন্দ্ৰীভূত কৰিব লাগিব।অসম কৃষি বিশ্ববিদ্যালয়ৰ(Assam Agricultural University) ২৫ সংখ্যক সমাবৰ্তন সম্বোধন কৰি অসমৰ ৰাজ্যপাল তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মন প্ৰসাদ আচাৰ্যই এই মত ব্যক্ত কৰে।

বিশ্ববিদ্যালয়ৰ যোৰহাটস্থ মুল চৌহদত আজি অনুষ্ঠিত সমাবৰ্তনত ৰাজ্যপালগৰাকীয়ে লগতে কয় যে কৃষিৰ স্নাতকসকলে জ্ঞান আৰু দক্ষতাক কৃষক, সমাজ আৰু জাতিৰ সেৱাত ব্যৱহাৰ কৰি দলীয় মনোভাৱেৰে অবিৰতভাৱে কাম কৰিব লাগিব।

আমি যেতিয়াই স্বাৱলম্বী ভাৰত আৰু স্বাৱলম্বী অসমৰ কথা কওঁ তেতিয়াই কৃষি খণ্ডৰ অৱদান আটাইতকৈ গুৰুত্বপূৰ্ণ।কৃষি খণ্ডত এই অৱদানৰ পৰিপ্ৰেক্ষিতত, চৰকাৰে কৃষিৰ বিকাশ আৰু কৃষকৰ সমৃদ্ধিৰ ওপৰত সৰ্বাধিক গুৰুত্ব দিছে।

মই গৌৰৱান্বিত যে কঠিন পৰিস্থিতিতো অসমৰ কৃষকসকলে নিজৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ জৰিয়তে উল্লেখযোগ্য সফলতা লাভ কৰিছে।

অসমৰ বহু সামগ্ৰী যেনে চাহ, মাজুলী চাউল, তেজপুৰ লিচি আৰু জোহা চাউলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিছে। অসম কৃষি বিশ্ববিদ্যালয়ে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি পৰিস্থিতিৰ বিকাশৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে। দক্ষ মানৱ সম্পদ প্রস্তুত কৰা, শেহতীয়া প্রযুক্তি বিকশিত কৰা আৰু কৃষকৰ জীৱন সমৃদ্ধ কৰাত ই যথেষ্ট অৰিহণা যোগাইছে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই আদৰণি ভাষণত বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ অগ্ৰগতিৰ আৰু সামগ্ৰিক ৰূপৰেখা দাঙি ধৰা  অনুষ্ঠানটোত সমাবৰ্তনৰ মুল বক্তৃতা প্ৰদান কৰে অসম কৃষি আয়োগৰ চেয়াৰমেন ড: হৰিশংকৰ গুপ্তাই। 

উৰ্বৰ ভূমি, প্ৰচুৰ জলসম্পদ, চহকী জৈৱ বৈচিত্ৰ্যকে ধৰি প্ৰচুৰ প্ৰাকৃতিক সম্পদেৰে অসম চহকী যদিও ৰাজ্যখনৰ অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ খণ্ড কৃষি অৱশ্যে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে বুলি উল্লেখ কৰি কয় যে অসমৰ প্ৰধান শস্য ধান খেতি বৰষুণৰ ওপৰত নিৰ্ভৰশীল আৰু জলবায়ু পৰিৱৰ্তনৰ ক্ৰমবৰ্ধমান অভাৱনীয়তাৰ দৰে কাৰকৰ বাবে ইয়াৰ উৎপাদনশীলতাত বাধাৰ সৃষ্টি হৈছে ।

বিশ্বজুৰি কৃষিৰ নাটকীয় পৰিৱৰ্তন হোৱাৰ লগে লগে  অসম কৃষি বিশ্ববিদ্যালয়ে কৃষিৰ অত্যাধুনিক ক্ষেত্ৰসমূহত নিজৰ গৱেষণা বৃদ্ধিৰ বাবে লোৱা পদক্ষেপ প্ৰশংসনীয় ইয়াৰ দ্বাৰা নিখুঁত আৰু সময়োপযোগী সিদ্ধান্ত গ্ৰহণ সম্ভৱ হ’ব, যাৰ ফলত সমগ্ৰ ৰাজ্যৰ কৃষকসকল উপকৃত হ’ব।

অসম কৃষি বিশ্ববিদ্যালয়ে কৃষি বিজ্ঞানৰ সকলো শাখাৰ এক সংহত গাঁথনি বজাই ৰাখিছে বুলি উল্লেখ কৰি  কেৱল অসমৰ নহয়,উত্তৰ-পূৰ্বাঞ্চলৰ  কৃষি আৰু সংশ্লিষ্ট খণ্ডসমূহৰ বাবে অধিক ফলপ্ৰসূভাৱে সেৱা আগবঢ়াব পাৰে।

বিশ্ববিদ্যালয়খনে পৰিৱেশ অনুকূল কৃষি পদ্ধতি, যেনে পানীৰ ব্যৱহাৰ হ্ৰাস কৰা, ৰাসায়নিক সামগ্ৰী কম কৰা, মাটিৰ স্বাস্থ্যৰ উন্নতি সাধন কৰাৰ দৰূবহনক্ষম পদ্ধতিসমূহে অসমৰ কৃষি পৰিৱেশক পৰৱৰ্তী পৰ্যায়লৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায়ক হ’ব।

কৃষক সমাজক শেহতীয়া কৃষি প্ৰযুক্তিৰ সুবিধাৰ প্ৰয়োজন, যাৰ বাবে কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ সকলো ক্ষেত্ৰতে অত্যাধুনিক প্ৰযুক্তিৰ বিকাশ আৰু প্ৰচাৰৰ প্ৰয়োজন, যিয়ে পাছলৈ কৃষি পৰিয়াল আৰু সামগ্ৰিকভাৱে ৰাজ্যখনৰ আয় বৃদ্ধিত সহায় কৰিব। 

অসমৰ কৃষক সমাজক সৱল কৰি তুলিবলৈ কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ সকলো ক্ষেত্ৰতে অত্যাধুনিক প্ৰযুক্তি বিকশিত আৰু প্ৰচাৰ কৰি অসম কৃষি বিশ্ববিদ্যালয়ে এই প্ৰচেষ্টাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। 

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯খন মহাবিদ্যালয় পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পিএইচডি  লাভ কৰা ৫৪৮ শিক্ষাৰ্থীক আনুষ্ঠানিক ভাৱে ডিগ্ৰী প্ৰদান কৰাৰ লগতে সোণৰ পদক আৰু অন্যান্য পুৰস্কাৰ সমুহো প্ৰদান কৰা সমাবৰ্তনত সন্মানীয় অতিথি হিচাপে অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰে।ভাষণ প্ৰসংগত মন্ত্ৰী বৰাই কয় যে অসমৰ দৰে কৃষিভিত্তিক ৰাজ্য এখনৰ বাবে কৃষি শিক্ষা অতি গুৰুত্বপূৰ্ণ কাৰণ ই খাদ্য উৎপাদনৰ বাবে জ্ঞান আৰু দক্ষতা প্ৰদান কৰে।

সঁচা অৰ্থত শক্তিশালী জাতি হ’বলৈ এটা শক্তিশালী কৃষি ভিত্তি অতি প্ৰয়োজনীয়।  আমাৰ কৃষি বিজ্ঞানী আৰু সম্প্ৰসাৰণ বিশেষজ্ঞৰ সম্পূৰ্ণ সমৰ্থন অবিহনে আমাৰ বাবে এয়া সম্ভৱ নহয়। আমাৰ ৰাজ্যৰ সমৃদ্ধি  কৃষকৰ মংগল আৰু খেতিৰ উৎপাদনশীলতাৰ সৈতে গভীৰভাৱে জড়িত।  কৃষক সবলীকৰণ আৰু এই ক্ষেত্ৰত অগ্ৰাধিকাৰৰ জৰিয়তে সকলোৰে বাবে খাদ্য আৰু পুষ্টিৰ সুৰক্ষা লাভ কৰাৰ লগতে দৰিদ্ৰতা আৰু ক্ষুধাৰ বিৰুদ্ধে যুঁজত সহায় কৰিব।

কৃষি খণ্ডত উৎপাদনশীলতা বৃদ্ধিৰ বাবে আমি একত্ৰিতভাৱে কাম কৰি জলসম্পদৰ উন্নত ব্যৱস্থাপনা, উন্নত মানদণ্ডৰ বীজ, বৈজ্ঞানিক কৃষি পদ্ধতি, সাৰৰ যুক্তিসংগত ব্যৱহাৰ, সংহত কীট-পতংগ ব্যৱস্থাপনা আৰু শস্যৰ বৈচিত্ৰ্যৰ ওপৰত গুৰুত্ব দিয়া উচিত। 

যিহেতু এই সকলোবোৰ আন্তঃসম্পৰ্কীয়, গতিকে সমন্বিত পদ্ধতিৰ প্ৰয়োজন বাবে আমাৰ কৃষি বিজ্ঞানীসকলে বহনক্ষম কৃষিৰ ধাৰণাটোৰ দিশত কাম কৰাটো প্ৰয়োজন।সমাবৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং(মুলাই)(Forest Man Yadav Payeng) আৰু  পূৰ্ণিমা দেৱী বৰ্মণক(Purnima Devi Barman) অসম কৃষি বিশ্ববিদ্যালয়ৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।ইয়াৰ পূৰ্বে আজি পুৱাই ৰেল যোগে আহি যোৰহাটত উপস্থিত হোৱা ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্যগৰাকীক বিশ্ববিদ্যালয়ত আদৰণি জনোৱা হয়।

ইয়াৰ পাছত বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰালৰ সন্মুখৰ পৰা সমাবৰ্তনৰ শোভাযাত্ৰা কৰি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত সমাবৰ্তনৰ মুল কাৰ্যসূচী অনুষ্ঠিত হয়।

Panchayat Elections 2025:একেখন নাৱৰ যাত্ৰী হোৱাৰ সংকল্প ল’লে বিজেপি-অগপৰ বিধায়কে 

Panchayat Elections 2025:একেখন নাৱৰ যাত্ৰী হোৱাৰ সংকল্প ল'লে বিজেপি-অগপৰ বিধায়কে 
Panchayat Elections 2025:একেখন নাৱৰ যাত্ৰী হোৱাৰ সংকল্প ল'লে বিজেপি-অগপৰ বিধায়কে 

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিব্ৰুগড়, ৯ এপ্ৰিল: সমাগত পঞ্চায়ত নিৰ্বাচনক(Panchayat Elections 2025) লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলে কঁকালত টঙালী বান্ধিছে।(BJP-AGP) কিয়নো পঞ্চায়ত নিৰ্বাচনৰ পাছতে ২৬ৰ বিধানসভা নিৰ্বাচন।

গতিকে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব ‘২৬ৰ বিধানসভা নিৰ্বাচন। সেয়ে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সমষ্টিয়ে সমষ্টিয়ে দলীয় সাংগঠনিক ভেঁটি শক্তিশালী কৰাত ব্যস্ত হৈছে শাসক দল বিজেপিৰ লগতে আন দলসমূহ।

ৰাজ্যৰ প্ৰধান ৰাজনৈতিক দল কংগ্ৰেছে দলীয় সংঘাতত লিপ্ত থকা সময়ত সমষ্টিয়ে সমষ্টিয়ে অনুষ্ঠিত হৈছে মিত্ৰজোঁটৰ বৈঠক। ডিব্ৰুগড়(Dibrugarh) জিলাৰ নৱ-গঠিত চাবুৱা-লাহোৱাল সমষ্টিত অসম গণ পৰিষদ আৰু বিজেপিয়ে মিত্ৰতাৰে পঞ্চায়ত নিৰ্বাচন খেলাৰ সিদ্ধান্ত চূড়ান্ত কৰিছে।(Same Boat) কিয়নো সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত উজনিৰ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টি বিলুপ্ত হ’ল।

লাহোৱাল সমষ্টি বিলুপ্ত কৰি চাবুৱা সমষ্টিৰ নতুন নামকৰণ কৰা হয় চাবুৱা- লাহোৱাল সমষ্টি(Chabua-Lahwal Constituency)। ফলত লাহোৱাল সমষ্টিৰ অধিকাংশ সমষ্টি অন্তৰ্ভুক্ত কৰা হয় চাবুৱা-লাহোৱাল সমষ্টিত।

ইয়াৰ লগে লগে চাবুৱাৰ অসম গণ পৰিষদৰ বিধায়ক পোনাকণ বৰুৱা আৰু বিলুপ্ত হোৱাত লাহোৱাল সমষ্টিৰ বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাই  পৃথকে পৃথকে নিজ নিজ দলৰ সাংগঠনিক কামকাজত ব্যস্ত হৈছিল চাবুৱা-লাহোৱাল সমষ্টিত।

কিন্তু কেইটামান দিনৰ পূৰ্বে ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিধায়কক একলগ কৰি আলোচনাত মিলিত হৈছিল।সকলোকে মিত্ৰতাৰে পঞ্চায়ত নিৰ্বাচন খেলাৰ নিৰ্দেশ দিছিল। ইয়াৰ পাছতে খং, আক্ষেপ এৰি  মিত্ৰতাৰে পঞ্চায়ত নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিলে বিধায়ক বিনোদ হাজৰিকাই।

অগপৰ বিধায়ক পোনাকণ বৰুৱাৰ সৈতে আলোচনাৰ অন্তত এই ঘোষণা বিধায়ক বিনোদ হাজৰিকাৰ।দলীয় নেতৃত্বৰ নিৰ্দেশত মিত্ৰতাৰে পঞ্চায়ত নিৰ্বাচন খেলিবলৈ সাজু হোৱা বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাই কয়, “দলৰ নিৰ্দেশত আৰু মুখ্যমন্ত্ৰীৰ আহ্বানত মিত্ৰতাৰে পঞ্চায়ত নিৰ্বাচন খেলাৰ বাবে সাজু হৈছো।

চাবুৱা-লাহোৱাল সমষ্টিৰ ১৮খন আঞ্চলিক পঞ্চায়তৰ ১১খন আসনত বিজেপি আৰু ৭খন আসনত এজিপিয়ে নিৰ্বাচন খেলিব।চাৰিখন জিলা পৰিষদৰ দুখন আসনত বিজেপিয়ে আৰু দুখন আসনত অগপই প্ৰতিদ্বন্দিতা কৰিব।ডিকম আৰু বকুল জিলা পৰিষদত বিজেপি প্ৰাৰ্থী থাকিব আৰু  দিনজয়  আৰু মদাৰখাত জিলা পৰিষদত অগপই প্ৰাৰ্থিত্ব প্ৰদান কৰিব।অগপ দলৰ হৈতে আলোচনা কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

বিধায়ক পোনাকণ বৰুৱা আৰু বিধায়ক বিনোদ হাজৰিকাৰ মাজত  আলোচনাৰ অন্তত এই মিত্ৰতা হ’লেও সমষ্টিটোত দলীয় কৰ্মীৰ মাজত কিছু অসন্তুষ্টি দেখিবলৈ পোৱা যায়।

এই সম্পৰ্কত বিধায়ক বিনোদ হাজৰিকাই কয়, “সমষ্টিত কোনো ধৰণৰ সংঘাত নাই।সমষ্টিত এই সম্পৰ্কত খবৰ কৰা হৈছে। ৱাৰ্ডসমূহত দলীয় কৰ্মীসকলে দলীয় চিহ্নৰ বাহিৰত নিৰ্বাচন অৱতীৰ্ণ হ’ব পাৰে।কিন্তু ৱাৰ্ডসমূহৰ পৰা অৰাজনৈতিক ব্যক্তি জয়লাভ হোৱাটো বিচাৰো।

Assam Girls Football Team:অসম ছোৱালী ফুটবল দলৰ কৰ্ণাটকক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি অভিযান আৰম্ভ

Assam Girls Football Team:অসম ছোৱালী ফুটবল দলৰ কৰ্ণাটকক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি অভিযান আৰম্ভ
Assam Girls Football Team:অসম ছোৱালী ফুটবল দলৰ কৰ্ণাটকক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি অভিযান আৰম্ভ

দৈনন্দিন বাৰ্তাৰ ক্ৰীড়া প্ৰতিবেদক, গোগামুখ, ৯ এপ্ৰিলঃ  গোৱাৰ ওটৰদাত অনুষ্ঠিত হোৱা  ড্ৰীম  স্প’ৰ্ট ছোৱালীৰ ১৭ বছৰ  অনুৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নশ্বপত অসমৰ ছোৱালী ফুটবল দলে(Assam Girls Football Team) অগ্ৰগতি লাভ কৰিছে৷(National Football Championship)

আজি পুৱাৰ ভাগত গোৱাৰ ওটৰদা খেলপথাৰত অনুষ্ঠিত হোৱা খেলখনত অসম ছোৱালী ফুটবল  দলে কৰ্ণাটক ফুটবল দলক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি নিজৰ অভিযান আৰম্ভ কৰিছে৷

অসম ছোৱালী ফুটবল দলে প্ৰথমাৰ্ধত আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে আৰু ৰাইট উইংগাৰ কৰিণা নৰহৰ(Right winger Kareena Narah) সুন্দৰ গ’লেৰে ১-o গ’লৰ  ব্যৱধানত অগ্ৰগতি লাভ কৰে৷

প্ৰথমাৰ্ধ সমাপ্ত হ’বলৈ কিছু সময় বাকী থকা সময়ত অসম দলৰ লেফ্ট উইংগাৰ ছেৰবিকা টেৰাংপিয়ে(Left winger Serbika Terangpi)  আন  ১ গ’ল দি অসমক ফুটবল দলক  ২-০ গ’লত অগ্ৰগতি প্ৰদান কৰে৷দ্বিতীয়াৰ্ধত কৰ্ণাটক দলে গ’ল পৰিশোধ কৰিবলৈ আপ্ৰাণ প্ৰচেষ্টা চলাইছিল যদিও অসম দলৰ অভিজ্ঞ গ’লকীপাৰ কুমকুম কুমাৰীয়ে(Experienced goalkeeper Kumkum Kumari) কৰ্ণাটকৰ সকলোবোৰ আক্ৰমণ প্ৰতিহত কৰে৷

১১ এপ্ৰিলল  অসম ফুটবল দলে আয়োজক গোৱা ছোবালী ফুটবল দলৰ বিৰুদ্ধে অবতীৰ্ণ হ’ব৷

Dhakuakhana Press Guild:ঢকুৱাখনা প্ৰেছ গীল্ডৰ ২৩সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Dhakuakhana Press Guild:ঢকুৱাখনা প্ৰেছ গীল্ডৰ ২৩সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
Dhakuakhana Press Guild:ঢকুৱাখনা প্ৰেছ গীল্ডৰ ২৩সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

দৈনন্দিন বাৰ্তাৰ সেৱা, ঢকুৱাখনা, ৯ এপ্ৰিল: ঢকুৱাখনাৰ সংবাদ কৰ্মী আৰু সাংবাদিকসকলৰ উমৈহতীয়া মঞ্চ প্ৰেছ গীল্ড ঢকুৱাখনাই(Dhakuakhana Press Guild) গতিপথত ২৩টা বর্ষত প্ৰদাৰ্পণ কৰিলে। ঢকুৱাখনা উপ-জিলাখনৰ সাংবাদিকসকলৰ এক উল্লেখযোগ্য অনুস্থান ঢকুৱাখনা প্ৰেছ গীল্ডৰ প্ৰতিষ্ঠা দিৱস(Foundation Day) বুধবাৰে অনুষ্ঠিত হয়।

ঢকুৱাখনা প্ৰেছ গীল্ডৰ ২৩সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে পুৱা ৯বজাত গীল্ডৰ পতাকা উত্তোলন কৰে গীল্ডৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক তোলন চন্দ্ৰ দত্তই। পতাকা উত্তোলন কৰি দত্তই কয় যে ঢকুৱাখনা প্ৰেছ গীল্ডে উপ-জিলাখনৰ আৰ্থ সামাজিক সাংস্কৃতিক আদি দিশ জনসাধাৰণৰ ওচৰত দাঙি ধৰি সাংবাদিকতাৰ বৃত্তি সঠিকভাৱে পালন কৰি আহিছে।

এই ক্ষেত্ৰত ঢকুৱাখনা প্ৰেছ গীল্ডৰ সমুহ সদস্য ধন্যবাদৰ পাত্ৰ। পতাকা উত্তোলন কাৰ্য্যসূচীৰ পিছতে প্ৰেছ গীল্ডৰ প্ৰাক্তন সভাপতি দুলেন চমুৱাই স্মৃতি তৰ্পণ কাৰ্যসূচী শুভাৰম্ভ কৰি প্ৰেছ গীল্ডৰ প্ৰয়াত সদস্যসকলৰ উপৰি অসমৰ সমাজ জীৱনৰ পৰা হেৰাই যোৱা মহান পুণ্যত্মাসকলক স্মৰণ কৰে।

এই স্মৃতি তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক অমৃত পৱন বৰা, বিপুল গগৈ, হেমন্ত কুমাৰ বৰুৱা, ৰাজীৱ বৰুৱা, পুলকজ্যোতি বৰা, পাপু বৰুৱা, প্ৰতাপ দত্তৰ লগতে প্ৰেছ গীল্ডৰ সভাপতি তোলন চন্দ্ৰ দত্তই।

দুপৰীয়া গীল্ডৰ সভাপতি তোলন চন্দ্ৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱস আৰু বিশেষ সম্বৰ্ধনা সভাত অৱসৰী শিক্ষাবিদ পদ্মা বৰা দাস, জ্যেষ্ঠ নাগৰিক লালিত্য কুমাৰ দাস, বিশিষ্ট নাট্যসাধক নন্দ চুতীয়া, জ্যেষ্ঠ নাগৰিক, অৱসৰপ্ৰাপ্ত শিক্ষাবিদ তৰুণ চন্দ্ৰ পাতিৰ, মানস নেওগ, প্ৰেছ গীল্ডৰ প্ৰতিষ্ঠাপক সভাপতি আলোক চমুৱা, প্ৰাক্তন সভাপতি দুলেন চমুৱাকে প্ৰমুখ্যে কৰি গৰিষ্ঠসংখ্যক অভ্যাগত অতিথি উপস্থিত থাকি বক্তব্য আগবঢ়োৱা জনাকীৰ্ণ সভা যোগানন্দ সূতৰ উদ্বোধনী ভাষনেৰে উদ্বোধন কৰা হয়।

ঢকুৱাখনাৰ শংকৰদেৱ শিশু নিকেতন(Sankardev Shishu Niketan) আৰু আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ(Amguri Primary School) শিশু শিক্ষাৰ্থীসকলৰ শ্ৰুতিমধুৰ গানেৰে সভাখনৰ গাম্ভীৰ্যতা দুগুণ বৃদ্ধি কৰে।

সভাত প্ৰতিষ্ঠাপক সভাপতি আলোক চমুৱা,  প্ৰবীণ শিক্ষাবিদ প্ৰেছ গীল্ডৰ শুভাকাংক্ষী তৰুণ পাতিৰ, নাট্যকৰ্মী নন্দ চুতীয়া, প্ৰতিষ্ঠাপক সভাপতি আলোক চমুৱা, সম্পাদক অমৃত পৱন বৰা আৰু কিছু সংখ্যক সংবাদকৰ্মীক স্মাৰকসহ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।(Lakhimpur)

ইয়াৰ পাছতে গীল্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্ধিয়া কাৰ্যলয়ৰ চৌহদত বন্তি প্ৰজ্বলন কাৰ্য্যসূচী ৰূপায়ন পাছতে ঢকুৱাখনা নগৰৰ গান্ধী মৌদানৰ প্ৰাংগনত বিশিষ্ট, জ্যেষ্ঠ ব্যক্তি, কবি-গীতিকাৰসকলৰ উপস্থিতিত এক শব্দ আৰু সুৰৰ এসন্ধ্যা অনুষ্ঠানৰ পাছেত সামৰণি পৰে প্ৰতিষ্ঠা দিৱসৰ৷

Student Visa: ট্ৰাম্প প্ৰশাসনৰ ৱৰ্ক ভিছা বন্ধ কৰাৰ পৰিকল্পনাঃ কৰ্মসংস্থাপনহীনতাৰ আতংকই খেদি ফুৰিছে বহু ভাৰতীয় শিক্ষাৰ্থীক

Student Visa: ট্ৰাম্প প্ৰশাসনৰ ৱৰ্ক ভিছা বন্ধ কৰাৰ পৰিকল্পনা
Student Visa: ট্ৰাম্প প্ৰশাসনৰ ৱৰ্ক ভিছা বন্ধ কৰাৰ পৰিকল্পনা

আমেৰিকাত ৱৰ্ক ভিছা বন্ধ কৰাৰ পৰিকল্পনাৰ সময়তে বিপাঙত পৰিছে বহু ভাৰতীয় ছাত্ৰ। প্ৰব্ৰজনকাৰীৰ বিতাড়ন আৰু কঠোৰ ভিছা নিয়ন্ত্ৰণ ড’নাল্ড ট্ৰাম্পৰ প্ৰচাৰ অভিযানৰ প্ৰতিশ্ৰুতিৰ এটা মূল অংশ আছিল। যাৰ ফলত বৰ্তমানৰ এফ-১ আৰু এম-১ ভিছাধাৰীসকলৰ মাজত অস্বস্তিৰ সৃষ্টি হৈছে।(Student Visa)

মাৰ্কিন কংগ্ৰেছত উত্থাপন কৰা এখন নতুন বিধেয়কে আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। বিশেষকৈ বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (STEM) পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই নতুন বিধেয়ক খনে আতংকৰ সৃষ্টি কৰিছে।এই বিধেয়কৰ জড়িয়তে আমেৰিকাত স্নাতক হোৱাৰ পিছত তিনি বছৰলৈকে দেশত থাকিবলৈ দিয়া কামৰ অনুমোদন কাৰ্যসূচী অপচনেল প্ৰেকটিকেল ট্ৰেইনিং (OPT)ৰ অন্ত পেলাবলৈ বিচৰা হৈছে।

এই পদক্ষেপে আমেৰিকাত থকা হাজাৰ হাজাৰ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ সম্ভাৱনাত ব্যাঘাত জন্মোৱাৰ ভাবুকি কঢ়িয়াই আনিছে।অ’পেন ড’ৰ্ছ ২০২৪ৰ প্ৰতিবেদন অনুসৰি ২০২৩–২০২৪ শিক্ষাবৰ্ষত আমেৰিকাত আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ আকৰ্ষণৰ শীৰ্ষ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছিল, য’ত ৩৩১,৬০২ গৰাকী ছাত্ৰ-ছাত্ৰী আছিল, যিটো পূৰ্বৰ বছৰৰ তুলনাত ২৩ শতাংশ বৃদ্ধি।ইয়াৰে প্ৰায় ৯৭,৫৫৬ জন ছাত্ৰ-ছাত্ৰীয়ে ঐচ্ছিক ব্যৱহাৰিক প্ৰশিক্ষণ (অ’পিটি)ত অংশগ্ৰহণ কৰিছিল, যিয়ে ৪১ শতাংশ বৃদ্ধিৰ প্ৰতিফলন ঘটাইছে।

এতিয়া ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে ডাঙৰ চিন্তাৰ বিষয়টো হ’ল আৰ্থিক আঘাত। অ’পিটি অবিহনে ছাত্ৰ-ছাত্ৰীসকলে বছৰ বছৰ ধৰি আমেৰিকাত তেওঁলোকে চাকৰি কৰিব নোৱাৰিব।

India Women’s Pencak Silat: ৰাষ্ট্ৰীয় আস্মিতা খেল’ ইণ্ডিয়া মহিলা পেন্‌চাক চিলাট লীগ: ২০২৫ ত অসমৰ খেলুৱৈৰ সফলতা: ২য় শ্ৰেষ্ঠ বিজয়ী দলৰ সন্মান

India Women’s Pencak Silat: ৰাষ্ট্ৰীয় আস্মিতা খেল' ইণ্ডিয়া মহিলা পেন্‌চাক চিলাট লীগ
India Women’s Pencak Silat: ৰাষ্ট্ৰীয় আস্মিতা খেল' ইণ্ডিয়া মহিলা পেন্‌চাক চিলাট লীগ

৫ ৰ পৰা ৮ এপ্ৰিল তাৰিখে জম্মু-কাশ্মীৰস্থিত (India Women’s Pencak Silat) শ্বেৰ-ই-কাশ্মীৰ ইণ্ড’ৰ ষ্টেডিয়িমত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় আস্মিতা খেল’ ইণ্ডিয়া মহিলা পেন্‌চাক চিলাট লীগ: ২০২৫ ত অসমৰ খেলুৱৈয়ে তিনিটা সোন আৰু চাৰিটাকৈ ব্ৰঞ্জসহ মুঠ সাতটা পদক জিনি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ প্ৰত্যক্ষ প্ৰযোজনা আৰু পৰ্য্যবেক্ষণত চাৰিদিনিয়াকৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিত অসমৰ ১২ গৰাকী খেলুৱৈসহ দেশৰ ৩৬ ৰাজ্যৰ প্ৰায় ১০০০ গৰাকী ছিনিয়’ৰ মহিলা খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় লীগ প্ৰতিযোগীতাখনত জম্মু-কাশ্মীৰ ক্ৰীড়া পৰিষদৰ সচিব প্ৰধান নুজ্‌হাট গুল, জম্মু-কাশ্মীৰ ক্ৰীড়া আৰু যুৱ-কল্যাণ আয়ুক্ত সচিব ছৰ্‌মাদ হাফিজ আদিৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিত থাকে। অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক তথা উত্তৰ-পূৱ পেনচাক চিলাট মহাসংঘৰ উপ-সভাপতি লক্ষ্যজিত দলেৰ নেতৃত্বত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা উক্ত প্ৰতিযোগীতাখনত ধেমাজী জিলাৰ খেম কুমাৰী প্ৰধান, শোণিতপুৰ জিলাৰ ৰীমা বড়ো, ওডালগুৰি জিলাৰ জেউতী বড়োৱে সোনৰ পদক আৰু গোলাঘাট জিলাৰ প্ৰেৰণা হাজৰিকা, শোণিতপুৰ জিলাৰ সবিতা মোছাহাৰী, ধেমাজী জিলাৰ তুহীনা চাংমাই, বিব্ৰুগড় জিলাৰ ৰাজশ্ৰী বৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ দেশৰ ভিতৰত দ্বিতীয় স্থান অধিকাৰ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনে।

অহা ১২ এপ্ৰিল তাৰিখে কাশ্মীৰৰ পৰা গুৱাহাটী আহি পাবলগীয়া অসম পেনচাক চিলাট খেলুৱৈ দলটি আগন্তুক ৯ মে’ তাৰিখৰ পৰা আৰম্ভ হ’ৱলগীয়া ত্ৰয়োদশ ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা:২০২৫ৰ বাবে বিষেস প্ৰশিক্ষণ শিবিৰৰ ব্যৱস্থা কৰা হ’ৱ বুলি অসম পেনচাক চিলাট সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে উক্ত প্ৰতিযোগিতাৰ পৰাই আগন্তুক ৰাষ্ট্ৰীয় বীচ্ছ্‌ গেমচ্‌:২০২৫ আৰু আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতা সমূহৰ বাবে পুৰুষ আৰু মহীলা খেলুৱৈ সকলক বাচনি কৰা হ’ৱ।

Kiwi Fruit: প্ৰতিদিনে এটা কিউই খালে সলনি হ’ব স্বাস্থ্য !

Kiwi Fruit: প্ৰতিদিনে এটা কিউই খালে সলনি হ’ব স্বাস্থ্য !
Kiwi Fruit: প্ৰতিদিনে এটা কিউই খালে সলনি হ’ব স্বাস্থ্য !

কিউই এবিধ ফল, কিউই স্বাস্থ্যৰ বাবে অতি উপকাৰী। এনে পৰিস্থিতিত যদি আপুনি এই ফল দৈনিক খায় তেন্তে ইয়াৰ ইতিবাচক প্ৰভাৱ আপোনাৰ শৰীৰত দেখা পাব।(Kiwi Fruit) কিউইৰ টেঙা সোৱাদ কোনে ভাল নাপায়? এই ফলটোক আপুনি বিশেষ মূল্য নিদিলেও ই আপোনাৰ স্বাস্থ্যৰ ওপৰত অতি ইতিবাচক প্ৰভাৱ পেলাব পাৰে।

প্ৰতিদিনে এটা কিউই খালে কি হ’ব জানেনে?

এই ফলটোৰ শক্তি ইয়াৰ এন্টিঅক্সিডেন্টৰ পৰিমাণ বিশেষকৈ ভিটামিন চি আৰু ভিটামিন ইত নিহিত হৈ আছে, যিয়ে অক্সিডেটিভ চাপৰ ফলত আমাৰ ডি এন এৰ ক্ষতি হ্ৰাস কৰাত সহায় কৰে।

যেতিয়া আমি আমাৰ ডি এন এ সুৰক্ষিত কৰো, তেতিয়া আমাৰ স্বাস্থ্যৰ বাবে ইয়াৰ প্ৰকৃত অৰ্থ হ’ল আমি কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰিছো, বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া কৰিছো, আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিছো আৰু আমাৰ মগজুক সুৰক্ষিত কৰিছো। কেৱল ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতে নহয় কিউই উপকাৰী নহয়, স্বাস্থ্যৰ সামগ্ৰিক উন্নতি কৰে।

Delhi Temperature: ৰাজধানীত কালান্তক গ্ৰীষ্ম প্ৰবাহঃ ৪০.২ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিলে দিল্লীৰ তাপমাত্ৰাই

Delhi Temperature: ৰাজধানীত কালান্তক গ্ৰীষ্ম প্ৰবাহঃ ৪০.২ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিলে দিল্লীৰ তাপমাত্ৰাই
Delhi Temperature: ৰাজধানীত কালান্তক গ্ৰীষ্ম প্ৰবাহঃ ৪০.২ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিলে দিল্লীৰ তাপমাত্ৰাই

প্ৰচণ্ড – গ্ৰীষ্ম প্ৰবাহে জোকাৰি গৈছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীক। এনে পৰিস্থিতিৰ মাজতে আই এম ডিয়ে ৰাষ্ট্ৰীয় ৰাজধানীখনত পৰৱৰ্তী দুদিনৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে।(Delhi Temperature) ভাৰতৰ বতৰ বিজ্ঞান বিভাগে মহানগৰীৰ কিছু অংশত গৰমৰ পৰিস্থিতিৰ ভৱিষ্যদ্বাণী কৰাৰ সময়তে দিল্লীত মঙলবাৰে পুৱা বতাহ অত্যধিক উষ্ণ হৈ পৰে।সোমবাৰে দিল্লীয়ে ঋতুৰ প্ৰথমটো গ্ৰীষ্ম প্ৰবাহৰ ঢৌ ৰেকৰ্ড কৰে। সেইদিনা সৰ্বোচ্চ তাপমাত্ৰাই ৪০.২ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰে।

আইএমডিৰ ৰঙৰ ক’ড অনুসৰি হালধীয়া সতৰ্কবাণীৰ অৰ্থ হ’ল “সচেতন হওক” আৰু ই গৰমৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে। এনে পৰিস্থিতিত মানুহক লঘু, পাতল ৰঙৰ, ঢিলা কাপোৰ পিন্ধিবলৈ পৰামৰ্শ দিয়া হয়।
বতৰ বিজ্ঞান কেন্দ্ৰৰ বিবৃতি অনুসৰি বুধবাৰলৈকে এই পৰিস্থিতি অটুট থকাৰ সম্ভাৱনা আছে।বতৰ বিজ্ঞানৰ মতে বৃহস্পতিবাৰৰ পৰা দিল্লীয়ে গৰমৰ পৰা কিছু সকাহ পাব পাৰে।

কাৰণ তাপমাত্ৰা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। ছফদাৰজং, ৰিজ আৰু অয়ানগৰত আজিও তীব্ৰ গৰম হয়।বিবৃতিটোত আৰু কোৱা হৈছে যে এই অৱস্থা ৯ এপ্ৰিললৈকে চলি থকাৰ সম্ভাৱনা আছে।১০ এপ্ৰিলৰ পৰা দিল্লীকে ধৰি উত্তৰ-পশ্চিম ভাৰতৰ ওপৰত তাপমাত্ৰা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।তিনি বছৰৰ ভিতৰত এইবাৰ এপ্ৰিল মাহৰ প্ৰথমাৰ্ধত দিল্লীত গৰমৰ মাত্ৰা বৃদ্ধি পাইছে। আই এম ডিৰ তথ্য অনুসৰি এপ্ৰিল মাহৰ দ্বিতীয়াৰ্ধত মহানগৰীৰ সৰ্বোচ্চ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয়।এইবাৰ ২০২২ চনৰ দৰেই মাহটোৰ প্ৰথমাৰ্ধত ৪০ ডিগ্ৰীৰ সীমা অতিক্ৰম কৰিছে।

তদুপৰি তথ্য অনুসৰি ২০২২ চনত দিল্লীত ৮ এপ্ৰিলত প্ৰথমটো গৰমৰ ঢৌ ৰেকৰ্ড কৰা হৈছিল যেতিয়া সৰ্বোচ্চ উষ্ণতাই ৪১.৬ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছিল।আইএমডিৰ তথ্য অনুসৰি ২০২৩ চনৰ ১৫ এপ্ৰিল আৰু ২০২৪ চনৰ ২৬ এপ্ৰিলত সৰ্বোচ্চ উষ্ণতাই ৪০ ডিগ্ৰীৰ সীমা স্পৰ্শ কৰিলেও ইয়াৰ পিছৰ বছৰবোৰ ২০২৩ আৰু ২০২৪ চনত এপ্ৰিল মাহত দিল্লীত কোনো ধৰণৰ গৰমৰ ঢৌ ৰেকৰ্ড কৰা হোৱা নাছিল।মঙলবাৰে দিল্লীৰ বায়ুৰ গুণাগুণ ‘দুৰ্বল’ শিতানত ৰেকৰ্ড কৰা হয়, পুৱা ৯ বজাত বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) ২১৬।কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড অনুসৰি শূন্যৰ পৰা ৫০ৰ ভিতৰৰ একিউআই ‘ভাল’, ৫১ আৰু ১০০ ‘সন্তোষজনক’, ১০১ আৰু ২০০ ‘মধ্যমীয়া’, ২০১ আৰু ৩০০ ‘দুৰ্বল’, ৩০১ আৰু ৪০০ ‘অতি দুৰ্বল’ বুলি গণ্য কৰা হয়।

Local News: পি.এম.শ্ৰী. দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভিভাৱক সন্মিলন সম্পন্ন

Local News: পি.এম.শ্ৰী. দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভিভাৱক সন্মিলন সম্পন্ন
Local News: পি.এম.শ্ৰী. দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অভিভাৱক সন্মিলন সম্পন্ন

আজি বৃহত্তৰ দমদমা অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান পি.এম. শ্ৰী. দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুনকৈ নাম ভৰ্তি কৰা ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলক লৈ অভিভাৱক সন্মিলন এখন অনুষ্ঠিত হয়।(Local News) অনুষ্ঠানত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ অৱসৰী আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ দেৱে।

সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰণী ভাষণ আগবঢ়ায় বিদ্যালয়ৰ অধ্যক্ষ সূৰ্য‌‌‌ কুমাৰ ভট্টাচাৰ্যই। আদৰণী ভাষণত তেখেতে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক-অভিভাৱিকা সকলক ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণত তেওঁ বিলাকৰ ভূমিকা কেনে হ’ব লাগিব সেই বিষয়ে অৱগত কৰে আৰু লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সৈতে তেওঁবিলাকৰো সহযোগিতা কামনা কৰে– যাতে ছাত্ৰ-ছাত্ৰী সকলক মানৱ সম্পদ হিচাপে পূৰ্ণাংগ বিকাশ সাধন কৰিব পৰা যায়।

অনুষ্ঠানত বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ উপ-সভাপতি তথা কবি-লেখক বাবুল চন্দ্ৰ দাসে অংশ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলৰ পঢ়া-শুনাৰ লগতে তেওঁলোকৰ নিজ নিজ প্ৰতিভা বিকাশৰ বাবে শিক্ষক সমাজৰ লগতে অভিভাৱক সকলৰ সহযোগিতা কামনা কৰি বক্তব্য আগবঢ়ায়। লগতে একোগৰাকী পূৰ্ণাংগ মানুহ হিচাপে গঢ়ি তুলিব কৰাটোৱেই আমাৰ সকলোৰে উদ্দেশ্য হ’ব লাগে বুলিও তেওঁ প্ৰসঙ্গ ক্ৰমে উল্লেখ কৰে। সভাপতিৰ ভাষণত মালাকাৰ ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীৰ শিক্ষা গ্ৰহণত মাতৃ সমাজৰ যি দায়িত্ব আৰু কৰ্তব্য সিয়ে ভাৰতীয় নাৰী (মাতৃ) সমাজৰ মহান ত্যাগৰ কথা সোঁৱৰাই দিয়ে।

অনুষ্ঠানটোত অভিভাৱক তথা অভিভাৱিকা সকলৰ মাজৰ পৰা তেওঁলোকৰ ল’ৰা-ছোৱালীক যাতে সু-নাগৰিক হিচাপে গঢ়ি তুলিব পৰা যায় সেই বিষয়ে বিভিন্ন দিশ পৰ্যালোচনা কৰি বিভিন্ন জনে মন্তব্য আগবঢ়ায়। শিক্ষক সকলৰ মাজৰ পৰা হিৰণ্য শৰ্মা, পংকজ শৰ্মা আৰু ৰজনী শালৈয়ে বক্তব্য আগবঢ়ায়। আজিৰ এই অনুষ্ঠানত বিশেষকৈ কৃতি ছাত্ৰ-ছাত্ৰী কেইগৰাকী মানক বিদ্যালয়ৰ তৰফৰ পৰা একোখনকৈ ইংৰাজী অভিধান আগবঢ়োৱা হয়। শেষত অসম সংগীত পৰিবেশনেৰে আজিৰ অনুষ্ঠানৰ সফল সামৰণি পৰে।

84th National Convention Of AICC: নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৮৪ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশন: কংগ্ৰেছক পুনৰুজ্জীৱিত কৰাৰ বিষয়ত বিস্তৃত আলোচনা

84th National Convention Of AICC: নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৮৪ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশন
84th National Convention Of AICC: নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৮৪ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশন

গুজৰাটৰ শ্বাহীবাগৰ চৰ্দাৰ পেটেল স্মৃতিসৌধত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৮৪ সংখ্যক ৰাষ্ট্ৰীয় অধিৱেশন অনুষ্ঠিত হয়। কংগ্ৰেছ কৰ্মী সমিতিৰ এই বৈঠকত ১৫৯ জনৰো অধিক সদস্য উপস্থিত থাকে।এই সন্ধিক্ষণত গুজৰাটত অনুষ্ঠিত হোৱা এআইচিচিৰ অধিৱেশনখন তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। কিয়নো গুজৰাটক বহুলভাৱে বিজেপিৰ আৰ্হি ৰাজ্য হিচাপে গণ্য কৰা হয়।(84th National Convention Of AICC) বিজেপিয়ে প্ৰায়ে ৰাজ্য খনক তেওঁলোকৰ আৰ্থ-ৰাজনৈতিক পৰীক্ষা-নিৰীক্ষাৰ বাবে পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। গুজৰাটৰ ছয়জন দলৰ নেতা — শক্তিসিংহ গোহিল, জগদীশ ঠাকোৰ, লালজী দেশাই, ডাঃ আমী য়াগনিক, মধুসুদন মিষ্ট্ৰী, আৰু অমিত চাৱদা — চি ডব্লিউ চি সভাত অংশগ্ৰহণ কৰে।সন্ধিয়া সবৰমতী আশ্ৰমত এখন প্ৰাৰ্থনা সভা অনুষ্ঠিত হোৱাৰ হয়। তাৰ পিছত সবৰমতী নদীৰ পাৰত সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব।

দিনটোৰ আৰম্ভনিতে ছোনিয়া গান্ধী, ৰাহুল গান্ধী, আৰু অন্যান্য নেতাই চৰ্দাৰ পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। বিমানবন্দৰৰ পৰা সভাস্থলীলৈ যোৱাৰ পথত সাংস্কৃতিক দলসমূহে তেওঁলোকক আদৰণি জনাই অনুষ্ঠান পৰিৱেশন কৰে।দেশৰ কেইবাটাও অঞ্চলত কংগ্ৰেছে হেৰুৱা স্থান পুনৰ লাভ কৰাৰ উপায়ৰ বিষয়ত অধিৱেশনত আলোচনা কৰাৰ সম্ভাৱনা আছে। দলৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাই কয় যে মধ্যবিত্ত শ্ৰেণী, ব্যৱসায়ী সমাজ, সংখ্যালঘুসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিৰুদ্ধে কংগ্ৰেছে যুঁজিব। সংবাদ মাধ্যমৰ ওপৰত হেঁচা বাঢ়িছে আৰু ভাৰতত গণতন্ত্ৰক পদ্ধতিগতভাৱে ভেঙুচালি কৰা হৈছে বুলিও তেওঁ অভিযোগ কৰে। খেৰাই কয় যে, “এই সংগ্ৰামৰ অন্ত পৰিব অতি সোনকালে।’ ইপিনে কংগ্ৰেছৰ দলীয় সূত্ৰই দাবী কৰিছে যে তেওঁলোকক অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে কমেও দুটা স্থানত অনুমতিৰ বিচাৰি বঞ্চিত হৈছিল।

এন এছ ইউ আইৰ নেতা আৰু কৰ্মীসকলে চি ডব্লিউ চিৰ বৈঠক আৰু এ আই চি চিৰ অধিবেশনত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলক সহায় কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে। সমগ্ৰ মহানগৰীৰ বিভিন্ন হোটেলত নেতা আৰু অংশগ্ৰহণকাৰীসকলক ৰখা হৈছে ২০২২ চনৰ বিধানসভা নিৰ্বাচনত গুজৰাটত দলটোৰ প্ৰদৰ্শন বেয়া হোৱাৰ লগতে শেহতীয়া স্থানীয় সংস্থাৰ নিৰ্বাচনতো দলটোৰ প্ৰদৰ্শন হতাশাজনক আছিল। গুজৰাটৰ ২৬খন লোকসভাৰ আসনৰ ভিতৰত কংগ্ৰেছে মাত্ৰ এখন আসনহে লাভ কৰিছিল আৰু ১৮২ জনীয়া বিধানসভাত মাত্ৰ ১২খন আসনহে লাভ কৰিছে।