Breaking

বাক্সাৰ কুমাৰীকাটাত ড্ৰাগছ সৰবৰাহৰ অভিযোগত ২ যুবকক আটক

0 540

সমগ্ৰ ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ বাক্সা জিলা আৰক্ষীও জিলা খনত ক্ষীপ্ৰতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান।

বৃহস্পতি বাৰে বিয়লি বাক্সা জিলাৰ শালবাৰী মহকুমাৰ মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত অহা এটা আৰক্ষীৰ দলে জিলা খনৰ কুমাৰীকাটাত উপস্থিত হৈ কুমাৰীকাটা আৰক্ষীৰ সহযোগত চেচাপানীত অভিযান চলাই থুলুংগা বসুমতাৰী (২৬) আৰু মানস দাস (২৭) নামৰ এজন যুৱকক আটক কৰে। ধৃত মানস এগৰাকী TET শিক্ষক আৰু তেওঁৰ ঘৰ কুমাৰীকাটাত।

বিশেষ সুত্ৰৰ খবৰ মতে থুলুংগা বসুমতাৰী ৰ জিম্মাৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি কন্টেইনাৰ জব্দ কৰিছে।

ঘটনা সন্দৰ্ভত কুমাৰীকাটাৰ আৰক্ষী তথা শালবাৰীৰ মহকুমা আৰক্ষী বিষয়াজনে মুখ খোলা নাই।

শালবাৰী আৰক্ষী য়ে ড্ৰাগছ সৰবৰাহ ৰ লগত জড়িত আটকাধীন অভিযুক্তৰ চিকাৰুক্তিৰ ভিত্তিত শালবাৰী মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত অহা আৰক্ষীৰ দলে কুমাৰীকাটাত অভিযান চলাই ২ যুবকক আটক কৰি শালবাৰী লৈ লৈ যায়।

Leave A Reply