Breaking

কুৰিয়াৰত অসমলৈ সৰবৰাহ মাৰাত্মক ড্রাগ্ছ

0 545

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত অসম আৰক্ষীয়ে ড্রাগ্ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে৷ নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ এ টি চি কুৰিয়াৰ সেৱাৰ পৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট জব্দ কৰে৷ মুঠ ২ লাখ ৯৯ হাজাৰ চেমপ্লেক্স প্লাছ নামৰ নিচাযুক্ত টেবলেট আৰক্ষীয়ে জব্দ কৰে৷ নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ দলে চলোৱা অভিযানত জব্দ কৰা টেবলেটৰ বজাৰ মূল্য ৪৫ লাখ টকা৷ বিভিন্ন ৰাজ্যৰ পৰা কুৰিয়াৰ সেৱাৰ জৰিয়তে অসমলৈ ড্রাগ্ছ অহাৰ এটা গোচৰৰ তদন্ত অব্যাহত ৰখাৰ সময়ত নগাঁও আৰক্ষীয়ে লাভ কৰে এই বৃহৎ সফলতা৷

এই ড্রাগ্ছ কুৰিয়াৰ ব্যৱস্থাৰ জৰিয়তে কোনে সৰবৰাহ কৰিছে আৰক্ষীয়ে এই সম্পর্কত অনুসন্ধান অব্যাহত ৰাখিছে৷ এই কেপছুলখিনি হিমাচল প্রদেশৰ কালা আম্ব জিলাৰ অৰিচন ফার্মা ইণ্টাৰনেচনেল নামৰ কোম্পানীটোৰ পৰা কোনো অসাধু লোকে কুৰিয়াৰ যোগে ক্রয় কৰি আনিছিল৷ ইফালে, নগাঁও আৰক্ষীয়ে যোৱানিশা নগাঁও চহৰৰ এটা ভাৰাঘৰৰ পৰা কেইবা লক্ষ টকাৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়৷ নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্রুৱ বৰা, নগাঁও নগৰ শাখাৰ উপ– পৰিদর্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলায় নগাঁও চহৰৰ হয়বৰগাঁৱত৷ হয়বৰগাঁৱৰ এটা ভাৰাঘৰৰ পৰা অভিযান চলাই আৰক্ষীৰ দলে বুজন পৰিমাণৰ হেৰ’ইনসহ চাৰিটাকৈ কুখ্যাত ড্রাগ্ছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়৷ হয়বৰগাঁৱত ভাৰাঘৰ লৈ ড্রাগ্ছৰ বিশাল সাম্রাজ্য গঢ়ি তোলা মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ জহিৰুল ইছলাম, তেওঁৰ পত্নী ছেলিমা খাতুন, লাহৰীঘাটৰ মজিবুৰ ৰহমান আৰু মৈৰাবাৰীৰ আনিৰুল ইছলামক গ্রেপ্তাৰ কৰিবলৈও সক্ষম হয় আৰক্ষীৰ দলটোৱে৷ ধৃত ড্রাগ্ছ ব্যৱসায়ীকেইটাক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে৷

বিশেষ বার্তা, বঙাইগাঁওঃ বঙাইগাঁৱত আৰক্ষীয়ে অভিযান চলাই ড্রাগ্ছসহ দুই ব্যৱসায়ীক গ্রেপ্তাৰ কৰে৷ ধৃত যুৱকদ্বয় হ’ল ভাকাৰিভিটাৰ বিকি ৰায় (২০) আৰু বৰপাৰাৰ সুব্রত শর্মা (২১)৷ অভিযানকাৰী আৰক্ষী দলে প্রথমতে বিকি ৰায়ৰ ঘৰত তালাচী চলাই দুটা ড্রাগ্ছভর্তি কণ্টেনাৰ জব্দ কৰে৷ ইয়াৰ পিছতে আৰক্ষীয়ে বৰপাৰাৰ এঠাইত সুব্রত শর্মাক কৰায়ত্ত কৰে আৰু লগতে দুটা ড্রাগ্ছভর্তি কণ্টেনাৰ জব্দ কৰে৷ নিয়মীয়া বার্তা, ধিং ঃ ৰাজ্যৰ আন আন ঠাইৰ লগতে ধিঙতো অব্যাহত আছে ড্রাগ্ছবিৰোধী অভিযান৷ আজি পুনৰ ধিঙৰ সোণাৰি গাঁৱৰ কাবিল আলী নামৰ লোকজনৰ ঘৰৰ পৰা নগাঁও, জাজৰি আৰু ধিং আৰক্ষীয়ে অভিযান চলাই প্রায় ৩,০০০ নিচা জাতীয় টেবলেট আৰু নগদ ৮৬ হাজাৰ টকা উদ্ধাৰ কৰে৷ লগতে এখন বিলাসী গাডী জব্দ কৰে৷

Leave A Reply