Breaking

ধিঙৰ চৰাঞ্চলত গুণ্ডা কৰ আদায় নিদিলে নিৰীহ জনতাৰ উপৰত চলে অত্যাচাৰ ।

0 2,063

নতুন ৰাজ্য চৰকাৰ খনে যি সময়ত অপৰাধ, ড্ৰাগছ অসামাজিক কাৰ্য্য কলাপৰ বিৰুদ্ধে যুদ্ধংদেহী মনোভাৱ গ্ৰহণ কৰিছে সেই সময়তে চৰাঞ্চল সমূহত অব্যাহত আছে মাতাব্বৰীৰাজ । চৰাঞ্চল সমূহত চৰকাৰৰ শাসন নচলে চলে মাতাব্বৰৰ শাসন । ধিঙৰ পাৰ্চবৰ্তী ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি সমূহতো একাংশ মাতাব্বৰৰ অত্যাচাৰত ভয় আৰু আতংকত দিন অতিবাহিত কৰিছে কৃষিজীৱী দৰিদ্ৰ লোকসকলে । মংগলবাৰে দুই নং কান্ধুলিমাৰি চাপৰিৰ আছাদ আলী নামৰ এজন দৰিদ্ৰ কৃষক মাতব্বৰৰ আক্ৰমনত চিকিৎসাধীন হবলগীয়া হৈছে । আছাদ আলী এজন বিকলাঙ্গ লোক যদিও মাতব্বৰৰ দলটোৱে হাতে হাতে দা, যাঠি লৈ আছাদ আলীৰ বাসগৃহটো ভাঙি লণ্ডভণ্ড কৰে । মাতাব্বৰৰ এই দলটোত আছিল আবু চাহেদ, আবু হানিফা, আবু বক্কৰ, আব্দুল বাছাৰকে ধৰি আন কেইবাজনো মাতাব্বৰ । উদ্দেশ্যে ভূমি দখল । এই সকল মাতাব্বৰৰ ভয়ত ভূক্তভোগী পৰিয়ালটোৱে ঘৰ এৰি অন্য ঠইত আশ্ৰয় লবলগীয়া হৈছে । চাওঁক এই দৃশ্য দূৰ্ভগীয়া পৰিয়ালটোৰ এক মাত্ৰ বাসগৃহতো কি দৰে ভাঙি লণ্ডভণ্ড কৰিলে মাতাব্বৰৰ দলটোৱে । নিৰুপায় হৈ পৰিছে দূৰ্ভগীয়া পৰিয়ালটো । উল্লেখ্য যে চৰৰ এই সকল মাতাব্বৰে ভূমি দখল, দালালি, ৰাইজ মেল আদিৰ নামতো ধন সংগ্ৰহ কৰি আহিছে । তাৰোপৰি দৰিদ্ৰ কৃষক সকলে গুণ্ডা কৰো আদায় দিব লাগে মাতাব্বৰক । নিদিলে আহে মৃত্যুৰ ভাবুকি । অতি দূৰ্গম অঞ্চল আৰু নিৰক্ষৰতাৰ সুযোগ গ্ৰহণ কৰি মাতাব্বৰ সকলে চলাই আহিছে মাতাব্বৰীৰাজ । কিন্তু এই সকল মাতাব্বৰক প্ৰশাসনে নিয়ন্ত্রণ কৰিবলৈ সক্ষম হবনে ?

Leave A Reply