Home Blog Page 2965

গুৱাহাটীৰ মাদাৰ বৃদ্ধাশ্ৰম কাণ্ড,দুই বাঘৰ যুঁজত বিৰিনাৰ মৰণ,কাৰ দোষ কাৰ ভুল।

.

উৎপল শইকীয়া

মাদাৰ বৃদ্ধা বাস। মনৰ হিয়াই হিয়াই, কুহে কূহে কুৰুকি যোৱা এটা নাম। খুব কম দিনৰ ভিতৰতে অধিক জনপ্ৰিয় হৈ পৰা এটা নাম। পিতৃ মাতৃ হীন বহু লোকৰ হৃদয়ত কঁপনি তোলাৰু এটা নাম এই বৃদ্ধ আৱাস। বহুতৰে বাবে পাপ পুণ্যৰ তুলাচনি ৰ প্ৰতীক এই বৃদ্ধ আৱাস। বহু নিৰ্দয় প্ৰৌহ সন্তানৰ বাবে আকৌ হৃদয় থানবান কৰা এক অনুষ্ঠান এই বৃদ্ধ আৱাস। বহু লোকৰ পুণ্য অৰ্জনৰ স্থল হল এই আৱাস। বহুতেই জন্ম দিন পাতে এই বৃদ্ধ আৱাস টোত। আন বহুতো লোকে পাতে পিতৃ মাতৃৰ শ্ৰাদ্ধ। বহু হৃদয় বান ব্যক্তিয়ে আহি নিজ মাতৃ সদৃশ এই আবাশি সকলৰ সৈতে এটা দিন পাৰ কৰা স্থান এই বৃদ্ধ আৱাস। স্বাভাৱিক ভাবেই সমাজৰ পুটও প্ৰবন এক শ্ৰেণী লোকৰ বাবে ই এক অতি শ্ৰদ্ধা আৰু মৰমৰ অনুষ্ঠান । এইয়া কেৱল গুৱাহাটী মহানগৰৰ বাবেই নহয়। অসম তথা দেশৰ অন্যান্য প্ৰান্তৰ বহু লোকৰ বুকুৰ কুটুম এই বৃদ্ধ আৱাস টো। সেয়েহে এই আৱাস টো নিৰ্মাণৰ বাবেই হওঁক বা আন সময় ছোৱা তেই হওঁক বহুতে যোগান ধৰে শকত ধনৰ অনুদান। কাৰণ এই বৃদ্ধ মাতৃ সকল যেন সুকলমে থাকে ইয়াত। কিন্তু এই আৱাস টোতেই শেহতীয়া ভাবে ঘূণে ধৰিছে ইয়াৰ প্ৰতিষ্ঠাপক দুই ব্যক্তি উৎপল হৰ্ষবৰ্ধন আৰু মণিকা শৰ্মাৰ অৰীয়া অৰিৰ বাবে। বহু বৃদ্ধ মাতৃযে এই আৱাস এৰি গৈছে আৰু বহুতো মাতৃয়ে এৰি যাব এই আৱাস। যেন কেইদিনমানৰ আগলৈকে সকলোৰে মন মগজুত বিশেষ ভাৱে সোমাই পৰা এক উচ্চ মানৰ অনুষ্ঠান টোত এক কলুষিত ধুৱাই আচন্ন কৰি নিমিষতে ইয়াক লুকুৱাই পেলাব । বিশ্বাস ভংগ হব হৃদয়ৰ।
থান বান হব আশ্ৰম খনৰ প্ৰতি গঢ় লৈ উঠা গণ সচেতনতা। ধ্বংস হব এই বিশেষ ভাৱ মূৰ্তি। সকলোৰে প্ৰশ্ন জাগিব।
কিয় এনে হয়। দুখ কাৰ। উৎপল হৰ্ষবৰ্ধনৰ নে মনিকা শৰ্মাৰ।নে চৰকাৰ, নে পৰিচালনা সমিতিৰ। কিন্তু এটা সময়ত তেওঁলোকৰ কৰ্মৰ বাবে দুয়ো গৰাকী যুৱক যুৱতীক প্ৰসংশাৰে উপচায় পেলোৱা হৈছিল। একে ৰাতিতে তেওঁলোক পৰিণত হৈছিল নায়ক নায়িকা লৈ। সকলোৰে আশীৰ্বাদ পাইছিল এই দুই গৰাকী যুৱক যুৱতীয়ে বৃদ্ধ লোকৰ প্ৰতিপালন ৰ বাবে গ্ৰহণ কৰা এই মহান প্ৰদক্ষেপৰ বাবে। এতিয়া সেই সকল ব্যক্তিৰে মনত প্ৰশ্ন জাগিছে তেওঁলোক বাৰু প্ৰকৃতাৰ্থত সমাজ সেৱক আছিল নে। আজিৰ এই কণ্ডলক ইমান বেছি উচ্চ পৰ্যায়লৈ নিনিয়াকৈও সমাধান কৰিব পৰা নগল হেঁতেন নে। কিহৰ বাবে প্ৰয়োজন আছিল বিষয় টো লৈ ইমান হৈ চৈ কৰাৰ। মোহ ভংগ নহবনে জনসাধাৰণৰ। মানুহে নাভাবিব নে অন্যান্য একাংশ অনুষ্ঠান প্ৰতিষ্ঠানৰ দৰে বৃদ্ধাস্ৰম খোলাৰ পুৰ্বেই আঁচনি গ্ৰহণ কৰিছিল নেকি ব্যৱসায় লৈ পৰ্যবেক্ষিত কৰাৰ। প্ৰশ্ন হব এতিয়া কিদৰে ঘূৰাই আনিব হেৰুৱা ভাৱমূৰ্তি এই মাদাৰ বৃদ্ধ্বাবাসৰ। কোনে কৰিব ইয়াৰ উচিত বিচাৰ। সময় বাৰু বাগৰি গল নে ইয়াক উদ্ধাৰ কৰাৰ।
ৰাইজৰ ধনেৰে স্থাপিত অনুষ্ঠানটো কৰো ব্যক্তিগত সম্পত্তি নহয়। সেয়েহে সময়ুচিত উদ্যোগ গ্ৰহণ কৰা উচিত ৰাইজ, পৰিচালনা সমিতি আৰু চৰকাৰৰ সমাজ কল্যাণ বিভাগে। কাৰণ কোনে জানে কালিলৈ কিজানি আপোনাৰ, মোৰ বাবেই প্ৰয়োজন হব পাৰে এনে এক বৃদ্ধ আৱাস। বৃদ্ধাবাস হিচাপে এই সমস্যা সমাধানত গ্ৰহণ কৰিব লাগিব কপাহ কোমল সতৰ্কতাৰ। কাৰণ এই বৃদ্ধ আবাশীসকল কাৰোবাৰ আইতা, মাতৃ, বাই ভনী। বহু কাহিনী আছে তেওঁলোকৰ জীৱন সংঘাতৰ।এনেই জানো নিজ ঘৰ এৰি থাকিব লাগে বৃদ্ধাবাসত। বহুতো পাষণ পুত্ৰ পুত্ৰী ৰ কথা ভাবি চকুলো টুকি থাকিব পাৰে এই সকল বৃদ্ধ মাতৃয়ে। তেওঁলোকৰ অসহায় জীৱনত প্ৰাণৰ সঞ্চাৰ ঘটাইছিল এই আবাস টোৱে।কথাতে কোৱা হয় নহয়, বয়স হলে বৃদ্ধ আৰু পানী কেঁচুৱা একে হয়। সংবাদ মাধ্যমৰ বিশেষকৈ বৈদ্যুতিক মাধ্যমৰ সাংবাদিক বা আন ব্যক্তি সকলে এই সকল বৃদ্ধ মাতৃৰ খা খবৰ বা বাতৰি গ্ৰহণৰ সময়ত কোভিদ প্ৰতকল ভংগ কৰা উচিত নহয়। কৰণা প্ৰটোকোল মানি বৃদ্ধ আই মাতৃ সকল হয়তো আজি বহু দিন ধৰি বৰ্হি জগতৰ পৰা আঁতৰত থাকি নিজ আবাসতেই আবদ্ধ হৈ আছে আৰু সেই বাবেই তেওঁলোকে ফেছ মাক্স নিপিন্ধিও থাকিব পাৰে। সেয়েহে সাংবাদিক বা অন্যান্য ব্যক্তি সকলে আৱাস টোৰ মাতৃ সকল থকা গৃহৰ ভিতৰত প্ৰবেশ কৰাৰ পৰিবৰ্তে কিছু দূৰত অবস্থান কৰিব লাগিব। এনে কোনো লোকৰ পৰাই যদি কালিলৈ কোনো বৃদ্ধ মাতৃৰ কভিড হয় তাৰ দায়িত্ব লব কোনে। বাতৰি পৰিৱেশনৰ বাবেই একাধিক শাৰীৰিক বা মানসিক সমস্যাত থকা আশি নব্বৈ বছৰীয়া বৃদ্ধ গৰাকীক কোনে কিমান পইচা খাইছে বুলি সুধিলে সেই প্ৰশ্নৰ উত্তৰ জানো তেওঁলোকৰ হাতত থাকে । সুধিব পাৰি আইতা আপুনি কেনে আছে। কিবা অসুবিধা পাইছে নেকি আইতা। আমি ঘৰৰ আই বোপাইক সুধিমনে এই প্ৰশ্ন। প্ৰশ্ন হল সমস্যাটো বাৰু ইমানেই ডাঙৰ নে যে ইয়াৰ বাবে ৰাইজে দান বৰঙণিৰে গঢ়া অনুষ্ঠান এটা ইমান নেতিবাচক হৈ পৰাৰ আশংকা ঘনীভূত কৰিব পাৰে।

চহা কৃষকৰ ৰ’দ-বৰষুণৰ সম্বল মূৰৰ টকৌপাতৰ জাপি বিলুপ্তিৰ পথত

চহা কৃষকৰ ৰ’দ- বৰষুণৰ আকৰ টকৌপাতৰ জাপিৰ অস্তিত্বলৈ সংকট ;  জাপিৰ পৰিৱৰ্তে কৃষকৰ মূৰত উঠিল বুটাম টিপা ছাতি-ৰেইনকোট 

অসমীয়া গ্ৰাম্য সমাজ জীৱনৰ পৰা চকুৰ পলকতে এপদ-এপদকৈ আধুনিকতাৰ গ্ৰাসত পৰি বিলুপ্ত হৈ যাবলৈ ধৰিছে ঐতিহ্যপূৰ্ণ সম্পদ সমূহ। গাঁৱলীয়া সমাজ জীৱনত কৃষকৰ লগত কিছুমান ঐতিহ্যপূৰ্ণ সম্পদ জড়িত হৈ আছে।যি সমূহকলৈ চহা কৃষক সকলৰ আত্মিক সম্পৰ্ক জড়িত হৈ আছে আৰু যি সমূহকলৈ  গোটেই অসমীয়া সমাজখনে গৌৰৱ বোধ কৰে।অসমীয়া সমাজখনৰ কৃষক সকলৰ বাবে এক সম্পদ স্বৰূপ হ’ল খেতিপথাৰত ৰ’দ -বৰষুণৰ সময়ত মূৰত লোৱা সৌন্দৰ্যৰ ভূষণ টকৌ পাতৰ জাপি।বাৰিষা সময়ত কৃষক সকলে গোহালিৰ পৰা হালৰ হালোৱা গৰুহাল জুটিলৈ খেতিপথাৰলৈ  যোৱাৰ সময়ত গোহালি ঘৰৰ বেৰত ওলোমাই থোৱা নাঙলখনৰ লগতে টকৌ পাতৰ জাপিটো মূৰত লৈ বাৰিষাৰ পথাৰৰ মাটি চহাবলৈ যোৱাতো তেনেই সুুুলভ ।কাউৰী পুৱাৰে পৰা পথাৰৰ কাম-বন সামৰি গধূূূলি  ঘৰলৈ অহালৈ কৃষকৰ লগত সংপিক্ত হৈ মূৰৰ ওপৰত থাকি ৰ’দ বৰষুণৰ পৰা সুৰক্ষা দিয়ে এই টকৌ পাতৰ জাপি টোৱে। শাওন-ভাদ মহীয়া খাওঁ-খাওঁ কৰা ৰ’দ কিম্বা দোপালপিতা বৰষুণত কৃষক গৰাকীয়ে  মূৰত টকৌ পাতৰ জাপিলৈ নিঃসংকোচে খেতিপথাৰ কাম কৰাৰ কথা বাৰু কোনে নাজানে।কৃষকৰ সৈতে এক অংগাংগী ভাবে জড়িত নিৰ্ভেজাল জাপিটোলৈ আহি পৰিছে মহা সংকট।  আশ্বৰ্যজনক ভাবে আধুনিকতাৰ ধামখুমিয়াত পৰি সময়ৰ লগত মিলি যাবলৈ কৃষকৰ টকৌ পাতৰ মূৰৰ সৌন্দৰ্যৰ ভূষণ  জাপিৰ পৰিৱৰ্তে আজি ৰং-  চঙীয়া বুটামটিপা চীনা ছাতি আৰু ৰেইনকোটে স্থান লাভ কৰিছে। আধুনিকতাৰ কোবাল গ্ৰাসত বিলুপ্ত হ’বলৈ ধৰা কৃষকৰ সম্পদ স্বৰূপ এই টকৌ পাতৰ জাপিৰ আজিৰ সমাজত সমাদৰ নাই।এটা সময়ত গাঁৱৰ শিল্পী সকলে টকৌপাতৰ জাপি তৈয়াৰ কৰি সেইবোৰ বজাৰ কিম্বা ভাৰবান্ধি গাঁৱে গাঁৱে লৈ ফুৰি বিক্ৰী কৰিছিল।যি শিল্পকৰ্ম জৰিয়তে শিল্পী গৰাকীয়ে অৰ্জন কৰিছিল পৰিয়ালৰ বাবে কিছুহ’লেও অৰ্থ। কিন্তু আশ্বৰ্যজনক কথা যে চাই  থাকোতেই  আজি সেই পৰিৱেশ দেখিবলৈ পোৱা নাযায়।আজিৰ সমাজত জাপিৰ পৰিৱৰ্তে ৰং চঙীয়া চীনা ছাতিৰ বিপনীতহে কৃষকৰ ভিৰ দেখা যায়।বজাৰত জাপিৰ চাহিদা কমি যোৱাৰ পৰিপ্ৰেক্ষিতত শিল্পী সকলে জাপি তৈয়াৰ কৰাটো বাদ দি অনিচ্ছা স্বত্ত্বেও চীনা সামগ্ৰীৰ দোকানলৈ গৈ বুটামটিপা ফলটিং ছাতিকেই চ’ৰাদামত কিনি আনি আধুনিক সমাজখন  লগত মিলি যাবলৈ বাধ্য হৈ পৰিছে। যিটো নিশ্চয়কৈ ই অসমীয়া সমাজৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক।চাই থাকোতে চকুৰ ফলতে এপদ এপদকৈ চহাজীৱনৰ অংগাংগী  সম্পদ সমূহ বিলুপ্তিৰ পথত অগসৰ হোৱাত অদূৰ ভবিষ্যতে নৱ প্ৰজন্মই অসমীয়া সমাজ জীৱনৰ এই সম্পদ সমূহকলৈ অজ্ঞতাৰ প্ৰকাশ কৰাটো হ’ব আমাৰ বাবে দুৰ্ভাগ্যজনক।

BREAKING মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ‘মাডাৰ্ছ অল্ড এজ হোম’ত উপস্থিত মন্ত্ৰী অজন্তা নেওগ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই ‘মাডাৰ্ছ অল্ড এজ হোম’ত উপস্থিত হ’লগৈ বিত্ত তথা সমাজকল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ।বৃদ্ধাশ্ৰমখনত থকা আৱাসীসকলৰ সৈতে মত বিনিময় কৰিলে।

অজন্তা নেওগে মণিকা আৰু উৎপলৰ সৈতেও মত বিনিময় কৰি তেওঁলোকৰ সমস্যা সন্দৰ্ভত কথা পাতিলে।মন্ত্ৰী নেওগে সিজুবাৰীত থকা আশ্ৰমখনৰ পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত বুজ ল’লে।উল্লেখযােগ্য যে,মন্ত্ৰী অজন্তা নেওগে কেইবাগৰাকী আইতাক ভৰি চুই সেৱা কৰিলে।

BREAKING অৱশেষত সন্ধান লাভ শ্ব’হমৰ স্বত্বাধিকাৰী সন্দীপ জালানৰ

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ এটা মন্দিৰত আশ্ৰয় লৈ আছিল সন্দীপ জালানে।

গুৱাহাটীৰ অভিজাত ব্যৱসায়ীক প্ৰতিষ্ঠান শ্ব’হমৰ স্বত্বাধিকাৰী সন্দীপ জালানৰ সন্ধান উত্তৰ প্ৰদেশৰ বাৰাণসীত লাভ কৰা হৈছে।বাৰাণসীৰ এটা মন্দিৰত আশ্ৰয় লৈ আছিল সন্দীপ জালানে।সন্দীপ জালানক লৈ অসম আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে।

অতি সোনকালেই তেওঁক অসমলৈ লৈ অনা হ’ব।অৱশ্যে তেওঁ কিয় আত্মগোপণ কৰি আছিল সেই সন্দৰ্ভত এতিয়ালৈকে সবিশেষ জানিব পৰা নাই।ইতিমধ্যে সন্দীপ জালানক বিচাৰি পল্টন বজাৰ আৰক্ষী বিষয়া পংকজ কলিতাৰ নেতৃত্বত কলকাতালৈ মহানগৰ আৰক্ষীৰ দল ৰাওনা হৈছে।

উল্লেখযােগ্য যে,মঙলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ইভিনিং ৱাকৰ বাবে ওলাই গৈছিল সন্দীপ জালান।ইভিনিং ৱাকলৈ যোৱাৰ পৰাই সন্ধান নাছিল সন্দীপ জালানৰ।জানিব পৰা মতে চাইকেল চলাই এখন হোটেললৈ আহিছিল সন্দীপ জালান।

সেই সময়ত তেওঁ যথেষ্ট মানসিক চাপত আছিল।হোটেলৰ পৰা ওলাই তেওঁ পুনৰ ছ’হাম শ্বপীলৈ গৈ এটা বেগত কাপোৰ ভৰাই ওলাই আহিছিল।আনহাতে ম’বাইল ট্ৰেক অনুসৰি তেওঁৰ শেষ অৱস্থিতি ছয়গাঁৱত পোৱা গৈছিল।

হাতত উদ্যত পিষ্টল লৈ ভিৰৰ মাজেৰে গাড়ী চলাই গ’ল এজনে। গাড়ীৰ পঞ্জিয়ন নম্বৰ অৰুনাচলৰ।

Close up of man holding hand gun. Man wearing blue jeans. Terrorist and Robber concept. Police and Soldier concept. Weapon theme

কোৰিয়াৰ আন্তৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত অসমৰ ছুটি ছবি “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক”লৈ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা

কুলদীপ মেধিৰ দ্বাৰা পৰিচালিত “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক” নামৰ ছুটি ছবিখনে কোৰিয়াৰ এপোৰিয়া ইন্টাৰনেচনেল ভিলেজ ফিল্ম ফেষ্টিভেলত ‘শ্ৰেষ্ঠ পৰিচালক’ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতত অনুষ্ঠিত হোৱা নাৱাডা ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত “শ্ৰেষ্ঠ জুৰি’ৰ বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক”ৰ কাহিনী হৈছে এগৰাকী বিধৱাই লকডাউনৰ সময়ত উদ্ভৱ হোৱা আৰ্থিক দুৰাৱস্থাৰ সৈতে কেনেকৈ যুঁজ দি নিজৰ পৰিয়ালটোক স্বচ্চলতাৰে চলাব পাৰে তাক লৈ। ইয়াত তিনিগৰাকী ভিন্ন বয়সৰ নাৰীৰ মানসিক অৱস্থা আৰু অভাৱৰ ওপৰত এই ছুটি ছবিখন নিৰ্মিত হৈছে। অসমীয়া ভাষাত নিৰ্মিত এই ছুটি ছবিখনৰ দৈৰ্ঘ প্ৰায় ৯ মিনিট ৫৮ চেকেণ্ড। মুখ্য চৰিত্ৰত অভিনয় কৰিছে
ভ্ৰান্তি মেধি আৰু আন দুই নাৰী চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেত্ৰী ত্ৰিৱেণী বৰা আৰু শিশুশিল্পী ফাল্গুনী ভৈৰৱীয়ে। ইতিমধ্যে কুলদীপ মেধিৰ এই ছুটি ছবিখন দেশ-বিদেশৰ বিভিন্ন চলচিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈ প্ৰদৰ্শিত হোৱাৰ লগতে পুৰস্কৃতও হৈছে। তাৰ ভিতৰত অন্যতম হ’ল- আমেৰিকাৰ ‘ব্ৰিষ্টেল আন্তৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল (‘ব্ৰিষ্টেল চিনেফেষ্ট ২০২১)’, তুৰ্কীৰ ‘গোল্ডেন ব্ৰিজ ইচটানবুল চৰ্ট ফিল্ম ফেষ্টিভেল ২০২১’, ভাৰতৰ ‘বেটিয়াহ
আন্তৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল’ আৰু ‘এচপাইৰিং য়ুথ আন্তৰাষ্ট্ৰীয় চৰ্ট ফিল্ম ফেষ্টিভেল’ ইত্যাদিলৈ ইতিমধ্যে নিৰ্বাচিত আৰু প্ৰদৰ্শিত হৈছে। “ডাৰ্থ… লাইফ ইন পেণ্ডেমিক” ছুটি ছবিখনৰ সহ-প্ৰযোজক ক্ৰমে সুৰেন মেধি, কৌশল্যা মেধি, শ্ৰুতিধাৰা মেধি, উৎপল হাজৰিকা আৰু ৰাখী দত্ত শইকীয়া। এই ছবিখনৰ চিনেমাটোগ্ৰাফাৰ প্ৰণৱ হালৈ, সম্পাদনা ভৱেশ বৈশ্যৰ আৰু সংগীত অমিত চৌকাধৰাৰ।

উত্তৰ–পূর্বাঞ্চলত বন্ধ ৰন্ধন গেছৰ সৰবৰাহ

নর্থ–ইষ্ট পেক এলপিজি ড্রেন্সপ’টাৰ এছ’চিয়েচনে’ তেওঁলোকৰ বিভিন্ন দাবীৰ সমর্থনত আজিৰে পৰা অনির্দিষ্টকালীন ধর্মঘট কার্যসূচী হাতত লৈছে৷ আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ কৰা এই ধর্মঘটৰ ফলত উত্তৰ গুৱাহাটী ৰন্ধন গেছ বটলিং প্লাণ্টকে ধৰি উত্তৰ–পূর্বাঞ্চলৰ মুঠ ৮টা প্লাণ্টৰ গেছ সৰবৰাহ সম্পূর্ণভাৱে বন্ধ হৈ পৰিছে৷ এই ধর্মঘটৰ বাবে ৰাজ্যত পুনৰ ৰন্ধন গেছৰ নাটনিয়ে দেখা দিব যদিও ইয়াৰ বাবে সংগঠনটো কোনো কাৰণতে জগৰীয়া নহয় বুলি স্পষ্ট কৰি দিছে এলপিজি পৰিবহণ সন্থাই৷ সংগঠনটোৰ সভাপতি নিৰঞ্জন মহন্ত, কার্যকৰী সভাপতি জয়ন্ত কুমাৰ নাথ, যুটীয়া সম্পাদক সঞ্জীৱ চৌধুৰী,বলীন মৰাণে কয় যে মূলতঃ ৭টা দাবীৰ সমর্থনত তেওঁলোকে এই ধর্মঘটৰ কার্যসূচী হাতত লৈছে৷

দাবীসমূহৰ ভিতৰত আছে নিবিদাৰ নিৰিখ বঢ়োৱা, গেছ বিতৰকক দি অহা অগ্রাধিকাৰ উঠাই দিয়া,RTKMৰ ধন মোকলাই দিয়া, টোলগেটৰ ধন মোকলাই দিয়া, এখন ট্ৰাকত সর্বাধিক ৩০৬টা চিলিণ্ডাৰ কঢ়িওৱা ব্যৱস্থা বাহাল ৰখা, নিবিদা জমা দিয়াৰ দিন তিনি মাহৰ বাবে বঢ়াই দিয়া আৰু ‘Tender bid submission’ বন্ধ ৰখা৷

সংগঠনটোৱে জানিবলৈ দিছে যে বর্তমান সময়ত সংগঠনটোৰ পঞ্জীয়নভুক্ত প্রায় ২ হাজাৰ গেছ চিলিণ্ডাৰ সৰবৰাহ কৰা গাডী সমগ্র উত্তৰ–পূর্বাঞ্চলত চলি আছে৷ লগতে এই গাড়ীসমূহৰ লগত প্রত্যক্ষ আৰু পৰোক্ষভাৱে জডিত হৈ আছে প্রায় ৫ হাজাৰ লোক৷ কিন্তু এই থলুৱা লোকসকলক বঞ্চিত কৰি আই অ’ চি কর্তৃপক্ষই ধনী ব্যৱসায়ীক ৰঙা দলিচা পাৰি দিয়াৰ যি ব্যৱস্থা কৰিছে, সেয়া সংগঠনটোৱে কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰি দিছে৷ পৰিবহণ সন্থাটোৰ দাবীৰ প্রতি আই অ’ চি কর্তৃপক্ষই সঁহাৰি নজনালে আন্দোলন দীঘলীয়া হোৱাৰ হুংকাৰ দিছে সংগঠনটোৱে৷ ইফালে, এই ধর্মঘটৰ ফলত উত্তৰ গুৱাহাটী এলপিজি বটলিং প্লাণ্টৰ বাহিৰে–ভিতৰে শ শ গেছ সৰবৰাহকাৰী গাড়ী আবদ্ধ হৈ পৰিছে৷

শ্বোহামৰ চিই’ সন্দীপ জালান নিৰুদ্দিষ্ট

মহানগৰীৰ শ্বোহামৰ মুখ্য কার্যবাহী বিষয়া তথা প্রতিষ্ঠিত ব্যৱসায়ী সন্দীপ জালান কালিৰে পৰা সন্ধানহীন হৈ আছে৷ প্রাপ্ত খবৰ অনুসৰি কালি বিয়লি খোজ কাঢ়িবলৈ ঘৰৰ পৰা ব্যৱসায়ীজনে ওলাই আহে যদিও নিশা পর্যন্ত তেওঁ ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে তেওঁৰ ম’বাইল ফোনত যোগাযোগৰ চেষ্টা কৰে৷ দীর্ঘসময় ধৰি পৰিয়ালৰ লোকে তেওঁৰ ফোনটো বন্ধ পোৱাত চিন্তিত হৈ পৰে৷ ঘটনা সন্দর্ভত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও ব্যৱসায়ীজনৰ সন্ধান উলিয়াব পৰা নাই৷ আৰক্ষীয়ে ব্যৱসায়ী জালানৰ ম’বাইল ফোনৰ অৱস্থিতি মির্জাত পাইছিল৷ কিন্তু তেতিয়াৰে পৰা ব্যৱসায়ীজনৰ ম’বাইল ফোনৰ ছুইচ অফ থকাত এতিয়ালৈকে আৰক্ষীয়ে জালানৰ কোনো সন্ধান উলিয়াব পৰা নাই৷

নতুন উদ্যমেৰে পৰিচালনা কৰাৰ সংকল্প উৎপল–মণিকাৰ

ৰাজ্যৰ বিভিন্ন প্রান্তৰ ৭৫গৰাকী অশীতিপৰ আইতাৰ আশ্রয়স্থল হাতীগাঁৱৰ মাদাৰ বৃদ্ধাৱাসত যোৱা কিছুদিন ধৰি চলি থকা বিতর্কক লৈ আইতাসকলৰ অধিকাংশই তীব্র অসন্তুষ্টি প্রকাশ কৰিছে৷ মাদাৰ বৃদ্ধাৱাসৰ প্রতিষ্ঠাপক সভাপতি উৎপল হর্ষবর্ধন আৰু সম্পাদক মণিকা শর্মাৰ মাজত চলি থকা শীতল যুদ্ধক লৈ আইতাসকলে তীব্র অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে প্রতিগৰাকী আইতাই তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে৷ স্বেচ্ছাসেৱী সংগঠন মনালিছা ছ’চাইটীৰ বেনাৰত ২০১২ চনৰ ২১ জুলাইত আত্মপ্রকাশ কৰা মাদাৰ বৃদ্ধাৱাস বিগত সময়ছোৱাত সভাপতি উৎপল আৰু সম্পাদক মণিকাৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত চলি আছিল যদিও দুয়োজনৰ মাজত শেহতীয়াকৈ দেখা দিয়া মনোমালিন্যৰ বাবে প্রতিষ্ঠানটোৰ আৱাসীসকলৰ মাজত তীব্র অসন্তুষ্টি বিৰাজ কৰিছে৷

হৃদয়ৱান ৰাইজৰ সহায়–সহযোগত বিশেষ মাত্রা লাভ কৰা প্রতিষ্ঠানটোৰ স্থায়ীগৃহৰ নির্মাণকার্য চলি থকাৰ মাজতে সভাপতি–সম্পাদকৰ সংঘাত তুংগত উঠাত সচেতন মহলতো মাদাৰ বৃদ্ধাৱাসক লৈ বিভিন্ন প্রশ্ণ উত্থাপন হৈছে৷ মাদাৰ বৃদ্ধাৱাসৰ সভাপতি উৎপল আৰু সম্পাদক মণিকাৰ মাজত চলি থকা বিতর্ক সন্দর্ভত একাংশ সংবাদ মাধ্যমত বাতৰি প্রচাৰ হোৱাৰ পাছতে আজি ৫গৰাকী আইতা মাদাৰ বৃদ্ধাৱাসৰ পৰা সভাপতি উৎপলৰ লগত ওলাই আহে৷ আইতাকেইগৰাকীয়ে ছার্ভেৰ অজন্তা পথৰ এঘৰত কিছুসময় থকাৰ পাছত ‘নিউজ লাইভ’ৰ সাংবাদিকৰ তৎপৰতাত পুনৰ আইতাকেইগৰাকী বৃদ্ধাৱাসলৈ উভতি যায় বুলি জানিব পৰা গৈছে৷ মাদাৰ বৃদ্ধাৱাসক লৈ চলি থকা সকলো বিতর্কৰ অৱসান ঘটাই সভাপতি উৎপল আৰু সম্পাদক মণিকাই পুনৰ নতুন উদ্যমেৰে বৃদ্ধাৱাসখন পৰিচালনা কৰাৰ সিদ্ধান্ত গ্রহণ কৰা বুলি জানিব পৰা গৈছে৷

ৰাজ্যিক বিজেপিলৈ সতৰ্কবাণী তৃণমূল কৰ্মীৰ : প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ বিজেপি গমনৰ কুচ-কাৱাজত অসন্তুষ্ট মাজুলীবাসী

 কেন্দ্ৰীয় নেতৃত্বৰ বঞ্চনাৰ বেদনা মাৰ নৌ যাওঁতেই পুনৰ মাজুলীবাসীৰ মূৰত যেন আকাশী সৰগ ভাগি পৰিছে ৷ মাজুলীবাসীৰ অতিকৈ মৰমৰ তথা হিয়াৰ আমঠু সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণৰ পূৰ্বেই তৃণমূল কৰ্মীৰ আবেগ অনুভূতিত মোক্ষম আঘাত হানিবলৈ কৰা ৰাজ্যিক বিজেপিৰ কুচ-কাৱাজক লৈ মাজুলীৰ সৰ্বসাধাৰণ ৰাইজ তথা বিজেপি কৰ্মীৰ মাজত তীব্ৰ অসন্তুষ্টি আৰু ক্ষোভৰ উদ্গীৰণ হোৱা পৰিলক্ষিত হৈছে ৷ বহু জল্পনা-কল্পনাৰ অন্তত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰীত্ব গ্ৰহণ প্ৰায় নিশ্চিত হৈছে ৷ ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনৰ পিছতে আগন্তুক দিনত লখিমপুৰত ৰাজীৱ লোচন পেগুৱে বিজেপিত যোগদান কৰিব বুলি প্ৰচাৰ হোৱা বাতৰিয়ে বিক্ষুব্ধ কৰি তুলিছে মাজুলী বিজেপিৰ তৃণমূল কৰ্মীৰ লগতে মাজুলীবাসীক ৷ ক্ৰমাৎ মধ্যকালিন নিৰ্বাচনৰ দিশে গতি কৰা মাজুলীত প্ৰাক্‌ নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ নৌ হওঁতেই একালৰ সতীৰ্থ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেজত ধৰি বিজেপিৰ পৰা বিধায়ক হৈ ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ সপোন ৰচিছে মাজুলীবাসীৰ প্ৰত্যাখিত নেতাজনে ৷ যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপত প্ৰথমবাৰ মাজুলী ভ্ৰমনতে  মাজুলী বাসীৰ প্ৰত্যাখিত প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুক সাক্ষ্যাৎ দিয়া কাৰ্যক সহজ ভাৱে লোৱা নাই মাজুলীবাসীয়ে ৷ বিগত সময়ত গণ বিচ্ছিন্ন  প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে গোপনে ৰাজ্যিক বিজেপি নেতৃত্বৰ লগত কৰা মিতিৰালিৰ বাতৰিয়ে যেন জ্বলা জুইত ঘিউহে ঢালিছে ৷ ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীত্ব গ্ৰহণ কৰাৰ পাছতে মাজুলীত উপ-নিৰ্বাচনৰ প্ৰসংগ আহি পৰিব ৷ তেনে স্থলত মাজুলীক নেতৃত্ব দিব পৰা নেতা মাজুলী বিজেপি দলত থকা স্বত্বেও মাজুলী বিজেপিৰ লগত কোনো ধৰণৰ সম্পৰ্ক বা আলোচনা নকৰাকৈয়ে ৰাজ্যিক স্তৰৰ এচাম স্বাৰ্থান্বেষী নেতাই কিনা গোলামৰ দৰে মাজুলীবাসীক গিনিপিগ সজাইছে বুলিও তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে গৰিষ্ঠ সংখ্যক মাজুলীবাসীয়ে ৷ আনহাতে দলৰ দুৰ্দিনৰ সময়ত দলীয় সেৱা আগবঢ়োৱা অনেক কেইজন যোগ্য নেতা থকা স্বত্বেও মাজুলীবাসীৰ আবেগ-অনুভূতি আৰু আত্মসন্মানক লৈ খেলা কৰাৰ স্পৰ্ধা ৰাজ্যিক নেতাই কৰিছে বুলি মাজুলীৰ গৰিষ্ঠ সংখ্যক বিজেপিয়ে মত প্ৰকাশ কৰিছে ৷স্মৰ্তব্য যে বিগত সময়ত তৃণমূল সংগঠনৰ সৈতে জড়িত হৈ বহু কেইজন মাজুলীৰ বিজেপি কৰ্মীয়ে দলৰ দুৰ্দিনৰ পৰা সংগঠন কৰি দলক জয়ী কৰাৰ লগতে স্বাধীনতাৰ পশ্চাৎ পোন প্ৰথমবাৰৰ বাবে মাজুলীৰ পৰা এজন মুখ্যমন্ত্ৰী দিবলৈ সামৰ্থবান হৈছিল৷ মাজুলীৰ সৰ্বত্ৰ উঠিছিল উন্নয়নৰ জোঁৱাৰ ৷ আনহাতে বিগত ২০০১ ৰ পৰা ২০১৫ লৈ কংগ্ৰেছৰ শাসন কালত মাজুলীবাসীৰ উন্নয়নক পিঠি দি সাংগো-পাংগো সহ কেৱল লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ থকা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুক মাজুলীবাসীৰ অজ্ঞাতে বিজেপিত যোগদানৰ আখৰা কৰা আৰু বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰদানৰ সম্ভাৱনীয়তাই মাজুলী বিজেপিৰ বেলি অস্তমিত হোৱাৰ দিশে গতি কৰিছে বুলিও সচেতন মহলে মন্তব্য কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্যিকৰ এচাম নেতাই সাংসদ প্ৰদান বৰুৱাক লৈ মাজুলীত অংক কৰা বুলি গুজব উঠিছে ৷ প্ৰচুৰ অভিজ্ঞতা সম্পন্ন আৰু মাজুলীৰ মানুহৰ সৈতে অতিকে আপোনত্ব গঢ়িবলৈ সক্ষম হোৱা সাংসদ গৰাকীয়েও মূৰকত মাজুলীৰ পৰা প্ৰতিত্বন্দিতা কৰিব পাৰে বুলিও এক সমৰ্থিত সূত্ৰত প্ৰকাশ পাইছে ৷ সি যি কি নহওঁক মাজুলী বিজেপি তথা মাজুলীবাসীৰ গৰিষ্ঠ সংখ্যকে অন্য দলৰ বা মাজুলীৰ বাহিৰৰ ব্যক্তিক প্ৰাৰ্থীত্ব দি মাজুলীবাসীক গিনিপিগ সজোৱাৰ পৰা বিৰত থাকিবলৈ চৰম সকিয়নী দিছে ৷ ইয়াৰ অন্যথা মাজুলীত বিজেপি শূন্য কৰাৰ লগতে ক্ষোভৰ অগনি দাবানললৈ পৰিণত কৰিবলৈ তৃণমূল কৰ্মী প্ৰস্তুত হৈ আছে বুলিও এক সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ মুঠৰ ওপৰত ধৰ্মৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়োজনত মাজুলীবাসীয়ে ৰাৱনতকৈ ৰামক সহায় কৰি বিভিষণ হ’বলৈয়ো প্ৰস্তুত বুলি চৰ্চা চলিছে ৷মাজুলীত উপ-নিৰ্বাচনৰ সম্ভাৱনা নাকচ সাংসদ প্ৰদান বৰুৱাৰ যোৱা পাঁচটা বছৰ মাজুলী সমষ্টিক প্ৰতিনিধিত্ব কৰি নিজৰ দক্ষতাৰ জৰিয়তে উন্নয়নৰ চমক দেখুৱাই মাজুলীবাসীৰ অন্তৰত ঠাই পোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক সৰ্বানন্দ সোণোৱালক কোনো কাৰণতেই সমষ্টি এৰি যোৱাটো কামনা কৰা নাই ৷ ৰাজনীতিৰ মেৰপাকত দ্বিতীয়বাৰৰ বাবে মাজুলীক প্ৰতিনিধিত্ব কৰি পুনৰবাৰ মুখ্যমন্ত্ৰীৰ আসনত সৰ্বানন্দ সোণোৱাল অধিষ্ঠিত নহ’ল যদিও এতিয়া কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰীত্ব গ্ৰহণ কৰিব বুলি ওলোৱা খবৰত বিমোৰত মাজুলীবাসী ৷ কালি মাজুলীলৈ অহা সাংসদ প্ৰদান বৰুৱাক এই সন্দৰ্ভত সাংবাদিকে শোধা প্ৰশ্নৰ উত্তৰত মাজুলী সমষ্টিত উপ-নিৰ্বাচনৰ কথা অহা নাই বুলি কৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱালেই সন্মানীয় সমষ্টিত সেৱা আগবঢ়াই যাব বুলি মন্তব্য কৰে ৷ তেখেতে অসমৰ তিনিটা সমষ্টিত হে উপ-নিৰ্বাচন হ’ব বুলি কয় ৷