Home Blog Page 2966

ৰেলযাত্ৰীলৈ সুবিধা,গুৱাহাটী জম্মু তবীলৈ চলিব দুখন সাপ্তাহিক ৰেল

উত্তৰ পূব সীমান্ত ৰেলৱেই চলিত জুন আৰু জুলাই মাহৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত  গুৱাহাটী আৰু জম্মু তবীৰ মাজত দুখন সাপ্তাহিক ৰেল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন্দ চন্দই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে অহা ৩০ জুনৰ পৰা ০৫৬৫৩ গুৱাহাটী – জম্মু তবী সাপ্তাহিক ( অমৰনাথ এক্সপ্ৰেছ ) বিশেষ ৰেলখনে গুৱাহাটীৰ পৰা প্ৰত্যেক বুধবাৰে দিনৰ ১:৩০ বজাত যাত্ৰা আৰম্ভ কৰি তৃতীয় দিনা এক বজাত গৈ জম্মু তবীত উপস্থিত হ’ব । আনহাতে অহা ২ জুলাইৰ পৰা  ০৫৬৫৪ জম্মু তবী – গুৱাহাটী সাপ্তাহিক বিশেষ ৰেলখনে জম্মু তবীৰ পৰা প্ৰত্যেক শুক্ৰবাৰে নিশা ১০:৪৫ উভতনি যাত্ৰা আৰম্ভ কৰি তৃতীয় দিনা নিশা১১:৪৫ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব । তদুপৰি অহা ১২ জুলাইৰ পৰা ০৫৬৫১ গুৱাহাটী – জম্মু তবী সাপ্তাহিক ( লোহিত এক্সপ্ৰেছ ) ৰেলখনে গুৱাহাটীৰ পৰা প্ৰত্যেক সোমবাৰে দিনৰ ১:১০ বজাত যাত্ৰা আৰম্ভ কৰি তৃতীয় দিনা দিনৰ এক বজাত গৈ জম্মু তবীত উপস্থিত হ’ব । আনহাতে অহা ১৪ জুলাইৰ পৰা ০৫৬৫২ জম্মু তবী – গুৱাহাটী সাপ্তাহিক বিশেষ ৰেলখনে জম্মু তবীৰ পৰা প্ৰত্যেক বুধবাৰে নিশা১০:৪৫ বজাত উভতনি যাত্ৰা আৰম্ভ কৰি তৃতীয় দিনা নিশা ১১:৪৫ বজাত আহি গুৱাহাটী ৰেলৱে ষ্টেচনত উপস্থিত হ’ব । এই ৰেল কেইখনত যাত্ৰীৰ বাবে এ চি ২ টায়াৰ , এ চি ৩ টায়াৰ , শ্লিপাৰ শ্ৰেণী আৰু সাধাৰণ দ্বিতীয় শ্ৰেণীৰ সুবিধা থাকিব । ৰেল কেইখনৰ ষ্টপেজ আৰু সময়সূচীৰ সবিশেষ ৰেলৰ ৱেবছাইটত উপলব্ধ থাকিব । আনহাতে ৰেলযাত্ৰী সকলে নিজ নিজ গন্তব্য স্থানত উপস্থিত হোৱাৰ লগে লগে সংশ্লিষ্ট ৰাজ্যখনত বাহাল থকা স্বাস্থ্যজনিত প্ৰট’কল মানি চলিব লাগিব ।

ৰাজ্যত হ’ব পাৰে ধাৰাষাৰ বৰষুণ !প্ৰচুৰ বৃষ্টিপাতে উত্তৰ পূৰ্বাঞ্চল চুই যোৱাৰ সম্ভাৱনা

ৰাজ্যত হ’ব পাৰে ধাৰাষাৰ বৰষুণ!

অনাগত ৫ দিনত প্ৰচুৰ বৃষ্টিপাতে উত্তৰ পূৰ্বাঞ্চল চুই যোৱাৰ সম্ভাৱনা,

সেমেকা বতৰৰ লগতে হ’ব বিজুলী ঢেৰেকনি,

অসম আৰু মেঘালয়ত বজ্ৰপাত হোৱাৰ সম্ভাৱনা,

এই ঘোষণা বতৰ বিজ্ঞান কেন্দ্ৰৰ

২ টা পিষ্টলসহ যুৱকক আটক বোকাজানৰ খটখটী আৰক্ষীৰ

বোকাজানৰ খটখটী আৰক্ষীৰ জালত দুটা পিষ্টল সহ যুৱক । বোকাজানৰ SDPO জন দাস , বৰপথাৰ CI ভূপেন কলিতা আৰু খটখটী OC মৌব্লিক ব্ৰহ্মই অভিযান চলাই উদ্ধাৰ কৰে পিষ্টল দুটা ।

বোকাজান আৰক্ষীয়ে এক বিশেষ খবৰৰ ভিত্তিত খটখটীত নাকা তালাচীত এজন যুৱকক তালাচী চলাওঁতে আৰক্ষীৰ জালত পৰে ধৃত চাহিল খানক।

ধৃত চাহিল খানৰ পৰা এটা .২২ পিষ্টল আৰু এটা ৭.৬৫ পিষ্টলৰ সৈতে ৭ জাই সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ তদন্তত পিষ্টল দুটা বিক্ৰীৰ উদ্দেশ্যে আনিছিল বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে অধিক তথ্য দাঙি ধৰিব বুলি জানিবলৈ দিয়ে ।

সোনাই নৈত গা ধুবলৈ গৈ ৰহস্য জনক সন্ধানহীন এজন ২৩ বছৰীয়া যুৱক ৷

মৰিগাঁৱৰ ছাটনগুৰিৰ সোনাই নৈত গা ধুবলৈ গৈ ৰহস্য জনক সন্ধানহীন এজন ২৩ বছৰীয়া যুৱক ৷ জানিব পৰা মতে কালি সন্ধিয়া ৬ মান বজাত ৭ জন বন্ধুৰ সৈতে মৰিগাঁও নগৰৰ পৰা ছাটনগুৰিৰ সোনাই নৈত গা ধুবলৈ গৈছিল নিলম নাথ। কিন্তু গা ধুৱা অৱস্থাতে ৰহস্য জনক ভাৱে সন্ধানহীন হৈ পৰে নিলম নাথ ৷ প্ৰকৃততে নৈত মৃত্যুক আকোৱা্লি ললে নে লগৰ বন্ধুৱে হত্যা কৰিছে সেয়া বৰ্তমান পোহৰলৈ অহা নাই ৷নিলম নাথ পেছাত এজন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক আৰু পিতৃ এজন কনিষ্টবল।নিলমৰ ঘৰ চৰাইবাহী।ইতিমধ্যে বন্ধু ৬ জনক আটক কৰিছে মৰিগাঁও আৰক্ষীয়ে ৷ লগতে ঘটনাস্থলীত আৰক্ষী আৰু SDRF ৰ জোৱান উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।SDRF বাহিনীয়ে নৈত মৃতদেহটো উদ্ধাৰ বাবে নামিছে।১ঘন্টাযোৱা SDRF বিচাৰি ফুৰাত অৱশেষত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু মৰোওনৰ পৰীক্ষা কাৰণে মৰিগাঁও অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰা হয়।

মাডাৰ্ছ অ’ল্ড এজ হােমত সৃষ্টি হােৱা বেমেজালিৰ তদন্তৰ নির্দেশ মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ হাতীগাঁওস্থিত ‘মাডাৰ্ছ অ’ল্ড এজ হােম’ পৰিচালনাৰ ক্ষেত্ৰত শেহতীয়াকৈ সৃষ্টি হােৱা বেমেজালিৰ ঘটনা দৃষ্টিগােচৰ হৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। উল্লেখ্য যে বৃদ্ধাৱাসখনৰ পৰিচালনাৰ দায়িত্বত থকা বিষয়া দুগৰাকীৰ পাৰস্পৰিক মনােমালিন্যৰ বাবে তাত আশ্ৰয় লৈ থকা জ্যেষ্ঠ নাগৰিকসকলে সন্মুখীন হােৱা অসুবিধাৰ বিষয়টো বিগত কিছুদিন ধৰি সংবাদ মাধ্যমত প্রচাৰিত হৈছে।

ৰাজ্যৰ জ্যেষ্ঠ নাগৰিকসকলৰ সামাজিক সুৰক্ষাৰ সুনিশ্চিতকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ দায়বদ্ধ। সেয়েহে এই স্পর্শকাতৰ বিষয়টোত উদ্বেগ প্রকাশ কৰি মুখ্যমন্ত্ৰীয়ে বৃদ্ধাৱাসখনত সংঘটিত সমগ্ৰ ঘটনাৰাজিৰ তদন্ত কৰি ৭২ ঘণ্টাৰ ভিতৰত প্রতিবেদন দাখিল কৰিবলৈ কামৰূপ (মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুক নির্দেশ দিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ‘মাডাৰ্ছ অল্ড এজ হােম’ৰ শেহতীয়া পৰিস্থিতি ব্যক্তিগতভাৱে তদাৰক কৰি যাৱতীয় পদক্ষেপ গ্ৰহণৰ বাবেও সমাজ কল্যাণ মন্ত্রী অজন্তা নেওগক নিৰ্দেশ প্রদান কৰিছে।

পশ্চিম নলবাৰীৰ এটি ছয় বছৰীয়া শিশুৰ কৰুণগাঁথা,বেলশৰত অনাথ শিশুৰ দায়িত্ব ললে আছুৱে

২৪জুন  এটি অনাথ শিশুৰ কৰুণ গাঁথাই ম্ৰিয়মান কৰিতুলিছে  পশ্চিম নলবাৰীৰ সৰ্বস্তৰৰ লোকক। প্ৰতি গৰাকী হৃদয়মান লোকৰে  অন্তৰ চুই গৈছে  শিশুটিৰ কৰুণ  ঘটনাই।     প্ৰাক শৈশৱ কালতে মাক দেউতাকক হেৰুৱা   ঘাট মাউৰা ছয় বছৰীয়া  দেৱশিশুটি  হ’ল গৌৰব কলিতা । উল্লেখ্য যে  আজিৰ পৰা ডেৰ বছৰ পূৰ্বে  তাৰ পিতৃ মিন্টু কলিতা হেপাটাইটিচ্ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।  পিতৃক হেৰুৱাই  পিছত মাক জুমি কলিতাই শিশুটিক বুকুত সাবটি গুৱাহাটীৰ ব্যক্তিগত প্ৰতিষ্ঠান এটিত কাম কৰি চলাই নিছিল তেওঁৰ  সংসাৰখন। নিয়তিৰ কি কৰুণ পৰিহাস? যোৱা ২১মে তাৰিখে মাক জুমি কলিতাও ক’ৰণাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্হাত  মৃত্যু হয়। পিছত পিতৃ মাতৃক হেৰাৱা   গৌৰৱৰ আশ্ৰয় থল হ’ল বেলশৰৰ মোমায়েকৰ ঘৰখন।  ইপিনে মোমায়েকো  গাড়ীৰ চালক হিচাপে কাম কৰি কেনেবাকৈ  চলাইছিল সংসাৰখন। পিছে ল’ক ডাউনৰ বাবে জীৱন জীবিকাৰ পথ বন্ধ হোৱাত আৰ্থিক দৈন্যই কাবু কৰিছে মোমায়েকৰ পৰিয়ালটোক। ইপিনে গৌৰৱৰ শিক্ষা-  দীক্ষা আৰু   ভবিষ্যতক লৈ  মোমায়েক আৰু আইতাকৰ  মনত  এক ডাঙৰ প্ৰশ্ন হৈ উঠিছে। অবশেষত   এই দুৰ্ভগীয়া  অনাথ শিশুটিৰ  দায়িত্ব ললে  পশ্চিম নলবাৰী ছাত্ৰ সন্হাই।  পশ্চিম নলবাৰী আঞ্চলিক ছাত্র সন্থাৰ এটি সজাতি দলে যোৱা  ১৮ জুন তাৰিখে  পশ্চিম নলবাৰী অঞ্চলৰ বেলশৰ গাওঁৰ  পূব ডেকা চুবুৰীৰ পিতৃ মাতৃ হীন  শিশু গৌৰৱ কলিতাৰ  মোমায়েকৰ বাসভৱনত উপস্থিত হয়  আৰু  শিশুটিৰ  অধ্যয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে  পশ্চিম নলবাৰী  আঞ্চলিক ছাত্ৰ সন্থাই । এই ক্ষেত্ৰত বিশেষ ভাবে সহায় কৰে বেলশৰৰ বাসুদেৱ জাতীয় বিদ্যালয়, স্বত্বাধিকাৰী মানবেন্দ্ৰ ডেকাই। এই সজাতি দলটোত উপস্হিত থাকে।  আঞ্চলিকৰ সভাপতি সুভাষ বৰ্মন , সাধাৰণ সম্পাদক প্ৰাণজিত ঠাকুৰীয়া, উপদেষ্টা প্ৰাঞ্জল বৰ্মন , সহ সাধাৰণ সম্পাদক কল্পমণি কাকতি , নয়নজ্যোতি বৰ্মন,  শিক্ষা সম্পাদক দীপাংকৰ বৰ্মন , ক্ৰিয়া সম্পাদক ৰাজু বৰ্মন , আঞ্চলিকৰ সদস্য জ্যোতিপ্রকাশ সেন ডেকা , ৰাজেশ শৰ্মা , অংকুৰ বৰ্মন আদি ।

বিটিআৰ চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ : মাজবাট উন্নয়ন খন্ডত আজিও নাই খন্ড উন্নয়ন বিষয়া

পৰিবৰ্তনৰ দৰকাৰ,প্ৰমোদ বড়ো চৰকাৰ ।আজে বাজে বাদ দিয়ক টেক্টৰ ছবিত ভোট দিয়ক ।ইত্যাদি সু মধুৰ শ্লোগানেৰে ৰাইজৰ পদুলিয়ে পদুলিয়ে ভোট ভিক্ষা কৰি অবশেহত নিৰ্বাচনী বৈতৰণী পাৰ হৈ বিজেপি আৰু জি এছ পিৰ সহযোগত প্ৰমোদ বড়োই বিটিআৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ল। কিন্তু বিটিআৰ চৰকাৰ গঠন কৰাৰ দিনৰে পৰা হযতো বিটিআৰৰ চীফ প্ৰমোদ বড়োই  তেখেতৰ সতীৰ্থ ই এম, জি এম, সকলক  আবশ্যক অনুসৰি  নেতৃত্ব দিব পৰা নাই।  বিটিআৰত বসবাস কৰি থকা প্ৰতিটো জাতি জন গোষ্ঠীৰ  বিশেষকৈ বড়ো সকলৰ স্বাভিমান আৰু আবেগ  অনুভুতিক প্ৰয়োজন অনুসাৰে  প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰ খনৰ উন্নয়নৰ ফোপোলা স্বৰূপ কম দিনৰ ভিতৰতে পৰিস্কাৰ হৈ পৰাৰ অভিযোগ উঠিছে ৷ এইখিনিতে উল্লেখনীয় আৰু পৰিতাপৰ কথা যে বিটিআৰ  চুক্তিৰ  দফা সমুহ কাৰ্য্যকৰী ব্যবস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে আওকণীয়া মনোভাব আৰু অৰুনোদয আচঁনিৰ দুৰ্নীতিৰ কথা বাদেই সমষ্টি এটা  উন্নয়নৰ প্ৰধান কেন্দ্ৰ বিন্দু হৈছে সেইটো  সমষ্টিৰ উন্নয়ন খন্ডৰ  খন্ড উন্নয়ন বিষয়া গৰাকী । কিন্তু যেতিয়া এটা উন্নয়ন খন্ডত,  খন্ড উন্নয়ন  বিষয়া নাথাকে  সেইটো সমষ্টিত উন্নয়নৰ দিশ কেনেকৈ তৰান্বিত হব। নিৰ্বাচনৰ সময়ত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সঞ্জয় কিষান,পল্লব লোচন দাস, সাংসদ দিলীপ শ্ইকীযা আদি ৰথী মহাৰথী সকলে মাজবাট উন্নয়ন খন্ডৰ পদুলি মুখতে উন্নয়নৰ জয় গান গাই বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰে যদিও আজিলৈকে মাজবাট উন্নয়ন খন্ডত এজন খন্ড উন্নয়ন বিষয়া নিযুক্তি দিব নোৱাৰিলে ।যাৰ ফলত মাজবাট ৰাজহ চক্ৰৰ  চক্ৰ বিষয়া গৰাকীয়ে  মাজবাট উন্নয়ন খন্ডত ভাৰপ্ৰাপ্ত  খন্ড উন্নয়ন বিষয়া হিচাপে দীৰ্ঘদিন  ধৰি  কাৰ্য্যনিৰ্বাহ কৰি আহিছে । ৰাজহ চক্ৰটোৰ গুৰুদায়িত্ব বহন কৰি অহা বিষয়া গৰাকীক ভাৰপ্ৰাপ্ত খন্ড উন্নয়ন বিষয়া হিচাপে নিযুক্ত দিয়াত মাজবাটবাসী ৰাইজৰ যথেষ্ট পৰিমাণে সমস্যাৰ সৃষ্টি হৈছে । এজন বিষয়াই গুৰুত্বপূৰ্ণ দুটাকৈ দায়িত্ব চম্ভালিব লগীয়া হোৱাত প্ৰমোদ বড়োৰ পৰিবৰ্তনশীল  বিটিআৰ চৰকাৰ খনৰ উন্নয়নৰ গতি কোনফালে ধাবিত হৈছে সেয়া সহজে অনুমেয় ।গতিকে মাজবাটত বাসী ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে এয়াই আছিল নেকি পৰিবৰ্তনৰ দৰকাৰ প্ৰমোদ বড়োৰ চৰকাৰৰ শ্লোগান ? সি যিয়েই নহওঁক অতি শীঘ্ৰে মাজবাট উন্নয়ন খণ্ডত এজন স্থায়ী খন্ড উন্নয়ন বিষয়া নিযুক্তি দিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে মাজবাটৰ ৰাইজে ।

অপৰাধ জগতৰ এক ক’লা অধ্যায়ৰ অন্ত: আৰক্ষীৰ গুলীত নিহত ছুপাৰী কিলাৰ বুবু কোঁৱৰ

অৱশেষত আৰক্ষীৰ গুলীত নিহত হ’ল অসমৰ এটা কুখ্যাত অপৰাধী বুবু কোঁৱৰ। গেলেকীত আৰক্ষীৰে সংঘৰ্ষত বুধবাৰে সন্ধিয়া নিহত হয় কুখ্যাত অপৰাধীটো। বিগত দুটা দশক ধৰি হত্যা, ছুপাৰি কিলাৰ, গাড়ী চুৰি, হানি ট্ৰেপিঙেৰে ৰাজ্যজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বুবুৱে। ৪২টাকৈ হত্যাকাণ্ডত জড়িত আছিল বুবু কোঁৱৰ।

কোঁৱৰে গাড়ী চুৰি চক্ৰৰ নেতৃত্ব লৈ হত্যা কৰিছিল বহুকেইজন গাড়ীচালকক। ২০১২ চনত হত্যা কৰিছিল প্ৰসিদ্ধ চিকিত্সক মৃদুল বৰুৱাক। সেইটো বছৰতে বুবুয়ে হত্যা কৰিছিল কংগ্ৰেছ নেতা হেমন্ত বৰুৱা আৰু ব্যৱসায়ী কে এল গিলোৰিয়াক। ২০১৪ চনত বুবুৱে হত্যা কৰিছিল এজন প্ৰধান শিক্ষক ডি এন গগৈক।২০১৬ চনত যেতিয়া আৰক্ষীয়ে বুবুক গ্ৰেপ্তাৰ কৰিছিল, অপৰাধীটোৱে সাংবাদিকৰ কেমেৰাৰ সন্মুখত নিজেই স্বীকাৰ কৰিছিল কেইটাবাও হত্যাকাণ্ড কৰাৰ কথা। ১৬ বছৰ বয়সতে অপৰাধ জগতত ভৰি দিয়া বুবুৱে চলাইছিল হানী ট্ৰেপিং চক্ৰ।

বজালীত পৰ্যালোচনা সভাত মন্ত্ৰী বিমল বৰা

বজালী জিলাৰ অভিভাৱক মন্ত্ৰীৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক দপ্তৰৰ দায়িত্বত থকা মন্ত্ৰী বিমল বৰাই বুধবাৰে বজালী জিলাৰ উপায়ুক্তৰ সভাকক্ষত আয়োজিত প্ৰথমখন পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰে। তেওঁ অংশগ্ৰহণ কৰি বজালীৰ ঐতিহ্যক স্মৰণ কৰি শিক্ষা-দীক্ষা, সাহিত্য, সংস্কৃতি সকলোতে আগবঢ়া বজালীৰ অসমৰ সমাজ জীৱনত গুৰুত্বপূৰ্ণ বৰঙণি থকাৰ কথা অকপটে স্বীকাৰ কৰাৰ লগতে তেওঁ কয়- বজালী জিলাক যথাসম্ভৱ ক্ষীপ্ৰতাৰে পূৰ্ণ পৰ্যায়ৰ জিলাৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ লগতে চৰকাৰে যথোচিত পদক্ষেপ গ্ৰহণ কৰিব। টিম বজালীৰ মানসিকতাৰে কাৰ্যক্ষেত্ৰত অগ্ৰসৰ হৈ বজালীত কৰিবলগা কামৰ গতি ত্বৰান্বিত কৰি তোলাত দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰি অভিভাৱক মন্ৰী বৰাই এই কথাও কয় যে বজালীক নব্য ৰূপত সাজু কৰি তোলাৰ দিশত ইয়াত পূৰ্ণ সম্ভাৱনা আছে । নৱগঠিত জিলা হিচাপে ইয়াৰ বিষয়াসকলৰ ওপৰত জনসাধাৰণৰ বহুত প্ৰত্যাশা থাকিব আৰু বিষয়াসকলে ৰাইজৰ সেই আশা পূৰণ কৰিবলৈ যত্নপৰ হ’ব লাগিব বুলি মন্ত্ৰী বৰাই নিজ বক্তব্য আগবঢ়ায়। উল্লেখ্য যে, বজালী জিলাত থকা প্ৰায়বোৰ কাৰ্যালয় (বেছি সংখ্যক মহকুমা পৰ্যায়ৰ) ৰ বিভাগীয় মূৰব্বীৰ উপস্থিতিত অনুষ্ঠিত পৰ্যালোচনা সভাত বিভাগসমূহৰ সাম্প্ৰতিক স্হিতিৰ খতিয়ান লৈ প্ৰসঙ্গ ক্ৰমে মন্ত্ৰী বৰাই কয়- অসমৰ শক্তি খণ্ডত নৱোন্মেষৰ সূচনা কৰিব লাগিব আৰু পৰিৱৰ্তনমুখী এই যাত্ৰাত বজালী জিলাইও লব লাগিব সক্ৰিয় ভূমিকা। অকত্তৃত্বশীলভাৱে বিদ্যুত সংযোগ আৰু বিদ্যুত চুৰি কৰিলে থানাত গোচৰ তৰাৰ বাবে শক্তি বিভাগৰ বিষয়াক বৰাই আহ্বান জনায়। মন্ত্ৰী বৰাৰ লগতে সভাখমত পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ, জনস্বাস্থ্য, খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ কৰ্ম তৎপৰতাৰ শলাগ লৈ গভীৰ প্ৰত্যাশাৰে কয় যে দাসৰ নেতৃত্বত এইবেলি বজালীত নব্য ৰূপত উন্নয়নৰ সূৰ্যোদয় হ’ব । পৰ্যালোচনা সভাত অংশ লৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়- বজালীয়ে অসমক বহুত দিছে ; কিন্ত্ত তাৰ তুলনাত বজালীয়ে বিশেষ একো পোৱা নাই । বজালীক আৰু পাছ পৰি থাকিব নিদিও । এইবাৰ আমি বজালীক উজলাই তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিম । এইদৰে স্ব অভিমত সদৰী কৰি দাসে কয় শিক্ষা , সংস্কৃতি , সাহিত্য , ক্ৰীড়া সকলোতে আগবঢ়া বজালীত প্ৰতিভাৰ অভাৱ নাই ।এনে প্ৰেক্ষাপটত বজালীক আগবঢ়াই নিবলৈ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণেৰে অনাগত দিনত নিৰন্তৰ কাম কৰি যাব বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে । বজালীত কাৰ্যালয়ৰ বাবে ভূমিৰ সন্ধান আৰু জৰীপ আৰম্ভ কৰিবলৈ উপায়ুক্তক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয়- মুখ্যমন্ত্ৰী মহোদয়ৰ যিহেতু বজালীৰ প্ৰতি সদ্ভাৱ আছে তেনেস্হলত কাম কৰাৰ বাবে আমি উৎসাহেৰে অগ্ৰসৰ হ’ব পাৰিম। ইয়াৰ পূৰ্বে মন্ত্ৰী দুগৰাকীক জিলা প্ৰশাসনৰ ফালৰ পৰা শৰাই আৰু গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই আৰু উপায়ুক্ত গৰাকীয়ে বজালী জিলাৰ প্ৰসঙ্গত পৰিসাংখ্যিক তথ্য ভিত্তিক এক প্ৰতিচ্ছবি মন্ত্ৰী দুগৰাকীক অৱগত কৰে । সভাত ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰকো জিলা প্ৰশাসনে সম্বৰ্ধনা জনায় । জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাস, অতিৰিক্ত উপায়ুক্ত সকল , দণ্ডাধীশ সকল , চক্ৰ বিষয়া সকলো সভাত উপস্হিত থাকে । উল্লেখ্য মন্ৰী দুগৰাকীক শক্তি খণ্ড , পৰ্যটন, আৰু লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় । সভাৰ অন্তত মন্ত্ৰীদ্বয়ে প্ৰতিষেধক প্ৰদান কৰা দুটা কেন্দ্ৰও পৰিদৰ্শন কৰে ।

আচঁনি আছে পানী নাই ।ওৰাঙত কোটি টকীয়া তিনিখন জলসিঞ্চন আচঁনি আজিও কাৰ্যক্ষম নহল

ওদালগুৰি জিলাৰ মাজবাটত ৰাজহ চক্ৰৰ ওৰাং মৌজাত বিগত বিশ বছৰ আগতে স্থাপন কৰা হৈছিল তিনিখন জলসিঞ্চন আচঁনি । গৰুবন্ধা, বগৰীবাৰী আৰু পাকৰীবাৰীত তদানীন্তন কংগ্ৰেছ চৰকাৰে  কোটি টকা  ৰাজকোষৰ ধন ব্যয় কৰি এই আঁচনি স্থাপন কৰিছিল ।উদেশ্য আছিল ওৰাং মৌজাৰ শ, শ কৃষকৰ হাজাৰ হাজাৰ কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা গ্ৰহণ কৰা ।পিছে আচঁনি তিনিখন স্থাপন কৰা দিনৰে পৰা কৃষক সকলে এটোপাল পানী পাবলৈ সক্ষম নহল । যদিও কাৰ্যক্ষম নোহোৱা  আচঁনি কেইখনৰ নামত চৰকাৰী কৰ্মচাৰী নিয়োগ কৰি  তেওঁলোকক লোহাৰ পাইপ কেইডাল মান ৰখিবলৈ দায়িত্ব দিয়া হৈছে ।এতিয়া এইসকল চৰকাৰৰ বেতন ভোগী কৰ্মচাৰী সকলে দিনৰ দিনটো লোহাৰ পাইপ কেইডাল ৰখিয়েই হামিয়াই হাকতিযাই থকাৰ বাবে অইন কাম একোৱেই নাই । আচঁনি খনত নিয়োজিত হৈ থকা একাংশ কৰ্মচাৰীয়ে  ঘৰতে বহি দা দৰমহা লৈ আছে বুলিও জানিব পৰা গৈছে । তেওঁলোকৰ ভুল নহয । ভুল হৈছে অসম চৰকাৰৰ কৃষি আৰু জলসিঞ্চন বিভাগৰ । কৰ্তব্যৰ আৰু চাকৰিৰ তাগিদাত তেওঁলোকে এনেদৰে আজি বিশ বছৰ ধৰি নিধিৰাম চৰ্দাৰ হৈ থাকিব লগিয়া হোৱাত নিজকে এটা অক্ৰমৰ্ন অপদাৰ্থ বিভাগৰ কৰ্মচাৰী বুলি গণ্য কৰিবলৈ বাধ্য হৈছে । বৃহত্তৰ ওৰাং মৌজাৰ ৭০ শতাংশ বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি কৃষি কাৰ্যত জড়িত হৈ থকা কৃষক সকলে চৰকাৰ তথা বিভাৰ্গীয কৰ্তৃপক্ষক বাৰম্বাৰ অনুনয় বিনোনয় কৰাৰ পিছত এই কোটি টকীয়া জলসিঞ্চন আচঁনি তিনি খন আজি পৰ্য্যন্ত কাৰ্য্যক্ষম হৈ নুঠিল। উক্ত স্থানত থকা আচঁনি কেইখন যদি কাৰ্য্যক্ষম হলে হেতেন তেতিয়া ওৰাং মৌজাৰ      অধীনত থকা বগৰীবাৰী, গৰুবন্ধা,পাকৰীবাৰী,জামুগুৰি, আওঁনাজুলি,কোৰকাবাৰী,শইকীয়া চুবুৰী ইত্যাদি বৃহৎ অঞ্চলৰ কৃষক সকলৰ হাজাৰ হাজাৰ বিঘা মাটিত জলসিঞ্চনৰ সুবিধা হলহেতেন ।কিন্তু আহিছে চৰকাৰ গৈছে চৰকাৰ তথাপিও এই জলসিঞ্চন আচঁনি কেইখনৰ প্ৰতি কাৰোৰে ভ্ৰুক্ষেপ নাই । সেয়েহে বিকল জলসিঞ্চন আচঁনি কেইখন কাৰ্যক্ষম কৰি তুলিবলৈ পুনৰ দাবী উত্থাপন কৰিছে ওৰাং মৌজাৰ কৃষক সকলে