Breaking

পদব্ৰজে পাহাৰ ভ্ৰমণৰ অন্যতম প্ৰাকৃতিক স্থান বিৰকুছিৰ সু-উচ্চ টাৱাৰ

0 1,634

অক্সিজেন পাৰ্ক আৰু যোগ চৰ্চা কেন্দ্ৰৰ অন্যতম স্থান

উৎপল শইকীয়া

পদব্ৰজে পাহাৰ ভ্ৰমণৰ লগতে প্ৰাকৃতিক নান্দনিক পৰিবেশৰ আমেজ লোৱা এডোখৰ অতি সুন্দৰ ঠাই । সাম্প্ৰতিক কৰুণা কেন্দ্ৰিক সয়য়ত ঠাই ডোখৰ অধিক চৰ্চিত হৈ পৰিছে এই স্থান।নিলাভ পাহাৰৰ সৈতে ঠাই ডোখৰৰ প্ৰাকৃতিক সৌন্দৰ্য, নিৰ্ভেজাল অক্সিজেন ভাণ্ডাৰ, ঠাই ডোখৰত উপলব্ধ পাহাৰীয়া পথটোৰ গাতে লাগি থকা প্ৰকাণ্ড প্ৰকাণ্ড শিল, বালি, নিজৰা, চৰাই, চিৰিকতি, ভিন ভিন পখিলা আৰু দুই কাষে উপলব্ধ সৰু বৰ বৃক্ষই যিকোনো প্ৰকৃতি প্ৰেমী ব্যক্তিক আকৰ্ষণ কৰাতো নিত্যান্তই স্বাভাৱিক ।
সেয়েহে এই পথচোৱা বহুতৰ বাবে আজি বহু দিনৰ পৰাই আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ আহিছে। কেতিয়াবা যদি ঠাণ্ডা দিনত ট্ৰেকিং কৰি দেহাটো কিছু সতেজ কৰিবলৈ আন কেতিয়াবা আকৌ মে, জুন মহীয়া গা পুৰি যোৱা গৰমৰ দিনটো বহু ব্যক্তি যায় শাৰীৰিক অনুশীলন কৰিবলৈ। ব্যক্তিগত ভাবে আজি কিছু বছৰৰ পৰা পাহাৰীয়া এই পথটিয়েদি খোজ কাঢ়িবলৈ যোৱাটো মোৰ বাবে এক অৰ্থত প্ৰায় অভ্যাসতেই পৰিণত হৈছিল। অৱশ্যে ইয়াৰ এটা উদ্দেশ্য নথকাও নহয়। 2014 চনৰ পৰা 2018 চনলৈ বিগত পাঁচ বছৰ একেৰাহে পাঁচ বাৰ অমৰনাথ যাত্ৰালৈ যোৱাৰ আগতে অনুশীলন হিচাপে পাহাৰটোৰ 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ ঠায়ে ঠায়ে থিয় এই পথচোৱা উপযুক্ত স্থান হিচাপে বাচি লৈছিলোঁ। জানিব পৰা মতে এই পথ চোৱা মোৰ দৰে আন বহুতৰে প্ৰিয় এই ঠাই। অসমৰ আন বহুতো পৰ্বতাৰোহীৰ লগতে হিমালয়ৰ এভাৰেষ্ট আৰোহণ কৰা অসমৰ প্ৰথম পৰ্বতাৰোহী তৰুণ শইকীয়াই এই স্থানতেই প্ৰাৰম্ভিক অনুশীলন কৰিছিল। এই পথচোৱাত খোজ কঢ়া অনুশীলন কৰিলে জম্মুৰ কাত্ৰা নগৰীত থকা বৈষ্ণ দেৱী মন্দিৰৰ 12 কিলোমিটাৰ ( ভৈৰ বাবা মন্দিৰলৈ যোৱা 2 কিলোমিটাৰ বাদ দি) পথ খোজ কাঢ়ি যোৱাত অসুবিধা নহয় বুলি কব পাৰি। সেই বাবেও বহুলোকে এই ট্ৰেক অনুশীলনৰ স্থান হিচাপে বাচি লয়। মই নিজেও বহুবাৰ বৈষ্ণ দেৱী মন্দিৰ পদ ব্রজে যোৱাৰ পূৰ্বে প্ৰায়েই এই পথটোৰে খোজ কাঢ়ি নিজৰ শাৰীৰিক ষ্টেমিনাৰ উমান লৈছিলোঁ। অত্যন্ত মনোমোহা আৰু অক্সিজেনৰ ভাণ্ডাৰ এই পাহাৰীয়া স্থান। এক সুন্দৰ পাহাৰীয়া ট্ৰেক। শেহতীয়া ভাৱে এই ট্ৰেক আৰু অধিক চৰ্চিত হৈ পৰিছে প্ৰনায়াম আৰু যোগ চৰ্চাৰ বাবে । আজিৰ তাৰিখত বহু লোক আহে এই স্থানত থকা সম মান শিলা খণ্ড সমূহত বহি প্ৰণায়াম কৰা বা ধ্যানত বহাৰ বাবে। বহুতে আহে এক বাখ্যাটিত নান্দনিক পৰিবেশত প্ৰকৃতিৰ কোলাত থাকি অক্সিজেন পান কৰিবলৈ। শেহতীয়া কভিদ সৃষ্ট এই সময় চোৱাত অসমত এনে কেতবোৰ স্থানত অক্সিজেন পাৰ্কৰ কথা ভবাৰো সময় আহি পৰিছে। উল্লিখিত পাহাৰীয়া পথৰএই স্থান হল মহানগৰীৰ বিৰকুছি ৰমেশ তিনিআলিৰ কাষেৰে প্ৰায় 3 কিলোমিটাৰ পথ অতিক্ৰম কৰি বহু দূৰৰ পৰাই জিলিকি থকা tower অৰ্থাৎ অইল ৰ পাৱাৰ প্লেণ্ট টোলৈ উঠি যোৱা পথ চোৱা। মূল প্ৰবেশ দ্বাৰৰ পৰা সু উচ্চ tower টুলৈ যোৱা 3.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ থিয় একা বেকা এই পথচোৱাৰ জনপ্ৰিয়তাৰ আন এটা কাৰণ হল এই স্থানত অৱস্থিত বুঢ়া গোঁ সাই থান খন ।
শেহতীয়াকৈ পথটোৰ প্ৰবেশ স্থানত স্থাপন কৰা হৈছে বুঢ়াগোঁসাই থানলৈ যোৱা প্ৰবেশ দ্বাৰ। কিছু দুৰ উঠি গলে প্ৰথমে পোৱা যায় প্ৰাচীন বুঢ়াগোসাই থান। প্ৰাচীন কালৰে পৰা প্ৰচলিত বিশ্বাস অনুযায়ী মূলতঃ মহাদেৱৰ পীঠ এই থানত ধুপ চাকি দি সেৱা জনালে ভক্তৰ মনোকামনা পূৰণ হয়। ইয়াক লৈ বহু প্ৰবাদ আছে অঞ্চলটোৰ লোক সকলৰ মাজত। প্ৰত্যেক বছৰৰ জুন জুলাই মাহত এই থানত বাৰ্ষিক পূজা অনুষ্ঠিত কৰা হয় আৰু সেইদিনা এই থানত নিকটৱৰ্তী এক বৃহৎ অঞ্চলৰ পৰা অহা অৰ্ধ লক্ষ ৰো অধিক ভক্তৰ সমাগম হয়। অৱশ্যে কৰুণা অতিমাৰিৰ বাবে বিগত বছৰত বছেৰেকীয়া এই পূজা অনুষ্ঠিত নহল। চলিত বছৰটো এই পৰ্যন্ত কোনো নিশ্চয়তা নাই। এই থান খনৰ পৰা প্ৰায় তিনি কিলোমিটাৰ পথচোৱাৰ অন্তত অৱস্থিত tower টোৰ লগতে এই বুঢ়াগোসাই থানৰে অংশ বিশেষ আন এটা শিৱ মন্দিৰ পোৱা যায়। সম্ভৱতঃ মহানগৰীৰ সৰ্বোচ্চ উচ্চ তাত থকা একমাত্ৰ শিৱ মন্দিৰ এইটো। প্ৰচলিত বিশ্বাস মতে এই শিৱ লিংগত ভক্তই পানী ধালিলে সেই পানী আহি তল ভাগত থকা উল্লেসিত বুঢ়াগোসাই থানত থকা পানী যুওলিত আহি পৰেহি। শিৱ মন্দিৰ সহ পাহাৰটোৰ শিখৰত থকা এই স্থানৰ পৰা মহানগৰীৰ বহু স্থান দৃষ্টি গোচৰ হয়। হয়তো নীলাচল পাহাৰৰ পিছতেই মহানগৰীৰ সৰ্বোচ্চ এই পাহাৰৰ পৰাই বতৰ ফৰকাল দিনত সুদূৰ ভূটানৰ হিমালয় পৃষ্ঠত থকা শুকুলা বৰফৰ এক দীঘলীয়া আছাদন ৰিনিকি ৰিনিকি দেখিবলৈ পোৱা যায়। বিশেষকৈ ঠাণ্ডা দিনত দেখা যাই এই দৃশ্য। অৰ্থাৎ গুৱাহাটীত থাকি দৰ্শন কৰিব পাৰে হিমালয়ৰ পৃষ্ঠ স্থানৰ বৰফ আবৃত পৰ্বত অথবা শৃংগ। জানিব পৰা মতে পাহাৰৰ শিখৰত অৱস্থিত ঠিক ভঙাগৰৰ টিভি tower টোৰ দৰেই মহানগৰীৰ বহু প্ৰান্তৰ পৰা প্ৰত্যক্ষ কৰা আৰু বিশেষকৈ নিশা ৰঙা লাইট এটা জ্বলি থকা এই tower টো অইল ইণ্ডিয়া লিমিটেডে 1961 চনত কেতবোৰ কাৰিকৰী আৰু প্ৰতিৰক্ষা দিশৰ পৰা লক্ষ্য ৰাখি স্থাপন কৰিছিল। কৰুণা অতিমাৰীৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে মুকলি অক্সিজেন বিচাৰিয়েই হওঁক বা অংশিক লক্ দাউনৰ অৱসাদ দুৰ কৰাৰ বাবেই হওঁক শেহতীয়াকৈ এই স্থানলৈ বহু লোকে ট্ৰেকিং কৰিবলৈ অহাৰ উপৰি প্ৰণাযাম বা যোগ চৰ্চা কৰিবলৈ অহাৰ বিপৰীতে বহু ব্যক্তি বা যুৱক যুৱতীয়ে অৱসাদ বিনোদনৰ চলেৰে এই পথচোৱাত মদ বা বিয়েৰ বা আন নিচা জাতীয় দ্ৰব্য খাই পাৰ্টি কৰাৰ লগতে পৰবৰ্তী পৰ্যায়ত বিয়েৰ বটল বা খাদ্য আনোতে বা বনাওঁতে ব্যৱহৃত প্লাষ্টিক বা দিছ, গিলাছ তথা অবশিষ্ট খোৱা খাদ্য সেই ঠাইতে এৰি ঠাই ডোখৰ বা পথ চোৱা কৰ্দৰ্য ময় কৰি থোৱা দৃষ্টিগোচৰ হৈছে। সেই দৃশ্যই নিশ্চয় প্ৰকৃতি প্ৰেমী যিকোনো লোককে দুখ দিয়াটো স্বাভাৱিক। ইয়াৰ বিপৰীতে সেই একেই পথ চোৱাতে আকৌ অঞ্চলটোৰ গাঁওবাসীয়ে ফুল বা অন্যান্য গছ গছনি ৰুই কৰ্দর্য পৰিবেশ সৃষ্টি কৰা সেই যুৱক বা ব্যক্তি সকলক নীৰৱে ইয়াৰ এটা প্ৰত্যুত্তৰ দিব বিচৰাও দেখা গৈছে। নিকটৱৰ্তী গাওঁ বাসীৰ বাবে এই স্থান সৰগ সদৃশ। তেওঁলোকে এই স্থানক লৈ গৌৰৱ কৰে। মহানগৰীৰ বহু প্ৰান্তৰ বিপৰীতে ই এক পৃথক বা এৰাব নোৱাৰা অনুভূতিৰ স্থান। অঞ্চল টোৰ বহু সংখ্যক ব্যক্তি বা পৰিয়াল এই পাহাৰটোৰ ওপৰতেই নিৰ্ভৰশীল। বহুতে যদি খৰি খেৰৰ বাবে, আন বহুতো আকৌ গোহালিৰ গৰু কেইটাৰ ঘাঁহ যোগাৰ কৰে এই পাহাৰ টোৰ পৰাই। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰেও ইচ্ছা কৰিলে এই স্থান এক পৰ্যটন স্থলীলৈ পৰিবৰ্তন কৰিব পাৰে। ইয়াৰ বাবে যোগ কেন্দ্ৰ, অক্সিজেন পাৰ্ক, ৰূপ ৱে বা অন্যান্য ব্যৱস্থাৰ কথা কব পৰা যায়। মাথোঁ গুৰুত্ব দিব লাগিব যাতে ইয়াকে কৰিবলৈ যাওঁতে প্ৰকৃতিৰ বিস্তৰ ক্ষতিসাধন নহয়।

Leave A Reply