সমগ্ৰ ৰাজ্যজুৰি ২০ জুন তাৰিখে কলাগুৰু বিষ্ণু ৰাভা দেৱৰ স্মৃতিত ৰাভা দিৱস পালন কৰি অহাৰ মাজতে আজি দুৱছৰ ধৰি ক’ভিড সৃষ্ট পৰিস্থিতিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ পালন কৰি অহাৰ মাজতে চলিত বৰ্ষত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত যোৱা ২০ জুনত এক ব্যতিক্ৰমীধৰণে এগৰাকী শিল্পীয়ে স্মৰণ কৰে গণশিল্পীগৰাকীৰ। ক’ৰণাসৃষ্ট পৰিৱেশৰ মাজত ঘৰতে আৱদ্ধ থাকি অতি কম সময়ৰ ভিতৰত কলাগুৰুক ৰংতুলিকাৰে প্ৰাণ দিছে এগৰাকী যুৱকে। যুৱক গৰাকীয়ে বিষ্ণু ৰাভাৰ একোখন ছবি অংকন কৰে মাত্ৰ তিনি মিনিটতে। জামুগুৰিহাটৰ ধলাইবিলৰ বিতুপন ভূঞাই নিজৰ ঘৰতে নিজৰ শিল্পীচৰ্চাৰ মাজেৰে কলাগুৰুক স্মৰণ কৰিছে। সৰুৰে পৰাই শিল্পীচৰ্চাৰ লগত জড়িত বিতুপনে বিভিন্ন সময়ত কাগজ,দেৱাল আদিত আকৰ্ষনীয় চিত্ৰ অংকন কৰি আহিছে। তাৰ মাজতে এইবাৰ নিজৰ অতি কাম সময়ৰ ভিতৰত সূন্দৰ ভাবে চিত্ৰ অংকন কৰি কলাগুৰুৰ প্ৰতি শ্ৰদ্ধা জনোৱা যুৱকজনৰ এই অভিনৱ প্ৰচেষ্টাই সকলোকে আকৰ্ষিত কৰিছে।
বাক্সা জিলাক ৰেডজ’ন ঘোষণা কৰাৰ পিছতো সচেতন নহয় একাংশ লোক।
একাংশ লোকে ভিৰ কৰিছে তামুলপুৰৰ সাপ্তাহিক বজাৰত
বাক্সা জিলাৰ তামুলপুৰৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত, তামুলপুৰ, নাগ্ৰীজুলি আৰু নাওঁকাটাক জিলাখনৰ হ’টস্পট হিচাপে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ঘোষণা কৰাৰ পিছতো তামুলপুৰত সচেতন নহয় একাংশ লোক। বাক্সা জিলাৰ ভিতৰতেই তামুলপুৰ মহকুমাত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো একাংশ লোকে সামাজিক দুৰত্ব নামানি মাক্স পৰিধান নকৰাকৈ তামুলপুৰৰ সাপ্তাহিক বজাৰত ক’ভিড বিধিক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। লগতে তামুলপুৰ মহকুমা প্ৰশাসনৰ দায়িত্ব হীনতাৰ ছবিখন স্পষ্ট ৰূপত উপস্থাপন কৰিছে একাংশ সচেতন মহলে।
পূৰ্ণোদ্যমে পাঠদান চলিছে পূব নলবাৰীৰ খাতা কেন্দ্ৰত
নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা অাৰু পূব নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ বিষয়া ইনামূল মজিদৰ তৎপৰতাত ১নং খাতা মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ত পূৰ্ণোদ্যমে চলি আছে অনলাইন পাঠদান। সম্প্ৰতি ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিদ্যালয় স্তৰত প্ৰত্যক্ষ পাঠদান বন্ধ হৈ থকা বাবে শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ গৈ ফোন নম্বৰ সংগ্ৰহ কৰিছে আৰু শ্ৰেণী অনুসৰি হোৱাটছ্এপ গ্ৰুপ খুলি প্ৰথম সাময়িকী মূল্যায়নৰ বাবে নিৰ্ধাৰিত পাঠ্যাংশৰ পাঠদান প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে চলাই আছে। এই প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ প্ৰযুক্তিগত দিশত বিশেষ ব্যুৎপত্তি থকা অাপেক্ষিকভাৱে নবীন শিক্ষকসকলক বিশেষ দায়িত্ব দিয়া বুলি ‘দৈনন্দিন বাৰ্তা’ক জানিবলৈ দিছে সমন্বয়ক সুভাষ বৰ্মনে। ক্ষুদ্ৰচেনিকুছি প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষক দিগন্ত দাস আৰু প্ৰধান শিক্ষয়িত্ৰী যামিনী দাস, উত্তৰ পূব খাতা বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয়ৰ কবিতা দেৱী, ৰজনী কান্ত হালৈ আৰু সাগৰিকা ডেকা, প্ৰেম নাৰায়ণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক দেবেন দাস, মিতালী চৌধুৰী, মন্তিমনি দে’, দিব্যজ্যোতি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক তথা বড়িগোগ-বনভাগ শিক্ষাখণ্ডৰ চি আৰ চি চি মহেশ কলিতা আৰু প্ৰধান শিক্ষক যাদৱ দাস, শংকৰদেৱ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰণব কুমাৰ মেধি, সহঃ শিক্ষক কালীন্দ্ৰ মেধি, খাতা-বনভাগ এম ই স্কুলৰ উপেন্দ্ৰ কুমাৰ গোস্বামী আৰু ৰানা দাস, দেউহৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীনেশ চন্দ্ৰ দাস আৰু অজয় বৰ্মন, ৬৭৫ নং সাহপুৰ প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষক দিলীপ কুমাৰ দাস, ক্ষুদ্ৰপিপলীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰীনা বালা বৰ্মন, ৰূপজ্যোতি হাইস্কুলৰ প্ৰধান শিক্ষক পৰেশ নাথ শৰ্মা আৰু সহঃ শিক্ষয়িত্ৰী ৰেখা গোস্বামী আদিয়ে পাঠদান প্ৰক্ৰিয়া বিশেষভাৱে চলাই নিছে বুলি জানিব পৰা গৈছে। ছাত্ৰ-ছাত্ৰীৰ শিকন-ঘাটি নহ’বলৈকৈ শিক্ষকসকলক এই পাঠদানৰ বিশেষ পৰিকল্পনাৰে চলাই নিয়াটো সমল কেন্দ্ৰৰ তৰফৰ পৰা মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক সুভাষ বৰ্মনে পৰ্যবেক্ষণ কৰি আছে বুলিও বিশ্বস্ত সূত্ৰে জানিব পৰা গৈছে। পাঠদান বন্ধৰ সময়ছোৱাত পুষ্টি বাগিছাৰ সংবৰ্ধন,পৰিচৰ্যা আৰু তদাৰকৰ বিশেষ ব্যৱস্থা ল’বলৈয়ো বিভাগীয়ভাৱে প্ৰধান শিক্ষকসকলক দায়িত্ব দিয়া হৈছে। এইক্ষেত্ৰত কোনো সমস্যাৰ উদ্ভৱ হ’লে জিলা আঁচনি বিষয়াসকলৰ পৰামৰ্শ ল’বলৈয়ো কোৱা হৈছে। শিক্ষাখণ্ডটোৰ সমন্বয়ক সুভাষ বৰ্মনৰ সহযোগিতাত আৰম্ভ হোৱা এই পাঠদান কাৰ্যক বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু অভিভাৱকসকলে শলাগিছে।
প্ৰচাৰ বিমুখ ক্ৰীড়া সংগঠক হিতেশ দাসৰ কথাৰে। ক্ৰীড়াৰ নামতে বন্ধ হৈছে পানদোকান
কিমান উৎসাহী হলে, কিমান কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব পাৰিলে বা খেলৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম থাকিলে এজন ক্ৰীড়া নেখেলা ল’ৰাই সফল ক্ৰীড়া সংগঠক হচাপে প্ৰতিস্থিত হ’ব পাৰে সেই কথা নলবাৰী জিলাৰ জাজিয়াবাৰী গাওঁৰ প্ৰয়াত প্ৰফুল্ল দাস আৰু কামিনি দাসৰ লৰা হিতেশ দাসে প্ৰমান কৰি দেখুৱাইছে। ১৯৭৮ চনত জন্ম গ্ৰহন কৰা হিতেশে বিগত ২৫ বছৰে পূব নলবাৰী ক’চি চেণ্টাৰৰ সম্পাদক হিচাপে গুৰু দায়িত্ব পালন কৰি প্ৰায় ৫০ গৰাকী খেলুৱৈক ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ ৰূপে গঢ় দিছে, ৫২ জন খেলুৱৈয়ে জীৱন-জীৱিকাৰ পথ পাইছে, শতাধিক খেলুৱৈয়ে জিলা দলক প্ৰতিনিধিত্ব কৰিছে, খেলুৱৈ সকলে আন্তঃ জিলা ভলীবল প্ৰতিযোগিতাত দেখুওৱা পাৰদৰ্শীতাৰ ভিত্তিতে বছৰ বছৰ ধৰি ক্ৰীড়া জলপানী পাবলৈ সক্ষম হৈছে। এই কথা অসমৰ ভলীবল প্ৰেমী সকলে আটায়ে জানে। অসমৰ ভলীবল জগতত খুড়া হিচাপে পৰিচিত হিতেশ দাসৰ ভলীবল খেলক লৈ কৰা ত্যাগৰ কথা সৰ্বজন বিদিত। ভলীবলৰ লগত লাগি থাকি জীৱিকাৰ পথ হিচাপে বাছি লোৱা সৰু পান দোকান এখনেৰে চলি থকা হিতেশে খেলুৱৈ সকলৰ অভাৱ-অভিযোগ সমূহ দূৰ কৰাৰ বাবে পানদোকান খনো বন্ধ হৈ গৈছে। বিয়লী ৩ বজাত হেজাৰ বিপদ-অসুবিধাকো নেওচি খেলপথাৰত উপস্থিত হোৱাটো হিতেশৰ এক দায়িত্ব আৰু কৰ্তব্যত পৰিনত হৈছে। ভলীবলত সঠিক পাম্প আছে নে নাই, খেলপথাৰৰ মাৰ্কিং ঠিকেই আছে নে নাই, খেলুৱৈ সকল আহিছে নে নাই, কাৰ কি অসুবিধা হৈছে এই সমস্ত কথা হিতেশৰ নখ দৰ্পনত। সকলো সমস্যা সমাধান কৰি অনুশীলনৰ বাবে প্ৰস্তুত কৰি তোলা হয় খেলপথাৰ। অনুশীলন শেষ হোৱাৰ পিছতো হিতেশৰ দায়িত্ব শেষ নহয়। খেলুৱৈ সকলে ভালদৰে পঢ়িছে নে নাই, ঘৰত খোৱাৰ যোগাৰ আছে নে নাই এই সকলো কথাৰ বুজ লোৱাৰ দায়িত্ব তেওঁ নিজেই মূৰ পাতি লৈ আহিছে। যাৰ বাবে তেওঁ খেলুৱৈ সকলৰ অভিভাৱক হৈ পৰিছে। খেলুৱৈ সকলেওঁ নিজৰ সকলো সমস্যাৰ কথা দ্বিধাহীন ভাৱে হিতেশৰ লগত আলোচনা কৰে। যাৰ বাবে পূব নলবাৰী ক’চিং চেণ্টাৰৰ খেলপথাৰত শতাধিক খেলুৱৈ আজিওঁ বিনামূলীয়া ভাৱে প্ৰশিক্ষণ লৈ আছে। হিতেশে প্ৰথম অৱস্থাত ভলীবল খেলা নাছিল যদিও পিছলৈ ক’চিং চেণ্টাৰটোৰ সভাপতি দীপক কুমাৰ দাসৰ পৰা ভলীবলৰ প্ৰাথমিক জ্ঞান আয়ত্ব কৰি ভলীবল প্ৰশিক্ষক গনেশ শৰ্মাৰ পৰা ভলীবলৰ স্কীল সমূহ ভালদৰে শিকি বুজি লৈ এতিয়া এজন প্ৰশিক্ষকৰ ভুমিকা পালন কৰি আহিছে। খেলুৱৈ সকলে ভলীবলৰ স্কীল সমূহ শুদ্ধ ভাৱে শিকাৰ ওপৰত হিতেশে আজিওঁ খেলপথাৰত বহুত কষ্ট কৰি আহিছে। নলবাৰী ক্ৰীড়া সন্থাৰ ভলীবলৰ নিৰ্বাচক হিচাপে হিতেশে বহুবছৰ ধৰি সূচাৰু ৰূপে দায়িত্ব পালন কৰি আহিছে। ইয়াৰ উপৰিও হিতেশ এজন ৰাজ্যিক পৰ্য্যায়ৰ ভলীবল ৰেফাৰী হিচাপে জনপ্ৰিয়। জীৱনৰ বহুত গুৰুত্বপূৰ্ণ বয়স ক্ৰীড়াৰ নামত দি তেওঁ এতিয়া নিজৰ জীৱনক লৈ যথেষ্ট আৰ্থিক সংকটত ভুগি আছে। ক্ৰীড়াৰ নামত সৰ্বস্ব ত্যাগ কৰা মানুহৰ সংখ্যা তেনেই কম। ইয়াৰ ভিতৰত নিশ্চিত ভাৱে হিতেশৰ নাম অন্যতম হিচাপে বিবেচিত হ’ব। নিজৰ দুখ লুকুৱাই ৰাখি খেলুৱৈৰ স্বাৰ্থ সদায় উৰ্ধত ৰাখি কাম কৰি গৈ থকা এজন সফল ক্ৰীড়া সংগঠকৰ বৰ্তমান নিজৰ পৰিয়ালটো পোহপাল দিব নোৱাৰা অৱস্থা হোৱাটো সঁচাকৈ দুৰ্ভাগ্যজনক। প্ৰচাৰ বিমুখ এনে ক্ৰীড়া সংগঠক সকলোকো চৰকাৰে কৰ্মসংস্থাপন দিয়াৰ বাবে ক্ৰীড়ামহলে দাবি উথ্বাপন কৰিছে।
বাক্সাৰ কুমাৰীকাটাত ড্ৰাগছ সৰবৰাহৰ অভিযোগত ২ যুবকক আটক
সমগ্ৰ ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ বাক্সা জিলা আৰক্ষীও জিলা খনত ক্ষীপ্ৰতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান।
বৃহস্পতি বাৰে বিয়লি বাক্সা জিলাৰ শালবাৰী মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত অহা এটা আৰক্ষীৰ দলে জিলা খনৰ কুমাৰীকাটাত উপস্থিত হৈ কুমাৰীকাটা আৰক্ষীৰ সহযোগত চেচাপানীত অভিযান চলাই থুলুংগা বসুমতাৰী (২৬) আৰু মানস দাস (২৭) নামৰ এজন যুৱকক আটক কৰে। ধৃত মানস এগৰাকী TET শিক্ষক আৰু তেওঁৰ ঘৰ কুমাৰীকাটাত।
বিশেষ সুত্ৰৰ খবৰ মতে থুলুংগা বসুমতাৰী ৰ জিম্মাৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিছে।
ঘটনা সন্দৰ্ভত কুমাৰীকাটাৰ আৰক্ষী তথা শালবাৰীৰ মহকুমা আৰক্ষী বিষয়াজনে মুখ খোলা নাই।
শালবাৰী আৰক্ষী য়ে ড্ৰাগছ সৰবৰাহ ৰ লগত জড়িত আটকাধীন অভিযুক্তৰ চিকাৰুক্তিৰ ভিত্তিত শালবাৰী মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত অহা আৰক্ষীৰ দলে কুমাৰীকাটাত অভিযান চলাই ২ যুবকক আটক কৰি শালবাৰী লৈ লৈ যায়।
লাহৰীঘাটৰ কাঠনিত ঘৰুৱা শিক্ষকে ধৰ্ষণ কৰিলে ৯ বছৰীয়া কন্যা শিশুক
মৰিগাঁও জিলাৰ লাহৰীঘাটত সংঘটিত হৈছে শিশু কন্যা ধৰ্ষণৰ দৰে এক জঘন্য ঘটনা । ঘৰুৱা শিক্ষকে ধৰ্ষণ হ’ল এটি ৯ বছৰীয়া শিশুক । ঘটনাটো লাহৰীঘাটৰ কাঠনিৰ । ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পদ চৰিত্ৰৰ ঘৰুবা শিক্ষক ছৰিফুল ইছলামে । ইতিমধ্যে ৰ্নিযাতিতা কন্যা শিশুটিৰ পিতৃৰ এজেহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে লাহৰীঘাট আৰক্ষীয়ে ।
লাহৰীঘাটৰ ভূৰাগাঁওত সংঘটিত হোৱা নিশংস হত্যাকাণ্ডৰ আজি বুজ লয় মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
আজি মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাত দিনৰ ১০.১৫ মিনিটত উপস্থিত হয় মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডঙৰীয়া। মূখ্যমন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাষ্কৰ জ্যোতি মহন্ত,সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া। মৰিগাঁও জিলাৰ ভূৰাগাঁও থানা অন্তৰ্গত বালিডোংগা গাঁৱৰ পথাৰৰ মৰাপাট খেতিত উদ্ধাৰ হৈছিল ৯ বছৰীয়া শিশুটিৰ মৃতদেহ। মৃত কিশোৰী গৰাকী নাম ছুমি আনছাৰী। যোৱা ২০জুন দেওবাৰে কোনো অচিনাক্ত লোকে ধৰ্ষণ কৰি মৰাপাট খেতিত নিশংস ভাৱে হত্যা কৰিছিল শিশুটিক। আজি শিশুটিৰ পৰিয়ালৰ কাষত উপস্থিত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মূখ্যমন্ত্ৰী গৰাকীয়ে ভূৰাগাঁও আৰক্ষী থানাত উপস্থিত হৈ হত্যাকাণ্ডৰ বলি হোৱা কণমাণি শিশুৰ পিতৃ-মাতৃৰ লগত আলোচনাত মিলিত হৈ ঘটনা সন্দৰ্ভত বুজ লোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰে।এক প্ৰশ্নৰ উত্তৰত মন্ত্রী গৰাকীয়ে কয় যে যোৱা কালি লাহৰীঘাটৰ কাঠনিত সংঘটিত হোৱা ৮ বছৰীয়া কন্যা শিশুৰ ধৰ্ষণকাৰীৰ আচামীক কৰায়ত্ত কৰা হৈছে।
বুবু কোঁৱৰৰ এনকাউন্টাৰঃহাঁহি বিৰিঙিছে বুবুৰ ত্ৰাসৰ সাক্ষী হোৱা অসংখ্য পৰিয়ালৰ মুখত
চিৰিয়েল কিলাৰ হিচাপে পৰিগণিত হোৱা অসম আৰক্ষীৰ মষ্ট ৱাণ্টেড বুবু কোঁৱৰক পৰহি অসম আৰক্ষীয়ে অসম নাগালেণ্ড সীমান্তবৰ্তী গেলেকী দেওপানী সমীপৱৰ্তী অঞ্চলত গুলীয়াই হত্যা কৰা ঘটনাৰ প্ৰতিক্ৰিয়া বৰ্তমানেও অব্যাহত আছে। বিগত দুই দলকৰো অধিক কাল ৰাজ্যত ৪২ টাকৈ হত্যাৰ সৈতে জড়িত ” জল্লাদ” ৰূপী বুবু কোঁৱৰ জড়িত আছিল একাধিক অপৰাধজনিত ঘটনাত। ড্ৰাগছৰ সৰবৰাহৰপৰা, নিষিদ্ধ ঘোষিত সংগঠনলৈ মাৰণাস্ত্ৰ যোগান, গাড়ী চুৰি, ডকাইতি আদিৰ দৰে ঘটনাৰে অসম আৰক্ষীৰ বাবে মূৰৰ কামোৰণি সদৃশ হৈ পৰা বুবু কোঁৱৰে শেহতীয়াকৈ “পংখী” নামৰ এগৰাকী যুৱতীৰ সহযোগত উজনিত চলাই গৈছিল হানী ট্ৰেপিঙৰ জাল।কুখ্যাত অপৰাধী বুবু কোঁৱৰ অসম আৰক্ষীৰ এনকাউন্টাৰত নিহত হোৱাৰ পিছতেই বহু ভুক্তভগী পৰিয়ালে ন্যায় পোৱা বুলি অনুভৱ কৰিছে। সমগ্ৰ অসমৰ লগতে জন্মস্থান শিৱসাগৰ জিলাতো বুবুৰ অপৰাধৰ তালিকা দীঘলীয়া। আমগুৰি ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা আঞ্চলিক পঞ্চায়তৰ সভাপতি , হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত নামতি নতুন লুণপুৰীয়াৰ নিবাসী হেমন্ত বৰুৱাক ২০০৮ চনৰ ২৯ জুলাইত হত্যা কৰা ঘটনাৰ মূল অভিযুক্ত আছিল বুবু কোঁৱৰ ।পত্নী বিমি বৰুৱাৰ সন্মুখতে নৃশংসভাৱে গুলিয়াই হত্যা কৰিছিল বুবু কোঁৱৰে ।এই হত্যাকাণ্ডত বুবু কোঁৱৰে ২ লাখ টকা চুপাৰি লৈ গুলীয়াই হত্যা কৰা বুলি অভিযোগ উঠিছিল।যোৱা ১৩ বছৰে হেমন্ত বৰুৱা পৰিয়ালে ন্যায় লাভ নকৰিলে যদিও মূল হত্যাকাৰী অৱশেষত আৰক্ষীৰ গুলীত মৃত্যু হয়। এই মৃত্যুত পৰিয়ালটোৱে ন্যায় পোৱা বুলি প্ৰকাশ কৰে। ইফালে ২০০৩ বৰ্ষত শিৱসাগৰ জিলাৰ গেলেকী দোলাকাষৰীয়াৰ ডিম্বেশ্বৰ কোঁৱৰৰ ঘৰত বুবুৱে সংঘটিত কৰা লোমহৰ্ষক ডকাইতি কাণ্ডৰ কথা সোঁৱৰি পৰিয়ালটোৱে এতিয়াও শিহৰিত হৈ উঠে। ডিঙিত ডেগাৰ আৰু বন্দুক লগাই বুবু কোঁৱৰে ডিম্বেশ্বৰ কোঁৱৰৰ ঘৰৰপৰা এখন গাড়ী, টিভি আৰু নগদ ধন লুটি নিছিল। আনকি ডিম্বেশ্বৰ কোঁৱৰৰ পুত্ৰকো অপহৰণৰ চেষ্টা চলাইছিল দূধৰ্ষ বুবুৱে। অৱশেষত আৰক্ষীৰ গুলীত অপৰাধ জগতৰ অঘোষিত সম্ৰাটস্বৰূপ বুবু কোঁৱৰৰ মৃত্যুত স্বস্তি অনুভৱ কৰিছে ভূক্তভোগী সকলে। ইফালে অসম আৰক্ষীয়ে নাগালেণ্ডৰ দিশৰপৰা ড্ৰাগছ আৰু মাৰণাস্ত্ৰ সহ আহি থকা অৱস্থাত বাটত ভেটাভেটি হৈ ৰখাবলৈ চেষ্টা কৰাত বুবুৱে অসম আৰক্ষীক আক্ৰমণ কৰাত উক্ত আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়াত বুবু নিহত হয় বুলি সদৰী কৰিলেও এইয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে বুবুৰ পিতৃ লোহিত কোঁৱৰে। পিতৃৰ ভাস্য অনুসৰি জেলৰপৰা ওলাই বিগত এটা মাহ আমগুৰিৰ ৰতনপুৰীয়াৰ নিজা বাসগৃহতে আছিল বুবু। পৰহি বিয়লি ৩ বজাত কোনো অজ্ঞাত লোকে ফোন কৰি বুবুক মাতি পঠিওৱাত ঘৰত কাম কৰা এজন যুৱকৰ স্কুটীখন লৈয়েই ওলাই গৈছিল। পিতৃৰ অভিযোগ অনুসৰি ঘৰৰপৰা মাতি নি পৰিকল্পিতভাৱে হত্যা কৰা হৈছে তেওঁৰ পুত্ৰক। অৱশ্যে বুবুৰ মৃত্যুৰ বাতৰিয়ে হাঁহি বিৰিঙাইছে বুবুৰ ত্ৰাসৰ বলি হোৱা অসংখ্যজনৰ মুখত।কত গল বুবুৰ আনজন সহযোগী? : -ইফালে এম্বুচৰ সময়ত বুবুৰ সৈতে স্কুটীত আৰু এজন যুৱক প্ৰতক্ষ্য কৰা বুলি অসম আৰক্ষীয়ে সদৰী কৰিছে যদিও আনজন সহযোগী কত গল বা কোন আছিল সেইয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে গুলীয়াগুলিৰ সময়তে বুবুৰ সহযোগী জন পলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। বৰ্তমানে সহযোগী জনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
ওৰাং,ৰৌতা মাজবাটত কুৰি খনৰো অধিক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আচঁনি বিকল
আছে গৰু নাবাই হাল ,হোৱাতকৈ নোহোৱাই ভাল ।এই আপ্ত বাক্য শাৰী এতিয়া আখৰে আখৰে প্ৰযোজ্য হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগত। প্ৰণিধান যোগ্য যে ওদালগুৰি জিলা ,টংলা জনস্বাস্থ্য কাৰিকৰী বিভাগ উপ সংমণ্ডল অধীনত কেবল ওৰাং, ৰৌতা আৰু মাজবাটত অঞ্চলতে কুৰি খনৰো অধিক জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান কেন্দ্ৰ দীৰ্ঘদিন ধৰি বিকল হৈ আছে । কোটি কোটি টকা ব্যয় কৰাৰ পিছতো জিলা খনৰ ওৰাং, ৰৌতা আৰু মাজবাটৰ ভিন্ন এলেকাত অঞ্চল সমুহৰ ৰাইজক এটুপাল বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ নামত পলাশ বস্তি, দফলা পোটা, নাহৰ ঝাৰ, পাঠকপুৰ ,গৰৈ মাৰী,মেৰাবিল, চিলংখুটি,ৰঙাপানী,ৰৌতা বাগান, ৰৌ মাৰী, কলবাৰী, শইকীয়া চুবুৰী,গেলাবিল ইত্যাদি কুৰি খনৰো অধিক পানী যোগান কেন্দ্ৰ স্থাপন কৰা হৈছিল । কিন্তু স্থাপন কৰা দিনৰে পৰা ৰাইজে এই কেন্দ্ৰ সমুহৰ জৰিয়তে আজি পৰ্য্যন্ত এটুপাল বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম নহল । বৰঞ্চ বিভাৰ্গীয কৰ্তৃপক্ষই কোটি কোটি টকা খৰছ কৰি নিৰ্মাণ কৰা এই পানী যোগান কেন্দ্ৰ সমূহ এতিয়া জহি খহি যোৱাৰ ফলত মুল্যবান সম্পদ সমূহ এপদ এপদকৈ তাতে নোহোৱা হবলৈ আৰম্ভ কৰিছে ।তথাপি বিৰ্ভাগীয় কৰ্তৃপক্ষই পানী যোগান কেন্দ্ৰ কেইটা কাৰ্য্যক্ষম কৰি তোলাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে । কিন্তু এই খিনিতে উল্লেখ যোগ্য আৰু পৰিতাপৰ কথা যে ওৰাং, ৰৌতা আৰু মাজবাট বৃহৎ এলেকাক সামৰি স্থাপন কৰা ওৰাং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়টো ওৰাঙৰ পৰা স্থানান্তৰ কৰি মঙলদৈত স্থাপন কৰাৰ ক্ষেত্ৰত বিৰ্ভাগীয বিষয়া সকল কিন্তু পিছ পৰি নাথাকিল । ওৰাঙত থকা কাৰ্য্যালয়টো কৰ্মচাৰী সকলৰ সুন্দৰ আবাস গৃহ,বিষয়া সকলৰ কাৰ্যালয়, গুদামঘৰ ইত্যাদি সকলো বোৰ সুবিধা থকাৰ পাছতো কি উদ্দেশ্যত ওৰাঙৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়টো মঙলদৈ স্থানান্তৰ কৰা হল সেযা এক নুবুজা সাঁথৰ হৈয়ে থাকিল । ওদালগুৰি জিলাৰ টংলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত থকা ওৰাং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়টো মঙলদৈৰ পৰা পুনৰ ওৰাঙত স্থাপন কৰা আৰু কোটি কোটি টকা খৰচ কৰাৰ পিছতো ওৰাং, ৰৌতা ,মাজবাটত বিকল হৈ থকাৰ বিশুদ্ধ খোৱা পানী যোগান কেন্দ্ৰ সমূহ অতি শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ বিৰ্ভাগীয কৰ্তৃপক্ষক মাজবাটবাসী ৰাইজে দাবী উত্থাপন কৰিছে ।
বিশ্বৰ মহাসাগৰৰ তালিকাত নতুনকৈ সংযোজন হ’ল আন এখন মহাসাগৰ, আনুষ্ঠানিক স্বীকৃতি
বিশ্বৰ মহাসাগৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ল এখন নতুনকৈ মহাসাগৰ। বিশ্বত থকা ৪ খন মহাসাগৰ হ’ল আটলান্টিক, ভাৰত মহাসাগৰ, প্ৰশান্ত মহাসাগৰ আৰু উত্তৰ মহাসাগৰ। এই মহাসাগৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ল আন এখন মহাসাগৰৰ নাম।
এই পঞ্চম মহাসাগৰ খনৰ নাম হ’ল দক্ষিণ মহাসাগৰ। বিশ্বৰ প্ৰখ্যাত সন্মানীয় আৰু বিশ্বাসযোগ্য মানচিত্ৰ নিৰ্মাতা নেচনেল জিঅগ্ৰাফিকে পঞ্চমখন মহাসাগৰৰ উপস্থিতিৰ কথা ঘোষণা কৰিছে।
উল্লেখ্য যে, পূৰ্বেই দক্ষিণ মহাসাগৰক মান্যতা প্ৰদান কৰা হৈছিল কিন্তু আনুষ্ঠানিক স্বীকৃতি লাভ কৰা নাছিল। ইয়াৰ পিছতেই জিঅ’গ্ৰাফিকৰ এটা ৱেবচাইটত প্ৰকাশ পাইছে যে এন্টাৰ্কটিকাত আগুৰি থকা পানী ভাগকেই দক্ষিণ মহাসাগৰ বুলি চিনাক্ত কৰা হৈছে।











