Home Blog Page 2958

বুবু কোঁৱৰৰ পিছত আৰক্ষীৰ জালত ছহিদুল, পলায়নৰ চেষ্টাৰ সময়তে আৰক্ষীৰ গুলীত আহত কুখ্যাত ডকাইত

ধুবুৰীৰ  চাপৰ হাতীপোতা শ্ৰীগ্ৰাম গাঁৱৰ আব্দুল ওহাব আৰু আব্দুল ৰহিম নামৰ দুই ভাই-ককাইৰ ঘৰত ডকাইতি ঘটনাৰ মুল মাষ্টাৰ মাইণ্ড তথা কুখ্যাত ডকাইত ছহিদুল ইছলাম অৱশেষত গ্ৰেপ্তাৰ।

বিগত কেইবাদিনো পলাতক ছহিদুলৰ সন্ধানত ধুবুৰী আৰক্ষীয়ে অভিযান চলাই অসম-মেঘালয় সীমান্তৰ পৰা কৰায়ত্ত কৰে  চাপৰ হাতীপোতাৰ ডকাইটি কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড ছহিদুল। হাতীপোতাত ডকাইত ছহিদুলে ডকাইতি কৰা সামগ্ৰীসমুহ দেখুৱাই দিয়া স্থানত যোৱাৰ পিছতে নিশা ডকাইত ছহিদুলে শৌচালয়ত যাব বুলি কোৱাত আৰক্ষীয়ে এখন হাতৰ হেণ্ড কাফ খুলি এজন কনিষ্টবলসহ কেবাজনো আৰক্ষী লগত পঠাই দি শৌচালয়ত যাব দিয়ে  যদিও ছহিদুলে হেণ্ডকাফ সহ কনিষ্টবলক প্ৰহাৰ কৰি এন্ধাৰৰ সুয়োগ লৈ পলাই যাবলৈ চেষ্টা কৰে। উপায়বিহীন হৈ আৰক্ষীয়ে ছহিদুলৰ সোঁভৰি লৈ প্ৰথমে এজাঁই গুলী নিক্ষেপ কৰে যদিও আঘাতপ্ৰাপ্ত ডকাইত ছহিদুল পুনৰ পলাই যাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে পুনৰ এজাঁই  গুলী নিক্ষেপ কৰে। কুখ্যাত ডকাইত ছহিদুল অকল ডকাইতিয়ে নহয় ধৰ্ষণ, ব্লেক মেইলিং, হত্যা আদিৰ দৰে জঘন্য ঘটনাত জড়িত আছিল। লগতে ছহিদুলে ডকাইতি কৰি ঘৰৰ মহিলাক অজ্ঞান কৰি অশ্লীল ফটো আৰু ভিডিঅ’ প্ৰস্তুত কৰি ব্লেকমেইলিং কৰাৰ গুৰুতৰ অভিযোগ আছে  বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। বৰ্তমানে আহত ছহিদুল ধুবুৰী অসামৰিক সদৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

টংলা পৌৰ পৰিষদৰ কাৰ্যবাহী সদস্য শান্তনু দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল: দাসৰ বিবেচনাহীন কাণ্ডৰ বাবেই মৃত্যুমুখত পৰিছিল বহু বগলী

পৰিৱেশ আৰু বন বিভাগৰ কৰ্তৃপক্ষই টংলা পৌৰ পৰিষদৰ কাৰ্যবাহী সদস্যৰ বিৰুদ্ধে তেওঁৰ কাৰ্যৰ বাবে এজাহাৰ দাখিল কৰিছে যাৰ ফলত অসমৰ ওদালগুৰি জিলাৰ ১ নং ৱাৰ্ডৰ অন্তৰ্গত জালুকবাৰী অঞ্চলত বহুসংখ্যক বগলী আৰু পক্ষীৰ মৃত্য়ু হৈছে। শুকুৰবাৰে এই ঘটনাৰ তদন্ত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছত পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী) অমিত চাহাইক ঘটনাটোৰ তদন্ত কৰিবলৈ আৰু তাৎক্ষণিকভাৱে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

ধনশিৰি বন বিভাগৰ বন বিষয়া এন কে বৰদলৈয়ে ঘটনাটোৰ তদন্ত কৰি দেখিছিল যে টংলা পৌৰ পৰিষদৰ কাৰ্যবাহী সদস্য শান্তনু দাসে ৮ জুনত ৱাৰ্ড নং ১ আৰু ২ ৰ পাঁচজন বাসিন্দাক জাননী প্ৰদান কৰিছিল । পৌৰ নিগমৰ কৰ্মীসকলে বাঁহবোৰ কাটি পেলোৱাত বহুতো চৰাইৰ মৃত্যু হৈছিল।

ইফালে, টংলা আৰক্ষী থানাত বন কৰ্তৃপক্ষই পৌৰ পৰিষদৰ কাৰ্যবাহী সদস্য দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। লগতে দাসৰ বিৰুদ্ধে ওদালগুৰিৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ ধাৰা ৫৫ ৰ অধীনত গোচৰ ৰুজু কৰা হ’ব বুলি জনাইছে।
https://a3a6f232f6c473c56551d3b4feef2b44.safeframe.googlesyndication.com/safeframe/1-0-38/html/container.html
বিভাগীয় বন বিষয়া, বৰদলৈয়ে জনাইছে যে ৮৮ টা নৱজাতকক উদ্ধাৰ কৰি কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ্সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে।
বন্যপ্ৰাণী সুৰক্ষা আইন,১৯৭২-ৰ অনুসূচী ৪-ৰ অধীনত এই পক্ষীবোৰ তালিকাভুক্ত কৰা হৈছে। স্থানীয় বন কৰ্তৃপক্ষই বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আগশাৰীৰ নাগৰিক, বেচৰকাৰী সংগঠন আৰু চৰকাৰী বিষয়াসকলৰ সৈতে সজাগতা বৈঠক অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।

মৰিগাৱৰ লেৰুৱামুখত পেহা শহুৰৰ কামনাৰ বলি এগৰাকী বোৱাৰী।

পেহা শহুৰৰ কামনা বলি ভতিজা বোৱাৰী
মৰিগাঁৱৰ ভেলৌগুৰি থানাত
এজাহাৰ দাখিল পেহা শহুৰ ৰফিকুল ইছলামৰ বিৰুদ্ধে
৭৪/২১ . নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰে আৰক্ষীয়ে।

এক ভয়ানক ঘটনাই জোকাৰি গৈছে মৰিগাও । সুতাৰ গাৱ পাৱলিক হাই স্কুলৰ ৪ৰ্থ বৰ্গৰ কৰ্মচাৰী ৰফিকুল ইছলামৰ কামনাৰ বলি হ’ল নিজা ভতিজা বোৱাৰী । এই ঘটনা সংঘটিত হৈছে মৰিগাও জিলাৰ লেৰুৱামুখত ৷ ভয়-ভাবুকিৰে বোৱাৰী গৰাকীৰ ওপৰত বহু দিন ধৰি ৰফিকুল ইছলামে চলাই আহিছিল যৌন উৎপীড়ন ।
ভতিজা কৰ্মসুত্ৰে বহি ৰাজ্যত থাকে সেই সুযগতে পেহা শশুৰে হাতত চোকা অস্ত্ৰ লৈ চলাই গৈছিল ধৰ্ষণ ৷

ৰাজ্যৰ ১৯৩খন আৰক্ষী থানাৰ অ’চিৰ ৰদ–বদল

ৰাজ্য চৰকাৰৰ গৃহ বিভাগে আজি অসম আৰক্ষীত ব্যাপক সালসলনি কৰিছে। অলপ দিন আগেয়ে আৰক্ষীৰ অধীক্ষক পৰ্যায়ৰ বিষয়া ৰদ–বদলৰ পিছত এইবাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (OC)ৰ ৰদ–বদল কৰা হৈছে। মুঠ ১৯৩খন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ৰদ–বদল কৰা হৈছে। উল্লেখ্য, ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ গঠনৰ পিছতে ৰাজ্যত ড্ৰাগছকে ধৰি আন অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে। এই অভিযান আৰু অধিক ক্ষিপ্ৰ কৰি তোলাৰ কাৰণতে বিষয়াৰ সালসলনি কৰা বুলি অনুমান কৰা হৈছে।

কাৰ্বি আংলঙৰ সাহসী জোৱান বৰসিং বে’ৰ নতুন পৰিচয় কনিষ্টবলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে নিযুক্তি পত্ৰ

উৎকোচৰ প্রলোভন অগ্রাহ্য কৰি অতি সাহসিকতাৰে ১২ কোটি টকাৰ ড্রাগ্ছ ধৰি সমাজৰ সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা হোমগার্ড বৰছিং বে’ক ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে অসম আৰক্ষীত কনিষ্টবল পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছিল।

শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে নিযুক্তি পত্ৰ। নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- যে নিজকে সশস্ত্ৰ সংগ্ৰামী বুলি কোৱা বহু উত্তৰ-পূবৰ সংগঠন ড্ৰাগছৰ ব্যৱসায়ত জড়িত। অৱশ্য আলফা এই ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰে জড়িত নহয়। আৰক্ষীয়ে আগতেও অভিযান চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে। নতুন চৰকাৰ অহাৰ পিছত আমি শূন্য সহনশীলতালৈ পৰ্যবক্ষিত কৰিছো। ৪৫ দিনত ১৩৫ কোটিৰ ড্ৰাগছ জব্দ কৰিছে অসম আৰক্ষীয়ে।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁ গৃহৰক্ষী হিচাপে ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা আৰু প্ৰলোভন প্ৰত্যাখ্যান কৰাত সততাৰ এক উল্লেখযোগ্য উদাহৰণ দাঙি ধৰিছে।
শ্ৰী বে’ৰ দৃষ্টান্তমূলক কামে আনকো ব্যক্তিগত স্বাৰ্থৰ উৰ্ধত উঠি সমাজৰ বৃহত্তৰ কাৰণত কাম কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব।

বিদ্যুৎ বিল পৰিশোধ নকৰা সন্দৰ্ভত চৰকাৰৰ ঘোষনাৰ বিৰোধীতা অসম হাইস্কুল শিক্ষক সংস্থাৰ

ৰাজ্য চৰকাৰৰ বিদ্যুৎ মাচুল পৰিশোধ নকৰা ,  বৰ্তমানলৈকে কভিড ভেকচিন নোলোৱা শিক্ষক কৰ্মচাৰীক জুন মাহৰ দৰমহা প্ৰদান কৰা নহব বুলি চৰকাৰে কৰা ঘোষনাৰ তীব্ৰ বিৰোধীতা কৰিছে অসম হাইস্কুল শিক্ষক সংস্থাই । আজি কাকতলৈ প্ৰেৰন কৰা এক বিবৃতিত সংস্থাৰ ভাৰপ্ৰাপ্ত সভাপতি খনিন্দ কুমাৰ গোস্বামী আৰু ভাৰপ্ৰাপ্ত সম্পাদক আনোৱাৰ হুছেইনে চৰকাৰক এনে নীতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ আহবান জনাইছে । তেওঁ লোকে বিবৃতিটোত উল্লেখ কৰিছে যে , অতিমাৰি কৰোনাৰ এনে জটিল সময়ত সকলো বিষয় দৰমহাৰ সৈতে জৰিত কৰাতো উচিত নহয় । বিদ্যুৎ মাচুল পৰিশোধ নকৰা শিক্ষক কৰ্মচাৰীৰ তথ্য যদি বিদ্যুৎ বিভাগৰ হাতত আছে , তেন্তে তেনে শিক্ষক কৰ্মচাৰীৰ ক্ষেত্ৰত চৰকাৰে ব্যবস্থা গ্ৰহন নকৰি সকলো শিক্ষক কৰ্মচাৰীক সাঙুৰি লোৱাটো উচিত হব নোৱাৰে । তেওঁ লোকে উল্লেখ কৰে যে কভিড ভেকচিন প্ৰায় সকলো শিক্ষক কৰ্মচাৰীয়ে গ্ৰহন কৰিছে । কোনো শিক্ষক কৰ্মচাৰীয়ে কিবা অসুবিধা বশত ভেকচিন লব পৰা নাই সেই সকলে শীঘ্ৰে ভেকচিন লব লাগে । সংস্থাই এই ক্ষেত্ৰত তৎকালীন ভাবে ভেকচিন প্ৰদানৰ বাবে চৰকাৰক আহবান জনাইছে ।

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ‌ৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ

অসম চৰকাৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাক  কালি এক সৌজন্যমূলক সাক্ষাৎকাৰ কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ‌ই।  জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় নেতৃত্ববৃন্দ‌ৰ লগত এলানি আলোচনাতো মিলিত হয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা।শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক  বাবুল বৰা নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৱে  মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি সঙ্ঘৰ তৰফৰ পৰা আদৰণী আৰু অভিনন্দন জ্ঞাপন কৰে।এই সাক্ষাৎ কালতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তৰফৰ পৰা কেইবাটিও গোহাঁৰি সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰা হয়। মুলতঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৱিৰ্ভাৱ মহোৎসৱত ৰাষ্ট্ৰীয় পৰ্যায়ত বন্ধ ঘোষণা, ৰাজ্যৰ বান-গৰাখহনীয়া আদি সমস্যাৰ সমাধানৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা, অসমৰ জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নামঘৰ সমূহৰ উন্নতিকল্পে আচঁনি গ্ৰহন, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ আন্ত:গাথঁনি উন্নয়নৰ বাবে ব্যৱস্থা গ্ৰহণ, শঙ্কৰী সাহিত্যৰ অধ্যয়ন আৰু গৱেষণাৰ বাবে প্ৰয়োজনীয় সহযোগিতা, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থানৰ উন্নয়ন, ধৰ্মীয় ঐতিহ্য ক্ষেত্ৰৰ বেদখলমুক্ত কৰণ কৰা, ৰাজ্যৰ প্ৰাকৃতিক পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ বাবে ৩০ লাখ বৃক্ষৰোপনৰ আচঁনি গ্ৰহণ আদি।বহুকেইটি বিষয় সন্নিবিষ্ট স্মাৰক পত্ৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহোদয়ে সেইসমূহৰ সম্পৰ্কত তেখেতৰ তৰফৰ পৰা যথাবিহিত ব্যৱস্থা গ্ৰহণৰ  কৰিব বুলি উল্লেখ কৰে।আনহাতে অসমৰ ধৰ্মীয় আৰু জাতীয় জীৱনৰ প্ৰতি শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই আগবঢ়াই অহা অৱদান ৰাজিৰ বাবে তেওঁ সঙ্ঘৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। এই আলোচনাত সঙ্ঘৰ প্ৰধান সম্পাদকৰ লগতে অংশগ্ৰহণ কৰে মুখ্য উপদেষ্টা  ভৱেন্দ্ৰ নাথ ডেকা , যুটীয়া সম্পাদক ডা. দূৰ্লভ পাঠক , গুৱাহাটী মহানগৰী জিলাৰ প্ৰাক্তন সহ সম্পাদক জোন মেধিয়ে ।

বৰপেটাৰ গোমাফুলবাৰীত আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস পালন।

মানৱ সমাজক পংগুত্বৰ জীৱনলৈ ঠেলি দিব পৰা ড্ৰাগছ চৌদিশে ভয়াবহ ৰূপ ধাৰণ কৰিছে।
এই ড্ৰাগছৰ কবলত পৰি ইতিমধ্যে ধংসৰ গৰাহলৈ অগ্ৰসৰ হৈছে বহু যুৱ প্ৰজন্ম।
ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ বাবে চৰকাৰ, দল সংগঠন, স্বেচ্ছাসেৱী সংস্থাই বিভিন্ন ধৰণে সজাগতামূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে।
ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে।
ড্ৰাগছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে সমগ্ৰ বিশ্বতে পালন কৰা হয় ড্ৰাগছ বিৰোধী দিৱস। সমগ্ৰ বিশ্বৰ লগতে বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গোমাফুলবাৰীতো আজি আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস পালন কৰা হয়। গোমাফুলবাৰী ড্ৰাগছ বিৰোধী মঞ্চৰ উদ্যোগত পালন কৰা এই দিৱসৰ লগত সংগতি ৰাখি সজাগতা আৰু প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰা হয়। অনুষ্ঠানটোত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি তাৰাবাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়া জ্যোতিষ দাসে ড্ৰাগছৰ বিভীষিকা আৰু আইন ও প্ৰশাসন বিষয়ত বক্তব্য দাঙি ধৰি তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত বিশেষকৈ হিৰোইন আৰু বি এফ টেবলেটৰ সৰবৰাহ হয় বুলি উল্লেখ কৰে। 
ড্ৰাগছ সেৱন আৰু সৰবৰাহ বন্ধ নকৰিলে যুৱ প্ৰজন্মই ধংসৰ দিশে অগ্ৰসৰ হোৱাৰ লগতে সমাজখনৰ ভৱিষ্যতকো অন্ধকাৰলৈ ঠেলি দিয়া হব বুলি তেওঁ কয়।
ড্ৰাগছমুক্ত অসম গঢ়াত সকলোকে সহযোগ কৰিবলৈ অ’চি জ্যোতিষ দাসে আহ্বান জনায় ।

অনুষ্ঠানটোৰ অন্যতম আমন্ত্ৰিত অতিথি ছানোৱাৰ খন্দকাৰেও ড্ৰাগছ আৰু চিকিৎসা বিজ্ঞান বিষয়ত গুৰুত্বপূৰ্ণ ব্যাখ্যা দাঙি ধৰে। আজিৰ এই আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী  দিৱসত অঞ্চলৰ ভালে সংখ্যক লোকে অংশগ্ৰহণ কৰে।

কৃষিভূমিত সুৰাৰ বটল , দুষ্কৃতিকাৰীৰ ৰম‍্যভূমিলৈ পৰ্যবসিত কলিয়াবৰৰ কিচামত

 কলিয়াবৰৰ মহকুমাৰ পূৱথৰীয়া মৌজাৰ মাধতাৰি কিচামতৰ বিস্তৃত কৃষিভূমিৰ দাঁতিত অৱস্থিত জৈৱ-বৈচিত্ৰৰে ভৰপূৰ, দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ অন্যতম বিচৰণ ভূমি তথা ৰাজ্যখনৰ অন্যতম উল্লেখনীয় বিশাল আদ্ৰভূমি জয়সাগৰ দলনি। মাগুৰ-শিঙি, কাৱৈ-গৰৈ, শ’ল-কান্ধুলিকে ধৰি থলুৱা মাছৰে পৰিপূৰ্ণ এক জৈৱ-বৈচিত্ৰৰে ভৰ-পূৰ এক জলাশয়। প্ৰাকৃতি নান্দনিক শোভাৰে সুশোভিত জয়সাগৰ দলনিলৈ শীতৰ আগমনৰ লগে লগেই দেশী-বিদেশী পক্ষীৰ আগমন ঘটে আৰু বিভিন্ন প্ৰজাতিৰ পক্ষীৰ কলৰৱত জলাশয়ৰ লগতে দাঁতিকাষৰীয়া অঞ্চলটো মুখৰিত হৈ পৰে। কিন্তু বৰ্তমান জয়সাগৰ দলনিৰ পাৰ্শ্বৱৰ্তী কৃষিভূমি আৰু পথসমূহ এতিয়া একাংশ দুষ্কৃতিকাৰীৰ ৰম‍্যভূমিলৈ পৰ্যবসিত হোৱা পৰিলক্ষিত হৈছে৷
এই বিশাল জলাশয়টোৰ চৌপাশে থকা শিলঘাট, কামাখ্যা গাঁও, সোণাৰী গাওঁ, মিৰিভেটি, বৰভকতি, দুলাল মাধৱ, দলিবাৰী, পোৰাভেটি, মাধতাৰি, পূৱথৰীয়া, ভিঞাৰী গাঁও, শান্তিপুৰ, বালিটিকা, শেনচোৱা, বাঘৰচুক, চামধৰা আদিৰ কৃষিজীৱী ৰাইজে খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু পৰিতাপৰ কথা যে, বন‍্যহস্তীৰ লগতে এতিয়া একাংশ দুষ্কৃতিকাৰীয়ে এই বৃহত্তৰ অঞ্চলৰ কৃষিজীৱী ৰাইজলৈ কঢ়িয়াই আনিছে অশনি সংকেত।বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে কৃষি-পথাৰৰ মাজেদি বিভিন্ন অঞ্চলক সংযোগ কৰি নাবাৰ্ডৰ সহযোগত এটা পকী পথৰ নিৰ্মাণ কৰিছে যাতায়তৰ সুব‍্যৱস্থাৰ বাবে। লগতে পথাৰৰ ধান পকিবৰ সময়ত সোণাৰী-কামাখ‍্যা পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ পৰা খেতি-পথাৰ ৰক্ষাৰ বাবে যাতে বন বিভাগৰ যাতায়ত সুগম হয়। পক্ষী দৰ্শনৰবাবে ইচ্ছুক দৰ্শনাৰ্থীৰ বাবে পথছোৱা অতি গুৰুত্বপূৰ্ণ বুলি চিহ্নিত হৈছে।
ফলস্বৰূপে কৃষক ৰাইজৰ সুবিধা হ’ল যদিও পক্ষীৰ কলৰৱত মুখৰিত জলাশয় অঞ্চলটো এতিয়া পূৱাৰ পৰা নিশালৈকে একাংশ উশৃংখল যুৱক-যুৱতী, দুষ্কৃতিকাৰীৰ অবাধ বিচৰণ ভূমিলৈ ৰূপান্তৰিত কৰাত সাধাৰণ ৰাইজৰ এতিয়া স্বাধীনতা আৰু নিৰাপত্তা নোহোৱা হৈ পৰিছে বুলি সচেতন ৰাইজে অভিযোগ উত্থাপিত কৰিছে। বিশেষকৈ যোৱা বৰ্ষত দলিবাৰীৰ পৰা সোণাৰী গাঁও আৰু বৰভকতি গাঁৱৰ পৰা জয়সাগৰলৈ, ভৰালী বৰুৱা পুখুৰীৰ লগতে বৃহত্তৰ কৃষিভূমিৰ মাজেৰে নিৰ্মাণ কৰা পথ আৰু পথাৰৰ মাজত থকা জলসিঞ্চনৰ পানীৰ নলাসমূহ এতিয়া একাংশ উশৃংখল যুৱকে বেলি মাৰ যোৱাৰ লগে লগেই সুৰা আৰু জুৱাৰ আড্ডাথলীলৈ ৰূপান্তৰিত কৰাৰ লগতে সুৰাৰ বটলসমূহ কৃষিভূমিত পেলোৱাৰ ফলত কৃষকসকল আগন্তুক বিপদৰ বাবে চিন্তিত হোৱা বুলিও কৃষকসকলে ক্ষোভ ব্যক্ত কৰে।
কৃষিভূমিৰ পৰা সুৰাৰ বটলসমূহ পথৰ দাঁতিত তুলি একাংশ কৃষকে ক্ষোভেৰে কয় যে, একাংশ মুখা পিন্ধা ভদ্ৰলোক আৰু সমাজৰ একাংশ তথাকথিত অভিজাত পৰিয়ালৰ সন্তানে মুৰৰ ঘাম মাটিত পেলাই জীৱন-নিৰ্বাহ কৰা কৃষকসকলৰ দুখ-কষ্টৰ কথা কি উপলব্ধি কৰিব নোৱাৰাৰ ফলতেই এনে বিপজ্জনক কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে।। তদুপৰি পূৰ্বে নিৰিবিলি পৰিৱেশত বিৰাজ কৰা দেশী-বিদেশী বিভিন্ন প্ৰজাতিৰ পক্ষীসমূহ এতিয়া জন-কোলাহল, বিশেষকৈ মটৰচাইকেল, চাৰিচকীয়া বাহনৰ বাবে জলাশয়টোৰ পূৱ প্ৰান্তলৈ কমকৈ আহিবলৈ ধৰিছে। যদি এনেদৰে বৃহৎ জলাশয় অঞ্চলটোত একাংশ লোকৰ বাবে পৰিবৰ্তন হৈ থাকে, তেতিয়া হ’লে, ভবিষ্যতে এই অঞ্চলৰ নান্দনিক শোভাৰ বিলুপ্তি ঘটাতো নিশ্চিত বুলিও সচেতন ব্যক্তি আৰু কৃষক ৰাইজে উদ্বেগ প্ৰকাশ কৰে।
একাংশ দুষ্কৃতিকাৰীয়ে জয়সাগৰ দলনিত আজি কিছুদিনৰ পৰা সৃষ্টি কৰা উশৃংখল পৰিস্থিতিৰ সম্পৰ্কে একাংশ সচেতন ৰাইজ আৰু কৃষকে অভিযোগ উত্থাপিত কৰাৰ পাছতো কলিয়াবৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱা পাছতে মদৰ বটলৰ একাংশ ভাঙি হাল বায় থোৱা মাটিত পেলাই সমগ্ৰ পৰিৱেশটো অধিক বিপজ্জনক কৰি তুলিছে বুলি একাংশ কৃষকে অভিযোগ তুলিছে। এনে ক্ষেত্ৰত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰীগৰাকীৰ লগতে আৰক্ষী প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি জয়সাগৰ দলনিত গঢ়ি উঠা উশৃংখল পৰিৱেশ ৰোধ কৰি খাটি-খোৱা কৃষকসকলৰ লগতে নিৰিবিলি পৰিৱেশত বিচৰণ কৰা পক্ষীসমূহৰ অনুকূল পৰিৱেশ সুৰক্ষাৰ বাবে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে।

ওৰাংত অৰুণাচল প্ৰদেশৰ চুৰি পালছৰ বাইক উদ্ধাৰ

ৰাজ্যত বৰ্ধিত কৰোণাৰ সংক্ৰমণৰ ফলত ৰাজ্যবাসীক চিন্তিত কৰা সময়তে একাংশ দুস্কৃতিকাৰীয়ে গাড়ী মটৰ চুৰি কাৰ্যত লিপ্ত হৈ ৰাজ্যবাসীক বাৰুকৈ চিন্তিত কৰি তুলিছে । তেনে এক ঘটনা পোহৰলৈ আহিছে ওৰাং আৰক্ষী চকীত । ওৰাং আৰক্ষীয়ে জানিবলৈ দিয়া মতে আৰক্ষী চকীত কৰ্মৰত  কেইবাজনো আৰক্ষীয়ে দৈনিক চলাই অহা তালাচী অভিযানৰ দৰেই   ২৫ জুনত ওৰাংত তালাচী অভিযান চলাই থকা মুহূৰ্ততে ধৰা পৰে এখন চুৰি বাইক । বাইক আৰোহী সকলৰ কথা বাৰ্তাত সন্দেহ উপজাত আৰক্ষীৰ দলে ভালকৈ বিষয়টো চালি জাৰি চোৱাত আৰোহী দুয়োজনে লৈ অহা পালছাৰ বাইক খন চুৰি কৰা বুলি চিহ্নিত হয় । ওৰাং আৰক্ষী থানাৰ  তালাচী অভিযানত ধৰা পৰা AS 03 J  3015 নম্বৰৰ  পালছাৰ বাইক খন অৰুণাচল প্ৰদেশৰ জিৰো পইণ্ট ৰ পৰা চুৰি কৰি আনিছিল বুলি জানিব পৰা গৈছে । চুৰি বাইক সহ ধৰা পৰা  ধ্ৰুত চুৰ দুজন ক্ৰমে আমিনুল হক পশ্চিম বংগৰ দিনহাটা ,আৰু  ৰাছীদুল ইছলামৰ ঘৰ  ধুবুৰী জিলাৰ গোলাকগঞ্জত বুলি জানিব পৰা গৈছে । এতিয়া চিন্তাৰ বিষয় হ’ল বহি: ৰাজ্জ্যৰ পৰা অসম অৰুণাচল আদি ৰাজ্যত প্ৰৱেশ কৰি বাইক , গাড়ী মটৰ চুৰি কৰাৰ কাৰ্যত লিপ্ত থকা বিষয়টো ৰাজ্যবাসীক অত্যন্ত চিন্তিত কৰা বিষয় । এই বহি: ৰাজ্জ্যৰ পৰা অসমত প্ৰৱেশ কৰি চুৰি কৰা ডাঙৰ গেংটোক উৎসাত কৰাৰ বাবে অসম প্ৰশাসনে বিশেষ গুৰুত্ব দিয়া বুলি অঞ্চলৰ ৰাইজে ব্যক্ত কৰিছে ।  ওৰাং আৰক্ষীৰ তালাচী অভিযানৰ বাবে চুৰ দুজন ধৰা পৰাত ওৰাং বাসী ৰাইজে ওৰাং আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে।