আজি পুৱা ৭ বজাৰ পৰা যোৰহাট জিলাৰ চেলেংহাট স্থিত কৃষক নেতা অখিল গগৈৰ বাসগৃহত এক উৎসৱ মুখৰ পৰিবেশ। সকলোবোৰ উৎকণ্ঠাৰ অন্ত পেলাই দিনৰ ১২- ১০ বজাত অসম আৰক্ষীৰ এক কনভয় সহ চেলেংহাটৰ লুখুড়াখন স্থিত বাসগৃহৰ পদূলিত উপস্থিত হয় কৃষক নেতা অখিল গগৈ। গাড়ীৰ পৰা নমাৰ লগে লগে তাত উপস্থিত থকা গুণ মুগ্ধই তেওঁক মৰমৰ উপহাৰেৰে উপচাই পেলাই। কৃষক নেতাজনে টুকিলে আবেগৰ অশ্ৰু। মৰমৰ নেতাজনক চাবলৈ ওলাই অহা বহু ৰাইজে অখিল গগৈ ছবি সম্বলিত চোলা পৰিধান কৰি মাথোঁ চিঞৰি গল আমাৰ নেতা অখিল অখিল গগৈ জিন্দাবাদ। অখিল গগৈ ভিতৰলৈ সোমাই গৈ আবেগিক হৈ মাতৃক সাৱটি ধৰে। মাতৃয়েও পুত্ৰক বহু দিনৰ মূৰত আঁকোৱালি লয়। মাতৃৰ কাষত বহি কৃষক নেতাজনে নষ্টালজিক হৈ পুৰণি দিনৰ সোঁৱৰণ কৰে। তেওঁ হালৰ পৰা আহি মাতৃৰ হাতৰ মাছৰ জোলৰ সোৱাদ লোৱাৰ দৰে আজিও মাতৃৰ হাতৰ সোৱাদ লব বুলি উল্লেখ কৰাৰ লগতে ক্ষন্তেক সময় মাতৃৰ কোলাত টোপনি যাব বুলিও উল্লেখ কৰে। সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁক নেদেখাকৈ ভোট দি প্ৰায় ৫০ হাজাৰ ভোটত জয় যুক্ত কৰাৰ বাবে শিৱসাগৰ বাসী ৰাইজক ধন্যবাদ জনোৱাৰ লগতে শিৱসাগৰক এক সুন্দৰ ৰূপ দিয়াৰ পৰিকল্পনাৰ কথাও অৱগত কৰে। আন এক প্ৰশ্নৰ উত্তৰত সদ্য পদত্যগী বিধায়ক ৰূপজ্যোতি কুৰ্মী মিছলিয়া আৰু ঠগবাজ বুলি উল্লেখ কৰি এইবাৰ কুৰ্মীক মৰিয়নিৰ ৰাইজে বিদায় দিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে দুদিনৰ বাবে মুক্তি লাভ কৰা অখিল গগৈ পুত্ৰ আৰু পত্নীৰ লগত সময় কটোৱাৰ পিছত আজি মাতৃ প্ৰিয়দা গগৈৰ লগত নিশাটো কটাই পুৱা গুৱাহাটীলৈ ৰাওনা হব।