Breaking

অপৰাধ জগতৰ এক ক’লা অধ্যায়ৰ অন্ত: আৰক্ষীৰ গুলীত নিহত ছুপাৰী কিলাৰ বুবু কোঁৱৰ

0 2,104

অৱশেষত আৰক্ষীৰ গুলীত নিহত হ’ল অসমৰ এটা কুখ্যাত অপৰাধী বুবু কোঁৱৰ। গেলেকীত আৰক্ষীৰে সংঘৰ্ষত বুধবাৰে সন্ধিয়া নিহত হয় কুখ্যাত অপৰাধীটো। বিগত দুটা দশক ধৰি হত্যা, ছুপাৰি কিলাৰ, গাড়ী চুৰি, হানি ট্ৰেপিঙেৰে ৰাজ্যজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল বুবুৱে। ৪২টাকৈ হত্যাকাণ্ডত জড়িত আছিল বুবু কোঁৱৰ।

কোঁৱৰে গাড়ী চুৰি চক্ৰৰ নেতৃত্ব লৈ হত্যা কৰিছিল বহুকেইজন গাড়ীচালকক। ২০১২ চনত হত্যা কৰিছিল প্ৰসিদ্ধ চিকিত্সক মৃদুল বৰুৱাক। সেইটো বছৰতে বুবুয়ে হত্যা কৰিছিল কংগ্ৰেছ নেতা হেমন্ত বৰুৱা আৰু ব্যৱসায়ী কে এল গিলোৰিয়াক। ২০১৪ চনত বুবুৱে হত্যা কৰিছিল এজন প্ৰধান শিক্ষক ডি এন গগৈক।২০১৬ চনত যেতিয়া আৰক্ষীয়ে বুবুক গ্ৰেপ্তাৰ কৰিছিল, অপৰাধীটোৱে সাংবাদিকৰ কেমেৰাৰ সন্মুখত নিজেই স্বীকাৰ কৰিছিল কেইটাবাও হত্যাকাণ্ড কৰাৰ কথা। ১৬ বছৰ বয়সতে অপৰাধ জগতত ভৰি দিয়া বুবুৱে চলাইছিল হানী ট্ৰেপিং চক্ৰ।

Leave A Reply