Breaking

কলাগুৰুক ব্যতিক্ৰমী ৰূপত স্মৰণ : তিনি মিনিটতে বিষ্ণু ৰাভাৰ ছবি অংকন কৰি চৰ্চিত ধলাইবিলৰ বিতুপন ভূঞা

0 2,098

সমগ্ৰ ৰাজ্যজুৰি ২০ জুন তাৰিখে কলাগুৰু বিষ্ণু ৰাভা দেৱৰ স্মৃতিত ৰাভা দিৱস পালন কৰি অহাৰ মাজতে আজি দুৱছৰ ধৰি ক’ভিড সৃষ্ট পৰিস্থিতিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ পালন কৰি অহাৰ মাজতে চলিত বৰ্ষত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত যোৱা ২০ জুনত এক ব্যতিক্ৰমীধৰণে এগৰাকী শিল্পীয়ে স্মৰণ কৰে গণশিল্পীগৰাকীৰ। ক’ৰণাসৃষ্ট পৰিৱেশৰ মাজত ঘৰতে আৱদ্ধ থাকি অতি কম সময়ৰ ভিতৰত কলাগুৰুক ৰংতুলিকাৰে প্ৰাণ দিছে এগৰাকী যুৱকে। যুৱক গৰাকীয়ে বিষ্ণু ৰাভাৰ একোখন ছবি অংকন কৰে মাত্ৰ তিনি মিনিটতে। জামুগুৰিহাটৰ ধলাইবিলৰ বিতুপন ভূঞাই নিজৰ ঘৰতে  নিজৰ শিল্পীচৰ্চাৰ মাজেৰে কলাগুৰুক স্মৰণ কৰিছে। সৰুৰে পৰাই শিল্পীচৰ্চাৰ লগত জড়িত বিতুপনে বিভিন্ন সময়ত কাগজ,দেৱাল আদিত আকৰ্ষনীয় চিত্ৰ অংকন কৰি আহিছে। তাৰ মাজতে এইবাৰ নিজৰ অতি কাম সময়ৰ ভিতৰত সূন্দৰ ভাবে চিত্ৰ অংকন কৰি কলাগুৰুৰ প্ৰতি শ্ৰদ্ধা জনোৱা যুৱকজনৰ এই অভিনৱ প্ৰচেষ্টাই সকলোকে আকৰ্ষিত কৰিছে।

Leave A Reply