সমগ্ৰ বিশ্বযুৰি আতংকৰ সৃষ্টি কৰা ক’ৰনা ভাইৰাছ সংক্ৰমণৰে সকলোৰে মন ভয়ত কম্পমান ৷ ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই এই ক’ৰনাৰ পৰা কেনেকৈ দূৰত থাকিব তাৰ টিপছ সকলোৱে জ্ঞাত ৷ চৰকাৰী ভাৱে সকলোকে মাস্ক,চেনিটাইজাৰ, হাতধোৱা ইত্যাদি ব্যৱহাৰ নিৰ্দেশনা দিছে যদিও সকলোৱে ইয়াক উপলুঙা কৰা পৰিলক্ষিত হয় ৷ পশ্চিম মঙলদৈ যৌগিক চিকিৎসালয় মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ যোগাচাৰ্য দণ্ডপ্ৰতাপ শৰ্মাই যোগ আৰু প্ৰাণায়মৰ জৰিয়তে কেনেকৈ এই ক’ৰনা ভাইৰাছক প্ৰতিহত কৰিব পাৰি তাৰ সবিশেষ এটি সাক্ষাৎকাৰৰ জৰিয়তে জানিব দিয়ে ৷
ৰঙিয়াত ৰাইজৰ দলৰ সংবাদমেল।মুখ্যমন্ত্ৰীয়ে অখিল গগৈ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ বিৰোধীতা
ৰঙিয়াত ৰাইজৰ দলৰ সংবাদমেল । শেহতীয়াভাৱে শাসনাধিস্থিত চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে বিশেষভাবে অখিল গগৈ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ বিৰোধীতা কৰি আজি ৰাইজৰ দলৰ ৰঙিয়াস্থিত কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেল খনত ৰাইজৰ দলৰ নেতা হৰেশ্বৰ বৰ্মণে কেবাটাও গুৰুতৰ অভিযোগ কৰে । নেতাজনে হিমন্তবিশ্ব শৰ্মা নেতা নহয় অভিনেতা বুলি কটাক্ষ কৰি কয় যে হিমন্তবিশ্ব শৰ্মা নিজেই এজন মানসিক বেমাৰী । অখিল গগৈৰ বেমাৰৰ বিষয়ে যিসময়ত হস্পিতাল কৰ্তৃপক্ষই আজিলৈ কোনো তথ্য সদৰী কৰা নাই এইক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য অতি দুৰ্ভাগ্যজনক আনহাতে হিমন্ত বিশ্ব শৰ্মাই দিনত ১०/১২ বাৰকৈ কʼভিড প্ৰটʼকল ভংগ কৰি ঠায়ে ঠায়ে মামা খানা মাগিন খানা খাই ফুৰিছে ,কাৰ্যত কʼভিড প্ৰতিৰোধত ব্যৰ্থ হৈ এইধৰণে লম্ফজম্ফ কৰি থকা বুলিও গুৰুতৰ অভিযোগ কৰে।ইয়াৰোপৰী গো সুৰক্ষা আইনৰ ওপৰত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত নেতা গৰাকীয়ে তেওঁলোকৰ এই গো প্ৰীতি কেৱল ভোটৰ স্বাৰ্থত বুলি কৈ ৰাজ্যৰ কোনোটো অঞ্চলত পশুধন সুৰক্ষাৰ বাবে এটা সামান্য দৰৱ পাবলৈ নাই । ছাত্ৰ সংগ্ৰাম সমিটিৰ প্ৰাঞ্জল কলিতাই ৰঙিয়াত কʼভিদ পৰীক্ষা তথা ভেকচীনৰ নাটনি সন্দৰ্ভতো সোচ্ছাৰ হৈ পৰা দেখা যায়,ছাত্ৰনেতা গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই যিদৰে নিজৰ সমষ্টিত ভেকচীন কেন্দ্ৰ সুলভ কৰাইছে, ঠিক তেনেদৰে ৰঙিয়াতো ভেকচিন কেন্দ্ৰ আৰু পৰীক্ষা কেন্দ্ৰ উপলব্ধ কৰোৱাৰ দাবী জনাই ।
BIG BREAKING নগাঁৱত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
নগাঁৱত ড্ৰাগছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ গুলীচালনা।আৰক্ষীয়ে আমতলাৰ পথাৰত খেদি খেদি আটক কৰিলে আব্দুল উদ্দুছ আৰু মফিজুল হকক। আব্দুলে হেৰউনৰ পেকেট লৈ পলায়ণ কৰাৰ চেষ্টা কৰিছিল। এতিয়াৰে পৰা আৰক্ষীয়ে প্ৰয়োজনত ড্ৰাগছ মাফিয়াক গুলীচালনা কৰিবলৈ সাঁজু বুলি জনালে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই
ডিগবৈত জব্দ বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ নগদ ১ লাখ ৮০ হাজাৰ টকা,তিনিজনক আটক
সমগ্ৰ ৰাজ্যখনতে এচাম যুৱ প্ৰজন্মই সামাজিকভাৱে নিসিদ্ধ কানি,ভাং ,ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ লগতে সমাজখনক অন্ধকাৰৰ দিশে গতি কৰাইছে৷ঠিক সেই সময়তে ,গোপন সূত্ৰৰ পম দেখি দুলীয়াজান আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত ডিগবৈ আৰক্ষীৰ সহযোগত আজি পুৱাৰ সময়তে ডিগবৈ চাৰিআলি পুলিচ পইন্টৰ সমিপত ৰে’ল ক্ৰচিংৰ কাষৰ চায়ৰা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহৰ পৰা ২৫ কিঃগ্ৰাঃ ভাং,৭৫ টা চিচি ভৰ্ত্তি ড্ৰাগছ আৰু নগদ ১ লাখ ৮০ হাজাৰ টকা জব্দ কৰাৰ লগতে বাসগৃহটোৰ গৰাকী চায়ৰা বেগম ,পুস্কি আলি আৰু শান্তনু বৰা নামৰ তিনিজন লোকক আটক কৰি দুলীয়াজান আৰক্ষী থানালৈ লৈ যায়৷আৰক্ষী বিষয়াজনে অৱগত কৰা অনুসৰি ,গোপন সূত্ৰৰ খবৰৰ ভিত্তিত যোৱাকালিও চায়ৰা বেগম নামৰ মহিলাগৰাকীৰ বাসগৃহত অভিযান চলাইছিল যদিও বাসগৃহৰ লোকসকলে পলায়ন কৰিবলৈ সক্ষম হোৱাৰ পাচত আজি পুৱাই পুনৰ অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰীসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয়৷জানিব পৰা অনুসৰি আটকাধীন চায়ৰা বেগম সহ পুত্ৰ ৰাজ আলি বিগত বহু বছৰৰ পৰা বিভিন্ন নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায় কৰি সমাজৰ এচাম যুৱ প্ৰজন্মৰ জীৱনলৈ কাল অমানিশা নমাই অনাৰ লগতে সমগ্ৰ ডিগবৈ চহৰখনতেই সন্ত্ৰাস সৃষ্টি কৰি ৰাখিছিল৷কিন্তু উল্লেখ্য বিষয় যে,ডিগবৈ চহৰৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনে ডিগবৈ আৰক্ষী প্ৰশাসনক বাৰম্বাৰ অভিযোগ কৰি অহাৰ পাচতো উক্ত ঘাটি উৎখাত কৰিবলৈ সক্ষম নোহোৱাৰ বিপৰীতে দুলীয়াজান আৰক্ষী উৎখাত কৰিবলৈ সক্ষম হোৱাক লৈ ডিগবৈ সমাজ সচেতন ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷আনহাতে পূৰ্বতেও ডিগবৈ চহৰৰ বিভিন্ন স্থানৰ পৰা নিচাযুক্ত সামগ্ৰী জব্দ কৰিছিল আৰক্ষীয়ে কিন্তু বৰ্তমানো নগৰখনৰ বিভিন্ন প্ৰান্তত নিচাযুক্ত সামগ্ৰী বিক্ৰি অথবা সেৱন অব্যাহত আছে ।এফালে চহৰ খনৰ একাংশ যুৱক ড্ৰাগছ ,কানি ,ভাংৰ কৱলত মাতাল হৈ পৰা পৰিলক্ষিত হৈছে ।
নগাঁৱত পুনৰ আটক ড্ৰাগছ ব্যৱসায়ী: ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ আৰক্ষীৰ শূণ্যলৈ গুলী,জব্দ হেৰ’ইন
নগাঁও আৰক্ষীয়ে আজি পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হ’য়। আজি দুপৰীয়া নগাঁও আৰক্ষীৰ এটা দলে নগাঁৱৰ ভকতগাঁও নাৰমাৰীত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাইছিল। অভিযানৰ সময়তেই দুই ড্ৰাগছ মাফিয়া আব্দুল উদ্দুচ আৰু মফাজ্বল হক আৰক্ষীৰ চকুত ধূলি দি পলায়নৰ অপচেষ্টা কৰে। লগে লগে অভিযানকাৰী আৰক্ষীয়ে শূণ্যলৈ এক জাই গুলী চলাই ড্ৰাগছ মাফিয়া দুটাক আটক কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা দুই ব্যৱসায়ী আব্দুল আৰু মুফাজ্জলৰ পৰা আৰক্ষীয়ে কিছু পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় । লগতে এ এচ ০২ পি ০৪০২ নম্বৰৰ এখন চেভ’লেট গাড়ীও আৰক্ষীয়ে জব্দ কৰে ।

গেলেকীত বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ
শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তবৰ্তী আঠখেলৰ গেলেকী চাহ বাগিচাৰ মাজত আজি এটা বিৰল প্ৰজাতিৰ বনৰৌ উদ্ধাৰ হয়।আজি পুৱা চাহ বাগিচাখনৰ শ্ৰমিকসকলে বাগানত পাত তুলিবলৈ যোৱাৰ সময়ত চাহ বগিচাখনৰ মাজত এটা বন্য প্ৰাণী প্ৰত্যক্ষ কৰে।শ্ৰমিকসকলে লগে লগে বাগিচাৰ পৰিচালক প্ৰণৱ বৰুৱাক খবৰ দিয়ে।পৰিচালক বৰুৱাই বন্যপ্ৰাণীটো প্ৰত্যক্ষ কৰি বনৰৌ বুলি নিশ্চিত হোৱাৰ লগতে বনৰৌটো পিঞ্জৰাত আৱদ্ধ কৰে কৰি আঠখেল খণ্ড বন কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীক খবৰ দিয়ে ।পাছত বনবন্ধু নিৰণ গগৈয়ে আঠখেল খণ্ড বন কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী আৰু কেইবাজনো বণ্যপ্ৰেমীৰ উপস্হিতিত পৰ্যটনস্হলী কমলাবাৰীৰ ঘন বনাঞ্চলত মুকলি কৰি দিয়ে।
‘বৰগোহাঞি ছাৰ!, সকলোৰে প্ৰিয় মহিৰূহৰ জীৱন আৰু কৰ্ম সামৰি ডিবি নিউজৰ এক ক্ষুদ্ৰ প্ৰয়াস এই প্ৰতিবেদন।
‘বৰগোহাঞি ছাৰ!, সকলোৰে প্ৰিয় মহিৰূহৰ জীৱন আৰু কৰ্ম সামৰি ডিবি নিউজৰ এক ক্ষুদ্ৰ প্ৰয়াস এই প্ৰতিবেদন।
সাংস্কৃতিক সাংবাদিক সন্থাৰ উদ্যোগ:ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যৰ কাষত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা
অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথমগৰাকী নায়িকা, অসমীয়া ছবিৰ জ্যেষ্ঠ অভিনেত্ৰী অনুপমা ভট্টাচাৰ্য বৰ্তমানৰ অৱস্থাৰ বুজ ল’বলৈ কিছুদিন পূৰ্বে উপস্থিত হৈছিল সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ বিষয়ববীয়া। ৯৩ বছৰ বয়সীয়া শিল্পীগৰাকীৰ অলপতে তেওঁৰ ভাতৃ তথা বিশিষ্ট কাৰ্টুনিষ্ট ত্ৰৈলোক্য দত্তক হেৰুওৱাৰ পাছত সম্পূৰ্ণ অকলশৰীয়া হৈ পৰে। বৰ্তমান তেওঁৰ সংগী হিচাপে আছে ৬০ বছৰীয়া এগৰাকী মহিলা যাক শিল্পীগৰাকীয়ে মাহেকত দিব লাগে ৬০০০ টকা। সেয়েহে তেওঁক কিছু আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে সাংস্কৃতিক সাংবাদিক সন্থাৰ সম্পাদক শিৱাণু বৰাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱাৰ পাছতেই গুৰুত্বসহকাৰে লৈ তাৎক্ষনিকভাৱে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক শিল্পীগৰাকীৰ ক্ষেত্ৰত সু-ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। সেই অনুসৰি মংগলবাৰে পুৱা ৯ বজাত হাতীগাঁৱৰ লখিমী পথস্থিত শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰি প্ৰদান কৰা ১ লাখ টকাৰ এককালীন আৰ্থিক সাহায্য শিল্পীগৰাকীৰ হাতত অৰ্পন কৰে।
উল্লেখ্য যে ১৯৬৩ চনৰ ২ অক্টোবৰত নাট্যকাৰ অচ্যুত লহকৰে জন্ম দিয়া ‘নটৰাজ থিয়েটাৰ’ অসমৰ প্ৰথম খন বাটকটীয়া ভ্ৰাম্যমাণ থিয়েটাৰ। উল্লেখিত ২ অক্টোবৰৰ প্ৰথমটো নিশাৰ নাটকখন আছিল ফণী শৰ্মাৰ ‘ভোগজৰা’। সেই প্ৰথমটো নাট্যদলত অভিনয় কৰা চিৰস্মৰণীয় শিল্পীসকল আছিল ধৰণী বৰ্মন, অনুপমা ভট্টাচাৰ্য, চন্দ্ৰ চৌধৰী, সদা লহকৰ ইত্যাদি। উল্লেখযোগ্য যে ভ্ৰাম্যমাণত অভিনয় কৰা প্ৰথম গৰাকী অভিনেত্ৰী তথা মঞ্চ সফল নায়িকা আছিল অনুপমা ভট্টাচাৰ্য। সম্প্ৰতি ভ্ৰাম্যমাণৰ জন্মদলত অভিনয় কৰা একমাত্ৰ জীয়াই থকা অভিনেত্ৰীগৰাকীয়ে হৈছে অনুপমা ভট্টাচাৰ্য । ভ্ৰাম্যমাণৰ প্ৰথম গৰাকী অভিনেত্ৰী তথা চলচ্চিত্ৰৰো অভিনেত্ৰী অনুপমা ভট্টাচাৰ্যই মাত্ৰ ১৬ বছৰ বয়সত প্ৰথম মুভী কেমেৰাৰ সন্মুখীন হৈ নটসূৰ্য ফণী শৰ্মা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পৰিচালিত তথা ১৯৪৮ চনত মুক্তিলাভ কৰা ‘চিৰাজ’ৰ জৰিয়তে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল।
ইটাখোলাত হেৰ’ইনসহ ধৃত ড্ৰাগছ বেপাৰী
বিশ্বনাথ জিলাৰ ইটাখোলা উপ-শাখা চকীৰ অন্তৰ্গত বালিডোঙাত কালি হেৰ’ইনসহ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। বশ্বনাথ আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মুজাফৰ হুচেইন,চক্ৰ পৰিদৰ্শক দিলীপ বনীয়া আৰু ইটাখোলা উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয় শ্যামল নেওগৰ নেতৃত্বত যোৱা এদল আৰক্ষীৰ দলে এক গোপন সূত্ৰ পম খেদি ইটাখোলাৰ সমীপৰ বালিডোঙাস্থিত নাৰায়ণপুৰৰ পৰা কুখ্যাত ড্ৰাগছ বেপাৰী জয়নাল আবেদিন(৫৬) ক দুইলাখ টকা মূল্যৰ হেৰ’ইনৰ সৈতে গ্ৰেপ্তাৰ কৰে। কুখ্যাত ড্ৰাগছ বেপাৰীজনক বহুত দিনৰ পৰা আৰক্ষীয়ে বিচাৰি আছিল।
মৰাণ সৰগফলা গোহাঁই গাঁৱত মৃত প্ৰকাণ্ড নাহৰফুটুকী বাঘ উদ্ধাৰ
ডিমৌৰ কাষৰীয়া ডিব্ৰুগড় জিলাৰ খোৱাং সৰগফলা গোহাঁই গাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে প্ৰকাণ্ড এটা মৃত নাহৰফুটূকী বাঘ । অঞ্চলটোৰ নগেন বৰা নামৰ ব্যক্তি জনৰ ঘৰৰ গাহৰি গড়ালৰ কাষতে কাহিলি পুৱাতে উদ্ধাৰ হয় মৃত বাঘটো। । পুৱাতেই পৰিয়ালৰ লোকৰ লগতে নগেনৰ পত্নী শুই উঠি গাহৰি গৰালৰ কাষত শুই থকা বাঘটো প্ৰত্যক্ষ কৰে। পিচত ওচৰ চুবুৰীয়া লোক আহি বাঘটো মৃত বুলি জানিব পাৰিহে কৌতুহল সৃষ্টি হয়। নাহৰফুটুকী বাঘটোৰ মুখমণ্ডল আৰু বিভিন্ন অংশৰ আঘাত প্ৰত্যক্ষ কৰি গাহৰি পোৱালি খাবলৈ আহোঁতে গাওঁখনত পোৱালীসহ বাস কৰি থকা ঢেকীয়াপটীয়া বাঘটোৰ সৈতে যুঁজ হোৱাৰ পিচত আঘাটপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰা বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। পিচত খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ এটি দল আহি মৃত নাহৰফুটুকীটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে লৈ যায়। বন বিষয়াই অৱগত কৰা অনুসৰি বিগত দুটা মাহে সৰগফলা গাঁৱত পিঞ্জৰা পাতি থোৱা আছে যদিও কোনোদিনে বাঘ পিঞ্জৰাবদ্ধ হোৱা নাছিল আৰু যাৰ বাবে বাঘটোৱে কৰুণ মৃত্যুক আকোঁৱালি ললে বুলি কয়।











