ক’ভিড–১৯ টিকাকৰণ গর্ভৱতী মহিলাকো দিব পাৰি৷ আজি কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে এই ঘোষণা কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ হৈ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিছার্চ (আই চি এম আৰ)ৰ সঞ্চালকপ্রধান ডাঃ বলৰাম ভার্গৱে কয়– কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে নির্দেশনা জাৰি কৰিছে যে গর্ভৱতী মহিলাকো ক’ভিড ভেকচিন দিব পাৰি৷ গর্ভৱতী মহিলাৰ কাৰণে ভেকচিন ব্যৱহাৰযোগ্য আৰু ইয়াক প্রদান কৰা উচিত৷
পদ্ম হাজৰিকা নেতৃত্বাধীন সমিতিক পৰিকল্পনাৰ খচৰা দাখিল কৰিবলৈ নির্দেশ মুখ্যমন্ত্রীৰ
ৰাজ্যৰ কৃষি অর্থনীতি উজ্জীৱিতকৰণৰ দিশত এক প্রয়াস হিচাপে দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুঁটি অঞ্চলত থকা বহু হাজাৰ বিঘা চৰকাৰী ভূমিত সমবায় ভিত্তিক খেতি কৰাৰ পৰিকল্পনা প্রস্তুতৰ বাবে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া সমিতিৰ সদস্যসকলৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা শুকুৰবাৰে এক বৈঠকত মিলিত হয়৷ জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত সমিতিখনে হাতত লোৱা প্রাৰম্ভিক কাম–কাজৰ বিষয়ে মুখ্যমন্ত্রীক সবিশেষ অৱগত কৰে৷
মুখ্যমন্ত্রী ড০ শর্মাই সমিতিখনৰ কাম–কাজৰ অগ্রগতিত সন্তুষ্টি প্রকাশ কৰাৰ লগতে অসম বিধানসভাৰ সমাগত বাজেট অধিৱেশনৰ আগেয়েই, জুলাহৰ প্রথম সপ্তাহৰ ভিতৰত এই সম্পর্কীয় পৰিকল্পনাৰ খচৰা দাখিল কৰিবলৈ সমিতিক নির্দেশ দিয়ে৷ এই বৈঠকত সমিতিৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকা, সদস্যদ্বয় সাংসদ দিলীপ শহকীয়া আৰু বিধায়ক পৰমানন্দ ৰাজবংশী, সমিতিৰ সদস্য–সচিব তথা কৃষি বিভাগৰ সঞ্চালক বিনোদ ছেছানৰ লগতে মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাও ডপস্থিত থাকে৷
গভীৰ প্রেমেৰে গীনিজ বুকত স্থান লাভ জেমছ–ক্ল’ লাষ্টেডৰ
ব্রিটেইনৰ এক দম্পতীৰ নজিৰবিহীন প্রেম কাহিনীয়ে গীনিজ ৱর্ল্ড ৰেকর্ড কৰিবলৈ সক্ষম হৈছে৷ এই দম্পতীৰ নাম হৈছে জেমছ আৰু ক্ল’ লাষ্টেড৷ প্রেম যে অন্ধ জেমছ আৰু ক্ল’ৰ কাহিনীয়ে তাক প্রমাণ কৰি দিছে৷ উল্লেখনীয় যে ৩৩ বছৰীয়া বামন জেমছ হৈছে পেশাত এগৰাকী অভিনেতা৷ ইফালে, ২৭ বছৰীয়া ক্ল’ লাষ্টেড এগৰাকী শিক্ষয়িত্রী৷ ২০১৬ চনত দুয়ো বিবাহপাশত আবদ্ধ হয়৷ দুয়োৰে শৰীৰৰ উচ্চতাৰ মাজত বৃহৎ ব্যৱধান থকা সত্ত্বেও পৰস্পৰে পৰস্পৰক সাংঘাতিক ভাল পায়৷ জেমছৰ বাবে তেওঁৰ পত্নী ৫ ফুট ৫ ইঞ্চি উচ্চতৰ ক্ল’ এগৰাকী প্রাণাধিক তথা মমতাময়ী মহিলা৷ ইফালে, ৩ ফুট ৭ ইঞ্চি উচ্চতাৰ জেমছকো গভীৰভাৱে ভাল পায় পত্নীয়ে৷ দুয়োগৰাকীৰ মাজত উচ্চতৰ ব্যৱধান ১ ফুট ১০ ইঞ্চি৷ তথাপি দুয়োৰে মাজত আছে গভীৰ প্রণয়৷ এই প্রণয়ৰ বাবেই শাৰীৰিক উচ্চতাৰ ব্যৱধান সত্ত্বেও গীনিজ বুকত নাম খোদিত কৰিবলৈ সক্ষম হৈছে জেমছ আৰু ক্ল’ৱে৷
খাদ্যৰ সন্ধানত বনাঞ্চলৰ গজৰাজ উপস্থিত হ’ল জনাঞ্চলত
গুৱাহাটীৰ চাৰিওকাষে থকা পাহাৰ আৰু সংৰক্ষিত বনাঞ্চলত অবাধ বনধ্বংসৰ পৰিণতিত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্যপ্রাণী৷ মহানগৰীত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে চূডান্ত ৰূপ ধাৰণ কৰিছে৷সাতগাঁও অঞ্চলৰ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা তিনিটা বনৰীয়া হাতীয়ে পুৱতি নিশা অঞ্চলটোত প্রৱেশ কৰে৷ বনৰীয়া হাতীয়ে অঞ্চলটোৰ কেইবাটাও বাসগৃহত প্রৱেশ কৰি খাদ্যবস্তু নষ্ট কৰাৰ লগতে দোকান–পোহাৰ ভাঙি লণ্ডভণ্ড কৰে৷ ৰাইজৰ অভিযোগ মতে, অঞ্চলটোত বনৰীয়া হাতীয়ে উপদ্রৱ চলাই থকাৰ বিষয়টো স্থানীয় ৰাইজে বন বিভাগৰ লোকক বাৰম্বাৰ অৱগত কৰোৱাৰ পিছতো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজে নিজেই আমচাং অভয়াৰণ্যলৈ খেদি পঠিয়ায়৷
সোণাৰিত অব্যাহত আছে বানৰ সংহাৰ
চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠিছে চৰাইদেউ জিলাৰ মাজেৰে বৈ যোৱা নৈ-উপনৈ সমূহ। দিচাং , টাওকাক নদীৰ বাঢ়নী পানীয়ে সোণাৰি, চফ্ৰাই আদি বিভিন্ন প্ৰান্তত জলমগ্ন কৰাৰ সময়তে টিয়ক নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে সোণাৰিৰ ৰতনপুৰ চাহ বাগিচা। ভজো গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰতনপুৰ চাহ বাগিচাৰ অধিকাংশ এলেকা পানীৰ মাজত আৱদ্ধ হৈ পৰাত এতিয়া হাহাকাৰ লাগিছে শ্ৰমিকসকলৰ মাজত। বাগিচাখনৰ সিংহভাগ শ্ৰমিকৰ বাসগৃহ পানীৰ মাজত আৱদ্ধ হৈ পৰাৰ লগতে কোনো কোনো শ্ৰমিকৰ ঘৰৰ ভিতৰলৈ পানী সোমোৱাৰ ফলত ওচৰৰ ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। আনহাতে দুদিন ধৰি পানীৰ মাজত আৱদ্ধ হৈ থকাৰ পাছতো চাহ বাগিচা কৰ্তৃপক্ষৰ লগতে ভজো গাঁও পঞ্চায়ত কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় শ্ৰমিকে। ইফালে চাহ বাগিচা অঞ্চলত পানীৰে ভৰি পৰাৰ ফলত এতিয়া বাগিচাখনৰ কাম-কাজ বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে।
ভূৰাগাৱঁৰ বালিডোঙাত ধৰ্ষণ হত্যাৰ বলি হোৱা কন্যা শিশুৰ ঘৰত আমছুৰ সজাতি দল
যোৱা ২০ জুন ৰবিবাৰে ভূৰাগাঁৱৰ বালিডোঙাত সংঘটিত হৈছিল এক নৃশংস ঘটনা।এগৰাকী ৯ বছৰীয়া কন্যাশিশুক প্ৰথমে ধৰ্ষণ তাৰ পিছত নৃশংসভাৱে হত্যা কৰি পেলাই থৈছিল মৰাপাট খেতিৰ মাজত। উক্ত ঘটনাৰ ৬ দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। শুক্ৰবাৰে ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ বুজ লবলৈ ভূৰাগাঁৱত উপস্থিত হয় ৰাজ্যৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ভুক্তভোগী পৰিয়ালটোৰ সৈতে বাৰ্তালাপ কৰি শীঘ্ৰেই অপৰাধীক গ্ৰেপ্তাৰৰ আশ্বাস দিয়ে মূখ্যমন্ত্ৰী গৰাকীয়ে। আজি আমছুৰ এটা সজাতি দলে ভুক্তভোগী পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ ফাষ্ট্ৰেক আদালতৰ জৰিয়তে অপৰাধীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনোৱাৰ লগতে ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়াৰ বুজ লবলৈ ভূৰাগাৱঁত মূখ্যমন্ত্ৰী উপস্থিত হোৱাৰ বাবে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে।
‘ভাল কাম কৰা হোমগাৰ্ড,কনিষ্টবলক Police Inspector পদলৈ কৰা হ’ব পদোন্নতি’-ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে
শনিবাৰে বৰসিং বে’ক আৰক্ষী কনিষ্টবল পদৰ নিযুক্তিপত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসম আৰক্ষীৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বৰসিং বে’ক অসম আৰক্ষীৰ সাহসিকতাৰ প্ৰতীক আখ্যা দি মুখ্যমন্ত্ৰীগৰাকীয়ে ভালৰ কাম কৰা হোমগাৰ্ড,কনিষ্টবল, এছ আইক Police Inspector(আৰক্ষী পৰিদৰ্শক) পদলৈ পদোন্নতি কৰা হ’ব বুলি ঘোষণা কৰে। লগতে সকলো আৰক্ষীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা চিকিত্সা খৰচ চৰকাৰে বহন কৰাৰ ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত কয় য়ে, ‘নিজকে সশস্ত্ৰ সংগ্ৰামী বুলি কোৱা বহু উত্তৰ পূবৰ সংগঠন ড্ৰাগছৰ ব্যৱসায়ত জড়িত। অৱশ্য আলফা জড়িত নহয় ড্ৰাগছ ব্যৱসায়ত। প্ৰতিগৰাকী চাকৰিয়ালে সততাক আঁকোৱালি লব লাগিব। আৰক্ষীৰ চিকিৎসা আৰু থকাৰ ব্যৱস্থা কৰিব অসম চৰকাৰে।’
উল্লেখ্য যে, ২১ জুনৰ নিশা ইম্ফলৰ পৰা গুৱাহাটী অভিমুখী নৈশ বাছত বৰসং বে’য়ে তালাচী চলাই প্ৰায় ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছিল। সেই সময়ত বাছৰ চালকে বৰসিঙক টকা দিয়াৰ লোভ দেখুৱাইছিল যদিও নিজৰ সততা বিক্ৰী নকৰি সিঙে আটক কৰিছিল চালকজনৰ সৈতে আন দুগৰাকী মহিলাক।
আৰু এই কথা সৰ্বত্ৰ প্ৰচাৰ হোৱাৰ পিছতে সকলোৱে বৰসিঙক প্ৰশংসা কৰিছিল। গৃহৰক্ষী জোৱান বৰসিং বেক সম্বৰ্ধনা জনাইছিল খোদ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানে। আৰু ইয়াৰ পিছতে অসম চৰকাৰৰ কেবিনেটে সাহসিকতাৰ স্বীকৃতি হিচাপে গৃহৰক্ষী জোৱান বৰসিং বে’ক আৰক্ষী কনিষ্টবল পদলৈ উন্নিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
কৃষি আৰু গণতন্ত্ৰ ৰক্ষাৰ দাবীত মুকালমুৱাত গণ সংগঠনৰ প্ৰতিবাদ ৷
সংযুক্ত কৃষক মৰ্চাৰ আহ্বানত বৰক্ষেত্ৰীৰ অন্যান্য গণ সংগঠন সমূহে আজি মুকালমুৱাত কৃষি আৰু গণতন্ত্ৰ ৰক্ষাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ চিটু,কৃষক সভা,এছএফআইকে ধৰি কেবাটাও গণ সংগঠনে যৌথভাৱে নলবাৰীৰ মুকালমুৱাত প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ মুকালমুৱা আদৰ্শ জাতীয় বিদ্যালয়ৰ পৰা সংগঠন সমূহে এটি প্ৰতিবাদী সমদল উলিয়াই ৷ সংগঠন সমূহৰ কৰ্মীসকলে কৃষি বচাওক দেশ বচাওক, গণতন্ত্ৰ ৰক্ষা কৰক, গণতন্ত্ৰ নিধক বিজেপি চৰকাৰ হায়-হায় ইত্যাদি শ্লোগান প্ৰদান কৰি মুকালমুৱাৰ মাজমজিয়াৰে গৈ প্ৰতিবাদী কাৰ্যসুচীটো ৰূপায়ন কৰে ৷ কাৰ্যসুচীত গণ সংগঠন সমূহৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ নেতৃত্ব সকলে অংশগ্ৰহন কৰে ৷
টংলাত বগলী কাণ্ডৰ তদন্ত আৰু দোষীৰ শাস্তিৰ দাবী ওদালগুৰি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ
টংলা পৌৰসভা নিৰ্দেশ মৰ্মে টংলা টাউনৰ ১ নং ৱাৰ্ডত থকা লোকজিত সুতাৰ নামৰ ব্যক্তিজনৰ বাৰীত থকা বাহ এজোপাত শ শ বগলীয়ে বাস কৰি পৰিৱেশ বিনষ্ট কৰা বুলি পৌৰসভাই বাহজোপা কাটি দিয়াৰ পিছত প্ৰায় ৩০০ বগলী পোবালীৰ মৃত্যু হোৱা ঘটনাক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ গৰিহণা আৰু ধিক্কাৰ জনাইছো ৷ মানৱীয়তাৰ চুড়ান্ত অৱক্ষয় হোৱা এই ঘটনাৰ পিছত অঃজাঃযুঃছাঃপঃ টংলা আঞ্চলিক সমিতি আৰু ওদালগুৰি জিলাৰ বিষয়ববীয়াই উচিত তদন্তৰ দাবী জনাই দোষীৰ শাস্তিৰ দাবী জনাইছে ৷
চেঁচা নদীত গাড়ী দুৰ্ঘটনাগ্ৰস্ত
ডিব্ৰুগড় জিলা লাহোৱাল আৰক্ষী চকী আৰু ঘোঁৰামৰা আৰক্ষী থানা সীমাত থকা ঐতিহাসিক জয়পুৰ নাহৰকটিয়া পথৰ মৰাপাট মেলেঙীয়ালৰ সীমাৰেখা চেঁচা নদীত তীব্ৰবেগী ডি ৱাই দুৰ্ঘটনাগ্ৰস্ত হয়।সৌভাগ্যক্ৰমে গাড়ীখনত থকা চালককে ধৰি তিনিজন লোকৰ প্ৰাণ ৰক্ষা পৰে।এ এছ ০৬-১২৫৭ নম্বৰৰ ডি ৱাই মালবাহী গাড়ীখনত জে চি বি গাড়ী সা সঞ্জাম বুজাই কৰি আনিছিল।লাহোৱাল আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালা ঘটনাস্থলীত উপস্থিত হোৱা লগতে এছডিআৰএফ বাহিনীৰ জৰিয়তে গাড়ীখন উদ্ধাৰ কৰা লগতে চালককে ধৰি আটাইকেইজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
| ReplyForward |











