Home Blog Page 2968

শিৱসাগৰত অত্যাধুনিক ইন্ফ্লেটেবল ক’ভিড চিকিৎসালয় উদ্বোধন স্বাস্থ্য মন্ত্ৰীৰ

অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি শিৱসাগৰ জিলাৰ ৰজাবাৰীস্থিত স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেল প্ৰাংগণত নৱনিৰ্মিত অত্যাধুনিক ইন্ফ্লেটেবল ক’ভিড চিকিৎসালয় এখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। উদ্বোধনকালত স্বাস্থ্য মন্ত্ৰীগৰাকীৰ সৈতে জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুও উপস্থিত থাকে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ক’ভিড চিকিৎসালয়খনৰ ভিতৰত থকা আন্তঃগাঁথনি তথা আনুষংগিক সা-সুবিধাসমূহৰ বিষয়ে বুজ লয়। তেওঁ চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতেও মত-বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত ইন্ফ্লেটেবল ক’ভিড চিকিৎসালয়খনে বৃহত্তৰ শিৱসাগৰবাসী ৰাইজক উপকৃত কৰিব বুলি মতপ্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ৪০খন বিচনাযুক্ত নৱ-নিৰ্মিত ইন্ফ্লেটেবল ক’ভিড হস্পিটেল খনত ২০ খন অত্যাধুনিক আই. চি. ইউ. বিচনা সংলগ্ন হৈ আছে।

এই অনুষ্ঠানত থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বুঢ়াগোঁহাই, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰা, স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ ৰথীন্দ্ৰ নাথ ভূঞা, স্বাস্থ্য বিভাগৰ উপ-সচিব কমলজিত তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মা, অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া (পৰিয়াল কল্যাণ) মুকুল দাস, স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ প্ৰকাশ কলনুৰকাৰো উপস্থিত থাকে।

নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকা দ্বাৰা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন ।

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই আজি নগাঁও জিলাৰ বিভিন্ন স্থানত স্থাপন কৰা ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে।

নগাঁও জিলা ভ্ৰমণ কালত মন্ত্ৰী গৰাকীয়ে নগাঁও সদৰ ৰাজহ চক্ৰ, চামগুৰি ৰাজহ চক্ৰ আৰু ৰহা ৰাজহ চক্ৰৰ বিভিন্ন ক’ভিড প্ৰতিষেধক প্ৰদান শিবিৰ পৰিদৰ্শন কৰে । তদুপৰি মন্ত্ৰী গৰাকীয়ে প্ৰতিষেধক প্ৰদান কাৰ্যৰ লগত জড়িত স্বাস্থ্য কৰ্মী আৰু প্ৰতিষেধক গ্ৰহণ কৰিবলৈ অহা লোকসকলৰ সৈতে মত- বিনিময় কৰাৰ লগতে কেন্দ্ৰ সমূহৰ আন্তঃগাঁথনি তথা অন্যান্য সা-সুবিধা সমূহৰ বিষয়ে বিশদভাৱে বুজ লয়।

কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে ২১ জুন ২০২১ তাৰিখৰ পৰা আৰম্ভ হোৱা বৃহৎ টিকাকৰণ অভিযান সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে, জিলা প্ৰশাসনে প্ৰতিষেধক প্ৰদানৰ নিৰ্ধাৰিত লক্ষ্যতকৈ অধিক প্ৰতিষেধক প্ৰদান কৰিবলৈ সক্ষম হোৱা বিষয়টো নিশ্চিত ভাৱে প্ৰশংসনীয়। তেওঁ বৃহৎ টিকাকৰণ অভিযানৰ প্ৰতি জনসাধাৰণে আগবঢ়োৱা ইতিবাচক সঁহাৰিৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে। লগতে মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, এই ক’ভিড সংক্ৰমণ ৰোধ কৰাত জনসাধাৰণৰ এক গভীৰ দায়িত্ব আছে।

মন্ত্ৰী গৰাকীৰ পৰিদৰ্শন কালত নগাঁও জিলাৰ অভিভাৱক সচিব ৰাজেশ প্ৰসাদ, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপূৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামী, নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রকে প্ৰমুখ্য কৰি জিলা প্ৰশাসনৰ আৰু জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে।

পৰ্বতঝোৰাৰ মদাতীত বনবিভাগ আৰু আৰক্ষীৰ যৌথ অভিযান : জব্দ অৱৈধ কাঠফলা মিলৰ তিনিটাকৈ মেছিনকে ধৰি বৃহৎ পৰিমাণৰ কাঠ

আজি বিটিআৰৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত   মদাতীত বনবিভাগৰ অভিযানত অৱৈধ কাঠফলা মিল সহ বৃহৎ পৰিমাণৰ চোৰাং  কাঠ জব্দ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনা সন্দৰ্ভে জানিব পৰা মতে, এক গোপন  তথ্যৰ ভিত্তিত আজি বিটিএডিৰ পৰ্বতঝোৰাৰ বন বিষয়া পি,ব্ৰহ্ম , পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া ৰিতুৰাজ দলে ,পৰ্বতঝোৰাৰ দন্ডাধীশ, খোৰাঘাটৰ বনাঞ্চলিক  বন সুৰক্ষাৰ কৰ্মকৰ্তাসকলৰ এটি দলে যৌথভাৱে  নদীপথেদি নাওেঁৰে উপস্থিত হৈ দূৰ্গম  মদাতী অঞ্চলত এক অভিযান চলায়। দণ্ডাধীশৰ উপস্থিতিত চলোৱা এই অভিযানটোত অবৈধ ভাবে চলি থকা এটা বৃহৎ কাঠ ফলা মিলৰ তিনিটা মেচিন,  সাতখন ঠেলা গাড়ী আৰু বহু পৰিমাণৰ কাঠ জব্দ হোৱা বুলি প্ৰকাশ। আনহাতে বনবিভাগৰ এই অভিযানৰ উমান পাই  পলাতক অৱস্থাত থকা অবৈধ কাঠফলা মিলটোৰ  মালিককে ধৰি কাঠৰ অৱৈধ ব্যৱসায়ৰ সৈতে জড়িত আন কেইবাজনো ব্যক্তিৰ সন্ধানত বৰ্তমানে আৰক্ষীৰ অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ দিনৰ পৰা অবৈধভাৱে চলাই অহা সামগ্ৰীসমূহ বন বিভাগে জব্দ কৰি পৰ্বতঝোৰাৰ বন বিভাগৰ কাৰ্য্যালয়ত জমা ৰখা হৈছে বুলি জানিব পৰা গৈছে । বন বিভাগে এনে অবৈধ সৰবৰাহকাৰীৰ  অভিযান  অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ।উল্লেখযোগ্য যে একাংশ অবৈধ সৰবৰাহকাৰীৰ কবলৰ পৰি পৰ্বতঝোৰাৰ চিৰ সেউজীয়া বনাঞ্চল আজি ধ্বংসৰ গৰাহত পৰিছে।

কোভিড-19 প্ৰতিষেধকে পুৰুষ আৰু মহিলাৰ উৰ্বৰতা প্ৰভাৱিত কৰে নেকি? কি ক’ব বিচাৰে স্বাস্থ্য মন্ত্ৰালয়ে?

টিকাকৰণৰ ফলত বন্ধ্যাত্ব দাবী কৰা শেহতীয়া প্ৰতিবেদন সমূহৰ মাজতেই, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সোমবাৰে ২১জুন, ২০২১ত এক স্পষ্টীকৰণ জাৰি কৰে। স্পষ্টিকৰণটো অনুসৰি কৰোনাভাইৰাছ ভেকছিনবোৰৰ কোনোটোৱে উৰ্বৰতা প্ৰভাৱিত নকৰে কিয়নো সকলো ভেকছিন আৰু সেইবোৰৰ উপাদানবোৰ প্ৰথমে জন্তুৰ ওপৰত আৰু পিছত মানুহৰ ওপৰত পৰীক্ষা কৰা হয় যাতে তেওঁলোকৰ এনে কোনো পাৰ্শ্বক্ৰিয়া মূল্যাঙ্কন কৰিব পাৰি। তেনে স্থলত কিছুমান সংবাদ মাধ্যমৰ প্ৰতিবেদনে স্বাস্থ্যকৰ্মীসকলৰ এটা অংশত বিভিন্ন অন্ধবিশ্বাস আৰু পৌৰাণিক কাহিনীৰ প্ৰচলনৰ ওপৰত আলোকপাত কৰা দেখা পোৱা গৈছে। ভেকছিনবোৰৰ সুৰক্ষা আৰু কাৰ্যকাৰীতা নিশ্চিত হোৱাৰ পিছতহে ব্যৱহাৰৰ বাবে কৰ্তৃত্ব দিয়া হয়,” মন্ত্ৰালয়ে এক প্ৰেছ বিবৃতিত কয়। কেন্দ্ৰই কয় যে Covid-19 টিকাকৰণৰ পৰামৰ্শ দিয়া ‘কোনো বৈজ্ঞানিক প্ৰমাণ’ নাই যাৰ ফলত পুৰুষ আৰু মহিলাৰ বন্ধ্যাত্ব হ’ব পাৰে। স্বাস্থ্য মন্ত্ৰালয়ে লগতে কয়, “আগতেও টিকাকৰণ অভিযানৰ সময়ত সমাজত এনে ধৰণৰ ভুল তথ্য আৰু উৰা বাতৰি বিয়পি থকা দেখা গৈছিল, যেনে পলিঅ’ আৰু সৰু আই-ৰুবেলা।“

যোৰহাটত নহয় সম্পূৰ্ণ লকডাউন : স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

যোৰহাটত নহয় সম্পূৰ্ণ লকডাউন। কিছুদিন জিলাখনত অভাৱনীয় হাৰত কোভিড আক্ৰান্তৰ সংখ্যা বাঢ়িছিল যদিও সম্প্ৰতি পুনৰ কিছু হ্ৰাস পাইছে‌। এই মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। আজি টীয়ক আৰু মৰিয়নী সমষ্টিৰ একাধিক কোভিড ভেকচিন প্ৰদান কেন্দ্ৰ পৰিভ্ৰমণ কৰি এই নিশ্চিতি প্ৰদান কৰিছে মন্ত্ৰী গৰাকীয়ে।

ইপিনে যোৱা দুটা দিনত যোৰহাট জিলাত ৪০ হাজাৰ লোকক চৰকাৰে ভেকচিন প্ৰদান কৰা বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। টীয়কৰ চেনি আমগুৰি প্ৰতিষেধক প্ৰদান কেন্দ্ৰত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁ কয়- যোৰহাট আৰু শিৱসাগৰ জিলাত খুব সুন্দৰকৈ ভেকচিন প্ৰদান কাৰ্য চলি আছে।

ছয়গাঁও শিল্পী সমাজৰ পুৰনা কমিটী ভংগনতুন কমিটি গঠন

যোৱা ২০ জুন তাৰিখ ৰবিবাৰে ছয়গাঁও শিল্পী সমাজৰ সাধাৰণ সভাই আগন্তুক দুবছৰীয়া কাৰ্যকালৰ বাবে সৰ্ব সন্মতি ক্ৰমে এখন  কাৰ্যকৰী সমিতি গঠন কৰে। আৰু সভাপতি হিচাপে পুনৰাই  কামেশ্বৰ নাথক আৰু সাধাৰণ সম্পাদক হিচাপে পুনৰাই  তপন দাসক লৈ এখন ৩১জনীয়া কমিটি গঠন কৰে। কাৰ্যকৰী সভাপতি হিচাপে বাণেশ্বৰ দাস, উপ-সভাপতি: অনিল ঠাকুৰীয়া, প্ৰদীপ দাস, আৰু জীতেন চৌধুৰী, যুটীয়া সম্পাদক- গনেশ দাস আৰু নগেন সাউদ,সহ: সম্পাদক,: কমলেশ্বৰ দাস আৰু অপৰূপা কলিতা,  সাংগঠনিক সম্পাদক : – নাৰায়ণ দাস ,সাংস্কৃতিক সভাপতি: হৰিণ শালৈ, সম্পাদক:- বলেন কলিতা,সহ: সম্পাদক: – কৱীন্দ্ৰ পাটোৱাৰী, জীতেন গোস্বামী, টিকেন কলিতা, আৰু মৃণাল পাঠক, সাহিত্য বিভাগৰ সভাপতি:- জয়ন্ত ৰাভা, সম্পাদক:- দেৱ কুমাৰ মেধি, প্ৰচাৰ বিভাগৰ সভাপতি:- সুকুমাৰ মেধি, সম্পাদক:- বিপুল ডাকুৱা , কাৰ্যালয় বিভাগত :- লখেশ্বৰ দাস সুৰেশ দাস, আৰু হৰেন দাস, আৰু কাৰ্যকৰী সদস্য:-  ভাগ্যশ্ৰী কলিতা, অনজুৱাৰা বেগম, ৰঞ্জিত কলিতা, সুভাষ দাস, জগদীশ কলিতা,মোহনলাল বাসফোৰ আৰু শংকৰ দাস ক লৈ আগন্তুক কাৰ্যকালৰ বাবে এখন বলিষ্ঠ কাৰ্যকৰী কমটি গঠন কৰে।

অৰুণাচল প্ৰদেশত ১০৮ এম্বুলেন্স সেৱা মুকলি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ

অৰুণাচল প্ৰদেশত আৰম্ভ হ’ল ১০৮ এম্বুলেন্সৰ জৰুৰীকালীন সেৱা । মঙলবাৰে এম্বুলেন্স সেৱা মুকলি কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ।উল্লেখযোগ্য যেএতিয়াৰে বাবে জৰুৰীকালীন সময়ত এম্বুলেন্স নথকাৰ বাবে হাৰাশাস্তি ভুগিব নালাগে অৰুণাচল প্ৰদেশৰ ৰাইজে । মঙলবাৰৰ পৰা অৰুণাচল প্ৰদেশত আৰম্ভ হ’ল জৰুৰীকালীন ১০৮ এম্বুলেন্স সেৱা । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে এম্বুলেন্স সেৱা মুকলি কৰে । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী খাণ্ডুয়ে এম্বুলেন্স সেৱাৰ জৰিয়তে লাভ কৰিব পৰা সুবিধাৰ বিষয়ে বৰ্ণনা কৰে  ।তেওঁ মকড্ৰিলৰ জৰিয়তে এম্বুলেন্স সেৱাৰ সুবিধাৰ বিষয়ে বুজাবলৈ প্ৰয়াস কৰে । নিজেই ফোন কৰি ১০৮ এম্বুলেন্স সেৱাৰ পৰা সহায় বিচাৰে আৰু দুৰ্ঘটনাত পতিত লোকক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত এম্বুলেন্সৰ প্ৰয়োজনীয়তাৰ বিষয়ে সকলকো বুজাবলৈ চেষ্টা কৰে । ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ পৰ্যাপ্ত এম্বুলেন্স নাছিল ৰাজ্যখনত । সেয়ে, হায়দৰাবাদৰ জি ভি কে(EMRI) নামৰ প্ৰতিষ্ঠানটোৰ লগত পাঁচ বছৰৰ বাবে এক চুক্তি স্বাক্ষৰ কৰি এই ১০৮ সেৱাৰ দায়িত্ব দিছে ।১০৮ এম্বুলেন্স সেৱাৰ অধীনত মুঠ ৫৪ খন এম্বুলেঞ্চ ৰাজ্যখনৰ বিভিন্ন জিলালৈ প্ৰেৰণ কৰে । এই অনুষ্ঠানত উপ-মুখ্যমন্ত্ৰী চাওনা মেন, স্বাস্থ্য মন্ত্ৰী আলো লিবাং উপস্থিত থাকে । উল্লেখ্য যে, পূৰ্বে ৰাজ্যখনৰ চিকিৎসালয়ত এম্বুলেন্স সেৱা আছিল যদিও ১০৮ এম্বুলেন্স সেৱা উপলব্ধ নাছিল ।

এম্বুলেন্স চলোৱাৰ বাবে ইতিমধ্য ১৩৩ জন প্ৰশিক্ষিত চালকক নিযুক্তি দিয়া হৈছে । স্বাস্থ্যকৰ্মী আৰু প্ৰাথমিক চিকিৎসা সহায়ক সঁজুলি থাকিব প্ৰতিখন এম্বুলেন্সতে । কেৱল ১০৮ নম্বৰ ডায়েল কৰি এম্বুলেন্সৰ বিচাৰিব পাৰিব । যিকোনো স্থানৰ পৰা জৰুৰীকালীন সময়ত সহায় বিচাৰিব পাৰিব ।

আলোপতিৰ ছয়সীমানাত ট্ৰেক্টৰ দূৰ্ঘটনাত দুবছৰীয়া শিশুৰ মৃত্যু

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ছয়সীমানাত আজি এটি নম্বৰবিহীন ট্ৰেক্টৰ দূৰ্ঘটনাত এগৰাকী দেৱ শিশুৰ কৰুণ মৃত্যু হোৱাত বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, গাঁওখনৰ ছানমাহমুদৰ পুত্ৰ স্বাহ আলী নামৰ চালক জনে নিজৰ ট্ৰেক্টৰ খন পথৰ কাষত ৰখাই থোৱাৰ কিছু সময় পিছত ট্ৰেক্টৰ খন ষ্টাৰ্ট দি পিছ ফালে পিছুৱাই দিয়াৰ সময়তে ট্ৰেক্টৰ খনৰ কাষতে খেলি থকা অৱস্থাত হঠাৎ ট্ৰেক্টৰ খনৰ তলত পৰি শিশুটিৰ কৰুণ মৃত্যু ঘটে। ট্ৰেক্টৰ খনৰ তলত পৰি মৃত্যু হোৱা শিশুটি গাওঁ খনৰ ৰাহুল আমিনৰ পুত্ৰ আব্দুৰ ৰহমান (২)বুলি জানিব পৰা গৈছে।উল্লেখ্য যে, ঘটনাটো সংঘটিত হোৱাৰ হোৱাৰ পিছত ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। পিছত ঘটনাৰ বিষয়ে আলোপতিচৰ আৰক্ষী থানাত খৱৰ দিয়াত  আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ কুমাৰ ঠাকুৰীয়া নিৰ্দেশত এটি আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰি শিশুটিক মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাস্থিত ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত ইতিমধ্যে মৃত শিশুটিৰ পিতৃয়ে আলোপতিচৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে।মন কৰিবলগীয়া যে বৰপেটাৰ চৰাঞ্চলত নম্বৰবিহীন ট্ৰেক্টৰৰ দৌৰাত্ম্যই ৰাইজক অতিষ্ঠ কৰি তুলিছে। শিশু গৰাকীৰ এনে মৃত্যুত বৃহত্তৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰাৰ লগতে মৃত শিশুটিৰ পৰিয়ালটোৱে শোকত ভাগি পৰিছে।

মাজৰাতি নিলাচলত ‘বনৰজা’ৰ নিৰ্ভয় বিচৰণ। কামাখ্যা ধামত নাই জনসমাগম। বন্যজীৱই লৈছে মুক্ত উশাহ।

ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত চুটি ছবি “অনীহা”লৈ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান

অসমত যুৱ প্ৰতিভাৰ যে অভাৱ নাই আৰু সৃষ্টিশীল কৰ্মৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ অসমৰ যুৱক-যুৱতীসকলৰ মাজত যে অফুৰন্ত প্ৰতিভা লুকাই আছে সেই কথা পুনৰ এবাৰ প্ৰমাণ হৈছে যোৰহাটত । এটা গছ পুলি ৰুৱাৰ ওপৰত নিৰ্মাণ কৰা এখন চুটি ছবিয়ে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল ( RIFF)ত ।

ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল (RIFF)ত যোৰহাটৰ পৰা নিৰ্মাণ কৰা চুটি ছবি “অনীহা”ৰ পৰিচালক পূৰৱ আৰু মৃগাঙ্কলৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান। যোৰহাটৰ N.J. Production ৰ বেনাৰত নিৰ্মিত চুটি ছবি “অনীহা” ৰ পৰিচালক নৱ প্ৰজন্মৰ দুজন প্ৰতিভা, যোৰহাট স্প্ৰিংডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু যোৰহাটৰে এজন প্ৰতিভাবান যুৱক মৃগাঙ্ক মাইনা । তেওঁলোকে ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত ( RIFF) ভাৰতীয় চুটি ছবি শিতানত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান বুটলি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ অন্তত বিচাৰকসকলে পূৰৱ আৰু মৃগাঙ্কক ভাৰতীয় চুটি ছবি শিতানত শ্ৰেষ্ঠ পৰিচালক হিচাবে ঘোষণা কৰে । আনহাতে “অনীহা” ইতিমধ্যে ৰামেশ্বৰম আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলে অনুষ্ঠিত কৰিবলগীয়া আন এক সন্মানীয় Golden shell Award ৰ বাবেও মনোনয়ন লাভ কৰিছে।

N.J. Production ৰ বেনাৰত নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত যোৱা ৫ জুনত বিশ্ব পৰিবেশnational দিৱসৰ দিনা মুক্তি পোৱা  “অনীহা” চুটি ছবিখনৰ কাহিনী পৰিবেশৰ ওপৰত আধাৰিত । এটা গছ পুলি ৰুবৰ বাবে মানুহে যি অনীহা বা অনাদৰ প্ৰদৰ্শন কৰে তাকে ছবিখনত পৰিচালকে সুন্দৰ ভাবে প্ৰকাশ কৰিছে। ছবিখনত অভিনয় কৰিছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মাই। সহযোগী পায়েল শৰ্মা।