Home Blog Page 2967

হোজাইত কোভিড পৰিস্থিতিক লৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰ্যালোচনা বৈঠক, পৰিদৰ্শন কৰিলে ভেকচিন প্ৰদান কেন্দ্ৰ

হোজাই জিলাৰ কোভিড পৰিস্থিতিৰ বুজ ল’বলৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি জিলাখনত উপস্থিত হয়। দুপৰীয়া শংকৰদেৱ নগৰস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই উপায়ুক্ত কাৰ্যালয়ত কোভিড পৰিস্থিতিক লৈ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে বিধায়ক ৰামকৃষ্ণ ঘোষ, যমুনামুখৰ বিধায়ক চিৰাজউদ্দিন আজমল, উপায়ুক্ত, আৰক্ষী অধীক্ষক সহ অন্যান্য বিষয়াসকল।

পৰ্যালোচনা বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমক সম্বোধন কৰি কয় যে জিলাখনত ৬৭টা ভেকচিন কেন্দ্ৰ আছে। কেন্দ্ৰকেইটাত মেগা ভেকচিন প্ৰদানৰ প্ৰথম দিনা ১০ হাজাৰ ৫০০, দ্বিতীয় দিনা ৬ হাজাৰ ৮০০ লোকক ভেকচিন দিয়া হৈছে বুলি উল্লেখ কৰি আজিৰ দিনটোত ১৩ হাজাৰ লোকক ভেকচিন দিয়াৰ লক্ষ্য লোৱা হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

ইয়াৰ উপৰি তেওঁ আৰু কয় যে বৰ্তমান যিধৰণে ভেকচিন দিয়াৰ প্ৰক্ৰিয়া চলি আছে এনেদৰে চলি থাকিলে দুমাহৰ ভিতৰত জিলাখনত ভেকচিন  প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। লগতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত সৰ্বাধিক ভেকচিন অনাৰ প্ৰয়াস চলি আছে বুলি দোহাৰে মন্ত্ৰী শুক্লবৈদ্যই।

অন্যহাতে, হোজাইৰ দীঘলবালি আৰু কোমাৰাকটা সংৰক্ষিত বনাঞ্চলত  মাটি মাফিয়াই অবৈধ খনন চলাই বনাঞ্চলৰ ভূমি কাটি ডাম্পাৰ, ট্ৰাক আৰু ট্ৰেক্টৰৰ জৰিয়তে বিক্ৰী কৰি থকা কাৰ্যৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা ল’ব বুলি মন্ত্ৰীজনে ঘোষণা কৰে। কোভিড পৰিস্থিতিৰ বাবে কিছু কিছু ঠাইত স্থবিৰ হৈ পৰা উচ্ছেদ প্ৰক্ৰিয়াও পৰ্যায়ক্ৰমে চলাই যাবলৈ সাজু আছোঁ বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ কুখ্যাত ৰাজা আলি

ডিব্ৰুগড়ত পুনৰ ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ।ডিব্ৰুগড়ৰ আন এক পুৰণি কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৰাজা আলি এইবাৰ ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিল।এই ড্ৰাগছ বিৰোধী অভিযানত ডিব্ৰুগড় আৰক্ষীৰ দ্বাৰা বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ সহ গ্ৰেপ্তাৰ হয় কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৰাজা আলি।
একালৰ কুখ্যাত ড্ৰাগছ মাফিয়া ইলাহী শ্বেইখৰ চহৰৰ কালিবাৰীৰ গৃহৰ সমীপত চলোৱা এই অভিযানত প্ৰায় ৫১ গ্ৰাম ব্ৰাউন ছুগাৰ আৰু ১৫ গ্ৰাম হেৰ’ইন সহ গ্ৰেপ্তাৰ হয় ৰাজা।ৰাজাৰ শহুৱেকৰ কালিবাৰীৰ গৃহৰ পৰা এই ড্ৰাগছ সহ আৰক্ষীৰ দলটোৱে গ্ৰেপ্তাৰ কৰে ৰাজাক।

পূৰ্বে বহুবাৰ আৰক্ষীৰ জালত পৰা ৰাজাৰ বিৰুদ্ধে এই অভিযানৰ নেতৃত্ব লৈছিল ডিব্ৰুগড় সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া,নগৰ আৰক্ষী পৰিদৰ্শক অৰ্জুন সিং সহ সদৰ থানাৰ এটা দলৰ লগতে সহযোগ কৰিছিল চি আৰ পি এফৰ ১৭১ বেটেলিয়ানৰো এটা বৃহৎ দলে।আৰক্ষীৰ মতে এই ড্ৰাগছ খিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য বহুলক্ষাধিক টকা হব।

ৰে’লৰ আগত জপিয়াই আত্মহত্যা ড্ৰাগছ আসক্তৰ।

ৰে’লৰ আগত জপিয়াই আত্মহত্যা এজন ড্ৰাগছ আসক্ত লোক এজনৰ। আত্মহত্যাৰ দৰে চৰম পথ বাচি লোৱা লোকজনৰ নাম ৰমেন দাস(৩২)।জানিব পৰা দিয়া অনুসৰি দীৰ্ঘদিনে ড্ৰাগছ সেৱন কৰি পত্নী আৰু মাতৃক নিৰ্যাতন চলাই আহিছিল ৰমেন দাসে। আত্মহত্যাৰ আগমুহূৰ্ততো পাৰিবাৰিক কন্দলত লিপ্ত হৈছিল পুত্ৰ-স্বামী-পিতৃ ৰমেন দাসে। বিগত ২বছৰৰ পৰা ড্ৰাগছ সেৱন কৰি আহিছিল ৰমেন দাসে। এগৰাকী চালক হিচাপে পৰিচিত ৰমেন দাস পূৰ্বে দুই বছৰ বকো থানাত চালক হিচাপে কৰ্মৰত আছিল।

কুৰিয়াৰত অসমলৈ সৰবৰাহ মাৰাত্মক ড্রাগ্ছ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত অসম আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে৷ নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ এ টি চি কুৰিয়াৰ সেৱাৰ পৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে৷ মুঠ ২ লাখ ৯৯ হাজাৰ চেমপ্লেক্স প্লাছ নামৰ নিচাযুক্ত টেবলেট আৰক্ষীয়ে জব্দ কৰে৷ নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ দলে চলোৱা অভিযানত জব্দ কৰা টেবলেটৰ বজাৰ মূল্য ৪৫ লাখ টকা৷ বিভিন্ন ৰাজ্যৰ পৰা কুৰিয়াৰ সেৱাৰ জৰিয়তে অসমলৈ ড্রাগ্ছ অহাৰ এটা গোচৰৰ তদন্ত অব্যাহত ৰখাৰ সময়ত নগাঁও আৰক্ষীয়ে লাভ কৰে এই বৃহৎ সফলতা৷

এই ড্রাগ্ছ কুৰিয়াৰ ব্যৱস্থাৰ জৰিয়তে কোনে সৰবৰাহ কৰিছে আৰক্ষীয়ে এই সম্পর্কত অনুসন্ধান অব্যাহত ৰাখিছে৷ এই কেপছুলখিনি হিমাচল প্রদেশৰ কালা আম্ব জিলাৰ অৰিচন ফার্মা ইণ্টাৰনেচনেল নামৰ কোম্পানীটোৰ পৰা কোনো অসাধু লোকে কুৰিয়াৰ যোগে ক্রয় কৰি আনিছিল৷ ইফালে, নগাঁও আৰক্ষীয়ে যোৱানিশা নগাঁও চহৰৰ এটা ভাৰাঘৰৰ পৰা কেইবা লক্ষ টকাৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰা, নগাঁও নগৰ শাখাৰ উপ– পৰিদর্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় নগাঁও চহৰৰ হয়বৰগাঁৱত৷ হয়বৰগাঁৱৰ এটা ভাৰাঘৰৰ পৰা অভিযান চলাই আৰক্ষীৰ দলে বুজন পৰিমাণৰ হেৰ’ইনসহ চাৰিটাকৈ কুখ্যাত ড্রাগ্ছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়৷ হয়বৰগাঁৱত ভাৰাঘৰ লৈ ড্রাগ্ছৰ বিশাল সাম্রাজ্য গঢ়ি তোলা মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ জহিৰুল ইছলাম, তেওঁৰ পত্নী ছেলিমা খাতুন, লাহৰীঘাটৰ মজিবুৰ ৰহমান আৰু মৈৰাবাৰীৰ আনিৰুল ইছলামক গ্রেপ্তাৰ কৰিবলৈও সক্ষম হয় আৰক্ষীৰ দলটোৱে৷ ধৃত ড্রাগ্ছ ব্যৱসায়ীকেইটাক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে৷

বিশেষ বার্তা, বঙাইগাঁওঃ বঙাইগাঁৱত আৰক্ষীয়ে অভিযান চলাই ড্রাগ্ছসহ দুই ব্যৱসায়ীক গ্রেপ্তাৰ কৰে৷ ধৃত যুৱকদ্বয় হ’ল ভাকাৰিভিটাৰ বিকি ৰায় (২০) আৰু বৰপাৰাৰ সুব্রত শর্মা (২১)৷ অভিযানকাৰী আৰক্ষী দলে প্রথমতে বিকি ৰায়ৰ ঘৰত তালাচী চলাই দুটা ড্রাগ্ছভর্তি কণ্টেনাৰ জব্দ কৰে৷ ইয়াৰ পিছতে আৰক্ষীয়ে বৰপাৰাৰ এঠাইত সুব্রত শর্মাক কৰায়ত্ত কৰে আৰু লগতে দুটা ড্রাগ্ছভর্তি কণ্টেনাৰ জব্দ কৰে৷ নিয়মীয়া বার্তা, ধিং ঃ ৰাজ্যৰ আন আন ঠাইৰ লগতে ধিঙতো অব্যাহত আছে ড্রাগ্ছবিৰোধী অভিযান৷ আজি পুনৰ ধিঙৰ সোণাৰি গাঁৱৰ কাবিল আলী নামৰ লোকজনৰ ঘৰৰ পৰা নগাঁও, জাজৰি আৰু ধিং আৰক্ষীয়ে অভিযান চলাই প্রায় ৩,০০০ নিচা জাতীয় টেবলেট আৰু নগদ ৮৬ হাজাৰ টকা উদ্ধাৰ কৰে৷ লগতে এখন বিলাসী গাডী জব্দ কৰে৷

BREAKING অসম আৰক্ষীয়ে ১ লাখ টকাৰ নগত ধন আগবঢ়ালে বৰসিং বেক

DGPয়ে মৰমতে ঘোচা মাৰি ১ লাখ টকাৰ নগত ধন আগবঢ়ালে বৰসিং বেকIহোমগাৰ্ড বৰছিং বে’ক সম্বৰ্ধনা অসম আৰক্ষীৰ। ১ লাখ টকা নগদ ধন হোমগাৰ্ড বৰছিং বে’ক। ১২ কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছিল হোমগাৰ্ডজনে। আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান।

শিৱসাগৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত : ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন

শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত স্থাপন কৰা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ আজি পৰিদৰ্শন কৰে  অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। শিৱসাগৰ জিলা ভ্ৰমণ কালত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰাজমাই চাহ বাগিচা, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, কোঁৱৰপুৰ স্থিত সৃষ্টি বিকাশ কেন্দ্ৰ আৰু আমগুৰিৰ আউনিআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক’ভিড প্ৰতিষেধক কেন্দ্ৰকেইটা পৰিদৰ্শন কৰি জিলাখনত ব্যাপক ক’ভিড প্ৰতিষেধক অভিযানৰ ৰূপায়ণকাৰ্য নিৰীক্ষণ কৰে। স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে তেওঁৰ পৰিদৰ্শন কালত প্ৰতিষেধক প্ৰদানৰ লগত জড়িত স্বাস্থ্য কৰ্মী, সহায়ক, কাৰিকৰী ব্যক্তিসকল আৰু প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা লোকসকলৰ সৈতে মত- বিনিময় কৰে। তেওঁ কেন্দ্ৰসমূহৰ আন্তঃগাথঁনি, ক’ভিড বিধি পালন তথা অন্যান্য সা-সুবিধা সমূহৰ বিষয়ে বিস্তৃতভাৱে বুজ লয়। কেন্দ্ৰসমূহ পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে যোৱা ২১ জুনৰ পৰা আৰম্ভ হোৱা ব্যাপক ক’ভিড প্ৰতিষেধক অভিযান সফলতাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীত সন্তুষ্টি প্ৰকাশ কৰে। প্ৰতিষেধক প্ৰদানৰ নিৰ্ধাৰিত দৈনিক লক্ষ্যতকৈ অধিক প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ বাবে মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসনৰ শলাগ লয়। এই প্ৰতিষেধক অভিযানৰ প্ৰতি আগবঢ়োৱা স্বতঃস্ফূৰ্ত আৰু অত্যন্ত ইতিবাচক সঁহাৰিৰ বাবে স্বাস্থ্যমন্ত্ৰী মহন্তই ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। জিলাখনৰ ১৮ বছৰ বয়সৰ উৰ্ধৰ সকলো ব্যক্তিয়ে ক’ভিডৰ প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ জিলাখনৰ বাবে প্ৰয়োজনীয় ক’ভাক্সিনৰ দ্বিতীয় পালি অতিশীঘ্ৰে প্ৰেৰণ কৰা হ’ব বুলি অৱগত কৰে। মন্ত্ৰী গৰাকীয়ে আজি শিৱসাগৰৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ পৰা জিলাখনৰ সাম্প্ৰতিক ক’ভিড-১৯ পৰিস্থিতি সম্পৰ্কে বুজ লয়। মন্ত্ৰী গৰাকীৰ পৰিদৰ্শন কালত স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ ৰথীন্দ্ৰ নাথ ভূঞা, স্বাস্থ্য বিভাগৰ উপ-সচিব কমলজিত তালুকদাৰ, জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মা, মুখ্য চিকিৎসা বিষয়া ডাঃ হেমন্ত বৰুৱা, অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া (পৰিয়াল কল্যাণ), আমগুৰি আৰু ডিমৌৰ ৰাজহ চক্ৰ বিষয়া ক্ৰমে মিতালী লাহন আৰু ফিলিছ ৰাংচাল, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী আৰু সমাজকৰ্মী সুৰভি ৰাজকোঁৱৰী উপস্থিত থাকে। প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ পৰিদৰ্শনৰ অন্তত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ১৯৬২ চনতে স্থাপন স্থাপন হোৱা জাঁজীত স্থিত জাঁজী সহকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি পৰিদৰ্শন কৰে। তেওঁ স্বাস্থ্য কেন্দ্ৰটিত কৰ্মৰত চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলৰ সৈতে মত-বিনিময় কৰি স্বাস্থ্য কেন্দ্ৰটিৰ অভাৱ আৰু সমস্যা সমূহৰ বিষয়ে বুজ লয়।

শতাধিক গাঁও স্পৰ্শ কৰিব পৰা পথৰ দুৰৱস্হা

কামৰূপ জিলাৰ ছয়গাঁও উন্নয়ন খণ্ডৰ অধীনৰ পশ্চিম ছয়গাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত শিংখাট উপ_পথত  কলহী নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত শতাধিক গাঁৱ স্পৰ্শ কৰিব পৰা পথটোৰে এতিয়া সম্পূৰ্ণ ৰূপে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে।যাৰ ফলত ছয়গাঁও চহৰলৈ দৈনন্দিন সেই পথছোৱাৰে অহাযোৱা কৰা সহস্ৰাধিক লোকে বহু দূৰৈৰ পথেৰে যাতায়াত কৰিব লগা হৈছে। ভুক্ত ভোগী পথচাৰীয়ে জানিবলৈ দিয়া মতে আজি প্ৰায় দুবছৰ আগতে পঞ্চায়ত পথটোৰ অধীনৰ এগৰাকী বিষয়াই সেই পথছোৱাৰ কাম বিভাগীয় ভাবে কেবাকোটি টকাৰে আৰম্ভ কৰি শেষ নহোৱাকৈ সম্পূৰ্ণ টকা মোকলাই লৈ ‍এতিয়া এই দুৰ্যোগৰ সময়ত পথচাৰীয়ে বাৰাম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা পিছতো কাণসাৰ  নাই কৰ্তৃপক্ষৰ।এতিয়া খহনীয়াৰ খবৰ ছয়গাঁও স্হিত পথ উপসংমণ্ডল কাৰ্যালয়ৰ জৰিয়তে লাভ কৰা পিছতহে জল সম্পদ বিভাগৰ পশ্চিম গুৱাহাটী সংমণ্ডলৰ সহকাৰী অভিযন্তা ছাহিদ জামান আৰু অনুৰাগ শইকীয়া উপস্থিত হৈ কেইবাজনো শ্ৰমিক লগাই সাধাৰণ বাঁহৰ বেৰ লগাই জোৰাটাপলি মাৰিবলৈ লোৱাত জাঙুৰ খাই উঠে উপস্হিত পথচাৰী সকল।তেওঁলোকৰ মতে বিভাগীয় ভাবে কলহীৰ বাঢ়নী পানী নাহোতেই কৰ্তৃপক্ষই যদি জি’অ বেগ  আৰু পাৰ্কুপাইনৰ দ্বাৰা পথ মেৰামতি নকৰে তেতিয়াহ’লে পথটো সম্পূৰ্ণকৈ কলহীৰ বুকুত জাহ যাব আৰু দৈনন্দিন সহস্ৰাধিক লোকৰ ছয়গাঁও চহৰলৈ যোগাযোগ নিঃ চিন্ন হৈ পৰিব।গতিকে শতাধিক গাঁৱ স্পৰ্শ কৰিব পৰা এইপথটোৰ কাম অনতিপলমে আৰম্ভ কৰিবলৈ ভুক্ত ভোগী পথচাৰীয়ে উৰ্ধতন কৰ্তৃপক্ষক অনুৰোধ জনাইছে।

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ টিকাকৰণ অভিযান পৰিদৰ্শন

মাননীয় অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চলিত টিকাকৰণ অভিযান পৰিদৰ্শন কৰিবলৈ আজি মহানগৰৰ বিভিন্ন চিভিচি পৰিদৰ্শন কৰে। এই ভ্ৰমণত তেওঁৰ সৈতে উপস্থিত থাকে মহানগৰ উপযুক্ত শ্ৰী বিশ্বজিৎ পেগু ,আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়াসকল।

টালি টোপোলা বান্ধি যাবলৈ ওলাইছে MOTHER OLD AGE HOMEৰ আইতাসকল।

মাদাৰ অল্ড এজ হ’ম – ৰাজ্যখনৰ এটা পৰিচিত বৃদ্ধাবাস। ৯ বছৰ পূৰ্বে স্থাপন কৰা হৈছিল Mother old age homeনামৰ এই বৃদ্ধাশ্ৰমখন। নিজৰ আপোন ঘৰখনৰ পৰা এলাগী হৈ এই বৃদ্ধাবাস খনকেই নিজৰ ঘৰ বুলি মানি জীৱনৰ অন্তিম দিন কেইটা পাৰ কৰি আহিছিল বৃদ্ধাসকলে। যদিও আজি সেই দূৰ্ভগীয়া বৃদ্ধা সকলৰ বাবে এইঘৰখনো এলাগী হৈ পৰিল। বৃদ্ধাবাসখনৰ সভাপতি আৰু সম্পাদকৰ গৃহ কন্দলৰ বলি হ’বলগীয়া হৈছে এই আইতাসকল। মণিকা শৰ্মা আৰু উৎপল হর্ষবর্ধনৰ প্ৰচেষ্টাত ৯ বছৰ পূৰ্বে গঢ় লৈ উঠিছিল এই বৃদ্ধাশ্ৰম খন। ব্যক্তিগত কথাৰ বাবেই হওক, ৯ বছৰ পূৰ্বে জন্ম দিয়া ‘মাদাৰ অ’ল্ড এজ হ’ম’ৰ সেই মহান উদ্দেশ্যৰ কথা ক’ৰবাতে এৰিলে মণিকা-উৎপলে। বৃদ্ধাবাসখনত থকা বৃদ্ধা সকলৰ দুখ-কষ্টৰ কথা পাহৰি দুয়োৱে ব্যক্তিগত স্বাৰ্থকহে বেছিকৈ প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে। বিগত ৬ মাহ ধৰি ঘৰুৱা কন্দলৰ বলি হোৱা বৃদ্ধাসকলে মানসিক অশান্তিত ভূগি বৃদ্ধাশ্ৰমখন এৰিবলৈও সাজু হৈছে। চকুলো ভৰা নয়নেৰে পূৰ্বৰ সকলোবোৰ দুখ পাহৰি আকৌ এবাৰ নিজৰ বুলি মানি লোৱা এই ঘৰখন এৰিব লগীয়া হোৱাত ভাগি পৰিছে আইতা সকল। যদিও সুখ বিচাৰি এই ঘৰখনো এৰিবলৈ সাজু হৈছে আইতাসকল। ইয়াৰ পিছতেই মনালিছা চ’ছাইটিৰ অন্তৰ্গত প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল ট্ৰাষ্টলৈ লৈ যোৱা হৈছে বৃদ্ধা সকলক। Mother old age home এৰি অহা বৃদ্ধা সকলৰ এতিয়া পৰৱৰ্তী ঠিকনা হ’ব বেলতলা ছাৰ্ভেস্থিত অজন্তা পথৰ প্ৰমোদ তালুকদাৰ memorial trust। ইয়াৰ প্ৰকৃত বিচাৰ কি হব পৰৱৰ্তী পৰ্য্যায়ত উল্লেখনীয় হব ।

কাকজানত ক’ভিড টীকাকৰণ কেন্দ্ৰত মন্ত্ৰী ডা° ৰণোজ পেগু

ৰাজ্যত যি বৰ্ধিত ক’ভিদৰ টীকাকৰণ প্ৰক্ৰিয়া চলি আছে সেই প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিবৰ বাবে আজি কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ টীকাকৰণ কেন্দ্ৰত আহি উপস্থিত হয় যোৰহাট জিলাৰ অভিভাৱক মন্ৰী ডা° ৰনোজ পেগু ৷ উপস্থিত হৈ কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ  সমস্যাৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷ সংবাদিকৰে হোৱা কথাবতৰাত মন্ৰী গৰকীয়ে প্ৰকাশ কৰে যে এই টীকাকৰনক লৈ চৰকাৰে যি পৰিকল্পনা এটা দিনত ৩লাখ লোকক টীকাকৰণ কৰা হ’ব সেই বিষয়ত বিগত দিনকেইটাত চৰকাৰ লক্ষ্যত উপনীত হৈছে আৰু পৰবৰ্তী দিনকেইটাটো সকলোৰে সহযোগত লক্ষ্যত উপনীত হ’ব ৷ এই ক্ষেত্ৰত চাহ বাগিছা অঞ্চলত সজাগতা অনাৰ প্ৰয়োজনৰ কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷