Breaking

শিৱসাগৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত : ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন

0 2,104

শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত স্থাপন কৰা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ আজি পৰিদৰ্শন কৰে  অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। শিৱসাগৰ জিলা ভ্ৰমণ কালত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰাজমাই চাহ বাগিচা, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, কোঁৱৰপুৰ স্থিত সৃষ্টি বিকাশ কেন্দ্ৰ আৰু আমগুৰিৰ আউনিআটীয় হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক’ভিড প্ৰতিষেধক কেন্দ্ৰকেইটা পৰিদৰ্শন কৰি জিলাখনত ব্যাপক ক’ভিড প্ৰতিষেধক অভিযানৰ ৰূপায়ণকাৰ্য নিৰীক্ষণ কৰে। স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে তেওঁৰ পৰিদৰ্শন কালত প্ৰতিষেধক প্ৰদানৰ লগত জড়িত স্বাস্থ্য কৰ্মী, সহায়ক, কাৰিকৰী ব্যক্তিসকল আৰু প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা লোকসকলৰ সৈতে মত- বিনিময় কৰে। তেওঁ কেন্দ্ৰসমূহৰ আন্তঃগাথঁনি, ক’ভিড বিধি পালন তথা অন্যান্য সা-সুবিধা সমূহৰ বিষয়ে বিস্তৃতভাৱে বুজ লয়। কেন্দ্ৰসমূহ পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে যোৱা ২১ জুনৰ পৰা আৰম্ভ হোৱা ব্যাপক ক’ভিড প্ৰতিষেধক অভিযান সফলতাৰে সম্পন্ন কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীত সন্তুষ্টি প্ৰকাশ কৰে। প্ৰতিষেধক প্ৰদানৰ নিৰ্ধাৰিত দৈনিক লক্ষ্যতকৈ অধিক প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ বাবে মন্ত্ৰী গৰাকীয়ে জিলা প্ৰশাসনৰ শলাগ লয়। এই প্ৰতিষেধক অভিযানৰ প্ৰতি আগবঢ়োৱা স্বতঃস্ফূৰ্ত আৰু অত্যন্ত ইতিবাচক সঁহাৰিৰ বাবে স্বাস্থ্যমন্ত্ৰী মহন্তই ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। জিলাখনৰ ১৮ বছৰ বয়সৰ উৰ্ধৰ সকলো ব্যক্তিয়ে ক’ভিডৰ প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ মন্তব্য কৰে। তেওঁ জিলাখনৰ বাবে প্ৰয়োজনীয় ক’ভাক্সিনৰ দ্বিতীয় পালি অতিশীঘ্ৰে প্ৰেৰণ কৰা হ’ব বুলি অৱগত কৰে। মন্ত্ৰী গৰাকীয়ে আজি শিৱসাগৰৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ পৰা জিলাখনৰ সাম্প্ৰতিক ক’ভিড-১৯ পৰিস্থিতি সম্পৰ্কে বুজ লয়। মন্ত্ৰী গৰাকীৰ পৰিদৰ্শন কালত স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ ৰথীন্দ্ৰ নাথ ভূঞা, স্বাস্থ্য বিভাগৰ উপ-সচিব কমলজিত তালুকদাৰ, জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মা, মুখ্য চিকিৎসা বিষয়া ডাঃ হেমন্ত বৰুৱা, অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া (পৰিয়াল কল্যাণ), আমগুৰি আৰু ডিমৌৰ ৰাজহ চক্ৰ বিষয়া ক্ৰমে মিতালী লাহন আৰু ফিলিছ ৰাংচাল, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী আৰু সমাজকৰ্মী সুৰভি ৰাজকোঁৱৰী উপস্থিত থাকে। প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ পৰিদৰ্শনৰ অন্তত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ১৯৬২ চনতে স্থাপন স্থাপন হোৱা জাঁজীত স্থিত জাঁজী সহকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি পৰিদৰ্শন কৰে। তেওঁ স্বাস্থ্য কেন্দ্ৰটিত কৰ্মৰত চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলৰ সৈতে মত-বিনিময় কৰি স্বাস্থ্য কেন্দ্ৰটিৰ অভাৱ আৰু সমস্যা সমূহৰ বিষয়ে বুজ লয়।

Leave A Reply