Breaking

২ টা পিষ্টলসহ যুৱকক আটক বোকাজানৰ খটখটী আৰক্ষীৰ

0 1,547

বোকাজানৰ খটখটী আৰক্ষীৰ জালত দুটা পিষ্টল সহ যুৱক । বোকাজানৰ SDPO জন দাস , বৰপথাৰ CI ভূপেন কলিতা আৰু খটখটী OC মৌব্লিক ব্ৰহ্মই অভিযান চলাই উদ্ধাৰ কৰে পিষ্টল দুটা ।

বোকাজান আৰক্ষীয়ে এক বিশেষ খবৰৰ ভিত্তিত খটখটীত নাকা তালাচীত এজন যুৱকক তালাচী চলাওঁতে আৰক্ষীৰ জালত পৰে ধৃত চাহিল খানক।

ধৃত চাহিল খানৰ পৰা এটা .২২ পিষ্টল আৰু এটা ৭.৬৫ পিষ্টলৰ সৈতে ৭ জাই সজীৱ গুলি উদ্ধাৰ কৰে আৰক্ষীয়ে । আৰক্ষীৰ তদন্তত পিষ্টল দুটা বিক্ৰীৰ উদ্দেশ্যে আনিছিল বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে অধিক তথ্য দাঙি ধৰিব বুলি জানিবলৈ দিয়ে ।

Leave A Reply