Breaking

মালিগাঁৱত বিদ্যুতৰ খুঁটাত উঠি যুৱকৰ আত্মহত্যাৰ অপচেষ্টা

0 574

ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত সমগ্র ৰাজ্যখনৰ লগতে ৰাজধানী মহানগৰী গুৱাহাটীত চলি থকা আংশিক লকডাউনৰ মাজতে কালি নিশা মহানগৰীৰ জালুকবাৰী থানাৰ অন্তর্গত শ্বাটল গেটত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ বিদ্যুতৰ খুঁটাত উঠি এজন যুৱকে আত্মহত্যা কৰিবলৈ অপচেষ্টা চলোৱা ঘটনা এটাক কেন্দ্র কৰি স্থানীয় অঞ্চলটোত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হয়৷ প্রাপ্ত খবৰ মতে, মালিগাঁও শ্বাটল গেটৰ বাবলু যাদৱ নামৰ প্রায় ২৫ বছৰীয়া যুৱকজনে কালি নিশা প্রায় ১০ বজাত এটা বিদ্যুতৰ খুঁটাত উঠা প্রত্যক্ষ কৰে স্থানীয় কেইজনমান নাগৰিকে৷

স্থানীয় নাগৰিককেইজনে বাবলু যাদৱক বিদ্যুতৰ খুঁটাত উঠাৰ কাৰণ সোধাত বাবলু যাদেৱে আত্মহত্যা কৰাৰ উদ্দেশ্যে বিদ্যুতৰ খুঁটাত উঠা বুলি সদৰী কৰাৰ লগে লগে স্থানীয় নাগৰিকসকল হতবাক হৈ পৰে৷ তেওঁলোকে লগে লগে স্থানীয় আৰক্ষীক ঘটনাটো সন্দর্ভত অৱগত কৰে ৷ খবৰ পোৱাৰ পিছতেই জালুকবাৰী আৰক্ষী আৰু অগ্ণিনির্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বাবলু যাদৱক খুঁটাটোৰ ওপৰৰ পৰা তললৈ নামি আহিবলৈ অনুৰোধ কৰে যদিও বাবলু যাদৱে তললৈ নামি আহিবলৈ অমান্তি হয়৷

অৱশেষত উপায়ান্তৰ হৈ আৰক্ষীৰ লগতে অগ্ণিনির্বাপক বাহিনীৰ লোকসকলে প্রায় এঘণ্টাজোৰা প্রচেষ্টাৰ অন্তত বাবলু যাদৱক বিদ্যুতৰ খুঁটাটোৰ ওপৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পিছত জালুকবাৰী আৰক্ষীয়ে বাবলু যাদৱক আটক কৰি থানালৈ লৈ যায়৷ প্রেমজনিত কাৰণত বাবলু যাদৱে এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ উদ্যত হোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে আৰক্ষীৰ সোধা–পোছাৰ পিছতহে প্রকৃত ঘটনা পোহৰলৈ আহিব৷

Leave A Reply