Home Blog Page 2964

কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত অসম বিধানসভাত উপস্থিত শিৱসাগৰৰ বিধায়ক অখিল গগৈ।আজি বিধায়কৰূপে শপত গ্ৰহণ কৰিব শিৱসাগৰৰ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈয়ে।

“মোক হত্যা কৰিব পাৰিব ৷ মোৰ কণ্ঠ কোনেও ৰুদ্ধ কৰিব নোৱাৰে ৷ বিধানসভাত সিংহৰ দৰে গৰজি উঠিম।” বিধানসভাত প্ৰৱেশৰ আগ মহূৰ্তত অখিল গগৈৰ হুংকাৰ।

আজি ঐতিহাসিক দিন যদিও ক’লা দিন বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। অখিলৰ অভিযোগ চোৰ-ডকাইতৰ দৰে লৈ আনিছে তেওঁক। টনা-আঁজোৰা কৰি আনিছে গোটেই ৰাস্তাত। এয়া গণতন্ত্ৰৰ নামত কি? এজন জন প্ৰতিনিধিক এনে ব্যৱহাৰ? এই মন্তব্য অখিলৰ।আৰক্ষীৰ বাহনত উঠাই GMCHৰ পৰা অসম বিধান সভালৈ নিয়া হৈছে অখিলক।

আজি বিধায়কৰূপে শপত গ্ৰহণ কৰিব শিৱসাগৰৰ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈয়ে। NIAৰ আদালতে অখিল গগৈক বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অনুমতি দিছিল ৷”মোৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে, শিৱসাগৰৰ উন্নয়ন হ’বই।” GMCHৰ পৰা অসম বিধান সভালৈ নিয়াৰ সময়ত এই মন্তব্য অখিল গগৈৰ।

ওদালগুৰিত আজি ক’ৰণাত আক্ৰান্তৰ সংখ্যা মুঠ ৮৮ গৰাকী :ভয়াবহ ৰূপত মৃত্যুৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰুণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি ২০মেত   ওদালগুৰিত ৮৮ গৰাকী  কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত  এক এপ্ৰিলৰ পৰা ২০মেলৈ  আক্ৰান্তৰ সংখ্যা ১৭১৯ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে  ২০মেলৈ ১৭৭৬ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৮৮  গৰাকী দেহত  কৰোনা ধৰা পৰে।ইয়াৰ ভিতৰৰ ৯১ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ৩৪৬ গৰাকী হোম আইচিলেচনত চিকিৎসাধীন আছে।সুস্হ হৈ উঠা ৬০ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয়।ইপিনে-২০মে ২ গৰাকী ক’ভিডত মৃত্যু হোৱাত শেহতীয়া তথ্য অনুসৰি ওদালগুৰিত  মাৰ্চ’২১ৰ পৰা এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ৩০ গৰাকীলৈ বৃদ্ধি পালে।নিজ বাস গৃহতে যোৱা এসপ্তাহ ধৰি হোম আইচেলেচনত থকা ওদালগুৰিৰ ৰণথলী বাগিছাৰ ৰজনী হাজৰিকাৰ (৬৫)ৰ ২০মেৰ  বিয়লি ৩ বজাত মৃত্যু হয়।।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়।ওদালগুৰি জিলাৰ অম্বাগাওৰ ২নং উলুবাৰী আৰু ১নং উলুবাৰী গাওঁত কেইবাজনো লোকৰ দেহত ক’ভিদ পজিটিভ ধৰা পৰাত ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হৈছে ৷ চলিত মাহটোৰ ভিতৰতে  কেথলিক মিশ্চনৰ ফাদাৰ প’ল তিৰ্কি (৩৪) আৰু জেমচ দৈমাৰী ( ২৬) নামৰ দুজন চফল ডেকাৰ মৃত্যুই গাওঁ তথা অন্চলটোত আতংক মাৰ নাযাওতেই  ১৮আৰু১৯ মেত গাওঁখনত চিকিৎসা বিভাগৰ দ্বাৰা RAT পৰীক্ষাৰ অন্তত এগৰাকী শিশুকে ধৰি ৩ গৰাকী লোকৰ দেহত কৰোনাৰ উপস্থিতি ধৰা পৰে ৷ আনহাতে ওচৰৰে ১নং উলুবাৰী গাওঁখনত একেটা পৰিয়ালৰে ৪ জনকৈ ব্যক্তিৰ দেহত ক’ভিদ পজিটিভ ধৰা পৰে ৷আক্ৰান্ত লোক সকল জন দৈমাৰী ( ২৯)তওঁৰে  ৩বছৰৰীয়া সন্তান আৰু নিজৰা কোৱৰ( ১৮) ১নং উলুবাৰী গাওঁৰ আক্ৰান্ত ব্যক্তি কেইগৰাকী হল ধনবহাদুৰ চেত্ৰী (৬৫) গীতা চেত্ৰী ( ৬০) দীপক ৪৫ ,প্ৰকাশ ৩৫ বিকাশ চেত্ৰী ৩৩৷

ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ

শোণিতপুৰ জিলাৰ ৰঙাপৰা থানাৰ অৰ্ন্তগত ধুলাপাদুং চাহ বাগিছাৰ  ৪ নং শ্রমিক লাইনত যোৱা কালি নিশা এটা বনৰীয়া হাতীয়ে দুটাকৈ ঘৰ ভাঙি তহিলং কৰে। নিশা প্ৰায় ৩ টা মান বজাত  বনৰীয়া হাতীয়ে বাৰজু কালিন্দি আৰু বিজুলী কালিন্দিৰ  বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে। জানিব পৰা মতে  খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীয়ে ধুলাপাদুং চাহ বাগিচাত প্ৰবেশ কৰে আৰু প্ৰথমে বাৰজু কালিন্দিৰ ঘৰত উপদ্ৰৱ চলাই বাসগৃহ ভাঙি পেলাই আৰু তলা বন্ধৰ সময়ত প্ৰয়োজন হব পাৰে বুলি ঘৰত মজুত কৰি ৰখা প্ৰায় ৫০কেজি চাউল খাই তহিংল কৰে। ইয়াৰ পিচত হাতীটোৱে পুনৰ স্থানীয় বিজুলী কালিন্দিৰ ঘৰত আক্ৰমণ কৰে। ফলত দুয়োটা বাসগৃহৰ যথেষ্ট ক্ষতিসাধন হয়। অৱশ্যে হাতীৰ আক্ৰমণৰ উমান পাই গৃহস্থই কথমপি পলাই প্ৰাণ ৰক্ষা কৰে। উল্লেখ্য যে অঞ্চলটোত বনৰীয়া হাতীয়ে সঘনে উপদ্ৰৱ চলাই সা সম্পত্তি ধ্বংস কৰাৰ লগতে একাধিক লোকৰ হাতীৰ আক্ৰমণত মৃত্যু হৈছে। বন বিভাগে কিন্তু বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা অঞ্চলৰ জনসাধাৰণক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উঠিছে।

নুমলীগড়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত পুখুৰী সদৃশ গাতত একাঠু পানী:

বোকাখাত নুমলীগড়ৰ ধনশিৰি দলঙৰ সমীপৰ পূব দিশত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুখুৰী সদৃশ একাঠু পানী ৰাইজৰ মৰণ ফান্দত পৰিণত হৈছে।চাৰিলেন যুক্ত পথ নিৰ্মাণৰ নামত বৰ্তমান ৰাইজে যাতায়ত কৰি থকা উক্ত পথটো মেৰামতি নকৰাত জীয়াতু ভুগিব লগা হৈছে ৰাইজে।পথটো নিৰ্মাণৰ নামত কামৰ চূড়ান্ত হেমাহীৰ বাবে পুখুৰী সদৃশ হৈ পৰি এতিয়া একাঠু পৰ্যন্ত পানী ৰৈছে।আজি কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পথটোত পানী ৰৈ পুখুৰী দৰে হৈ পৰিছে।পানীৰ পৰা ওলাই থকা অংশৰো অৱস্হা শোচনীয়। পথটোৰে দৈনিক বিভাগীয় বিষয়াৰ লগতে জনপ্ৰতিনিধি সকলো অহাযোৱা কৰে যদিও আজিও কাৰো চকুত নপৰিল।অংশটোত দৈনিক অনেক সৰু বৰ দুৰ্ঘটনা ঘটিছে যদিও নিৰ্বিকাৰ বিভাগীয় কতৃপক্ষ।উক্ত পথটোৰ পুখুৰী সদৃশ পৰিৱেশ আঁতৰি কৰিবলৈ ৰাইজে চৰকাৰ তথা বিভাগীয় কতৃপক্ষক অনুৰোধ জনাইছে।

শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত ক’ৰনাৰ গণসংক্ৰমণ

 শিৱসাগৰ জিলাতো চহৰে-গাঁৱে দৈনিক ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ সময়তে এইবাৰ শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত ক’ৰনা ভাইৰাছৰ গণসংক্ৰমণ৷ দুটা দিনৰ পূৰ্বে এজন কয়দী আক্ৰান্ত হোৱাৰ পাছতেই তৎপৰতা অৱলম্বন কৰা শিৱসাগৰ জিলা স্বাস্থ্য বিভাগে আজি কাৰাগাৰৰ কাৰাবন্দীসকলৰ স্বাস্থ্য পৰীক্ষা চলোৱাত এই ভয়ংকৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহে৷ ইতিমধ্যে ৫১ গৰাকীকৈ কৰ’নাত আক্ৰান্তৰ চিকিৎসাৰ বাবে কাৰাগাৰৰ ভিতৰতেই এটা বৃহৎ আইছ’লেশ্যন ৱাৰ্ড সৃষ্টি কৰি আক্ৰান্তসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে৷

বৰ্তমান ৫১৭ গৰাকীকৈ কাৰাবন্দী থকা কাৰাগাৰখনত এজন কাৰাবন্দী আক্ৰান্তৰ পাছতে পোহৰলৈ আহে এই সংক্ৰমণৰ ঘটনা৷ আজি স্বাস্থ্য বিভাগৰ এটা দলে ৫১৭গৰাকী কাৰাবন্দীৰ ভিতৰৰে ১৭৩গৰাকী কাৰাবন্দীক ৰেপিড এন্টিজেন পদ্ধতিৰে পৰীক্ষা চলোৱাত ৫১ গৰাকী আক্ৰান্ত চিনাক্ত হয়৷ ইতিমধ্যে কাইলৈহে বাকী থকা ৩৪৪ গৰাকী কাৰাবন্দীক পৰীক্ষা কৰা হ’ব বুলি জানিব পৰা হৈছে৷আনহাতে, আক্ৰান্তৰ বাবে কাৰাগাৰৰ ভিতৰতেই নিৰ্মাণ কৰা অস্থায়ী আইছ’লেশন ৱাৰ্ডত আক্ৰান্তসকলক সম্পূৰ্ণ পৃথককৈ ৰখাৰ লগতে আক্ৰান্তসকলক চিকিৎসাৰ বাবে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এগৰাকী চিকিৎসকসহ এটা স্বাস্থ্যকৰ্মীৰ দল নিয়োগ কৰা হৈছে বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰে জানিব পৰা গৈছে৷

এতিয়াৰে পৰা অনলাইনত পাব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথি

ৰাজ্যৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এটা বিশেষ খবৰ। অনলাইনত উপলব্ধ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথিসমূহ। এক জাননীৰ জৰিয়তে এই কথা জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চমুকৈ AHSECয়ে।AHSECৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হৈছে পাঠ্যপুথিসমূহ। শিক্ষাৰ্থীসকলক www.ahsec.nic.in যোগে পাঠ্যপুথিসমূহ ডাউনলোড কৰিবলৈ আহ্বান AHSECৰ।

একচন আৰম্ভ: নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ৱ লৈয়েই ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান আইপিএছ আনন্দ মিশ্ৰৰ

নতুনকৈ নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ৱ লোৱাৰ পাছতে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এছ পি আনন্দ মিশ্ৰৰ অভিযান।নগাঁৱৰ বটদ্ৰৱাত ব্ৰাউন ছুগাৰ আৰু হেৰ’ইনসহ আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক।বটদ্ৰৱাৰ কদমনিত আটক চিৰাজুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী। ৩২গ্ৰাম হেৰ’ইন আৰু ১২পেকেট ব্ৰাউন ছুগাৰ জব্দ কৰে চিৰাজুলৰ পৰা।নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্ৱত নগাঁও ড্ৰাগছমুক্ত হ’ব বুলি আশা কৰিছে জিলাবাসীয়ে।

৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰংফুল নেচাৰ লুণ্ঠনৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

বকো বিধান সভা  সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত একাংশ ঠিকাদাৰৰূপী জনপ্ৰতিনিধিয়ে পঞ্চায়তী কাম-কাজত লুণ্ঠন চলাবলৈ আৰম্ভ কৰা আৰু সংশ্লিষ্ট বিভাগক সেই লুণ্ঠনৰ অভিযোগ একাংশই বাৰম্বাৰ দিয়া স্বত্বেও ফল নধৰাত বিবুদ্ধিত পৰিছে ৰাইজ। শেহতীয়াকৈ ৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়ত সভানেত্ৰী ৰংফুল নেছাৰ বিৰুদ্ধে একাংশই দুৰ্নীতিৰ অভিযোগ আঙুলিয়াই আ্ৰতিবাদ সাৱ্যস্ত কৰাটোৱে তাকেই প্ৰতিপন্ন কৰিছে। আজি ৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়তত পঞ্চায়ত সভানেত্ৰীৰ কালভাৰ্ট নিৰ্মানৰ কামত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি  ৰাইজে এক প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰাপ্ত অভিযোগ মৰ্মে-৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডত কালভাৰ্ট এটাৰ বাবদ ৩ লাখ টকাৰ আবণ্টন কৰা হৈছিল ,সেইমৰ্মে কালভাৰ্টৰ কামো সম্পূৰ্ণ হৈ উঠিল যদিও অতি নিম্নমানৰ। মুঠ ৩ লাখ টকাৰ মাত্ৰ ৯০ হাজাৰ মান টকাৰে কালভাৰ্টৰ কাম কৰি বাকী ২ লাখ ১০ হেজাৰ টকা পঞ্চায়ত সভানেত্ৰী ৰংফুল নেছাই উদৰস্থ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে |আনহাতে ছমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীক সভানেত্ৰী গৰাকীৰ দুৰ্নীতি-অনিয়ম সন্দৰ্ভত ৰাইজে বাৰম্বাৰ অভিযোগ দাখিলৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়া বুলিও ৰাইজে অন্য এক অভিযোগ উত্থাপন কৰে। আনকি আজি অঞ্চলটোৰ এখন ফুটব্ৰীজ নিৰ্মানৰ দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ বাবে প্ৰথমে খণ্ড উন্নয়ন বিষয়া গৰাকী ৰাঙ্গাপানীলৈ যোৱাৰ কথা থকা স্বত্বেও সেই স্থানলৈ নগৈ মাহতলীৰ পৰা উভতি যোৱা খৱৰ পাই ৰাঙ্গাপানীৰ সচেতন ৰাইজে ক্ষোভ উজাৰিছে। ৰৰইজে আজি পঞ্চায়ত সভানেত্ৰী ৰংফুল নেছাৰ কালভাৰ্ট নিৰ্মানত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি শীঘ্ৰে তদন্তৰ দিহাৰে নিয়মানুসাৰে কৰ্মসম্পাদনৰ দাবী জনাইছে। 

টীয়কত পানীৰ তলত নবনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ,বাৰিষাৰ আৰম্ভণিতে চপৰা চপৰে এৰাইছে ব্লেকটপিং

কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণৰ কাম ২০১৪ চনতে আৰম্ভ হৈছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই।বিগত সময়ত বিভিন্ন বহুজাতিক প্ৰতিস্থানে নিৰ্মাণৰ কাম অব্যাহত ৰাখিছিল আৰু শেহতীয়াকৈ লিংকন এণ্ড ডিগ্নিটি নামৰ এক ঠিকাদাৰ প্ৰতিষ্ঠানে যোৰহাট বাইপাছৰ পৰা জাঁজীলৈকে কামৰ দ্বায়িত্ব লৈছিল।কিন্তু লিংকনৰ কামত যথেষ্ট আসোঁৱাহ প্ৰত্যক্ষ কৰি বিভিন্ন সময়ত টীয়কৰ দল সংগঠন সচেতন ৰাইজে উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ উত্থাপিত কৰিছিল।শেহতীয়াকৈ উৰ্ধতম কৰ্তৃপক্ষৰ লগত টীয়কৰ সচেতন সমাজ এক বৈঠকত মিলিত হৈ প্ৰতিস্থানটোৱে কৰা প্ৰতিটো কামৰ আসোঁৱাহ আঙুলিয়াই দিছিল আৰু কৰ্তৃপক্ষও পুণৰীক্ষণৰ আশ্বাস দিছিল যদিও কাৰ্যত সকলো ফোটোকাৰ ফেনত পৰিণত হৈছে।এই দৃশ্য টীয়কৰ জগদুৱাৰ তিনিআলিৰ।নৱনিৰ্মিত পথৰ ওপৰত এজাক বৰষুণতে বানপানী।ৰাইজে নিৰ্মাণৰ সময়ত বাৰম্বাৰ অভিযোগ দিছিল যে পূৰ্বৰ পথতকৈ নৱনিৰ্বাচিত পথটোৰ উচ্চতা কম হোৱাৰ বাবে বাৰিষা কৃত্ৰিম বাণপানী হোৱা আশংকা থাকিব।তৎসত্তেও প্ৰতিস্থানটোৱে ৰাইজৰ অভিযোগৰ প্ৰতি কাণসাৰ নিদি কাম চলাই নিছিল।ৰাইজৰ অভিযোগ আজি আখৰে আখৰে প্ৰতিফলন ঘটিছে সমগ্ৰ টীয়ক নগৰত।সেয়ে এইবাৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীক উক্ত কাম-কাজত নিজে হস্তক্ষেপ কৰি চৰকাৰী ধনৰ সদব্যৱহাৰ কৰি ৰাইজক উপহাৰ দিবলৈ আহ্বান জনাইছে।

অসমত ব্লেক ফাংগাছত আক্ৰান্ত ৰোগীৰ মৃত্যু

নগাঁৱৰ ধিঙৰ চমুৱাগাঁৱৰ যুৱকজনৰ নাম পলমণি বৰা৷* পুৱা ৬ বজাত এপল’ হাস্পতালত মৃত্যু হয় যুৱক জনৰ |