Breaking

শিৱসাগৰত অত্যাধুনিক ইন্ফ্লেটেবল ক’ভিড চিকিৎসালয় উদ্বোধন স্বাস্থ্য মন্ত্ৰীৰ

0 558

অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি শিৱসাগৰ জিলাৰ ৰজাবাৰীস্থিত স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেল প্ৰাংগণত নৱনিৰ্মিত অত্যাধুনিক ইন্ফ্লেটেবল ক’ভিড চিকিৎসালয় এখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। উদ্বোধনকালত স্বাস্থ্য মন্ত্ৰীগৰাকীৰ সৈতে জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুও উপস্থিত থাকে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ক’ভিড চিকিৎসালয়খনৰ ভিতৰত থকা আন্তঃগাঁথনি তথা আনুষংগিক সা-সুবিধাসমূহৰ বিষয়ে বুজ লয়। তেওঁ চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতেও মত-বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে নৱনিৰ্মিত ইন্ফ্লেটেবল ক’ভিড চিকিৎসালয়খনে বৃহত্তৰ শিৱসাগৰবাসী ৰাইজক উপকৃত কৰিব বুলি মতপ্ৰকাশ কৰে।

উল্লেখযোগ্য যে, ৪০খন বিচনাযুক্ত নৱ-নিৰ্মিত ইন্ফ্লেটেবল ক’ভিড হস্পিটেল খনত ২০ খন অত্যাধুনিক আই. চি. ইউ. বিচনা সংলগ্ন হৈ আছে।

এই অনুষ্ঠানত থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বুঢ়াগোঁহাই, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰা, স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ ৰথীন্দ্ৰ নাথ ভূঞা, স্বাস্থ্য বিভাগৰ উপ-সচিব কমলজিত তালুকদাৰ, অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মা, অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া (পৰিয়াল কল্যাণ) মুকুল দাস, স্বৰ্গদেউ চুকাফা মাল্টি স্পেচিয়েলিটি হস্পিটেলৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ প্ৰকাশ কলনুৰকাৰো উপস্থিত থাকে।

Leave A Reply