Breaking

কাকজানত ক’ভিড টীকাকৰণ কেন্দ্ৰত মন্ত্ৰী ডা° ৰণোজ পেগু

0 1,545

ৰাজ্যত যি বৰ্ধিত ক’ভিদৰ টীকাকৰণ প্ৰক্ৰিয়া চলি আছে সেই প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিবৰ বাবে আজি কাকজান উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ টীকাকৰণ কেন্দ্ৰত আহি উপস্থিত হয় যোৰহাট জিলাৰ অভিভাৱক মন্ৰী ডা° ৰনোজ পেগু ৷ উপস্থিত হৈ কেন্দ্ৰটো পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ  সমস্যাৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে ৷ সংবাদিকৰে হোৱা কথাবতৰাত মন্ৰী গৰকীয়ে প্ৰকাশ কৰে যে এই টীকাকৰনক লৈ চৰকাৰে যি পৰিকল্পনা এটা দিনত ৩লাখ লোকক টীকাকৰণ কৰা হ’ব সেই বিষয়ত বিগত দিনকেইটাত চৰকাৰ লক্ষ্যত উপনীত হৈছে আৰু পৰবৰ্তী দিনকেইটাটো সকলোৰে সহযোগত লক্ষ্যত উপনীত হ’ব ৷ এই ক্ষেত্ৰত চাহ বাগিছা অঞ্চলত সজাগতা অনাৰ প্ৰয়োজনৰ কথা প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ৷

Leave A Reply