Breaking

লাহৰীঘাটৰ ভূৰাগাঁওত সংঘটিত হোৱা নিশংস হত্যাকাণ্ডৰ আজি বুজ লয় মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

0 1,539

আজি মৰিগাঁও জিলাৰ ভূৰাগাঁও থানাত দিনৰ ১০.১৫ মিনিটত উপস্থিত হয় মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডঙৰীয়া। মূখ্যমন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাষ্কৰ জ্যোতি মহন্ত,সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া। মৰিগাঁও জিলাৰ ভূৰাগাঁও থানা অন্তৰ্গত বালিডোংগা গাঁৱৰ পথাৰৰ মৰাপাট খেতিত উদ্ধাৰ হৈছিল ৯ বছৰীয়া শিশুটিৰ মৃতদেহ। মৃত কিশোৰী গৰাকী নাম ছুমি আনছাৰী। যোৱা ২০জুন দেওবাৰে কোনো অচিনাক্ত লোকে ধৰ্ষণ কৰি মৰাপাট খেতিত নিশংস ভাৱে হত্যা কৰিছিল শিশুটিক। আজি শিশুটিৰ পৰিয়ালৰ কাষত উপস্থিত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মূখ্যমন্ত্ৰী গৰাকীয়ে ভূৰাগাঁও আৰক্ষী থানাত উপস্থিত  হৈ হত্যাকাণ্ডৰ বলি হোৱা কণমাণি শিশুৰ পিতৃ-মাতৃৰ লগত আলোচনাত মিলিত হৈ ঘটনা সন্দৰ্ভত বুজ লোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰে।এক প্ৰশ্নৰ উত্তৰত মন্ত্রী গৰাকীয়ে কয় যে যোৱা কালি লাহৰীঘাটৰ কাঠনিত সংঘটিত হোৱা ৮ বছৰীয়া কন্যা শিশুৰ ধৰ্ষণকাৰীৰ আচামীক কৰায়ত্ত কৰা হৈছে। 

Leave A Reply