Breaking

শ্বোহামৰ চিই’ সন্দীপ জালান নিৰুদ্দিষ্ট

0 1,029

মহানগৰীৰ শ্বোহামৰ মুখ্য কার্যবাহী বিষয়া তথা প্রতিষ্ঠিত ব্যৱসায়ী সন্দীপ জালান কালিৰে পৰা সন্ধানহীন হৈ আছে৷ প্রাপ্ত খবৰ অনুসৰি কালি বিয়লি খোজ কাঢ়িবলৈ ঘৰৰ পৰা ব্যৱসায়ীজনে ওলাই আহে যদিও নিশা পর্যন্ত তেওঁ ঘৰলৈ উভতি নোযোৱাত পৰিয়ালৰ লোকে তেওঁৰ ম’বাইল ফোনত যোগাযোগৰ চেষ্টা কৰে৷ দীর্ঘসময় ধৰি পৰিয়ালৰ লোকে তেওঁৰ ফোনটো বন্ধ পোৱাত চিন্তিত হৈ পৰে৷ ঘটনা সন্দর্ভত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও ব্যৱসায়ীজনৰ সন্ধান উলিয়াব পৰা নাই৷ আৰক্ষীয়ে ব্যৱসায়ী জালানৰ ম’বাইল ফোনৰ অৱস্থিতি মির্জাত পাইছিল৷ কিন্তু তেতিয়াৰে পৰা ব্যৱসায়ীজনৰ ম’বাইল ফোনৰ ছুইচ অফ থকাত এতিয়ালৈকে আৰক্ষীয়ে জালানৰ কোনো সন্ধান উলিয়াব পৰা নাই৷

Leave A Reply