Breaking

আলোপতিৰ ছয়সীমানাত ট্ৰেক্টৰ দূৰ্ঘটনাত দুবছৰীয়া শিশুৰ মৃত্যু

0 1,528

বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ছয়সীমানাত আজি এটি নম্বৰবিহীন ট্ৰেক্টৰ দূৰ্ঘটনাত এগৰাকী দেৱ শিশুৰ কৰুণ মৃত্যু হোৱাত বৃহত্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, গাঁওখনৰ ছানমাহমুদৰ পুত্ৰ স্বাহ আলী নামৰ চালক জনে নিজৰ ট্ৰেক্টৰ খন পথৰ কাষত ৰখাই থোৱাৰ কিছু সময় পিছত ট্ৰেক্টৰ খন ষ্টাৰ্ট দি পিছ ফালে পিছুৱাই দিয়াৰ সময়তে ট্ৰেক্টৰ খনৰ কাষতে খেলি থকা অৱস্থাত হঠাৎ ট্ৰেক্টৰ খনৰ তলত পৰি শিশুটিৰ কৰুণ মৃত্যু ঘটে। ট্ৰেক্টৰ খনৰ তলত পৰি মৃত্যু হোৱা শিশুটি গাওঁ খনৰ ৰাহুল আমিনৰ পুত্ৰ আব্দুৰ ৰহমান (২)বুলি জানিব পৰা গৈছে।উল্লেখ্য যে, ঘটনাটো সংঘটিত হোৱাৰ হোৱাৰ পিছত ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়। পিছত ঘটনাৰ বিষয়ে আলোপতিচৰ আৰক্ষী থানাত খৱৰ দিয়াত  আলোপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিদ্যুৎ কুমাৰ ঠাকুৰীয়া নিৰ্দেশত এটি আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰি শিশুটিক মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাস্থিত ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত ইতিমধ্যে মৃত শিশুটিৰ পিতৃয়ে আলোপতিচৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে।মন কৰিবলগীয়া যে বৰপেটাৰ চৰাঞ্চলত নম্বৰবিহীন ট্ৰেক্টৰৰ দৌৰাত্ম্যই ৰাইজক অতিষ্ঠ কৰি তুলিছে। শিশু গৰাকীৰ এনে মৃত্যুত বৃহত্তৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰাৰ লগতে মৃত শিশুটিৰ পৰিয়ালটোৱে শোকত ভাগি পৰিছে।

Leave A Reply