Home Blog Page 2966

গোঁসাইগাঁওৰ গুৰুফেলাৰ বজাৰত সাত জনৰ দেহত কভিড পজিটিভ ধৰা পৰাৰ পিছত তৎপৰ হৈ উঠিছে প্ৰশাসন আৰু স্বাস্থ্য কৰ্মী

কৰোণা মহামাৰীয়ে সমগ্ৰ ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰাল কৈ গোঁসাইগাও মহকুমাৰ অন্তৰ্গত গুৰুফেলাতো কৰোনাৰ ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।গোঁসাইগাঁও মহকুমাৰ সৰু এখন গুৰুফেলাত বজাৰত সাঁত জন লোকৰ দেহত কৰোনাৰ  পজিটিব দেখা দিছে।কৰোণা পজিটিভ লোক কেইগৰাকী ক্ৰমে পাৰুল মহতো(২০),জোৎস্না তালুকদাৰ(৬৮),সিবানী মহতো(১৫),লেয়লা খাতুন(২৮),ম: আলী(৬২), ধৰ্মন্দ্ৰ গিৰী(৪৮),তুলসী কুমাৰ ৰায়(৫৫)তাৰে ভিতৰত  ধৰ্মেন্দ্ৰ গিৰী আৰু তুলসী কুমাৰ ৰায় গুৱাহাটী GMCHত ভৰ্ত্তি হৈ আছে আৰু ধৰ্মেন্দ্ৰ গিৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।আটাতকৈ ভয়ংকৰ কথা টো হল পজিটিভ ধৰা পৰাৰ পিছতো দুই এজনে বজাৰত মুকলি ভাৱে ঘুৰি ফুৰিছিল।তাৰ পিছতে আজি প্ৰশাসন আৰু স্বাস্থ্য কৰ্মী অধিক তৎপৰ হৈ উঠা পৰিলক্ষিত হয়।আজি সমগ্ৰ গুৰুফেলা বজাৰ ছেনিটাইজেসন কৰাৰ লগতে বজাৰৰ লোক সকলক কভিড-১৯ পৰীক্ষা কৰাত আৰু দুইজনাৰ গাত কভিড পজিটিভ ধৰা পৰে এজন কপিল শাও (৩০) আনজন ববিতা গিৰি(২৮)।অনাগত দিনত এই অঞ্চলত প্ৰশাসনে কি পদক্ষেপ লয় সেয়া কিন্তু লক্ষনীয় বিষয় হব।

জলসম্পদ মন্ত্ৰী পিজুষ হাজৰিকাই পৰিদৰ্শন কৰে ছিপাঝাৰৰ বহু কেইটা ভগ্ন মথাউৰি।

ক’ৰনাৰ ভয়ংকৰ গণ সংক্ৰমণৰ সময়তে গৰাখহনীয়া অৱস্থা ১৬ মে তাৰিখে পৰিদৰ্শন কৰিছিল ছিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে।  উল্লেখযোগ্য যে ছিপাঝাৰ বিধানসভা সমষ্টিৰ কিৰিংবৰী অঞ্চলৰ খহনীয়া পৰিদৰ্শন কৰাৰ উপৰিও কুৰুৱাৰ মথাউৰি পৰিদৰ্শন কৰিছিল। আৰু এই বিষয়ে মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰাৰ পিছত  বানপানীৰ সময়ত ৰাইজে দূৰ্ভুগ ভুগিব লগা নহয়  তাৰ প্ৰতি লক্ষ্য ৰাখি জৰুৰী ভাবে আজি  ছিপাঝাৰৰ বহু কেইটা ভগ্ন মথাউৰী পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পিজুষ হাজৰিকাই। ছিপাঝাৰৰ ওপৰ কুৰুৱা অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ মথাউৰীৰ মেৰামতিৰ কামৰ লগতে কিৰিংবৰী গাঁৱৰ গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ লয়। আনহাতে বিগত সময়ত বানে চিগা আলিখাপাৰাৰ অৰ্ধ নিৰ্মিত মথাউৰী ১০ দিনৰ ভিতৰতে সম্পূৰ্ণ হব বুলি উল্লেখ কৰে। এই সময়ছোৱাতে ৰাজ্যৰ উন্মুক্ত মথাউৰীৰ সমূহ শীঘ্ৰেই মেৰামতি কৰা হব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

কৰ’ণাই বিপৰ্য্যস্ত কৰিছে জনজীৱন।উপাৰ্জনৰ পথ বন্ধ হোৱাৰ দিশে ই-ৰিক্সা, অট’ৰিক্সা চালকৰ

এফালে কৰ’ণা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি, আনফালে পেটৰ ভাতমুঠি মোকলাবলৈ চিন্তা খাটিখোৱা সাধাৰণ জনতাৰ। তাৰ মাজতে কৰ’ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনাই এতিয়া বিপদত পেলাইছে সকলো শ্ৰেণীৰ লোকক। কৰ’ণা মহামাৰীৰ বাবেই যেন এতিয়া ধূসৰ হৈ পৰিছে জনজীৱন।  একপ্ৰকাৰ ভৱিষ্যত নিয়ন্তাৰ হাতত বন্দী প্ৰতিজন মানুহৰে জীৱন। দেশত প্ৰতি দিনেই কৰ’ণাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে জাৰী কৰিছে কেতবোৰ নীতি-নিয়ম। জনসাধাৰণেও চৰকাৰৰ নিৰ্দেশাৱলী মানি চলিছে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত। কিন্তু এই কৰ’ণা মহামাৰীৰ বাবেই এতিয়া প্ৰতিজন লোকৰ সপোন, আশা-আকাংক্ষাবোৰে প্ৰাণ হেৰুৱায় পেলাইছে।  স্ব-নিয়োজনৰ উদ্দেশ্যে এখন ই-ৰিক্সা বা অট’ৰিক্সা লৈ উপাৰ্জনৰ বাট মুকলি কৰা লোকসকলো এতিয়া দিকভ্ৰান্ত হৈ পৰিছে। দিনটো ই-ৰিক্সা চলাই উপাৰ্জিত ধনেৰে পৰিয়াল পোহপাল দিয়া লোকসকলে এতিয়া মাথোঁ কেইটামান ঘণ্টা চৰকাৰী নিৰ্দেশনা মানি চলাৰ ফলত পেটত গামোচা বন্ধাৰ উপক্ৰম ঘটিছে। কৰ’ণাৰ প্ৰকোপত সৃষ্টি হোৱা এই জটিল সময়ে যেন সাধাৰণ জনতাক ইংগিত দিছে অন্ধকাৰ ভৱিষ্যতৰ। ই-ৰিক্সা বা অট’ৰিক্সা চালকসকলৰ মনত এতিয়া এটাই প্ৰশ্ন, “কেনেদৰে পূৰণ কৰিব ঘৰুৱা প্ৰয়োজন খিনি ? নিৰ্দিষ্ট সময়ৰ ভিতৰত সীমিত সংখ্যক যাত্ৰী কঢ়িয়াই উপাৰ্জিত ধনেৰে কেনেকৈ চলাব সংসাৰ?”  ইমানৰ পাছতো তেওঁ লোক আশাবাদী, চৰকাৰে তেওঁলোকৰ প্ৰতি সুদৃষ্টি ৰাখিব। আন্ধাৰ বিনাশী যেন পোহৰৰ বাট মুকলি হ’ব পুনৰ।

বোকাখাতৰ লখৌজানত খুটিয়া পহু উদ্ধাৰঃ

১৭ মে’ৰ পুৱা বোকাখাতৰ লখৌজানৰ ননী গোপাল ৰাজখোৱাৰ বাসগৃহত এটা খুটিয়া বা ছাগলী পহু উদ্ধাৰ হয় । বনাঞ্চলৰ পৰা ওলাই অহা হৰিণটো ৰাজখোৱাৰ সীমাৰ বেৰা পাৰ হৈ আহি গোঁসাই ঘৰত সোমাই আছিল। পাছত পানবাৰীস্থিত বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ উদ্ধাৰকাৰী দলে আহি আঘাতপ্ৰাপ্ত পহুটো চিকিৎসাৰ বাবে লৈ যায়। বোকাখাতৰ নিকটৱৰ্ত্তী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বন্যপ্ৰাণী ওলাই আহি জনবসতিৰ অঞ্চলত প্ৰৱেশ কৰা ঘটনা বোকাখাত অঞ্চলৰ বাবে এটা সাধাৰণ ঘটনা। কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণে সংকেট দিছে আগন্তুক বাৰিষাৰ। বানপানীৰ বাবে সুৰক্ষিত স্থান, খাদ্যৰ সন্ধানত বা আন্য কাৰণেই হওক ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা সময়ে সময়ে ওলাই অহা জীৱ জন্তুৱে প্ৰৱেশ কৰে জনবসতিপূৰ্ণ এলেকাত। গতিকে হৰিণটো এনেকৈ আহি মানুহৰ বাসগৃহত সোমাই পৰা বুলি অনুমান কৰা হৈছে। 

নগাঁৱৰ বঢ়মপুৰৰ বাৰগঞা মন্দিৰ সমীপত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

নগাঁৱৰ বঢ়মপুৰৰ বাৰগঞা মন্দিৰ সমীপত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।  বঢ়মপুৰৰ বাৰগঁঞা নামঘৰৰ সমীপতত থকা এটা পুখুৰীত  উপঙি থকা অবস্থাত উদ্ধাৰ হয় মৃতদেহটো ।এজন অচিনাক্ত লোকৰ এই মৃতদেহটোক লৈ বঢ়মপুৰত এতিয়া তীব্ৰ চৰ্চা চলিছে ।কিয়নো বঢ়মপুৰৰ কোনো অঞ্চলৰ পৰিচিত ব্যক্তিৰ নোহোৱা এই মৃতদেহটো কিদৰে বঢ়মপুৰৰ উক্ত অজ্ঞাত স্থানত কিদৰে উদ্ধাৰ হ’ল তাক লৈ এতিয়া ৰহস্যঘন হৈ পৰিছে ।আনপিনে সন্দেহ কৰা হৈছে যে প্ৰায় দুই তিনিদিন পূৰ্বে  মৃতদেহটো পুখুৰীত পৰা কিয়নো ইতিমধ্যেয়ে মৃতদেহটো গেলিবলৈ আৰম্ভ কৰিছে ।পাছত সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক উক্ত স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।উল্লেখ্য যে অচিনাক্ত এই লোকজনৰ মৃতদেহটো কিদৰে বঢ়মপুৰৰ বাৰেগঞা নামঘৰৰ সমীপৰ পুখুৰীলৈ আহিল ।সেয়া পৰবৰ্তী সময়ত আৰক্ষীৰ সঠিক তদন্তহে পোহৰলৈ আহিব ।

কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সাধাৰণ ৰোগীৰ হাহাকাৰ : কভিড নিগেটিভ লোককো প্ৰেচাৰ পৰীক্ষা নকৰে

যোৰহাট জিলাৰ বৃহত্তৰ কাকজান গ্ৰাম্য এলেকাৰ লোক সকলৰ স্বাস্থ্য ৰক্ষাৰ একমাত্ৰ ভৰসাৰ একমাত্ৰ স্থল হল কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । বিভিন্ন সময়ত এই কেন্দ্ৰত সংঘটিত কেতবোৰ অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে । কভিড সৃষ্ট এই পৰিবেশত মুষ্টিমেয় কেইজনমান কৰ্মচাৰীৰ বাহিৰে প্ৰায় বোৰেই ৰোগী আৰু আত্মীয়ক অশালীন ব্যৱহাৰ কৰি অহাৰ অভিযোগ প্ৰায়েই পোৱা যায় । শেহতীয়াকৈ চিকিৎসালয় খনত ঠাকুৰীয়া উপাধিৰ এগৰাকী চিকিৎসকে ৰোগীক চিকিৎসাৰ কেতবোৰ নিয়ম নিজেই সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে । প্ৰাপ্ত অভিযোগ মতে কভিড পৰীক্ষাৰ অন্তত নিগেটিভ কাগজ দেখুৱাৰ পিছতো ৰোগীক প্ৰেচাৰ (BP)পৰীক্ষা নকৰে । তেওঁৰ মতে কভিডৰ বাবে ৰোগীক এই পৰীক্ষা কৰা নহয়। এতিয়া সাধাৰণ ৰাইজৰ এটাই প্রশ্ন যদি উক্ত ৰোগী জন উচ্চ ৰক্তচাপত ভুগি মৃত্যুক আঁকোৱালি লব লগীয়া হয় তাৰ বাবে দায়ী কোন হব। এটা কথা ঠিক কভিডৰ নীতি নিয়ম ৰক্ষা কৰাটো চিকিৎসক ৰোগী সাধাৰণ ৰাইজ সকলোৰে দায়িত্ব। কিন্তু এগৰাকী চিকিৎসকে সম্পূৰ্ণ নীতি নিয়ম বৰ্তাই ৰাখি ৰোগীক প্ৰাথমিক পৰীক্ষা সমূহ কিয় কৰিব নোৱাৰে । এই মহিলা চিকিৎসক গৰাকীৰ বিৰুদ্ধে পুৰ্বেও বহু অভিযোগ উত্থাপিত হৈ আহিছে ।এই ক্ষেত্ৰত মহকুমা স্বাস্থ্য বিষয়া অথবা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যনীয় বিষয় হ’ব ।

প্ৰয়াত হোমেন বৰগোহাঞি ৰ বাসগৃহত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা

জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আজি প্ৰয়াত হোমেন বৰগোহাঞিৰ খাৰঘূলিৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰেৰণ কৰা শোক সংবাদ পত্ৰখন শোকসন্তপ্ত পৰিয়ালবৰ্গৰ হাতত প্ৰদান কৰে।
বিশিষ্ট সাহিত্যিক,বুদ্ধিজীৱী,সাংবাদিক জনৰ জীৱনগাঁথা আৰু সৃষ্টিৰাজিৰ সংৰক্ষণৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে ।

ৰঙ্গেশ্বৰীত মথাউৰি নিৰ্মাণ কাৰ্য্য আধৰুৱা কৰি উধাও ঠিকাদাৰ, আতংকিত গঞাৰ ব্যৱস্থা গ্ৰহণৰ দাবী

বাৰিষাৰ সময় কাষ চাপি অহাৰ লগে লগে চিন্তিত হৈ পৰিছে ৰাজ্যৰ নৈপৰীয়া আৰু ভগ্ন মথাউৰিৰ আশেপাশে থকা লোকসকল। নগৰবেৰাৰ ৰঙ্গেশ্বৰীতো মথাউৰি নিৰ্মাণ কাৰ্য্য আধৰুৱা কৰি ঠিকাদাৰ উধাও হোৱাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজে। কিয়নো যোৱাটো বানে ৰঙ্গেশ্বৰী গাঁৱৰ মাজেৰে যোৱা ই এণ্ড ডি মথাউৰিটোৰ কেইবাঠাইত ছিঙি নিয়াৰ ফলত এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাইজৰ মাজত। তাৰ পাছতে মথাউৰিটো পুণৰ নিৰ্মানৰ বাবে এছ ডি আৰ এফ আঁচনিৰ অধীনত প্ৰায় এক কৌটি ১৭ লাখ টকা ধাৰ্য্য কৰিছিল জলসম্পদ বিভাগে। প্ৰায় পাঁচ মাহ পূৰ্বে যুটীয়া ভাৱে আঁচনিটোৰ আধাৰশিলা স্থাপন কৰিছিল ৭ নং গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওঝা আৰু স্থানীয় বিধায়িকা নন্দিতা দাসে। সেইমতেই প্ৰায় তিনিমাহ পূৰ্বে অৰ্থাৎ খৰালী দিনত আৰম্ভ  হৈছিল পথটিৰ নিৰ্মাণকাৰ্য্য। কিন্তু সামান্য পৰিমানৰ (৫%)কাম কৰিয়েই উধাও হয় কামৰ দায়িত্বত থকা ঠিকাদাৰ পৱণ বৰুৱা। যাৰ বাবে আজিও আধৰুৱা হৈয়ে থাকিল মথাউৰিটোৰ নিৰ্মানকাৰ্য। ফলত চিন্তিত হৈ পৰিছে মথাউৰিটোৰ ভিতৰফালে বসবাস কৰা লোকসকল। উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ জলসম্পদ বিভাগক আবেদন নিবেদন কৰিও নাপালে কোনো সুফল। বাৰিষাৰ পূৰ্বেই মথাউৰিটোৰ নিৰ্মাণ কাৰ্য সম্পুৰ্ণ নহলে পুনৰ এক অনাকাংক্ষিত পৰিৱেশৰ সন্মুখীন হব লাগিব বুলি  গাঁওবাসীয়ে মন্তব্য কৰে। সেয়ে বাৰিষাৰ পূৰ্বেই মথাউৰিটোৰ নিৰ্মাণ কাৰ্য সম্পুৰ্ণ কৰিবলৈ ৰাজ্যৰ নৱ নিৰ্বাচিত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাক অঞ্চলটোৰ ৰাইজে দাবী জনোৱাৰ লগতে নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা ঠিকাদাৰ পৱণ বৰুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই। 

ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণত জড়িত পালচাৰ বাইক জব্দ, আটক এজন

ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত জড়িত থকা পালচাৰ বাইক জব্দ কৰিছে আৰক্ষীয়ে। লগতে এই বিস্ফোৰণত জড়িত এজন লোকক আটক কৰিছে আৰক্ষীয়ে। ধৃত যুৱক জন লক্ষীপথাৰ দেওঘৰীয়া গাঁৱৰ হীৰেণ গগৈ। পূৰ্বে কেইবাটাও ধন দাবী আৰু ডকাইতি গোচৰতো জড়িত আছিল এই যুৱকজন। পুৱতি নিশা চাৰি বজাত লক্ষীপথাৰ বাসগৃহৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুৰ্বৃত্তটোক। আৰক্ষী উপ-মহাপৰিদৰ্শক জিৎমল দলেৰ নেতৃত্বত বৰ্তমানেও দুই দুৰ্বৃত্তৰ সন্ধানত অভিযান চলাই আছে আৰক্ষীয়ে। বৰ্তমান যুৱকজনক জিৎমল দলেৰ তত্ত্বাৱধানত জেৰা অব্যাহত ৰখা হৈছে।

অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অতি সোনকালে ৰিতুলক উদ্ধাৰৰ আশ্ৱাস

আলফা স্ৱাধিনে অপহৰণ কৰা বৰহোলাৰ ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বৰহোলাৰ নাঙল গাঁৱত ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক লগ কৰা লগতে ৰিতুল শইকীয়াৰ অসুখীয়া মাতৃৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে।গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে আহি ন পাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অৱতৰণ কৰি পোনে পোনে ৰিতুল শইকীয়াৰ বাসগৃহলৈ যায় মুখ্যমন্ত্ৰী শৰ্মাই।উল্লেখ্য, অপহৃত ONGCৰ কৰ্মচাৰী ৰিতুল শইকীয়া ম্যানমাৰত আছে আৰু ভালে আছে বুলি জনাইছিল মুখ্যমন্ত্ৰীয়ে। ৰিতুলক উভতাই অনাৰ বাবেও চৰকাৰে পদক্ষেপ লোৱা বুলি জনায় মুখ্যমন্ত্ৰী শৰ্মাই।