No menu items!
Home Blog Page 2959

ডিমৌত অবৈধ চুলাই ভাটিৰ বিৰোদ্ধে আৰক্ষীৰ অভিযান অব্যাহত,শ শ লিটাৰ অবৈধ চুলাই নষ্ট

এফালে ক’ৰনাৰ ত্ৰাস আনফালে আকৌ দৈনিক বৃদ্ধি পাইছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা। ক’ৰনাৰ এনে সংকট কালতো কিন্তু একাংশ লোকে চলাই গৈছে অবৈধ সুৰাৰ ব্যৱসায়। দেশত অবৈধ সুৰাই প্ৰাণ কাঢ়ি নিছে বহুলোকৰ। এনে সুৰাৰ প্ৰচলন সমাজৰ এক ব্যাধিস্বৰূপ। ইফালে শিৱসাগৰ জিলাৰ ডিমৌ আৰু ইয়াৰ দাতিকাষৰীয়া অঞ্চল সমূহতো ক্ৰমান্বয়ে বৃদ্ধি পাই আছে এনেধৰনৰ অবৈধ সুৰা ব্যৱসায় কৰা লোকৰ সংখ্যা। সেয়ে এই অবৈধ সুৰা ব্যৱসায়ৰ বিৰোদ্ধে সষ্টম হৈ উঠিছে  আৰক্ষী। কালি ডিমৌৰ সমিপৰ নিতাই পুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত বগৰী গুৰিত অবৈধ চুলাই ভাটি উচ্চেদ কৰে নিতাই পুখুৰী আৰক্ষীয়ে। নিতাই পুখুৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুলুমনি তালুকদাৰৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ পম খেদি উচ্চেদ কৰে দুটা অবৈধ চুলাই বৃহৎ ভাটি। আনহাতে, উক্ত চুলাই ভাটিকেইতাত আৰক্ষীৰ দলটোৱে কেইবাশ লিটাৰ অবৈধ চুলাই মদ নষ্ট কৰি পেলোৱাৰ লগতে এই চুলাই সমূহ নিৰ্মাণ কাৰ্য্যত ব্যৱহাৰ হোৱা বিভিন্ন সা-সামগ্ৰীও ভাঙী  লণ্ড ভণ্ড কৰে আৰক্ষীৰ দলটোৱে।

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ টেঙাবাৰীত বৰগাং নদীৰ ভয়ংকৰ খহনীয়া, গড়াখহনীয়া ৰোধৰ স্থায়ী সমস্যা সমাধানৰ দাবী বিহালীবাসীৰ

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ টেঙাবাৰীত বৰগাং নদীয়ে ভয়ংকৰ খহনীয়া আৰম্ভ কৰিছে। যোৱা কিছুদিন ধৰি বৰগাং নদীৰ পানী বাঢ়ি অহাত বিহালী সমষ্টিৰ  বৰঝাৰণী গাওঁ পঞ্চায়তৰ অধীনৰ  টেঙাবাৰীৰ সমীপত খহনীয়াৰ কালৰূপ ধৰাত  শংকিত হৈ পৰিছে গাওঁবাসী। ইতিমধ্যে  বৰগাং নদীৰ খহনীয়াৰ ফলত টেঙাবাৰী অঞ্চলৰ  বহু লোকৰ মাটি, ঘৰ, বাৰী আদিৰ এক  বৃহৎ এলেকা নদীৰ বুকুত জাহ গৈছে। তথাপিও আজিলৈকে খহনীয়া ৰোধৰ স্থায়ী কোনো ব্যৱস্থা ই ল’ব পৰা নাই জলসম্পদ  নামৰ এই বিভাগটোৱে । ইফালে বৰগাং নদীৰ খহনীয়াই প্ৰতি বছৰে বিহালী সমষ্টিৰ চাহ বাগিচাৰ বৃহৎ সংখ্যক মাটি,  কৃষকৰ বহু হেক্টৰ কৃষি ভূমিৰ লগতে বহুজনৰ ঘৰ বাৰী আদি নদীৰ বুকুত বিলীন কৰি আহিছে। কিন্তু আজি পৰ্যন্ত ইয়াৰ এক বিগ্ঞান সন্মত সমাধান নিশ্চিত কৰিব পৰা নাই ৰাজ্য চৰকাৰ তথা জলসম্পদ বিভাগে। উল্লেখ্য যে উক্ত অঞ্চলত বিগত সময়ত খহনীয়াই কাল ৰূপ ধাৰণ কৰি আহিছিল  যদিও বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ তৎপৰতাত সেই স্থানত বান্ধৰ ব্যৱস্থা কৰি কিছু পৰিমানে খহনীয়া প্ৰতিৰোধ কৰা দেখা গৈছিল। ইফালে বাৰিষাৰ আগমনৰ লগে লগে পুনৰ  খহনীয়া আৰম্ভ হয় টেঙাবাৰী অঞ্চলত।  বৰগাং নদীৰ খহনীয়াৰ কবলত পৰা টেঙাবাৰী অঞ্চলৰ খহনীয়া ৰোধৰ বাবে ৰাজ্য চৰকাৰ তথা জলসম্পদ বিভাগক বিহিত ব্যৱস্থা ল’বৰ বাবে দাবী জনাইছে ৰাইজে।

বিজেপিৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত অনলাইন যোগ শিৱিৰ, উপস্থিত মুখ্যমন্ত্ৰী

সুস্বাস্থ্যৰ বাবে বাবে হেঙেৰাবাৰীৰ ৰাজ্যিক বিজেপি কাৰ্যালয়ত অনলাইন যোগাসন শিৱিৰ।এই যোগ শিৱিৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসৰ লগতে কেইবাগৰাকীও বিধায়কে। প্ৰতিখন জিলাৰ বিজেপিৰ কাৰ্যালয়ত হ’ব এই যোগাসন শিবিৰ।সকলোকে ঘৰতে যোগাসন কৰিবলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে যোগাসনৰ প্ৰয়োজন। ৰাজ্যিক বিজেপিক ধন্যবাদ জনালে সোণোৱালে।আনহাতে, এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কোভিডৰ ফলত হোৱা মানসিক চাপ নাইকিয়া কৰাৰ বাবে এই যোগাসনৰ ব্যৱস্থা কৰা হৈছে। বিজেপিৰ ৰাজ্যিক নেতৃত্বক ধন্যবাদ জনাইছো।এসপ্তাহলৈ হ’ব এই যোগাসন। সমগ্ৰ অসমৰ বিজেপিৰ কাৰ্যালয়ত হ’ব এই শিবিৰ।

ওৰাং আৰক্ষীৰ বৃহৎ সফলতা।চুৰি হোৱা বুলেট গেলাবিলত উদ্ধাৰ।

ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত মৰা ধনশ্ৰীৰ পৰা চুৰি হোৱা এখন বুলেট বাইক  ওৰাং আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষী সুত্ৰে জানিব পৰা মতে  যোৱা কালি সন্ধিয়া ৰৌতা মৰা ধনশ্ৰীৰ পৰা প্ৰীতম তালুকদাৰ নামৰ লোক জনৰ এচ -০১ ডি -এ ৪৬২০ নম্বৰ  বুলেট বাইক খন চুৰি হৈছিল। ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে ১৫ নম্বৰ ৰাষ্ট্ৰীয ঘাই পথৰ লগত সংলগ্ন অসম অৰনাচল সংযোগী এডোখৰ নিজান ঠাইত পহৰাদাৰি আৰক্ষী দলটোক দেখি বুলেটখন এৰি চোৰৰ দলটো পলাই যায় । লগে লগে বিষয়া গৰাকীৰ নেতৃত্বত যোৱা আৰক্ষী দলে চুৰি কাৰ্য্যৰ সৈতে জড়িত দলটোক খেদি যায যদিও এন্ধাৰ সুযোগ লৈ দলটো পলাই যাবলৈ সক্ষম হয । উক্ত স্থানতে বাইকখন থৈ আৰক্ষীয়ে পুনৰ পহৰাৰ ব্যৱস্থা কৰিছিল যদিও নিশা পৰ্যন্ত বুলেটখন নিবলৈ নহাত আজি ৰাতিপুৱা ওৰাং থানালৈ বুলেটখন লৈ   আহে  আৰু তদন্ত আৰাম্ভ কৰাত বাইক খনৰ গৰাকী ৰৌতা মৰা ধনশ্ৰীৰ প্ৰীতম  তালুকদাৰ বুলি জানিব পৰা গৈছে । ওৰাং আৰক্ষীৰ এনে বৃহৎ সফলতাক ৰাইজে শলাগ লৈছে ।

ট্বৱেচ্ছা ফাউণ্ডেশ্যনৰ উদ্যোগত ক’ভিড ১৯ আক্ৰান্তলৈ বিনামূলীয়া খাদ্য যোগান কাৰ্যসূচী

ক’ভিড ১৯ৰ মহামাৰীৰ সময়ত, ভাৰতীয় সেনাৰ প্ৰাক্তন বিষয়া গদাধৰ চেলেং আৰু তেওঁৰ সতীৰ্থ সকলৰ দ্বাৰা পৰিচালিত স্বেচ্ছাসেৱী সংগঠন ট্বৱেচ্ছা ফাউণ্ডেশ্যনৰ উদ্যোগত গ্ৰাম্যাঞ্চলৰ ক’ভিড ১৯ত আক্ৰান্ত সকলে বিনামূলীয়া আহাৰ , খাদ্য সামগ্ৰীৰ যোগান কাৰ্যসূচী হাতত লোৱা হৈছে আৰু তাৰ প্ৰথম পদক্ষেপ হিচাপে যোৱা ২০ মে’ত তিনিচুকীয়া জিলাৰ অন্তৰ্গত সৰুমাইঠং গাঁৱত প্ৰায় ৩০০ শ পৰিয়ালক খাদ্য সামগ্ৰী চাউল ,দাইল,পিয়াজ, আলু,নিমখ,মিঠাতেল,বিস্কুট, চাবুন, বিতৰণ কৰা হয় ,
শ্ৰীযুত চেলেঙে এই মহামাৰীৰ বিৰুদ্ধে সকলোৱে একগোট হৈ যুজ দিবলৈ আহ্বান জনায় আৰু ট্বৱেচ্ছা ফাউণ্ডেশ্যনৰ এই কৰ্মসূচী অসমৰ সকলো জিলাতে আগবঢ়ায় নিয়াৰ পৰিকল্পনা ও ব্যক্ট কৰে

আলোপতিত চৰকাৰী বিদ্যালয়ৰ ভূমি বেদখলকলৈ প্ৰতিবাদ, ব্যৱস্থা গ্ৰহণৰ দাবী

বাঘবৰ সমষ্টিৰ আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত চেঙা শিক্ষা খণ্ডৰ পশ্চিম কামাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ ভূমি বেদখলক লৈ বিদ্যালয় পৰিচালনা সমিতি আৰু একাংশ অভিভাৱক সৈতে প্ৰধান শিক্ষক নুৰ ইছলামে বিদ্যালয়ৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে সাৱস্ত্য কৰে তীব্ৰ প্ৰতিবাদ। জানিব পৰা মতে বেদখলকাৰী আমিৰ হামজাৰ পিতৃ স্বহৰ আলীয়ে বিদ্যালয় স্থাপনৰ সময়ত দলিলত লিখিত ভাৱে  বিদ্যালয়ৰ নামত এক বিঘা মাটি দান সুত্ৰে দিছিল। কিন্তু স্বহৰ আলীৰ পুত্ৰ এখন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা আমিৰ হামজাই  বিদ্যালয় খনৰ ভূমি বেদখল কৰাৰ গুৰুতৰ অভিযোগ তুলি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবীত উত্তাল প্ৰতিবাদ সাৱস্ত্য কৰে। আনকি খামিডাঠ আমিৰ হামজাই সম্পূৰ্ণ খামখেয়ালীৰে বিদ্যালয়ৰ চৌহদৰ মাজেৰে নিজৰ গৃহলৈ  যোৱা বাবে মাটি পেলাই ৰাস্তা বনায়। এখন কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা খামিডাঠ আমিৰ হামজাৰ এনে নিকৃষ্ট কাণ্ডই শংকিত কৰিছে অঞ্চলবাসীক। সেয়ে প্ৰতিবাদকাৰী ৰাইজে শীঘ্ৰে বিভাগীয় কতৃপক্ষক এই স্পৰ্শকাতৰ বিষয়টো তদন্তৰ দ্বাৰা বিহীত ব্যৱস্থা ল’বলৈ দাবী জনায়। স্মৰ্তৱ্য যে প্ৰতিবাদীকাৰীৰ পৰা সাংবাদিকে সবিশেষ জানিব বিচৰাত আমিৰ হামজাৰ পিতৃ স্বহৰ আলী আৰু ভাই জুমাৰ আলীয়ে প্ৰতিবাদকাৰীক গালি-গালাজ উপৰিও ভয়-ভাবুকিও দিয়ে।

বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ: ক’ত ক’ত দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ

৬ মে’ত বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ সংঘটিত হ’ব৷  ভাৰতত বিয়লী ২:১৭ বজাৰ পৰা সন্ধিয়া৭:১৯ বজালৈ দৃশ্যমান হ’ব এই চন্দ্ৰগ্ৰহণ৷ পূৰ্বাঞ্চলৰ অসম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত বিয়লী ভাগলৈ আংশিকভাবে দৃশ্যমান হ’ব চন্দ্ৰগ্ৰহণ৷

” মাইক্ৰ’ফাইনেন্সৰ লোন মাফ কৰিম বুলি কৈছো তো কৰিম। লাগিলে আমি দৰমহা নলওঁ!” মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

” মাইক্ৰ’ফাইনেন্সৰ লোন মাফ কৰিম বুলি কৈছো তো কৰিম। লাগিলে আমি দৰমহা নলওঁ!” মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

কাকপথাৰত মটক ৰজা সৰ্বানন্দ সিংহৰ ২১৯ সৎখ্যক মৃত্যু দিৱস উদযাপন

ঐতিহাসিক বেংমৰা মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা স্বতন্ত্ৰ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২১৯ সংখ্যক মৃত্যু দিৱসটি ৰাজ্যৰ কেইবাখনো জিলাৰ সমান্তৰালভাৱে আজি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত ডিৰাকস্থিত নিজ কাৰ্যালয়ত, সমান্তৰালভাবে কাকপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত লাজুমস্থিত আঞ্চলিক কাৰ্যালয়ত ক’ৰণা অতিমাৰীৰ ভয়াবহতাৰ মাজতে চৰকাৰৰ নীতি নিৰ্দেশনা মানি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰে। ডিৰাকত অনুষ্ঠিত হোৱা তিৰোভাৱ তিথিত মটক স্বায়ত্ত শাসিত পৰিষদৰ সদস্য পূৰ্ণানন্দ বুঢ়াগোহাঁই, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, তিনিচুকীয়া জিলা সমিতিৰ কোষাধ্যক্ষ দ্বীপ চেতিয়া আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ৷ কাকপথাৰ লাজুমত অনুষ্ঠিত হোৱা কাৰ্যসুচীত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, তিনিচুকীয়া জিলা সমিতিৰ সাঃ সম্পাদক কমলদীপ বৰুৱা, শিক্ষা সম্পাদক হিৰোজ শইকীয়াকে ধৰি বহুকেইজন বিষয়ববীয়া, কৰ্মীয়ে অংশগ্ৰহণ কৰি বীৰ ৰজাজনাক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ ইফালে কুৰুকানী (১ নং সৰুমেছাই) গাওঁত ক’ৰণা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি নিজ বাসগৃহতে বীৰ ৰজাজনাক স্মৰণ কৰে তিনিচুকীয়া জিলা মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সাংগঠনিক সম্পাদক উদিপ্ত বাঘ বড়া, ডিৰাক আঞ্চলিক মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰাক্তন সাধাৰণ সম্পাদক পৰাগ গগৈয়ে। স্মৰ্তব্য যে, ৰাজ্যৰ চৌদিশে ইটো সিটোকৈ মূৰ দাঙি উঠা বিদ্রোহবোৰে আহোম ৰাজশক্তিক অস্থিৰ কৰি ৰখাৰ সময়তে বৰ্তমান তিনিচুকীয়া জিলাৰ চাংমাই পথাৰত এগৰাকী মোৱামৰীয়া বিদ্ৰোহী তথা প্ৰভাৱশালী ব্যক্তি মাজেৰাই ‘বেংমৰা ‘নামৰ এখন নগৰ স্থাপন কৰিছিল আৰু  কালক্রমত সেই বেংমৰা নগৰক কেন্দ্র কৰিয়েই প্রায় আশী হাজাৰ পূৰা মাটিকালিৰে স্বাধীন বেংমৰা ৰাজ্য গঢ় লৈ উঠিছিল । সেই মেজেৰাই পিছলৈ সৰ্বানন্দ সিংহৰ নাম লৈ ১৭৮৮ চনৰপৰা ১৮০১ চনলৈ বেংমৰা ৰাজ্য শাসন কৰিছিল আৰু ৰাজ্যৰ ৰাজধানী প্ৰথমতে বৰ্তমানৰ ৰঙাগড়াত স্থাপন কৰিছিল ৷ পাছতহে বেংমৰা বা আধুনিক তিনিচুকীয়ালৈ ৰাজধানী তুলি আনিছিল৷ সুলভী, পাভই আৰু বৰুণী নামৰ তিনিগৰাকী কন্যাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা সৰ্বানন্দ সিংহই ১৭৯১ চনত ‘শ্ৰীশ্ৰী সৰ্বানন্দ সিংহ নৰেন্দ্ৰস্য’ বুলি নিজৰ নামত এটা মোহৰ মৰাইছিল৷ নিজৰ ৰাজত্ব কালত সৰ্বানন্দই মাহ ধোৱা পুখুৰী, চাউল ধোৱা পুখুৰী, কদমনি পুখুৰী আদি কেইবাটাও পুখুৰী খন্দাইছিল৷ সেইবোৰৰ ভিতৰত ১৭৯৫ চনত ন-পূৰা মাটিত খন্দোৱা ন-পুখুৰীটোৱেই সবাতোকৈ ডাঙৰ আছিল ৷ সৰ্বানন্দ সিংহৰ আদেশত গোধা বৰুৱাই বেংমৰাত এটা ত্ৰিভুজাকৃতিৰ পুখুৰী খন্দাইছিল যাক “তিনিকোণীয়া পুখুৰী” নামেৰে জনা যায়। ১৮৮৪ চনত ডিব্ৰু-চৈখোৱা ৰেল লাইনৰ নিৰ্মাণ হওঁতে এই পুখুৰীৰ কাষতে এটা ষ্টেছন সজা হৈছিল। ইয়াক “তিনিচুকীয়া” বুলি নামাকৰ্ণ কৰা হৈছিল যিটো পিছলৈ নগৰ আৰু জিলাখনৰ নাম হৈ পৰে।

“১লাখ ল’ৰাক মই গণি গণি চাকৰি দিম। এটা বেছি হ’ব পাৰে ক’ম নহয়!”- ড: হিমন্ত বিশ্ব শৰ্মা

“১লাখ ল’ৰাক মই গণি গণি চাকৰি দিম। এটা বেছি হ’ব পাৰে ক’ম নহয়!”- ড: হিমন্ত বিশ্ব শৰ্মা