Breaking

শতাধিক গাঁও স্পৰ্শ কৰিব পৰা পথৰ দুৰৱস্হা

0 54

কামৰূপ জিলাৰ ছয়গাঁও উন্নয়ন খণ্ডৰ অধীনৰ পশ্চিম ছয়গাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত শিংখাট উপ_পথত  কলহী নৈয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত শতাধিক গাঁৱ স্পৰ্শ কৰিব পৰা পথটোৰে এতিয়া সম্পূৰ্ণ ৰূপে যাতায়াত ব্যৱস্থা বন্ধ হৈ পৰিছে।যাৰ ফলত ছয়গাঁও চহৰলৈ দৈনন্দিন সেই পথছোৱাৰে অহাযোৱা কৰা সহস্ৰাধিক লোকে বহু দূৰৈৰ পথেৰে যাতায়াত কৰিব লগা হৈছে। ভুক্ত ভোগী পথচাৰীয়ে জানিবলৈ দিয়া মতে আজি প্ৰায় দুবছৰ আগতে পঞ্চায়ত পথটোৰ অধীনৰ এগৰাকী বিষয়াই সেই পথছোৱাৰ কাম বিভাগীয় ভাবে কেবাকোটি টকাৰে আৰম্ভ কৰি শেষ নহোৱাকৈ সম্পূৰ্ণ টকা মোকলাই লৈ ‍এতিয়া এই দুৰ্যোগৰ সময়ত পথচাৰীয়ে বাৰাম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা পিছতো কাণসাৰ  নাই কৰ্তৃপক্ষৰ।এতিয়া খহনীয়াৰ খবৰ ছয়গাঁও স্হিত পথ উপসংমণ্ডল কাৰ্যালয়ৰ জৰিয়তে লাভ কৰা পিছতহে জল সম্পদ বিভাগৰ পশ্চিম গুৱাহাটী সংমণ্ডলৰ সহকাৰী অভিযন্তা ছাহিদ জামান আৰু অনুৰাগ শইকীয়া উপস্থিত হৈ কেইবাজনো শ্ৰমিক লগাই সাধাৰণ বাঁহৰ বেৰ লগাই জোৰাটাপলি মাৰিবলৈ লোৱাত জাঙুৰ খাই উঠে উপস্হিত পথচাৰী সকল।তেওঁলোকৰ মতে বিভাগীয় ভাবে কলহীৰ বাঢ়নী পানী নাহোতেই কৰ্তৃপক্ষই যদি জি’অ বেগ  আৰু পাৰ্কুপাইনৰ দ্বাৰা পথ মেৰামতি নকৰে তেতিয়াহ’লে পথটো সম্পূৰ্ণকৈ কলহীৰ বুকুত জাহ যাব আৰু দৈনন্দিন সহস্ৰাধিক লোকৰ ছয়গাঁও চহৰলৈ যোগাযোগ নিঃ চিন্ন হৈ পৰিব।গতিকে শতাধিক গাঁৱ স্পৰ্শ কৰিব পৰা এইপথটোৰ কাম অনতিপলমে আৰম্ভ কৰিবলৈ ভুক্ত ভোগী পথচাৰীয়ে উৰ্ধতন কৰ্তৃপক্ষক অনুৰোধ জনাইছে।

Leave A Reply