Breaking

চহা কৃষকৰ ৰ’দ-বৰষুণৰ সম্বল মূৰৰ টকৌপাতৰ জাপি বিলুপ্তিৰ পথত

0 1,647

চহা কৃষকৰ ৰ’দ- বৰষুণৰ আকৰ টকৌপাতৰ জাপিৰ অস্তিত্বলৈ সংকট ;  জাপিৰ পৰিৱৰ্তে কৃষকৰ মূৰত উঠিল বুটাম টিপা ছাতি-ৰেইনকোট 

অসমীয়া গ্ৰাম্য সমাজ জীৱনৰ পৰা চকুৰ পলকতে এপদ-এপদকৈ আধুনিকতাৰ গ্ৰাসত পৰি বিলুপ্ত হৈ যাবলৈ ধৰিছে ঐতিহ্যপূৰ্ণ সম্পদ সমূহ। গাঁৱলীয়া সমাজ জীৱনত কৃষকৰ লগত কিছুমান ঐতিহ্যপূৰ্ণ সম্পদ জড়িত হৈ আছে।যি সমূহকলৈ চহা কৃষক সকলৰ আত্মিক সম্পৰ্ক জড়িত হৈ আছে আৰু যি সমূহকলৈ  গোটেই অসমীয়া সমাজখনে গৌৰৱ বোধ কৰে।অসমীয়া সমাজখনৰ কৃষক সকলৰ বাবে এক সম্পদ স্বৰূপ হ’ল খেতিপথাৰত ৰ’দ -বৰষুণৰ সময়ত মূৰত লোৱা সৌন্দৰ্যৰ ভূষণ টকৌ পাতৰ জাপি।বাৰিষা সময়ত কৃষক সকলে গোহালিৰ পৰা হালৰ হালোৱা গৰুহাল জুটিলৈ খেতিপথাৰলৈ  যোৱাৰ সময়ত গোহালি ঘৰৰ বেৰত ওলোমাই থোৱা নাঙলখনৰ লগতে টকৌ পাতৰ জাপিটো মূৰত লৈ বাৰিষাৰ পথাৰৰ মাটি চহাবলৈ যোৱাতো তেনেই সুুুলভ ।কাউৰী পুৱাৰে পৰা পথাৰৰ কাম-বন সামৰি গধূূূলি  ঘৰলৈ অহালৈ কৃষকৰ লগত সংপিক্ত হৈ মূৰৰ ওপৰত থাকি ৰ’দ বৰষুণৰ পৰা সুৰক্ষা দিয়ে এই টকৌ পাতৰ জাপি টোৱে। শাওন-ভাদ মহীয়া খাওঁ-খাওঁ কৰা ৰ’দ কিম্বা দোপালপিতা বৰষুণত কৃষক গৰাকীয়ে  মূৰত টকৌ পাতৰ জাপিলৈ নিঃসংকোচে খেতিপথাৰ কাম কৰাৰ কথা বাৰু কোনে নাজানে।কৃষকৰ সৈতে এক অংগাংগী ভাবে জড়িত নিৰ্ভেজাল জাপিটোলৈ আহি পৰিছে মহা সংকট।  আশ্বৰ্যজনক ভাবে আধুনিকতাৰ ধামখুমিয়াত পৰি সময়ৰ লগত মিলি যাবলৈ কৃষকৰ টকৌ পাতৰ মূৰৰ সৌন্দৰ্যৰ ভূষণ  জাপিৰ পৰিৱৰ্তে আজি ৰং-  চঙীয়া বুটামটিপা চীনা ছাতি আৰু ৰেইনকোটে স্থান লাভ কৰিছে। আধুনিকতাৰ কোবাল গ্ৰাসত বিলুপ্ত হ’বলৈ ধৰা কৃষকৰ সম্পদ স্বৰূপ এই টকৌ পাতৰ জাপিৰ আজিৰ সমাজত সমাদৰ নাই।এটা সময়ত গাঁৱৰ শিল্পী সকলে টকৌপাতৰ জাপি তৈয়াৰ কৰি সেইবোৰ বজাৰ কিম্বা ভাৰবান্ধি গাঁৱে গাঁৱে লৈ ফুৰি বিক্ৰী কৰিছিল।যি শিল্পকৰ্ম জৰিয়তে শিল্পী গৰাকীয়ে অৰ্জন কৰিছিল পৰিয়ালৰ বাবে কিছুহ’লেও অৰ্থ। কিন্তু আশ্বৰ্যজনক কথা যে চাই  থাকোতেই  আজি সেই পৰিৱেশ দেখিবলৈ পোৱা নাযায়।আজিৰ সমাজত জাপিৰ পৰিৱৰ্তে ৰং চঙীয়া চীনা ছাতিৰ বিপনীতহে কৃষকৰ ভিৰ দেখা যায়।বজাৰত জাপিৰ চাহিদা কমি যোৱাৰ পৰিপ্ৰেক্ষিতত শিল্পী সকলে জাপি তৈয়াৰ কৰাটো বাদ দি অনিচ্ছা স্বত্ত্বেও চীনা সামগ্ৰীৰ দোকানলৈ গৈ বুটামটিপা ফলটিং ছাতিকেই চ’ৰাদামত কিনি আনি আধুনিক সমাজখন  লগত মিলি যাবলৈ বাধ্য হৈ পৰিছে। যিটো নিশ্চয়কৈ ই অসমীয়া সমাজৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক।চাই থাকোতে চকুৰ ফলতে এপদ এপদকৈ চহাজীৱনৰ অংগাংগী  সম্পদ সমূহ বিলুপ্তিৰ পথত অগসৰ হোৱাত অদূৰ ভবিষ্যতে নৱ প্ৰজন্মই অসমীয়া সমাজ জীৱনৰ এই সম্পদ সমূহকলৈ অজ্ঞতাৰ প্ৰকাশ কৰাটো হ’ব আমাৰ বাবে দুৰ্ভাগ্যজনক।

Leave A Reply