ৰাজ্যখনৰ আন আন অঞ্চলৰ লগতে বাৰিষা উপৰ্যুপৰি অহা বানত ডুব যায় বোকাখাত মহকুমা। কৃষিৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো মহকুমাটোৰ কৃষক সকলে বছৰটোৰ ভালেখিনি সময় বানপানীৰ লগতে বন্যজন্তুৰ উপদ্ৰৱ, খৰাং আদি অলেখ সমস্যাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে। যোৱা বছৰ কেইটাৰ দৰে এইবাৰ অনুৰূপ সমস্যাৰ সন্মুখীন হৈছে বোকাখাত মহকুমাৰ বহু কৃষক তথা কৃষি গোট সমূহ। বিশেষকৈ এইবাৰ বোকাখাত মহকুমাৰ নৈপৰীয়া কৃষক সকলে বহলুৱা ভিত্তিত ৰঙালাও খেতি কৰি যথেষ্ট উৎপাদন কৰিলে যদিও বৰ্তমান উপযুক্ত বজাৰৰ অভাৱত মূৰে কপালে হাত দিব লগীয়া হৈছে। মহকুমাটোৰ ধনশিৰি আৰু ব্ৰহ্মপুত্ৰৰ পাৰৰ উৰ্বৰ কৃষি ভূমিত কৃষক ৰাইজে ধান, মাহ, সৰিয়হ ,আলু, কচু, কবি, মটৰ আদি বহু কৃষি কৰ্মৰে স্বাৱলম্বী হোৱাৰ মানসেৰে আত্মনিয়োগ কৰি আহিছে যদিও ইতিমধ্যে বহু চৰ্চিত ‘পথাৰ আমাৰ বজাৰো আমাৰ’ আপ্ত কথাষাৰে কৃষক সমাজক যেন ভেঙুচালিহে কৰিছে। কৰ’না-কালীন সময়ত আৰু চৰকাৰী বাধা নিষেধে এইবাৰো মাধমাৰ শোধাইছে বোকাখাতৰ কৃষকৰ মূৰত। উপযুক্ত দৰ আৰু বজাৰ নাপাইপথাৰতে নষ্ট হৈছে কুইন্টলে কুইন্টলে, টনে টনে ৰঙালাউ। ৰ’দত শুকাই, বৰষুণত তিতিছে কৃষকৰ শ্ৰমৰ প্ৰাচূৰ্য। চোতালত দ’মাই থোৱা ৰঙালাউৰ এতিয়া দাম নাই। ৪, ৫, ৬ টকা দৰত বেচিব লগা হৈছে ৰঙালাউ। মূৰৰ ঘাম মাটিত পেলাই বিশাল ব্যয়েৰে ব্যৱসায়িক লাভৰ আশাৰে বৃহৎ পৰিমাণৰ মাটিত ৰঙালাউ খেতি কৰি, এতিয়া খেতি চপোৱাৰ বতৰত মূৰে কপালে হাত দিছে বোকাখাতৰ মৰিয়াহোলাৰ কৃষকে। অঞ্চলটোৰউদ্যমী যুৱ কৃষক ললিত দত্তই উৎপাদন কৰিছে প্ৰায় তিনি হাজাৰ কুইন্টল ৰঙালাউ। কিন্তু বজাৰ নাই। মৰিগাঁও নগাঁৱৰ একাংশ মধ্যভোগী বেপাৰীক হাতে ভৰিয়ে ধৰি ৪ টকা,৫ টকা,৬ টকা কেজি দৰত বিক্ৰী কৰিছে ৰঙালাউ। এনেকুৱা পৰিস্থিতিত পৰি উপায়ান্ত কৃষক ৰাইজে উৎপাদিত ফচল বিক্ৰী কৰিব লগীয়াত পৰিছে নগন্য দৰত। ললিত দত্তই প্ৰায় এহেজাৰ কুইন্টল ৰঙালাউ বিক্ৰী কৰিছে। পাঞ্জাৱ বডী ট্ৰাকেৰে দুই ট্ৰাক ৰঙালাউ পঠাইছে কলিকতালৈ। দত্তই জনাইছে যে যোৰহাট, দেৰগাঁও,বোকাখাতৰ বজাৰতো বিক্ৰী হৈছে কিছু ৰঙালাউ। ইফালে অঞ্চলটোৰ ঘৰে ঘৰে চোতালতে পৰি আছে কেইবাহাজাৰ কুইন্টল ৰঙালাউ। বৰ্তমান ঘৰুৱা বজাৰ কৰোনা কালীন বন্ধৰ বাবে স্তব্ধ হৈ পৰিছে। এবেলা বজাৰ বহিলে পাইকাৰী বজাৰত বহুত লোকচান হয় বুলি তেওঁ জানিবলৈ দিয়ে। যোৱা বছৰ লকডাউনৰ সময়ত বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ প্ৰত্যক্ষ সহযোগত এইসকল কৃষকে উৎপাদিত ফচল বিক্ৰীৰ সুবিধা পাইছিল । এইবাৰো সংকতৰ সময়ত মন্ত্ৰী গৰাকীৰ প্ৰত্যক্ষ সহযোগিতা কামনা কৰিছে মহকুমাটোৰ কৃষকে।
ক’ভিড পৰিস্থিতিৰ পৰ্যালচনাৰ বাবে ধুবুৰীত মন্ত্ৰী অজন্তা নেওগ
অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি ধুবুৰী জিলাৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷ আজি দুপৰীয়া ধুবুৰীত উপস্থিত হোৱাৰ পিছতে মন্ত্ৰী গৰাকীয়ে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কেবাজনো জনপ্ৰতিনিধি, জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাসহিতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু স্বাস্থ্য বিভাগৰ বিষয়াৰ উপস্থিতত জিলাখনৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে৷ জিলা উপায়ক্ত আৰু স্বাস্থ্য বিভাগৰ ধুবুৰী জিলাৰ যুটীয়া সঞ্চালকে সভাত ধুবুৰীৰ ক’ভিড পৰিস্থিতি আৰু ক’ভিড চিকিৎসাৰ আন্তঃগাথনিৰ ব্যাখ্যা আগবঢ়াই৷ ধুবুৰীত আই চি ইউ বিচনাৰ ব্যৱস্থা নথকা, চিকিৎসক- স্বাস্থ্যকৰ্মীৰ নাটনি, জিলাখনলৈ পৰ্যাপ্ত ক’ভিড প্ৰতিষেধকৰ যোগান, গ্লোভছ, পি পি ই কিট আদি পৰ্যাপ্ত পৰিমাণে যোগান ধৰাৰ বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তক অৱগত কৰি প্ৰয়োজনীয় পদক্ষেপ লোৱা হ’ব বুলি জিলাখনৰ ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে সভাত মন্তব্য কৰে৷ তেওঁ ধুবুৰীত নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঠনি কোভিড চিকিৎসাত ব্যৱহাৰ কৰাৰ পোষকতা কৰে৷ তেওঁ কয় যে যোৱা ১২ মে’ৰ পৰা ধুবুৰীত ক’ভিড পজিটিভৰ হাৰ ৭ শতাংশ হৈছে আৰু এয়া অতি উদ্বেগজনক৷ ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে মন্ত্ৰী অজন্তা নেওগে৷ ক’ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে নিৰ্ধাৰণ কৰা বাধা-নিষেধ কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক পৰামৰ্শ দিয়ে মন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয়-‘ক’ভিডক লৈ আতংকিত হ’ব নালাগে৷ কিন্তু সাৱধান হোৱাৰ বাহিৰে ইয়াক প্ৰতিৰোধ কৰাৰ আন উপায় নাই৷’ মন্ত্ৰীগৰাকীয়ে প্ৰতিদিনে ধুবুৰীৰ ক’ভিড পৰিস্থিতিৰ শেহতীয়া খবৰ তেওঁক অৱগত কৰিবলৈ জিলা উপায়ুক্তক আহ্বান জনায়৷ ক’ভিড নিয়ন্ত্ৰণত জড়িত বিষয়াসকলক তেওঁলোকে সন্মুখীন হোৱা যিকোনো অসুবিধা বা পৰামৰ্শ দ্বিধাহীন ভাৱে যিকোনো সময়ত ফোনযোগে অৱগত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ বৈঠকত উপস্থিত থাকে গৌৰীপুৰ সমষ্টিৰ বিধায়ক নিজানুৰ ৰহমান, গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ ছোবাহান আলী সৰকাৰ, পূৱ বিলাসীপাৰা সমষ্টিৰ বিধায়ক ছামচুল হুদা, প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহী, অশ্বিনী ৰায় সৰকাৰ প্ৰমুখ্যে কেবাজনো বৰ্তমান আৰু পূৰ্বৰ জনপ্ৰতিনিধি৷ তেওঁলোকক ৰাইজৰ মাজত সজাগতা সৃষ্টিত বিশেষ ভূমিকা লবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ পৰ্যালোচনা বৈঠকত জিলা উন্নয়ণ আয়ুক্ত বনশ্ৰী নাথ, অতিৰিক্ত উপায়ুক্ত পল্লৱ মজুমদাৰ, ধ্ৰুৱজ্যোতি দাস, মৃদুল যাদৱ প্ৰমুখ্যে কেবাজনো বিষয়া উপস্থিত থাকে৷ পৰ্যালোচনা বৈঠকৰ পিছতে মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰে৷ তেওঁ সাংবাদিকসকলক ক’ভিড সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিত লোৱা ভূমিকাৰ বাবে ধন্যবাদ জনায় আৰু ভৱিষ্যতেও এই দায়িত্ব পালন কৰি যাবলৈ আহ্বান জনায়৷ মন্ত্ৰীগৰাকীয়ে ধুবুৰী অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি তাত ক’ভিডৰ চিকিৎসাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বুজ লয়৷
এনএছ চি এন(কে-য়া)ৰ কৱলত চাৰিজনকৈ ব্যক্তি
নগা উগ্ৰপন্থী সংগঠন এনএছচিএন (কে-য়া) অপহৰণ কৰিলে দুই গাড়ী চালকক। এজন অসমৰ আনজন নগালেণ্ডৰ মন জিলাৰ বাসিন্দা। নগালেণ্ডৰ মন জিলাৰ লংৱাৰপৰা পংচাও লৈ নিৰ্মীয়মান ১৮ কিলোমিটাৰ জোৰা এটা পথৰ নিৰ্মাণ কাৰ্যত জড়িত আছিল দুয়োজন লোক। এঘাৰ মে’ৰ নিশাই অপহৰণ কৰিলে দুই ঠিকাভিত্তিক বাহন চালকক । অসমৰ লোকজনৰ নাম বিকাশ আৰু আনজন নগালেণ্ডৰ মন জিলাৰ ফুকাহি চু-হা বুলি জানিব পৰা গৈছে। দুয়োজন ক্ৰমে জেচিবি আৰু ডাম্পাৰ চালক। পথটো নিৰ্মাণৰ বাবে নিৰ্ধাৰিত ৩৬ কোটি টকা বাজেটৰ পৰা ঠিকাদাৰক ৫ শতাংশ দাবী জনাইছে এনএছচিএন (কে-য়া), অন্যথা নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়াৰ হুংকাৰ। ইফালে পথ নিৰ্মাণত জড়িত দুয়োজন অপহৃত লোকক মুকলি কৰি আনিবলৈ যোৱা নগালেণ্ডৰ লংৱা গাঁৱৰ মানকাই আৰু নকচা নামৰ আন দুজন লোককো কালিৰেপৰা আৱদ্ধ কৰি ৰাখিছে উগ্ৰপন্থী সংগঠনটোৱে। এই চাৰিওজনকে মুকলি কৰাৰ বিনিময়ত ৫০ লাখ টকা দাবী এনএছচিএন (কে-য়া)ৰ।
ডিগবৈৰ টিংৰাইত বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য। ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ।
ডিগবৈৰ টিংৰাইত গ্ৰেনেড বিস্ফোৰণত নিহতৰ আত্মীয়লৈ ৫ লাখ টকাকৈ সাহাৰ্য ঘোষণা ৰাজ্য চৰকাৰৰ। আজি ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰে।মন্ত্ৰী সঞ্জয় কিষাণ আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ সৈতে বিস্ফোৰণথলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী শৰ্মাই। এই ঘটনাৰ সৈতে যিয়েই জড়িত আছে তেওঁলোকক তদন্ত কৰি শীঘ্ৰে কৰায়ত্ত কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী শৰ্মাই। সংবাদমাধ্যমৰ আগত শৰ্মাই কয় যে দোষী সকলোৱে আইন মতে শাস্তি পাব।মুখ্যমন্ত্ৰীয়ে ঘটনাটোত নিহত সুৰজিত তালুকদাৰৰ পিতৃ-মাতৃকো সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। আনহাতে ডিব্ৰুগড়ত চিকিৎসালয়ত চিকিৎসাধীন আন দুজনৰ চিকিৎসাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব বুলি ঘোষণা কৰে।
ডিগবৈৰ বিস্ফোৰণ, আলফা (স্বাঃ)ৰ বিবৃতি
শুকুৰবাৰে ডিগবৈ টিংৰাইত সংঘটিত হয় গ্ৰেনেড বিস্ফোৰণ। টিংৰাইৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত সংঘটিত হোৱা বিস্ফোৰণটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৩ জনকৈ লোক। আনহাতে ইয়াৰে এজন ডিগবৈ চিকিৎসালয়লৈ নি থকা অৱস্থাতে নিহত হৈছে। বিস্ফোৰণ সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতে ঘটনাস্থলী পৰিদর্শন কৰে স্থানীয় বিধায়ক সুৰেন ফুকনে। ঘটনা সংঘটিত হোৱাৰ পাছতে অনেকে সন্দেহৰ আঙুলি তুলিছিল আলফা (স্বাঃ)লৈ। পিছে কিছু সময়ৰ পাছতে আলফা (স্বাঃ)এ এক বিবৃতিযোগে এই গ্ৰেনেড বিস্ফোৰণ কাণ্ডৰ লগত কোনো প্ৰকাৰে জড়িত নহয় বুলি মত প্ৰকাশ কৰে।
দফলাপোটা পানী যোগান আচনিত ২০বছৰে পানী এটুপি পানীও নাই
ওদালগুৰি জিলাৰ পূব প্ৰান্তত বিশুদ্ধ খোৱা পানী যোগানৰ নামত জন স্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ন কৰা আঁচনি সমূহ এক চূড়ান্ত প্ৰহসনলৈ ৰূপান্তৰিত হৈছে । ৰাজহুৱা ধনৰ শ্ৰাদ্ধ পাতি কোটি কোটি টকা খৰচ কৰি ৰাইজক এটুপাল বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ অক্ষম হৈছে বগাহাতলৈ ৰূপান্তৰিত হোৱা এই বিভাগ । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টংলা সংমণ্ডল তথা ওদালগুৰি উপ সংমণ্ডলৰ অধীনস্থ পাউৰীপোটা , শইকীয়া চুবুৰী, পিছতেই বিভাগটোৱে প্ৰায়ে ২০ বছৰ ধৰি এটুপাল বিশুদ্ধ পানী নোলোৱাত আন আন এক আঁচনি হৈছে দফলাপোটা বিশুদ্ধ খোৱা পানী যোগান আঁচনি ।
দফলা পোটা , মাজগাওঁ , মোৱামাৰী, দাহেৰুৱা , আদি গাঁওক বিশুদ্ধ খোৱাপানীৰ আঁচনিটো ৯০ দশকতে নিৰ্মান কৰা হৈছিল যদিও ৰাইজে আজিও শুঙিবও নাপালে এটুপাল বিশুদ্ধ পানী । বিভাগৰ তৰফৰ পৰা ৰং চুন তেল সানি মেৰামতি কৰি ফুলদানীৰ দৰে সজাই ৰখা হৈছে এই আঁচনিটো । উল্লেখযোগ্য যে অবিভক্ত দৰং জিলাৰ এই বিভাগৰ উপ সংমণ্ডল আছিল ওৰাং আৰু সংমণ্ডল আছিল মঙ্গলদৈ । ওদালগুৰি জিলা সৃষ্টি হোৱাত এই কাৰ্যালয় উঠি ওদালগুৰি উপ সংমণ্ডল আৰু টংলা সংমণ্ডল হয় । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তদানীন্তন বিষয়া কৰ্মচাৰীৰ চৰম হেমাহি,অৱহেলাৰ বাবেই এই আঁচনি সমূহ কাৰ্যক্ষম নহল বুলি ৰাইজে মন্তব্য কৰিছে । এই ক্ষেত্ৰত মাজবাট যুৱ নেতা কিশোৰ শৰ্মাৰ লগত সাংবাদিকৰে হোৱা কথা বাৰ্তাত মাজবাটৰ বিজেপি দলৰ যুৱ নেতা কিশোৰ শৰ্মাই কয় যে এই বিষয়ত বিষয়া কৰ্মচাৰী সকলে এই নতুন চৰকাৰৰ দিনতো যদি কৰ্মচাৰী সকলে গুৰুত্ব প্ৰদান নকৰে তেন্তে ইয়াৰ তেওঁলোকৰ প্ৰতি চকু ৰাখিব বুলি যুৱ নেতা কিশোৰ শৰ্মাই সদৰী কৰে ।আনহাতে একাংশ মাফিয়াৰ উদ্যোগত চলা পানী যোগান আচনিৰ বোৰ সম্পূৰ্ন হোৱাৰ নামত কেলেংকাৰী হৈ থকা ঘটনা সমুহ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষী বিষয়া সকলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিবলৈ নতুন চৰকাৰক ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে দাবী জনাইছে ৷
শনিবাৰে পুৱাই ভূমিকম্পৰ জোকৰাণি, কঁপাই গ’ল ৰাজ্য
- ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি।শনিবাৰে পুৱা ৮.৩৪ বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা বুলি জানিব পৰা গৈছে।ভূ-গৰ্ভৰ পৰা ১৪ কিলোমিটাৰ গভীৰতাত ভূমিকম্পটোৰ অভিকেন্দ্ৰ।ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৩.৯।
ক’ভিডপৰিস্হিতি সন্দৰ্ভত পৰ্যালোচনা সভা: ওদালগুৰিত আই চি ইউ বিচনা বৃদ্ধি কৰাত গুৰুত্ব প্ৰদান কৰা হব:মন্ত্ৰী চন্দ্ৰমোহন
ক’ভিড১৯ ৰ পৰিস্হিতিৰ বুজ লোৱাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ১৪মেত বিয়লি ২.৩০ বজাত ওদালগুৰিত উপস্হিত হয় অসম চৰকাৰৰ পৰিবহন,উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। মন্ত্ৰী পাটোৱাৰীয়ে পোনে পোনে ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্হিত হৈ জিলা প্ৰশাসন ,স্বাস্থ্য বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ সৈতে মিলিত হয় আৰু পৰ্য্যালোচনা সভাত মন্ত্ৰী গৰাকীয়ে উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে স্বাস্থ্য বিভাগৰ জিলা বিষয়াৰ পৰা ওদালগুৰি জিলাৰ ক’ৰোনা পৰিস্হিতি সন্দৰ্ভত বুজ লয়।যুটীয়া সঞ্চালকক ৰেপিট টেষ্ট আৰু ভেকচিন দিয়া ব্যবস্থা প্ৰণালীৰ বৃদ্ধি কৰিবলৈ নিৰ্দেশ মন্ত্ৰী পাটোৱাৰীৰ।চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায় আগবঢ়োৱা হব বুলি তেওঁ পৰ্যালোচনা সভাত আশ্বাস প্ৰদান কৰে। জিলাখনত ক’ৰোনা সন্দৰ্ভত লোৱা ব্যৱস্হাৰ বুজ লোৱাৰ পিছত স্হানীয় সাংবাদিকৰ সৈতে মুখামুখী হৈ জিলা খনত ক’ভিড ১৯ ৰ পৰিস্হিতিৰ বুজ লোৱাৰ কথা ব্যক্ত কৰি মন্ত্ৰী পাটোৱাৰীয়ে কয় যে- ওদালগুৰি জিলা অসামৰিক চিকিৎসাসয়ত পৰ্যাপ্ত পৰিমানৰ অক্সিজেন আৰু বিচনাৰ পৰিমান ঠিকে আছে যদিও আই চি ইউৰ অভাৱ পূৰণ হোৱা নাই। সেয়ে চিকিৎসালয় খনত পাচখন অতিৰিক্ত আই চি ইউ বিচনাৰ ব্যৱস্থা চলি থকা বুলি সাংবাদিকক জানিবলৈ দিয়ে।মন্ত্ৰী গৰাকীয়ে জিলা খনত ৰেপিট টেষ্ট আৰু ভেক্সিনেচনৰ পৰিমান বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিবলৈ চিকিৎসক সকলক আহ্বান জনাই চিকিৎসাৰ ক্ষেত্ৰত অধিক সচেষ্ট হবলৈ আহ্বান জনোৱাৰ কথা ব্যক্ত কৰি চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰে সকলো ব্যৱস্হা গ্ৰহন কৰিব বুলিও প্ৰকাশ কৰে । আজিৰ এই পৰ্যালোচনা সভাত মন্ত্ৰী পাটোৱাৰীৰ সৈতে ওদালগুৰিৰ বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী,কলাইগাওঁঁৰ বিধায়ক দুৰ্গাদাস বড়ো ,ওদালগুৰি জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক (ভাৰপ্ৰাপ্ত) ডা: গনেশ চন্দ্ৰ ব্ৰহ্ম,আৰক্ষী অধীক্ষক ৰিপুল দাসৰ উপৰিও স্বাস্হ্য বিভাগৰ আন বিষয়া সকল উপস্হিত আছিল।
মৰিগাঁও জাগীৰোডত অবৈধ ড্ৰাগচ উদ্ধাৰ ! ফৰিদুল ইছলাম নামৰ এজন সৰবৰহকাৰী আটক
জাগীৰোড আৰক্ষীয়ে বৃহস্পতিবাৰে এক গোপন খৱৰৰ ভিত্তিত জাগীৰোড আৰক্ষী চকীৰ অন্তৰ্গত শিলভঙা(পৰ্বত নগৰ)ৰ পৰা ড্ৰাগছ সহ এজন দুৰ্ধষ ড্ৰাগছ সৰবৰহ কাৰীক আটক কৰিবলৈ সক্ষম হয়।পুৰ্বেও ড্ৰাগছৰ সৰবৰহত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈ মুক্তি লাভ কৰা অপৰাধী জন শিলভঙাৰ ফৰিদুল ইছলাম বুলি আৰক্ষীয়ে জানিব দিয়ে। জাগীৰোড আৰক্ষীয়ে যোৱা বছৰ একে স্থানৰ পৰা উৎখাট কৰা এটা ড্ৰাগছ সৰবৰহকাৰী দলৰ অনুসন্ধানৰ পৰিপ্ৰেক্ষিতত কালি উক্ত সৰবৰহকাৰী জনক হাতে লোটে ধৰা পেলায়।ইফালে বহুদিন ধৰি এই অঞ্চলৰ লগতে জিলা খনৰ বহু ঠাইত এই জন ফৰিদুল ইছলামে এই অবৈধ ব্যবসায় চলাই আছে বুলিও বিভিন্ন জনে সন্দেহ প্ৰকাশ কৰে।

প্ৰতিদিনে গুৱাহাটীত ২০ হাজাৰ ক’ভিড টেষ্ট কৰা হ’ব! সংবাদমেলত ঘোষণা মুখ্যমন্ত্ৰীৰ
GMCH ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “প্ৰতিদিনে গুৱাহাটীত ২০ হাজাৰ লোকৰ ক’ভিড টেষ্ট কৰা হ’ব। যোৱা সপ্তাহৰ তুলনাত এই সপ্তাহত Covid টেষ্ট বৃদ্ধি কৰা হৈছে। আমাৰ হাতত পৰ্যাপ্ত পৰিমাণে remdesivir আছে। কাইলৈৰ পৰা গুৱাহাটীত ১৪MT অক্সিজেনৰ উত্পাদন বাঢ়িব। GMCHৰ কাৰ পাৰ্কিঙত ২০০ ICU বিচনাৰ কাম কৰি থকা হৈছে আৰু যিমান সোনকালে পৰা যায় ইয়াক মুকলি কৰা হ’ব। বৰ্তমানলৈ ৰাজ্যখনত ২৭,৫৬,৪৯০ জন লোকক ক’ভিড ভেকচিন দিয়া হৈছে। আজি আমাৰ হাতত ৩ লাখ ৭০ হাজাৰ ভেকচিন মজুত আছে।আনহাতে চাহ-বাগিচাৰ বাবে শনিবাৰে নতুন SOP প্ৰকাশ কৰা হ’ব। ১৭ মে’ৰ পৰা ৫০ উৰ্ধ্বৰ ব্যক্তিৰ ক’ভিড হ’লেই হাস্পতালত ভৰ্তি হ’ব লাগিব, কিয়নো শেহতীয়া কেইটামান দিনলৈ লক্ষ্য কৰিলে দেখা যায় যে ৫০ উৰ্ধ্বৰ লোকৰ মৃত্যুৰ সংখ্যা বাঢ়িছে।সম্প্ৰতি GMCHত ৭খন ICU বিচনা খালী আছে যদিও দুদিনৰ ভিতৰত ২৮খন ICU বিচনা ইয়াত বাঢ়িব।আনহাতে DRDOক ১৯ কোটি দিয়া হৈছে হাস্পতাল নিৰ্মাণৰ বাবে য’ত ৩০০ খন বিচনা থাকিব আৰু ইয়াৰে ২০০ খন অক্সিজেন বিচনা হ’ব আৰু ১০০ খন ICU বিচনা হ’ব। “
লকডাউন সন্দৰ্ভত এই পৰ্যন্ত কোনো চিন্তা চৰ্চা কৰা নাই বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু গুৱাহাটী, ডিব্ৰুগড়, তিনিচুকীয়া আদি ঠাইত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ’লে, পৰিৱেশ উন্নত নহ’লে নতুন নীতি-নিৰ্দেশনাৰ বিষয়ে চিন্তা-চৰ্চা কৰা হ’ব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।











