Breaking

খাদ্যৰ সন্ধানত বনাঞ্চলৰ গজৰাজ উপস্থিত হ’ল জনাঞ্চলত

0 3,025

গুৱাহাটীৰ চাৰিওকাষে থকা পাহাৰ আৰু সংৰক্ষিত বনাঞ্চলত অবাধ বনধ্বংসৰ পৰিণতিত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্যপ্রাণী৷ মহানগৰীত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে চূডান্ত ৰূপ ধাৰণ কৰিছে৷সাতগাঁও অঞ্চলৰ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা তিনিটা বনৰীয়া হাতীয়ে পুৱতি নিশা অঞ্চলটোত প্রৱেশ কৰে৷ বনৰীয়া হাতীয়ে অঞ্চলটোৰ কেইবাটাও বাসগৃহত প্রৱেশ কৰি খাদ্যবস্তু নষ্ট কৰাৰ লগতে দোকান–পোহাৰ ভাঙি লণ্ডভণ্ড কৰে৷ ৰাইজৰ অভিযোগ মতে, অঞ্চলটোত বনৰীয়া হাতীয়ে উপদ্রৱ চলাই থকাৰ বিষয়টো স্থানীয় ৰাইজে বন বিভাগৰ লোকক বাৰম্বাৰ অৱগত কৰোৱাৰ পিছতো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত ৰাইজে নিজেই আমচাং অভয়াৰণ্যলৈ খেদি পঠিয়ায়৷

Leave A Reply