এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত নগাঁও-কাৰ্বিআংলং সীমান্তৰ আমডাঙ্গা অঞ্চলবাসী ৰাইজৰ।দেশ স্বাধীন হোৱাৰ সুদীৰ্ঘ ৭৪ বছৰৰ পাছতো জিলা খনৰ বঢ়মপুৰ সমষ্টিৰ মিকিৰ-বামুনী গ্ৰান্টৰ আমডাঙ্গাৰ শ শ লোকে অঞ্চলটোত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো ধৰণৰ বিশুদ্ধ খোৱা পানীৰ যোগানৰ ব্যৱস্থা নথকা হেতুকে মাটিৰ গেলা কুঁৱাৰ দুষিত পানীকে সেৱন কৰি ৰুগীয়া হ’ব লগীয়া হৈছে। নগাঁও-কাৰ্বিআংলং জিলাৰ সীমামূৰীয়া এই পাহাৰীয়া অঞ্চলৰ ৰাইজে এটুপি বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিবৰ বাবে বিভিন্ন সময়ত চৰকাৰৰ প্ৰতিনিধি, জনস্বাস্থ্য কাৰিকৰী বিভাগ, বঢ়মপুৰ উন্নয়ন খণ্ডক অনুনয় বিনুনয় কৰিও আজি পৰ্যন্ত কোনো সুফল নাপালে। জনস্বাস্থ্য সুৰক্ষাৰ হেতুকে বিশুদ্ধ খোৱা পানী অতি প্ৰয়োজন যদিও বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত মিকিৰ-বামুনী গ্ৰান্টৰ আমডাঙ্গাৰ ৰাইজে নিজৰ তৃষ্ণা নিবাৰণৰ বাবে খাব লগা হৈছে পৰিত্যক্ত কুৱাঁ,খাল-বিল আদিৰ দূষিত পানী ।যি পানী সেৱন কৰি থকাৰ বাবে অঞ্চলটোৰ বহু লোক বিভিন্ন ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছে। বিশেষকৈ চালৰ ৰোগ, জণ্ডিছ আদি ৰোগে লগ নেৰা হৈছে এই দুৰ্ভগীয়া লোক সকলক।এই ক্ষেত্ৰত নতুন চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় বিষয় হৈ পৰিছে।
গুৱাহাটীৰ ফটাশিলত দিন ডকাইতিঃ ৩৫ লাখ টকা লুট
- মহানগৰীৰ ফটাশিলত দিন-দুপৰতে ডকাইতি
- এখন ক’লা ৰঙৰ পালচাৰত অহা দুজন দুৰ্বৃত্তই লুটি নিলে নগদ ৩৫ লাখ টকা
- এখন ইন’ভা গাড়ীৰ ভিতৰত এটা বেগত আছিল টকাখিনি
- ইন’ভা গাড়ীখনৰ নম্বৰ AS 01 DU 0003
- ফটাশিলৰ HDFC বেংকৰ সন্মুখৰ পৰা লুটিলে ধনখিনি
ব্যৱসায়ী ভবেন্দ্ৰ পাল সিঙৰ আছিল টকাখিনি
নগাঁৱত চৰকাৰী চাকৰিয়াল-বিত্তৱান লোকে ঘূৰাই দিলে ৰেচন কাৰ্ড
ৰাজ্যৰ খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ৰঞ্জিত দাসৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় নগাঁৱৰ একাংশ চৰকাৰী চাকৰিয়াল আৰু বিত্তৱান লোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ ৰেচন কাৰ্ড যোগান বিভাগক ঘূৰাই দিছে। সেই উপলক্ষে আজি নগাওঁ আৱৰ্ত ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত নগাওঁ সদৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত দক্ষিণপাট সমবায় সমিতিৰ চৰকাৰী চাকৰিয়াল আৰু আর্থিকভাৱে সবল লোকসকলে তেওঁলোকৰ ৰেচন কাৰ্ডসমূহ নগাওঁ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াৰ হাতত জমা দিয়ে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়, “মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰী ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আঁচনিৰ পৰা যাতে বঞ্চিত নহয় তাৰবাবে পদক্ষেপ গ্ৰহণ কৰিছে। সেয়ে অসমৰ খাদ্য আৰু যোগান মন্ত্ৰী ৰঞ্জিত দাসে ৰাজ্য খনৰ চৰকাৰী চাকৰিয়াল আৰু আর্থিকভাৱে সবল লোকসকলক তেওঁলোকৰ ৰেচন কাৰ্ড সমূহ ঘূৰাই দিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি জনায় নগাঁৱত চৰকাৰী চাকৰিয়াল আৰু বিত্তৱান লোকে ৰেচন কাৰ্ড ঘূৰাই দি সমাজৰ বাবে এক ভাল বাৰ্তা প্ৰেৰণ কৰিছে। ইয়াৰ দ্বাৰা প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰীসকল লাভৱান হব।” এতিয়াও যিসকল চৰকাৰী চাকৰিয়াল আৰু বিত্তৱান লোকে ৰেচন কাৰ্ড সমূহ ঘূৰাই দিয়া নাই তেওঁলোকক শীঘ্ৰে ৰেচন কাৰ্ড সমূহ ঘূৰাই দিবলৈ বিধায়ক গৰাকীয়ে আহ্বান জনায়। আজি এই অনুষ্ঠানত নগাওঁ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ উপসঞ্চালক অলকেশ দাস, দক্ষিণপাট সমবায় সমিতিৰ সভাপতি ঘন দাসকে ধৰি খাদ্য আৰু যোগান বিভাগৰ কেইবাজনো বিষয়াই আংশগ্ৰহণ কৰে।
বাক্সাৰ কুমাৰীকাটাৰ চেচাপানীত ড্ৰাগছসহ চাৰি অপৰাধী আৰক্ষীৰ জালত
কেইবা লক্ষাধিক টকাৰ ড্ৰাগছ সহ চাৰি অপৰাধী আৰক্ষীৰ জালত
আৰক্ষীয়ে চাৰি যুৱকৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰ,হেৰোইন,ড্ৰাগছ ভৰ্তি কোন্টেইনাৰ, মোবাইল ফোন পাঁচটা এখন চাৰি চকীয়া বিলাসী বাহনৰ লগতে তিনিখন বাইক জব্দ কৰে
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে থুলুংগা বসুমতাৰী,মানাস প্ৰতীম চৈতেন্দ্ৰ,ম:আলিউদ্দিন ৰহমান আৰু সঞ্জয় বসুমতাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে
বিজেপি নেতা ৰনঞ্জাং খুংগুৰ বসুমতাৰী ওৰফে ৰাম দাসৰ পুত্ৰ ধৃত থুলুংগা বসুমতাৰী
ৰনজাং খুংগুৰ বসুমতাৰী বিধান সভা নিৰ্বাচনত তামুলপুৰ সমষ্টিৰ পৰা বিপিএফৰ পৰা টিকট লাভ কৰি বিজেপিত যোগদান কৰিছিল
বাক্সাৰ শিমলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰী আৰু শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰন বশ্যৰ নেতৃত্বত এই বৃহৎ সাফল্য
অধিক তথ্যৰ বাবে চাৰিও জনকে শিমলা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে
চিৰাঙৰ ব্যতিক্ৰমী স্বেচ্ছাসেৱী সংস্থা ” হেল্পিং হেন্ডছ ” ৰ আদৰণীয় পদক্ষেপ
যিটো সময়ত কৰোনা মহামাৰীয়ে বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰি আহিছে, সেই সময়তেই চিৰাঙৰ বাসুগাঁওস্থিত “হেল্পিং হেন্ডছ ৱেলফেয়াৰ ছোসাইটি ” নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে অবিৰত ভাৱে বিভিন্ন কৰ্মৰ যোগেদি কভিড যোদ্ধা ৰূপে সেৱা আগবঢ়াইআহিছে । উল্লেখযোগ্য যে যোৱা বছৰ কভিড সংক্ৰমণ আৰম্ভ হোৱাৰ পৰাই একাধিক স্থানত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে বিনামুলীয়া মাস্ক, সেনিটাইজাৰ বিতৰণ আদি কাৰ্যই সকলোকে আকৰ্ষণ কৰিছে । ইয়াৰ উপৰিও কভিডৰ দ্বিতীয় সংক্ৰমণৰ সময়ত বাসুগাঁও পৌৰসভাৰ উদ্যোগত সংগঠিত কভিড কেয়াৰ কমিটি খনত সংস্থাটোৰ প্ৰতি গৰাকী সদস্যই অন্তৰ্ভুক্তিকৰণৰ যোগেদি বাসুগাওঁৰ ১৮ৰ পৰা ৪৪ আৰু ৪৫ৰ উৰ্দ্ধৰ ভেকসিনেচন প্ৰক্ৰিয়াটো অতি সুকলমে চলাই লোৱাত আগভাগ লোৱাৰ উপৰিও জনগণৰ মাজত সজাগতা কৰি অহা পৰিলক্ষিত হৈছে।সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি ভাৰতীয় ষ্টেট বেংকৰ বাসুগাঁও শাখাৰ সহযোগত অক্সিজেন সেৱা আৰম্ভ কৰি অক্সিজেন চিলিন্ডাৰ সমূহ ৰোগীৰ বাবে অবিৰতভাৱে বিনামূলীয়াকৈ আগবঢ়াই আহিছে সংস্থাটোৱে।
অকল ইয়াতেই সীমিত নাথাকি কিছুদিন পূৰ্বে চৰকাৰী ভাৱে প্ৰকাশিত নিৰ্দেশনা মতে চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু চক্ৰ বিষয়াৰ অনুমতি আৰু সহযোগ মৰ্মে চিৰাং জিলাৰ চিদলী চক্ৰৰ অন্তৰ্গত সমূহ কণ্টেইনমেন্ট জোন লৈ নিৰ্ধাৰিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমূহ অতি নিয়াৰিকৈ যোগান ধৰা কাৰ্যই সংস্থাটোক ৰাইজৰ দৃষ্টিত শলাগৰ পাত্ৰ হিচাপে পৰিগণিত কৰিছে ।বিগত দুটা বছৰত সমাজৰ বিভিন্ন সহায়মূলক কাৰ্যসূচী,যেনে চৰকাৰী কভিড বিধি অনুযায়ী দূৰ্গা পূজাৰ বিসৰ্জন,স্বচ্ছভাৰত অভিযান, হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া দৰিদ্ৰ শিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ প্ৰয়োজনীয় কিতাপ যোগান ধৰা, দৰিদ্ৰ আৰ্তজনলৈ অন্য-বস্ত্ৰ প্ৰদান, বাসুগাওঁ মেধি পাৰাক আদৰ্শ পথ হিচাপে গঢ়ি তোলা আদি কাৰ্যৰ যোগেদি সংস্থাটোয়ে যে এক অনন্য আদৰ্শৰ পথ বুটলি চিৰাং জিলা প্ৰশাসনৰ ফালৰ পৰা যোৱা ২৬ জানুৱাৰী, গণৰাজ্য দিৱসত জিলাখনৰ শ্ৰেষ্ঠ সেচ্ছাসেৱী সংস্থা হিচাপে স্বীকৃতি লাভ কৰিব সক্ষম হৈছে ।
বহি: ৰাষ্ট্ৰৰ বেচৰকাৰী সংস্থাৰ দ্বাৰা ডিমৌ আদৰ্শ চিকিৎসালয়লৈ এম্বুলেন্স আৰু অক্সিজেন চিলিণ্ডাৰ প্ৰদান
*ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকৰ সাফল্য, অক্সফর্ড বিশ্ববিদ্যালয়ৰ বিশেষ আলোচনাত ভাগ লব ডা: সুৰজিৎ গিৰিয়ে*
ডিমৌ আদৰ্শ চিকিৎসালয়ৰ দক্ষ সংজ্ঞাহাৰক চিকিৎসক সুৰজিৎ গিৰিৰ আন্তৰিক প্ৰচেষ্টাত আৰু চিকিৎসালয় খনৰ কতৃপক্ষৰ সদিচ্ছাৰ বাবে আজি এটা বহি:ৰাষ্ট্ৰৰ স্বেচ্ছাসেৱী সংগঠনে এখন এম্বুলেন্স আৰু কেইবাটাও অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰে। এম এচ এফ নামৰ ফ্ৰান্সৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংস্হাই কোভিড আক্রান্ত সকলৰ সুবিধাৰ বাবে চিকিৎসালয়খনলৈ বিনামুলীয়াকৈ এখন এম্বুলেন্স আৰু অক্সিজেন চিলিণ্ডাৰ ৬ প্ৰদান কৰি চিকিৎসালয় খনৰ দুটা গুৰুত্বপূর্ণ অভাৱ পুৰণ কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে। আজি জিলাৰ অন্যতম ডিমৌ আদৰ্শ চিকিৎসালয়ত এম এচ এফ নামৰ আন্ত:ৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাটোৰ কৰ্মী সকল উপস্থিত হৈ চিকিৎসালয়খনৰ উপ-অধীক্ষক ডা: দণ্ডেশ্বৰ দেউৰী আৰু সংজ্ঞাহাৰক বিশেষজ্ঞ চিকিৎসক ডা: সুৰজিত গিৰীৰ হাতত এখন এম্বুলেন্সৰ লগতে ছটাকৈ অক্সিজেন কনচেনটেটৰ অৰ্পণ কৰে। যাৰ জড়িয়তে সমগ্ৰ ডিমৌ বাসীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ জনসাধাৰণক অতিমাৰী ক’ৰণাৰ সময়ত কোভিড আক্ৰান্ত সকলক উন্নত চিকিৎসাৰ বাবে কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰাত এই এম্বুলেন্সখনে যথেষ্ট সকাহ দিব বুলি চিকিৎসক সকলে আশা প্ৰকাশ কৰিছে।চিকিৎসালয়খনলৈ বিনামূলীয়াকৈ এখন এম্বুলেন্স আৰু ছটা অক্সিজেন কনচেনটেটৰ যোগান ধৰাৰ বাবে সংস্থাটোৰ কৰ্মী সকললৈ ডিমৌ আদৰ্শ চিকিৎসালয়ৰ সমুহ চিকিৎসক আৰু চিকিৎসালয়ৰ কতৃপক্ষই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে। ইফালে ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসকৰ সাফল্য, অক্সফর্ড বিশ্ববিদ্যালয়ৰ বিশেষ আলোচনাত নিমন্ত্ৰণ লাভ কৰিছে ডা: সুৰজিৎ গিৰি । ইংলেণ্ডৰ অক্সফর্ড বিশ্ববিদ্যালয়ত অন লাইন যোগে অনুষ্ঠিত হ’ব লগীয়া এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে চিকিৎসক সুৰজিৎ গিৰিয়ে। শিৱসাগৰৰ এজন দক্ষ,সৰ্প দংশন বিষয়ত অভিজ্ঞ সংজ্ঞাহাৰক ডাঃ সুৰজিৎ গিৰিলৈ ইংলেণ্ডৰ অক্সফর্ড বিশ্ববিদ্যালয়ৰ এক অন লাইন আলোচনাৰ বাবে অংশগ্ৰহণৰ সুযোগ লাভ কৰা ডা: গিৰিৰ তত্বাৱধানত বৰ্তমানলৈকে প্ৰায় পাঁচশৰো অধিক বিষাক্ত সর্পই দংশন কৰা লোক আৰোগ্য হৈ উঠিছে। ডা: সুৰজিৎ গিৰিৰ এই সাফল্যত সকলোৱে প্ৰশংসা কৰিছে।
ক’ৰনা কালত গোলাঘাটৰ সাংস্কৃতিক কৰ্মী জিতেন কাকতিক “সাৰথি”ৰ সহায়ৰ হাত
শিল্পীৰ জীৱন তেনেই সাধাৰণ । অসমত বৰ্তমানেও কেৱল শিল্পৰ চৰ্চা কৰি এক স্বচ্ছল জীৱন যাপন কৰাৰ পৰিবেশ গঢ়ি উঠা নাই । তেনে সময়তে কৰ’নাৰ আগমণ শিল্পী সমাজৰ বাবে ভূতৰ ওপৰত দানহ পৰাৰ দৰে এক অনাকাংক্ষিত ঘটনা ।যিহেতু বিভিন্ন সময়ত অসমত শিল্পী জীৱনৰ চৰম সত্যৰ ছবিখন সংবাদৰ শিৰোনামা হৈ আহিছে। জীৱনক মেৰিয়াই ৰখা এই সাংস্কৃতিক চৰ্চাৰ প্ৰতি থকা অগাধ ভালপোৱা বা সমাজৰ প্ৰতি থকা দায়িত্ববোধৰ বাবেই এইসকল শিল্পীয়ে জীৱন উৰ্চগা কৰে বিভিন্ন সাংস্কৃতিক কৰ্মৰ যোগেদি । কৰ’না কালৰ এই বিপদৰ সময়ত কি কৰিছে এই শিল্পী ,কলা-কুশলীসৱে ? পেটে -ভাতে দুবেলা -দুমুঠি খাই শিল্প চৰ্চাৰে সমাজ সুন্দৰ কৰাৰ সপোন দেখা তথা শিল্প চৰ্চাৰে জীৱনৰ বাট বিচাৰি লোৱা শিল্পী সমাজলৈ আহিছে অতিকৈ আৰ্থিক সংকট । দিন-হাজিৰা কৰিবলৈও কুন্ঠাবোধ কৰা নাই এইসকল সাংস্কৃতিক কৰ্মীয়ে। কৰ’নাৰ প্ৰথমটো ঢৌতেই বিধ্বস্ত অতিকৈ স্বাভিমানী কিছু শিল্পীয়ে চৰকৰী ঘৰৰ পৰাও আজিপৰ্যন্ত লাভ কৰা নাই কোনো আৰ্থিক সহায়। চৰম আৰ্থিক সমস্যাৰে জৰ্জৰিত অসমৰ লগতে গোলাঘাটৰ বহু সাংস্কৃতিক কৰ্মী । তেনে এজন সাংস্কৃতিক কৰ্মী, সত্ৰীয়া সংস্কৃতিৰ সাধক জিতেন কাকতি। আৰ্থিক সংকটৰে যুজঁ দি অৱশেষত নিজকে এজন ব্যৱসায়ীৰ ৰূপত প্ৰতিষ্ঠা কৰি সংসাৰৰ বোজা বহন কৰিছে এইজন সত্ৰীয়া সংস্কৃতিৰ সাধকে।শিল্পচৰ্চা বাদ দি এতিয়া গোলাঘাটৰ জোনাকী নগৰৰ পদপথত আৰম্ভ কৰিছে এখনি শাক-পাচলিৰ দোকান। কিছু দিন পূৰ্বে শিল্পীজনৰ এই জীৱন যাত্ৰাক প্ৰত্যক্ষ কৰে গোলাঘাটৰ সাংবাদিক সমাজে। আৰু লগে লগে বহুকেইটা বাতৰিও পৰিবেশন হ’য় শিল্পী জনৰ ওপৰত। তেনে বাতৰিৰ প্ৰভাৱত আজি কিছু আৰ্থিক সহায়েৰে সকাহ দিয়াৰ উদ্দেশ্যে আগবাঢ়ি আহিল এটা বে-চৰকাৰী স্বেচ্ছাসেৱী সংস্থা। “সাৰথি” এই স্বেচ্ছাসেৱী সংস্থা টোৱে ইতিমধ্যে মানৱ সমাজলৈ অহা চৰম সংকটৰ সময়ত অসহায় জনক এখনি সহায়ৰ হাত আগবঢ়াই আহিছে। যেনেদৰে আজি শিল্পী জিতেন কাকতিৰ ওচৰত থিয় হৈ সত্ৰীয়া নৃত্যৰ বিশাৰদ জনলৈ আগবঢ়াই বিশ হাজাৰ টকা।যিহেতু গোলাঘাটৰ বিভিন্ন অঞ্চলত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়া কাকতি আজি পদপথৰ ব্যৱসায়ী । লকডাউন, কাৰ্ফিউ আদিৰ দৰে নিষেধাজ্ঞাই একেবাৰে অচল কৰি পেলোৱা বহু শিল্পীৰ মাজৰ এজন।অৱশেষত পৰিস্থিতিয়ে শিক্ষকতাৰ দৰে পৱিত্ৰ বৃত্তি ত্যাগ কৰিবলৈ বাধ্য কৰালে জীতেন কাকতিক । দিশহাৰা হৈ পৰা কাকতিক বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন “সাৰথি”য়ে আজি বিশ হাজাৰ টকাৰ এক সাহাৰ্য্য প্ৰদান কৰি যি মহৎ কাম কৰিলে , সেইয়া নিশ্চয়কৈ প্ৰশংসনীয় । সাৰথিৰ এই পদক্ষেক শলাগ লৈছে সচেতন মহলে।
ডা: তাৰা প্ৰসাদ দাসক অসম গণ পৰিষদৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি মনোনীত
বৰপেটাৰ সু সন্তান, সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক, অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা জ্যেষ্ঠ ৰাজনীতিবিদ ডা: তাৰা প্ৰসাদ দাসক অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হিচাপে মনোনীত কৰা হৈছে। ডাঃ তাৰ প্ৰসাদ দাসক অসম গণ পৰিষদ দলৰ সভাপতি স্বাক্ষৰিত পত্ৰ যোগেদি এই কথা অৱগত কৰা হয় ।ডাঃ তাৰা প্ৰসাদ দাসক এই দায়িত্ব অৰ্পণ কৰাত অসম গণ পৰিষদৰ বৰপেটা জিলা সমিতিযে আদৰনী জনাইছে।উল্লেখযোগ্য যে ২১ৰ বিধানসভা নিৰ্বাচনৰ আগ মূহুৰ্তত বৰপেটা সদৰ সমষ্টিত ডাঃতাৰা প্ৰসাদ দাসে অগপ যোগদান কৰিছিল। ডা: দাস এসময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্য আৰু নামনি অসমৰ এগৰাকী বলিষ্ঠ কংগ্ৰেছ কৰ্মী হিচাপে জনাজাত আছিল। বৰপেটাৰ প্ৰাক্তন পৌৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ডা: তাৰা প্ৰসাদ দাসে ২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা বৰপেটা সদৰ সমষ্টিৰ প্ৰধান দাবীদাৰ আছিল যদিও সমষ্টিটোত কেৱল মুছলমান লোককহে প্ৰাৰ্থীত্ব দিব লাগে বুলি এক কুটিল আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বলি হৈ তেওঁ প্ৰাৰ্থীত্বৰ পৰা নাটকীয় ভাৱে বঞ্চিত হ’ব লগীয়া হয় বুলি অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ ফলত অকল ডা: তাৰা প্ৰসাদ দাসে ক্ষোভিত হোৱাই নহয়,বৰপেটা কংগ্ৰেছৰ একাংশ কংগ্ৰেছ কৰ্মীৰ মাজতো ক্ষোভৰ উদ্গীৰণ ঘটিছিল। ক্ষুব্ধ কংগ্ৰেছ কৰ্মী সকলে কংগ্ৰেছী নেতাৰ তীব্ৰ হেঁচাৰ ফলস্বৰূপে ডা: দাস অমুছলমান হোৱা বাবে প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰা বুলি ক্ষুব্ধ কংগ্ৰেছ কৰ্মী সকলে অভিযোগ তুলি ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই জিলা কংগ্ৰেছ কাৰ্যালয় অনিৰ্দিষ্ট কাললৈ তলা বন্ধ কৰি দিছিল আৰু শেহতীয়া ভাৱে কাৰ্যালয়টোৰ মূল প্ৰবেশ পথত পকী বেৰ বান্ধি বন্ধ পৰ্যন্ত কৰি দিয়াৰ দৰে পথ লব লগীয়া হৈছিল।
পৌৰ সভাৰ দ্বাৰা টংলাত ৩০০ বগলী পোৱালি নিধন
ঘটনাস্হলী পৰ্যবেক্ষণ কৰে ওদালগুৰি জিলা উপায়ুক্তই
যিটো সময়ত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে চৰকাৰে ন ন আইন গ্ৰহণ কৰিছে। তেনে সময়তে যোৱা কালি টংলা পৌৰ সভাৰ বিষয়া-কৰ্মচাৰীয়ে টংলাৰ ১ নং ওৱাৰ্দৰ বাসিন্দা লোকজিৎ সূতাৰৰ ঘৰৰ এজোপা বাঁহত পৰিভ্ৰমী বগলীয়ে বাস কৰি থকা বাঁহ সমূহ কাটি পেলোৱাৰ ফলত প্ৰায় ৩০০ বগলীৰ পোৱালি মৃত্যুমুখত পৰে। যাৰ ফলত সমগ্ৰ টংলা অঞ্চলত বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা লগতে তীব্ৰ গৰিহণা দিয়ে। সংশ্লিষ্ট ঘটনাটো অৱগত হৈয়ে ওদালগুৰি জিলা উপায়ুক্ত ডʼ পি উদয় প্ৰবিন, ননৈ সংৰক্ষিত বনবিষয়া মৃন্ময় হাজৰিকা আৰু হৰিশিঙা ৰাজহচক্ৰৰ চক্ৰবিষয়া মনীষা নাথ ঘটনাস্থলীত উপস্থিত হয়। ওদালগুৰি জিলা উপায়ুক্ত পি উদয় প্ৰবীণে আঘাত প্ৰাপ্ত বগলী পোৱালি খিনি কাজিৰঙাৰ ৰিহেবিছন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। আনহাতে বনবিষয়াক কোনো খবৰ নিদিয়াকৈ বাঁহ কাটি নিধন কৰা টংলা পৌৰ সভাৰ দোষী বিষয়া কেইগৰাকীক উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিবলৈ টংলা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টংলা আঞ্চলিক, ওদালগুৰি জিলা আক্ৰাছু (পশ্চিম), ৰাভা ছাত্র সন্থা, এবছু ওদালগুৰি জিলাৰ ৰাইজৰ দ’লৰ লগতে বিভিন্ন প্ৰকৃতিপ্ৰেমী দল সংগঠনে অসম তথা বিটিআৰ চৰকাৰক দাবী জনায়।
মুকালমুৱাত ডিএচপিৰ নেতৃত্বত চলা অভিযানত জব্দ হিৰোইন৷মহিলাসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক জে’ল হাজোতলৈ প্ৰেৰণ
নলবাৰী জিলাৰ সদৰ উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ নেতৃত্বত মুকালমুৱা আৰক্ষীয়ে কালি সন্ধিয়া মুকালমুৱাত অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ এক নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰৰ ভিত্তিত নলবাৰী-কামৰূপ জিলাৰ সীমান্তৰ মুকালমুৱাৰ কুৰিহাত মুকালমুৱা আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই থকাৰ পৰাই ড্ৰাগছ সৰবৰাহকাৰী ইছলামউদ্দিন আলী ওৰফে ছাদ্দামক আটক কৰে ৷ ধৃত সৰবৰাহকাৰীটোক আৰক্ষীয়ে আটক কৰি মাৰাথান জেৰা চলোৱাৰ অন্তত ইছলামউদ্দিনে গোপনে মজুত কৰি ৰখা হিৰোইনৰ সন্ধানত লোহাৰকাঠাত অভিযান চলাই এগৰাকী মহিলাক আটক কৰি তেওঁৰ পৰা ১৬ টা হিৰোইন ভৰ্তি টেমা উদ্ধাৰ কৰে ৷ ধৃত সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তিত লোহাৰকাঠা গাঁৱৰ ৰবিজান বিবি নামৰ মহিলা গৰাকীৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই বিক্ৰীৰ বাবে মজুত কৰি ৰখা হিৰোইনখিনি জব্দ কৰি মহিলা গৰাকীকো আটক কৰে ৷ উল্লেখ্য যে ধৃত ইছলামউদ্দিন আলী ওৰফে ছাদ্দামে মহিলা গৰাকীৰ সহযোগত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ মহিলা গৰাকীৰ বাসগৃহত নিষিদ্ধ ড্ৰাগছ মজুত কৰি মহিলা গৰাকীৰ সহযোগত ধৃত ইছলামউদ্দিনে ব্যৱসায় চলাই অহাৰ খবৰ লাভ কৰিছিল সদৰ ডিএছপি জিকিৰাণী মহন্তই ৷ ধৃত দুই সৰবৰাহকাৰীৰ বিৰুদ্ধে মুকালমুৱা থানাত গোচৰ ৰুজু কৰি দুয়োকে আজি নলবাৰী আদালতত হাজিৰ কৰোৱাত মহামান্য আদালতে দুয়োকে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষী সূত্ৰৰ পৰা জানিব পৰামতে মুকালমুৱাৰ শনিৰোডৰ নিৱাসী ধৃত ইছলামউদ্দিন ওৰফে ছাদ্দাম অঞ্চলটোত ড্ৰাগছ সৰবৰাহৰ মূল অভিযুক্ত ৷ লোহাৰকাঠাৰ দৰিদ্ৰ মহিলা গৰাকীক ড্ৰাগছ সৰবৰাহকাৰী ইছলামউদ্দিনে ধনৰ প্ৰলোভন দেখুৱাই মহিলাৰ গৰাকীৰ বাসগৃহত ড্ৰাগছ মজুত কৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল বুলি জানিব পৰা গৈছে ৷











