Home Blog Page 2970

চৰকাৰে দিব বিনামূলীয়া গেছ সংযোগ : অনলাইনযোগে কৰক আবেদন

Free LPG Connection: কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বিনামূলীয়া ৰন্ধন গেছৰ সুবিধা প্ৰদান কৰা হয়। যদি আপুনিও এই সুবিধাৰ সুবিধা ল’ব বিচাৰে, তেন্তে এতিয়া ঘৰত বহিয়েই আপুনি ইয়াৰ বাবে আবেদন কৰিব পাৰে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে “প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা” আঁচনিখনৰ অধীনত ১ কোটি ৰন্ধন গেছ সংযোগৰ কথা ঘোষণা কৰিছে আৰু চলিত জুন মাহতেই আঁচনিখন আৰম্ভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। তেনেস্থলত বিনামূলীয়া গেছ সংযোগৰ বাবে আপুনি কেনেদৰে আবেদন কৰিব জানি লওক সকলো –

এনেদৰে কৰক অনলাইন আবেদন –
>> আপুনি প্ৰথমে অফিচিয়েল ৱেবছাইটলৈ যাব লাগিব।

>> pmujjwalayojana.comত ক্লিক কৰক।
>> হোমপেজত ডাউনলোড প্ৰ-পত্ৰলৈ যাওক আৰু ক্লিক কৰক।
>> ডাউনলোড প্ৰ-পত্ৰত ক্লিক কৰাৰ পিছত প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ প্ৰ-পত্ৰ খন আহিব।
>> এতিয়া প্ৰ-পত্ৰখনত আপোনাৰ নাম, ই-মেইল আইডি, ফোন নম্বৰ আৰু কেপচা পূৰণ কৰক।

>> এতিয়া অটিপি (OTP) সৃষ্টি কৰিবলৈ বুটামত ক্লিক কৰক।
>> তাৰ পিছত প্ৰ-পত্ৰখন ডাউনলোড কৰক।

প্ৰ-পত্ৰখন নিকটতম এলপিজি গেছ এজেন্সিৰ ওচৰত দাখিল কৰক –
এতিয়া এই প্ৰপত্ৰখন নিকটতম এলপিজি গেছ এজেন্সিৰ ওচৰত দাখিল কৰক। ইয়াৰ সৈতে আপুনি আপোনাৰ নথি-পত্ৰ যেনে আধাৰ কাৰ্ড, স্থানীয় ঠিকনাৰ প্ৰমাণপত্ৰ, বিপিএল ৰেচন কাৰ্ড (BPL Ration Card) আৰু ফটো ইত্যাদি প্ৰদান কৰিব লাগিব। নথিপত্ৰবোৰ প্ৰমাণিত হোৱাৰ পিছত আপুনি এলপিজি গেছ সংযোগ লাভ কৰিব।

কোনে কোনে ইয়াৰ বাবে আবেদন কৰিব পাৰে-

>> আবেদনকাৰী ভাৰতীয় নাগৰিক হ’ব লাগিব।
>> বয়স ১৮ বছৰতকৈ অধিক হ’ব লাগিব ।
>> দৰিদ্ৰ সীমাৰেখাৰ তলত হ’ব লাগিব।
>> পৰিয়ালৰ এগৰাকী মহিলাই কৰিব পাৰিব, যাৰ গেছ সংযোগ নাই।
>> এনে কোনো আঁচনিৰ আগতীয়াকৈ সুবিধা লোৱা নাই, তেনে লোকে আবেদন কৰিব পাৰে।

‘India’ক ‘Bharat’ নামেৰে নামাকৰণৰ দাবী : পুনৰ বিতৰ্কত কংগনা ৰাণাৱট

নতুন বিতৰ্কৰ সৈতে পুনৰ সংবাদ শীৰ্ষত অভিনেত্ৰী কংগনা ৰাণাৱট। ‘India’ক ‘Bharat’ নামেৰে নামাকৰণৰ দাবী উত্থাপন কৰিছে কংগনাই। এই সন্দৰ্ভত এক দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত। ‘ভাৰত’ আৰু ‘ইণ্ডিয়া’ৰ মাজৰ পাৰ্থক্য বৰ্ণনা কৰিছে অভিনেত্ৰীগৰাকীয়ে। তেওঁ কয়, ‘ভাৰত এক সংস্কৃত শব্দ। ‘ভ’ ৰে ভাৱ, ‘ৰ’ ৰে ৰাগ আৰু ‘ত’ ৰে তাল অৰ্থ প্ৰকাশ কৰে’। ‘ইণ্ডিয়া’ সন্দৰ্ভত কংগনাই কয়, ‘ভাৰত তেতিয়াহে আগবাঢ়িব, যেতিয়া নিজৰ সভ্যতা আৰু সংস্কৃতিত বিশ্বাস ৰাখি সেই পথ অনুকৰণ কৰি আগুৱাই যাব’। লগতে তেওঁ কয়, ব্ৰিটিছে ইণ্ডিয়া নামটো এক দাসত্বৰ নাম হিচাপে দিছিল, যাৰ অৰ্থ সিন্ধু নদীৰ পূৱ অংশ। গতিকে দাসত্বৰ নামাকৰণ হিচাপে ব্যৱহাৰ কৰা ইণ্ডিয়া নামটো পৰিৱৰ্তন কৰি ভাৰত ৰাখিব লাগে। ইনষ্টাগ্ৰামত এই প্ৰসংগ উত্থাপনৰ পাছতেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অভিনেত্ৰীগৰাকী। একাংশই সমালোচনা কৰি কয় যে ইণ্ডিয়া দাসত্বৰ চিন হিচাপে প্ৰদান কৰা নাম, সেইবাবে সলনি কৰিব লাগে। কিন্তু ক’ব যে ব্ৰিটিছৰ অহাৰ পূৰ্বে ভাৰত বা ইণ্ডিয়া নাছিলেই? উল্লেখ্যে, অভিনেত্ৰীগৰাকী শেহতীয়াভাৱে ব্যস্ত আছে ‘থলাইভি’ নামৰ এখন ছবিৰ শ্বুটিঙত। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ জীৱনক লৈ নিৰ্মাণ কৰা হৈছে ছবিখন। উদ্দেশ্য প্ৰণোদিতভাৱে বিতৰ্কত সোমাই পৰা বলীউডৰ অন্যতম অভিনেত্ৰীগৰাকীৰ টুইটাৰ নিষিদ্ধ কৰাৰ পাছতেই ইনষ্টাগ্ৰামত ট্ৰ’লৰ সন্মুখীন হৈছে কংগনা।

এজন গৃহৰক্ষীয়ে দেখুৱালে কর্তব্যনিষ্ঠাৰ অনন্য নিদর্শন : ৰাজ্যজুৰি প্রশংসা হোমগার্ড বৰছিং বে’ক

ৰছিং বে’ বৃত্তিত এজন হোমগার্ড৷ কার্বি আংলঙত কর্মৰত৷ দৰমহাৰ নামত মাহে পায় নামমাত্র ধন৷ ওপৰৱালাৰ হুকুম, গালি–গালাজ নির্বিবাদে মানি লৈ নীৰৱে কর্তব্য পালন কৰি যায়৷ অভাৱগ্রস্ত জীৱন কোনোমতে জোৰা–টাপলি মাৰি চলি আছে৷ অনাটনবোৰ দূৰ কৰিবলৈ প্রয়োজন ধনৰ৷ তেনে সময়তে কালি নিশা বৰছিং বে’ৰ হাতত অবাঞ্ছিতভাৱে আহি পৰে খমখমীয়া নোটৰ বাণ্ডিল৷ ইমানেই টকা যে নিমিষতে হোমগার্ড বৰছিং বে’ৰ সকলো অভাৱ দূৰ হৈ যাব৷ আকাংক্ষাৰ বস্তুৰে ভৰি পৰিব ঘৰ৷ কিন্তু এই ধন বৰছিং বে’ই হাত পাতি ল’ব নোৱাৰিলে৷ কাৰণ তেওঁৰ জীৱনত অভাৱ–নাটনতকৈ সততাৰ মূল্য বহুত বেছি৷ সততাক বিক্রী কৰি, মেৰুদণ্ড বেঁকা কৰি, কর্তব্যৰ লগত আপোচ কৰি বৰছিং বে’ ধনী মানুহ হ’ব নোখোজে৷

সন্মুখত নোটৰ পোহাৰ দেখিও কর্তব্যত অটল হৈ ৰোৱা এইজন হোমগার্ডে কালি নিশা সমাজক যেন বহু কিবাকিবি বার্তা দি গ’ল৷ বৰছিং বে’ৰ কালি ডিউটী আছিল কার্বি আংলঙৰ ডিলাই আৰক্ষী চকীৰ সন্মুখত৷ নিয়মীয়া তালাচীৰ বাবে বাছ এখন ৰখায়৷ এম এন–০ জি বি–০৫১১ নম্বৰৰ বাছখন আহিছিল মণিপুৰৰ পৰা৷ বৰছিঙে বাছত উঠি যাত্রীৰ বেগবোৰ এটা এটাকৈ পৰীক্ষা কৰে৷ তাৰ পিছত ড্রাইভাৰৰ পাছৰ ছীটবোৰ দাঙি চায়৷ মোনা এটা সন্দেহবশতঃ খুলি চায় যদিও তাত চাউলহে আছিল৷ বৰছিঙৰ অৱচেতন মনে তেতিয়াও কৈ আছিল বাছখনত কিবা এটা আছে৷ এইবাৰ তেওঁ খুলি দিয়ে ইঞ্জিনৰ ওপৰৰ ঢ়াকনি এখন৷ তেতিয়াই গাড়ীচালকজনে হাতত খামোচ মাৰি ধৰে৷ পাঁচশ টকীয়া নোটৰ এটা বাণ্ডিল বৰছিঙক দেখুৱাই কয়– ‘এই পইচাখিনি ৰাখক৷ ইঞ্জিন গৰম হৈ আছে৷ তাত হাত সোমাব নালাগে৷’

বৰছিং বে’ এইবাৰ অধিক কঠোৰ হৈ পৰে৷ তন্ন তন্নকৈ তালাচী চলাই ইঞ্জিনৰ পৰা উদ্ধাৰ কৰে ড্রাগ্ছভর্তি তিনিটা পেকেট৷ ড্রাইভাৰজনে আকৌ প্রলোভন দেখুৱায়– ‘কথাটো কাকো জনাব নালাগে৷ আপোনাৰ মোৰ মাজতে ৰাখক৷ ইয়াৰ পৰা কেৱল যাবলৈ দিয়ক৷’ এইদৰে কৈ বৰছিং বে’ৰ জেপত সুমুৱাই দিয়ে এটা নোটৰ বাণ্ডিল৷ কিন্তু ধন ল’বলৈ অস্বীকাৰ কৰি হোমগার্ডজনে ততালিকে থানাৰ ভাৰপ্রাপ্ত বিষয়াক খবৰ দিয়ে৷ থানাৰ বিষয়াই আহি প্রায় ১২ কোটি টকা মূল্যৰ ৩ কেজি ছিন্থেটিক ড্রাগ্ছসহ তিনিজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ এই খবৰ পোৱাৰ পিছতে ডিজিপি ভাস্কৰজ্যোতি মহন্তই কর্তব্যপৰায়ণ গৃহৰক্ষী বৰছিং বে’ক এক লাখ টকাৰে পুৰস্কৃত কৰে৷

ইপিনে, বৰছিং বে’ই সংবাদ মাধ্যমৰ আগত কয়, ‘দেশৰ বাবে ডিউটী কৰিছোঁ৷ ধন লৈ খাকী পোছাকত দাগ লগাব নোৱাৰোঁ৷ আনে লাগিলে মাংস–ভাতেই খাওক, মই মোৰ পত্নী–সন্তানক নিমখ ভাত খুৱাই ৰাখিম৷’ অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ অন্তহীন কলংকই অহৰহ সংবাদ শিৰোনাম দখল কৰাৰ সময়ত এজন গৃহৰক্ষীয়ে এনেদৰেই দেখুৱালে কর্তব্যনিষ্ঠাৰ অনন্য নিদর্শন৷

ৰাজ্যৰ বৰ্ধিত নিবনুৱা সমস্যাৰ মাজতেই পানী ফিল্টাৰ কৰা মেচিন বিক্ৰী কৰি স্বাৱলম্বী হৈছে মাজবাটৰ এজন উদ্যমী যুৱক কিশোৰ শৰ্মা

দেশৰ লগতে ৰাজ্যৰ বৰ্তমানৰ সকলোতকৈ ডাঙৰ সমস্যাই হল নিবনুৱা সমস্যা । বৰ্ধিত নিবনুৱা সমস্যাই ৰাজ্য বাসীক চিন্তিত কৰি তোলা সময়ত  ওদালগুৰি জিলাৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ওৰাঙৰ এজন কিশোৰ শৰ্মা নামৰ যুৱক জনে  অঞ্চলটোৰ ৰাইজৰ চকু আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে । 
ওৰাং নিবাসী কিশোৰ শৰ্মা নামৰ এজন উদ্যমী যুৱক এজন ব্যৱসায়ী হিচাপে পৰিচিত  হোৱাৰ উপৰিও এজন সমাজসেৱী ও দক্ষ  যুৱ নেতা হিচাপে সমগ্ৰ মাজবাট অঞ্চলত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ।   বৰ্তমান কিশোৰ শৰ্মাই ওদালগুৰি জিলাৰ ওৰাঙৰ দৰে পিছ পৰি থকা অঞ্চলত থাকিও ৰাজ্যৰ সকলো জিলাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ  চৰকাৰী অফিচ ,কাৰ্য্যালয়, ঘৰ ,হোটেল , ৰেষ্টুৰেণ্ট আদিত আধুনিক পদ্ধতিৰ পানী ফিল্টাৰ মেচিন বহুৱাই দূষিত পানীক বিশুদ্ধ খোৱা পানীলৈ ৰূপান্তৰিত কৰি উদ্যামী যুৱক কিশোৰ শৰ্মাই সমাজ সেৱাৰ লগতে নিজৰ ব্যৱসায়কো শীর্ষ শিখৰলৈ লৈ যোৱা পৰিলক্ষিত হৈছে । উদ্যামী যুৱক কিশোৰ শৰ্মাই জানিব দিয়া মতে বৰ্তমান অসম চৰকাৰে ৰাজ্যৰ বৃহৎ খোৱাপানীৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্কুল ,অংগনাবাদী কেন্দ্ৰ সমূহত অসমৰ বিভিন্ন জিলাত PHE কাৰ্য্যালয়ৰ তত্বাৱধানত প্ৰথম অৱস্থাত কিছু  স্কুল , অংগনাবাদী কেন্দ্ৰ আদিত একোখন কৈ আইৰণ ৰি’মভ ফিল্টাৰ বহুৱাই থকা হৈছে । অসমৰ প্ৰত্যেক জিলাৰ যিসকল PHE ঠিকাদাৰ সকলে এই IRON REMOVE FILTER ৰ ঠিকা বোৰ লাভ কৰিছে সেই ঠিকাদাৰ  সকলকৰ লগতে ৰাইজকো  মাজবাটৰ উদ্যামী যুৱক কিশোৰ শৰ্মাই পানীৰ ফিল্টাৰ বজাৰ মূল্যত কৈ কিছু কম মূল্যত আৰু চৰকাৰে চৰ্ত দিয়া অনুযায়ী মেচিনৰ সতে  CSIR লাইচেন্স  সহ মেচিন যোগান ধৰি আহিছে  । কিশোৰ শৰ্মাই ৰাজ্য তথা বৰ্হি ৰাজ্যতো কেইবাটাও মিনাৰাল ৱাটাৰৰ ফেক্টৰীৰ মেচিন যোগান ধৰি আহিছে । কিশোৰ শৰ্মাই ৰাজ্যৰ বিভিন্ন জিলাত আজিকালি বজাৰত দেখিবলৈ পোৱা 20 লিটাৰৰ বিশুদ্ধ খোৱা পানী তৈয়াৰ কৰা ফেক্টৰী আৰম্ভ কৰি স্বাৱলম্বী হব বিচৰা ৰাজ্যৰ যুৱক সকলকো R.O PLANT চাপ্লাই কৰি আহিছে ।লগত পানী ফেক্টৰীৰ বাবে প্ৰয়োজনীয় সকলো মেটেৰীয়েল যেনে 20  লিটাৰ খালি বটল ,বটলত খোপা , ডিছপেন্সৰ আদিও যোগান ধৰি আহিছে ।   শৰ্মাই বিশুদ্ধ খোৱাপানীৰ বাবে IRON REMOVE ফিল্টাৰ বহুৱাই নিজৰ ব্যৱসায়ক আগুৱাই লৈ যোৱা পৰিলক্ষিত হৈছে ।  মাজবাট অঞ্চলৰ  নিবনুৱা সকলৰ বাবে এক উদাহৰণ স্বৰূপ হৈ পৰা কিশোৰ শৰ্মাৰ ব্যৱসায় প্ৰতিষ্ঠান টোৰ নাম TINA ITNERNATIONAL নামাৰে পঞ্জীয়ন কৰা আছে । জানিব পৰা মতে এই TINA INTERNATIOANL নামৰ  কিশোৰ শৰ্মাৰ ব্যৱসায় প্ৰতিষ্ঠান টো আজি প্ৰায় ১৩ বছৰ আগৰে পৰা পশ্ছিম বঙ্গতো  আৰম্ভ কৰা হৈছে বুলি শৰ্মাই জানিব দিয়ে

কামৰূপ জিলাৰ কোভিড প্ৰতিষেধক প্ৰদান মহা অভিযানৰ বুজ ল’লে অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে

কামৰূপ জিলাত কোভিড-১৯ প্ৰতিষেধক প্ৰদান মহা অভিযানৰ আজি দ্বিতীয় দিনা জিলাখনৰ বিভিন্ন স্থানৰ কেইবাটাও প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য আদি বিভাগৰ দায়িত্বত থকা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে৷ কেন্দ্ৰীয় চৰকাৰে সামগ্ৰিকভাৱে অসমলৈ নিৰ্ধাৰণ কৰি দিয়া প্ৰতিদিনৰ ৩ লাখ ছিটা প্ৰদানৰ লক্ষ্য পূৰণৰ অৰ্থে কামৰূপ জিলাত প্ৰতিদিনে প্ৰদান কৰিবলগীয়া ছিটাৰ সংখ্যা আছিল দহ হাজাৰ৷ কালি এই অভিযানৰ প্ৰথমটো দিনত এই সংখ্যা অতিক্ৰম কৰি জিলাখনত অভিলেখসংখ্যক ১৫ হাজাৰ পালি প্ৰতিষেধক প্ৰদান কৰাত অভিভাৱক মন্ত্ৰী পাটোৱাৰীয়ে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰাত সফল হোৱাৰ বাবে জিলা প্ৰশাসন, জিলা স্বাস্থ্য বিভাগ, আশাকৰ্মী আদিকে ধৰি এই কাৰ্য সম্পাদনৰ দায়িত্বত থকা প্ৰতিগৰাকী লোককে তেওঁ আন্তৰিক কৃতজ্ঞতা জনায়৷ তেওঁ কয় যে জনসাধাৰণেও প্ৰতিষেধক গ্ৰহণ কৰাৰ ক্ষেত্ৰত দেখুওৱা বিপুল সঁহাৰিয়ে কোভিড প্ৰতিৰোধৰ প্ৰতি তেওঁলোক সজাগ হোৱাটোকেই সূচায়৷
উল্লেখযোগ্য যে মন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ ৫টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ পৰিদৰ্শন কৰে৷ কেন্দ্ৰ কেইটি হ’ল ক্ৰমে আমিনগাঁৱৰ শৰাইঘাট উচ্চ-মাধ্যমিক বিদ্যালয়, শুৱালকুছিৰ গোপাল শাস্ত্ৰি প্ৰাথমিক বিদ্যালয়, হাজোৰ কৈবৰ্ততোলা প্ৰাথমিক বিদ্যালয়, কমলপুৰৰ কমলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৰঙিয়াৰ ৰঙিয়া উচ্চতৰ-মাধ্যমিক বিদ্যালয় প্ৰতিষেধক প্ৰদান কেন্দ্ৰ৷
কেন্দ্ৰ কেইটি পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে স্থানীয় বিধায়কত্ৰয় ক্ৰমে সুমন হৰিপ্ৰিয়া, দিগন্ত কলিতা আৰু ভৱেশ কলিতা, জিলাখনৰ অভিভাৱক বিষয়া, প্ৰধান সচিব কে কে দ্বিবেদী, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কাৰ্তিক এন আৰু জিলা প্ৰশাসনৰ অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে৷
কেন্দ্ৰসমূহ পৰিদৰ্শন কালত প্ৰতিষেধক প্ৰদানৰ বাবে লোৱা ব্যৱস্থাৱলীসমূহত সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি ব্যক্ত কৰে৷ জিৰণি কক্ষ, ছিটা প্ৰদান কক্ষ সুপৰিকল্পিতভাৱে স্থাপন কৰাৰ লগতে অন্যান্য কোভিড প্ৰট’কলসমূহ বজাই ৰাখিবলৈ যত্ন কৰাৰ বাবে তেওঁ সংশ্লিষ্ট সকলোৰে শলাগ লয়৷ আজিও নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি আগন্তুক দিনকেইটাত কেন্দ্ৰসমূহত সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে অন্যান্য কোভিড নীতি-নিয়মসমূহো বাধ্যতামূলকভাৱে মানি চলাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ তেওঁ কয় যে অদৃশ্য শতৰু ক’ৰনা ভাইৰাছক প্ৰতিহত কৰি কোভিডৰ-১৯ ৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ অৰ্থে মুখ্যমন্ত্ৰীগৰাকীয়ে সমুখৰ পৰা নেতৃত্ব দি সকলোকে জড়িত কৰি যিদৰে আগবাঢ়িছে তাত সমাজৰ সকলো শ্ৰেণীৰ লোকে সঁহাৰি জনাইছে আৰু আগন্তুক দিনত এই সমূহীয়া প্ৰচেষ্টাৰে অসম কোভিড মুক্ত হ’ব বুলি তেওঁ কয়৷

ধিঙত প্ৰশাসনৰ উচ্ছেদ অভিযান ।

ধিঙত প্ৰশাসনৰ উচ্ছেদ অভিযান । ধিঙৰ কান্ধুলিমাৰী , খৈৰামাৰী আৰু মাঠখোলাকে ধৰি বিভিন্ন স্থানত মংগলবাৰে প্ৰশাসনৰ উচ্ছেদ অভিযান । অঞ্চলটোৰ একাংশ লোকে ব্ৰহ্মপুত্ৰৰ মাথাউৰিৰ দুয়োকাষে অৱৈধ ভাৱে চৰকাৰী ভূমি দখল কৰি ঘৰ দুৱাৰ বনাই নিগাজিকৈ বসবাস কৰি আহিছিল । আজি ধিঙৰ চক্ৰ বিষয়াৰ উপস্থিতিত আৰক্ষীৰ দলে কেইবাখনো জেচিবিৰ সহায়ত দখলকাৰী সকলৰ ঘৰ দুৱাৰ ভাঙি দিয়ে । 

ধিঙত গাঞ্জা ব্যৱসায়ত মন্দিৰৰ পুজাৰী । জব্দ বৃহৎ পৰিমানৰ গাঞ্জা ।

যোৱা নিশা ১২ মান বজাত ধিং আৰক্ষীয়ে অভিযান চলাই ধিং নামডুমডুমীয়া সত্ৰৰ ঐতিহ্যমণ্ডিত শিৱ মন্দিৰৰ পৰা ২০ কিলোগ্ৰাম ওজনৰ ভাং জব্দ কৰে । আটক কৰে মন্দিৰৰ পুজাৰীক । ভাং খিনিৰ বজাৰ মূল্য প্ৰায় ৬০ হাজাৰ টকা । উল্লেখ্য যে মন্দিৰৰ পুজাৰী দেৱকান্ত নাথে মন্দিৰটোত থাকি পুজা পাতল কৰাৰ চলেৰে চোৰাং ভাৱে গাঞ্জা বিক্ৰী কৰি অঞ্চলটোৰ যুৱপ্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল । পুজাৰীটোক এই বৃহৎ পৰিমানৰ গাঞ্জা যোগান ধৰি আহিছিল নগাঁৱৰ জেহিৰুল নামৰ এজন লোকে । নিশা ধিং আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত অহা আৰক্ষীৰ দলে মন্দিৰটোত অভিযান চলায় ভাং খিনি জব্দ কৰাৰ লগতে আটক কৰে মন্দিৰৰ পুজাৰী দেৱকান্ত নাথক ।

চাৰে তিনি বছৰীয়া শিশুক থেকেচি মাৰিলে পাষাণ পিতৃয়ে ।

ধিঙৰ গৰুখুটি চৰত জীৱশ্ৰেষ্ঠক লজ্জানত কৰা ঘটনা । পিতৃয়ে থেকেচি থেকেচি হত্যা কৰিলে চাৰে তিনি বছৰীয়া দৃৱ শিশুক । মংগলবাৰে দুপৰীয়া মাৰজিনা খাতুন নামৰ শিশুটোৱে ওচৰৰে খুৰাকৰ ঘৰত লৈ যাবলৈ খাটনি ধৰিছিল পিতৃ ইনামুল হকক। পিতৃয়ে নিনিয়াত শিশুটোয়ে শিশুটোৱে আমনি কৰি আছিল পিতৃক । এই সাধাৰন কথাতেই পিতৃ ইনামুল হকে খঙৰ ভমকত শিশুটোক থেকেচি থেকেচি হত্যা কৰে । ইফালে হত্যা কৰি পাষান পিতৃ ইনামুল হকে পলায়ন কৰে । এটি দেৱ শিশুৰ দানৱৱৰূপী পিতৃৰ হাতত মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পৰিছে । ইতিমধ্যে ধিং আৰক্ষী ঘটনাস্থলীলৈ উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।

ৰঙিয়াত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ ।

ৰঙিয়াত নিখিল ভাৰত কৃষক সভাৰ প্ৰতিবাদ । আজি ৰঙিয়াৰ শ্ৰমিক ভৱন প্ৰাঙ্গণত নিখিল ভাৰত কৃষক সভা কামৰূপ জিলাৰ উদ্যোগত অমানৱীয়ভাৱে উচ্ছেদ ,অত্যৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে আৰু কৃষি / কৃষক বিৰোধী তিনিখনকৈ আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে

ধিঙৰ সোনাৰি গাৱঁৰ পৰা বুজন পৰিমানৰ নিচা জাতীয় টেবলেট সহ এজনক আটক ।

ৰাজ্যৰ আন আন ঠাইৰ লগতে ধিঙতো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান। নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ক্ৰমাৎ তীব্রতৰ হৈ পৰিছে ড্ৰাগছ বিৰোধী অভিযান। নিতৌ উৎখাত কৰা হৈছে এটাৰ পিছত এটাকৈ ড্ৰাগছৰ ঘাটি। আটক হৈছে এটাৰ পিছত এটাকৈ ড্ৰাগছ সৰবৰাহকাৰী। আজি ধিঙৰ সোনাৰি গাৱঁৰ কাবিল আলী নামৰ লোকজনৰ ঘৰৰ পৰা নগাওঁ , জাজৰি আৰু ধিং আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৩০০০ নিচা জাতীয় টেবলেট আৰু নগদ ৮৬ হাজাৰ টকা নগদ ধন উদ্ধাৰ কৰে । লগতে এখন বিলাসী গাড়ী জব্দ কৰে । ইতিমধ্যে কাবিল আলীক ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰে ।