Breaking

পৰ্বতঝোৰাৰ মদাতীত বনবিভাগ আৰু আৰক্ষীৰ যৌথ অভিযান : জব্দ অৱৈধ কাঠফলা মিলৰ তিনিটাকৈ মেছিনকে ধৰি বৃহৎ পৰিমাণৰ কাঠ

0 1,548

আজি বিটিআৰৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত   মদাতীত বনবিভাগৰ অভিযানত অৱৈধ কাঠফলা মিল সহ বৃহৎ পৰিমাণৰ চোৰাং  কাঠ জব্দ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে । ঘটনা সন্দৰ্ভে জানিব পৰা মতে, এক গোপন  তথ্যৰ ভিত্তিত আজি বিটিএডিৰ পৰ্বতঝোৰাৰ বন বিষয়া পি,ব্ৰহ্ম , পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া ৰিতুৰাজ দলে ,পৰ্বতঝোৰাৰ দন্ডাধীশ, খোৰাঘাটৰ বনাঞ্চলিক  বন সুৰক্ষাৰ কৰ্মকৰ্তাসকলৰ এটি দলে যৌথভাৱে  নদীপথেদি নাওেঁৰে উপস্থিত হৈ দূৰ্গম  মদাতী অঞ্চলত এক অভিযান চলায়। দণ্ডাধীশৰ উপস্থিতিত চলোৱা এই অভিযানটোত অবৈধ ভাবে চলি থকা এটা বৃহৎ কাঠ ফলা মিলৰ তিনিটা মেচিন,  সাতখন ঠেলা গাড়ী আৰু বহু পৰিমাণৰ কাঠ জব্দ হোৱা বুলি প্ৰকাশ। আনহাতে বনবিভাগৰ এই অভিযানৰ উমান পাই  পলাতক অৱস্থাত থকা অবৈধ কাঠফলা মিলটোৰ  মালিককে ধৰি কাঠৰ অৱৈধ ব্যৱসায়ৰ সৈতে জড়িত আন কেইবাজনো ব্যক্তিৰ সন্ধানত বৰ্তমানে আৰক্ষীৰ অভিযান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ দিনৰ পৰা অবৈধভাৱে চলাই অহা সামগ্ৰীসমূহ বন বিভাগে জব্দ কৰি পৰ্বতঝোৰাৰ বন বিভাগৰ কাৰ্য্যালয়ত জমা ৰখা হৈছে বুলি জানিব পৰা গৈছে । বন বিভাগে এনে অবৈধ সৰবৰাহকাৰীৰ  অভিযান  অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে ।উল্লেখযোগ্য যে একাংশ অবৈধ সৰবৰাহকাৰীৰ কবলৰ পৰি পৰ্বতঝোৰাৰ চিৰ সেউজীয়া বনাঞ্চল আজি ধ্বংসৰ গৰাহত পৰিছে।

Leave A Reply