শুকুৰবাৰে ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ত যোগদান কৰিবলৈ আহি উপস্থিত হয় বহিঃৰাজ্যৰ পৰা অহা ৫১ জনকৈ প্ৰাৰ্থী । যি সময়ত কৰʼণাৰ সংহাৰে সমগ্ৰ দেশত বিভিষিকাৰ সৃষ্টি কৰিছে, ঠিক তেনেসময়তে এই কাল কৰʼণাৰ পূৰ্ণসুযোগ গ্ৰহণ কৰি গোপনে ৰঙিয়াত ৰেল বিভাগত যোগদান কৰিবলৈ উপস্থিত হয় প্ৰায় ৫১ জনকৈ বহিঃৰাজ্যৰ যুৱক। জানিবপৰা মতে শুকুৰবাৰে ৰাতিপুৱাৰ পৰাই ৰঙিয়াস্থিত মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ত উক্ত যুৱক কেইজনে ৰৈ থকা প্ৰত্যক্ষ কৰে স্থানীয় ব্যক্তিসকলে । ইয়াৰ পিছতেই ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থাৰ বিষয়ববীয়াসকলে উক্ত খবৰ লাভ কৰি ৰঙিয়াস্থিত ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ত উপস্থিত হয় আৰুতীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।কোনোপধ্যেই এই নিযুক্তি মানিলোৱা নহয় বুলি হুংকাৰ প্ৰদান কৰে। তাৎপৰ্যপূৰ্ণভাৱে ৰেল বিভাগত প্ৰায়েই অসম বিৰোধী মানসিকতাৰে একাংশ বহিঃৰাজ্যৰ পৰা আহি অসম ৰেল বিভাগত কৰ্মৰত উচ্চপদস্ত বিষয়াৰ হস্তক্ষেপত এইদৰে গোপনে নিযুক্তি প্ৰক্ৰিয়া চলি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰসন্থাৰ বিষয়ববীয়াসকলে। এই ঘটনা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া যুৱক-যুৱতী সকলৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক বুলিও বিবেচীত হৈছে ।
ধেমাজিৰ চকুলো জীয়াঢল নদীৰ গতিপথ সলনি : সম্ভাব্য বানৰ পৰা মুক্ত বহু পঞ্চায়ত
প্ৰতি বছৰে বাৰিষা আহিলেই ধেমাজিৰ শশ গাঁৱৰ ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷কাৰণ জীয়াঢল কুমটীয়া আৰু গাইনৈইৰ বানে তাণ্ডৱ সৃষ্টি কৰে ধেমাজি জিলাৰ কেইবাটাও পঞ্চায়তৰ শশ গাঁও ৷ প্ৰতি পাঁচ বছৰ মুৰে একোখনকৈ চৰকাৰ আহে আৰু যায় ৷ভোটৰ লালসাত দলীয় বিয়াগোম বিয়াগোম নেতা সকলে এই বানে সৰ্বস্বান্ত কৰা অঞ্চললৈ কেৱল ভুৰা প্ৰতিশ্ৰুতি দি আহে ,কিন্তুু নিৰ্বাচনৰ পিছত ফুটুকাৰ ফেন ৷ইফালে ঠিকাদাৰ সৈতে কমিচনৰ অংকত নামি পৰে জলসম্পদ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰী ৷
এই ধেমাজিৰ চকুলো জীয়াঢল নদীয়ে বিগত সময়চোৱাত বানৰ বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ধেমাজিৰ জলসম্পদ বিভাগ আৰু মিছিং স্বায়ত্ত্বশাসিত পৰিষদে জীয়াঢল নদীখনৰ অৰ্জুন চাপৰিত দুই কিঃমিঃ মথাউৰি নিৰ্মাণ কৰি দিয়াত নদীখনে পূৰ্বৰ গতিপথলৈ সলনি হোৱাত বিভাগটোৱে এক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি কব লাগিব ৷ ধেমাজি জলসম্পদ বিভাগে জীয়াঢ়ল নদীখনৰ অৰ্জুন চাপৰিত ১.৫০ মিটাৰ কফাৰ ডেেম নিৰ্মাণৰ বাবে প্ৰায় ৮০ লাখ টকা আৰু মিছিং স্বায়ত্ত্বশাসিত পৰিষদে ৫০০ মিটাৰ নিৰ্মাণৰ বাবে প্ৰায় ৩০ লাখ টকাৰ এই আঁচনিখনৰ বাবে প্ৰাকক’লন তৈয়াৰ কৰিছে ৷ এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব যে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰণোজ পেগুৰ ভূমিকা আৰু মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ ১৪ নং জীয়াঢ়ল সমষ্টিৰ সাধাৰণ সদস্য বানীকান্ত দলেৰ সহযোগত এই জীয়াঢ়ল নদীখনৰ গতিপথ সলনি কৰি বানাক্ৰান্ত ৰাইজক কিছু সকাহ দিবলৈ সক্ষম হৈছে ৷প্ৰায় ১ কোটি ২০ লাখ টকাৰ ব্যয় সাপেক্ষে জলসম্পদ বিভাগৰ কোনো গাইড লাইন নামানি মুনিন্দ কুমাৰ দলে আৰু বানীকান্ত দলে দুয়োজনৰ প্ৰচেষ্টাত যাৰ বৰ্মন গাওঁ , পাতিৰ চুক , লাগাচু চুক , বৰ মথাউৰি , দীঘল গঢ়া , তিনিঘৰীয়া , কেকুঁৰি , দিহিৰি , নলামুখকে আদি কৰি প্ৰায় পোন্ধৰ খন মান গাঁঁৱঁৰ শশ পৰিয়ালে এইবাৰ বানৰ পৰা কিছু হলেও পৰিত্ৰান পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ অসম চৰকাৰ শিক্ষামন্ত্ৰী হিচাপে গধুৰ দায়িত্ব লাভ কৰা ধেমাজিৰ বিধায়ক ডাঃ পেগুৱে সমষ্টিৰ ৰাইজৰ প্ৰতিটো ক্ষেত্ৰত যি সহাঁয়ি জনাই অহিছে ইয়াৰ বাবে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে ৷ উল্লেখ্য যে কিছুদিনৰ আগেয়ে ধেমাজিৰ বান পৰিস্থিতি বুজলবলৈ অহা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুয হাজৰিকাই অনাগত দিনত জিলাখনৰ মথাউৰি সমুহ খৰালিতে সম্পূৰ্ণ কৰা আশ্বাস প্ৰদান কৰে ৷ইয়াৰ উপৰিও বৰ্তমান বানৰ কেনেকৈ জিলাখনে ৰক্ষা পাব তাকলৈ তৎকালীন ব্যৱস্থা কৰিবলৈ বিভাগ সমুহৰ নিৰ্দেশ দিছিল ৷ যাৰ ফলশ্ৰুতিত বিভাগটোৱে তৎকালীন ব্যৱস্থা কৰি নদীখনৰ গতিপথ সলনি কৰাৰ আঁচনিখন গ্ৰহণ কৰিছে বুলি জানিব পৰা হৈছে ৷
অৱশ্যে আগন্তুক বানত ধেমাজি বাসী ৰাইজে ৰক্ষা পাবনে তাকলৈ সচেতন ৰাইজৰ ডাঙৰ প্ৰশ্ন ৷কাৰণ বাৰিষা আৰম্ভ হৈছেহে মাথোঁ ৷
নুমলীগড় শোধানাগাৰৰ বজালীলৈ পাঁচটা অক্সিজেন কনচেনট্ৰেটৰ
ক্ৰমাৎ বজালী জিলাত ক’ভিডৰ প্ৰাৱল্য নিম্নমুখী হোৱা পৰিলক্ষিত হৈছে । প্ৰতিদিনে ব্যাপক হাৰত কভিডৰ পৰীক্ষা জিলাখনৰ ভিন্ন প্ৰান্তত হৈ থকাৰ উপৰিও জিলাখনৰ চিকিৎসালয় সমূহত আৰু স্বাস্হ্যকেন্দ্ৰ বোৰত প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অব্যাহত আছে। মনকৰিবলগা কথা যে, জনসাধাৰণে জিলা প্ৰশাসনে কৰা নিৰন্তৰ আহ্বানৰ প্ৰতি সহাঁৰি দি কভিড পৰীক্ষা আৰু প্ৰতিষেধক লোৱাৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, ক’ভিড যুদ্ধ খনত সহায়ক হোৱাকৈ নুমুলীগড় শোধানাগাৰে আজি বজালী জিলা প্ৰশাসনক পাঁচটা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান কৰিছে । ইয়াৰ পূৰ্বেও জিলা উপায়ুক্ত গৰাকীৰ অনুৰোধত জিলা প্ৰশাসনক দুটামান সংস্হাই কনচেনট্ৰেটৰ যোগান ধৰিছিল । ইপিনে, পাটাছাৰকুছিস্থিত নিৰ্মল হালৈ মহাবিদ্যালয়ত প্ৰশাসনে স্হাপন কৰা ক’ভিড কেন্দ্ৰত কে’বাগৰাকীও ক’ভিড সক্ৰিয় ৰোগীক চিকিৎসা প্ৰদান কৰি আছে জিলা প্ৰশাসনৰ তত্বাৱধানত স্বাস্হ্য বিভাগে । জিলাখনত ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰশাসনে ব্যাপক তৎপৰতা অবলম্বন কৰিছে আৰু সম্ভাব্য পৰিস্হিতিৰ স’তে মুখামুখি হোৱাৰ বাবে সস্তম হৈ আছে।
জামুগুৰিহাটৰ বিউটী পাৰ্লাৰৰ স্বত্বাধিকাৰী হৈ পৰিল বাঁহৰ খৰাহী,পাঁচি বিক্ৰেতা
মূখ্যমন্ত্ৰীপৰা সহায় লাভ কৰাৰ আশাবাদী৷
মহামাৰীসদৃশ কৰ’নাই যেন সলাই পেলালে বহুজনৰ জীৱণ আৰু জীৱিকা৷বহুজনৰদৰেই জামুগুৰিহাটৰ এগৰাকী মহিলা ব্যৱসায়ীৰো সলাই পেলালে জীৱন আৰু জীৱিকাৰ পথ৷কৰ’ণাৰ বাবেই ২২ বছৰকাল “বিউতি পাৰ্লাৰ”ৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দিয়া জামুগুৰিহাটৰ ব্যৱসায়ীক কেন্দ্ৰস্থলৰ মাজমজিয়াত থকা “প্ৰীতি বিউতি পাৰ্লাৰ”ৰ স্বত্বাধিকাৰী বৰভগীয়া গাঁৱৰ ববি হাজৰিকা এতিয়া হৈ পৰিল বাঁহৰ খৰাহী,পাঁচি,বিচনি,কুলা,দলা আদি সামগ্ৰী বিক্ৰেতাৰূপে৷সন্তানসহিতে পৰিয়াল পোহপালন দিবৰ বাবেই নিজকে স্বাৱলম্বী কৰিবলৈ বাছি লোৱা “বিউতি পাৰ্লাৰ”ৰ ব্যৱসায় বৰ্তমান ত্যাগ কৰি প্ৰতিষ্ঠানটিৰ সন্মুখত এতিয়া এই সামগ্ৰীসমুহ ওলমাই সলাই পেলাবলৈ বাধ্য হ’ল জীৱণ আৰু জীৱিকাৰ পথ৷মহিলা ব্যৱসায়ী ববি হাজৰিকাই দুখেৰে কয়-মহামাৰীসদৃশ কৰ’নাই আমাৰ দৰে বহু ক্ষুদ্ৰ ব্যৱসায়ীসকলকো জীৱনৰ মাদকতা শেষ কৰাৰ দৰে কৰি পেলালে৷ক’ভিডৰ আতংকত এতিয়া বিউতি পাৰ্লাৰ বন্ধ হৈ পৰিল৷গতিকে সন্তানৰ পঢ়া শুনা তথা পৰিয়ালটো পোহপাল দিবলৈ এইদৰেই স্বামীৰ সৈতে নিশা বাঁহৰ সামগ্ৰী তৈয়াৰ কৰি চৰকাৰৰ এচঅ’পি মানি কাহিলি পুৱাইতেই আহো দুই এপদ সামগ্ৰী বিক্ৰী কৰিবৰ বাবে৷আমি এসাজ নোখোৱাকৈ থাকিব পাৰিলেও সন্তানদুটিকটো লঘোনে ৰাখিব নোৱাৰো৷বিউতি পাৰ্লাৰ খুলি নিজকে স্বাৱলম্বী কৰি তুলিবৰ বাবে চেষ্টা কৰা মহিলা ব্যৱসায়ী ববী হাজৰিকাৰ পূৰ্ৱৰ বিউতি পাৰ্লাৰৰ ব্যৱসায় বন্ধ হৈ পৰাত নতুন কৰ্মত হাত দি যথেষ্ট আশাবাদী যে তেঁওৰ দৰে তীব্ৰ সংকটৰ সন্মুখীন হোৱা মহিলা ক্ষুদ্ৰ ব্যৱসায়ীসকলে অন্তত নতুন চৰকাৰৰ মূখ্যমন্ত্ৰীগৰাকীৰ পৰাও কিছু সহায়ৰ হাত লাভ কৰিব৷
ভাস্কৰ্য শিল্পৰে নিৰলস সাধনা বাক্সাৰ প্ৰচাৰ বিমুখ শিল্পী কমল দেউৰীৰ
বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ বৃহদাকাৰৰ আবক্ষ মূৰ্তি নিৰ্মাণ
বাক্সা জিলাৰ বৰমাৰ এগৰাকী প্ৰচাৰ বিমুখ চিত্ৰশিল্পী। তেওঁ ছবি আঁকে, ভাস্কৰ্য নিৰ্মাণ কৰে। চিত্ৰকলাৰ সকলো মাধ্যমতে তেওঁৰ অবাধ দখল। তেওঁৰ নিপুণ হাতৰ পৰশত নিৰ্জীৱ কাঠ এটুকুৰাইও প্ৰাণ পাই উঠে, প্ৰতিখন ছবিয়েই তেওঁৰ তুলিকাত হৈ পৰে একোটা দুৰ্লভ শিল্প। তেওঁৰ প্ৰতিটো শিল্পতে বাংময় হৈ উঠে একোটি জীয়া কবিতা ৷ সম্পূৰ্ণ ফাইবাৰ গ্লাছ, ব্ৰঞ্জ আদিৰে সৃষ্টি কৰি আহিছে একো একোজনকৈ বিশিষ্ট ব্যক্তিৰ আবক্ষ তথা প্ৰতিমূৰ্তি। সৰুৰে পৰাই শিল্পকলাৰ প্ৰতি অশেষ ৰাপ থকা এই শিল্পী গৰাকীৰ নাম হৈছে কমল দেউৰী। বৰপেটা জিলাৰ বৰঘোপাত জন্মগ্ৰহণ কৰা কমল দেউৰীয়ে সম্প্ৰতি বাক্সা জিলাৰ বৰমাত থকা নিজ মোমায়েকৰ ঘৰত থাকিয়ে সৃষ্টি কৰি আহিছে এই নিৰলস সাধনা।
সৰুৰে পৰাই ছবি আঁকি ভাল পোৱা কমলে স্কুলীয়া শিক্ষা শেষ কৰি কোকৰাঝাৰ মিউজিক আৰু ফাইন আৰ্টচ কলেজত নামভৰ্তি কৰে। ইয়াৰ পৰৱৰ্তী সময়ত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিচত আনুষ্ঠানিকভাৱে জড়িত হৈ পৰে শিল্পকলাৰ জগতখনৰ সৈতে। কঠোৰ শ্ৰম আৰু প্ৰচুৰ অধ্যৱসায়ৰ ফলতেই তেওঁ অৰ্জন কৰিছে চিত্ৰকলাৰ আটাইবোৰ মাধ্যমতে নিপুণতা ৷
সকলোবোৰ মাধ্যমেৰে তেওঁ নিৰ্মাণ কৰি উলিয়াইছে বিভিন্ন ধৰণৰ শিল্প ৷ কাঠ, মাটি, চিমেণ্ট, মাৰ্বলৰ উপৰিও কমলে নিৰ্মাণ কৰি উলিয়াইছে কেবাটাও ব্ৰঞ্জৰ সৰু-বৰ ভাস্কৰ্য ৷ ইতিমধ্যে বহুতো বৰেণ্য ব্যক্তিৰ আবক্ষ তথা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা ভাস্কৰ্য শিল্পী কমলে শেহতীয়াকৈ বৰমাৰ নৱ প্ৰভাত নামৰ এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাৰ অনুৰোধত আধুনিক বৰমাৰ খনিকৰ ৰত্নেশ্বৰ শৰ্মা, বি কে ভাণ্ডাৰী আৰু গোপী চৌধুৰীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিওৱা বুলি জানিবলৈ দিয়ে। ফাইবাৰ গ্লাছ, ব্ৰঞ্জ আৰু হীৰা মাটিৰে নিৰ্মাণ কৰা প্ৰতিটো আবক্ষ তথা প্ৰতিমূৰ্তিৰ দাম আকাৰ অনুযায়ী ভিন্ন বুলি মন্তব্য কৰে কমলে।
ফাইবাৰ গ্লাছেৰে নিৰ্মিত প্ৰতিটো প্ৰতিমূৰ্তিৰ মূল্য ৬০ হাজাৰ টকা আৰু ব্ৰঞ্জেৰে নিৰ্মিত প্ৰতিটো প্ৰতিমূৰ্তিৰ মূল্য ৩ লাখ টকা নিৰ্ধাৰণ কৰা বুলি কয়। বৰ্তমান বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ এক বৃহদাকাৰৰ আবক্ষ মূৰ্তি নিৰ্মাণৰ কাম হাতত লোৱা ভাস্কৰ্য শিল্পী কমল দেউৰীয়ে ইয়াৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু সুধাকন্ঠ ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি নিৰ্মাণ কৰাৰ পৰিকল্পনা থকাৰ কথা ব্যক্ত কৰে এই প্ৰতিবেদকৰ আগত ।
আবক্ষ তথা প্ৰতিমূৰ্তি নিৰ্মাণৰ সমান্তৰালভাৱে তেওঁ চলাই গৈছে ৰেইনব’ আৰ্ট স্কুল নামৰ এখন চিত্ৰকলাৰ শিক্ষানুষ্ঠানো। সম্পূৰ্ণ স্বকীয়তাৰে স্থাপন কৰি কলা তথা ভাস্কৰ্য শিল্পৰ বিষয়ে বহু ছাত্ৰ-ছাত্ৰীক শিক্ষা দি আহিছে এই শিক্ষানুষ্ঠানখনত। সম্প্ৰতি ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহণ কৰি থকা বুলিও কমল দেউৰীয়ে জানিবলৈ দিয়ে।
ভাৰতীয় জনতা পাৰ্টিয়ে পালন কৰে “কলা দিৱস“
১৯৭৫ চনৰ ২৫ জুন তাৰিখে তদানীন্তন কংগ্ৰেছ চৰকাৰে দেশজুৰি বলবৎ কৰা স্বেচ্ছাচাৰী জৰুৰীকালীন অৱস্হাৰ প্ৰতিবাদত আজি ২৫ জুন তাৰিখে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতি বছৰৰ দৰে এইবাৰো “কলা দিৱস“ ৰূপে পালন কৰে ৷ ক’ৰণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যলয়ত পুৱা ১১ বজাত ৰাজ্যিক পৰ্য্যায়ত এখনি ভিডিঅ ’ কনফাৰেঞ্চৰ জৰিয়তে এই প্ৰতিবাদী “কলা দিবস “ পালন কৰা হয় ৷
ৰাজ্যিক সভাপতি ৰণজিৎ দাস ,উপ-সভাপতি সপ্ননীল বৰুৰা, সাধাৰণ সম্পাদক সাংসদ তপন গগৈ, সাংসদ পল্লবলোচন দাস , মন্ত্ৰী অশোক সিংহল আৰু দলৰ ৰাজ্যিক বিষয় ববিয়া নেতা কাৰ্য্যকৰ্তাৰ উপস্থিতিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰক তীৰ্থঙ্কৰ দাস কলিতাই মুখ্য অতিথি ৰূপে বক্তব্য ৰাখে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি ৰমেন ডেকা .ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা শ্ৰী হৰেকৃষ্ণ ভড়ালী সেই সময়ৰ কাৰাবৰণ কৰা অভিজ্ঞতা অবগত কৰে ৷
অলিম্পিক আৰু অসমীয়া ক্ৰীড়াবিদ…
আন্তৰ্জাতিক পৰ্য্যায়ত এগৰাকী উদীয়মান খেলুৱৈয়ে ব্যক্তিগতভাৱে সাফল্য অৰ্জন কৰিলে পৰিয়াল, ৰাজ্য আৰু দেশৰ জনগণে আনন্দিত আৰু গৌৰৱান্বিত হোৱাটো স্বাভাৱিক। কিন্তু সেই আনন্দ আৰু গৌৰৱক প্ৰকাশ কৰাৰ পন্থা আৰু স্তৰৰ ওপৰত সেই প্ৰতিভাৱান ব্যক্তি গৰাকীৰ ভৱিষ্যত প্ৰগতিৰ পথ বহু পৰিমাণে নিৰ্ভৰ কৰে।অভিজ্ঞ অভিভাৱকে উৎসাহ আৰু প্ৰশ্ৰয়ৰ মাজৰ পাৰ্থক্য জানে। সেয়েহে সন্তানৰ প্ৰাৰম্ভিক সাফল্যত অত্যুৎসাহী হৈ বিজয়োল্লাস কৰি প্ৰাপ্তিৰ সৰ্বোচ্চ শিখৰ পোৱাৰ আনন্দক প্ৰশ্ৰয় দিয়াতকৈ সীমাহীন আকাশৰ সুউচ্চ শিখৰৰ লক্ষ্যক দৰ্শন কৰাব পৰাটোতহে আচল উৎসাহ নিহিত থাকে।অন্য ৰাজ্য বা ৰাষ্ট্ৰৰ সঠিক পদ্ধতিৰ বিষয়ে আমি অৱগত নহওঁ। আমাৰ ৰাজ্যৰ কোনো উদীয়মান ক্ৰীড়াবিদক সঠিক অনুশীলনৰ দ্বাৰা কোনো দল সংগঠনে কাৰোবাক উচ্চ শিখৰ প্ৰাপ্তিত কিবা অৰিহণা যোগাইছে বুলি শুনা নাই। তাৰ সলনি, নিজস্ব প্ৰয়াসেৰে বিশেষ সন্মান আজুৰি অনাৰ পাছত সন্মান যাচিবলৈ, অভ্যৰ্থনা জনাবলৈ, চান্দাৰ ধনেৰে গামোচা পিন্ধাবলৈ হেতা ওপৰা লগায়। এনে দেখুৱাবলৈ চেষ্টা কৰে যেন তেওঁলোকৰ জোৰতহে সেই সন্মান আজুৰি আনিলে। আচলতে সেই ক্ৰীড়াবিদ গৰাকীৰ সাফল্য আৰু জনপ্ৰিয়তাৰ ভাগ তেওলোককো লাগে। তাৰ পাছত তেওঁ কি অনুশীলন কৰিছে, কলৈ গৈছে বাতৰিলৈ বাট চালেই হৈ যায়।”উৰন্ত শিখ” খ্যাত পদ্মশ্ৰী মিল্খা সিং ইহ সংসাৰ ত্যাগ কৰি কালি গুছি গ’ল। ”ধিং এক্সপ্ৰেছ” খ্যাত হিমা দাসৰ টুইটাৰৰ পম খেদি গম পাওঁ যে, ২০১৮ চনত ফিনলেণ্ডত অনুষ্ঠিত “ইণ্টাৰনেচনেল এচ’চিয়েচন অফ এথলেটিক্স ফেডাৰেশ্যনৰ” ২০ অনুৰ্ধ্বৰ ৪০০ মিটাৰ দৌৰত প্ৰথম ভাৰতীয় হিচাপে বিশ্ব খিতাপ অৰ্জন কৰা আৰু এচিয়ান গেমছত সোণৰ পদক লাভ কৰাৰ পিছত ভাৰত বৰ্ষৰ ক্ৰীড়া প্ৰেমীৰ প্ৰেৰণা স্বৰূপ মিলখা সিঙে হিমালৈ ফোন কৰি কৈছিল, – “কষ্ট কৰি অনুশীলন কৰি যোৱা। তোমাৰ হাতত যথেষ্ট সময় আছে। তুমি বিশ্বক্ৰীড়াক্ষেত্ৰৰ পৰা দেশৰ বাবে সোণৰ পদক আজুৰি আনিব পাৰিবা।” প্ৰত্যুত্তৰত দ্ৰুত ধাৱক হিমাই প্ৰত্যয়েৰে কৈছিল, “মই আপোনাৰ সপোন সফল কৰিবলৈ চেষ্টা কৰিম চাৰ।”প্ৰতিগৰাকী অসমীয়াৰ মানসিক আৱেদনৰ সাধুতা মিলখা সিঙৰ সমানেই আছিল নে ? মানৱ সমাজৰ প্ৰতিটো ক্ষেত্ৰতে কুটিলতা বিৰাজমান। ক্ৰীড়া জগততো আন্তঃজাতীয়, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ পৰা বিচ্ছিন্ন নহয় বুলি অনেক ক্ৰীড়াবিদৰ জীৱন বুৰঞ্জীয়ে চিঞঁৰি চিঞঁৰি কয়।বংশানুক্ৰমে পোৱা দেহৰ গঠন, মাক দেউতাকৰ লগত খেতিত কাম কৰি, গাঁৱৰ ল’ৰাৰ লগত বোকা পানীত খেলা ফুটবলৰ অনুশীলনে হিমাক যি বিশ্ব স্তৰৰ ধাৱকলৈ উন্নীত কৰিছিল, তাৰ ৰহণ আৰু ছন্দই ক’ৰবাত যেন গতি হেৰুৱাবলৈ আৰম্ভ কৰিছিল নেকি ? দেশ আৰু সমাজে সন্মান আৰু অত্যাধুনিক অনুশীলনৰ নামত অতিপ্ৰশ্ৰয় বা পেম্পাৰিং কৰিছিল নেকি ? মানুহৰ জীৱনত ঈশ্বৰ প্ৰদত্ত প্ৰতিভাৰ প্ৰয়োগ দুই ধৰণে হ’ব পাৰে-১.মাজবাটতে অৰ্থনৈতিক সবলতাৰ বাবে প্ৰয়োগ । ২. সৰ্বোচ্চ শিখৰত অৱতৰণৰ বাবে অবিৰত অনুশীলন।উৰন্ত শিখ মিলখা সিঙৰ জীৱনৰ ভিত্তিত প্ৰজোজনা কৰা “ভাগ মিলখা ভাগ” ছবিখনৰ দৃশ্যাৱলী যদি সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত হয়; তেন্তে, তেখেতৰ অনুশীলন ধিঙৰ কৃষিভূমি আৰু বোকাময় খেলপথাৰ খনতকৈ অধিক ৰূঢ় আছিল। সেই সময়ত আমাৰ দেশত আজিৰ দৰে আন্তঃৰাষ্ট্ৰীয় বৃহৎ বণিয়া গোষ্ঠী সমূহৰ পণ্য সামগ্ৰীৰ প্ৰচাৰ প্ৰচলন হোৱা নাছিল। সেয়ে হয়তো সেইবিলাক আকৰ্ষণৰ দ্বাৰা অন্যমনস্ক হোৱাৰ পৰা বাচি গৈছিল। অৱশ্যে অন্য ধৰণে ভাৱিলে, সুবিধা পাওতেই লৈ নললে পাছৰ জীৱনত অনুতপ্ত হোৱাতকৈ জীৱনৰ মানদণ্ড উন্নততৰ কৰাৰ হকে সুবিধা সমূহ লৈ যোৱাটোও অনেকৰ বাবে জ্ঞানীৰ কামেই হ’ব পাৰে। সেই ক্ষেত্ৰত ৰাজ্যৰ আৰু দেশৰ নাগৰিক হিচাপে এগৰাকী ক্ৰীড়াবিদৰ সাফল্যত বুকু ফিন্দাবলৈ পোৱাটোৱেই আমাৰ একমাত্ৰ স্বাৰ্থ হৈ পৰে।আচলতে শিৱ থাপা আৰু হিমা দাস কোৱালিফাই হোৱা হ’লে লাভলিনাক লৈ অসমবাসীয়ে তিনিগৰাকী অলিম্পিয়ান “ট’কিঅ’ ২০২০” লৈ পঠোৱাৰ গৌৰৱ অৰ্জন কৰিলোঁ হেঁতেন।
মৰিগাঁৱত বজাৰৰ অভাৱত বাগানতে গেলি পচি গৈছে লক্ষাধিক টকা ব্যয়ৰে কৰা সুস্বাদু ড্ৰেগন ফল
সম্প্ৰতি ক’ৰোনা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে কৃষক সকলৰ জীৱনলৈ দৰিদ্ৰতা নামি আহিছে। ৰাজ্য খনৰ লগতে মৰিগাঁৱতো কৃষিজীৱি ৰাইজে গাঁঠিৰ ধন খৰচ কৰি আশাৰে কৰা খেতি বজাৰ নোহোৱাত পথাৰতে গেলি পচি শুকাই যোৱাত কৃষক ৰাইজৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা। মৰিগাঁৱৰ এজন উদ্যমী খেতিয়কে উন্নত জাতৰ ড্ৰেগনৰ খেতি কৰি এতিয়া বিক্ৰীৰ অভাৱত সৰ্বস্বান্ত হৈ পৰিছে। মৰিগাঁও জিলাৰ বেতনি গাঁৱৰ প্ৰভাকৰ পোণা ডেকা নামৰ এজন যুৱকে উন্নত দেশৰ সুস্বাদু তথা সুষম ফল ড্ৰেগনৰ খেতিয়ে স্বাৱলম্বী হোৱাৰ স্বপ্ন দেখি প্ৰায় চাৰি একৰ মাটিত ড্ৰেগন খেতি আৰম্ভ কৰিছিল। মৰিগাঁৱৰ প্ৰভাকৰ পোনা ডেকাই বুকুত অযুত সপোন লৈ স্বাৱলম্বী হোৱা আশাৰে কৰা ড্ৰেগনৰ খেতি লমালমে ফল ধৰিছে। কিন্তু ক’ৰোনা মহামাৰীয়ে সমগ্ৰ ৰাজ্যখনত ত্ৰাসৰ সৃষ্টি কৰাত বজাৰ সমূহ বন্ধ হৈ পৰিল। লাখ লাখ টকা খৰচ কৰি স্বাৱলম্বী হোৱা সপোন দেখা মৰিগাঁৱৰ প্ৰভাকৰ জীৱনলৈ নামি আহিছে অমানিশা। মৰিগাঁৱৰ উদ্যমী যুৱ খেতিয়ক জনে উন্নত দেশৰ সুস্বাদু ড্ৰেগন ফলৰ লগতে থাইলেণ্ড বগৰী আৰু নেমু খেতিও বিশাল মাটি দৰাত কৰা ফচল লমালমে ভৰি আছে। বিক্ৰীৰ অভাৱত সকলো বাগানতে পকি সৰি গৈছে। নাই কোনো গ্ৰাহক ,নাই কোনো বজাৰ–মূৰত যেন আকাশ খহি দিশহাৰা হৈ পৰিছে মৰিগাঁৱৰ বেতনি গাঁৱৰ উদ্যমী যুৱ কৃষক জনৰ। ক’ৰোনা মহামাৰীয়ে সৰ্বস্বান্ত কৰি পেলালে মৰিগাঁৱৰ বহু কৃষকৰ জীৱন। ক’ৰোনাৰ বিভীষিকাৰ বাবে লাখ লাখ টকা খৰচ কৰি উৎপাদন কৰা ফচল বিক্ৰীৰ বাবে এখন জিলাৰ পৰা আনখন জিলালৈ নিবলৈও নোৱাৰাৰ লগতে বজাৰ সমূহো বহু দিন বন্ধ হৈ পৰিল। ক’ৰোনাই একপ্ৰকাৰে সৰ্বনাশ মাতি আনিলে জিলা খনৰ উদ্যমী খেতিয়ক সকলৰ জীৱনলৈ। মৰিগাঁৱৰ প্ৰভাকৰ ডেকাই এইবাৰ ড্ৰেগন বিক্ৰী কৰিব নোৱাৰিলে অতি কমেও ১৫ৰ পৰা২০ লাখ টকা পানীত পৰিব। কাৰণ এইবাৰ ড্ৰেগন ফলৰ উৎপাদন পূৰ্বৰ তুলনাত কৈ বৃদ্ধি হৈছে। এইবাৰ ড্ৰেগন ফল মুঠতে ছয়-সাত টন হ’ব গৈ। প্ৰতিকিলো দাম ৩৫০ কৈ হ’লে এইবাৰ উৎপাদিত ড্ৰেগনৰ মূল্য ২১ লাখ টকা হ’ব গৈ বুলি প্ৰভাকৰে সংবাদ মাধ্যমৰ আগত দুখেৰে প্ৰকাশ কৰে। উল্লেখ যে– মৰিগাঁও জিলাৰ বেছি ভাগ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। কপালৰ ঘাম মাটিত পেলাই গাঁঠিৰ ধন ভাঙি মৰিগাঁৱৰ কৃষক ৰাইজে খেতিৰ ওপৰতে নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দি আহিছে। দুটাকৈ বছৰত ক’ৰোনাই মৰিগাঁৱৰ উদ্যমী খেতিয়ক সকলৰ জীৱনলৈ নমাই আনিলে ঘোৰ অন্ধকাৰ। সম্প্ৰতি ক’ৰোনা মহামাৰীয়ে মানুহক সকলো ফালৰ পৰা সৰ্বস্বান্ত কৰি পেলালে। ক’ৰোনাই জীয়াই থকাৰ শেষ আশাকনো যেন নাইকীয়া কৰি দিলে।এই পৰিৱেশেই এতিয়া সৰ্বত্ৰতে বিৰাজমান।বৰ্তমান এই দুৰ্যোগময় পৰিৱেশত কৃষকৰ বাবে কোনো বজাৰ নোহোৱাত, সৰ্বনাশ মাতি আনিলে মৰিগাঁৱৰ প্ৰভাকৰ পোনা ডেকাৰ দৰে বহু উদ্যমী খেতিয়কৰ জীৱনলৈ। ইপিনে, ক’ৰোনা বিভীষিকাই সৰ্বস্বান্ত কৰা খেতিয়ক সকলৰ কথা এবাৰ ভাবি চাবলৈ অসম চৰকাৰক প্ৰভাকৰ পোনা ডেকাই আহ্বান জনাইছে।
মাতৃ আৰু পুত্ৰক সাক্ষাৎ কৰিবলৈ ঘৰলৈ যাব পাৰিব অখিল গগৈ, NIA আদালৰ অনুমতি
দুদিনৰ বাবে যোৰহাটৰ গৃহত গৈ মাতৃ আৰু পুত্ৰক সাক্ষাত কৰাৰ অনুমতি বিধায়ক অখিল গগৈক ৷ শুকুৰবাৰে এই অনুমতি প্ৰদান কৰিছে NIA আদালতে ৷ অখিল গগৈয়ে এতিয়া নিজৰ সুবিধা মতে মাতৃ আৰু পুত্ৰক লগ কৰিবলৈ দুদিনৰ বাবে যাব পাৰিব যোৰহাটৰ ঘৰলৈ। উল্লেখ্য যে, শেহতীয়াকৈ অখিল গগৈয়ে মাতৃ আৰু নিজৰ পুত্ৰক লগ কৰাৰ অনুমতি বিচাৰি আদালতত কৰিছিল আবেদন।
ইফালে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়েও পুত্ৰ মুখ খন এবাৰ চাবলৈ বহু সময়ত আগ্ৰহ প্ৰকাশ কৰি আহিছিল। বিধানসভা নিৰ্বাচনৰ সময়ত অসুস্থ দেহাৰেই পুত্ৰ অখিলৰ হৈ শিৱসাগৰত প্ৰচাৰ অভিযান চলোৱা মাতৃগৰাকীৰ এই আহ্বান যেন অৱশেষত শুনিলে আদালতে। ইফালে কিছুদিন পূৰ্বে শাৰীৰিক ভাবে অসুস্থ হৈ পৰিছিল অখিল গগৈৰ পুত্ৰ নাচিকেতাও।
এটুপি খোৱাপানীৰ বাবেই হাহাকাৰ বঢ়মপুৰ সমষ্টিৰ বামুনীৰ শুকানজুৰি বাসীৰ
ডেৰ কিঃমিঃ দুৰৰ এটা গেলা কুঁৱাৰ দূষিত পানী,জুৰিৰ পানীয়েই শেষ ভৰসা বৃহত্তৰ অঞ্চলৰ জনসাধাৰণৰ ৷
নগাঁৱৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অকৰ্মণ্যতাৰ বাবেই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবেই হাঁহাকাৰ কৰি ফুৰিব লগীয়া হৈছে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বামুণী শুকাণজুৰি অঞ্চলৰ ৰাইজে। বিশুদ্ধ খোৱা পানীৰ কথাটো বাদেই এই দুৰ্ভগীয়া অঞ্চলবাসীয়ে আনকি গাধোৱা,কাপোৰ ধোৱা,বাচন-বৰ্তন ধোৱা আদি বিভিন্ন কামৰ বাবেও প্ৰয়োজনীয় পানী কণৰ বাবেও বাট কুৰি বাই যাব লগীয়া হৈছে বহু দূৰলৈ।বামুণীৰ শুকানজুৰি অঞ্চলৰ ৰাইজে এটুপি পানী আনিবলৈ বাট কুৰি বাই যাব লগীয়া হৈছে প্ৰায় ডেৰ-দুই কিলোমিটাৰ দূৰ পৰ্যন্ত।প্ৰতিদিনে পুৱা আৰু বিয়লি অঞ্চলটোৰ পুৰুষ-মহিলা সকলে নিজৰ কান্ধত,মূৰত অথবা ঠেলাগাড়ী চাইকেলেৰে লোটা,কলহ, প্লাষ্টিকৰ ড্ৰাম,টিং,ডেস্কি আদি কঢ়িয়াই লৈ যায় ডেৰ-দুই কিলোমিটাৰ নিলগত শুকাণজুৰি চাহ বাগিচাৰ মাজত অৱস্থিত এটা গেলা কুঁৱা আৰু জুৰিলৈ। তাৰোপৰি আন একাংশ লোকে লোটা,কলহ,ড্ৰাম আদি লৈ নিলগৰ জুৰিৰ পৰা নিত্যব্যৱহাৰ্য পানী খিনি সংগ্ৰহ কৰিব লগীয়া হৈছে।আন একাংশ লোকে ঘৰৰ চৌহদতে খান্দি লোৱা কেঁচা কুঁৱাৰ দূষিত পানীকে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে। অৱশ্যে অঞ্চলটোত আহোমগাঁও বিশুদ্ধ খোৱাপানী যোগান আঁচনি নামৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা পানী যোগান আঁচনি আছে যদিও প্ৰয়োজনীয় তত্বাৱধান আৰু মেৰামতিৰ অভাৱত এই আঁচনি খনো বহু দিন ধৰি বিকল হৈ আছে।স্থানীয় ৰাইজৰ বহু আবেদন নিবেদনৰ পাছতো নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগে আজিকোপতি পানী যোগান আঁচনিখন মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে।ফলত উপায়বিহীন হৈ অঞ্চলটোৰ প্ৰায় তিনি শতাধিক লোকে এটুপি বিশুদ্ধ পানীৰ অভাৱত কদৰ্য পৰিৱেশত শুকাণজুৰি চাহ বাগিচাৰ মাজত অৱস্থিত এটা কুৱাঁৰ লগতে জুৰিৰ দূষিত পানী সেৱন কৰি থাকিব লগা হৈছে। তাৰোপৰি এই দূষিত পানীকে আন কামতো ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে।গেলা কুঁৱা,জুৰিৰ দূষিত পানীকে সেৱন কৰি থকা হেতুকে অঞ্চলটোৰ বহু লোক বিভিন্ন ৰোগত আক্রান্ত হ’বলগীয়া হৈছে। উল্লেখ্য যে, নগাঁও জিলাৰ বঢ়মপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বালিজুৰি আৰু বামুণী দুখনকৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত বামুণী শুকাণজুৰি অঞ্চলবাসীয়ে অঞ্চলটোৰ বিশুদ্ধ খোৱাপানীৰ সমস্যাটোৰ বিষয়ে সমষ্টিটোৰ তেতিয়াৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক বহু বাৰ অৱগত কৰি অনুনয় বিনুনয় কৰিছিল যদিও কোনো সুফল নাপালে বুলি স্থানীয় ৰাইজে জনাইছে।স্মৰ্তব্য যে,এক অকৰ্মন্য বিভাগত পৰিণত হোৱা নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগটোৰ অকৰ্মন্যতাৰ বাবেই জিলা খনৰ কঠিয়াতলী বিশুদ্ধ খোৱাপানী যোগান আঁচনি,কন্দলী বিশুদ্ধ খোৱাপানী যোগান আঁচনি,নিবুকালি বিশুদ্ধ খোৱাপানী যোগান আঁচনি,পূৱ আমৰাকান্দা বিশুদ্ধ খোৱাপানী যোগান আঁচনি,গড়াজান বিশুদ্ধ খোৱাপানী যোগান আঁচনি,বৰপেটা বিশুদ্ধ খোৱাপানী যোগান আঁচনি,গেৰুৱাটী বিশুদ্ধ খোৱাপানী যোগান আঁচনি,মাহেৰীপাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি, কছাৰী গাঁও বিশুদ্ধ খোৱাপানী যোগান আঁচনি, পশ্চিম ফুটলঝাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি, পশ্চিম ফুটলঝাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি,উত্তৰ ফুটলঝাৰ বিশুদ্ধ খোৱাপানী যোগান আঁচনি,উত্তৰ খাটোৱাল বিশুদ্ধ খোৱাপানী যোগান আঁচনি, দক্ষিণ খাটোৱাল বিশুদ্ধ খোৱাপানী যোগান আঁচনি,তিনিচুকীয়া বিশুদ্ধ খোৱাপানী যোগান আঁচনি,কাৱৈমাৰী বিশুদ্ধ খোৱাপানী যোগান আঁচনি,আউনিআটী সত্ৰ বৰবাৰী বিশুদ্ধ খোৱাপানী যোগান আঁচনি, বামুণী শুকাণজুৰী বিশুদ্ধ খোৱাপানী যোগান আঁচনি, জামুগুৰি বিশুদ্ধ খোৱাপানী যোগান আঁচনি, ভেকুলী গৰুবাট বিশুদ্ধ খোৱাপানী যোগান আঁচনি,পূৱ শালমৰা বিশুদ্ধ খোৱাপানী যোগান আঁচনি প্ৰমুখ্যে জিলা খনৰ বিভিন্ন অঞ্চলৰ শতাধিক বিশুদ্ধ পানীযোগান আঁচনি সুদীৰ্ঘ দিন ধৰি বিকল হৈ আছে।যাৰ ফলত সংশ্লিষ্ট অঞ্চলৰ গঞা ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবেও চৰম দুৰ্ভোগ ভুগিব লগা হৈছে । সংশ্লিষ্ট অঞ্চলৰ সেই পানী যোগান আঁচনি সমূহ বিকল হৈ থকা এবছৰৰ পৰা ১০বছৰ পৰ্যন্ত হ’ল।জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংশ্লিষ্ট সংমণ্ডল সমূহে বিকল হৈ থকা পানী যোগান আঁচনি সমূহ মেৰামতি কৰি সক্ৰিয় কৰি নোতোলাত সেই পানী যোগান আঁচনি সমূহৰ এলেকাধীণ শ শ গাঁৱৰ ৰাইজে দমকল,কঁৱা, কেঁচা কুঁৱা, পুখুৰী, সুঁতি,নদী আদিৰ দূষিত পানীকে সেৱন কৰি থাকিব লগীয়া হৈছে।এই দূষিত পানী সেৱন কৰি থকাৰ বাবে সেই অঞ্চলৰ ৰাইজে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাও পৰিলক্ষিত হৈছে।কঠিয়াতলী, কামপুৰ,কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ ৰাইজে ফ্ল’ৰাইড যুক্ত দূষিত পানী সেৱন কৰি থকাৰ ফলত মাৰাত্মক ফ্ল’ৰচিছ ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি থাকিব লগীয়া হৈছে। উল্লেখ্য যে,জনস্বাস্থ্য কাৰিকৰী নগাঁও চক্ৰৰ অধীণস্থ আটাই কেইটা সংমণ্ডলেই ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱা পানী যোগান আঁচনি, আঁচনিৰ তত্বাবধান আৰু মেৰামতি,খোৱাপানী বিশুদ্ধিকৰণ, বীজাণুমুক্তকৰণ,ইন্ধন,কেমিকেল আদিৰ বাবদ প্ৰতি বছৰেই কোটি কোটি টকাৰ আবন্টন লাভ কৰি আহিছে। তৎসত্বেও জিলা খনৰ বিভিন্ন প্ৰান্তত শতাধিক বিশুদ্ধ খোৱাপানী যোগান আঁচনি বিকল হৈ থকাটো অতি চিন্তনীয় বিষয়। বিশুদ্ধ খোৱাপানী যোগান আঁচনি সমূহ সক্ৰিয় কৰি ৰাখিবলৈ চৰকাৰে বিভিন্ন আঁচনিৰ বিপৰীতে প্ৰতিটো বৰ্ষতে জলস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল সমূহক কোটি কোটি টকাৰ আবন্টন দি আহিছে যদিও সেই ধনৰ ওপৰত অবাধ লুন্ঠন চলাই থকাৰ পৰিপ্ৰেক্ষিততেই জিলা খনৰ গঞা ৰাইজৰ বাবে এতিয়াও এটুপি বিশুদ্ধ খোৱাপানী দুৰ্লভ হৈ আছে। নগাঁৱৰ বিভিন্ন অঞ্চলৰ ৰাইজে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাঁহাকাৰ কৰি ফুৰিব লগীয়া হ’লেও জনস্বাস্থ্য কাৰিকৰী নগাঁও সংমণ্ডলে কেতবোৰ আঁচনিৰ লগতে ৰাষ্ট্ৰীয় গ্ৰাম্য খোৱাপানী আঁচনিৰ (এন আৰ ডি ডব্লিউ পি)অধীণত প্ৰতিটো বিত্তীয় বৰ্ষতে কোটি কোটি টকা আৱন্টন লাভ কৰি আহিছে আৰু সংমণ্ডলটোৱেও আবন্টিত সমূদায় ধন গ্ৰাম্যাঞ্চলৰ ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত বিভিন্ন খোৱাপানী যোগান আঁচনিৰ কামত ব্যয় কৰি অহা বুলি বিভাগীয় নথিত উল্লেখ কৰি আহিছে। তৎসত্বেও জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলটোৰ অধীণস্থ নগাঁও জিলাৰ বহু অঞ্চলৰ হেজাৰ হেজাৰ লোকে আজিও এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাঁহাকাৰ কৰি ফুৰিব লগীয়া হোৱাটো অতি দুৰ্ভাগ্যজনক বিষয়। বিশেষকৈ জিলা খনৰ ৰহা, কামপুৰ,কঠিয়াতলী, বঢ়মপুৰ, বামুণী, পুৰণিগুদাম,ৰূপহী,জুৰীয়া প্ৰমুখ্যে বিভিন্ন অঞ্চলৰ বহু গাঁৱত এতিয়াও বিশুদ্ধ খোৱাপানী ৰাইজৰ বাবে দুৰ্লভ হৈ আছে।জিলা খনৰ গঞা ৰাইজে এতিয়াও এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাঁকাৰ কৰি ফুৰিব লগীয়া হৈছে যদিও বিশুদ্ধ খোৱাপানী যোগান আঁচনিৰ বিপৰীতে আবন্টিত ধনৰে অভিযন্তা,সহকাৰী কাৰ্যবাহী অভিযন্তা,কণিষ্ঠ অভিযন্তা,গুদাম ৰক্ষক,ঠিকাদাৰ সকল ঠিকেই সৱল হোৱা পৰিলক্ষিত হৈছে।











