Breaking

নতুন উদ্যমেৰে পৰিচালনা কৰাৰ সংকল্প উৎপল–মণিকাৰ

0 1,574

ৰাজ্যৰ বিভিন্ন প্রান্তৰ ৭৫গৰাকী অশীতিপৰ আইতাৰ আশ্রয়স্থল হাতীগাঁৱৰ মাদাৰ বৃদ্ধাৱাসত যোৱা কিছুদিন ধৰি চলি থকা বিতর্কক লৈ আইতাসকলৰ অধিকাংশই তীব্র অসন্তুষ্টি প্রকাশ কৰিছে৷ মাদাৰ বৃদ্ধাৱাসৰ প্রতিষ্ঠাপক সভাপতি উৎপল হর্ষবর্ধন আৰু সম্পাদক মণিকা শর্মাৰ মাজত চলি থকা শীতল যুদ্ধক লৈ আইতাসকলে তীব্র অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে প্রতিগৰাকী আইতাই তেওঁলোকৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে৷ স্বেচ্ছাসেৱী সংগঠন মনালিছা ছ’চাইটীৰ বেনাৰত ২০১২ চনৰ ২১ জুলাইত আত্মপ্রকাশ কৰা মাদাৰ বৃদ্ধাৱাস বিগত সময়ছোৱাত সভাপতি উৎপল আৰু সম্পাদক মণিকাৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত চলি আছিল যদিও দুয়োজনৰ মাজত শেহতীয়াকৈ দেখা দিয়া মনোমালিন্যৰ বাবে প্রতিষ্ঠানটোৰ আৱাসীসকলৰ মাজত তীব্র অসন্তুষ্টি বিৰাজ কৰিছে৷

হৃদয়ৱান ৰাইজৰ সহায়–সহযোগত বিশেষ মাত্রা লাভ কৰা প্রতিষ্ঠানটোৰ স্থায়ীগৃহৰ নির্মাণকার্য চলি থকাৰ মাজতে সভাপতি–সম্পাদকৰ সংঘাত তুংগত উঠাত সচেতন মহলতো মাদাৰ বৃদ্ধাৱাসক লৈ বিভিন্ন প্রশ্ণ উত্থাপন হৈছে৷ মাদাৰ বৃদ্ধাৱাসৰ সভাপতি উৎপল আৰু সম্পাদক মণিকাৰ মাজত চলি থকা বিতর্ক সন্দর্ভত একাংশ সংবাদ মাধ্যমত বাতৰি প্রচাৰ হোৱাৰ পাছতে আজি ৫গৰাকী আইতা মাদাৰ বৃদ্ধাৱাসৰ পৰা সভাপতি উৎপলৰ লগত ওলাই আহে৷ আইতাকেইগৰাকীয়ে ছার্ভেৰ অজন্তা পথৰ এঘৰত কিছুসময় থকাৰ পাছত ‘নিউজ লাইভ’ৰ সাংবাদিকৰ তৎপৰতাত পুনৰ আইতাকেইগৰাকী বৃদ্ধাৱাসলৈ উভতি যায় বুলি জানিব পৰা গৈছে৷ মাদাৰ বৃদ্ধাৱাসক লৈ চলি থকা সকলো বিতর্কৰ অৱসান ঘটাই সভাপতি উৎপল আৰু সম্পাদক মণিকাই পুনৰ নতুন উদ্যমেৰে বৃদ্ধাৱাসখন পৰিচালনা কৰাৰ সিদ্ধান্ত গ্রহণ কৰা বুলি জানিব পৰা গৈছে৷

Leave A Reply