হোজাইত কোভিড পৰিস্থিতিক লৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ পৰ্যালোচনা বৈঠক, পৰিদৰ্শন কৰিলে ভেকচিন প্ৰদান কেন্দ্ৰ

হোজাই জিলাৰ কোভিড পৰিস্থিতিৰ বুজ ল’বলৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি জিলাখনত উপস্থিত হয়। দুপৰীয়া শংকৰদেৱ নগৰস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই উপায়ুক্ত কাৰ্যালয়ত কোভিড পৰিস্থিতিক লৈ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে বিধায়ক ৰামকৃষ্ণ ঘোষ, যমুনামুখৰ বিধায়ক চিৰাজউদ্দিন আজমল, উপায়ুক্ত, আৰক্ষী অধীক্ষক সহ অন্যান্য বিষয়াসকল।

পৰ্যালোচনা বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমক সম্বোধন কৰি কয় যে জিলাখনত ৬৭টা ভেকচিন কেন্দ্ৰ আছে। কেন্দ্ৰকেইটাত মেগা ভেকচিন প্ৰদানৰ প্ৰথম দিনা ১০ হাজাৰ ৫০০, দ্বিতীয় দিনা ৬ হাজাৰ ৮০০ লোকক ভেকচিন দিয়া হৈছে বুলি উল্লেখ কৰি আজিৰ দিনটোত ১৩ হাজাৰ লোকক ভেকচিন দিয়াৰ লক্ষ্য লোৱা হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

ইয়াৰ উপৰি তেওঁ আৰু কয় যে বৰ্তমান যিধৰণে ভেকচিন দিয়াৰ প্ৰক্ৰিয়া চলি আছে এনেদৰে চলি থাকিলে দুমাহৰ ভিতৰত জিলাখনত ভেকচিন  প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব। লগতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত সৰ্বাধিক ভেকচিন অনাৰ প্ৰয়াস চলি আছে বুলি দোহাৰে মন্ত্ৰী শুক্লবৈদ্যই।

অন্যহাতে, হোজাইৰ দীঘলবালি আৰু কোমাৰাকটা সংৰক্ষিত বনাঞ্চলত  মাটি মাফিয়াই অবৈধ খনন চলাই বনাঞ্চলৰ ভূমি কাটি ডাম্পাৰ, ট্ৰাক আৰু ট্ৰেক্টৰৰ জৰিয়তে বিক্ৰী কৰি থকা কাৰ্যৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা ল’ব বুলি মন্ত্ৰীজনে ঘোষণা কৰে। কোভিড পৰিস্থিতিৰ বাবে কিছু কিছু ঠাইত স্থবিৰ হৈ পৰা উচ্ছেদ প্ৰক্ৰিয়াও পৰ্যায়ক্ৰমে চলাই যাবলৈ সাজু আছোঁ বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

Related Articles