Breaking

গোলাঘাট জিলাত লালিগুৰৰ ৰমৰমীয়া ব্যৱসায়

0 1,042

ৰাজ্যৰ স্বাস্থ্য তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰীক মহকুমা সাংবাদিক সংস্থাৰ  স্মাৰক পত্ৰঃতাতক্ষনিক ব্যৱস্থা গ্ৰহনৰ বাবে উপায়ুক্তক নিৰ্দেশ

গোলাঘাট জিলাত দীৰ্ঘদিনৰে পৰা অবৈধ লালিগুৰৰ এক ৰমৰমীয়া ব্যবসায় চলি আছে । বিশেষকৈ চুলাই মদ প্ৰস্ততকৰণত ব্যবহৃত লালিগুৰৰ এই ব্যবসায় জিলাখনৰ অসম নগালেণ্ড সীমান্তৰ মেৰাপানীত চলি থকাৰ কথা বিভিন্ন সময়ত উত্থাপন হৈ আহিছে  । মেৰাপানীৰ কেইবাজনো  অসাধু ব্যবসায়ীয়ে এই  লালিগুৰৰ ব্যবসায় চলায় অহা বুলি সকলো জ্ঞাত ।উল্লেখযোগ্য যে  ২০১৯ চনত গোলাঘাটত চুলাই মদ সেৱন কৰি প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যু হৈছিল । এই ঘটনাৰ পাছত  জিলাখনত লালিগুৰৰ ব্যবসায় কিছু কমিছিল যদিও এতিয়া পুনৰ একে কেইজন ব্যবসায়ীয়ে লালিগুৰৰ ব্যবসায় বৃদ্ধি কৰি মেৰাপানীৰ বিভিন্ন অঞ্চলৰ উপৰিও সৰুপথাৰ , বৰহোলা ,তিতাবৰ ,মৰিয়নি আদি স্থানলৈ সৰবৰাহ কৰি আহিছে ।মনকৰিব লগীয়া যে শেহতীয়াকৈ  মূখ্যমন্ত্ৰীৰ নিৰ্দেশত  গোলাঘাট আৰক্ষীয়ে ড্ৰাগছৰ সমান্তৰালভাৱে বিষাক্ত লালীগুৰৰ বিৰূদ্ধেও অভিযান চলাই আহিছে  ।স্মৰ্তব্য যে  যোৱা ১৯ জুনত গোলাঘাট আৰক্ষীয়ে আবকাৰী বিভাগৰ সহযোগত অভিযান চলাই মেৰাপানীত জব্দ কৰে বুজন পৰিমাণৰ অবৈধভাৱে মজুত কৰা লালীগুৰ। আৰক্ষী আৰু আবকাৰী বিভাগে মেৰাপানীৰ  প্ৰদীপ গুপ্তা নামৰ এজন ব্যবসায়ীৰ ৰামপুৰ গাঁওস্থিত গুদামত তালাচী চলাই  জব্দ কৰিবলৈ সক্ষম হয় ১৪৯৯ টিন লালীগুৰ ।২০ জুনৰ দিনা গোলাঘাট জিলাৰ খাদ্য সুৰক্ষা বিষয়া বিনি গোহাঁই সহ আবকাৰী বিভাগৰ এটা যুটীয়া দল উপস্থিত হৈ জব্দকৃত লালিগুৰখিনি পৰীক্ষা কৰি খোৱাৰ অনুপযোগী হিচাপে বিবেচনা কৰি বিষয়াগৰাকীয়ে লগে লগে স্বতাধিকাৰী প্ৰদীপ গুপ্তাক লালিগুৰখিনি ধ্বংস কৰাৰ নিৰ্দেশ দিয়ে । কিন্তু জিলা খাদ্য সুৰক্ষা বিষয়া গৰাকীৰ নিৰ্দেশ গুপ্তাই মানিবলৈ হোহুকা পিছলা কৰি থকাত বিষয়াগৰাকীয়ে ব্যবসায়ীজনৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত এক গোচৰ দাখিল কৰে । কিন্তু আচৰিত কথা যে , লালিগুৰখিনি জব্দ কৰা আজি তিনিদিন উকলি যোৱাৰ পাছতো গোলাঘাট জিলা প্ৰশাসন, আৰক্ষী অথবা আবকাৰী বিভাগে ইয়াৰ বিৰুদ্ধে কোনো বিহিত ব্যবস্থা গ্ৰহন নকৰিলে । আনকি ,এনে অবৈধ লালিগুৰৰ ব্যবসায় শিঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাই বিভিন্ন দল সংগঠনে  প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও এইপৰ্যন্ত কাৰোৰে গা লৰা পৰিলক্ষিত হোৱা নাই । আৰক্ষী আৰু  আবকাৰী বিভাগ সকলোৱে ইটোৱে সিটো বিভাগৰ দায়িত্ব বুলি ঠেলা ঠেলি কৰি অহাহে পৰিলক্ষিত হৈছে ।সমস্ত  বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহন কৰি জিলাখনৰ পৰা চুলাই মদ প্ৰস্তুত কৰনত ব্যবহৃত লালিগুৰৰ অবৈধ ব্যবসায় বন্ধ কৰি জিলাখনৰ শৈক্ষিক ,সামাজিক আৰু সাংস্কৃতিক পৰিবেশ  বিনষ্ট হোৱাৰ পৰা জিলাবাসীক ৰক্ষা কৰিব বাবে আজি গোলাঘাট মহকুমা সাংবাদিক সংস্থাৰ সভাপতি নগেন বৰা কাৰ্যকৰী সভাপতি  দ্বীপমনি খাটনিয়াৰ সম্পাদকদ্বয় ঋতুৰাজ বৰুৱা  আৰু প্ৰনৱ চক্ৰৱৰ্তী  স্বাক্ষৰিত এখন স্মাৰক পত্ৰ অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশব মহন্তক গোলাঘাটত  প্ৰদান কৰে ।জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিংক ব্যৱস্থা গ্ৰহনৰ বাবে তাতক্ষনিক নিৰ্দেশ প্ৰদান কৰে স্বাস্থ্য  মন্ত্ৰী গৰাকীয়ে ।

Leave A Reply