Home Blog Page 2962

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত চৰকাৰী আঁচনিক লৈ জলসম্পদ বিভাগৰ কোটি টকীয়া পকী বেৰা বাগৰি পৰিল দিহা নদীত

অসমৰ অন্যতম পীঠস্থান যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সম্প্ৰতি চলিছে চৰকাৰী আঁচনিৰ নামত একাংশ ঠিকাদাৰৰ লুণ্ঠন। ৰাজনৈতিক নেতাৰ পৰা সৰ্বসাধাৰণ লোকৰ ঢেকীয়াখোৱা বৰনামঘৰ বুলি শ্ৰদ্ধাত মূৰ দোঁ খাই যোৱাৰ বিপৰীতে বিভিন্ন বিভাগৰ একাংশ বিষয়া ঠিকাদাৰৰ বাবে এই নামঘৰভাগী যেন এতিয়া হৈ পৰিছে সোণৰ কণী পৰা হাঁহ।উল্লেখযোগ্য যে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ , সৰ্বানন্দ সোনোৱাল, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু ৰাজনৈতিক ৰথী- মহাৰথীয়ে প্ৰত্যেক বছৰেই মহাপুৰুষ মাধৱদেৱে নিজহাতে প্ৰতিস্থা কৰা এই নামঘৰটিলৈ আহি শৰাই নৈব্যদ্য আগবঢ়ায়। ঢেকীয়াখোৱা বৰনামঘৰলৈ এনে ৰাজনৈতিক নেতাৰ আগমৰ পিছতে তেওঁলোকে নামঘৰ উন্নয়নৰ বাবে ঘোষণা কৰি যোৱা বিভিন্ন আঁচনি ৰূপায়ণৰ তৎপৰ হৈ পৰে বিভাগসমূহ। শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আধাৰশিলা কৰা “অসম দৰ্শন” আঁচনিৰ কাষতে দিহা নদীৰ খহনীয়া ৰোধৰ বাবে এক কৌটি নব্বৈ লাখ টকা ব্যয় সাপেক্ষে জলসম্পদ বিভাগে এখন আঁচনি গ্ৰহণ কৰে যদি এজাক বৰষুণতে কৌটি টকীয়া বেৰাখন ভাগি পৰে। অভিযোগ অনুসৰি বিভাগটোৰ বিষয়া ঠিকাদাৰৰ ঐতিহাসিক সম্পদটিৰ উন্নয়নতকৈ আবন্টিত টকা চান কঢ়াৰ স্বাৰ্থত অতি নিম্মমানে কাম সম্পাদনা কৰাৰ বাবেই এনেদৰে এজাক বৰষুণতে খহি পৰে পকী বেৰাখন।ইফালে জলসম্পদ বিভাগৰ ঠিকাদাৰৰ এনে নিম্মমানৰ কামৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। স্থানীয় ৰাইজে এনে কাণ্ডৰ তদন্তৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি সঠিক ৰূপায়ন কৰাৰ ক্ষেত্ৰত জলসস্পদ মন্ত্ৰীক চকু দিবলৈ আহ্বান জনাইছে।

বালিপৰা লখৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক

সান্ধ্য আইনৰ সুযোগ লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ দুষ্ট চক্ৰই চলাই আহিছে মদ,জুৱা,তথা ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি এটা অসাধু চক্ৰই চলাই আছে নিচাযুক্ত দ্ৰব্যৰ অবাধ বেহা।  শোণিতপুৰৰ লখৰাত চাৰিদুৱাৰ আৰক্ষীয়ে এক অভিযান চলাই  বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সহ দুজন লোকক আটক কৰিছে । এক গোপন সূত্রৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে লখৰাত তালাচি চলোৱাৰ সময়তে এখন তীব্ৰবেগত আহি থকা নম্বৰ প্লেটবিহীন  এল্ট  গাড়ীক আৰক্ষীয়ে ৰ’বলৈ  নিৰ্দেশ দিয়ে যদিও  গাড়ীখন  তীব্ৰবেগে পলায়নৰ চেষ্টা কৰে লগে লগে আৰক্ষী দলে  খেদি গাড়ীখন ধৰিবলৈ সক্ষম হয় । পিছত গাড়ীখনত তালাচী চলোৱাত গাড়ীখনৰপৰা  ১ পেকেট  ব্ৰাউন চুগাৰ আৰু ৯০ টা কন্টেইনাৰ উদ্ধাৰ হয় । আৰক্ষীয়ে লগতে গাড়ীখনত থকা দুজন লোককো কৰায়ত্ত কৰে । ধৃত লোক দুজন ক্ৰমে ভালুকপুঙৰ জংচৰ দেউৰী ( ২৩ ) আৰু আনজন  অৰুণাচলৰ বমদিল্লাৰ  টাছি জেৰাং বুলি জানিব পৰা গৈছে । জব্দকৃত সামগ্ৰীখিনিৰ মূল্য এক লাখ টকা। চাৰিদুৱাৰ আৰক্ষীৰ জিন্মাত থকা  সৰবৰাহকাৰী যুৱকদ্বয়ে খনামুখৰ  চনু নামৰ এজন লোকৰ পৰা  উক্ত ব্ৰাউনচুগাৰখিনি অনা বুলি ইতিমধ্যে  স্বীকাৰোক্তি দিছে । ইপিনে চনু নামৰ ব্যক্তিজনে পলায়ন কৰিছে বুলি জানিব দিছে চাৰিদুৱাৰ আৰক্ষীয়ে। 

মাৰ্ঘেৰিটাত যান-বাহনৰ ক্ষেত্ৰত জাৰি কৰা যুগ্ম-অযুগ্ম সংখ্যা নিয়ম ধোঁৱাচাঙত

ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে যান-বাহনৰ ক্ষেত্ৰত জাৰি কৰি নীতি নিদেৰ্শনা| সমগ্ৰ ৰাজ্যখনৰ লগতে তিনিচুকীয়া জিলা মাৰ্ঘেৰিটাতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা | ইয়াৰ পিছতো যেন মুঠেও সচেতন নহয় একাংশ লোক | যান-বাহনৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা এচ,অ, পিয়ে চোব পৰা নাই মাৰ্ঘেৰিটাৰ একাংশ যান-বাহনৰ চালকক| মাৰ্ঘেৰিটাৰ ৰাজপথত যুগ্ম অযুগ্ম সকলোবোৰ  সংখ্যা যান-বাহনৰ অবাধ চলাচল হৈ আছে|ক’ভিডৰ  ভয়াবহতাক লৈ তিলমানো সচেতন নহয় মাৰ্ঘেৰিটাৰ  এইসকল যান-বাহনৰ  চালক আৰু গৰাকীৰ|  এই ক্ষেত্ৰত নিৰ্বিকাৰ মাৰ্ঘেৰিটা আৰক্ষীৰ  প্ৰশাসন| এইদৰে অবাধ গতিত যান-বাহনৰ লগতে জনসমাগম অব্যাহত থাকিলে অতি শীৰ্ঘ্ৰে মাৰ্ঘেৰিটাত ক’ভিডে ভয়াবহ ৰূপ ধাৰণা নুই কৰিব নোৱাৰি|

ৰিতুল শইকীয়াক মুকলি কৰাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ।

ৰিতুল শইকীয়াক মুকলি কৰাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ।চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ সাজু আলফা স্বাধীন ! যদিহে পথ মসৃণ হয়, যদিহে কোনো বাধা নাথাকে তেন্তে আলোচনা কৰিব আলফা স্বাধীনে জনালে সংবাদ মাধ্যমক ।

নগৰবেৰা আলোপতি-মাজৰচৰ সংযোগী জলপথত বিপদসংকুল আহ যাহ

দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ দক্ষিণ পাৰৰ চৰাঞ্চলত লক্ষাধিক লোকৰ নগৰবেৰা আলোপতি-মাজৰচৰ সংযোগী জলপথত সম্প্ৰতি এক ভয়াবহ যাতায়ত অব্যাহত আছে। স্বাধীনতাৰ সাত দশকৰ পিছতো মৰণক শৰণ দি নিতৌ পাৰাপাৰ হয় চৰাঞ্চলৰ সহস্ৰজনে। কিছু দিনৰ আগলৈ চৰাঞ্চলৰ একাংশ যুৱকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ সাঁকো সাজি ধনৰ বিনিময়ত নৈৰ খন পাৰাপাৰ হৈছিল যদিও ধলৰ পানীয়ে সাকোঁখন উঠুৱাই নিয়াত যাতায়তলৈ বিপৰ্যয় নামিছে। কোনোবাই যদি খোজকাঢ়ি, আন কোনোবাই কাপোৰ তিয়াই খুপি খুপি আঁঠু জোখৰ পানী পাৰ হয়। ইয়াৰ উপৰিওঁ একাংশ বাইক আৰোহীয়ে আকৌ মৰসাহ কৰি নৈ পাৰ হয় বাইকত উঠিয়েই। পদে-পদে বিপদৰ হাতবাউল। আনহাতে পানী কম হোৱা বাবেই উক্ত স্থানত নাও চলাচলতো যথেষ্ট অসুবিধা। বেহা বেপাৰকে আদি কৰি বিভিন্ন কামৰ বাবে বাঘবৰ আৰু চেঙা সমষ্টিৰ দক্ষিণ পাৰৰ ৰাইজ গ্ৰাম্য কামৰূপৰ মফচলীয় চহৰ নগৰবেৰালৈ এদিন আহযাহ নকৰিলেই পৰিয়ালত হাহাকাৰ লাগে। পিছে আদবাটতে জলজলী নদীৰ এই বিপদসংকুল স্থানত থমকিবলগীয়া হয় চৰাঞ্চলৰ পথিক। উপায়বিহীন হৈ উক্ত জলপথত নিতৌ ৰাইজে দুঃসাহসিক, পুতৌজনক যাতায়ত অব্যাহত ৰাখিবলগীয়া হোৱাটো সচাকৈ এক ভাবিবলগীয়া বিষয়। সমষ্টিটোৰ বিধায়ক শ্বেৰমান আলী আহমেদে নিৰ্বাচন আহিলেই উক্ত স্থানত পকী দলং নিৰ্মাণৰ ললীপপ দেখুৱাই আহিলেও তেওঁৰ দহ বছৰীয়া শাসন কালত উক্ত স্থানত এখন পকী দলং কৰিব নোৱাৰিলে। এইবাৰ আকৌ আশ্বাস আৰু প্ৰতিশ্ৰুতি দি তৃতীয় বাৰৰ বাবে বিধায়ক হল। দেখিলেই গাৰ নোম শিঁয়ৰি উঠা বিপদসংকুল যাতায়ত সুচল কৰাৰ বাবে সমষ্টি দ্বয়ৰ নৱ নিৰ্বাচিত বিধায়ক দ্বয়লৈ আৰু নতুন চৰকাৰলৈ চৰাঞ্চলৰ ৰাইজে নগৰবেৰা আলোপতি-মাজৰচৰ সংযোগী জলপথত এখন স্থায়ী পকী দলং নিৰ্মাণৰ বাবে কাতৰ আহ্বান জনাইছে।

এইবাৰ ‘যশ’ ঘূৰ্ণিবতাহৰ তাণ্ডৱ, ৫ ৰাজ্যত সতৰ্ক বাণী প্ৰশাসনৰ

তাউকতে ঘূৰ্ণিবতাহৰ পিছত এইবাৰ যশ নামৰ আন এক ঘূৰ্ণিবতাহে সংকট হৈ দেখা দিছে দেশৰ উপকূলীয় অঞ্চলত। যাৰ বাবে ইতিমধ্যে ৫ খনকৈ ৰাজ্যত সতৰ্ক বাণী জাৰি কৰিছে প্ৰশাসনে।এই সাগৰীয় ঘূৰ্ণিবতাহে দক্ষিণ পূব ভাৰতৰ উপকূলীয় অঞ্চলত প্ৰভাৱ পেলাব বুলি শংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি আন্দামান সাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ বাবেই এই যশ ঘূৰ্ণিবতাহৰ সৃষ্টি হৈছে।কেন্দ্ৰীয় চৰকাৰে সতৰ্কতা জাৰি কৰা ৫ ৰাজ্য হৈছে – অন্ধ্ৰপ্ৰদেশ, ওড়িশা, পশ্চিমবংগ, তামিলনাডু আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। সাগৰীয় পাৰৰ বহু লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।

ওদালগুৰিত লাখ লাখ টকাৰ ক্ষতি সন্মুখীনহৈছে কৃষক,এইবাৰ আন্তঃৰাজ্যিক তৰমুজ চিণ্ডিকেট আৰাম্ভ হৈছে

ওদালগুৰি জিলাৰ ওদালগুৰি, মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত  ৰৌতা, মেৰাবিল , গৰৈমাৰী , কাহিবাৰী , আদি ঠাইৰ লগতেই  জিলাখনৰ বেছিভাগ অঞ্চলত দৈনন্দিন  জীৱন অতিবাহিত কৰিবলৈ কৰ্ম সংস্থাপন বিচাৰি হাবাথুৰি খাই বিভিন্ন ৰাজ্যত গৈ বছৰ বছৰ ধৰি  বেচৰকাৰী সন্থা , ফেক্টৰী , শ্বপিং মল , প্ৰাইভেট অফিচ আদিত কৰ্মৰত বা ফেক্টৰীৰ চকীদাৰ ইত্যাদি  নানান ধৰণৰ কৰ্মত লিপ্ত থাকি নিজৰ  পৰিয়াল পুহ পাল দি অহা বেছিভাগ যুৱক সকল যোৱাবাৰৰ ক’ভিড  ১৯ ৰ আতংকত নিজ ৰাজ্যলৈ উভতি আহি ঘৰতে থাকি স্বাৱলম্বী হোৱাৰ এক সপোন দেখি মনত  প্ৰবল ইচ্ছা শক্তি যোগাই  আত্মনিৰ্ভৰশীল,হোৱাৰ সপোন  মনত পুহি অঞ্চলটোৰ বহুতো  শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে আত্মনির্ভৰশীল হবলৈ ৰাজ্যৰ ভিতৰতেই বৰ্তমান  ওদালগুৰি জিলা খনত সৰ্বাধিক উৎপাদন হবলৈ  ধৰা তৰমুজ খেতিত নিজে বৰ্হি ৰাজ্যৰ  পৰা কষ্টেৰে সঞ্চয়  কৰি অনা ধন ব্যয় কৰি ওদালগুৰি জিলাৰ অইন ডাঙৰ ডাঙৰ খেতিয়ক সকলৰ দৰেই  দেখা দেখি তেঁওলোকেও ব্যাপক হাৰত টকা খৰছ কৰি  শ শ বিঘা মাটিত তৰমুজ খেতিত নিজৰ গাঁঠিৰ ধন ভাঙি তৰবুজ  উৎপাদন কৰিছে ঠিকেই —  কিন্তু  একেবাৰেই এতিয়া বিক্ৰী নোহোৱা ঘটনাই কৃষক সকলৰ সকলৰ লগতেই সেই বেকাৰ নিবনুৱা যুৱক সকলৰ  কপালৰ ঘাম মাটিত পৰিছে ।  চিন্তাত কি কৰো নকৰো হৈছে । আটাইতকৈ পৰিতাপৰ বিষয়টো হল যে তেওঁলোকে  বৈজ্ঞানিক পদ্ধতি অবলম্বন কৰি ব্যাপক হাৰত  তৰমুজ উৎপাদন কৰিছে । অতি কমেও  ১০ হেজাৰ  বিঘা মাটিত এই খেতি কৰা হৈছিল  কিন্তু অৱশেষত  এতিয়া সঠিক বজাৰৰ  অভাৱত বা কিবা এটা বিশেষ কাৰণত হাজাৰ হাজাৰ বিঘা মাটিত উৎপাদন হোৱা তৰমুজ  এতিয়া ২/৩ টকা কেজি হিচাপে বেচিবলৈও গ্ৰাহক নোপোৱাৰ ঘটনাই চিন্তিত কৰি তুলিছে দুখীয়া কৃষক সকলক। জানিব পৰা মতে দৰং জিলাৰ দলগাওঁ,খাৰুপেটীয়া, বেছিমাৰি ,চিকণমাটি , লালপুল আদিৰ একাংশ আন্তঃৰাজ্যিক মধ্যভোগী দালাল সকলৰ মাফিয়া ছিণ্ডিকেটৰ ফলত এই ধৰণৰ ক্ষতি হোৱা কথা পোহৰলৈ আহিছে । এই মধ্যভুগী  দালাল সকলে তৰমুজ  ক্ৰয় কৰি লৈ যোৱা ডাঙৰ ডাঙৰ ব্যৱসায় সকলক মেনেজ কৰি তেওঁলোকে যাতে ইয়াত আহি ক্ৰয় কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নিজেই ডেলিভাৰী দিয়া বাবে ওদালগুৰি জিলাৰ খেতিয়ক সকলক বঞ্চিত,প্ৰতাৰিত  কৰি ৰাখিছে বুলি জানিব পৰা গৈছে ৷.
উচিত মূল্য পোৱা কথাতো দূৰৈৰ কথা বিক্ৰী নোহোৱা হৈছে  যাৰ ফলত সকলো খেতিয়কৰ লগতে বহিৰাজ্যৰ পৰা উভতি আহি খেতিত নিজৰ গাঁঠিৰ ধন ব্যয় কৰি এইদৰে লোকচানৰ সন্মুখীন হব লগীয়া হৈছে দুখীয়া নিবনুৱা যুৱক সকল । যাৰ ফলত নিবনুৱা যুৱক যুৱতীৰ ৰাতিৰ টোপনি হৰণ হোৱা পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত নৱ নিৰ্বাচিত কৃষি মন্ত্ৰীৰ  লগতে চৰকাৰ পক্ষই দুখীয়া কৃষকক কিছু সকাহ দিয়াৰ ব্যৱস্থা কৰিলে কৃষক সকল কিছু পৰিমানে হলেও সকাহ পালে হয় বুলি অঞ্চলবাসীৰ মনত ধাৰণা হৈছে । আশা কৰোঁ এই ক্ষেত্ৰত চৰকাৰেও চৰকাৰৰ মতে কিবা পদক্ষেপ , নাইবা কিছু বিকল্প চিন্তা নিশ্চয় কৰিব বুলি কৃষক  সকল   আশাৰে বাট চাই আছে  ।  সকলো কৃষকে নিজৰ মূলধন হেৰুৱাৰ বেদনাত কাকো কব নোৱাৰাকৈ চকুলো টুকিছে যিটো অত্যন্ত দুখ লগা বিষয় পৰিছে সমগ্ৰ ওদালগুৰি জিলা খনত ।

অৱশেষত আলফা স্বাধীনে মুক্তি কৰি দিলে লাকুৱা অ’ এন জি চিৰ ৰিগৰ পৰা অপহৃত ৰিতুল শইকীয়াক

অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত আনন্দৰ বন্যা- পুৱাই ভাৰত সীমান্তত প্ৰৱেশ শইকীয়াৰ। আলফাই অপহৰণ কৰি নিয়া অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত আনন্দৰ বন্যা, উৎফুল্লিত হৈ পৰিছে ৰিতুলৰ পিতৃ মাতৃ। ৰিতুল শইকীয়াৰ ফোন মাতৃ লৈ। ভাৰত ম্যানমাৰ সীমান্তৰ লংৱাত মুকলি কৰি দিয়া হল অপহৃত ৰিতুল শইকীয়াক।আজি পুৱা ভাৰতৰ সীমান্তৰ প্ৰৱেশ কৰে ৰিতুল শইকীয়াই। কিছু সময়ৰ পাছতে উপস্থিত হব নাগালেণ্ডৰ মন জিলাত। অসম ৰাইফল আৰু সেনাৰ সহযোগত আহি আছে ৰিতুল শইকীয়া।উল্লেখ্য যে অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেশ্যন লিমিটেডৰ আন দুজন কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াৰ সৈতে ৰিতুল শইকীয়াক যোৱা ২১ এপ্ৰিলত অসম-নাগালেণ্ড সীমান্তৰ শিৱসাগৰ জিলাৰ লাকুৱা তৈলক্ষেত্ৰৰ পৰা আলফা(স্বাঃ)ই অপহৰণ কৰিছিল।

এই জটিল সময় চোৱাত অসমবাসীক কিছু সকাহ দিবলৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ সহায় দৈনন্দিন বাৰ্তা গোষ্ঠীৰ

বৰ্তমান সমগ্ৰ দেশৰ লগতে অসমতো কৰণাই চানি ধৰিছে।এই জটিল সময় চোৱাত অসমৰ মুখ্যমন্ত্ৰীয়ে সকলোকে সহায় সহযোগিতা লগতে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ সহায় আগবঢ়াবলৈ আহ্বান জনাইছিল।
ইফালে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই
দৈনন্দিন বাৰ্তা গোষ্ঠী
দৈনন্দিন বাৰ্তা কাকতৰ স্বত্বাধিকাৰী শংকৰ গোহাঞিই যোৱাকালি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি
দেশ তথা অসমত হোৱা মহামাৰীৰ পৰা অসমবাসীক কিছু সকাহ দিবলৈ ৫০ হাজাৰ ১ টকা আৰ্থিক সাহাৰ্য বাবে এখন চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা হাতত।
এখন মজলীয়া বাতৰি কাকতৰ স্বতাধিকাৰী হৈ তেখেতৰ এই মহানুভৱতাক সদায় অসমৰ ৰাইজে মনত ৰাখিব।

ধুবুৰীত আৰক্ষীয়ে বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য সহ দুগৰাকী কুখ্যাত ড্ৰাগছ ব্যৱসায়িক গ্ৰপ্তাৰ

ধুবুৰী চহৰৰ সমীপতে থকা ঝগৰাৰপাৰৰ ৩য় খণ্ডৰ অঞ্চলত যোৱা নিশা কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে এক গোপন তথ্যৰ ভিক্তিত অভিযান চলাই বৃহৎ পৰিমানৰ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য জব্দ কৰে । এই ড্ৰাগছ ব্যৱসায়িৰ লগত জড়িত দুগৰাকী কুখ্যাত  ব্যৱসায়ি ৰুহুল প্ৰধানী আৰু ৰাসিদুল প্ৰধানীক আটক কৰে আৰক্ষীয়ে । এই ড্ৰাগছ ব্যৱসায়িৰ লগত জড়িত দুই কুখ্যাত ব্যৱসায়িক বৰ্তমান কলেজ নগৰ আৰক্ষী চকীত আটক কৰি অধিক তথ্য উদ্ধাৰৰ বাবে জেৰা অব্যাহত ৰাখিছে ।