Home Blog Page 2965

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে নিম্নোল্লিখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰে।

1) ভৱিষ্যতে ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত অক্সিজেনৰ যাতে অভাৱ নহয় তাৰবাবে কেবিনেটে সিদ্ধান্ত লয় যে-
➡️ নতুনকৈ স্থাপন কৰা অক্সিজেন উৎপাদন উদ্যোগলৈ ১০০% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।
➡️ বন্ধ হৈ থকা অক্সিজেন উৎপাদন উদ্যোগ পুনৰ মুকলি কৰিলেও ১০০% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।
➡️ বৰ্তমান চলি থকা এনে উদ্যোগৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰতো ১০০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।
➡️ ইতিমধ্যে উৎপাদন চলাই থকা অক্সিজেন উৎপাদন উদ্যোগসমূহলৈ ২০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।
➡️ এই সিদ্ধান্তসমূহ ১ জানুৱাৰী, ২০২১ৰ পৰা কাৰ্যকৰী হ’ব যদিও বিত্তীয় বৰ্ষ হিচাপে ১ এপ্ৰিল, ২০২১ৰ পৰা ৩১ মাৰ্চ, ২০২২ প্ৰযোজ্য হ’ব।

2) বিটিআৰ প্ৰধানৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলক কেবিনেট পদমৰ্যাদা প্ৰদানৰ বাবে কেবিনেটে সিদ্ধান্ত লয়।
3) অধিবক্তা দেৱজিৎ শইকীয়াক ৰাজ্যৰ মহাধিবক্তা হিচাপে নিযুক্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ।
4) ইতিমধ্যে বৰ্তি থকা তত্বাৱধায়ক মন্ত্ৰীৰ নামৰ পৰিৱৰ্তন কৰি অভিভাৱক মন্ত্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ। অভিভাৱক মন্ত্ৰীসকলে জিলাখনৰ উন্নয়নৰ সকলো দিশ তদাৰক কৰিব।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃত্যু

প্ৰকৃতিপ্ৰেমী সকলৰ বাবে দুখবৰ। বুধবাৰে পুৱতি নিশা  বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এজনী গঁড়ৰ মৃত্যু হয় । খবৰ পোৱা অনুসৰি, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁ‌হবাৰী বনাঞ্চলত আন গড়ৰ আক্ৰমণত মৃত্যু হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ ২২ নম্বৰ মাইকী গঁড়জনীৰ। উল্লেখ্য যে ১৪ এপ্ৰিলত পবিতৰাৰ পৰা অনা হৈছিল মাইকী গঁড়জনী ।পূৰ্বৰে পৰা আঘাতপ্ৰাপ্ত হৈ আছিল গঁড়জনী । ৰাষ্ট্ৰীয় উদ্যানখনৰ বনাঞ্চলত নতুনকৈ প্ৰৱেশ কৰা বাবে পুৰণি গঁড়ৰ আক্ৰমণত এই গঁড়জনীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বন বিষয়া বাবুল ব্ৰহ্মই। 
পিছত ঘটনাস্থলীত ৰাষ্ট্ৰীয় উদ্যানখনৰ উপ সঞ্চালক ৰঘুনাথ বড়ো, বাহাবাৰী বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্ম,  চিকিৎসক প্ৰভাত বসুমতাৰীৰ লগতে ডব্লিউ ডব্লিউ এফৰ দল উপস্থিত হৈ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে গঁড়জনীক ।

ক’ভিড আক্ৰান্তৰ মৃত্যুক কেন্দ্ৰ কৰি খুমটাই চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

আজি পুৱাৰ ভাগত গোলাঘাটৰ খুমটাই চাহ বাগিচাত  উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’য়  । খুমটাই চাহ বাগিচাৰ ক্ষুব্ধ শ্ৰমিকে ঘেৰাও কৰিলে বাগিচাৰ মুখ্য কাৰ্যালয়।  বাগিচা খনত কৰ্মৰত এগৰাকী মহিলা শ্ৰমিক ক’ভিড -১৯  ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছতেই বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তেজিত হৈ পৰে শ্ৰমিক সকল। ক’ভিড  পজিটিভত আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলা গৰাকীৰ নাম বিনু কৰ্মকাৰ। মৃত  শ্ৰমিক গৰাকী উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ তুলিছে ক্ষুদ্ধ  শ্ৰমিক সকলে । যোৱা ১৪ মে’ত মহিলা গৰাকীৰ শৰীৰত ধৰা পৰিছিল ক’ভিড  পজিটিভ। তেতিয়াৰ পৰাই হ’ম আইছ’লেশ্যনত  আছিল মহিলা গৰাকী। বুধবাৰে পুৱতি নিশা মহিলা গৰাকী উশাহ-নিশাহ লোৱাত অসুবিধা পাই মৃত্যু বৰণ কৰে। বাগিচা কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বাগিচাৰ শ্ৰমিক সকলৰ। শ্ৰমিক সকলৰ দাবী যে এনে পৰিস্থিতিত বাগিচাখনৰ শ্ৰমিক সকলে এতিয়া কেনেধৰণে মোকামিলা কৰিব ।

ওৰাঙত অতি উদ্বেগজনক ভাবে বৃদ্ধি পাইছে ক’ভিড পজিটিভৰ সংখ্যা ৩২২ ,মৃত্যু-৫

সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ  ওৰাং,মাজবাট,ৰৌতা আদি এলেকা,অঞ্চল সমুহত কভিড ১৯  মহামাৰী উদ্বেগজনক ভাবে  তীব্ৰ গতিত বৃদ্ধি পাব ধৰিছে । জিলা খনৰ  ৭০নং মাজবাট বিধান সভা সমষ্টিৰ অন্তৰ্গত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্ত্ৰত যোৱা ২০এপ্ৰিলৰ পৰা  ১৮মে লৈকে প্ৰায়  ৩ হেজাৰ গৰাকী ব্যক্তিক ক’ভিড ১৬৫৬ গৰাকী ক ৰেপিড টেষ্ট কৰা হৈছিল । এই টেষ্টত ৩২২ গৰাকী লোকৰ শৰীৰত কভিড ১৯ ৰ পজিটিভ ধৰা পৰে । 

এই সময় চোৱাত স্বাস্থ্য বিভাগে ২৫৯  গৰাকীক হোম আইশ্যলেশ্যন , ১৭৫  গৰাকীক একটিভ হোম আইশ্যলেশ্যন আৰু ৬৩ গৰাকীক ক’ভিড বাকী অন্যন্য চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে । 
ইতিমধ্যে মাজবাটৰ চুলেমান আলী, কৰ্ন প্ৰসাদ উপাধ্যায়,ৰৌতাৰ মূদুল হক চৌধুৰী,বিবিকা বসুমতাৰী,বাবু লাল আগৰৱালাৰ কভিড ১৯ ত আক্ৰান্ত   ৫গৰাকী লোকৰ মৃত্যু হৈছে ৷মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত আশা গাওঁ ২৮০খন তথা ২৫০ খন ৰাজহ গাঁওৰ দুই লাখ ষাঠি হাজাৰ জনসংখ্যা সামৰি লোৱা ওৰাং খণ্ড প্ৰাথমিক  স্বাস্থ্য কেন্দ্ৰৰ অধীনত আছে তিনিটাকৈ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,এটাকৈ ৰাজ্যিক চিকিৎসালয়,নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,দুটা আৰ্দশ চিকিৎসালয়  ক্ৰমে , মাজবাট ,ৰৌতা, গেৰুৱা প্ৰথমিক  স্বাস্থ্য কেন্দ্ৰ ,পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়,ধনশ্ৰীঘাট নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৰৌতা আৰু মাজবাটৰ মহলীয়াপাৰা আৰ্দশ চিকিৎসালয় ৷ এই বৃহৎ এলেকা সামৰি গঠন স্বাস্থ্যটোত ক’ভিড ১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ কভিড ১৯  যোদ্ধা সকলৰ হাতত নাই এতিয়াও  কোনোধৰণৰ হেণ্ড চেনিটাইজাৰ , এন95 মাস্ক, ত্ৰিপোল লেয়াৰ মাস্ক,কেপ,পিপি কিট,ফেচ শ্লাইড  গ্লোভছ, ,ভেকচিন আদি অত্যাৱশীয় সামগ্ৰীবোৰ। ফলত ক’ভিড ১৯ ৰ বিৰুদ্ধে যুঁজ দিয়া স্বাস্থ্য কৰ্মী সকলেও এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হৈছে । কভিড যুজাৰু একাংশ স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ লক্ষণ কুমাৰ বড়ো,ডাঃ ৰাজু ব্ৰহ্ম,ডাঃ হেমন্ত চৌধুৰী,ডাঃ হিৰণ্য গয়াৰী,ডাঃ চন্দন কুমাৰ সাহা,ডাঃৰাকেশ ডেকা,ডাঃ নিৰুপমা বৰুৱা,ডাঃ সৌৰব বৰ্মন,ডাঃ খগেন নাথ,ডাঃ দীপাঞ্জলী বৰা,ডাঃ নবনীতা হাজৰিকা,সামুহিক স্বাস্থ্য বিষয়া -আশা কুৰ্মী,মিনা বসুমতাৰী,প্ৰফুল্ল পাটৰ,পাৰ্থজিৎ ৰয়,জিৰোছা বাগলাৰী জিম্পী শইকীয়া দেবৰাজ হাজং ,বিপিএম পংকজ সভাপণ্ডিত ,ৰৌতাৰ এবিপিএম সুৰজিত চহৰীয়া স্বাস্থ্য কৰ্মী তথা কভিড যোদ্ধা বিপ্লব জ্যোতি ডেকা,গজেন বড়ো,দীনেশ গৌতম,কাষ্টিল দৈমাৰী,সঞ্জীত কুমাৰ দাস ,মনোজ কুমাৰ দাস ,শিবু বসুমতাৰী,ডেভিদ দৈমাৰী,নীতা দেবী,,অতুল শইকীয়া,জয়া ৰামছিয়াৰী,মালবিকা বৰা,ৰিংকু দৈমাৰী,তৈয়বুৰ ৰহমান,আবু বক্কৰ চিদ্দিক ,ইনামুল হক জাভেদ ,মেৰিনা বৰা,হিমাংক কলিতা ,ৰিছা দৈমাৰী, বীৰেন্দ্ৰ হাজং,গোপী এ চাংমাআশা চুপাৰভাইজাৰ অৰ্চনা ডেকা,ৰঞ্জনা দাস ৰাভা,, মৰণক শৰণ দি দিনে নিশাই কৰ্তব্য সম্পাদনা কৰি থকা দেখিবলৈ পোৱা গৈছে ৷আনহাতে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত  জীৱন দাইনী ঔষধ ক্ৰমে ভিটামিন চি টেবলেট , জিংক 500 এম জি টেবলেট , ইজথ্ৰ’মাইচিন 500 টেবলেট , ডস্কিচাইক্লিন  100 এম জি  আদি এন্টিবায়টিক ঔষধ সমুহ  পাবলৈ  নাই  তথা নোহোৱা হৈছে ফলত এই ঘোৰ কৰুণা  কালৰ সময়ত স্বাস্থ্য কেন্দ্ৰটোত এক মহা সংকটে দেখা দি আহিছে । যদিও সংশ্লিষ্ট বিভাগ কতৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ৷ফলস্বৰূপে দ্ৰৰিদ্ৰ কভিড ৰোগী সকলে ঔষধ ক্ৰয় কৰিব নোৱাৰি ঔষধ অবিহনে হোম আইশ্যলেশ্যন হৈ আহিছে ৷এই ক্ষেত্ৰত চৰকাৰে অতি সোনকালে পৰ্য্যাপ্ত পৰিমানে ঔষধ,এন্টিবায়টিক ,সা সামগ্ৰী ,সজুঁলিসমূহ  প্ৰদান কৰিবলৈ চৰকাৰ ,সংশ্লিষ্ট বিভাগ,কতৃপক্ষ সমুহক ওদালগুৰি জিলা সচেতন নাগৰিকসমিতিয়ে দাবী জনাইছে ৷

ওদালগুৰিত ক’ৰণা পৰীক্ষা ২৭৭৮ গৰাকী, আক্ৰান্তৰ সংখ্যা মুঠ ১৩২ গৰাকী :ভয়াবহ ৰূপত মৃত্যুৰ সংখ্যা ২৭ গৰাকীলৈ বৃদ্ধি

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰুণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ১৮মেলৈ   ওদালগুৰিত ১৩২ গৰাকী  কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত  এক এপ্ৰিলৰ পৰা  ১৮মেলৈ  আক্ৰান্তৰ সংখ্যা ১৫২৬ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে ১৮ মে  সৰ্বাধিক ২৭৭৮ গৰাকীক পৰীক্ষা কৰাৰ পিছত ১৩২ গৰাকী দেহত  কৰোনা ধৰা পৰে।ইয়াৰ ভিতৰৰ ৮৫ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ৪৭৫ গৰাকী হোম আইচিলেচনত চিকিৎসাধীন আছে।সুস্হ হৈ উঠা ৫৭ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয়।ইপিনে-১৮মেত  ১ গৰাকী ক’ভিডত মৃত্যু হোৱাত শেহতীয়া তথ্য অনুসৰি ওদালগুৰিত  মাৰ্চ’২১ৰ পৰা এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ২৭ গৰাকীলৈ বৃদ্ধি পালে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়।

ধৃত হীৰেণ গগৈৰ পাছতেই ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণত জড়িত আনজন অভিযুক্ত ৰঞ্জিত চাংমাইক আটক তিনিচুকীয়া আৰক্ষীৰ

তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা। ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত জড়িত আন এজন অভিযুক্ত ৰঞ্জিত চাংমাইক কৰায়ত্ত কৰিছে তিনিচুকীয়া আৰক্ষীয়ে। ধৃত ৰঞ্জিত চাংমাইৰ ঘৰ লক্ষীপথাৰ দেওঘৰীয়া গাঁৱত। 220 পালচাৰ বাইকখনৰ চালক আছিল ৰঞ্জিত চাংমাই। 
ইতিমধ্যে টিংৰাই গ্ৰেনেড বিস্ফোৰণত জড়িত ২ জন অভিযুক্তকে আটক কৰাৰ লগতে বিস্ফোৰণত ব্যৱহৃত মটৰচাইকেল জব্দ কৰিছে তিনিচুকীয়া আৰক্ষীয়ে। লগতে, গ্ৰেনেড বিস্ফোৰণৰ দ্বায়িত্ব স্বীকাৰ কৰিছে দুই অভিযুক্তই। বিস্ফোৰণত জড়িত আনজন অভিযুক্ত হীৰেণ গগৈ পূৰ্বে কেইবাটাও ধন দাবী আৰু ডকাইতি গোচৰত জড়িত আছিল । পুৱতি নিশা চাৰি বজাত লক্ষীপথাৰৰ বাসগৃহৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুৰ্বৃত্তটোক। আৰক্ষী উপ-মহাপৰিদৰ্শক জিৎমল দলেৰ নেতৃত্বত যোৱা দলে আটক কৰে অভিযুক্তক।

গোৱালপাৰা চহৰ দিনৰ ১২ বজাতেই জনশূন্য ।প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান গোৱালপাৰা আৰক্ষীৰ

 ক’ৰনা মহামাৰীয়ে ৰাজ্যত উদ্দেগ জনক ভাৱে এক জটিল ৰূপ ধাৰণ কৰালৈ চাই ৰাজ্য চৰকাৰে জনসাধাৰণক সজাগ আৰু সচেতন হ’বলৈ জাৰি কৰিছে কোভিড প্ৰ’টকলৰ নতুন নীতি নিৰ্দেশনা। চৰকাৰৰ কোভিড প্ৰ’টকলৰ নতুন নীতি নিৰ্দেশনা অৰ্থাৎ নতুন এছ অ পিয়ে জলা কলা খুৱাইছে সৰ্ব সাধাৰণ জনতাক। চৰকাৰৰ নতুন এছ অ পি মৰ্মে গোৱালপাৰা চহৰ  দিনৰ ঠিক ১১ বজাৰ পৰা দোকান – পোহাৰ ; বজাৰ – ঘাট বন্ধ। লগতে দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন বলবৎ কৰা হৈছে। চৰকাৰৰ এই নীতি নিৰ্দেশনাই গোৱালপাৰা জিলাত ত্ৰাহিমধুসুধন সোৱৰাইছে বজাৰ ঘাটত খুচুৰা বিক্ৰেতা ; ঠেলা – ৰিক্সা ; অটো ; ই – ৰিক্সা ; মেজিক গাড়ী চালক ; ফুট পথত শাক পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰাৰ উপৰিও দিন হাজিৰা কৰা বনুৱা কামালা সকলক। কাৰণ বৃহত্তৰ গোৱালপাৰা অঞ্চলটোত এনে বহু সহশ্ৰাধিক পৰিয়াল আছে যি বোৰ পৰিয়ালৰ আৰ্থিক অৱস্থা স্বচ্ছল নহয়। নিৱনুৱা সমস্যাৰে জৰ্জৰিত গোৱালপাৰা জিলাৰ বহু সংখ্যক পৰিয়ালৰ আৰ্থিক দুৰৱস্থা শোচনীয়। তৎস্বতেও গোৱালপাৰা জিলাত  ৰাজ্য চৰকাৰে জাৰি কৰা কোভিড প্ৰ’টকল মানি চলিবলৈ চেষ্টা অব্যাহত ৰাখিছে জিলাখনৰ জনসাধাৰণে। এই ক্ষেত্ৰত গোৱালপাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত উপ আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰীৰ তৎপৰতাক শলাগ লৱলগীয়া। উল্লেখ্য যে ; চৰকাৰে জাৰি কৰা নতুন এছ অ পি খনৰ নিৰ্দেশনা মানি চলিবলৈ আৰু প্ৰশাসনক সহযোগ কৰিবলৈ গোৱালপাৰা বাসীক আহ্বান জনাইছে উপ আৰক্ষী বিষয়া সঞ্জয় আনন্দ মুছাহাৰীয়ে । বিষয়া গৰাকীৰ আহ্বান মানি দিনৰ ১১ বজাতেই জনশূন্য হৈ পৰে গোৱালপাৰা চহৰৰ বজাৰ ঘাট। নিমাওমাও পৰিবেশ বিৰাজ কৰে বৃহত্তৰ অঞ্চলটোত। আনহাতে চহৰ খনৰ বাট পথৰেও যান বাহন চলাচল বন্ধ হৈ পৰে। মুঠৰ ওপৰত বৃহত্তৰ গোৱালপাৰা বাসীয়ে ৰাজ্য চৰকাৰৰ কোভিড প্ৰ’টকল মানি চলিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইফালে ক’ৰোণা মহামাৰীৰ আতংকৰ পৰা নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিবলৈ যদিও বাধ্য হৈছে জনসাধাৰণ কিন্তু চৰকাৰৰ ওচৰত আপত্তি দৰ্শাইছে গোৱালপাৰাৰ সচেতন ৰাইজে। ৰাইজৰ মতে দৰিদ্ৰ জনসাধাৰণে চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলিবলৈ বাধ্য কিন্তু পৰিয়ালত অত্যাৱশ্যকীয় সামগ্ৰীৰ জুই ছাই চ’ৰা দামে জীয়াতু ভোগাইছে — এই ক্ষেত্ৰত চৰকাৰেও জনমুখী ব্যৱস্থাৰে সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নহ’লে অতি কম সময়ৰ ভিতৰতে জনসাধাৰণ ভয়ংকৰ বিপদত পৰিব কাৰণ আয় হলেহে ব্যয় কৰিব পাৰিব। যদি আয়ৰ বাবে সময় নাপায় ব্যয় কৰিব কিহৰ পৰা ? ইফালে পৰিয়াল পোহ পাল দিবলৈ ব্যয় নিয়মীয়াকৈ কৰিবই লাগিব। এনে সমস্যা সমুহ সমাধান কৰিবলৈ চৰকাৰক আহ্বান জনায় গোৱালপাৰাৰ সচেতন জনতাই। 

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ আহ্বন ৰাইজৰ দলৰঃ ক্ৰয়-বিক্ৰয় নিৰীক্ষণৰ বাবে ফ্লাইং স্কোৱাড গঠনৰ দাবীঃ

ইফালে মহামাৰী কৰ’ণাৰ সন্ত্ৰাস আৰু আনফালে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ভয়াৱহ ভবিষ্যতৰ মাজলৈ ঠেলি দিছে দেশৰ দৰিদ্ৰ জনতাক ।  চৰকাৰে শাক-পাচলিকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হোৱা নাই আৰু ইয়াৰ বাবে ৰাজ্যৰ দৰিদ্ৰ জনতাৰ জীয়াই থকাৰ পথ বন্ধ হোৱাৰ উপক্ৰম হৈছে । এই মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি ডাঃহৰিকান্ত দাসৰ । আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃটিত তেওঁ কয় যে, কৰ’ণাৰ সংক্ৰমনৰ সমান্তৰালকৈ  শাক-পাচলিকে ধৰি দৈনন্দিন ব্যৱহাৰ্য অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়েও সৰ্বসাধাৰণ জনতাক সন্ত্ৰাসিত কৰি তুলিছে। মহামাৰী কৰ’ণাৰ  সংক্ৰমনৰ সময়ত নিজকে সুস্থ ৰাখিবৰ বাবে জনতাই ভিটামিনযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে । কিন্তু সৰ্ব সাধাৰণ ৰাইজে মোনাখন হাতত লৈ বজাৰলৈ যোৱা দৰিদ্ৰ  জনতাই শাক-পাচলি, ফল-মূল কিনিবৰ বাবে হাজাৰ বাৰ ভাৱিবলৈ বাধ্য হয় । ১ কেজি মাছ কিনিবৰ বাবে এজন ব্যক্তিৰ ১ দিনৰ হাজিৰাৰ প্ৰয়োজন হয় । ১ কেজি ফিচাৰী মাছৰ দাম ৩০০ টকাতকৈ অধিক । আনহাতে কেঁচা খাদ্য সামগ্ৰী  সমূহ বেপাৰী সকলে  যাৰ যিমান মন যায় তেনে দৰতে বজাৰ সমূহত বিক্ৰী কৰি আছে । লিটাৰত ৬০-৭০ টকীয়া মিঠাতেলৰ মূল্য এক লিটাৰত ১৯০ পৰ্যন্ত হৈছেগৈ । ৰন্ধন গেছৰ পৰা আৰম্ভ কৰি চাউল, দাইল, কণী, ফল-মূলৰ যি হাৰত ৰাজ্যখনত মুল্যবৃদ্ধি হৈছে ৰাজ্যখনৰ মধ্যবিত্ত, নিম্নমধ্যবিত্ত, দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা সৰ্বস্তৰৰ জনতাৰ এটা সময়ত  জীয়াই থকাৰ বাট বন্ধ হৈ পৰিব বুলি তেখেতে খেদ প্ৰকাশ কৰে । ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি ডাঃ হৰিকান্ত দাসে এই মহামাৰীৰ মহা বিনাশৰ সময়ত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ  মূল্যবৃদ্ধি ৰোধ কৰিবৰ বাবে প্ৰতিখন জিলাতেই সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় নিৰীক্ষণৰ বাবে ফ্লাইং স্কোৱাড গঠন কৰি ২৪ ঘন্টাই নিৰীক্ষণৰ ব্যৱস্থা কৰিবৰ বাবে দাবী জনাই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক । তেখেতে দাবী কৰি কয় যে, যিকোনো ত্যাগৰ বিনিময়ত জনসাধাৰণক মূল্যবৃদ্ধিৰ পৰা সকাহ দিব লাগিব মূখ্যমন্ত্ৰী শৰ্মাই ৷   সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য জনসাধাৰণৰ জ্ঞাতাৰ্থে প্ৰচাৰৰ ব্যৱস্থা কৰি  জনসাধাৰণক সজাগ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে  আহ্বান জনাইছে অসম চৰকাৰক ৷ 

নৱনিযুক্ত আৰক্ষী অধীক্ষকৰ মহানুভৱতা :নগাঁৱত আবদ্ধ হৈ থকা কেৰেলাৰ বাছ চালকৰ দুৰ্দশাৰ বুজ ল’লে নগাঁৱৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেৰেলাৰ পৰা অসমলৈ শ্ৰমিক কঢ়িয়াই অনা শতাধিক বাছ চালক বৰ্তমান ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। জানিবপৰা মতে, এইবাৰৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ বাবে বহু সহস্ৰাধিক সংখ্যালঘূ শ্ৰমিক কেৰেলাৰ পৰা অসমৰ বটদ্ৰৱা সমষ্টি, চামগুৰি সমষ্টি, ৰূপহীহাট সমষ্টি আৰু ধিং সমষ্টিলৈ শতাধিক বাছৰে আহিছিল। কিন্তু নিৰ্বাচনৰ পিচতেই কেৰেলাত ক’ৰোণাই ভয়াবহ ৰূপ ধাৰণ কৰাত ইয়াৰে অধিকাংশ চালক বাছসহ নগাঁৱতে আৱদ্ধ হৈ পৰে। অৱশ্যে বহু চালক বাহন সহ কেৰেলালৈ ঘূৰি যাবলৈ সক্ষম হয়। কিন্তু একাংশ শ্ৰমিকে ভোটদান কৰি পুনৰ কেৰেলালৈ ঘূৰি যোৱাৰ বাবে বাছসমূহ আৱদ্ধ কৰি ৰাখে। পিছলৈ অসমতো ক’ৰোণাই ভয়াবহ ৰূপ ধাৰণ কৰাত তেঁওলোক যথেষ্ট অসুবিধাত পৰে। নগাঁও চহৰৰ লক্ষীনগৰৰ এটা পাৰ্কিঙত থকা শ্ৰমিক সকলক লক্ষীনগৰৰ সাগৰ বৰা, ৰঞ্জিত কুমাৰ কলিতা আৰু আখতাৰ আহমেদ নামৰ কেইগৰাকীমান যুৱকে খাদ্য আৰু আশ্ৰয় প্ৰদান কৰে যদিও তেঁওলোকে নিজ ঘৰলৈ ঘূৰি যোৱাৰ বাবে অসম চৰকাৰৰ সহায় বিচাৰে। আজি নগাঁৱৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক সেই স্থানত উপস্থিত হৈ স্থানীয় যুৱক সকলক ধন্যবাদ জনোৱাৰ লগতে আজিৰে পৰা বাছ চালক সকলৰ খাদ্যৰ লগতে সকলো সুবিধা জিলা প্ৰশাসনৰ তৰফৰ পৰা বিনামূলীয়াকৈ প্ৰদান কৰাৰো আশ্বাস প্ৰদান কৰে। আৰক্ষী অধীক্ষক গৰাকীয়ে লগতে বাছ চালক সকলক নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱাৰ বাবে শীঘ্ৰেই ব্যৱস্থা কৰি দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে, নগাঁৱত আৱদ্ধ হৈ থকা কেৰালাৰ বাছ চালক সকলেও নগাঁও চহৰৰ কেইবাটাও অসমীয়া পৰিয়ালে তেঁওলোকক আগবঢ়োৱা সহায়ৰ কথা কৈ আৱেগিক হৈ পৰে।

মৰিগাঁৱৰ নৱ নিযুক্ত আৰক্ষী অধিক্ষ্যক অৰ্পণা নটৰাজনৰ পৰ্য্যবেক্ষণ জিলাৰ বিভিন্ন চিকিৎসালয়

নৱ নিযুক্ত আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ পৰিদৰ্শন মৰিগাঁৱৰ বিভিন্ন কন্টেইনমেন্ট জ’ন। সোমবাৰে মৰিগাঁৱত আনুষ্ঠানিক ভাৱে যোগদান কৰাৰ পিছত মঙলবাৰে প্ৰথমটো কাৰ্যসূচী ৰূপে আৰক্ষী অধীক্ষক গৰাকীক দেখা গল বহু কেইটা কন্টেইনমেন্ট জ’নলৈ  ইয়াৰ নিৰাপত্তাৰ দিশৰ লগতে ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল’লে  নৱ নিযুক্ত অধীক্ষক গৰাকীয়ে। মঙলবাৰৰ দিনটোত আৰক্ষী অধীক্ষক গৰাকীয়ে ক্ৰমে ভূৰবন্ধা  আদৰ্শ চিকিৎসালয়, ঔগুৰি মাধ্যমিক বিদ্যালয়, ,মৰিগাঁও অসামৰিক চিকিৎসালয়  মৰিগাঁও মজলীয়া বিদ্যালয়,গোহাঁই বৰুৱাই প্ৰাথমিক বিদ্যালয়,অভ্যাসন প্ৰাথমিক বিদ্যালয়কে আদি কৰি কভিড চেন্টাৰ ৰেপিড এন্টিজেন টেষ্ট  আদি পৰিদৰ্শন কৰে।
ইফালে ভূৰবন্ধা ঔগুৰি মাধ্যমিক বিদ্যালয়স্থিত  কভিড ভেকচিন চেন্তাৰত ভেকচিন প্ৰদান কেন্দত অঞ্চলৰ ৰাইজে চৰকাৰি নীতি নিয়ম তথা অনুশাসন অনুসৰি ভেকচিন লোৱা দেখাঁ গল।কেন্দ্ৰটোত চিকিত্সা কৰ্মী সকলে পুৱা ১০.৩০ বজাৰ পৰা ভেকচিন প্ৰদান কৰি থকা বুলি জানিবঁলৈ দিয়ে।