Home Blog Page 2969

মৰিগাঁৱত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা শপত গ্ৰহণৰ পিছত প্ৰথম বাৰ গৃহ জিলাত জিলা প্ৰশাসনৰে বৈঠক মন্ত্ৰী পিয়ুষ হাজৰিকা|

শনিবাৰে মৰিগাঁৱত উপস্থিত কেবিনেট মন্ত্ৰী পিয়ুষ হাজৰিকা অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী হিছাপে দায়িত্ব লোৱা পিছত প্ৰথম বাৰৰ বাবে মৰিগাৱত উপস্থিত হয়।মৰিগাঁৱত উপস্থিত হৈয়ে জিলা খনৰ একমাত্ৰ নৱ নিযুক্ত  কেবিনেট মন্ত্ৰী গৰাকীয়ে মৰিগাঁও জিলা প্ৰশাসনৰ লগত এক আলোচনাত অংশ গ্ৰহণ কৰে।মৰিগাঁও উপায়ুক্ত কাৰ্য্যালয় সভা কক্ষত  অনিস্থিত এই আলোচনাত অংশ লয়  মৰিগাঁও সমষ্টি বিধায়ক ৰামাকান্ত ডেউৰী  লগতে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক । প্ৰশাসনৰ লগত আলোচনাৰ  পিছতেই নৱ নিযুক্ত  মন্ত্ৰী গৰাকী মৰিগাঁও অসামৰিক চিকিৎসালয় পৰ্ৰিদশন কৰে আৰু চিকিৎসালয় খনৰ চিকিৎসক আৰু সকলো স্বাস্থ্য কৰ্মীক যাতে   কভিডৰ বাবে যি বোৰ  দায়িত্ব সেই সমুহ নিয়াৰিকৈ পালন কৰে অন্যথা বিহিত ব্যৱস্থা লোৱা হৱ বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।

ক’ৰ’ণাত আক্ৰান্ত হৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান মৃণাল দাসৰ মৃত্যু

ৰাজ্যত মহামাৰী ক’ৰ’ণাই ভয়াবহতাৰূপ ধাৰণ কৰাৰ সময়তে  সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ গাননিক বিষয়া  মৃণাল দাস ক’ৰ’ণাত আক্ৰান্ত হৈ আজি পুৱাই মৃত্যুক সাবতি লয় ।তেখেতৰ  মৃত্যুত সদৌ অসম টে’ট শিক্ষক যৌথ মঞ্চই গভীৰ শোক প্ৰকাশ কৰািছে । গুৱাহাটীস্তিস্থ  চিকিৎসা মহাবিদ্যালয়ত ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা দাস  (৫৪)অৱশেষত মৃত্যুৰ সতে  যুঁজি  হাৰ মানি আজি পুৱা  প্ৰায় সাত মান বজাত তেখেতে ইহলীলা সম্বৰণ কৰে৷ তেখেতৰ মৃত্যুৱে কৰ্মচাৰী সমাজখনত এক বিশাল শূন্যতাত পৰিণত হৈছে   । অতি অমায়িক স্বভাৱৰ ব্যক্তি দাসে পৰিষদৰ কাম কাজ সুন্দৰ ভাৱে সম্পাদন কৰাৰ লগতে পৰিষদৰ সকলো ভাতৃ সংগঠনৰ লগত সু_সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হৈছিল৷ সদৌ অসম টে’ট শিক্ষক যৌথ মঞ্চৰ সভাপতি শ্ৰীবিনোদ বড়ো, কাৰ্যকৰী সভাপতি শ্ৰীবিশ্বজিৎ ৰয়, সম্পাদক শ্ৰীনিৰ্মল বৰুৱা, মুখ্য উপদেষ্টা শ্ৰীবিচিত্ৰ নাথ, ম. মতিউৰ ৰহমান, সহ: সম্পাদক শ্ৰীতাপস দাসে তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে৷ মৃত্যু সময়ত  দাসে পত্নী ‘পুত্ৰ :এগৰাকী  কন্যা সহ বহু আত্মীয়ক ইহসংসাত এৰি থৈ যায় ।

এজন বিধায়কৰ পত্নীৰ মহানুভৱতা ,পথাৰত কৰ্মৰত হালোৱা-ৰোৱনীৰ বাবে ঘৰত ৰন্ধা দুপৰীয়াৰ আহাৰ নিজে ঠেলাত নি খোৱালে তৃপ্তিৰে এসাজ ৷

নগাঁও জিলাৰ  বেবেজীয়াৰ পশ্চিমাঞ্চলৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাবুকধৰা-নদলবৰীৰ এগৰাকী কৰ্মোদ্যমী মহিলা ৷ ক’ৰোনা মহামাৰীৰ দ্বিতীয় লহৰৰ এই ভয়াৱহ পৰিস্থিতিৰ মাজতে এইগৰাকী উদ্যমী তথা মানৱদৰদী মহিলাই নিজ গৃহত নিজ হাতেৰে ৰন্ধা বেঞ্জনেৰে পথাৰত কাম কৰি থকা হালোবা-ৰোৱনী সকলক তৃপ্তিৰে এসাজ খোৱাবৰ বাবে আশাৰে তৈয়াৰ কৰিছে নানা ৰকৰমৰ বেঞ্জন ৷ এই মহিলা গৰাকী আকৌ কোনো সাধাৰণ মহিলা নহয় ৷ তেওঁ হৈছে আকৌ অসম বিধান সভালৈ দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত মৰিগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ধৰ্মপত্নী লুজেমাই দেউৰী ৷ বৰ্তমান এজন জনপ্ৰতিনিধিৰ পত্নী হৈও আজি তেওঁ কৰি গৈছে একাংশ দৈনিক পথাৰত পৰিশ্ৰম কৰা লোকৰ বাবে কিছু মাত্ৰ প্ৰয়াস ৷ বিগত বহু বছৰ ধৰি পূৰ্ৱৰ দৰেই মহিলা গৰাকীয়ে আজিও এই ধাৰাবাহিকতা ৰক্ষা কৰি গৈছে আৰু এই ধৰণৰ সামাজিক কাম কাজ সমূহত নিজকে জৰিত কৰি ৷ এজন পুৰুষ বা মহিলাই কেতিয়াও নিজৰ শিপা পাহৰিব নালাগে ৷ যি মানুহে বা পুৰুষ মহিলাই নিজৰ শিপা পাহৰে সেই মানুহক সমাজেও সমালোচনা কৰে ৷ আৰু সেই বাণীকেই যেন সাৰোগত কৰি ৰাখি বৰ্তমানৰ মৰিগাঁৱৰ সদৰ সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে বিধায়ক ৰূপে নিৰ্বাচিত হোবা ৰমাকান্ত দেউৰীৰ পত্নীয়ে । পূৰ্ৱৰ দৰে আজিও পথাৰত কাজ কৰি থকা হালোৱা-ৰোৱনীৰ বাবে দুপৰীয়াৰ সাজ লৈ যোৱাৰ মূহুৰ্তত বিধায়ক ৰমাকান্ত দেউৰীৰ উদ্যমী পত্নী লুজেমাই দেউৰীকদেখিবলৈ পোবা গল আজি কেইবাদিনো ধৰি চাবুকধৰাৰ নদলবৰী ঘৰ খনৰ পৰা ঠেলাত কেইজনমান সংগীৰ সৈতে পথাৰত হালোৱা-ৰোৱনী সকলক এনেদৰে দুপৰীয়া সাজ বিতৰণ কৰিবলৈ যোৱাৰ মুহুত্বত ৷ তেওঁ এতিয়াও পূৰ্বৰ দৰেই এনে নিত্যনৈমিত্তিক কৰ্ম কৰি গৈছে মনত কোনো সংশয় নোহোৱাকৈ । তেওঁৰ মনত নাই কোনো ভেম,নাই অহংকাৰ,মনত নাই কোনো সংকোচভাব ৷ এইক্ষেত্ৰত মহিলা গৰাকীয়ে কাৰোৰে পৰা ঘৰত পোবা নাই বাধাবিঘিণি ৷ ঘৰত চুবুৰীয়া মহিলা কেইগৰাকীৰ লগতে তেওঁ নিজ হাতে ৰন্ধা ভাজি,দালি,ভাত,শাকৰ ভাজি,চালাদ,আচাৰ,পাপৰ আদিৰে অপ্ৰায়ণ কৰোবালে হালোৱা ৰোৱনী সমূহক ৷ এই ধৰনৰ কাম কৰি উদ্যমী মহিলা গৰাকীয়ে মনত অত্যন্ত পৰমতৃপ্তি লাভ কৰা বুলি জানিব পৰা গৈছে ৷ তেওঁক এইক্ষেত্ৰত সহায় সহযোগীতা আগবঢ়াই আহিছে ওচৰ চুবুৰীয়া কেইজন যুৱক আৰু চুবুৰীয়া কেইগৰাকীমান উদ্যমী মহিলাই ৷ ক’ৰোনা মহামাৰীৰ ভয়াৱহতাৰ সময়তো ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ নাথাকি এতিয়া সমাজৰ বাবে এনেদৰে কাম কৰিবলৈ উলাই অহা বাবে লুজেমাই দেউৰীৰ এই প্ৰসংশনীয় পদক্ষেপক সমগ্ৰ চাবুকধৰা-নদলবৰীৰ ৰাইজেই প্ৰসংশা কৰিছে ৷

কৰিয়াজানত বন্য হস্তীয়ে একে নিশাই ভাঙি তহিলং কৰিলে ৪ টাকৈ বাসগৃহ *বন্য হস্তী আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা দুটি শিশু*

তিনিচুকীয়া জিলাৰ কৰিয়াজনত বন্য হস্তী তাণ্ডৱ|আজি যোৱা নিশা খাদ্য সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা এটা বন্য হস্তীয়ে ভাঙি তহিলং কৰিলে ৪ টাকৈ বাসগৃহ| প্ৰাপ্ত খৱৰ অনসৰি যোৱা নিশা প্ৰায় ১০:৩০ৰ পৰা পুৱতি নিশা ১:০০ বজাৰ লৈকে  বন্য হস্তীটোৱে  অঞ্চলটোত উপদ্ৰপ চলাই বিস্তৰ ক্ষতিসাধন কৰে|পেঙেৰী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত কৰিয়াজানত বন্য হস্তীটোৱে ঘৰৰ বেৰ ফালি চাউল, দাইল,আলু,কল আদি খাই তহিলং কৰাৰ  উপৰিও ঘৰৰ ভিতৰৰ গডৰেছ,টেবুল, চকী আদি ভাঙি তচনচ কৰা লগতে  বাৰীৰ গছ-গছনি ভাঙি থৈ যায়।বন্য হস্তীটোৱে প্ৰৱল বৰষুণৰ মাজতে বন্য হস্তীটোৱে প্ৰথমে কৰিয়াজানৰ অৰূপ বৰা ঘৰৰ বেৰ ফালি ঘৰৰ চাউল আদি খোৱাৰ উপৰিও ঘৰৰ আচবাব পত্ৰ ভাঙি পেলাই |  ইয়াৰ পিছতে নিবাৰণ বৰাৰ ঘৰতো বেৰ ভাঙি উপদ্ৰপ চলায়| বন্য হস্তীটোৰ এই আক্ৰমণত ঘৰৰ ভিতৰত শুই থকা দুটি কণমানি শিশু সৌভাগ্য ক্ৰমে  ৰক্ষা পৰে|নিশা পুনৰ হাতীটোৱে ১১:০০ মান বজাতে  কাতিৰাম বৰাৰ পাকঘৰৰ বেৰ ফালি সোমাই চাউল,ডাইল, বাচন বৰ্তন লগতে ঘৰৰ আচবাব পত্ৰ ভাঙি থৈ যায়। ইয়াৰ পাছতো ক্ষান্ত নোহোৱা বন্য হস্তীটোৱে ডম্বৰু বৰাৰ বাৰিৰ কলগছৰ খেতিত উপদ্ৰপ চলোৱা লগতে ০১:০০ মান বজাত নিপন বৰাৰ পাক ঘৰৰ বেৰ ফালি বস্তু বাহনি তচনচ কৰে। বৰষুণ কম হোৱা পিছত গাঁৱৰ লোকলকলে বন্য হস্তী জাকটোক অৰণ্যৰ ফালে আঁতৰাই পঠাবলৈ সক্ষম হয় । উল্লেযোগ্য যে এইদৰে বন্যহস্তিয়ে বাৰম্বাৰ কৰিয়াজান অঞ্চলত ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি, খেতি-বাতি নষ্ট কৰি সন্ত্ৰাস সৃষ্টিআহিছে। অঞ্চলবাসীয়ে বন বিভাগৰ লগতে স্থানীয়  আৰক্ষীৰ প্ৰশাসনক বাৰম্বাৰ অভিযোগ দাখিল কৰি আহিছে যদিও আজি পৰ্যন্ত  কোনো সঁহাৰি নোপোৱা বুলি  একাংশ লোকে  অভিযোগ উত্থাপন কৰিছে | 

বিহালী আৰক্ষীৰ বৃহৎ সাফল্য।বৰগাং মৰাণ গাৱৰ অপহৃত চাৰি শিশু উদ্ধাৰ ইটানগৰত।অপৰাধীক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ

463321071

বিহালী  আৰক্ষী থানা অন্তর্গত বৰগাংমৰাণ গাওঁ  আৰু টংবাৰী গাওঁৰ পৰা  বিগত ছয়মাহৰ ভিতৰত অপহৰণ কৰি নিয়া হয়  চাৰি টাকৈ  শিশু ।
ইফালে এই ৪ টা শিশু উদ্ধাৰ বাবে অহৰহ চেষ্টা কৰিছিল বৰগাং মৰণা গাওঁৰ গাওঁৰক্ষী  বাহিনী লগতে বিহালী আৰক্ষী থানাৰ  ভাৰপ্রাপ্ত বিষয়া আৰু বিহালী আৰক্ষী চক্র বিষয়া। এই বিহালী আৰক্ষী আৰু আৰক্ষী  চক্ৰ বিষয়া নেতৃত্বত উদ্ধাৰ কৰিবলৈ সক্ষম হয়  অপহৰণ হোৱা ৪ টা শিশু ।
জানিব পৰা মতে যোৱা ৬ মে তাৰিখে বৰগাং মৰণা গাওঁ গাওঁ ৰক্ষী বাহিনী আৰু  ৰাইজৰ সহযোগত বৰগাং মৰাণ গাওঁৰ   ইফৰান খান (২০)আৰু চুমন দাস(১৫)ক আটক কৰি আৰক্ষীক চমজাই দিয়াৰ পিছত আৰক্ষীয়ে নেৰানেপেৰা তদন্ত কৰি ফলত  ১২ মে”ত মিকিৰ চাং ডফলাগড়ৰ  আশিষ পানিকা ওৰফে বাবু আৰু চত্রং নেপালী , অসম অৰুণাচল সীমান্ত গহপুৰৰ হলেঙি গেটৰ কুখ্যাত  মানৱ সৰবৰাহ কাৰী মহিলা  জোস্না দেউৰী(২৮),তেওৰ স্বামী দামোদৰ দেউৰীক  আটক কৰে কৰিছিল বিহালি আৰক্ষীয়ে হলঙি গেটৰ আৰক্ষী সহযোগত।ইফালে এই কুখ্যাত মহিলা গৰাকীক আৰক্ষীয়ে আটক কৰি আৰক্ষীয়ে সোধপোছ আৰম্ভ কৰে।!আৰক্ষীৰ তীব্র হেচাত যোৱা কালি অৰুনাচলৰ প্ৰদেশৰ ইটানগৰৰ  পৰা শিশু কেইটা  আনি শিশু সৰবৰাহ কাৰী মহিলা  জোস্নাৰ ঘৰত থৈ যায় চক্ৰটোৱে। তাৰ পিছত আৰক্ষীয়ে শিশু কেইটা বিহালী লৈ আহি আজি সস্বাস্থ্য  পৰীক্ষা কৰে কৰি  আদালতত হাজিৰ কৰি শিশুক পৰিয়ালক চমজাই দিয়াৰ ব্যৱস্থা  কৰিছে  ।
ত আৰক্ষী সূত্ৰ প্ৰকাশ  ইফৰাং খান আৰু চুমন দাসে শিশু সকলক ফুচলাই নি বাবুক গতাই দিয়ে আৰু বাবুৱে  গহপুৰ হলঙি গেটৰ জোস্না দেউৰীক দিয়ে আৰু জোস্নাই অৰুনাচলৰ গংগাৰ এখন দোকানত আনিয়া মালা নামৰ এগৰাকী ব্যক্তিক গতাই দিয়ে ।!পিছক আনিয়াই বিভিন্ন জনক শিশু বিলাকক দিয়ে ।
জানিব পৰা মতে এগৰাকী শিশুৰ বাবদ  তেওলোকে ৮০হেজাৰৰ পৰা ৯০হেজাৰ টকা লাভ কৰে !এই টকা উক্ত চক্ৰটোৰ সকলোৱে ভাগ কৰে ।
বিহালী থানাৰ ভাৰপ্রাপ্ত বিষয়া কমল বড়ো আৰু চক্র পৰিদর্শক ৰিষেশ্বৰ শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ দলে শিশু খিনিক উদ্ধাৰ কৰা কার্যক অঞ্চলটোৰ ৰাইজে প্রসংশা কৰিছে

ক’ভিড নীতি নিয়ম ভঙ্গ কৰা লোকৰ বিৰুদ্ধে নাজিৰা প্ৰশাসনৰ বিশেষ অভিযান

 সাম্প্ৰতিক ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তৰ তত্বাৱধানত চক্ৰ বিষয়া শান্তনু গগৈ, সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, ৰুবী কুমাৰী ৰায়, তন্ময় চেতিয়া, চক্ৰ বিষয়া (সংলগ্ন) অনুৰাগ গগৈ আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ত্ৰিদীপ কুমাৰ দত্ত সহ এক বিশেষ দল গঠন কৰা হয়। এই দলে আজি নাজিৰা, গেলেকী আৰু শিমলুগুৰিৰ অঞ্চলত এক অভিযান চলাই। এই অভিযানত তেখেত সকলে বিভিন্ন হাট বজাৰ, হোটেল, চেলুন আদি পৰিদৰ্শন কৰে আৰু কভিদ নীতি নিয়ম সমূহ ৰাইজে মানি চলিছেনে নাই সেই বিষয়ে বুজ লয়। লগতে মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব মানি চলা, সঘনাই হাত চেনিটাইজ কৰাৰ ওপৰত ও গুৰুত্ব আৰোপ কৰে। মহকুমাধিপতি লখিমী দত্তই কয় যে – “ক’ভিডৰ এই যুঁজত আমি যৌথ ভাৱে যুঁজিব লাগিব অন্যথা ই এক ভয়াবহ ৰূপত পৰিণত হব। ৰাইজে ইয়াৰ গভীৰতা বুজি নাপালে প্ৰশাসনৰ চেষ্টা কেতিয়াও ফলপ্ৰসূ নহব। গতিকে আজিৰ এই অভিযানত আমি সকলোকে একত্ৰিত কৰি ক’ভিডৰ বিৰুদ্ধে যুঁজিবৈ আহ্বান জনাইছো।”উল্লেখ্য যে, মহকুমাধিপতি লখিমী দত্তৰ নিৰ্দেশ মৰ্মে নাজিৰা পৌৰ সভাৰ কাৰ্য্য – বাহী বিষয়া সুজাতা গগৈয়ে  কাৰ্যালয়ৰ কৰ বিভাগৰ কৰ্মচাৰীৰ সহযোগত আজি  নাজিৰা নগৰৰ দৈনিক বজাৰ পৰিদৰ্শন কৰাৰ ওপৰিও খাদ্য সামগ্ৰী যেনে মাছ, মাংস, শাক – পাচলি আদিৰ মূল্য পৰ্যবেক্ষন কৰে । পৌৰ সভাৰ কাৰ্য্য – বাহী বিষয়াই নাজিৰাৰ দৈনিক বজাৰৰ লেচীক মাছ – মাংসৰ প্ৰতিদিনৰ মূল্য নিৰীক্ষণ কৰিবলৈ লগতে ক’ভিডৰ অজুহাত লৈ যাতে কোনো ধৰণৰ অদ্ভূত মূল্য বৃদ্ধি নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আৰু সজাগ হবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে নাজিৰা নগৰৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ  স্বতাধিকাৰী সকলক কভিদ -১৯ৰ নিয়ম সমূহ কঠোৰ ভাৱে  মানি চলিবলৈ আহ্বান জনায়।

আজিৰ পৰা চাহ বাগিচাত প্ৰযোজ্য হ’ব নতুন কোভিড বিধি। আক্ৰান্ত শ্ৰমিকক কৰিব নোৱাৰিব হোম কোৱাৰেণ্টাইন।

আজিৰ পৰা চাহ বাগিচাত প্ৰযোজ্য হ’ব নতুন কোভিড বিধি। বাগিচাসমূহত দিনে দিনে কোৰোণাৰ সংক্ৰমণ বৃদ্ধি পোৱাত চৰকাৰে বাগিচাৰ বাবে জাৰী কৰিছে নতন কোভিড বিধি।কোৰোণাত আক্ৰান্ত কোনো শ্ৰমিকক কৰিব নোৱাৰিব হোম কোৱাৰেণ্টাইন। উপযুক্ত সুবিধা থকা সমূহিক ভৱন, বিদ্যালয় বা প্ৰেক্ষাগৃহত কোভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব।চাহ বাগিচাৰ সকলো বিষয়াই কৰিব লাগিব কোভিড টেষ্ট।

কোভিড কেয়াৰ চেণ্টাৰৰ সকলো দিশ তদাৰক কৰিব লাগিব স্থানীয় স্বাস্থ্য বিষয়া, নাৰ্ছ আৰু আশাকৰ্মীয়ে। সহযোগ কৰিব লাগিব বাগিচা পৰিচালনা কৰ্তৃপক্ষ, জিলা প্ৰশাসনে।
সংশ্লিষ্ট চক্ৰ বিষয়াই এজন বিষয়াক নিৰীক্ষক হিচাপে নিযুক্ত দিব কোভিড কেয়াৰ চেণ্টাৰত। লক্ষণবিহীন ৰোগীকহে বাগিচাৰ কোভিড কেয়াৰ চেণ্টাৰ ৰাখিব পাৰিব।বাগিচাৰ প্ৰতিটো কোভিড কেয়াৰ চেণ্টাৰত থাকিব লাগিব ৩টাকৈ অক্সিমিটাৰ। কোভিডৰ লগতে আন আন ঔষধ থাকিব লাগিব কোভিড কেয়াৰ চেণ্টাৰত।এজন ৰোগীৰ খাদ্যৰ নামত দৈনিক ব্যয় কৰিব লাগিব ৩০০টকা।

Breaking News : ডিফুত ৰাজপথত গুলীচালনা। এজন যুৱক নিহত।

ডিফুৰ ধনশিৰি পথৰ হাতীকেম্পত এজন যুৱকক গুলীয়াই হত্যা।দেৱজিৎ সিনহা নামৰ যুৱকজনক গুলীয়াই হত্যা অচিনাক্ত যুৱকৰ।শূন্য দূৰত্বৰ পৰা পিষ্টলেৰে মূৰত গুলীয়াই হত্যা কৰে দেৱজিৎ সিনহাক।ম’বাইল ব্যৱসায়ী দেৱজিৎ সিনহাৰ ঘৰ ডিফু চহৰৰ শীতলাবাৰীত।ধনশিৰিৰ পৰা বাইকেৰে ডিফুৰ মাহীয়েকৰ ঘৰলৈ গৈ আছিল যুৱকজনযুৱকজনৰ সৈতে বাইকখনত গৈছিল এগৰাকী যুৱতীও।সেই সময়তে হাতীকেম্পত দুই অচিনাক্ত যুৱকে আগ ভেটি ধৰে যুৱকজনক।কিছু সময় তৰ্কা-তৰ্কিত লিপ্ত হোৱাৰ পাছতেই  গুলীয়াই হত্যা কৰে দেৱজিতক।তাৰ পাছতেই দেৱজিতৰ বাইকখন লৈ পলাই যায়  দুই হত্যাকাৰী ।আৰক্ষীয়ে  আৰম্ভ কৰিছে তদন্ত।

আদিবাসী সকলৰ বিভিন্ন দল সংগঠনে আজি “কলা দিৱস” উদযাপন কৰে।

আদিবাসী-বড়োৰ গোষ্ঠী সংঘৰ্ষৰ পঁচিশ বছৰ।কিন্তু আজিৰ দিনটো কোনেওঁ‌ পাহৰা নাই।বিগত ১৯৯৬ আৰু ৯৮ চনত সংঘটিত হোৱা হিংসাৰ দাবালন আজিও মানস পটত ভাঁহি থকা চাওতাল সকলৰ বাবে ১৫ মে’ তাৰিখটো আখ্যায়িত হোৱা আদিবাসী জনগোষ্ঠীৰ লোকসলে আজিৰ দিনটো কলা দিৱস  হিচাপে পালন কৰে।ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে সম্পূৰ্ণ কভিড প্ৰটকল মানি আজি গোসাঁইগাওঁ মহকুমাৰ ১ নং হাতীগড় গাওঁত ALL  ADIVASHI STUDENT ASSOCIATION OF ASSAM চমুকৈ AASAA ৰ গুৰুফেলা আঞ্চলিক কমিটিৰ উদ্যোগত কোভিড প্ৰট’কলৰ মাজেৰে অনুষ্ঠিত কৰিবলগীয়া “কলা দিবসত” পতাকা অৰ্ধ উত্তোলন আৰু শ্বহীদ সকলৰ স্মৃতিত শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি প্ৰদান কৰি   অনুষ্টুপীয়া কৈ কলা দিৱস উদযাপন কৰে।
গুৰুফেলা আঞ্চলিক কমিটিৰ উপদেষ্টা ছাবেদ মুৰ্মূই সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে আদিবাসী জনগোষ্ঠীটো আজিৰ দিনত ১৯৯৬ চনত যি আদিবাসী-বড়ো জনগোষ্ঠী দুটাৰ মাজত গোষ্ঠী সংঘৰ্ষৰ সৃষ্টি হৈ, বহুত লোকে শিবিৰত থাকিব লগিয়া হৈছিল আৰু বহুত মানুহ মৃত্যু বৰন কৰিছিল।ঠিক তেনেকুৱা ঘটনা ভৱিষ্যৎত নহয় তাকে কামনা কৰাৰ লগতে  আদিবাসী জনগোষ্ঠীটোক নতুন চৰকাৰ খনে সৰ্বাংগীণ উন্নতি সাধন কৰে সেয়া দাবী জনায়।

জাগুনত এন ,এছ,চি,এন’ৰ দুধৰ্ষ কেডাৰ আটক

 তিনিচুকীয়া জিলাৰ জাগুনত সেনাবাহিনীৰ বৃহৎ সাফল্য।জাগুন নামফাই সংৰক্ষিত বনাঞ্চলত এক অভিযান চলাই ভাৰতীয় সেনাই যোৱা শুক্ৰবাৰে  এন, এছ, চি, এন (আৰ)ৰ  এজন দুধৰ্ষ কেডাৰ আটক কৰিবলৈ সক্ষম হয়। আটকাধীন কেডাৰ জনৰ নাম লক্ষীকান্ত কুম্বাং (২৯) বুলি জানিব পৰা গৈছে।দুদৰ্ষ কেডাৰজন জাগুন কাংকান গাঁওঁ নিৱাসীৰ উমাকান্ত কুম্বাং ৰ পুত্ৰ। তেওঁ ২০২০ চনতে এন, এছ, চি, এন (আৰ) ত যোগদান কৰিছিল যদিও পৰৱৰ্তী সময়ত নতুনকৈ গঠন হোৱা লিবাৰেল ডেমক্ৰেটিক কাউন্সিল অফ মিচিং লেণ্ড চমুকৈ এল, ডি, চি, এম, এল নামৰ উগ্ৰপন্থী সংগঠনটোত যোগদান কৰিছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । আটকাধীন কেডাৰ জনৰ পৰা সেনাবাহিনীয়ে জাৰ্মানীত নিৰ্মিত এটা  ৭.৬৫ এমএম পিষ্টলৰ সৈতে কেইবা জাইয়ো গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। সেনাবাহিনীয়ে ইতিমধ্যে কেডাৰ জনক লেখাপানী আৰক্ষী থানাত চমজাই দিছে।