Breaking

পদ্ম হাজৰিকা নেতৃত্বাধীন সমিতিক পৰিকল্পনাৰ খচৰা দাখিল কৰিবলৈ নির্দেশ মুখ্যমন্ত্রীৰ

0 566

ৰাজ্যৰ কৃষি অর্থনীতি উজ্জীৱিতকৰণৰ দিশত এক প্রয়াস হিচাপে দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুঁটি অঞ্চলত থকা বহু হাজাৰ বিঘা চৰকাৰী ভূমিত সমবায় ভিত্তিক খেতি কৰাৰ পৰিকল্পনা প্রস্তুতৰ বাবে বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া সমিতিৰ সদস্যসকলৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা শুকুৰবাৰে এক বৈঠকত মিলিত হয়৷ জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত সমিতিখনে হাতত লোৱা প্রাৰম্ভিক কাম–কাজৰ বিষয়ে মুখ্যমন্ত্রীক সবিশেষ অৱগত কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই সমিতিখনৰ কাম–কাজৰ অগ্রগতিত সন্তুষ্টি প্রকাশ কৰাৰ লগতে অসম বিধানসভাৰ সমাগত বাজেট অধিৱেশনৰ আগেয়েই, জুলাহৰ প্রথম সপ্তাহৰ ভিতৰত এই সম্পর্কীয় পৰিকল্পনাৰ খচৰা দাখিল কৰিবলৈ সমিতিক নির্দেশ দিয়ে৷ এই বৈঠকত সমিতিৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকা, সদস্যদ্বয় সাংসদ দিলীপ শহকীয়া আৰু বিধায়ক পৰমানন্দ ৰাজবংশী, সমিতিৰ সদস্য–সচিব তথা কৃষি বিভাগৰ সঞ্চালক বিনোদ ছেছানৰ লগতে মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহাও ডপস্থিত থাকে৷

Leave A Reply