Breaking

সোনাই নৈত গা ধুবলৈ গৈ ৰহস্য জনক সন্ধানহীন এজন ২৩ বছৰীয়া যুৱক ৷

0 559

মৰিগাঁৱৰ ছাটনগুৰিৰ সোনাই নৈত গা ধুবলৈ গৈ ৰহস্য জনক সন্ধানহীন এজন ২৩ বছৰীয়া যুৱক ৷ জানিব পৰা মতে কালি সন্ধিয়া ৬ মান বজাত ৭ জন বন্ধুৰ সৈতে মৰিগাঁও নগৰৰ পৰা ছাটনগুৰিৰ সোনাই নৈত গা ধুবলৈ গৈছিল নিলম নাথ। কিন্তু গা ধুৱা অৱস্থাতে ৰহস্য জনক ভাৱে সন্ধানহীন হৈ পৰে নিলম নাথ ৷ প্ৰকৃততে নৈত মৃত্যুক আকোৱা্লি ললে নে লগৰ বন্ধুৱে হত্যা কৰিছে সেয়া বৰ্তমান পোহৰলৈ অহা নাই ৷নিলম নাথ পেছাত এজন ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক আৰু পিতৃ এজন কনিষ্টবল।নিলমৰ ঘৰ চৰাইবাহী।ইতিমধ্যে বন্ধু ৬ জনক আটক কৰিছে মৰিগাঁও আৰক্ষীয়ে ৷ লগতে ঘটনাস্থলীত আৰক্ষী আৰু SDRF ৰ জোৱান উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।SDRF বাহিনীয়ে নৈত মৃতদেহটো উদ্ধাৰ বাবে নামিছে।১ঘন্টাযোৱা SDRF বিচাৰি ফুৰাত অৱশেষত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু মৰোওনৰ পৰীক্ষা কাৰণে মৰিগাঁও অসামৰিক চিকিৎসালৈ প্ৰেৰণ কৰা হয়।

Leave A Reply